অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ(পঞ্চম সংখ্যা)

যুগান্তকাৰী বিজ্ঞানী চাৰ্লচ ডাৰউইন: জীৱন আৰু কৰ্মৰাজি – (ড০ বৰ্ণালী শৰ্মা)

যিসকল মহান মনিষীৰ মতবাদ তথা আৱিষ্কাৰে প্রচলিত ধ্যান-ধাৰণা ওফৰাই মানুহৰ চিন্তা জগতত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ল তাৰ ভিতৰত এগৰাকী হ’ল ইংৰাজ প্রকৃতিবিদ, ভূ-তত্ত্ববিদ তথা জীৱবিজ্ঞানী চার্লচ ডাৰউইন (Charles Darwin)। জৈৱ বিৱৰ্তনৰ ওপৰত কেইবাদশকযোৰা পুংখানুপুংখ অধ্যয়নৰ অন্তত সকলো জীৱৰে উৎপত্তি একে পূর্বপুৰুষৰ পৰা হোৱা বুলি আগবঢ়োৱা তেখেতৰ মতবাদ আছিল যুগান্তকাৰী। ইয়াৰ আগলৈকে জীৱশ্রেষ্ঠ মানুহৰ উৎপত্তি সম্বন্ধে বিভিন্ন ধর্মানুযায়ী বেলেগ বেলেগ বিশ্বাস প্ৰৱৰ্তিত আছিল। আলফ্রেড ৰাচেল ৱালেচ (Alfred Russel Wallace) নামৰ আন এগৰাকী ইংৰাজ গৱেষকৰ লগত আগবঢ়োৱা জীৱৰ বিৱৰ্তন আৰু বিভিন্নতাৰ ‘প্রাকৃতিক বৰণ’ মতবাদটো এক ঐতিহাসিক অৱদান। সমগ্র বিশ্বত খলকনি তোলা এই মতবাদে জীৱৰ বিৱৰ্তন তথা প্ৰকাৰণৰ অধ্যয়নক এক অনন্য মাত্রা প্রদান কৰিছিল।

জন্ম তথা শৈশৱ:

১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ শ্ৰুছবাৰী নামৰ বাণিজ্যিক চহৰখনৰ এক সভ্রান্ত পৰিয়ালত জন্মগ্রহণ কৰা চার্লচ ডাৰউইনৰ দেউতাকৰ নাম আছিল ৰর্বাট ডাৰউইন (Robert Darwin) আৰু মাকৰ নাম চুজান্না ওৱেগউড (Susannah Wedgwood)। মাক-দেউতাকৰ ছয় সন্তানৰ ভিতৰত চার্লচ আছিল পঞ্চম। জন্মগতভাৱেই তেওঁ পাইছিল এখন প্রাচুর্যপূর্ণ শিক্ষিত ঘৰ। ডাৰউইনৰ দেউতাকৰ ফালৰ ককাক ডাঃ এৰাছমাছ ডাৰউইন (Dr. Erasmus Darwin) আছিল এগৰাকী প্রখ্যাত কবি তথা চিকিৎসক আৰু মাকৰ ফালৰ ককাক জোছিয়া ওৱেগউড (Josiah Wedgwood) আছিল কাৰুকার্য খচিত মৃন্ময় বাচনবর্তনৰ বিখ্যাত ব্যৱসায়ী। জন্মৰে পৰা প্রাচুর্যতা আৰু মৰমৰ মাজত ডাঙৰ হ’লেও মাত্র ৮ বছৰ বয়সতে হোৱা মাতৃৰ মৃত্যুয়ে ডাৰউইনক ব্যথিত কৰি তুলিছিল।

ঘৰৰ ওচৰৰে স্কুলত এবছৰ পঢ়াৰ পিছতেই মাকৰ মৃত্যু হোৱাত ১৮১৮ ৰ পৰা ককায়েক এৰাছমাছ (Erasmus Darwin)ৰ লগত ১৮২৫ চনলৈকে এংলিকান শ্ৰুছবাৰী স্কুলত থাকি স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৮২৫ চনত দেউতাকৰ ইচ্ছানুযায়ী এডিনবৰা বিশ্ববিদ্যালয় (Edinburgh University)ত মেডিকেল পঢ়িবলৈ গৈছিল যদিও ডাৰউইনৰ তাত মন নবহিল। ইতিমধ্যে মেডিকেল পঢ়িবলৈ যোৱাৰ আগতে ডাৰউইনে দেউতাকৰ লগত শ্ৰুছবাৰীৰ দুখীয়া মানুহক চিকিৎসা সেৱা আগবঢ়াইছিল। ডাৰউইনৰ বাবে মেডিকেল ক্লাছসমূহ আৰু চার্জাৰীৰ প্ৰেক্টিকেলসমূহ অত্যন্ত বিৰক্তিকৰ আছিল। কিন্তু সেই সময়তে তেওঁ জন এডমনষ্টন (John Edmonstone) নামৰ ব্যক্তিগৰাকীৰ পৰা টাক্সির্ডামি (Taxidermy) নামৰ মৰা জন্তুৰ ছালৰ ভিতৰত কপাহ বা তুলা সুমুৱাই আকৌ জন্তুবিধৰ ৰূপ দি থোৱা যি কলা তাক আয়ত্ব কৰিছিল। দ্বিতীয় বৰ্ষত তেওঁ ‘প্লিনিয়ান চ’ছাইটি’ নামৰ এটা ছাত্র দলত যোগদান কৰে য’ত প্রথম বিৱর্তনৰ ধাৰণা সম্পর্কে লেমার্কৰ মতবাদৰ কথা গম পাইছিল ৰবাৰ্ট এডমণ্ড গ্রান্ট (Robert Edmond Grant) নামৰ এজন লোকৰ পৰা। ডাৰউইনে গ্রান্টক অমেৰুদণ্ডী সামুদ্রিক জীৱৰ অধ্যয়নত সহায় কৰিছিল আৰু তেখেতৰ সহযোগতে ১৮২৭ চনত নিজৰ গৱেষণাৰ তথ্য উপস্থাপন কৰিছিল। সামুদ্রিক অয়ষ্টাৰৰ খোলাত পোৱা ক’লা ৰঙৰ ৰেণুবোৰ যে আচলতে এবিধ জোকৰ কণী তেওঁ এই গৱেষণাৰ পৰা গম পাইছিল। মুঠতে জীৱৰ গঠন তথা জীৱন-ধাৰণৰ প্রতি তেওঁ সেই সময়তে উৎসুক হৈ পৰিছিল আৰু ই আছিল তেওঁৰ পৰৱৰ্তী গৱেষণাসমূহৰ ইন্ধনস্বৰূপ। ইতিমধ্যে চিকিৎসা শিক্ষাৰ প্রতি অৱহেলা চকুত পৰাত দেউতাকে চার্লচ ডাৰউইনক ১৮২৮ চনত কেমব্রিজ বিশ্ববিদ্যালয়ৰ খ্রাইষ্ট মহাবিদ্যালয় (Christ’s College, Cambridge University)ত কলা বিভাগত ধর্মশাস্ত্র বিষয়ত নামভর্তি কৰোৱালে। ধর্মযাজকৰ এই পাঠ্যক্রম ডাৰউইনে ১৮৩১ চনত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল যদিও সমগ্র সময়খিনিত তেওঁ কীট-পতংগ তথা উদ্ভিদ বিজ্ঞানৰ বিভিন্ন গৱেষণাত ব্ৰতী আছিল। তাতেই জন ষ্টিভেন হেন্সল’ (John Stevens Henslow) নামৰ এগৰাকী যাজকৰ দ্বাৰা প্ৰভাৱিত হৈছিল। হেন্সল’ আছিল এগৰাকী উদ্ভিদবিদ তথা প্রকৃতিবিদ। ১৮৩১ চনৰ জুন মাহলৈ কেমব্রিজতে থাকিব লগা হোৱাত প্রকৃতি, জীৱৰ বিকাশ, অভিযোজন, বিভিন্ন প্রাকৃতিক দর্শন তথা প্রাকৃতিক নিয়মৰ লিখনিসমূহৰ অধ্যয়নে ডাৰউইনক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। আলেকজেণ্ডাৰ ফন হামব’ল্ডট (Alecxander Von Humboldt)ৰ ‘Personal Narrative of Travels’ নামৰ দক্ষিণ আমেৰিকাৰ জংঘলৰ ভ্রমণ কাহিনীয়ে ডাৰউইনক ইমানেই সন্মোহিত কৰিছিল যে হেন্সল’ৰ পৰামর্শ মতে তেওঁ HMS Beagle নামৰ সমুদ্রগামী জাহাজখনৰ কেপ্টেইন ৰবাৰ্ট ফিটজ্‌ৰয় (Robert FitzRoy)ৰ সংগী তথা প্রকৃতিবিদ হিচাপে লগত যাবলৈ সাজু হয়। এই যাত্ৰাৰ আগে আগে তেওঁ আদাম ছেজউইক (Adam Sedgwick) নামৰ এগৰাকী প্রখ্যাত ভূ-তত্ত্ববিদৰ লগত ৱালচ নামে ঠাইত জীৱাশ্ম তথা শিলাখণ্ডৰ অধ্যয়ন কৰে।

এইচ.এম.এচ. বিগল (HMS Beagle)ৰ সৈতে সমুদ্র যাত্রা:

উপনিৱেশ স্থাপন তথা বাণিজ্য বিস্তাৰৰ বাবে ব্রিটিছ চৰকাৰে পৃথিৱীৰ সৰু-ডাঙৰ দ্বীপসমূহৰ জৰীপ কৰিবলৈ এইচ.এম.এচ. বিগল নামৰ জাহাজখন ঠিক কৰিছিল আৰু তাৰ কেপ্টেইন আছিল ৰবাৰ্ট ফিটজ্‌ৰয়। ৰবার্টে জৰীপ সম্পূর্ণ কৰিবলৈ প্রায় দুবছৰ লাগিব বুলি এজন সমবয়সীয়া সংগী বিচাৰি অধ্যাপক হেন্সল’ৰ পৰামর্শমতে ডাৰউইনক আমন্ত্রণ কৰে।

১৮৩১ চনৰ ২৭ ডিচেম্বৰত দক্ষিণ আমেৰিকালৈ যাত্ৰাৰাম্ভ কৰা বিগল আছিল নব্বৈ ফুট দীঘল আৰু চৌব্বিশ ফুট বহল এখন সৰু জাহাজ। বিভিন্ন শাৰীৰিক উপসৰ্গৰ মাজতো ডাৰউইনে কিন্তু এই যাত্রা পূৰামাত্রাই উপভোগ কৰিছিল। দুবছৰৰ বাবে যোৱা বিগলে জৰীপ সম্পূর্ণ কৰিবলৈ পাঁচ বছৰ সময় লৈছিল। সমুদ্র যাত্ৰাৰ বেছিভাগ সময় তেওঁ দ্বীপসমূহৰ ভূতাত্ত্বিক আৰু জীৱসমূহৰ প্রাকৃতিক ইতিহাস খোচৰাত ব্যস্ত আছিল। অতি সূক্ষ্ম প্রকৃতি-নিৰিক্ষণ আৰু তাৰ পর্যাপ্ত ব্যাখ্যা সম্বলিত টোকাসমূহে পৰৱৰ্তী সময়ত তেওঁক যথেষ্ট সহায় কৰিছিল। সমগ্ৰ যাত্ৰাত তেওঁ বহুতো অচিন পশু-পক্ষী, কীট-পতঙ্গ আৰু গছ-গছনি দেখিছিল আৰু সেইবোৰে তেওঁক বিস্ময়াভূত কৰি তুলিছিল। বিভিন্ন প্রাকৃতিক পৰিঘটনাই তেওঁক প্ৰকৃতিৰ বিষয়ে বেছি উৎসুক হ’বলৈ খোৰাক দিছিল। বিগলে প্রথমে কেপ ভাৰডে দ্বীপপুঞ্জ, ছালভাদৰ ডি বাহেয়া, ব্রাজিলৰ উপকূল অতিক্রমী ৰিঅ’ ডি জেনেৰিঅ’ পাইছিল। পিছত টিয়ে ডেল ফুৱেগ’ আৰু কেপহৰ্ণ পালেগৈ। ডাৰউইনে সমগ্র যাত্ৰাৰ টোকা সংগ্রহ কৰি গ’ল। সংগ্রহ কৰা জীৱসমূহ সংৰক্ষণৰ বাবে টাক্সিডার্মিৰ প্ৰাৰম্ভিক কামখিনি কৰি সময়ে সময়ে অধ্যাপক হেন্সল’ৰ ওচৰলৈ পঠিওৱা হৈছিল। বাহেয়া ব্লাংকা নামৰ ঠাইখনত পোৱা সুবৃহৎ জীৱাশ্ম আৰু অতিকায় বিলুপ্ত স্তন্যপায়ী কিছুমানৰ হাড়-মূৰ সংগ্রহ কৰি তেওঁ ৰোমাঞ্চিত হৈ পৰিছিল। নতুন নতুন জীৱাশ্ম সংগ্রহে তেওঁক বিভিন্ন চিন্তাৰ খোৰাক দিছিল। আদিম অৱস্থাৰ পৰা যে পৃথিৱীখনৰ লগতে ইয়াৰ জীৱ-জন্তু সমূহৰো যথেষ্ট পৰিৱৰ্তন হৈ আছে তাক তেওঁ লাহে লাহে উপলব্ধি কৰিব পাৰিছিল। পৃথিৱীৰ ভূ-ভাগৰ যে উঠা নমা হৈ থাকে তাক তেওঁ এণ্ডিচ পর্বতমালাত উদ্ধাৰ কৰা সাগৰীয় প্রাণী যেনে— কাছ, শামুক আদিৰ খোলাৰ দ্বাৰা প্রমাণ পাইছিল। | ১৮৩৫ চনৰ আৰম্ভণীৰ ফালে ফ’কলেণ্ড দ্বীপপুঞ্জ, আর্জেন্টিনা আদিত জৰীপ সামৰি বিগলে যেতিয়া চিলিত প্রৱেশ কৰিলে, তাত আগ্নেয়গিৰি আৰু ভূমিকম্পৰ লীলা দেখি ডাৰউইনে ভাবিবলৈ বাধ্য হ’ল যে—সৃষ্টিৰ সময়ত পৃথিৱীৰ ভূ-ভাগৰ পৰিৱৰ্তন হৈ থকাৰ লগতে জীৱজগতৰো পৰিৱৰ্তন হৈ থকাতো স্বাভাৱিক ঘটনা।

বিগলৰ ঐতিহাসিক যাত্ৰাপথ

১৮৩৫ চনৰ চেপ্তেম্বৰত এইচ.এম.এচ. বিগল গৈ গালাপাগছ দ্বীপপুঞ্জ (Galapagos Islands)ত উপস্থিত হল। আগ্নেয়গিৰিৰ লাভা গোট মাৰি উদ্ভৱ হোৱা এই দ্বীপসমূহত তেওঁ বেছিকৈ কাছ আৰু ইগুৱানা নামৰ সৰীসৃপবিধ দেখিছিল। তেওঁ মন কৰিছিল যে ‘ফিন্স’ নামৰ ঘৰচিৰিকাৰ দৰে চৰাইবিধৰ ঠোঁটৰ আকাৰ আৰু আকৃতি মূল ভূ-খণ্ডত পোৱা ফিন্সতকৈ বেলেগ আৰু প্ৰতিটো দ্বীপতেই ইয়াৰ ভিন্নতা আছে। যদি কোনোবাটো দ্বীপৰ ফিন্সসমূহৰ ঠোঁট পোক-পতংগ খোৱাৰ উপযোগী, কোনোবাটোৰ কাঠৰোকাৰ দৰে, কোনোবাটো দ্বীপৰ ফিন্সসমূহৰ ঠোট আকৌ গছৰ গুটি বা ফল খোৱাৰ উপযোগী। মুঠতে খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি যে চৰাইসমূহৰ ঠোঁটৰ আকাৰ-আকৃতি সলনি বা অভিযোজন (adaptation) হৈছে তাক ডাৰউইনে ভালকৈ উপলব্ধি কৰিলে। ১৮৩৫ চনৰ ডিচেম্বৰত নিউজিলেণ্ড আৰু ১৮৩৬ চনৰ জানুৱাৰীত অষ্ট্রেলিয়াৰ উপকূলত উপস্থিত হৈ শেষত ১৮৩৬ চনৰ ২ অক্টোবৰত বিগলে সুদীর্ঘ পাঁচ বছৰৰ অন্তত ইংলেণ্ডৰ ভূমি স্পর্শ কৰিলে।

তথ্য, গৱেষণা, বিৱৰ্তনৰ প্ৰাকৃতিক বৰণ তত্ত্ব মতবাদ আৰু বিভিন্নতা (১৮৩৬-৪২):

সমুদ্র যাত্রাৰ অন্তত ডাৰউইনে লগত লৈ আহিছিল প্রায় দুহেজাৰ পৃষ্ঠাযোৰা টোকা, ডায়েৰী, বিভিন্ন জীৱৰ নমুনা ইত্যাদি। সেই সমলসমূহৰ বৈজ্ঞানিক পদ্ধতিৰ অধ্যয়নৰ বাবে তেওঁ ঘৰলৈ আহি কাম আৰম্ভ কৰিলে। জাহাজত থকা কালতে তেওঁ ইংলেণ্ডৰ কিছুমান গৱেষণামূলক আলোচনীলৈ তেওঁৰ অধ্যয়ন সন্নিৱিষ্ট লেখা পঠিয়াই আছিল। সেইবোৰৰ প্রকাশে ডাৰউইনক ইতিমধ্যে বিখ্যাত কৰাৰ উপৰিও বৌদ্ধিক মহলত বহু চৰ্চিত কৰি তুলিছিল। সেই সময়তে তেওঁ বিখ্যাত ভূ-তত্ত্ববিদ চার্লচ লায়েল (Charles Lyell)ৰ তৎপৰতাত ইংলেণ্ডৰ জিঅ’লজিকেল চ’ছাইটিৰ সন্মানিত সদস্য পদ লাভ কৰিলে। পৰৱৰ্তী সময়ত তেওঁ এই চ’ছাইটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সম্পূর্ণ দুবছৰৰ অন্তত ১৮৩৯ চনত ডাৰউইনৰ গৱেষণাৰ দিনলিপি’খন প্রকাশ হৈ ওলায়। এই লিখনিয়েও বৌদ্ধিক মহলক যথেষ্ট চিন্তাৰ খোৰাক দিছিল।

গালাপাগছ দ্বীপপুঞ্জৰ সন্নিকটত বিগলৰ যাত্ৰাপথ

সামুদ্রিক ভ্ৰমণৰ প্রায় ২০ বছৰলৈকে ডাৰউইনে সংগ্রাহিত তথ্যসমূহৰ বৈজ্ঞানিক বিশ্লেষণ কৰি বিৱৰ্তনৰ বহুতো নতুন দিশ উন্মোচিত কৰিছিল। ভূ-তত্ত্ববিদ চার্লচ লায়েলৰ ভূ-খণ্ডৰ পৰিৱৰ্তন সম্বন্ধীয় তত্ত্ব আৰু অর্থনীতিবিদ থমাচ মালথুজ (Thomas Multhus)ৰ জনসংখ্যা সম্বন্ধীয় তত্ত্বই ডাৰউইনৰ চিন্তাধাৰা আৰু বিশ্লেষণত যথেষ্ট প্রভাৱ পেলাইছিল। লায়েলৰ তত্ত্বমতে পৃথিৱী সৃষ্টিৰ আদি অৱস্থাৰ পৰা ভূ-ভাগৰ বহুত পৰিৱৰ্তন হৈ আছে। আনহাতে মালথুজৰ মতে জনসংখ্যা জ্যামিতিক হাৰত বাঢ়ে আৰু খাদ্য বস্তুৰ বৃদ্ধি হয় গাণিতিক হাৰত। বাসস্থানৰো দিনে দিনে অভাৱ ঘটে। গতিকে জীৱৰ মাজত খাদ্য আৰু বাসস্থানৰ বাবে সংঘাট আৰম্ভ হয়। এই সংগ্রামত আটাইবোৰ জীৱ বাচি থকাতো সম্ভৱ নহয়।‘যোগ্যভোগ্য বসুন্ধৰা’ (Survival of the fittest) অর্থাৎ যিজন যোগ্য তেওঁৱেই এইসংসাৰত ভোগ কৰিব পাৰিব। আনহাতে তেওঁ মন কৰিছিল যে একেধৰণৰ জীৱই বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ ধৰণে অভিযোজিত হয়। পৃথিৱীত থকা সকলোবোৰ জীৱ একেদিনাই সৃষ্টি হোৱা নাই। বাসস্থান বা জীৱন-ধাৰণৰ ওপৰত ভিত্তি কৰি জীৱৰ প্ৰকাৰণ বা বিভিন্নতা দেখা পোৱা যায় বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল। কোনো এবিধ জীৱৰ আটাইবোৰ প্ৰজাতিৰ, আটাইবোৰ ব্যক্তিৰ গঠন, শক্তি, ধৰণ বা কর্মদক্ষতা হুবহু একে নহয়। আনকি সহোদৰৰ মাজতো বিভিন্নতা দেখা যায়। মাত্রাধিক বিভিন্নতাই নতুন প্রজাতিৰ জন্ম দিয়ে। এই সম্পর্কে ডাৰউইনে অন্য এক ধাৰণা পোষণ কৰিছিল যাক অপসৰণ বা Divergance বুলি কোৱা হয়। এই ধাৰণাই প্রজাতিসমূহৰ মাজত বিভিন্নতাৰ মাত্রা আৰু তাৰ ফলত হোৱা লাভালাভৰ বিষয়ে অৱগত কৰোৱায়। এটা প্রজাতিয়ে কেতিয়াবা জীৱন সংগ্ৰামৰ বাবে তাৰ পূর্বপুৰুষৰ পৰা বহুত দূৰলৈ গুচি যায় অর্থাৎ অপসাৰিত হৈ পৰে।। ডাৰউইনে ইমান বছৰে আহৰণ কৰা তথ্যভিত্তিক জ্ঞানৰ পিছতো কিন্তু বিৱৰ্তনৰ তত্ত্ব প্রকাশ কৰিবলৈ বহু বছৰ সময় লৈছিল। আচলতে যিমানেই ‘প্রাকৃতিক বৰণ আৰু জীৱ সৃষ্টি তথা বিৱৰ্তনৰ ধাৰণাসমূহ তেওঁ হৃদয়ঙ্গম কৰিছিল সিমানেই বেছি সমাজচ্যুত হোৱাৰ ভয় আৰু দ্বিধাই তেওঁক আগুৰি ধৰিছিল। ইতিমধ্যে তেওঁ মর্যদাপূর্ণ এথেনিয়াম ক্লাব আৰু ৰয়েল চ’ছাইটিৰ সভ্য ভর্তি হৈছিল ক্রমে ১৮৩৮ আৰু ১৮৩৯ চনত। বাইবেলৰ সৃষ্টি নিয়মৰ সম্পূর্ণ বিপৰীত তেওঁৰ তত্ত্বই সমাজত বিৰূপ প্ৰভাৱ পেলাব বুলি আৰু তেওঁ গণৰোষৰ বলি হ’ব বুলি কৰা ভয় আৰু আশংকাই তেওঁক বেমাৰী কৰি তুলিছিল। বুকুৰ ধপধপনি আৰু পেটৰ অসুখে গা নেৰা হৈছিল। বাইবেলৰ মতে পৃথিৱীখন আৰু ইয়াৰ সকলো প্রাণীক ঈশ্বৰে সৃষ্টি কৰি সবাতোকৈ শেষত মানুহক সৃষ্টি কৰিছিল। ইংলেণ্ডৰ প্ৰেক্ষাপটত মানুহে নিজকে কেতিয়াও আন বনৰীয়া জীৱৰ বংশধৰ বুলি বা সকলো জীৱৰে পূৰ্বপুৰুষ একে বুলি সেই সময়ত যে মানি নল’ব তাক ডাৰউইনে ভালদৰে বুজিছিল। এঠাইত তেওঁ উল্লেখ কৰা মতে মানুহে নিজক লৈ ইমানেই অহংকাৰী আছিল যে খোদ বৃটিছ এছ’চিয়েছন ফৰ এডভাঞ্চমেণ্ট অৱ চায়েঞ্চৰ এগৰাকী প্রতিষ্ঠাপক তথা সভাপতি দ্যা ৰেভাৰেণ্ড উইলিয়াম হিউৱেল (The Reverend William Whewell)য়ে “মানুহৰ টোপনিৰ লগত খাপ খুৱাবলৈহে দিন চুটি বা দীঘল হয়” বুলি কৈছিল।

ডাৰউইনে জীৱৰ বিৱৰ্তন সম্বন্ধীয় তত্ত্বৰ সম্পর্কে নিজৰ স্থিতিত দৃঢ় আছিল যদিও তাক প্রকাশ কৰাৰ আগতে বাৰে বাৰে নিজকে প্রস্তুত কৰিবলৈ উঠি পৰি লাগিছিল। এইখিনি সময়তে তেওঁ কেইখনমান গ্রন্থ প্রকাশ কৰিছিল। তেওঁৰ ‘The structure and distribution of Coral Reefs’ গ্ৰন্থখন প্রকাশ হৈছিল ১৮৪২ চনৰ মে’ মাহত। তাৰ পিছতে তেওঁ ‘প্রাকৃতিক বৰণ’ তত্ত্বৰ কাম আৰম্ভ কৰে। শাৰীৰিক তথা মানসিক চাপ ক্রমে অসহ্য হোৱাত তেওঁলোক গাঁৱৰ পুৰণা ঘৰলৈ ঘূৰি যায়। এবাৰ তেওঁ মতবাদটো প্রস্তুত কৰি থকা সময়ত মতবাদটোৰ প্রকাশ সম্বন্ধে তেওঁৰ বন্ধু বিখ্যাত উদ্ভিদবিদ জোচেফ ডেল্টন হুকাৰ (Joseph Delton Hooker)ক ব্যঙ্গ কৰি কৈছিল যে— “ই একপ্রকাৰ হত্যাৰ স্বীকাৰোক্তিৰ দৰেই”। ১৮৪২ চনত ‘বিৱর্তনৰ মতবাদ’ৰ এটা সাৰাংশ প্রস্তুত কৰি লৈ ১৮৪৪ চনত ইয়াক এখন ৰচনাৰ আকাৰ দিয়ে। বিৱৰ্তনৰ তথ্যসমূহৰ ক্ষেত্ৰত আৰু অধিক নিশ্চিত হ’বলৈ ডাৰউইনে এটা আঠ বছৰীয়া প্রকল্প হাতত লৈছিল সামুদ্রিক ‘বার্ণাকল’ নামৰ শামুক বিধৰ অধ্যয়নৰ বাবে। ১৮৫১ ৰ পৰা ১৮৫৪ চনৰ ভিতৰত তেওঁ তাৰ ওপৰত চাৰিখন সৰু সৰু পুথি লিখি উলিয়াইছিল। বার্ণাকলৰ ওপৰত কৰা অধ্যয়ন সামৰি নিজৰ মতবাদৰ ওপৰত কাম কৰি থকা সময়তে ১৮৫৮ চনৰ জুন মাহত এগৰাকী ইংৰাজ প্রকৃতিবিদ তথা সংগ্রাহক আলফ্রেড ৰাচেল ৱালেচৰ লগত যোগাযোগ হয়। ৱালেচে স্বতন্ত্রভাৱে কৰি থকা অধ্যয়নৰ লগত ডাৰউইনৰ বর্ষযোৰা অধ্যয়নৰ মিল দেখি যাতে দুয়োগৰাকী গৱেষকৰ তথ্য প্রকাশত কোনো প্রতিযোগিতা নহয় তাৰ বাবে তেওঁ লায়েল আৰু হুকাৰৰ সহায় বিচাৰিলে। তাৰপিছতে দুয়োগৰাকী গৱেষকৰ গৱেষণা পত্র “লিনিয়েল চ’ছাইটি অৱ লণ্ডন”ত পাঠ কৰি তাক একেলগে প্রকাশ কৰাৰ ব্যৱস্থা কৰা হয়। বন্ধুবৰ্গৰ অনুৰোধ মর্মে তাৰ পিছতে তেওঁ “The Origin of Species” বা “প্ৰজাতিৰ সৃষ্টি” নামৰ গ্ৰন্থখন ১৮৫৯ চনৰ ২৪ নৱেম্বৰত প্ৰকাশ কৰে। গ্রন্থখনৰ সম্পূর্ণ নাম আছিল “On the Origin of Species by Means of Natural Selection or the Preservation of Favoured Race in the Struggle for Life” | এই গ্রন্থখনত ‘বিৱর্তনৰ প্রাকৃতিক বৰণ আৰু প্ৰকাৰণৰ মতবাদ’ৰ সপক্ষে সাক্ষ্যসহিতে বহুতো প্রমাণ দিয়া হৈছিল। মানুহক প্রত্যয় নিয়াব পৰাকৈ সকলো যুক্তি-তথ্য সামৰি প্ৰস্তুত কৰা গ্ৰন্থখনৰ প্ৰকাশৰ দিনাই ১,২৫০ কপি আৰু পিছত দ্বিতীয় সংস্কৰণৰো ৩,০০০ কপি বিক্ৰী হৈ গৈছিল। ডাৰউইনে প্রাকৃতিক বৰণৰ তত্ত্বটো আগবঢ়াওতে লক্ষণীয়ভাৱে মানুহৰ বিৱর্তনৰ কথা সামৰি লোৱা নাছিল যদিও ইতিমধ্যে ধার্মিক সমাজ তথা বৌদ্ধিক সমাজত বহুতো বিতর্ক আৰম্ভ হৈ হৈছিল। মানুহো প্রাথমিক প্রজাতি, যেনে- বনমানুহৰ পৰা বিৱৰ্তনৰ মাজেদি সৃষ্টি হ’ব পৰা সম্ভাৱনাই সকলোকে জোকাৰি গৈছিল।

ডাৰউইনৰ “The Origin of Species” প্রকাশ হোৱাৰ ছমাহৰ পিছতেই ১৮৬০ চনৰ ৩০ জুনত ব্রিটিছ এচ’ছিয়েছন ফৰ দ্যা এডভান্সমেন্ট অৱ চায়েন্স নামৰ বিখ্যাত সংস্থাই গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিবলৈ অক্সফ’র্ডর্ত এখন আলোচনা সভা পাতিছিল। উক্ত সভাত ডাৰউইনৰ মতবাদৰ সপক্ষে আৰু বিপক্ষে বিভিন্নজনে মত পোষণ কৰে। জীৱ বিজ্ঞানী থমাচ হেনৰী হাক্সলি (Thomas Henry Huxley), উদ্ভিদ বিজ্ঞানী ডেল্টন হুকাৰ আদিয়ে ডাৰউইনৰ মতবাদৰ সপক্ষে থিয় দিয়াৰ বিপৰীতে ছেমুৱেল উইলবাৰফৰ্ছ (Samuel Wilberforce), বিগলৰ কেপ্তেইন ফিটজ্‌ৰয় আদিয়ে মতবাদটোৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। এটা সময়ত সকলো তর্ক-বিতর্ক তল পেলাই ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্বটো স্ব-মহিমাৰে গৃহীত হ’ল।

ডাৰউইনৰ মতবাদৰ সাৰাংশ:

ডাৰউইনৰ বিৱৰ্তন তত্ত্ব প্রধানতঃ চাৰিটা সত্যৰ ওপৰত প্রতিষ্ঠিত আছিল।

১। অত্যাধিক প্রজনন (Over Reproduction): প্রায় সকলো জীৱৰে প্ৰজননৰ হাৰ ক্ষীপ্র আৰু বংশ বিস্তাৰৰ মাত্রা দ্রুত। অত্যাধিক বংশ বৃদ্ধিয়ে জীৱন সংঘাটৰ সৃষ্টি কৰিব বাবে প্রকৃতিয়ে দ্রুত বংশ বিস্তাৰত বাধা দিয়ে।

২। জীৱন সংগ্রাম (Struggle for Existence): ক্রমাগত বংশ বৃদ্ধিৰ ফলত দেখা দিয়া খাদ্য আৰু বাসস্থানৰ নাটনিৰ লগত মোকামিলা কৰিবলৈ প্রত্যেক জীৱই অন্তঃপ্রজাতিক সংগ্রাম (Intraspecific Struggle), আন্তঃপ্রজাতিক সংগ্রাম (Interspecific Struggle) আৰু পৰিৱেশৰ লগত সংগ্রাম (Struggle with Environment) কৰিব লগা হয়।

৩। প্ৰকাৰণৰ সার্বজনীনতা (Universality of Veriation): প্ৰতিটো জীৱৰে আনকি একে প্রজাতিৰ ব্যক্তিৰ মাজতো বিভিন্নতা বিদ্যমান। এই বিভিন্নতা সার্বজনীন আৰু সর্বব্যাপী। এই বিভিন্নতা নতুন প্রজাতি আৰু প্ৰকাৰ সৃষ্টিত সহায়ক হয়।

৪। যোগ্যতমৰ উৎবৰ্ত্তন (Survival of the Fittest): যিবোৰ জীৱই জীৱন সংগ্ৰামৰ মাজতে পৰিস্থিতিৰ লগত নিজকে খাপখুৱাই ল’বলৈ সক্ষম হয়, তেনে জীৱইহে প্ৰকৃতিত ভোগ কৰিবলৈ পায়। বহুতো শক্তিশালী বা এসময়ৰ প্ৰতাপী জীৱকুলেও সলনি হৈ থকা পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব নোৱাৰি ধ্বংস হৈ যায়।

প্রকৃতিয়ে সেইসমূহ জীৱকহে আদৰি লয় যিয়ে জীৱন সংগ্ৰামত বর্তি থাকে আৰু পৰিৱর্তিত পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ৰাখে। এই প্রক্রিয়াটোকে ‘প্রাকৃতিক বৰণ’ বুলি অভিহিত কৰা হৈছিল। খেতিয়কসকলে যিদৰে পৰৱর্তী খেতিৰ বাবে ভাল জাতৰ শস্যহে কঠিয়াৰ বাবে বাচি লয় ঠিক তেনেদৰে প্রকৃতিয়েও জীৱৰ মাজৰ পৰা শ্রেষ্ঠজনক নির্বাচন কৰে।

অন্য গ্রন্থাৱলী :

‘দ্যা অৰিজিন অৱ স্পেচিচ’ নামৰ যুগান্তকাৰী গ্রন্থখনৰ পিছতো ডাৰউইনে ভালেমান গ্রন্থ প্রকাশ কৰে। ১৮৬৮ চনত ‘ঘৰচীয়াকৰণত প্রাণী আৰু উদ্ভিদৰ পৰিৱর্তনীয়তা’ (The variation of Animals and plants under domestication), ১৮৭১ চনত ‘মানৱৰ ক্ৰমবিকাশ আৰু যৌনকার্য সম্বন্ধিত নির্বাচন’ আৰু ১৮৭২ চনত ‘মানুহ আৰু অন্য প্রাণীৰ আবেগ প্রকাশ’ নামৰ গ্ৰন্থখন প্রকাশ হয়। এই গ্রন্থসমূহত তেওঁ বনমানুহ আৰু মানুহৰ উমৈহতীয়া পূর্বপুৰুষৰ ধাৰণাক স্পষ্ট ৰূপ দিয়ে। আনহাতে ‘দ্যা অৰিজিন অ স্পেচিচ’ৰো ১৮৭২ চনৰ ষষ্ঠ সংস্কৰণত মানুহৰ ক্ৰমবিকাশ অন্তর্ভুক্ত কৰে। পৰৱৰ্তী সময়ত ডাৰউইনে উদ্ভিদ বিজ্ঞানত মনোনিৱেশ কৰে আৰু কেইখনমান গ্রন্থ প্রকাশ কৰে। তাৰ ভিতৰত— “ব্রিটিছ আৰু বিদেশী অর্কিৰ্ডৰ পতংগৰ দ্বাৰা নিষেচিত হোৱা কলা (On the various contrivances by which British and Foreign Orchids are Ferstilized by insect, 1862); একে প্রজাতিৰ উদ্ভিদত হোৱা ফুলৰ প্ৰকাৰণ’ (The Different forms of Flowers on Plants of the same Species, 1877) আৰু A Biographical sketch of an Infant’, 1877; উদ্ভিদৰ চলন শক্তি (The power of Movement in Plants, 1880); পতংগভোজী উদ্ভিদ (Insectivorous Plants, 1875); ‘The formation of vegetable Moulds Through the action of Worms’, 1881; “The Effect of Cross and self Fertilization in the Vegetable Kingdom, 1876’ অন্যতম।

সন্মান:

আগতেই উল্লেখ কৰাৰ দৰে ডাৰউইন ৰয়েল চ’ছাইটিৰ সভ্য’ (১৮৩৯) আছিল। এই চ’ছাইটিয়ে তেওঁক ১৮৫৩ চনত ‘ৰয়েল বঁটা’ আৰু ১৮৬৪ চনত ‘কপলে বঁটা’ৰে সন্মানীত কৰিছিল। তেওঁ লণ্ডনৰ জিঅ’লজিকেল চ’ছাইটিৰো সভ্য আৰু পিছলৈ সম্পাদক আছিল। এই চ’ছাইটিয়ে প্রদান কৰা ‘ৱলাষ্টন বঁটা’ৰেও তেওঁ ১৮৫৯ চনত পুৰস্কৃত হৈছিল। ১৮৭৭ চনত কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ‘ডক্তৰ অৱ ল’ উপাধি পাইছিল।

সমগ্র জীৱন প্ৰকৃতিৰ সত্য উদ্ধাৰত ব্ৰতী থকা সত্বেও বাইবেল বিৰোধী মন্তব্য কৰাৰ বাবে তেওঁক ব্রিটিছ চৰকাৰে কোনো বঁটা বাহনেৰে পুৰস্কৃত কৰা নাছিল।

পাৰিবাৰিক জীৱন, স্বাস্থ্য আৰু মৃত্যু:

ডাৰউইনে আন সকলো কামতে সপক্ষে আৰু বিপক্ষে যুক্তি ফঁহিয়াই চোৱাৰ দৰে বিয়া পাতিবলৈও বিভিন্ন যুক্তি ফঁহিয়াই চাইছিল। অৱশেষত বিয়া পতাৰ সিদ্ধান্ত লৈ ১৮৩৯ চনৰ ২৯ জানুৱাৰীত মামাক জোছিকা ওৱেগউড (দ্বিতীয়) [Josiah Wedgwood (II)]ৰ জীয়ৰী এমা ওৱেগউড (Emma Wedgwood)ক বিয়া পাতে। তেওঁলোকৰ দহটা সন্তানৰ জন্ম হয় যদিও সাতটাহে বাচি থাকে।

বিৱৰ্তনৰ তত্ত্ব প্রস্তুত কৰি থকা সময়ত আৰু তাৰ প্ৰকাশৰ পিছতো হোৱা বিভিন্ন বিতর্কৰ সময়ত ডাৰউইন শাৰীৰিকভাৱে প্রায়ে অসুস্থ হৈ থাকিছিল। বিভিন্ন উপসর্গই তেওঁক আৱৰি ৰাখিছিল। কিন্তু পিছলৈ তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছিল। বিশেষজ্ঞসকলৰ মতে তেওঁৰ অসুস্থতাসমূহৰ কাৰণ আছিল মানসিক। অত্যাধিক কামৰ হেঁচা আৰু পিছলৈ সমাজচ্যুত হোৱাৰ ভয়তহে তেওঁৰ শাৰীৰিক বিকাৰ হৈছিল।

১৮৮২ চনৰ ৭ এপ্রিলত ৭৩ বছৰ বয়সত ডাৰউইনৰ হৃদৰোগজনিত কাৰণত মৃত্যু হয়। তেখেতৰ শৱদেহ ‘ৱেবমিষ্টাৰ এবে’ত আন বৰেণ্য ব্যক্তিৰ লগতে সমাধিস্থ কৰা হয়। আজীৱন প্ৰকৃতিৰ অধ্যয়নত নিমগ্ন থকা ডাৰউইনৰ মানৱসমাজৰ প্রতি অৱদান আছিল অপৰিসীম। সেয়ে হয়তো মানৱ ইতিহাসত অতি প্ৰভাৱী ব্যক্তিসকলৰ ভিতৰত চার্লচ ডাৰউইনক অন্যতম বুলি গণ্য কৰা হয়।

তথ্যসূত্র :

১. http: darwin online.org.uk .

২। Charles Darwin : Enoyclopaedia Britannica

www.britannica.com/biography/Charles Darwin

৩. ‘চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজক বুজিলে’; ড. দীনেশ চন্দ্র গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা, ২০১৩, পৃষ্ঠা:৪৮।

৪. ‘উচ্চতৰ মাধ্যমিক জীৱ বিজ্ঞান’, শ্ৰীযশোদানন্দ ভৰালী আৰু ড. ৰঞ্জিত ভট্টাচার্য্য, অসম বুক ডিপো (১৯৯৮)।

৫. Charls Darwin : wikipedia.org/wiki/Charles-Darwin

Print Friendly, PDF & Email

One thought on “যুগান্তকাৰী বিজ্ঞানী চাৰ্লচ ডাৰউইন: জীৱন আৰু কৰ্মৰাজি – (ড০ বৰ্ণালী শৰ্মা)

  • Marfuja khatun

    Fantastic ,,,,keep it up 👍👍👍

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *