তুমি কাৰ হ’লা বাৰু ।। হাৰকিউলিয়েন বৰ্মন
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখয়া
তুমি কাৰ হ’লা বাৰু
মানুহবোৰৰ?
অৰণ্যখনৰ?
পৃথিৱীখনৰ?
কাৰ?
তোমাৰ প্ৰতি নিশ্বাসৰ
নিৰ্গমিত বায়ুবোৰ
মানুহে উশাহ দীঘল কৰি সুমুৱায় বুকুলৈ
তাতেই মিহলি হৈ থাকে
কাৰ্বন, মিথেন, অ’জন
ক্ৰমে সেউজ গৃহ গেছৰ কণিকাবোৰ
তুমি পাৰ হৈ গ’লেই
সকলো থৰ আৰু চাহাৰা হৈ পৰে
মানুহবোৰে হামখুৰি খাই পৰে
ঠিক বাহ ভাঙি দিয়া চৰাই জাকৰ দৰে
আটাহ পাৰে সিহঁতে কণ্ঠ শুকাই যোৱাকৈ
অস্বস্তিত লেবেজান হৈ পৰে
যেন উশাহ বন্ধ হৈ যায় সিহঁতৰ তোমাৰ পদাৰ্পনত
কোনোবাদিনা তুমি
গ্ৰীষ্মতেই দহিছা নে জাৰতে সেমেকিছা
বাতানুকূল নিৰন্ধ্ৰ কুঠৰীত
তুমি যিমান পৰ জিৰাইছা
সিমানেই পৃথিৱীখন যেন নীলকণ্ঠ হৈ গৈ আছে
আৰু মানুহবোৰ তোমাৰ তাপত পুৰি হৈছে ক’লা
তুমি আকৌ যেতিয়া খোজ পেলাইছা
জোপোহা ডৰাৰ কাষেৰে
পথাৰৰ মাজৰ আলিৰে
নিমিষতে সেইবোৰ মুমূৰ্ষ হৈ গৈছে
নোহোৱা হৈ গৈছে
পৃথিৱীৰ পৰা
আৰু মানুহবোৰে ঢুকি পোৱাৰ পৰা
তুমি কাৰনো হ’লা বাৰু ?
মানুহবোৰৰ ?
অৰণ্যখনৰ ?
পৃথিৱীখনৰ ?
তুমি কাৰ হ’লা বাৰু ?

