আইজাজ আহমেদ-(মূল: শুভনীল চৌধুৰী, অনুবাদ: কল্যাণী কোঁৱৰ)
(অনুবাদিকাৰ টোকা : আন্তৰ্জাতিক খ্যাতিসম্পন্ন মাৰ্ক্সবাদী চিন্তাবিদ, ইতিহাসবিদ, সাহিত্যৰ তাত্ত্বিক সমালোচক তথা ৰাজনৈতিক বিশ্লেষক আইজাজ আহমেদৰ জন্ম ১৯৪১ চনত উত্তৰ প্ৰদেশত। বহুতো প্ৰব্ৰজনকাৰী মুছলমানৰ দৰে তেৱোঁ দেশবিভাজনৰ তিক্ত অভিজ্ঞতাৰ পৰা পৰিত্ৰাণ পোৱা নাছিল। ফলত ১৯৪৭-৪৮ চনত তেওঁ লাহোৰলৈ বিতাড়িত হয় আৰু তাতে পঢ়া-শুনা আৰম্ভ কৰে পিছলৈ উচ্চ শিক্ষাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যায় আৰু তেওঁৰ কৰ্মজীৱন তাতে আৰম্ভ হয়। তেওঁ ২০১৭ চনত ক্যালিফোৰ্নিয়া বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্যৰ অধ্যাপক হয়গৈ আৰু জীৱনৰ শেষলৈকে তাতেই থাকে। এজন মাৰ্ক্সবাদী বুদ্ধিজীৱী হিচাপে আইজাজ আহমেদে বিশ্বৰ বিভিন্ন ঘটনাৱলীক মাৰ্ক্সীয় তত্ত্বৰে বান্ধি তাৰ ঐতিহাসিক তাৎপৰ্যৰ ব্যাখ্যা আগবঢ়াইছিল। ভাৰতক নিজৰ দেশ বুলি গণ্য কৰা ব্যক্তিজনে দেশখনত হিন্দু সাম্প্ৰদায়িকতাবাদ, ফেচিবাদৰ আগমন, গণতন্ত্ৰৰ সংকট, ধৰ্মনিৰপেক্ষতা ইত্যাদি বিষয়ত গভীৰ বিশ্লেষণ আগবঢ়াইছে। তেওঁৰ এনে বিশ্লেষণে আন্তৰ্জাতিক ৰাজনীতি, বিশ্বৰ ইতিহাস, সাম্ৰাজ্যবাদ আৰু যুদ্ধ আদিৰ লগত ভাৰতৰ সামাজিক ৰাজনৈতিক সম্পৰ্কক সামৰি লৈছে। তেওঁ কৈছে, -‘সমাজবাদ অবিহনে ধৰ্মনিৰপেক্ষতা সম্ভৱ নহয়। ভাতৃত্ববোধ অবিহনে সমাজবাদ, গণতন্ত্ৰ অসম্ভৱ। ভাৰতৰ দৰে জাতিভেদ প্ৰথা থকা সমাজত ভাতৃত্ববোধ আছেনে?’
১৯৮০ চনত তেওঁ ভাৰতবৰ্ষলৈ ঘূৰি আহে আৰু দুটা দশকতকৈ অধিক সময় ইয়াত কটায়। সেই সময়ত তেওঁ নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীত সন্মানীয় ফেল’ আছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছাৰ আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক হোৱাৰ উপৰিও সেই সময়ছোৱাত তেওঁ বিভিন্ন প্ৰকাশন সংস্থাৰ লগত জড়িত হোৱাৰ লগতে এজন সক্ৰিয় সাংবাদিকৰ দায়িত্বও পালন কৰে। দক্ষিণ এছিয়াৰ ৰাজনীতিক বিষয় হিচাপে লৈ তেওঁ আমেৰিকাৰ বিখ্যাত মাৰ্ক্সবাদী আলোচনী ‘Monthly review’ ত অতি গুৰুত্বপূৰ্ণ লেখা লিখিছিল। তেওঁ উৰ্দু কবিতা ভাল পাইছিল আৰু সেই সূত্ৰে ১৯৭১ চনত প্ৰকাশিত প্ৰথম গ্ৰন্থ ‘Ghazals of Ghalib’ এ তেওঁৰ অভিনৱ কামৰ স্বাক্ষৰ বহন কৰে। ১৯৯২ চনত প্ৰকাশিত, বিশ্বজুৰি সমাদৃত তেওঁৰ ”In Theory : classes,nations, literature” গ্ৰন্থক সাহিত্যৰ ক্ষেত্ৰত এখন ক্লাচিক গ্ৰন্থ বুলি বিবেচনা কৰা হয়। গ্ৰন্থখনত আইজাজে মাৰ্ক্সীয় তত্ত্বৰে ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিশ্লেষণ কৰাৰ লগতে তাৰ বিৰুদ্ধে শক্তিশালী তাত্বিক অৱস্থান ব্যক্ত কৰিছে।
মৌলিক মাৰ্ক্সবাদী বুদ্ধিজীৱী হিচাপে খ্যাত আইজাজ আহমেদৰ যোৱা ৯ মার্চত মৃত্যু হয়। ই আমাৰ বাবে এটি অপূৰণীয় ক্ষতি। তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি, ৫০ বছৰ অতিক্ৰম কৰা মাৰ্ক্সবাদী ক্ষুদ্ৰ বাংলা আলোচনী ‘অনীক’ ৰ যোৱা এপ্ৰিল মাহৰ সংখ্যাত প্ৰকাশিত শুভনীল চৌধুৰীৰ নিবন্ধ ‘আইজাজ আহমেদ’ , চমুকৈ হলেও যথাৰ্থতেই বুদ্ধিজীৱীজনাৰ চিন্তাকৰ্মৰ উচিত মূল্যায়ন বুলি মোৰ ধাৰণা।
দেশ বিভাজনৰ ফলস্বৰূপে আইজাজৰ জীৱন শাসকীয় মেৰপেছত পৰি কেনেকৈ নিৰ্বাসিত জীৱনলৈ পৰিণত হ’ল, লেখকে অতি মৰ্মস্পৰ্শীতাৰে এই ঘটনা বৰ্ণনা কৰিছে, কিন্তু কৰুণ ৰূপত নহয়। বৰঞ্চ আন্তৰ্জাতিকতাবাদত বিশ্বাসী আইজাজৰ বাবে সমগ্ৰ বিশ্বখনেই যে তেওঁৰ ‘ঘৰ’ সেইকথা লেখকে স্পষ্ট ৰূপত তুলি ধৰিছে। আইজাজ আহমেদৰ নীতি- আন্তৰ্জাতিকতাবাদক প্ৰমুখ্য কৰি লেখক চৌধুৰীদেৱে বিশ্বায়ন, দক্ষিণ পন্থা, উদাৰবাদী চিন্তাধাৰা, গণতন্ত্ৰ, বামপন্থাৰ সংকট ইত্যাদি বিষয়সমূহ লেখাটোত সন্নিৱিষ্ট কৰিছে আৰু তাক আইজাজৰ দৃষ্টিকোণেৰে অতি শৃংখলা আৰু বহুদিশ সন্নিৱিষ্ট কৰি সাৱলীল ৰূপত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছে। ফলস্বৰূপে লেখাটোৱে বহুমাত্ৰিকতা আয়ত্ত্ব কৰিছে বুলি ভাবিছোঁ আৰু সঁচা অৰ্থতে আইজাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বুলি অনুভৱ কৰিছোঁ। সেই কথা উপলব্ধি কৰিয়েই বহুমাত্ৰিক চিন্তাৰে সমৃদ্ধ জনগণৰ বুদ্ধিজীৱি আইজাজ আহমেদৰ প্ৰতি যথাৰ্থতেই শ্ৰদ্ধাঞ্জলিসূচক এই লেখাটি অসমীয়া পাঠকলৈ অনূদিত ৰূপত আগবঢ়োৱাৰ হেঁপাহ কৰিলোঁ। সন্মানীয় সচেতন পাঠকে লেখাটো আদৰি ল’লে মোৰ হেঁপাহ পূৰ্ণ হ’ব!)
নিৰ্বাসিত মানুহৰ জানো কোনো দেশ থাকে? আইজাজ আহমেদে আজীৱন নিজ দেশৰ সন্ধান কৰিছিলে। মাথোঁ নিজৰ জন্মভূমিয়েই নহয়, বিচাৰিছিল এক আশ্ৰয় য’ত নিজৰ পঢ়া-শুনাৰ লগতে ৰাজনৈতিক কাম-কাজ চলাই নিব পাৰে। কিন্তু যিখন দেশক তেওঁ নিজৰ বুলি ভাবিছিলে, যিখন সঁচাকৈয়ে তেওঁৰ মাতৃভূমি আছিল, সেই ভাৰতলৈ তেওঁ আৰু ঘূৰি অহাটো হৈ নুঠিল। মাৰ্ক্সবাদী চিন্তাবিদ তথা প্ৰবন্ধকাৰ আইজাজ আহমেদৰ ৯ মাৰ্চ ২০২২ তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্যালিফোৰ্নিয়াত মৃত্যু হয়।
১৯৪৭ চনৰ ভাৰত বিভাজনত অসংখ্য মানুহক ৰাতিটোৰ ভিতৰতে তেওঁলোকৰ চিনাকি পথাৰ-ঘাট-নদী-নৰ্দমাৰে ভৰা দেশৰ পৰা নিৰ্বাসিত কৰা হৈছিল এক অজানা দেশলৈ। বেছিভাগ ক্ষেত্ৰত দেশৰ পৰা বিতাড়িত তথা শৰণাৰ্থীৰ কথা ওলালে আমি ভাৰতীয়ই প্ৰথমতে হিন্দু আৰু শিখ শৰণাৰ্থী কথাই ভাবোঁ। কিন্তু ভাৰতৰ পৰা বিতাড়িত হৈছিল বহুতো মুছলমান মানুহ। আইজাজ আহমেদৰ পৰিয়ালটো তাৰ মাজৰে এটা। ফলত ১৯৪১ চনত উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত জন্ম গ্ৰহণ কৰি, ভাৰতত কিছুবছৰ বাস কৰাৰ পিছত, আইজাজ আৰু তেওঁলোকৰ পৰিয়াল পাকিস্তানলৈ গুচি গৈছিল। তাত লাহোৰত তেওঁ স্কুল আৰু কলেজৰ শিক্ষা সম্পূৰ্ণ কৰে।
নিৰ্বাসিত জীৱন আইজাজ আহমেদৰ ভাগ্যতে যেন লিখা আছিল। ইতিমধ্যে পঢ়া-শুনাৰ জৰিয়তে তেওঁৰ পাকিস্তানৰ বাম ৰাজনীতিৰ লগত সম্পৰ্ক আৰম্ভ হয় আৰু উৰ্দু লেখক হিচাপেও খ্যাতি অৰ্জন কৰে। ইতিমধ্যে বামপন্থী চিন্তাধাৰা তথা প্ৰগতিশীল লেখাৰ জৰিয়তেও বিখ্যাত হৈ পৰিছে। কিন্তু আৰু পঢ়া-শুনাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাবলগীয়া হয়। তাত পঢ়া-শুনা কৰি থাকিও পাকিস্তানৰ বিষয়ে, তাৰ ৰাজনৈতিক গতিবিধিৰ বিষয়ে তেওঁ লেখা-মেলা চলাই থাকিল। সেইসময়ত পাকিস্তানৰ ৰাজনীতিত দ্ৰুত ৰদবদল ঘটিছে। ক্ষমতাত অধিষ্ঠিত হৈছে উগ্ৰ মৌলবাদী সামৰিক একনায়ক জিয়া-উল-হক। আইজাজৰ কাৰণে পাকিস্তান প্ৰত্যাৱৰ্তন ক্ৰমান্বয়ে অসম্ভৱ হৈ পৰিল।
আইজাজ আহমেদে ভাবিছিল বামপন্থী বিচাৰধাৰাৰে পুষ্ট তেওঁৰ বক্তব্যই সাম্প্ৰতিক ৰাজনীতিত প্ৰভাৱ পেলাব, বাম আন্দোলনৰ মাধ্যমেৰে বেলেগকো তেওঁৰ বক্তব্যৰ দ্বাৰা সমৃদ্ধ কৰিব পাৰিব। তদুপৰি শৈশৱ পাৰ কৰা ভাৰতৰ প্ৰতি সঁচা টান অনুভৱ কৰিছিল। সেইকাৰণে সিদ্ধান্ত ল’লে, ভাৰতত নিগাজীকৈ বাস কৰিব। কিন্তু এজন পাকিস্তানী নাগৰিকক ভাৰতে বেছিদিন থাকিবলৈ নিদিলে। ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহন কৰিলে, যাতে তেওঁ ভাৰতলৈ আহি থাকিব পাৰে আৰু কামবোৰ কৰি যাব পাৰে। কিন্তু যিহেতু তেওঁ এবাৰ পাকিস্তানী নাগৰিকত্ব গ্ৰহণ কৰিছিল, সেইবাবে ভাৰতীয় নাগৰিকত্ব দিবলৈ চৰকাৰে অস্বীকাৰ কৰিলে। ইতিমধ্যে কেন্দ্ৰত ক্ষমতাধীন হৈছে মোদী চৰকাৰ। বিভিন্ন অজুহাত দেখুৱাই তেওঁৰ ভিছাৰ ম্যাদ বৃদ্ধি প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰিলে। স্পষ্ট যে আইজাজ ভাৰতত থকাটো তেওঁলোকে পছন্দ নকৰে। অৱশেষত আকৌ মাৰ্কিন যুক্তৰাষ্ট্ৰ লৈ বিতাড়িত হয় ২০১৭ চনত। তাত ক্যালিফোৰ্নিয়া বিশ্ববিদ্যালয়ৰ জ্যাঁক ডেৰিদাই অলংকৃত কৰা সন্মানজনক অধ্যাপক পদত নিযুক্তি লাভ কৰে। ভাৰতত থাকিবলৈ প্ৰৱল ইচ্ছা থকা মাৰ্ক্সবাদী ধ্যান ধাৰণাৰে পৰিপুষ্ট প্ৰখ্যাত তাত্বিক প্ৰবন্ধকাৰ আইজাজ আহমেদৰ নিজৰ দেশ তথা জন্মভূমিলৈ ঘূৰি অহাটো আৰু সম্ভৱ হৈ নুঠিল। নিৰ্বাসিত অৱস্থাতে তেওঁৰ মৃত্যু হয়।
আইজাজৰ জীৱনত পৰবাস বা নিৰ্বাসন প্ৰাত্যহিক ঘটনা। বাৰে বাৰে নিজৰ মূলৰ পৰা বিছিন্ন হ’বলগীয়া হোৱা মানুহজনৰ দেশ কোনখন- ভাৰত, পাকিস্তান নে মাৰ্কিন যুক্তৰাষ্ট্ৰ? তেখেতৰ মাৰ্ক্সবাদী সাহিত্যৰ দ্বাৰা এইটো প্ৰমাণ হয় যে এইজন এজন আন্তৰ্জাতিক চিন্তাশীল ব্যক্তি। বামপন্থী চিন্তাধাৰাত আন্তৰ্জাতিকতাবাদ শ্ৰমিক শ্ৰেণীৰ লগত জড়িত। অৰ্থাৎ কমিউনিষ্ট আন্দোলনে ৰাষ্ট্ৰৰ সীমা অগ্ৰাহ্য কৰি সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ মুক্তি দাবী কৰে। নিঃসন্দেহে আইজাজ এনে আন্তৰ্জাতিকতাবাদত বিশ্বাসী। এনে অৰ্থত তেওঁ এজন আন্তৰ্জাতিক চিন্তাশীল ব্যক্তি আছিল যাৰ লেখাত বিশ্বৰ ইতিহাস, সামাজিক ৰাজনৈতিক উত্থান-পতন, বিপ্লৱ প্ৰতিবিপ্লৱকলৈ চিন্তাৰ উন্মেষ ঘটে আৰু আমাৰ দেশৰ ৰাজনীতিৰ লগত এই আন্তৰ্জাতিক ৰাজনীতিৰ সম্পৰ্ক, ‘আৰব বসন্ত’ ৰ চালিকাশক্তি কোন আৰু তাৰ ৰাজনীতিৰ লগত দক্ষিণপন্থী অথবা বামপন্থী ৰাজনীতিৰ সম্পৰ্ক, সাম্ৰাজ্যবাদ আৰু যুদ্ধৰ মাজত সম্পৰ্ক বা আন্তৰ্জাতিক পৰিপ্ৰেক্ষিতত গণতন্ত্ৰৰ সংকট, আইজাজ আহমেদৰ লেখাত পৰিস্ফুট হয়। তেওঁৰ চিন্তাৰ পৰিসৰক এটা সৰু নিবন্ধৰ দ্বাৰা অৱলোকন কৰাটো সহজসাধ্য নহয়। তথাপিও কেইবাটাও বিষয় সামৰি আলোচনা কৰা হওক যাক মূলতঃ তেওঁৰ আন্তৰ্জাতিকতাৰ নিদৰ্শন হিচাপে তুলি ধৰাৰ প্ৰয়াস হিচাপে গণ্য কৰিব পাৰি।
দক্ষিণ পন্থাৰ বিশ্বায়ন
ভাৰতত দক্ষিণ পন্থাৰ উত্থানৰ ইতিহাসত বাবৰি মচজিদ ধ্বংস কৰাটো এক মাইলফলক হিচাপে গণ্য কৰা হয়। আৰ এছ এছ আৰু বিজেপিৰ যুগ্ম প্ৰচেষ্টাত এই মচজিদ ধ্বংস কৰা হৈছিল। সাধাৰণতে বামধাৰাত বিশ্বাসী বহুতো পণ্ডিতে এই উগ্ৰ সাম্প্ৰদায়িক তথা ফাচীবাদী কাণ্ডৰ ইতিহাস আৰু ৰাজনৈতিক বাখ্যা ভাৰতৰ আভ্যন্তৰীণ দক্ষিণ পন্থা আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ মাজত বিচাৰিব খোজে। এই গৱেষণা স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণই হয়। কিন্তু আইজাজে কেৱল মাত্ৰ ভাৰতৰ প্ৰেক্ষাপটত বাবৰি মচজিদ ধ্বংসৰ ব্যাখ্যা আগবঢ়োৱা নাছিল। তেখেতে কৈছিল যে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। প্ৰথমতে মাৰ্কিন যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বত নিজকে সৰ্বশক্তিমান দেশ হিচাপে প্ৰতিষ্ঠা কৰে। দ্বিতীয়তে, তৃতীয় বিশ্বৰ স্বাধীনতা সংগ্ৰাম আৰু তাৰ উন্নয়নৰ স্বাৰ্থত ছোভিয়েট ইউনিয়নৰ ভূমিকা স্বাভাৱিক ভাৱেই সমাপ্ত হয়। তৃতীয়তে, সমগ্ৰ পৃথিৱী ব্যাপি পুঁজিৰ অবাধ গতি সুনিশ্চিত কৰাৰ দায়িত্ব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উন্নত পুঁজিবাদী দেশসমূহৰ ওপৰত ন্যস্ত হয়, কাৰণ ইতিমধ্যে পুঁজিৰ সম্পূৰ্ণ আন্তৰ্জাতিকৰণ হৈ গৈছে। এই ঘটনাবোৰৰ ফলশ্ৰুতিত সমগ্ৰ পৃথিৱীতে দক্ষিণপন্থাৰ উত্থান অৱশ্যম্ভাৱী হৈ পৰে। এফালে তৃতীয় বিশ্বৰ প্ৰগতিশীল জাতীয়তাবাদ সংকটগ্ৰস্ত হয়, আনহাতে বামপন্থী সকলে নিজৰ অৱস্থান দৃঢ় কৰাত ব্যৰ্থ হয় কাৰণ সিহঁত ছোভিয়েট ইউনিয়নৰ পতনৰ আগৰেপৰা বিশ্ব ৰাজনীতিত দূৰ্বল হৈ পৰিছে। এনে পৰিস্থিতিত প্ৰগতিশীল জাতীয়তাবাদৰ পতনৰ লগে লগে সেই স্থান অধিকাৰ কৰিলে উগ্ৰ সাম্প্ৰদায়িক জাতীয়তাবাদ তথা পৰিচিত সত্তাৰ ৰাজনীতিয়ে। ভাৰতত আৰ এছ এছ – বিজেপিৰ উত্থানৰ লগত বিশ্বৰ সেই দক্ষিণ পন্থাৰ উত্থানৰ সামঞ্জস্য আছে। কেৱলমাত্ৰ ভাৰতৰ পৰিপ্ৰেক্ষিতত তাৰ বিশ্লেষণ কৰিলে অসম্পূৰ্ণতা ৰৈ যাব। মনত ৰখা ভাল যে ভাৰতত বিশ্বায়নৰ পতাকা উত্তোলন আৰু বাবৰি মচজিদ ধ্বংস প্ৰায় একে সময়তে হৈছিল। ভাৰতত নৱ উদাৰবাদীৰ আগমন নেহৰুপন্থী অৰ্থনীতিৰ পতনৰ সূচক আৰু বাবৰি মচজিদ ধ্বংস নেহৰুৰ ধৰ্মনিৰপেক্ষ ৰাজনীতিত এক বিৰাট আঘাত। অন্য কথাত ক’বলৈ গ’লে ১৯৯১-৯২ চন মানৰ পৰাই ভাৰতত নেহৰুৰ ৰাষ্ট্ৰব্যৱস্থাক ধ্বংস কৰি এটা দক্ষিণপন্থী ৰাষ্ট্ৰব্যৱস্থা গঢ় লৈ উঠে। এই প্ৰক্ৰিয়াটোক বিশ্ব ৰাজনীতিৰ বৃহত্তৰ দক্ষিণপন্থী জোকাৰণি তথা সমাজবাদৰ পতনৰ পৰা পৃথক কৈ চাব নোৱাৰি। আইজাজ আহমেদে আমাৰ দেশত সংঘটিত হোৱা এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনাৱলীক এটা স্থান বা সময়ৰ তাৎক্ষণিকতাৰ পৰিবৰ্তে মাৰ্ক্সীয় চিন্তাধাৰাৰ দ্বাৰা এক বিৰাট ঐতিহাসিক কেনভাছত অংকন কৰিছে।
সাম্ৰাজ্যবাদী আগ্ৰাসন
১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত বহুতে ভাবিছিল যে এতিয়া ‘শীতল যুদ্ধ’ যিহেতু শেষ হৈছে গতিকে আগামী দিনত পৃথিৱীত আৰু ৰক্তক্ষয়ী যুদ্ধ দেখা পোৱা নাযায়। একেবাৰে ভ্ৰান্ত ধাৰণা। তথাকথিত ‘শীতল যুদ্ধ’ ৰ সময়তে ভিয়েটনাম যুদ্ধ আৰু কোৰিয়াৰ যুদ্ধ হয়, যি কোনো অৰ্থতে ‘শীতল’ নাছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে শীতল যুদ্ধ শেষ হোৱাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰই বিভিন্ন দেশ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। যুগোশ্লাভিয়া, আফগানিস্তান,ইৰাক ইত্যাদি এই তালিকাৰ কিছু গুৰুত্বপূৰ্ণ নাম। আইজাজ আহমেদে বহু বছৰ ধৰি মাৰ্কিন ৰাজনীতি আৰু সমাজক গভীৰভাৱে পৰ্যবেক্ষণ কৰিছিল। তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পৰিচালিত এই যুদ্ধসমূহৰ ওপৰত স্বাভাৱিকতে পৰ্যালোচনা আগবঢ়াইছিল। তেওঁৰ পৰ্যালোচনাৰ দুটা গুৰুত্বপূৰ্ণ উপাদান আছে যাৰ আলোচনা হোৱাটো দৰকাৰী। প্ৰথমতে, এই যুদ্ধবোৰ সংঘটিত হোৱা তৎকালীন কাৰণসমূহৰ সবিশেষ পুংখানুপুংখ বিৱৰণ আইজাজ আহমেদৰ আলোচনাত ধৰা পৰে। কি হৈছিল, কিয় হৈছিল এনে প্ৰশ্নৰ উত্তৰ আইজাজ আহমেদে খুব গভীৰভাৱে এজন দক্ষ বাম ৰাজনৈতিক সাংবাদিকৰ ৰূপত লিপিবদ্ধ কৰিছে। বহু বছৰৰ মূৰত যেতিয়া আফগানিস্তানৰ যুদ্ধ সম্পৰ্কে আইজাজৰ লেখা সমূহ পঢ়া যায়, সেই সময়ৰ যুদ্ধৰ এটা ধাৰাবাহিক বিৱৰণী আজিৰ পাঠকে সহজে বিচাৰি পাব। আইজাজৰ প্ৰায় প্ৰতিটো লেখাৰ মাজত এজন পৰিশ্ৰমী লেখক তথা সাংবাদিক পোৱা যায় যিয়ে কোনো ঘটনাৰ ধাৰাবাহিকতাৰ সাৱলীল আৰু পৰিস্কাৰ ব্যাখ্যা লিপিবদ্ধ কৰে।
আইজাজ আহমেদ মাথো সাংবাদিকেই নহয়, মাৰ্ক্সবাদী চিন্তাৰে পুষ্ট এজন চিন্তাবিদ। সেইবাবে ঘটনাবোৰক তত্ত্বৰে বান্ধিব পাৰে। যেনে, সাম্ৰাজ্যবাদৰ আলোচনা কৰোঁতে তেখেতে এটা অনবদ্য কথা উল্লেখ কৰিছে যিটো আন মাৰ্ক্সবাদী চিন্তাবিদৰ লেখাত দেখা নাই। তেখেতে কৈছে, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ দুখন হৈছিল প্ৰচলিত উপনিৱেশবাদী দেশ যেনে ইংলেণ্ড , ফ্ৰান্স আদিৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰ নে জাৰ্মানে বিশ্ব ৰাজনীতি আৰু অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব, এই প্ৰশ্নৰ মীমাংসা কৰাক লৈ। অৱশ্যে দুই বিশ্বযুদ্ধৰ নেপথ্যত আন্তঃসাম্ৰাজ্যবাদী দ্বন্দ্বক এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ্য কৰা হয়। কিন্তু এই দ্বন্দ্বৰ মূখ্য অক্ষ আছিল জাৰ্মানী অথবা মাৰ্কিন যুক্তৰাষ্ট্ৰ । সেই সময়ত জাৰ্মানী তথা মাৰ্কিন যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বক শাসন কৰাৰ ক্ষমতা আৰু বল আয়ত্ত কৰিব বিচাৰিছিল। জাৰ্মানীৰ এই সাম্ৰাজ্যবাদী চাহিদাৰ নেপথ্যত আছিল উগ্ৰ ফেচীবাদী ৰাজনীতি। কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত ফেচীবাদ নহয়, তথাকথিত উদাৰপন্থী হ’লেও স্বভাৱতে সিহঁতৰো নীতি আছিল বিশ্বৰ ওপৰত কৰ্তৃত্ব খটুৱাব পৰা সাম্ৰাজ্যবাদী নীতি। জাৰ্মানীয়ে বিশ্বত ফেচীবাদৰ আধিপত্য বিস্তাৰ কৰাত বিফল হোৱাৰ কৃতিত্বৰ বেছি দাবীদাৰ ছোভিয়েট ইউনিয়ন। কিন্তু বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বত আধিপত্য বিস্তাৰ কৰাত সফল হৈছে। যিহেতু বিশ্বত আধিপত্য বিস্তাৰ কৰা আৰু কমিউনিষ্ট আন্দোলন শেষ কৰাই দুই ধৰণৰ সাম্ৰাজ্যবাদৰ প্ৰধান কথা, সেইবাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজনীতি ফেচীবাদৰ দিশে গতি কৰিলেও আচৰিত হ’বলগীয়া একো কাৰণ নাথাকিব। ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা আৰু তাৰপিছত মাৰ্কিন যুক্তৰাষ্ট্ৰত কিছুমান ভয়ংকৰ নীতি গৃহীত হোৱা, তাৰপৰাই আইজাজৰ উক্ত অভিমত কিমান সঁচা সেইটো প্ৰমাণিত হয়। মনত ৰখাটো ভাল, মুখত গণতন্ত্ৰৰ কথা ক’লেও গোটেই বিশ্বজুৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বাৰে বাৰে গণতন্ত্ৰক পদানত কৰি বিভিন্ন প্ৰকাৰে ফেচীবাদী শক্তিক উৎসাহিত কৰি আহিছে। সেইকাৰণে ভাৰতৰ আৰ এছ এছ আৰু বিজেপি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত গভীৰ বন্ধুত্ব গঢ় দিয়াত আগ্ৰহী। আচলতে সাম্ৰাজ্যবাদ আৰু ফাচিবাদ পুঁজিবাদৰ পৰাই জন্ম হয়। সিঁহতৰ সুবিধাৰ্থে ইটোৱে সিটোক সহায় কৰিবলৈ পিছ হুহুকি নাহে।
উদাৰবাদ, ফেচীবাদ আৰু গণতন্ত্ৰ
ভাৰতত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰেপৰা দেশত গণতন্ত্ৰৰ অৱনতি ঘটে। বিভিন্ন আন্তৰ্জাতিক সংস্থাই ভাৰতৰ এই অৱনতিক লৈ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। আনহাতে এই প্ৰশ্নও বাৰে বাৰে উত্থাপিত হৈছে , বিশেষকৈ বামপন্থী মহলত যে মোদী চৰকাৰ প্ৰধানকৈ ফেচীবাদী চৰকাৰ নে স্বৈৰতান্ত্ৰিক চৰকাৰ ? মোদী চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত আইজাজ আহমেদে বিশেষকৈ পুনৰবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰাৰ পিছত বহু কেইটা নিবন্ধত এই প্ৰশ্নবোৰ উত্থাপন কৰিছে আৰু তাৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছে। সাধাৰণভাৱে ভাৰতীয় ৰাজনীতিত ফেচীবাদৰ বহুল ব্যৱহাৰ হৈ গৈছে। এফালে আমি বিজেপিক ফেচিবাদী দল বুলি অভিহিত কৰিছোঁ, তাৰ লগে লগে তৃণমূল ফেচীবাদী দল বুলি ক’বলৈও বহুতৰে কোনো দ্বিধাবোধ নাই । আইজাজে জানিছিল যে, এনেধৰণৰ শব্দ চয়নে গভীৰ ৰাজনৈতিক চিন্তাৰ পৰিচয় নিদিয়ে। কোনো শক্তিক ফেচীবাদী বুলি কোৱাৰ আগেয়ে তাৰ ওপৰত খুব গভীৰলৈ গৈ আলোচনা কৰাটো দৰকাৰ।
এই বিতৰ্কটোৰ সম্পৰ্কে আইজাজৰ মতামত হ’ল যে বিজেপি বা মোদী চৰকাৰৰ মাজত নিশ্চিতভাৱে ফেচীবাদী ৰেহৰূপ বিদ্যমান। কিন্তু সি ১৯৩০-৪০ দশকৰ ইউৰোপৰ ফেচীবাদী ৰূপ এতিয়াও ধাৰণ কৰা নাই আৰু আইজাজৰ মতে সেই ৰূপ কোনোদিনে ধাৰণ কৰিব নোৱাৰে। তেখেতে কৈছে, প্ৰত্যেক দেশে তাৰ যোগ্য ফেচীবাদহে ধাৰণ কৰে। অৰ্থাৎ প্ৰত্যেক দেশৰ ফেচীবাদী চৰিত্ৰ ভিন্ন হ’ব। কাৰণ দেশবোৰৰ শ্ৰেণী ভাৰসাম্য বেলেগ বেলেগ। দীৰ্ঘ কেইবা দশকৰো গৱেষণাৰ ভিত্তিত তেখেতে কৈছে যে ১৯৩০-৪০ দশকৰ ধ্ৰুপদী ফেচীবাদৰ সময় আমি পাৰ কৰি আহিছোঁ, তাৰ পুনৰাবৃত্তিৰ সম্ভাৱনা কম । কিন্তু তাৰ অৰ্থ এইটো নহয় যে ফেচীবাদী বিপদৰ পৰা পৃথিৱী মুক্ত।
প্ৰকৃততে ধ্ৰুপদী ফেচীবাদে এনে এটা গণ আন্দোলনৰ জন্ম দিছিলে যাৰ শেষ পৰিণতি উদাৰনৈতিক পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাক ধ্বংস কৰি এটা একনায়কতন্ত্ৰ প্ৰতিষ্ঠা কৰা যাৰ এটা পক্ষত পুঁজিপতি সকল থাকিব আৰু আনটো পক্ষত থাকিব সংখ্যালঘু, শ্ৰমিক শ্ৰেণী অথবা প্ৰতিবাদকাৰী যাৰ ওপৰত তীব্ৰ নিৰ্যাতন নিপীড়ন চলাই সিহঁতক দমন কৰি ৰাখিব। উদাৰনৈতিক ৰাষ্ট্ৰক সমূলি ধ্বংস কৰাৰ প্ৰয়োজন ফেচীবাদৰ আছিল কাৰণ উদাৰনৈতিক ৰাষ্ট্ৰ ব্যৱস্থাক ধ্বংস কৰি বাওঁপন্থী বা কমিউনিষ্ট বিপ্লৱ সংঘটিত হোৱাৰ দৰে এটা পৰিস্থিতি জাৰ্মানী বা ইটালীত হৈছিল। সেই বিপ্লৱক সফল হ’বলৈ নিদি পুঁজিবাদী ব্যৱস্থাই ফেচীবাদৰ জন্ম দিয়ে।
কিন্তু বৰ্তমান ভাৰতত উদাৰবাদী ৰাষ্ট্ৰ ব্যৱস্থাক বা সংবিধানক ধ্বংস কৰাৰ প্ৰয়োজন আৰ এছ এছ বা বিজেপিৰ নাই । কাৰণ সিহঁতে এই ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেৰেই সিহঁতৰ এজেণ্ডা ঠিক ঠাক আগবঢ়াই নিছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ যোগেদি বাবৰি মচজিদৰ মাটি হিন্দুৰ হাতত তুলি দিছে , এন আৰ ছি প্ৰক্ৰিয়াৰ মাজেৰে অসমত ১৯ লক্ষ ভাৰতীয়ৰ নাগৰিকত্ব নাকচ কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত, CAA আইন সংসদৰ যোগেদি অধিগ্ৰহণ কৰোৱা হৈছে, বিভিন্ন ৰাজ্যত ধৰ্মান্তৰণ সংক্ৰান্ত আইন, গো হত্যা আইন, হিজাব পৰিধান কৰা ইত্যাদিকে কেন্দ্ৰ কৰি মুছলমান সকলক উপেক্ষিত কৰাৰ প্ৰক্ৰিয়া জাৰি ৰাখিছে। প্ৰতিটো ঘটনাতে ভাৰত ৰাষ্ট্ৰৰ তথাকথিত উদাৰনৈতিক সংবিধান বা ৰাষ্ট্ৰ ব্যৱস্থাক ব্যৱহাৰ কৰা হৈছিল। য’ত উদাৰনৈতিক ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেৰেই ফেচিবাদী এজেণ্ডা কাৰ্য্যকৰী কৰা হৈছে , তাত সেই ৰাষ্ট্ৰ ব্যৱস্থাক উৎখাত কৰাৰ প্ৰয়োজন ক’ত, বিশেষকৈ যেতিয়া বলহীন বামপন্থী মহলে ফেচীবাদৰ বিৰুদ্ধে কোনো প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে ? ফলস্বৰূপে ভাৰতত আজিৰ ফেচীবাদে নিৰ্বাচন, উচ্চতম ন্যায়ালয়, সংবিধান আদিক ধ্বংস কৰাৰ কথা ভবা নাই। মানৱীয়তাক মৰিয়াই হত্যা কৰাৰ উপক্ৰম ঘটিছে কিন্তু ভাৰত ৰাষ্ট্ৰ অৰ্কমন্য হৈ পৰিছে কাৰণ আৰ এছ এছে ৰাষ্ট্ৰব্যৱস্থাৰ ভিতৰচোৱাৰ অধিকাংশই হস্তক্ষেপ কৰি পেলাইছে।
আইজাজ আহমেদে কৈছে ৰাষ্ট্ৰৰ এই পৰিৱৰ্তিত চৰিত্ৰৰ মাজতে যেন এক নতুন ৰাষ্ট্ৰ ব্যৱস্থাৰ বীজ অংকুৰিত হোৱা দেখিবলৈ পোৱা গৈছে, য’ত উদাৰনৈতিক কাঠামোক ধৰি ৰাখি ফেচীবাদী নীতি গ্ৰহণ কৰা হৈছে । কেৱলমাত্ৰ ভাৰততে নহয়, বিশ্বৰ বহু দেশতে এনে প্ৰৱণতা দেখা পোৱা গৈছে বুলি আইজাজে কৈছে।
এনে পৰিপ্ৰেক্ষিতত এটা প্ৰশ্ন স্বাভাৱিকতে উদয় হয়- উদাৰনৈতিক ৰাজনীতি আৰু বামপন্থী সকলৰ সম্পৰ্ক তেনে হ’লে কি ধৰণৰ হোৱা উচিত? আমাৰ দেশত এই কথা পৰিষ্কাৰ যে আৰ এছ এছৰ প্ৰতিপত্তিৰ নেপথ্যত কংগ্ৰেছৰ ৰাজনৈতিক ভূমিকা আছে। বাবৰি মচজিদৰ তলা খোলা, শ্বাহ বানুৰ মামলা, নৰম হিন্দুত্ব, বাবৰি মচজিদ ধ্বংসৰ বিৰূদ্ধে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাই প্ৰমাণ কৰে যে কংগ্ৰেছে আৰ এছ এছ তথা বিজেপিৰ বিৰুদ্ধে কোনো নীতিগত যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰিলে। আইজাজৰ কাৰণে এইয়া মাথোঁ এটা বিশ্লেষণ নহয়, তেওঁ বুজি উঠিছিল যে উদাৰনৈতিক পুঁজিবাদ অথবা ফেচীবাদ একে পুঁজিবাদী শাসন ব্যৱস্থাৰে ভিন্ন ৰূপ। অতএব, সুযোগ পালেই উদাৰবাদে দক্ষিণপন্থীৰ সৈতে মিত্ৰতা কৰিবলৈ পিছ হূহুকা নিদিয়ে য’ত নেকি কমিউনিষ্ট বামপন্থীৰ বিৰুদ্ধে সদায় খড়্গহস্ত। সেইবাবে উদাৰবাদী ৰাজনীতি যি অস্বাক্ষৰিত অৰ্থত আমাৰ দেশৰ কংগ্ৰেছৰ ৰাজনীতি, সি কেতিয়াও বিজেপি ক হৰুৱাব নোৱাৰে।
বামপন্থাৰ সংকট
কংগ্ৰেছৰ দৰে বৰ্তমান বামপন্থী সকলৰ অৱস্থান সম্পৰ্কে আইজাজৰ অভিমত জনা নাযায়। কিন্তু তেখেতে উদাৰনৈতিক ৰাজনীতিৰ যি মূল্যায়ন কৰিছে, সেইয়া যদি সঠিক হয় তেন্তে বামপন্থী মহলৰ লগত কংগ্ৰেছৰ জোঁটৰ কোনো যৌক্তিক ভিত্তি নাই। বিভিন্ন লেখাত আইজাজে উল্লেখ কৰিছে যে বামপন্থীসকল প্ৰকৃততে ভাৰতৰ ৰাজনীতিত অকলশৰীয়া হৈ পৰিছে। তাৰ এটা প্ৰধান কাৰণ হৈছে মানুহৰ কল্যাণকামী, ধৰ্মনিৰপেক্ষ ন্যায়পূৰ্ণ আঁচনি কেৱল বামপন্থী সকলৰ হাততহে আছে। এই ৰাজনীতিত একাকীত্বক চেৰাই বাম চিন্তাধাৰাৰ কাৰ্যসূচী সমূহ ৰূপায়নৰ বাবে অহৰহ যুঁজ, আন্দোলন চলাই যোৱাৰ বাহিৰে অন্য কোনো পথ নাই। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছতে বাম আন্দোলন কিছু পৰিমাণে ম্লান পৰিবলৈ বাধ্য হয়, যদিও তাৎক্ষণিকভাৱে ভাৰতৰ ক্ষেত্ৰত বামপন্থাৰ সমৰ্থনত একো ঘাটি হোৱা নাছিল। কিন্তু বৰ্তমানে বামপন্থীসকল এক গভীৰ সংকটত ভুগিছে। আইজাজে উদাৰনৈতিক ৰাজনীতিৰ সমস্যাৰ বিষয়ে উল্লেখ কৰিছে যদিও তেওঁ ভাৰতৰ বাম ৰাজনীতিৰ সংকটৰ কথা খুব গভীৰভাৱে চৰ্চা কৰিছে। পশ্চিমবঙ্গত বামপন্থী সকলৰ যি পৰিণতি হ’ল, সেই সম্পৰ্কে তেখেতৰ মতামত জানিব পৰা হ’লে আমি বহু সমৃদ্ধ হ’লোহেঁতেন।
এফালে যিসময়ত পৃথিৱী জুৰি বামপন্থী সকল দূৰ্বল হৈ পৰিছে, আনহাতে আইজাজ আহমেদে দক্ষিণ আমেৰিকাত এখন দেশৰ পিছত সিখন দেশত বাম আন্দোলনৰ জয়যাত্ৰা ধাৰাবাহিক বিৱৰণীত লিপিবদ্ধ কৰিছে। ‘ফ্ৰন্টলাইন’ আলোচনীত লেটিন আমেৰিকাৰ বিষয়ে লিখা তেখেতৰ প্ৰৱন্ধ সংকলন এই মহাদেশৰ বাম ৰাজনীতিত প্ৰেৰণা যোগাব পৰা একোটা গুৰুত্বপূৰ্ণ দলিল হিচাপেও পৰিগণিত হয়।
উপসংহাৰ
আইজাজ আহমেদে তেওঁৰ ৮১ বছৰীয়া জীৱনটোত বহু বিষয়ৰ ওপৰত গৱেষণা কৰিছে, বক্তৃতা দিছে, নিবন্ধ লিখিছে যাৰ সম্পূৰ্ণ বিৱৰণ এই সৰু পৰিসৰত দিয়াটো সম্ভৱ নহয়। সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ মাৰ্ক্সবাদী সমালোচনা গ্ৰন্থ ‘In Theory’ সাহিত্য চৰ্চাৰ এক মাইল ফলক হিচাপে গণ্য কৰা হয়। মাৰ্ক্সবাদী দৃষ্টিভংগীৰে সিক্ত সাহিত্য আলোচনাৰ পথাৰত ই এখন প্ৰামাণ্য গ্ৰন্থ। এইখন কিতাপ তথা আইজাজৰ জীৱনৰ প্ৰায় প্ৰতিটো কামৰ মাজতে মাৰ্ক্সবাদৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ পায়। কিন্তু এই আস্থাত মাৰ্ক্সে যি কৈ গৈছে সেয়ে ঠিক অথবা মাৰ্ক্স-লেনিনে যি কৈছে তাৰ ওপৰত আৰু অতিৰিক্ত একো কোৱা নাযায়, এনেধৰণৰ শিশু সুলভ বা তুলুঙা মাৰ্ক্সবাদ চৰ্চা সীমিত নাছিল। বৰঞ্চ মাৰ্ক্সীয় দৃষ্টিৰে সমাজক চোৱাৰ প্ৰয়াস আইজাজে কৰিছিল। সেইবাবে তেওঁৰ লেখাসমূহত এক গভীৰ ৰাজনীতিবোধ ফুটি উঠে, নতুন তত্ত্ব আৰু তথ্যৰ সম্ভাৰ যাৰ উৎস মাৰ্ক্সবাদ। লেখাৰ অভিনৱত্বত নিহিত আছে মাৰ্ক্সবাদৰ সৃজনীশীল প্ৰয়োগ। আমি যিসকলে তেওঁক লেখাৰ মাধ্যমেৰে এই জটিল পৃথিৱীক বুজি পোৱাৰ চেষ্টা কৰিছিলোঁ, তেখেতৰ মৃত্যুত ৰিক্ত অনুভৱ কৰিছোঁ। ভাৰতে এজন কৃতী সন্তান হেৰুৱালে আৰু আমাৰ সংবাদ মাধ্যমে তেওঁৰ বিষয়ে পাঁচ মিনিট সময়ৰ অনুষ্ঠান এটাও নকৰিলে ! আইজাজ আহমেদ বামপন্থী আন্দোলন আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ জৰিয়তে আমাৰ মাজত সদায় থাকিব। তেখেতৰ ধ্যান ধাৰণাৰে ভাৰতবৰ্ষ তথা এই পৃথিৱীখনৰ পৰিবৰ্তন কামনা আমি কৰিব পাৰোঁ। অনাগত দিনত নতুন প্ৰজন্মই আইজাজ আহমেদৰ হাতত ধৰি অন্ধকাৰৰ পৰা পোহৰৰ পথৰ সন্ধান কৰিব।