আকাশৰ সিপাৰে ৰৈ আছে নীলিমাৰ আকাশ ।। বৰ্ণালী ফুকন
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
সন্ধিয়া লাগি ভগাৰ পিছতো আজি বহু সময় নীলিমা বেলকনিতে বহি আছে। মাজে মাজে থিয় হৈ তাতেই অলপ খোজকাঢ়ে, নতুনকৈ কলি পেলোৱা আৰু মাজে মাজে পাহি মেলা ইন্দ্ৰমালতীকেইপাহৰ ওচৰলৈ গৈ চাইগৈ। গাঢ় হালধীয়া বুকুখনৰ সৈতে পাহিত ৰাঙলী আভা সনা, ঈষৎ গুলপীয়া আৰু শুধ বগা, এই তিনিও ৰঙৰে ইন্দ্ৰমালতী তাই এইবাৰ টাবত ৰুইছে। পৰহি নতুনকৈ কিনি আনি ৰোৱা ডালিয়া আৰু গ্লেডিয়লাছকেইজোপাত এতিয়াও কলি পেলোৱা নাই। সন্ধিয়া সময়ত পাহ মেলা পদুলিৰ শেৱালি আৰু হাচনাহানা জোপাৰো মৃদু সুবাস বতাহত ভাঁহি আহিছে। আগতে এইখিনি সময়ত তাই প্ৰায়ে বিচনাত পৰি থাকে। আজি কেইদিনমানৰ পৰাহে তাই আহি এই সময়ত অলপ বাহিৰত খোজকাঢ়িবলৈ লৈছেহি। তাইৰ মন ভাল লাগক বুলি গিৰিয়েক সমৰে সিদিনা নাৰ্চাৰীৰ পৰা কেইবাজোপাও ফুল কিনি আনি দিছে। এতিয়া দিনটোৰ বেছিভাগ সময় তাই ফুলৰ আপদালতেই পাৰ কৰে।
সৰুৰে পৰাই তাই প্ৰকৃতিৰ মাজত সময় পাৰ কৰি ভাল পাইছিল। মাক-দেউতাকৰ লগত কংক্ৰীটৰ মহানগৰীত ডাঙৰ হ’লেও তাই দেউতাকৰ গাঁৱৰ ঘৰখন অতিকৈ ভাল পাইছিল। দেউতাক আছিল গাঁৱৰ দুখীয়া পৰিয়ালৰ ল’ৰা। মেধাৱী দেউতাকে তাইৰ ককাক-আইতাকৰ মনৰ আশা পূৰণ কৰি এজন চৰকাৰী বিষয়াৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। বহুদিনীয়া কষ্টৰ অন্ত পেলাই তাইৰ ককাক-আইতাক আৰু পেহীয়েকে সুখবোৰ আজলি ভৰাই লৈছিল। পিছে তেওঁলোকৰ এই সুখ বেছিদিন নাথাকিল। চহৰৰ ধনী উকীলৰ জীয়েক তাইৰ মাকে কোনোদিন গাঁৱৰ ঘৰখনক নিজৰ বুলি আঁকোৱালি নল’লে। মাকৰ প্ৰৰোচনাত দেউতাকেও লাহে লাহে গাঁৱলৈ যোৱাতো কমাই দিলে। টকা-পইচা পিছে তেওঁ মাক-দেউতাকলৈ পঠাই থাকিছিল, কিন্তু বছৰজুৰি পুতেকৰ মুখ নেদেখিলে ককাক-আইতাক জানো কেৱল টকাৰে সুখত থাকিব পাৰে! তাই কিন্তু গৰম বন্ধ বা শীতৰ বন্ধত প্ৰায়ে গাঁৱৰ ঘৰলৈ যাবলৈ দেউতাকক কুটুৰি থাকিছিল।
কিমানযে মৰম কৰিছিল তাইক ককাক-আইতাকে। তাই যাব বুলি গম পালেই ককাকে তাই ভালপোৱা বস্তুবোৰ গোটায়। আইতাকে ৰন্ধা মাটিমাহ-অমিতাৰ খাৰ, ঢেকীয়া ভাজি, হাঁহ-কোমোৰাৰ আঞ্জা, পাৰৰ জালুকীয়া আঞ্জা, আলু-কচুৰ পোৰা পিটিকা, সৰু মাছৰ খৰিচাৰে ভাজি, জলফাই-বগৰীৰ টেঙা মিঠা আচাৰ…আস, এতিয়াও মনত পৰিলে তাইৰ লোভ লাগে। মাকে পিছে কোনোদিন মহানগৰীৰ ঘৰত এইবোৰ খাদ্য নাৰান্ধে, মাকৰ ভাষাত এইবোৰ হেনো আউটডেটেড! তাই পিছে খাই বৰ ভাল পায়। আবেলিপৰত তাই ককাকৰ লগত প্ৰায়ে ধাননিলৈ বা নৈৰ পাৰলৈ ফুৰিবলৈ যায়। বাৰীৰ তলসৰা আম, কঁঠাল, জামু খায়। সন্ধিয়া পৰত চোতালত পাটী পাৰি ককাকে তাইক ফৰিংফূটা জোনাকত জোনৰ দেশৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধু কয়। কিযে সপোন সপোন যেন লগা সুন্দৰ দিন আছিল সেইবোৰ!
কিন্তু পিছলৈ পঢ়াৰ অজুহাত দেখুৱাই মাক-দেউতাকে তাইক গাঁৱলৈ যাবলৈ নিদিয়া হ’ল। তেওঁলোকৰ মনোভাৱ দেখি তাই কেতিয়াবা আচৰিতো হয়। মাক বাৰু সৰুৰে পৰা লাহ-বিলাহত ডাঙৰ হোৱা ধনী ঘৰৰ জীয়ৰী, কিন্তু দেউতাক! দেউতাকতো গাঁৱৰ চহা খেতিয়কৰ সন্তান। কংক্ৰীটৰ মহানগৰীত থিতাপি লৈ দেউতাকে নিজৰ শিপা পাহৰি গ’ল। পাহৰি গ’ল কিমান আশাৰে মাক-দেউতাকে তেওঁক পঢ়াই-শুনাই যোগ্য কৰি তুলিছিল। লাহে লাহে দুয়োৰে স্বাস্থ্য ভাগি পৰিছিল। তাই মেট্ৰিক দিয়া বছৰতে ছমাহৰ অগা-পিছাকৈ ককাক আইতাকে চকু মুদিলে। তাৰ পিছততো গাঁৱৰ সমস্ত মাটি-বাৰী বিক্ৰী কৰি মাক-দেউতাক আৰু কোননোদিন সেইমুৱা ন’হল। হায়াৰ চেকেণ্ডেৰী দিয়াৰ পিছতে তায়ো মাক-দেউতাকৰ একান্ত ইচ্ছা অনুসৰি দিল্লীত পঢ়িবলৈ আহে।
দিল্লীতেই আহি তাই লগ পাই আকাশক। এখন সৰু চহৰৰ পৰা সাংবাদিকতা বিষয়ত স্নাতক ডিগ্ৰী ল’বলৈ অহা আকাশৰো প্ৰকৃতি তথা মানুহৰ প্ৰতি আছিল অগাধ প্ৰেম। অসমৰ পৰা অহা বুলি আৰু পচণ্ড-অপচণ্ডৰ মিল থকা বুলি লাহে লাহে তাইৰ আকাশৰ সৈতে অন্তৰংগতা বাঢ়িবলৈ ল’লে। বন্ধৰ দিনকেইটাত দুয়ো প্ৰায়ে অসমীয়া খাদ্যৰ জুতি ল’বলৈ বুলি ওলাই গৈছিল, সৰু সৰু গলিবোৰত ফুৰিছিল, বাগিচাবোৰলৈ গৈ প্ৰকৃতিৰ শোভা উপভোগ কৰিছিল। আকাশে প্ৰকৃততেই প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ জানিছিল। বসন্তৰ আগমনত কুঁহিপাত মেলা গছত অৰ্কিডৰ শোভা, শুকান বিৰিখত সেউজী ৰহণ সনা বৰ্ষা ঋতুৰ বৰষুণজাকৰ পিছত সূৰ্যৰ কোমল কিৰণত জিলিকি উঠা মুকুতামণি যেন বৰষুণৰ টোপালবোৰ, শৰৎ ঋতুৰ পাতল কুঁৱলীৰ আঁচলেৰে ঢকা সেউজীয়াখিনি, আনকি হেমন্ত ঋতুৰ ৰঙা-কমলাৰঙী ফাকুখেলা বিৰিখৰ সঁৰাপাতৰ মাজতো সি সৌন্দৰ্য্য বিচাৰি পাইছিল। তাৰ শান্ত-অমায়িক স্বভাৱ, সৰল মনটো আৰু মানুহৰ হিতৰ বাবে কাম কৰাৰ আগ্ৰহ দেখি নীলিমা তাৰ প্ৰেমত পৰে।
সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত আকাশে এখন আগশাৰীৰ বাতৰিকাকতত সাংবাদিকৰূপে কাম কৰিবলৈ লয়। সন্ত্ৰাসজৰ্জৰ অঞ্চলসমূহক লৈ সি লিখা বাতৰিসমূহে প্ৰায়বোৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
নীলিমাৰো বিয়াৰ বয়স হ’ল বুলি মোমায়েক মাহীয়েকহঁতে তাইলে সম্বন্ধ আনিবলৈ ধৰে। নীলিমাই ঘৰত আকাশৰ কথা জনাইছিল যদিও ‘ৰিপৰ্টাৰে কেইটকা ঘটে’ বুলি মাকে পোনচাটেই আকাশক অস্বীকাৰ কৰিলে। মাকৰ এনে প্ৰতিক্ৰিয়া তাইৰ বাবে আশাতীত নাছিল, কিন্তু তাই অন্ততঃ দেউতাকে সমৰ্থন কৰিব বুলি ভাবিছিল। কিন্তু দেউতাকো মাকৰ হাতৰ পুতলা। তাইৰ কথাক কোনো গুৰুত্ব নিদি মোমায়েকৰ চিনাকি ধনী ব্যৱসায়ী সমৰ বৰুৱাৰ লগত তাইৰ বিয়া ঠিক কৰে। তাই কন্দা-কটা কৰিও মাক-দেউতাকক মান্তি কৰাব নোৱাৰিলে। ঘৰৰ অমতত গৈ আকাশেও তাইক নিজৰ কৰাৰ সাহস নকৰিলে। তাতে সাংবাদিকতাৰ বাবে তাৰ আজি অ’ত কালি ত’ত ঘুৰি ফুৰা অঘৰী জীৱন।
ধুমধামেৰে বিয়া হৈ যোৱাৰ পিছত মাকে ভবাৰ দৰে পিছে জীয়েকৰ সুখৰ সংসাৰ গঢ় লৈ নুঠিল। সমৰ অনবৰতে টকা-পইচাৰ পিছত দৌৰি ফুৰা মানুহ, তদুপৰি কেইবাজনীও ছোৱালীৰ সৈতে তাৰ সম্পৰ্ক। নীলিমাক সি অলংকাৰ কাপোৰ-কানি, বস্তুৰে ওপচাই পেলাই, কিন্তু সঁচা মৰম দিবলৈহে অপাৰগ। তাই এইবোৰ কথা ঘৰত জনাইছিল যদিও ষ্টেটাছ মেনটেইন কৰি চলা মাকে এইবোৰ সৰু-সুৰা সমস্যা সংসাৰত থাকেই বুলি তাইৰ কথা আওকাণ কৰিলে। মাকৰ বাবে জীয়েকৰ শান্তিতকৈ ভোগবাদী সুখ আৰু সামাজিক প্ৰতিপত্তি অধিক গুৰুত্বপূৰ্ণ। শাহুৱেকেও নিজৰ গিৰিয়েকক ভাল কৰি ৰখাটো পত্নীৰ দায়িত্ব বুলি তাইকহে দোষ দিয়ে। সি তাইক টকা-পইচা নিয়মিত দিয়ে, ড্ৰাইভাৰৰ সৈতে এখন গাড়ী তাইক ফুৰা-চকা কৰাবলৈ ঠিক কৰি দিছে, কৰবালৈ ফুৰিবলৈ গ’লে নানা বস্তুও লৈ আনে। সকলোৰে সন্মুখত সিহঁত সুখী পৰিয়াল। অভিজাত সমাজৰ পাৰ্টীবোৰলৈ সমৰে তাইক প্ৰায়েই লৈ যায়, সি অনা লাখটকীয়া শাৰী, হীৰাৰ অলংকাৰ পিন্ধি গৈ সেই তথাকথিত অভিজাত সমাজৰ কৃত্ৰিমতাত তাই উশাহ নোপোৱা হয়। তাই অকলশৰে আমনি পাই ঘৰৰ ওচৰৰ স্কুলখনতে যোগদান কৰিব বিচৰাত ‘কেইটকা দৰমহা পাবা, তাতকৈ বেচি টকা তোমাক ঘৰত থাকিলেই দিম’ বুলি চাকৰি কৰাতো সি বাধা দিলে। যেই-সেই সাধাৰণ মানুহৰ লগত সি তাইক মিলামিছা কৰিবলৈয়ো নিদিয়ে। কোনো ফালৰ পৰা শান্তি বিচাৰি নাপাই বন্দীত্বৰ জীৱন কটাই তাই লাহে লাহে অতিষ্ঠ হৈ পৰে।
কিন্তু যিদিনা তাই বাতৰিকাকতত সন্ত্ৰাসবাদীৰ দ্বাৰা আকাশৰ হত্যাৰ খবৰটো পালে তাই আৰু থিৰেৰে থাকিব নোৱাৰিলে। দীৰ্ঘদিনীয়া মানসিক অশান্তি আৰু প্ৰিয়জনৰ মৃত্যুৰ বাতৰিয়ে দিয়া প্ৰচণ্ড আঘাত তাই সহিব নোৱাৰিলে। মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হোৱা দেখি উপায় নাপাই সমৰে তাইক চাইকিয়াট্ৰিষ্টৰওচৰলৈ লৈ গ’ল। কিন্তু অতদিনৰ মানসিক অশান্তি জানো হঠাতেই শাম কাটিব! ডাক্টৰগৰাকীয়ে বহুদিন ধৰি তাইৰ চিকিৎসা কৰি থকাৰ লগতে সমৰকো বুজালে যে তাইৰ এই বেমাৰ কেৱল দৰৱে ভাল কৰিব নোৱাৰে। ভাল হ’বৰ বাবে তাইক মৰম তথা মানসিক শান্তিৰ প্ৰয়োজন। তাইৰ অৱস্থাতো দেখি বা সমাজৰ মানুহৰ আগত মুখা খোল খাব বুলি ভয়তো হয়তো সমৰৰো তাইলৈ কিছু দয়া উপজিছিল। নিজৰ বদ অভ্যাসবোৰ বাদ দি সি তাইক অলপ সময় দিবলৈ, মৰম দিবলৈ আৰম্ভ কৰিছিল। তাই ভালপোৱা বাবেই প্ৰায়ে তাইক বিভিন্ন ফুলপুলি কিনি দিছিল, মাজে মাজে বন্ধৰ দিনত অসমীয়া ৰেষ্টুৰেণ্টত এসাজ খুৱাবলৈ লৈ গৈছিল। তাৰ ফলো দেখা গৈছিল, ক্ৰমান্বয়ে নীলিমা অলপ সুস্থ হৈ উঠিছিল। তাইৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা দেখি আৰু ডাক্তৰগৰাকীৰ পৰামৰ্শ অনুযায়ী সি তাইক লৈ চিমলালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰে। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ঠাইখনলৈ যাবলৈ পোৱাৰ কল্পনাত তথা সমৰৰ পৰিৱৰ্তিত স্বভাৱ দেখি নীলিমাৰো মনতো কিছু ফৰকাল হয়। পৰহিলৈ দুয়ো চিমলালৈ যাব। সেইবাবে তাইক সি কালি বজাৰ কৰিবলৈ লৈ গৈছিল, তাইৰ প্ৰিয় বেঙুনীয়া ৰঙৰ দুযোৰ চুৰিডাৰ কিনি দিছিল আৰু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে নিজলৈ তাইৰ পচণ্ডৰ এটা চাৰ্ট কিনিছিল। আজি দিনতেই তাই ফুৰিবলৈ যাবলৈ আনন্দেৰে দুয়োৰে কাপোৰ-কানি সামৰিছে।
এনেতে কলিংবেলটো বাজি উঠিল। সমৰ অফিচৰ পৰা আহি পাই কাপোৰ-কানি সলাই মুখ-হাত ধুবলৈ বুলি বাথৰুমত সোমাল। তায়ো তাক কফি একাপ খাবলৈ দি পুনৰ বেলকনিত বহিলহি। কিছুসময়ৰ পিছত সিও আহি নীলিমাৰ কাষতে ৰৈ চিগাৰেট এডাল জ্বলাই ল’লে।
কিন্তু এয়া কি? খোলা দৰ্জাখনেদি সমৰৰ চেক্ৰেটেৰী নেহাও সোমাই আহিল আৰু তাক পিছফালৰ পৰা সাবটি ধৰিলেহি। সিও ঘূৰি লৈ তাইক মৰমেৰে আঁকোৱালি ল’লে। সিহঁত দুয়ো নিজৰ মাজতেই ব্যস্ত হৈ পৰিল। নীলিমাই খঙত গৰজি উঠিল যদিও নীলিমাৰ উপস্থিতিক যেন দুয়ো অগ্ৰাহ্য কৰিছে। চকুৰ আগতেই সিহঁতৰ এই অন্তৰংগতা নীলিমাৰ সহ্য ন’হল। খঙত হিতাহিত জ্ঞান হেৰুৱাই নীলিমাই খোৱামেজত থকা অথনি ফল কাটিবলৈ লোৱা চুৰিখন হাতত তুলি ল’লে আৰু গাৰ সমস্ত শক্তিৰে সেইখন সমৰৰ পেটত ভৰাই দিয়ে। এটা বিকট চিঞৰ মাৰি সমৰ মজিয়াত ঢলি পৰিল। নীলিমাই সমৰৰ দেহটো নিথৰ হৈ নপৰালৈকে চুৰিখনেৰে তাৰ পেটত উপৰ্যুপৰি আঘাত কৰি থাকিল আৰু চটফটাই চটফটাই এসময়ত তাৰ দেহটো নিথৰ হৈ পৰিল। এইবাৰ তাই উঠি নেহাৰ ফালে চোঁচা লয়। প্ৰাণৰ মমতাত নেহাই ভিতৰলৈ দৌৰ মাৰে, তায়ো পিছে পিছে খেদি যায়। পাকঘৰ, ড্ৰয়িংৰূম, বাৰান্দা সকলোতে তাই নেহাক যিমানে খেদিছে নেহা সিমানে দৌৰিছে। খেদি খেদি এইবাৰ দুয়োজনী শোৱনীকোঠা পাইলেগৈ। পৰ্দাখনৰ ফালে দৌৰা নেহালৈ চোঁচা লওতেই তাই বিছনাৰ কাষৰ সৰু টেবুল খনত খুন্দা খালে আৰু ড্ৰয়াৰৰপৰা কেইটামান টেবলেটৰ পেকেট তাইৰ সন্মুখত ওলাই পৰিল। খন্তেক থমকি তাই টেবলেটকেইটা বুটলি ল’লে। এইকেইটা দেখোন তাইক ডাক্তৰে হেল্যুচিনেছন ন’হবৰ বাবে খাবলৈ দিয়া দৰৱ! এতিয়াও তাত ৫টামান দৰৱ বাকী আছে। ডাক্তৰে তাইক এদিনো বাদ নপৰাকৈ দৰৱকেইটা শেষ কৰিবলৈ কৈছিল। কিন্তু ফুৰিবলৈ যোৱাৰ আনন্দতে তাই কেইদিনমান দৰৱ কেইটা খাবলৈ পাহৰিলে। এইবাৰ তাই মূৰ তুলি নেহাৰ পিনে চালে। নেহাই তাইৰ পিনে চাই প্ৰথমে খিলখিলাই আৰু পিছত অট্টহাস্য কৰি হাঁহিছে। বিভৎস সেই হাঁহিৰ শব্দত যেন গোটেই ঘৰটোৱে কঁপি উঠিছে। পৰ্দাৰ আঁৰত হাঁহি হাঁহি নেহাৰ শৰীৰটো ক্ৰমে কঁপি কঁপি ধোঁৱাহৈ নোহোৱা হৈ পৰিল। তাৰমানে, তাৰমানে…..
তাই আৰু একো ভাবিব নোৱাৰিলে। সমস্ত শক্তিৰে এইবাৰ তাই চুৰিখন নিজৰ পেটত ভৰাই দিলে। মজিয়াত ঢলি পৰি খিৰিকীৰ সিপাৰৰ আকাশৰ নীলিমাত তিৰবিৰাই থকা তৰাকেইটালৈ চাই চাই তাইৰ চকুকেইটা লাহে লাহে জাপ খাই গ’ল।


ভাল লাগিল বহুত বৰ্ণালী ।