এজোপা গছো থাকক জীয়াই ।। মূল: নৰেশ চাক্সেনা; অনুবাদ: মুনমুন সৰকাৰ
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
অন্তিম যাত্ৰাত যেতিয়া কোনো নাথাকিব লগত যাবলৈ
এজোপা গছ যাব আমাৰ সৈতে
নিজৰ ডালত বাঁহ বন্ধা ঘৰচিৰিকাৰ জাক-মৰমৰ কেৰ্কেটুৱাবোৰৰ পৰা বিদায় লৈ
আমাৰ লগত যাবগৈ গছ এজোপা
মোতকৈ আগতেই জুই একুৰাক সপি দিব নিজকে
’কিমান খৰি লাগিব’
চণ্ডালজনে সুধিব
কেও ক’তো নোহোৱা হাড়ে ছালে লগা ভিক্ষাৰী এজনকো কমচেকম সাত মোন মান লাগেই
মোৰ অন্তিম ইচ্ছাত লিখিছোঁ
যে বৈদ্যুতিক চুল্লিত মোৰ দাহ কাৰ্য্য কৰা হওক।
যাতে মোৰ মৃত্যুৰ পিছত
মোৰ ল’ৰা ছোৱালীহালৰ লগতে
এজোপা গছো জীয়াই থাকে এই সংসাৰত

