অনুবাদকবিতা

এজোপা গছো থাকক জীয়াই ‌।‌। মূল: নৰেশ চাক্সেনা; অনুবাদ: মুনমুন সৰকাৰ

‎মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

অন্তিম যাত্ৰাত  যেতিয়া কোনো নাথাকিব লগত যাবলৈ
‎এজোপা গছ যাব আমাৰ সৈতে
‎
‎নিজৰ ডালত বাঁহ বন্ধা ঘৰচিৰিকাৰ জাক-মৰমৰ কেৰ্কেটুৱাবোৰৰ পৰা বিদায় লৈ
‎আমাৰ লগত যাবগৈ  গছ এজোপা
‎
‎মোতকৈ আগতেই জুই একুৰাক সপি দিব নিজকে
‎’কিমান খৰি লাগিব’
‎
‎চণ্ডালজনে সুধিব
‎কেও ক’তো নোহোৱা হাড়ে ছালে লগা ভিক্ষাৰী এজনকো কমচেকম সাত মোন মান লাগেই
‎
‎মোৰ অন্তিম ইচ্ছাত লিখিছোঁ
‎যে বৈদ্যুতিক চুল্লিত মোৰ দাহ কাৰ্য্য কৰা হওক।
‎
‎যাতে মোৰ মৃত্যুৰ পিছত
‎মোৰ ল’ৰা ছোৱালীহালৰ লগতে
‎
‎এজোপা গছো জীয়াই থাকে এই সংসাৰত
‎

Leave a Reply

Your email address will not be published. Required fields are marked *