অগ্নিস্নান চলচ্চিত্ৰ আৰু নাৰী ।। কৃষ্ণামণি বৰা
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ মাধ্যম হৈছে চলচ্চিত্ৰ মাধ্যম। চলচ্চিত্ৰই একে সময়তে ছবি, শব্দ, সংলাপ, অভিনয় ইত্যাদি দিশসমূহ সাঙুৰি লয় বাবে এই মাধ্যম যোগাযোগৰো এক মাধ্যম হিচাপে পৰিগণিত হৈছে। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জয়মতী’ৰ জৰিয়তে মুকলি হৈছিল অসমীয়া চলচ্চিত্ৰ এখন নতুন দুৱাৰ। জয়মতীৰ নিৰ্মাণ কাৰ্য একেবাৰেই সহজ নাছিল লগতে মহিলাই চলচ্চিত্ৰত অভিনয় কৰা বিষয়ক অপৰাধ হিচাপে মানি লোৱা হৈছিল।
আনহাতে চলচ্চিত্ৰৰ যাত্ৰা বহু উত্থান-পতনৰ মাজেৰে আহি আহি সাম্প্ৰতিক সময়ত ভৰি দিছেহি।
চলচ্চিত্ৰ এখনৰ মাজেৰে চিত্ৰ নাট্যকাৰে কাহিনীৰ মাজেৰে সমাজৰ অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক সকলো দিশ প্ৰকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতেই বহুতো ব্যক্তিয়ে নিজৰ জীৱনৰ আধাতকৈয়ো বেছি সময় চলচ্চিত্ৰ নিৰ্মাণ কৰা কাৰ্যতেই নিজকে নিয়োজিত কৰি অসমীয়া চলচ্চিত্ৰৰ ভেটি সবল কৰি গৈছে। অসমীয়া চলচ্চিত্ৰ জগতৰ মাজেৰে দৰ্শক সমাজক প্ৰাণোচ্ছল কৰি নতুন নতুন কাহিনীৰে অসমীয়া সমাজক সমৃদ্ধ কৰি তুলিছিল।
সমাজ, অৰ্থনৈতিক দিশ, সাংস্কৃতিক দিশৰ উপৰিও চলচ্চিত্ৰ এখনৰ মাজেৰে নাৰী চৰিত্ৰ, নাৰী মনস্তাত্বিক দিশ, নাৰীৰ সংগ্ৰাম, নাৰী শিক্ষা ইত্যাদি বিষয়বোৰ মূল হিচাপেও বহুতো চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। অসমীয়া সমাজত পৰ পুৰুষলৈ চোৱাই এক মহাপাপ বুলি মানুহে গণ্য কৰিছিল। তেনে এক সমাজত একেই সময়তে বহুতো নাৰীয়ে সমাজ তথা নাৰীসকলৰ চিন্তাক নতুন ৰূপ দিবৰ বাবে চেষ্টা কৰি কাহিনী, চিত্ৰনাট্যৰ মাজেৰে অভিনয় কৰি বুজাবৰ প্ৰয়াস কৰিছিল।
তেনে বহুতো চলচ্চিত্ৰ আছে যিয়ে নেকি আজিও দৰ্শকৰ হৃদয়ত চিন্তাৰ ভাব উদ্বেগ কৰিবলৈ সক্ষম হৈছিল।
এইক্ষেত্ৰত আমি ভবেন্দ্ৰ নাথ শইকীয়াৰ কথা উল্লেখ কৰিব পাৰোঁ তেখেতে বিংশ শতিকাৰ ত্ৰিশ-চল্লিশ দশকৰ সমাজ ব্যৱস্থাৰ নাৰী চেতনা তথা সেই সময়ৰ তথাকথিত পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্থান কেনেধৰণৰ আছিল বা নাৰীসকলে আত্মপ্ৰকাশৰ বাট কেনেদৰে মুকলি কৰিছিল সেই দিশবোৰ সামৰি বহুতো চলচ্চিত্ৰৰ লগতে গল্প ৰচনা কৰি থৈ গৈছে। ভবেন্দ্ৰ নাথ শইকীয়াৰ এখন খুব জনপ্ৰিয় তথা বহুচৰ্চিত চলচ্চিত্ৰ ‘ অগ্নিস্নান ‘
আজিৰ দিনতো মানুহৰ হৃদয়ত একুৰা জুইৰ সঞ্চাৰ কৰি যায়।
অসমৰ এখন সৰু গাঁৱৰ পৰা এটি আঢ্যৱন্ত পৰিয়ালক কেন্দ্ৰ কৰি আৰম্ভ হয় কাহিনীভাগ। পুৰুষতান্ত্ৰিক সমাজৰ শাসন, ৰীতি-নীতিৰ বিৰুদ্ধে নাৰীয়ে কৰা গোপন প্ৰতিবাদ ফুটি উঠিছে, এই প্ৰতিবাদত জ্বলি-পুৰি শেষ হোৱা এচাম ভদ্ৰ মানুহৰ প্ৰকৃত স্বৰূপ কি তাকেই উদঙাই দিয়া হৈছে।
মূল চৰিত্ৰত থকা নাৰী মেনকাই প্ৰতিনিয়ত নিজ স্বামী মহীকান্তক ঈশ্বৰ স্বৰূপ গণ্য কৰে। মহীকান্তৰ যদিও মেনকাৰ প্ৰতি ভালপোৱা আছে তথাপিও মেনকা যেন তেওঁৰ বাবে কামনা বাসনা পূৰণৰ একমাত্ৰ মাধ্যম।
১১ টা বৰ্ষ স্বামীৰ পৰা আদৰতকৈ বেছি ককৰ্থনা খাই পাৰ কৰা মেনকাৰ বাবে জীৱনটো একেবাৰেই অসহ্যকৰ আছিল, তথাপিও সন্তানৰ মুখলৈ চাই নিজকে শান্ত কৰি ৰখা মেনকাই যেতিয়া মহীকান্তৰ দ্বিতীয় বিবাহৰ বিষয়ে জানিব পাৰে সেইখিনি সময়তেই সমাজে আদৰ্শ তথা লক্ষী বোৱাৰী হিচাপে নামাকৰণ কৰা মেনকাৰ ধৈৰ্যৰ সীমা শেষ হৈ পৰে, এইখিনি মূহুৰ্তত মেনকা যেন এগৰাকী ব্যৱহাৰৰ অনুপযোগী পাত্ৰ হে।
ভিতৰি ভিতৰি জ্বলি থকা জুইকুৰাই মেনকাক শেষ কৰি আনিছিল। নিজ সন্তানৰ মুখলৈ চাই ধৈৰ্য ধৰা মেনকাৰ স্বামী মহীকান্তৰ প্ৰতিও আছিল অগাধ আন্তৰিকতা।
তেন্তে মহীকান্ত এজন পুৰুষ তথা সমাজত নাম থকা ব্যক্তি বাবেই এগৰাকী পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহলৈ হাত মেলিব তাকো প্ৰথমা পত্নীৰ অনুমতিৰ অবিহনে।
যি ভুল মহীকান্তই কৰিলে সেই একেই ভুল যদি মেনকাই কৰে? তেন্তে সেই একেখন সমাজে মেনকাক লক্ষীৰূপে সজাব নে ?
প্ৰতি মূহুৰ্তে সমাজ তথা মানুহৰ কথা চিন্তা কৰা মেনকাই কিন্তু এইবাৰ নিজৰ কথা ভাবিলে, এনেদৰে নিজকে শান্তি দিয়াৰ পৰিকল্পনা কৰিলে যে যিকুৰা জুইত মেনকা প্ৰতি দিন ৰাতি জ্বলি থাকিবলৈ বাধ্য সেই একেকুৰা জুই মহীকান্তয়ো আজীৱন বুকুৰ মাজত লৈ থাকিব লাগিব।
মেনকাই মহীকান্তৰ পৰা নিজৰ ওপৰত থকা সকলো অধিকাৰ কাঢ়ি অনাৰ পণ লয়। অপৰিসীম আন্তৰিকতা আৰু সমৰ্পণৰ পাছত পোৱা প্ৰৱঞ্চনাবোৰে মেনকাক মেনকাৰ সীমাৰ বাহিৰত কাম কৰিবলৈ বাধ্য কৰালে।
মেনকাৰ শৰীৰ পুৰণি হোৱা বুলি কোৱা মহীকান্তৰ ওপৰত প্ৰতিশোধৰ জুইকুৰাই মেনকাক লৈ গৈছিল গাঁৱৰে ডেকা মদনৰ ওচৰলৈ, মদন এটা চোৰ তথাপিও মানুহৰ মৰমৰ লগত খেলা কৰা প্ৰকৃতিৰ নাছিল কাহানিও।
“মই বহুত সহ্য কৰিলোঁ মদন, মদৰ নিচাত যেতিয়া মোৰ মুখত কটিয়াই মদ খুৱাই দিছিল তেতিয়াও মই মানুহজনৰ প্ৰতিয়েই ভক্তিভাৱ ৰাখিছিলোঁ আৰু মদৰ নিচাত মোৰ গাটে বটিয়াই দিলেও মই মানুহটোক মৰমেৰে ৰাখিছিলোঁ কিন্তু… এতিয়া মইয়ো দেখুৱাম কোন কিমান পুৰণি আৰু কোন কিমান নতুন।
মইতো ভবা নাছিলোঁ মদন, মই ইমানবোৰ কাম অকলশৰে কৰি যাব লাগিব বুলি, মোৰ চাৰিটা সন্তান, ঘৰখন মই অকলশৰে কেনেকৈ চলাম, মই বৰ অকলশৰীয়া হৈ পৰিলো মদন। মোক মোৰ এই যাত্ৰাত কাৰোবাক লাগে, কোনোবা আপোন মানুহ।”
( ‘অগ্নিস্নান’, ১৯৮৫, চৰিত্ৰ – মেনকা।)
মদনৰ ঔৰষত অন্ত:সত্বা হোৱা মেনকাৰ পঞ্চমটো সন্তান সকলোৱেই মহীকান্তৰ সন্তান বুলিয়েই নিচিন্ত আছিল; কিন্তু মহীকান্তই ভালদৰেই বুজি উঠিছিল কিয়নো মহীকান্তই দ্বিতীয় বিবাহৰ পাছত এটা চৰ সোধাওতে মেনকাই কৈছিল —
চৰটো মৰাৰ বাবে মই দুখ পোৱা নাই কিন্তু মই মোৰ শৰীৰটো আপোনাক চুবলৈ মানা কৰিছিলোঁ, কিয় চুলে ?
দ্বিতীয় পত্নী অহাৰ পাছত মেনকাৰ শৰীৰ চুলেই পাপ হ’ব বুলি কোৱা মেনকাৰ গৰ্ভত থকা সন্তানটো যে মহীকান্তৰ নহয় এই কথা মহীকান্তই উপলব্ধি কৰিলে।
মেনকাৰ এই সন্তান মহীকান্তৰ অহংকাৰ, পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে কৰা এক গোপন প্ৰতিবাদ। মেনকাই লাভ কৰা প্ৰতিটো আঘাত, অত্যাচাৰৰ বিৰুদ্ধে পোতক লোৱা সিদ্ধান্তৰ পৰিণাম আছিল এই সন্তান।
ধন টকা-পইচা থকা আঢ্যৱন্ত পৰিয়ালৰ পুৰুষ সমাজে কৰা ভুলবোৰক ভুল হিচাপে স্বীকৃতি প্ৰদান কৰা নহয় সেই দিশ চলচ্চিত্ৰখনৰ মাজেৰে প্ৰতিফলিত হৈছে, আনহাতে মেনকাই কৰা গোপন প্ৰতিবাদে ছবিখনলৈ তথা নাৰী সমাজলৈ এক প্ৰশ্নৰ জোৱাৰ আনি থৈ গৈছে।সমাজৰ নিয়ম-নীতিৰ বিৰুদ্ধে মেনকাই কৰা প্ৰতিটো কামেই আছিল সবল।
মানসিকভাৱে ভাগি পৰা মেনকাই পূৰ্বৰ দৰে অবলা, দুৰ্বলা হিচাপে পৰিচয় দি সমাজৰ সকলো ভণ্ডামী মানি ল’ব বিচৰা নাই, নাৰীৰো যে আছে আত্মপ্ৰকাশৰ শক্তি, নাৰীৰো আছে চিন্তা কৰা শক্তি, ভুলৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ সেই কৰা মেনকাই প্ৰতিনিয়ত উপলব্ধি কৰিছিল। মেনকাই কৰা গোপন প্ৰতিবাদ মেনকাৰ বাবে সহজ নাছিল; কিন্তু মহীকান্তৰ দুৰ্বলতাক নিজৰ অস্ত্ৰ হিচাপে লৈ এই বিৰোধিতা কৰিবলৈ সাহস গোটাইছিল ।
সমাজত বাস কৰা এচাম বিধৱা নাৰীয়ে পুৰুষতান্ত্ৰিক সমাজ এখনত প্ৰতিটো সময়তে লাঞ্চনা বঞ্চনাৰ সন্মুখীন হোৱাৰ লগতে মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ খিনিও যে ক’ৰবাত শেষ হৈ যায় সেই সম্পৰ্কে চলচ্চিত্ৰখনৰ মাজেৰে প্ৰতিভাত হৈছে।
চলচ্চিত্ৰখনৰ এটি চৰিত্ৰ বিধৱা নাৰী ফুল। বিধৱা নাৰী বুলি আঢ্যৱন্ত সমাজৰ পুৰুষসকলে হাঁহিয়াতৰ পাত্ৰ হিচাপে মানি ল’ব খোজে, বিধৱা নাৰীক সমাজৰ কোনো আগশাৰীৰ স্থান যে দিয়া নাযায় সেই দিশ চৰিত্ৰটোৰ মাজেৰে প্ৰতিভাত হৈছে।
“এইবাৰ তোৰ ঘৰত দাৰোগা সোমালে একেবাৰে ৰখাই থ’বি, বিয়াৰ ভিতৰুৱা কামবোৰত হাত নলগাবি, বাহিৰৰ কামবোৰকে কৰ।” ( উল্লিখিত, চৰিত্ৰ – মহীকান্ত।)
চলচ্চিত্ৰখনত যদিও এটা পৰিয়ালক কেন্দ্ৰ কৰি মূল কাহিনী আৰম্ভ হৈছে তথাপিও সমাজত বাস কৰা এচাম নাৰীয়ে প্ৰতিটো মূহুৰ্ততে পুৰুষৰ অত্যাচাৰ সহ্য কৰিও একমাত্ৰ দায়িত্ব পালনৰ দিশত গুৰুত্ব দিয়ে।
সমাজত প্ৰত্যেক নাৰীকেই বিবাহৰ পূৰ্বে শিকোৱা হয় – স্বামীৰ সুখেই তোৰ সুখ, স্বামীৰ কথা আখৰে আখৰে মানিবি।
কিন্তু ‘অগ্নিস্নান’ চলচ্চিত্ৰখনৰ মাজেৰে এগৰাকী নাৰীয়ে সময়ৰ পৰিৱৰ্তনত নিজৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যে পদক্ষেপ লৈ নিজৰ অন্তৰত জলি থকা জুইকুৰাক নতুন ৰূপ দিব পাৰে সেই কথা চলচ্চিত্ৰৰ মাজেৰে প্ৰতিফলিত হোৱা দেখা যায়।
চলচ্চিত্ৰৰ শেষ পৰ্যায়ত দেখা পোৱা যায় যে, মহীকান্তই মেনকাৰ তীব্ৰ প্ৰতিবাদৰ গৰিহণা দিয়াৰ বাদে একোৱেই ব্যৱস্থা হাতত ল’ব পৰা নাই। পুৰুষত্বৰ ওপৰত লগা চৰম আঘাতক আকোঁৱালি লোৱা মহীকান্তৰ অন্য এক ৰূপ দেখা পোৱা যায়।

