কেন্দ্ৰীয় নিবন্ধনিবন্ধ

বিশ্বাস আৰু যুক্তি ।। সঞ্জয় দে

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

প্রাত্যহিক জীৱনৰ তুচ্ছ সমস্যাৰ পৰা আৰম্ভ কৰি গুৰুতৰ জীৱন জিজ্ঞাসাৰ সমাধান পর্যন্ত মানুহে সিদ্ধান্ত গ্ৰহণৰ যি এটা নিৰন্তৰ প্ৰক্ৰিয়াৰ মাজত থাকিবলগীয়া হয়, তাৰ প্ৰধান ভিত্তি দুটা—জ্ঞান আৰু বিশ্বাস। অর্থাৎ সামগ্ৰিক জীৱন-যাপনৰ বিচাৰ-বিশ্লেষণ আৰু মূল্যায়নৰ বেলিকা প্ৰধানকৈ এই দুটা সূচনা-বিন্দুকে যুক্তি পৰম্পৰাত সজাই লৈ মানুহে পর্যায়ক্রমিক চিন্তাৰ গাঁথনি গঢ়ি তোলে। বিশ্বাসকে আজি আমাৰ আলোচনাৰ প্ৰধান বিষয় কৰি লোৱা হৈছে।

পোনতে বিশ্বাস আৰু জ্ঞানৰ পাৰ্থক্যলৈ মন কৰাটো উচিত হ’ব। জ্ঞাননো কি? প্রতিদিনে পুৱা পূবত সূর্যোদয় হয়—ইয়াক আমি জ্ঞানসম্ভূত উক্তি বুলি ধৰিব পাৰোঁ। আনহাতে ঈশ্বৰে যি কৰে মংগলৰ বাবেই কৰে, এনে এটা উক্তি কেৱল বিশ্বাসজনিত। অলীক তথা অবাস্তৱ ধাৰণাই যে কেৱল বিশ্বাসৰ গুৰিত, তেনে নহয়। বাস্তৱ অভিজ্ঞতাসম্ভূত বিশ্বাসৰো অনেক উদাহৰণ বিচাৰিলে পোৱা যাব। এই লেখক এবাৰ গৱেষণাৰ কামত পশ্চিমবংগৰ এখন অতি ভিতৰুৱা গাঁৱলৈ যাবলগীয়া হৈছিল। প্ৰবল অনিয়মৰ কাৰণে সেইবাৰ পেটৰ অসুখত ভুগিব লগাত পৰোঁ। এদিন মাজনিশা বাহিৰ ফুৰাৰ প্রয়োজনে দেখা দিয়াত মোৰ সংগী স্থানীয় মানুহ এজনে এই বুলি সাৱধান কৰি দিছিল যে অঞ্চলটোত সাপ-সোপৰ ভয় আছে। সেয়ে কেৱল কাজুবাদামৰ গছৰ তলত বহাটোহে মোৰ বাবে নিৰাপদ। পাছত জানিব পাৰিছিলোঁ যে কাজুবাদাম গছৰ ৰস সাপৰ গাত পৰিলে তাত ঘা কৰি পেলায়। সেয়ে, এই গছ সাপে এৰাই চলে। এইটো হ’ল সেই গাঁওখনক কেন্দ্ৰ কৰি বিস্তীর্ণ অঞ্চলৰ মানুহৰ এটা বদ্ধমূল বিশ্বাস। অর্থাৎ অলীক ধাৰণাজনিত বিশ্বাসৰ পৰা একেবাৰে প্ৰত্যক্ষ ধাৰণাই জন্ম দিয়া বিশ্বাসলৈকে মানুহৰ বিশ্বাসৰ জগত প্ৰসাৰিত। 

ব্যাপ্তি অনুসাৰে বিশ্বাস দুই ধৰণৰ। এটা সমষ্টিগত আৰু আনটো ব্যক্তিগত। যেতিয়া কোনো এটা সাধাৰণ ধাৰণা অনেকে সত্য বুলি মানি লয়, তেতিয়াই সেই ধাৰণা সমষ্টিগত বিশ্বাসৰূপে গৃহীত হয়। ঈশ্বৰ-বিশ্বাসেই খুব সম্ভৱ সর্বাপেক্ষা বৃহৎ সমষ্টিগত বিশ্বাস। আকৌ পৰস্পৰ সম্পৰ্কহীন বিভিন্ন গোষ্ঠীভুক্ত মানুহে সুকীয়াকৈ একেটা বিশ্বাসকে পোষণ কৰাও দেখা যায়। যেনে, বৰষুণৰ স’তে জড়িত উৰ্বৰতা (ঋষ্যশৃংগৰ কাহিনী) আৰু অনাবৃষ্টিৰ স’তে জড়িত অনুৰ্বৰতা (গাওৱেন আৰু পাৰ্চিভেলৰ কাহিনী)। পৃথিৱীৰ বিভিন্ন দেশত বহু মানৱগোষ্ঠীয়ে বৰষুণ, ভেকুলী-বিয়া, যৌন-মিলন আদিৰ মাজত সম্পর্ক থকা এক বিশ্বাসৰ গাঁথনি নিৰ্মাণ কৰিছে। সমষ্টিগত বিশ্বাসৰ লগতে এজন ব্যক্তিৰ নিজা ব্যক্তিগত বিশ্বাসো থাকিব পাৰে। যেনে, ৰবীন্দ্ৰনাথৰ বিশ্বাস আছিল যে নির্দিষ্ট মাত্ৰাতকৈ দুগুণ মাত্ৰাত দৰব সেৱন কৰিলে ৰোগ নিৰাময় দ্রুত হয়(১)। এনেধৰণৰ ব্যক্তিগত বিশ্বাস সাধাৰণভাৱে এজন ব্যক্তিৰ ধাৰণাৰ মাজতে সীমিত থাকে, বা একাধিক ব্যক্তিৰ মাজত সি বিচ্ছিন্নভাৱে থাকিলেও তাৰ কোনো সমষ্টিবদ্ধ ৰূপ নাথাকিবও পাৰে। অৱশ্যে এনে ব্যক্তিগত বিশ্বাসৰ শিপাই চুই থাকিব পাৰে দেশ-জাতি-সমাজ-সংস্কৃতিৰ ঐতিহ্যবোধ, পাৰিবাৰিক মানসতা বা আন কোনো ব্যক্তিৰ প্ৰভাৱক। এই জাতীয় ব্যক্তিগত বিশ্বাসনিৰ্ভৰ ভাল-বেয়াৰ ধাৰণা প্ৰায় সকলো ক্ষেত্রতে নিতান্ত ব্যক্তিগত। কেতিয়াবা কেতিয়াবা সমষ্টিগত বিশ্বাসৰ ভিত্তিভূমি হৈ উঠিব পাৰে ব্যক্তিগত বিশ্বাস। যেনে, পাইথাগোৰাছৰ পূৰ্ণসংখ্যাৰ প্ৰতি থকা অটল বিশ্বাসে তেওঁৰ শিষ্য আৰু অনুগামীক প্রবলভাৱে পূর্ণসংখ্যাৰ প্ৰতি বিশ্বাসপ্রৱণ কৰি তুলিছিল। দৰ্শন-সাহিত্য-শিল্পত বহু সময়তে এই ব্যক্তিগত বিশ্বাস মতবাদ আকাৰে সমষ্টিগত বিশ্বাসত পৰিণত হৈছে আৰু ই বৃহৎ সামাজিক আন্দোলনৰ জন্ম দিছে। 

জ্ঞান আৰু বিশ্বাস উভয়কে মানুহে অৰ্জন কৰি ল’ব লগা হয় আৰু সেই অর্জন হয় মানুহৰ অভিজ্ঞতাক অৱলম্বন কৰি। জ্ঞানৰ স্বীকৃতি যিদৰে সাৰ্বজনীন, বিশ্বাসৰ ক্ষেত্ৰত তেনে কথা ক’ব নোৱাৰি। সাধাৰণতে পর্যবেক্ষণ, পৰীক্ষণ, প্ৰমাণ আৰু সিদ্ধান্ত গ্রহণ, সত্যানুসন্ধানৰ এই ধাৰাবাহিক প্ৰক্ৰিয়াত জ্ঞানৰ নির্মিতি। কিন্তু কোনো পৰীক্ষা অবিহনেই বিশ্বাসক মানুহে সত্য বুলি গ্ৰহণ কৰে। আনকি অতি সহজতে পৰীক্ষা কৰি চাব পাৰিলেও মানুহে অনেক সময়ত সেই পথ এৰাই চলে আৰু অপৰীক্ষিত ধাৰণাকে সত্যৰূপে বিশ্বাস কৰে। যেনে, এৰিষ্টটলৰ পূৰ্বে গ্ৰীচত মানুহৰ বিশ্বাস আছিল যে তিৰোতাৰ দাঁতৰ সংখ্যা মুনিহতকৈ বেছি। এৰিষ্টটলে তাকে পৰীক্ষা কৰি চাবলৈ এজন মুনিহ আৰু এজনী তিৰোতাক ওচৰা-ওচৰিকৈ থিয় কৰাই মুখ মেলি সিহঁতৰ দাঁতবোৰ গণি চাইছিল। কোৱা বাহুল্য যে বিশ্বাসৰ সত্যৰ লগত পৰীক্ষিত সত্যৰ তেওঁ মিল বিচাৰি পোৱা নাছিল। অর্থাৎ জ্ঞানৰ সত্য ব্যৱহাৰিক তথা গাণিতিক পৰীক্ষাত উত্তীর্ণ হোৱাটো আৱশ্যিক। কিন্তু পৰীক্ষা-প্রমাণ অবিহনেই বিশ্বাস সত্যৰূপে স্বীকৃত(২)। তথাপি এনে বিশ্বাসেই মানুহক জীৱনৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণৰ বেলিকা সহায় কৰে। কিন্তু পৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰে নগ’লেই যে বিশ্বাসৰ সত্যতা নাথাকিব, তেনে কথা ক’ব নোৱাৰি। এই ক্ষেত্ৰত বিশ্বাসৰ ভিত্তি বাস্তৱ পৰ্যবেক্ষণ আৰু চিন্তাৰ যৌক্তিক শৃংখলা। কোৱা বাহুল্য যে পর্যবেক্ষণ বা যুক্তি নিশ্ছিদ্র নহ’লে বিশ্বাসৰ স’তে সত্যৰ দূৰত্ব থাকি যাব। দেখা যায় যে দার্শনিক বা গণিতবিদসকলে বহু সময়তে পর্যবেক্ষণ বা যুক্তিৰ সহায়ত যিবোৰ অনুমান গঢ়ি তোলে, সেইবোৰ পৰীক্ষিত নোহোৱালৈকে বিশ্বাসৰূপেই বৰ্তি থাকে(৩)। সমাজবিজ্ঞানতো এনেধৰণৰ যৌক্তিক বিশ্বাস থাকে। সেইবোৰ ব্যৱহাৰিকভাৱে প্রমাণিত হ’বলৈ হয়তো বহু যুগৰ আৱশ্যক হয়। কিন্তু যুক্তিৰ হাত ধৰি বিশ্বাস তাত সচল হৈ থাকে। 

আচলতে পৰীক্ষাপদ্ধতি, যুক্তি, সত্য, এই সকলোৰে সীমাবদ্ধতা আছে। তাৰ ফলত বিশ্বাসত পৰিলক্ষিত হয় আপেক্ষিকতা। যেনে, প্ৰাচীনকালত মানুহে বিশ্বাস কৰিছিল যে পৃথিৱীখন স্থিৰ আৰু সূৰ্যইহে ইয়াক কেন্দ্ৰ কৰি বৃত্তাকাৰ পথত আৱৰ্তিত। এই বিশ্বাস কিন্তু পর্যবেক্ষণ আৰু যুক্তিসিদ্ধ। অৱশ্যে সেই যুগৰ পৰ্যবেক্ষণ আছিল ত্রুটিপূৰ্ণ আৰু যুক্তি আছিল সীমাবদ্ধ। নিজৰ অৱস্থান সাপেক্ষে মানুহে সূৰ্যক পৃথিৱীৰ চাৰিওফালে আৱৰ্তিত হোৱা দেখিবলৈ পাই এনে সিদ্ধান্তত উপনীত হৈছিল। আকৌ প্রাচীন মানুহে প্রাকৃতিক শক্তিৰ ৰহস্যৰ তৎ ধৰিব নোৱাৰি তাৰ অন্তৰালত অলৌকিক শক্তিৰ উপস্থিতি কল্পনা কৰি লৈছিল। এনে কল্পনা বা বিশ্বাসৰ তুলনাত পৃথিৱীকেন্দ্ৰিক বিশ্বৰ বিশ্বাস অধিক ‘বিজ্ঞানসম্মত’। সত্য সম্পর্কীয় দৃষ্টিভংগী কোনো অপৰিৱৰ্তনীয় চিন্তাধাৰা নহয়। বৰং সত্য চিহ্নিতকৰণৰ মানদণ্ড যুগে যুগে সলনি হোৱাটোৱে বাস্তৱ ঘটনা। আদিতে আছিল সত্যৰ এটা চিৰন্তনতাকেন্দ্ৰিক ধাৰণা। পাছলৈ ক্ৰমে দেখা গ’ল ইয়াৰ বৰ্তমানকেন্দ্ৰিক, ভৱিষ্যতকেন্দ্রিক আৰু অতীতকেন্দ্রিক ধাৰণা(৪)। ফলত সত্যৰূপে প্রতিভাত বিশ্বাসৰ চৰিত্ৰও আনকি কালগতভাৱে ভিন ভিন। আজি যি বিশ্বাসক অলৌকিক বা অযৌক্তিক বুলি ধাৰণা হৈছে, বহু যুগৰ আগতে হয়তো সেই বিশ্বাসৰ ভিত্তি আছিল তৎকালীন যুগৰ দুৰ্বল পৰ্যবেক্ষণ আৰু যুক্তি। 

প্রাচীনকালৰ যুক্তি গঠনৰ দুটা ভিত্তি—এটা হ’ল এডৱাৰ্ড টাইলাৰ ব্যাখ্যাত “সৰ্বপ্ৰাণবাদ”(৫) আৰু আনটো হ’ল ফ্ৰেজাৰ ব্যাখ্যাত “যাদুবিদ্যা”(৬)। সর্বপ্রাণবাদ(৭) মতে প্রাচীন মানুহে সকলোতে প্রাণীত্ব আৰোপ কৰিছিল। এই মতবাদৰ তিনিটা পৰ্যায়—আত্মাৰ আৱিষ্কাৰ, বিশ্বৰ সকলো বস্তুৰ মাজতে বিশেষ শক্তিৰ উপস্থিতিৰ আৱিষ্কাৰ আৰু দেৱতাৰ আৱিষ্কাৰ। টাইলাৰে কোৱা মতে মৃত আৰু জীৱন্ত তথা নিদ্রিত আৰু জাগি থকা মানুহৰ পার্থক্য কৰিবলৈ গৈ প্ৰাচীন মানুহে আত্মাৰ অস্তিত্বৰ ধাৰণাত উপনীত হয়। এই ধাৰণাৰে প্ৰসাৰিত পৰিণতি সৰ্বপ্ৰাণবাদ। 

জেমছ ফ্ৰেজাৰে(৮ )যাদুবিদ্যাৰ বিষয়ে ক’বলৈ গৈ লিখিছিল যে যাদুবিদ্যাৰ দুটা নীতিৰ ওপৰত প্ৰাচীন মানুহৰ বিশ্বাসৰ সৌধ থিয় দি থাকে। প্ৰথমটো নীতি হ’ল, একেধৰণৰ ঘটনাই একে ফলৰ জন্ম দিয়ে। মানুহে বিশ্বাস কৰিছিল যে আকাংক্ষিত ফল লাভৰ নিমিত্তে অনুৰূপ ক্রিয়া সম্পাদন কৰা প্রয়োজন। ইন্দোনেচিয়াৰ সুমাত্রা দ্বীপৰ বাটক উপজাতিৰ নিঃসন্তান নাৰীয়ে সন্তান লাভৰ কাৰণে কাঠৰ কেঁচুৱাৰ মূৰ্তি সাজি তাক কোলাত লৈ মৰম কৰে। আমাৰ ইয়াত গৰ্ভৱতী নাৰীয়ে পঞ্চামৃত খোৱাৰ সময়ত সৰু কেঁচুৱা এটি কোলাত লৈ মৰম-চেনেহ কৰাৰ প্ৰথালৈ আঙুলিয়াব পাৰি। তদুপৰি প্ৰাচীন মানুহে চিকাৰলৈ যোৱাৰ আগতে জন্তুৰ ছবি আঁকি তাক শৰবিদ্ধ কৰাৰ প্ৰথাও এই ক্ষেত্ৰত উল্লেখনীয়। মানুহৰ শুভ-অশুভৰ ধাৰণাটো এই যাদুবিশ্বাসৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল। ই হোমিওপেথিক যাদু ৰূপেও জনাজাত। 

দ্বিতীয় নীতি মতে পৰস্পৰ সম্পর্কযুক্ত বস্তু বিচ্ছিন্ন হৈ যোৱাৰ পাছতো, সিহঁতৰ এটাই আনটোৰ ওপৰত ক্ৰিয়া কৰি থাকে। এই যাদু বিধান অনুসৰি কোনো ব্যক্তি বা বস্তুৰ পৰা কোনো অংশ বিচ্ছিন্ন হৈ যিমান দূৰলৈকে নাযাওক কিয়, সেই বিচ্ছিন্ন হোৱা অংশটোৱে মূলৰ সকলো ধর্ম অটুট ৰাখে। নিউ চাউথ বেলছৰ ডার্লিং নদীৰ তীৰস্থ উপজাতিসকলৰ মাজত থকা প্রথা মতে যৌৱন প্ৰাপ্তিৰ প্ৰথম পদক্ষেপৰূপে ডেকা ল’ৰাৰ আগ দাঁত দুটা উঘালি পেলোৱা হয়। এই দাঁত দুটা কোনো নদীৰ পাৰত থকা গছৰ ছালৰ মাজত বা নদীৰ পাৰৰ যি কোনো পানী থকা গাঁতত সুমুৱাই থোৱা হয়। যদি দেখা যায়, গছজোপাৰ ছালছটা বাঢ়িছে বা গাঁতটোৰ ভিতৰত পানী থাকি গৈছে, তেতিয়া সেইটো শুভ ইংগিত। বিপৰীতে যদি সেই দাঁত উদংকৈ পৰি থাকে আৰু তাত পৰুৱা উঠে, তেতিয়া হ’লে ভৱিষ্যতে ল’ৰাটোৰ মুখৰ অসুখ হ’ব বুলি ধৰা হয়। গোটেই পৃথিৱীতে এনেকুৱা এটা বিশ্বাস আছে যে শৰীৰৰ অংশ বিশেষ, যেনে, দাঁত, নখ, চুলি ইত্যাদিৰ সহায়ত সংশ্লিষ্ট ব্যক্তিৰ মংগল বা অমংগল, দুইটাই কৰিব পাৰি। মনে মনে নিৰ্দিষ্ট ব্যক্তিৰ চুলি, বা নখ আদি সংগ্ৰহ কৰি তাৰে তেওঁৰ অপকাৰ কৰিবৰ নিমিত্তে দুষ্ট বেজে ‘বাণ’ মৰাৰ কথা আমাৰ ইয়াত জনাজাত। তিৰোতাৰ ফণীত লাগি থকা ছিগা চুলি কোনোবাই সংগ্ৰহ কৰি তেওঁৰ অপকাৰ কৰিব পাৰে। সেই সম্ভাবনা নোহোৱা কৰিবলৈ ছিগা চুলিখিনি থুৱাই পেলাই দিয়া হয়। এই যাদুবিধান ‘সংক্রামক যাদুবিধান’ নামে পৰিচিত। এইদৰেই প্ৰাচীন মানুহৰ বিশ্বাসৰ জগতখন নির্মিত হৈছিল। এই বিশ্বাসৰ মূলতে আছিল যি যুক্তিবোধ, কাল্পনিক কার্য-কাৰণ-সম্পৰ্কনিৰ্ভৰ সেই যুক্তিৰ ভিত্তি দেখা যায় দুৰ্বল তথা কাকতালীয়। 

১৮ শতিকাৰ পৰাই এনেকুৱা আধিবিদ্যক যুক্তিনির্ভৰ বিশ্বাসবোৰ শিথিল হ’বলৈ আৰম্ভ কৰে নতুনকৈ ঠন ধৰি উঠা বিজ্ঞানচেতনাৰ পোহৰত। আলোকপ্ৰাপ্তিৰ যুগত চেতনা আৰু মনন এক নতুন বৈশিষ্ট্যৰে সমৃদ্ধ হয়। বিনা প্রশ্নে একো গ্ৰহণ নকৰা আৰু বস্তুকেন্দ্রিক কার্য-কাৰণ সম্পৰ্কনিৰ্ভৰ যুক্তিবোধেই হ’ল এই বৈশিষ্ট্য।“আলোকপ্ৰাপ্তিৰ যুগে ইয়াৰ উত্তৰাধিকাৰীক দি যায় বিশ্বৰ যৌক্তিক গঠনৰ বোধ, প্রাকৃতিক তথা সামাজিক অস্তিত্বৰ আটাইবোৰ গোপন ৰহস্যৰ পম খেদাত সক্ষম মানবিক বিচাৰ-বুদ্ধিৰ অসীম পৰাক্ৰমত আস্থা”(৯)। বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ আৰু পৰ্যবেক্ষণ তথা বিচাৰ-বিশ্লেষণৰ অভিনৱত্বৰ দ্বাৰা যুক্তিক্রম বাৰে বাৰে পৰিৱৰ্তিত হোৱা দেখা যায়। 

সমাজ-সভ্যতাৰ ক্ৰমবিকাশত প্ৰতিটো যুগতে পুৰণি বিশ্বাস ভাগি নতুন যুক্তি-বুদ্ধিভিত্তিক বিশ্বাস গঢ় লৈ উঠিছে। খাদ্য আহৰণৰ অৱস্থাৰ পৰা কৃষিজীৱী সমাজ, সামন্ততন্ত্ৰৰ পৰা বিশ্বপ্ৰসাৰিত ধনতন্ত্র, ধ্রুপদীৰ পৰা আধুনিক হৈ আধুনিকোত্তৰ সভ্যতাৰ এই কালক্রমিক বিস্তাৰত নতুন জ্ঞানচর্চা, নতুন পর্যবেক্ষণ আৰু নতুন বিচাৰ-বিশ্লেষণনিৰ্ভৰ যুক্তি অনুসৰণত নতুন নতুন বিশ্বাসবোধ গঢ় লৈ উঠিছে। অর্থাৎ সমস্ত বিশ্বাসেই হয়তো এটা সময়ত কোনো নহয় কোনো যুক্তিৰ হাত ধৰিয়েই আগ বাঢ়ি গৈছিল। কিন্তু পৰৱৰ্তী কালত আন যুক্তিৰ পোহৰত সিবোৰৰ কাৰ্য-কাৰণ সম্পৰ্ক বাতিল হৈ যায়।

সেয়ে, বিভিন্ন যুগতেই সেই যুগৰ নিজা বিশ্লেষণী চিন্তা-চৰ্চা মূল আৰু মননৰ নিৰিখত গঢ়ি উঠা যুক্তিক অৱলম্বন কৰি যৌক্তিক বিশ্বাসে প্রাধান্য লাভ কৰে। পুৰণি যুগৰ আটাইবোৰ বিশ্বাসেই কিন্তু পিছৰ যুগত বাতিল হৈ নাযায়। আনহাতে আকৌ পুৰণি বিশ্বাসৰ যুক্তি নতুন যুগৰ যুক্তিৰ দ্বাৰা বাতিল হ’লেও পুৰণি বিশ্বাস অভ্যাসৰ দৰে আমাৰ সংস্কাৰত জীয়াই থাকিব পাৰে।অর্থাৎ যৌক্তিক ভিত্তি অবিহনেই কিছু বিশ্বাস আমাৰ ঐতিহ্যৰ শৰীৰত টিকি ৰয়। এই জাতীয় বিশ্বাসক আমি সাংস্কৃতিক বিশ্বাস বুলি আখ্যা দিব পাৰোঁ। মানুহৰ সভ্যতাত এইদৰে দুইধৰণৰ বিশ্বাস সদায়ক্রিয়াশীল হৈ থাকে—এক, উত্তৰাধিকাৰসূত্ৰে পোৱা সাংস্কৃতিক বিশ্বাস আৰু দুই, কোনো নিৰ্দিষ্ট যুগনিৰ্ভৰ কাৰ্য-কাৰণ-সম্পৰ্কৰ আলম লৈ গঢ়ি উঠা যৌক্তিক বিশ্বাস। উত্তৰাধিকাৰ সূত্ৰে পোৱা এই সাংস্কৃতিক বিশ্বাস মানুহৰ অভ্যস্ত মনত দীৰ্ঘ যুগ ধৰি ক্ৰমান্বয়ে বাহিত হয়। কেতিয়াবা কেতিয়াবা এইধৰণৰ সাংস্কৃতিক বিশ্বাসে পৰৱৰ্তী যুগৰ যুক্তিবোধৰ স’তে আপাত সামঞ্জস্যৰ গৰজত সন্ধি কৰে অথবা প্রায় সমধর্মী এটা বিশ্বাসৰ জন্ম দিয়ে। সাংস্কৃতিক বিশ্বাস সমাজৰ সামূহিক স্মৃতিৰ জৰিয়তে বাহিত হৈ চলে। বিপৰীতে যুগসাপেক্ষ বিচাৰ-বিশ্লেষণৰ আলমত যুক্তি-বুদ্ধিৰ এক ক্ৰমিক অনুশীলনৰ মাজেৰে যৌক্তিক বিশ্বাস সঞ্চৰিত হয়। খুব বেছি আগবঢ়া সমাজ নহ’লে বহু সময়তে দেখা যায়, সাধাৰণ মানুহে যৌক্তিক আৰু সাংস্কৃতিক বিশ্বাস একে সময়তে বহন কৰি লৈ ফুৰে। যেনে, অসুখত পৰিলে এনে লোকে তাবিজ-কবচো পৰিধান কৰে, অথচ ডাক্তৰক দেখুৱাই ঔষধো সেৱন কৰে। সাংস্কৃতিক আৰু যৌক্তিক বিশ্বাসৰ মাজত বিৰোধ নাথাকিলে কোনো সমস্যাই দেখা নিদিয়ে। কিন্তু ইহঁতৰ মাজত বিৰোধ থাকিলেই লেঠা। তেতিয়া অগ্রগামী চিন্তাৰ বিকাশত জটিলতাই দেখা দিব পাৰে। 

ইতালিৰ কমিউনিষ্ট তথা চিন্তাবিদ এণ্টনিঅ’ গ্রামছিৰ (১৮৯১- ১৯৩৭) মতে নিম্নবৰ্গৰ সংস্কৃতি আৰু ভাবাদৰ্শৰ জগতত এনে এক বিশ্বাসবোধ শাসকে ৰোপন কৰাৰ চেষ্টা কৰে, যাৰ মাজেৰে নিম্নবৰ্গৰ চেতনাত শাসনৰ ন্যায্যতা সম্পর্কে এটা স্বীকৃতিৰ মনোভাব গঢ়ি উঠে। ইয়াৰ পৰিণতিত বিৰোধিতাৰ সলনি নিম্নবৰ্গৰ পৰা সার্বিক সমর্থনহে লাভ কৰে শাসকে। নিম্নবৰ্গৰ পৰা লাভ কৰা এই সামাজিক সমর্থন বা সন্মতিয়ে শাসনৰ নৈতিক ভিত্তিৰূপে কাম কৰে। শাসিতৰ সন্মতি আৰু সমর্থন লাভৰ নিমিত্তে শাসকে যি সাংস্কৃতিক গাঁথনি নির্মাণ কৰে, তাৰ বাবে আৱশ্যক হোৱা উপাদান শাসকে সংগ্ৰহ কৰি লয় শাসিতৰ চেতনাত ক্রিয়াশীল হৈ থকা পুৰণি সাংস্কৃতিক বিশ্বাসৰ ধাৰাৰ পৰাই। সেয়ে, যুক্তিৰ নিৰিখত বাতিল হৈ যোৱা, অথচ সংস্কাৰৰ মাজত অভ্যাসৰূপে টিকি থকা যি বিশ্বাস মানুহে বহন কৰি ফুৰে, তাৰেই অৱশেষক শাসকে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। এইদৰে শাসকৰ মতাদৰ্শৰ পক্ষে শাসিতক লৈ অনাৰ বেলিকা দেখা যায়, শাসকে লাভ কৰিছে কিছু অতিৰিক্ত সুবিধা। কাৰণ যুক্তিৰ বিস্তাৰ অবিহনেই ইয়াত শাসিতৰ মূল্যবোধৰ মাজত থাকি যোৱা ধাৰণাকে ব্যৱহাৰ কৰি শাসকে তাৰ উদ্দেশ্য পূৰণত সফলকাম হৈছে। 

শাসকে কি পদ্ধতিৰে নিজৰ স্বার্থানুসাৰী ভাবাদর্শ শাসিত ওপৰত আৰোপ কৰে, সেই বিষয়টো এইবাৰ গ্ৰামছি উদ্ভাৱিত তত্ত্বৰ পোহৰত আৰু ভাৰতীয় অভিজ্ঞতাৰ পটভূমিত ব্যাখ্যা কৰাৰ চেষ্টা কৰিব পাৰি।

আমি লক্ষ্য কৰিলেই দেখিম ভাৰতবৰ্ষত সংখ্যাগৰিষ্ঠ মানুহৰ সংস্কাৰৰ মাজত থাকি যোৱা বিশ্বাসবোধক কামত লগাই কিদৰে শাসকৰ স্বাৰ্থ পূৰণৰ উপযোগী চিহ্ন নিৰ্মিত হৈছে। ইয়াৰ এটা ৰাজনৈতিক দলৰ প্ৰতীক পদুম ফুল। এই পদুম ফুলৰ স’তে এপিনে ভাৰতৰ সংখ্যাগৰিষ্ঠ ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ সংস্কাৰৰ এটা সম্পর্ক আছে। আনপিনে, এই ফুল হ’ল ভাৰতৰ জাতীয় প্রতীক। সেয়ে, আমি ইয়াত এটা সাংস্কৃতিক সম্পর্কও বিচাৰি পাব পাৰোঁ। আমি জানোঁ, নাৰায়ণৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মাৰ উদ্ভৱ, লক্ষ্মী পদ্মাসনা, আৰু লৌকিক সাহিত্যত পোৱা যায় কমলৰ স’তে কামিনীৰ প্রসংগ। কুলকুণ্ডলিনী শক্তিক জাগ্ৰত কৰি মস্তকৰ সহস্ৰাৰত (পদুমত) উন্নীত কৰাতে তন্ত্রসাধনাৰ সিদ্ধি। ৰামে অকাল বোধনৰ পৰত প্ৰয়োজনীয় ১০৮টা পদুমৰ হিচাপ মিলাবলৈ নিজৰ নেত্ৰপদ্মকে দান কৰিছিল। এইবিলাকৰ পৰা নিশ্চয় বুজা গৈছে যে পদুমৰ ব্যঞ্জনা সংস্কাৰৰ গভীৰত প্রোথিত হৈ আছে। সেই কাৰণেই পদ্ম চিহ্নৰ সহায়ত হিন্দু সংখ্যাগৰিষ্ঠ মানুহক সহজেই এক সমধর্মিতাৰ বন্ধনত বান্ধিব পৰা যায়। তাৰ উপৰিও ই জাতীয় ফুল হোৱাৰ গুণত এক জাতীয়তাবাদী বোধো বিয়পাই দিব পৰা যায়। আন কথাত পদুম আমাৰ নিজৰ দেশৰ, বিদেশৰ পৰা আমদানি কৰা নহয়। উল্লেখযোগ্য যে দেশী নে বিদেশী, এই প্রসংগটো ৰাজনৈতিক দলটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কেৱল পদুম ফুলেই নহয়, এতিয়া জনগণৰ সমৰ্থন আদায়ৰ কাৰণে ত্ৰিশূল, ৰথ ইত্যাদি এনে কিছুমান প্রতীক ব্যৱহৃত হ’বলৈ ধৰিছে, যিবিলাকৰ প্ৰতি এক বিশেষ জনসম্প্ৰদায়ৰ সাংস্কৃতিক বিশ্বাসজনিত আবেগ পৰিলক্ষিত হয়। এই উপায়েৰে মানুহখিনিক সংগবদ্ধ কৰিবলৈ গৈ তেওঁলোকৰ সামূহিক স্মৃতি সঞ্চিত উপাদানটো ব্যৱহৃত হয়। ইয়াৰ ফলত শাসকে তেওঁলোকৰপৰা শাসনৰ এটা স্বীকৃতি আদায় কৰি লোৱাটো সহজ হৈ পৰে। জনমানসত এই প্রতীকৰ প্ৰতিষ্ঠাৰ কাৰণে আৰু কোনো যৌক্তিক বিশ্লেষণৰ আৱশ্যকতা নাথাকে। কেৱল ‘আমাৰ দেশৰ নিজা’, ‘মূল্যৱান প্রাচীন ঐতিহ্য’—এনেধৰণৰ আবেগত মানুহক আচ্ছন্ন কৰিলেই কাৰ্যসিদ্ধি হয়। 

বিপৰীতে যদি বাঁওপন্থী ৰাজনৈতিক দলৰ কথা ভবা হয়, তেতিয়া দেখা যাব যে তেওঁলোকৰ দ্বাৰা ব্যৱহৃত ৰঙা পতাকা বা কাঁচি-হাতুৰি-তৰা কোনো ঐতিহ্যবাহিত প্রতীক নহয়। ফলত সাংস্কৃতিক বিশ্বাসবোধৰ মাজেৰে স্বয়ংক্রিয়ভাৱে ই জনমানসত প্ৰতিষ্ঠা নাপায়। এই প্রতীকৰ কাৰ্যকাৰিতা বা নায্যতা প্ৰতিষ্ঠাৰ কাৰণে যুক্তি-উপস্থাপনা অপৰিহাৰ্য। জাতীয়তাবাদী লক্ষণ আৰু ধর্মীয় আবেগ তাত অনুপস্থিত। ফলত এইধৰণৰ প্ৰতীকৰ পক্ষত আৰু তেনে কোনো কাৰক নাথাকেগৈ, যাৰ দ্বাৰা সি অনায়াসে এক প্রভাৱবিস্তাৰকাৰী উপাদানত পৰিণত হ’ব পাৰে। বৰং শ্রেণী-শোষণ, শ্রেণী-সংগ্রাম, পুঁজি-ক্ষমতা-ৰাষ্ট্ৰ ব্যৱস্থা, সৰ্বহাৰা-বিপ্লৱৰ জটিল তত্ত্বৰ বিচাৰ-বিশ্লেষণ এই প্রতীক প্ৰতিষ্ঠাৰ যুক্তি-বিস্তাৰৰ স’তে সম্পর্কিত। কেৱল সেয়ে নহয়, অর্থনীতি-সমাজতত্ত্ব-ইতিহাস-দৰ্শনৰ এটা সাধাৰণ ধ্যান-ধাৰণাৰ অবিহনে এইবোৰ যুক্তি-বিশ্লেষণ জনসাধাৰণৰ বোধগম্য হোৱাটো সহজ নহয়। ফলত বুজাই গৈছে যে পদুম ফুলৰ তুলনাত বাঁওপন্থীসকলৰ প্ৰতীকৰ প্ৰতি মানুহৰ সঁহাৰি কিছু কষ্টসাপেক্ষ। 

বর্তমান সময়ত প্রগতিশীলতাৰ সপক্ষে যুক্তি-বুদ্ধি-বিশ্বাস মানুহৰ মনত স্থাপন কৰাৰ বেলিকা কেতবোৰ সমস্যাই দেখা দিছে। আলোকপ্ৰাপ্তিৰ যুগত যি উৎসাহ আৰু উদ্দীপনাসহকাৰে বিজ্ঞানৰ জয়যাত্ৰাৰ আৰম্ভণি হৈছিল, বিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰৰ ফলত মানৱিক ক্ষমতা আৰু শ্ৰমৰ দক্ষতা যেনেদৰে বৃদ্ধি পাইছিল, তাৰ ফলত এই বিজ্ঞান আৰু যুক্তিবাদৰ প্ৰতি মানুহৰ এক গভীৰ আস্থাৰ উদ্ৰেক ঘটে। কালক্ৰমত বিজ্ঞান আৰু প্রযুক্তি সমাজৰ ক্ষমতাসীন শ্রেণীবোৰৰ স্বাৰ্থ পূৰণৰ আহিলাত পৰিণত হ’ল। দেখা গৈছে বিজ্ঞানৰ আৱিষ্কাৰ ব্যৱহৃত হৈছে প্ৰধানকৈ এক যন্ত্ৰনিৰ্ভৰ দানৱীয় পৰিস্থিতি সৃষ্টি কৰাত। তদুপৰি নিত্য-নতুন সমৰাস্ত্ৰৰ উদ্ভাৱনে বিজ্ঞানক আজি মানুহৰ চকুত এক মানৱতাবিৰোধী শক্তিৰূপেহে তুলি ধৰিছে। সেয়ে, বৈজ্ঞানিক বিশ্বাসৰ আবেদন মানুহৰ কাৰণে টুটি অহা দেখা যায়। বিপৰীতে মানুহৰ চিন্তন-মনন অধিকাৰ কৰি ল’বলৈ আৰম্ভ কৰিছে ধৰ্মবিশ্বাসৰ অলৌকিকতাই। সভ্যতাৰ অতীত ইতিহাস বিচাৰ কৰিলে দেখা যাব, বৃহত্তৰ মানৱগোষ্ঠীয়ে কোনো ধর্মীয় নেতা বা সমাজ-নেতৃত্বৰ বিশ্বাসকে অনুসৰণ কৰে। মানুহৰ সৰল বিশ্বাসৰ সুযোগ লৈ ক্ষমতাৰ কেন্দ্ৰত বা তাৰ আশে-পাশে থকা একক ব্যক্তিয়ে নিজৰ ক্ষুদ্ৰ ব্যক্তিস্বার্থ পূৰণ কৰিছে আৰু সংখ্যাগৰিষ্ঠ মানুহৰ বিশ্বাস ভাঙি তেওঁলোকক প্ৰতাৰিত কৰিছে। বাৰংবাৰ প্ৰতাৰণাই তেওঁলোকৰ বিশ্বাস স্থাপনৰ মানসতাকে বিপর্যস্ত কৰি দিছে। এই বিপর্যস্তমনত আৰু যুক্তি-বুদ্ধিৰ শিপা গজাব পৰাটো সহজ হৈ থকা নাই বুলিহে তেওঁৰ উত্তৰাধিকাৰ সূত্ৰে পোৱা পুৰণি মূল্যবোধেই তাত গজগজীয়া হ’ব পাৰিছে। কোৱা বাহুল্য যে এই মূল্যবোধত যুক্তি বিচাৰৰ উপাদান তেনেই তাকৰ। 

এই প্রবলভাৱে আলোড়িত সময়ত মানুহ সাধাৰণতে যুক্তি-শৃংখলাৰ দ্বাৰা নিৰ্মিত বিশ্বাসবোধত আস্থাহীন। কিন্তু তেওঁলোক নিজৰ অগোচৰে সাংস্কৃতিক বিশ্বাসৰ দ্বাৰা সংক্রামিত। সুবিধাবাদী ৰাজনৈতিক শ্ৰেণীয়ে এই পৰিস্থিতিৰ সুবিধা ল’ব পাৰিলেও বাঁওপন্থীসকলে সেইটো কৰিব পৰা নাই। এনে পটভূমিত চিহ্নধ্বংস আৰু চিহ্ন-নিৰ্মাণ—বাঁওপন্থীসকলৰ বাবে এই দুটা পথৰ কাৰ্যকাৰিতা অধিক। এপিনে যিদৰে শাসকসকলৰ ব্যৱহৃত চিহ্নৰ যৌক্তিকতা নস্যাৎ কৰা প্রয়োজন, আনপিনে ব্যাপক জনসমর্থনৰ গৰজত ঐতিহ্যসংশ্লিষ্ট নতুন প্রতীক নির্মাণো জৰুৰী হৈ পৰে। শুভ-অশুভৰ দ্বন্দ্ব বা অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰজয়—এনেকুৱা বার্তা বহন কৰা, আৰু লগতে বাঁওপন্থাৰ স’তে আদর্শগত নৈকট্য থকা প্ৰতীক ঐতিহ্যৰ পৰা বুটলি ল’ব পাৰি। এইদৰে নতুনকৈ নির্মিত প্রতীকটোৱে লাভ কৰে ঐতিহ্যআশ্রিত আবেগৰ সমৰ্থন আৰু যুক্তিৰ মজবুত পেশী। অৱশ্যে এই প্ৰক্ৰিয়াৰ সমান্তৰালকৈ ঐতিহ্য নিৰপেক্ষ অথচ কেৱল যুক্তি-আশ্রয়ী বিশ্বাস নিৰ্মাণৰ প্ৰশ্নটোক অৱহেলা কৰিব নোৱাৰি। মানুহৰ চেতনাক বাঞ্ছিত দিশত সলাই পেলাবলৈ হ’লে এই উভয়ৰ সমবেত প্রয়াস জৰুৰী হৈ পৰে। 

টোকা

১) নাগ, সতী কুমাৰ (সম্পাদিত), ১৯৭৪, কাছেৰমানুষৰবীন্দ্রনাথ, কলকাতা-৭৩ : বসাক ষ্টোৰ, পৃষ্ঠা-১৫৯।
২) ‘Accept as true or as conveying the truth’ –Abate, Frank (Ed), 2001, The Oxford American Desk Dictionary, New York : The Oxford University Press, page-52.
‘To regard as true; to accept as true what is said to by (a person)’– Macdonald, A. M. and Kirkpatrick, E. M. (Ed), 1980, Chambers Everyday Dictionary, Britain : Galley Press, page-64.
৩) ‘গণিত বিজ্ঞানত প্রমেয় বা উপপাদ্য (theorem) মানে হ’ল এনে এটা সূত্ৰ যিটো সত্য; অর্থাৎ উপযুক্ত চৰ্তেৰে কোনো গাণিতিক সত্যৰ উক্তি। এই অৰ্থত ১৯৯৪চনৰ আগলৈকে ফাৰ্মাৰ উক্তিটোক ‘প্ৰমেয়’ বুলি কোৱাটো ভুল আছিল। বহুতো গণিতজ্ঞই সেয়ে Fermat’s last theorem বুলি নকৈ Fermat’s last conjecture বুলি কৈছিল—অৰ্থাৎ এটা অনুমান, ধাৰণা বা বিশ্বাস; যিটো সঁচাও হ’ব পাৰে, মিছাও হ’ব পাৰে’। –শইকীয়া, বিপুলজ্যোতি, ১৯৯৮, সোণালী সংখ্যা, গুৱাহাটী, ষ্টুডেণ্টচ্ ষ্ট’চ্, পৃষ্ঠা-৬৫।
8) Kruger, Lorenz, ‘Does Progress in Science Lead to Truth?” in Deutsch, Eliot (Ed), 1994, In Culture and  Modernity: East-West Philosophic Perspective, Delhi : Motilal Banarasidass Publishers Pvt. Ltd., page-620.
৫) Animism.
৬) Magic.
৭) Taylor, Edward Burnett (Ed), 1959, Religion in Primitive Culture, N. York: Harper and Row Publishers.
৮) Frazer, Sir James George, 1959, The Golden Bough, London: Macmillan and Co. Ltd.
৯) গুলিয়েভ, ভ ইয়ে আৰু অন্যান্য (বাংলা অনুবাদ—ভৌমিক, ননী), ১৯৮৮, ৰাজনৈতিক মতবাদেৰ ইতিহাস (খণ্ড-৪), মস্কো,প্রগতি প্রকাশন, পৃষ্ঠা-২৮৯।
(প্ৰথম প্ৰকাশ ত্ৰৈমাসিক কলং, ৭ম বৰ্ষ, ৪ৰ্থ সংখ্যা, এপ্ৰিল-জুন, ২০০৪। লেখক আৰু সম্পাদকৰ সন্মতিসাপেক্ষে, ধন্যবাদ সহকাৰে পুনৰ্প্ৰকাশ কৰা হ’ল)

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *