আবৃত্তি কৰা হওক আমাক নতুন ছন্দৰে – (অনিতা গগৈ)
যেন মধ্যযুগীয় কোনো বজাৰৰ
শাৰী শাৰী বিপনীত ৰৈ আছোঁ
.
ক্রীতদাসৰ শালীনতাৰে
বন্দিত প্রহৰৰ স্তাৱক আমি
.
আমাৰ শৰীৰ মহটিয়াই
পাৰ হৈ গৈছে বহু শতিকাজোৰা
সভ্যতাৰ সম্ভ্রান্ত অন্ধকাৰ
.
হঠাৎ সহনশীলতাৰ পৰাকাষ্ঠা নেওচি
উজাৰি উঠিছে আমাৰ সৌম্য অতীত
.
চাবুকৰ প্রহাৰত থৰ থৰ কম্পিত
আমাৰ ভৰিৰ তলৰ মাটি
.
ভূচিত্রাৱলীৰ ভূগোল বিদাৰি
ৰজনজনাই উঠিছে শিকলিৰ আৰাও
.
খণ্ডিত জিভাত কোনে জানো থাপিছে
দোকমকালিৰ হেজাৰটা বেলি
আৰু শংখৰ ধাৰে কটা মাত
.
গুমগুমাই উঠিছে তেজৰ তলৰ ওঁঠ
আকৌ এবাৰ আবৃত্তি কৰা হওক আমাক
নতুন ছন্দেৰে…