আভিজাত্যৰ এখিলা পৃষ্ঠা ।। শংকৰ শইকীয়া
মুক্ত চিন্তা।। একাদশ বছৰ।। ১ম সংখ্যা
“A poem can not Stop a bullet.
A novel can’t defuse a bomb.
But we are not helpless
We can sing the truth and
name the liars.”
-Salman Rushdie
অভিজাত কবিৰ কবিতাবোৰ
বিশেষ
প্ৰেমৰ প্ৰগলভ্ বিলাস থাকে
প্ৰকৃতিৰ বহুৰঙী বৰ্ণনা থাকে
যৌৱনৰ সুতীব্ৰ উন্মাদনা থাকে
আদি ৰসৰ ডেই নিয়া অতৃপ্তি থাকে
থাকে
ভাঙিপৰা দুঃখ আৰু অসহজ মৃত্যু কামনাৰ
ঘনীভূত বিলাসৰ সুদীৰ্ঘ পৃষ্ঠা
অভিজাত কবিতাৰ কবিসকল
এইখন পৃথিৱীত থাকিও নাথাকে
দুলি থাকে অবিৰাম
আত্মা আৰু পৰমাত্মাৰ দোলনাত পৰম তৃপ্তিত
দুচকু মুদি
যি নাই
তাতেই আছে বুলি থাকে
বিভোৰ হৈ
মাটিৰ পৃথিৱীৰ বাস্তৱক বৰ্জন কৰি
কল্পনাক ভাঙি-গঢ়ি
গঢ়ে
আন এক কল্পনাৰ আপোন পৃথিৱী
পাহৰিবৰ যত্ন কৰে
কল্পনা যে বাস্তৱৰ ভ্ৰূণেৰে গঢ়া নিৰ্ভীক যুঁজাৰু সন্তান
অভিজাত কবিতাৰ কবিসকল
অভিজাত সকলৰ সৈতে থাকে
উঠা-বহা কৰে অভিজাত সকলৰ সৈতে
চিন্তা কৰে অভিজাত সকলৰ দৰে
তেওঁলোকে ভাবে তেওঁলোক বিশেষ
তেওঁলোকেই শেষ সভ্যতাৰ অকলশৰীয়া সন্তান
অভিজাত কবিতাৰ কবিসকলৰ
কথা অভিজাত
খোজ কাটল অভিজাত
দৃষ্টি অভিজাত
অভিজাত কবিতাৰ কবিসকলে
কাহানিও প্ৰশ্ন নকৰে
পৃথিৱীখন কিয় ঘূৰে
দিন ৰাতি কিয় হয়
দিনৰ আনন্দ অনুভৱ নকৰে
অনুভৱ নকৰে ৰাতিৰ যন্ত্ৰণাৰ
ৰাতিৰ বিলাসত মত্ত হয় মাথোঁ
এচকুৱা হৰিণৰ দৰে নেদেখে
অভিজাতসকলৰ আভিজাত্য ৰক্ষাৰ পেৰাশালত
কেনেদৰে চেপা খাই শুকান জেওৰা হয়
শ্ৰমিক কৃষক
আধিয়াৰ নিবনুৱা
নুশুনে বঞ্চনাৰ আৰ্তনাদ
লাঞ্ছনাৰ গঞ্জনা
অপমানৰ চকুলো
অভিজাত কবিতাৰ কবিসকলৰ বাবেই
চুকে কোণে গঢ়ি উঠে অভিজাত পানশালা
বিলাসী গৃহ
য’ত প্ৰৱেশ কৰি গৰ্বিত হয়
আভিজাত্যৰ গৰ্বেৰে
অভিজাত কবিতাৰ কবিসকলে
নেদেখে
পুষ্টিহীনতাত ভোগা শিশুবোৰৰ পংগু ভৱিষ্যত
কেনেদৰে আভিজাত্যৰ অহংকাৰত পিষ্ট হয়
ভৱিষৎ পৃথিৱী
ভাগ হৈ যায় কেনেদৰে আশী আৰু বিছৰ ভাগত
আৰু
অভিজাত কবিবোৰ ৰৈ যায় বিছৰ ঘৰত
আভিজাত্য গলাধঃকৰণ কৰে
প্ৰেম আৰু দুঃখৰ বিলাস কৰে
প্ৰকৃতিক ভালপোৱাৰ কবিতা লিখে
কিন্তু
এদিনো গছ কটাৰ বিৰুদ্ধে
উত্তপ্ত ৰ’দ মূৰত লৈ ওলোৱা শোভাযাত্ৰাৰ শাৰীত
থিয় নিদিয়ে
মানৱতাৰ কথা লিখে
কিন্তু
মানৱতাক হত্যা কৰোঁতাসকলৰ বিৰুদ্ধে
এটাও কবিতা নিলিখে
গণতান্ত্ৰিক অধিকাৰ লাগে
কিন্তু
গণতন্ত্ৰ হত্যাকাৰীহঁতৰ বিৰুদ্ধে
এটাও শব্দ নিলিখে
নৈ-নিজৰাৰ চঞ্চল প্ৰবাহ
আৰু ধ্বনিময় সৌন্দৰ্যৰ কথা লিখে
কিন্তু
সেই নৈ-নিজৰা শুকাই যোৱাৰ কাৰণ নিলিখে
অভিজাত কবিসকল
অভিজাত
আভিজাত্যক তেওঁলোকে ভাল পায়
বৰণ কৰে অভিজাত্যৰ অহংকাৰ
আৰু
ঘৃণা কৰে অনা-আভিজাত্যৰ দাৰিদ্ৰ্যতা
তেওঁলোকে পোহে
বকলেছ পিন্ধোৱা ব্ৰেণ্ডেড কুকুৰ
কিন্তু বেয়া পায় চহৰৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰা
মুক্ত ভতুৱা
অভিজাত মানসিকতাৰ আভিজাত্যৰে অভিজাতসকল
নতুন দিনৰ সপোনেৰে সাৰে নাথাকে কাহানিও
গছহীন গছৰ পৰা ছিঙি আনি
বুকুত পিন্ধি ল’ব বিচাৰে ফুল
আকাশলৈ জঁপিয়াই
থপিয়াই আনিব বিচাৰে তৰা
মহানগৰৰ বিধ্বস্ত অট্টালিকাত
জীৱননহীন জীৱনৰ সন্ধান কৰে
অভিজাত কবিতাৰ কবিসকলে
অভিজাত কবিৰ পৰিচয় দি ভাল পায়
মানুহ বুলি পৰিচয় নিদিয়ে
সেয়েহে
তেওঁলোকৰ গা-ত অনবৰত
এটা কবি কবি ভাব লাগি থাকে
কাৰণ
অভিজাত কবিসকল
বিশেষ
অভিজাত কবিতাৰ কবিসকল
নাথাকে শোষিত আৰু বঞ্চিতৰ পক্ষত
যাতে
শোষণ আৰু বঞ্চনাৰ ধনেৰে নিতৌ
তেওঁলোক পুৰস্কৃত হ’ব পাৰে

