গ্রন্থ পৰিচয়বিবিধ চিন্তা

এখন অসাধাৰণ আত্মজীৱনী: পৃথিৱীয়েই মোৰ ঘৰ ।। দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা

‘পৃথিৱীয়েই মোৰ ঘৰ’ অৰ্থনীতিৰ ন’বেল বঁটা বিজয়ী অমর্ত্য সেনৰ আত্মজীৱনী। বিষয়ৰ বৈচিত্ৰ, স্থান-কালৰ অসামান্য বিৱৰণ,  লেখকৰ গভীৰ জীৱনবোধ আৰু তেওঁৰ এক বিশ্বজনীন উদাৰ গণতান্ত্ৰিক আদৰ্শই এইখনক এখন অৱশ্যপাঠ্য আগশাৰীৰ আত্মজীৱনী কৰি তুলিছে।

এই পাঠে পঢ়ুৱৈক একে সময়তে পৃথিৱীৰ বুৰঞ্জী, ভূগোল, ৰাজনীতি, অৰ্থনীতি আদিৰ নানা কথা বুজি পোৱাৰ লগতে বেছ কিছু কথা শিকিবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে ইতিহাসৰ কিছুমান নিৰ্মম সত্য উন্মোচনৰ জৰিয়তে গ্ৰন্থখনে অসম নামৰ এই ভূখণ্ডত বৰ্তমানে চলি থকা উচ্ছেদ আৰু ইয়াৰ সাম্ভাব্য ফলাফল সম্পৰ্কেও আমাক চিন্তাৰ খোৰাক যোগাব পাৰে।

কথাটো বুজিবলৈ ব্ৰহ্মদেশত বাস কৰা ৰোহিংগীয়া সকলৰ কথা ক’ব পাৰি। ভীষণভাৱে অসহায় এই সংখ্যালঘু বাংলাভাষী মুছলমান জনগোষ্ঠীটোৰ বিৰুদ্ধে পৰিকল্পিতভাৱে অপপ্ৰচাৰ চলোৱা হৈছিল যে ৰোহিংগীয়াসকলে বাৰ্মা জাতি আৰু তেওঁলোকৰ ধৰ্ম শেষ কৰিব। এই অপপ্ৰচাৰ তুংগত উঠা সময়ত ৰোহিংগীয়াসকলৰ ওপৰত সেনাবাহিনী আৰু অসহিষ্ণু বৌদ্ধ বাৰ্মিজ বাহিনীয়ে ভয়ানক অত্যাচাৰ চলালে। চ্যু কিৰ নেতৃত্বৰ চৰকাৰে দেখিও নেদেখাৰ ভাও জুৰিলে। ৰোহিংগীয়াসকলৰ বিৰুদ্ধে সেনাবাহিনীৰ নিৰন্তৰ অপপ্ৰচাৰে সাধাৰণ শান্তিপ্ৰিয় নাগৰিকসকলকো ৰোহিংগীয়াৰ বিৰুদ্ধে হিংস্ৰ কৰি তুলিলে। নাগৰিকৰ মন বিষবাষ্পৰে ভৰাই তোলা হ’ল, সুসংগঠিতভাৱে জাতিগত বিদ্বেষ বিয়পাই ৰোহিংগীয়া সকলৰ ওপৰত চলোৱা অত্যাচাৰ বঢ়াই নিয়া হ’ল। তেওঁলোকক হত্যা আৰু বৰ্বৰতাৰ পাঠ দিয়া হ’ল। এইদৰে ধৰ্মান্ধ নাগৰিকসকলক মুছলমানৰ বিৰুদ্ধে সশস্ত্ৰ যোদ্ধাত পৰিণত কৰিলে। মুছলমানসকলৰ বিৰুদ্ধে নানা আইনী আৰু প্ৰশাসনিক পদক্ষেপো গ্ৰহণ কৰা হ’ল।

অৱশেষত ২০১২ চনত ৰোহিংগীয়াসকলৰ প্ৰধান বাসভূমি ৰাখাইন প্ৰদেশত তেওঁলোকৰ বিৰুদ্ধে এটা ভয়ংকৰ আক্ৰমণত বৌদ্ধসকলক চামিল কৰি লোৱা হ’ল। অৰ্থাৎ, একেসময়তে সেনাবাহিনী আৰু বৌদ্ধ সাধাৰণ নাগৰিক ‘জাতি আৰু ধৰ্ম ৰক্ষা’ কৰিবলৈ ৰোহিংগীয়া সকলক নি:শেষ কৰা আক্ৰমণত চামিল হ’ল। কিন্তু আৰম্ভণিতে যদি সেনা বাহিনীৰ এই অপপ্ৰচাৰ ৰোধ কৰিব পৰা গ’লহেঁতেন, তেন্তে এই চৃড়ান্ত অমানৱীয় ঘটনা নঘটিলহেঁতেন। সেনাবাহিনীয়ে প্ৰচাৰ কৰিছিল যে ৰোহিংগীয়া সকলে বাৰ্মা দখল কৰি বহিছিল। কিন্তু সত্যটো এয়াই যে ৰাখাইন অঞ্চলটো বৰ্মাৰ অংশ নাছিলেই। দীৰ্ঘদিন ধৰি তাত ৰোহিংগীয়াসকলেই বসবাস কৰি আছিল। কিন্তু বৃটিছে দেশ এৰি যোৱাৰ সময়ত ৰাখাইন অঞ্চলটো বৰ্মাক দি দিলে। অৰ্থাৎ বৰ্মাসকলেহে ৰাখাইন অঞ্চলটো দখল কৰিছিল!

এই ঘটনাৰ লগত আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ কি কি মিল আছে, সেয়া মন কৰিবলগীয়া। ব্ৰহ্মদেশৰ ৰোহিংগীয়াৰ ঠাইত অসমৰ মিঞা শব্দটো বহালেই পাঠকে বুজি পাব, কি হ’ব গৈ আছে।

কিতাপখনৰ পাতে পাতে পৃথিৱীৰ ভিন্ন অঞ্চলৰ এনেকুৱা নানা বিচিত্ৰ ঘটনাৰ বিৱৰণ পোৱা যায়। ইয়াত প্ৰথমতেই পাব তিনিখন ঠাইৰ ঘটনাবহুল বিৱৰণ : ম্যানমাৰৰ মান্দালয়, বাংলাদেশৰ ঢাকা আৰু ভাৰতৰ ক’লকাতা। মান্দালয়ত তেওঁ শৈশৱকাল কটাইছিল, ঢাকাত তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল আৰু ক’লকাতাৰ শান্তিনিকেতন আছিল তেওঁৰ স্কুলীয়া জীৱনৰ শেষ আৰু কলেজীয়া জীৱনৰ আৰম্ভণিৰ ঠাই।

এই ঠাইবোৰত লেখকৰ জীৱনৰ নানা অভিজ্ঞতাই কেনেকৈ অর্থনীতি, দর্শন, দুর্ভিক্ষ, লিংগ বৈষম্য, সামাজিক ন্যায় আদি বিভিন্ন বিষয়ত তেওঁৰ ধাৰণাসমূহক গঢ় দিছে, তাৰ এক অনন্য আৰু ব্যতিক্রমী দস্তাবেজ এই আত্মজীৱনীখন। শান্তিনিকেতনৰ স্কুলৰ মুকলিমূৰীয়া পৰিৱেশ, কলেজ জীবনৰ কৌতুহলবোৰ, যিবোৰে এগৰাকী অৰ্থনীতিবিদক গঢ়িছিল তিলতিলকৈ, ক’লকাতাৰ ক’ফী হাউছৰ প্ৰাণপ্ৰাচুৰ্যৰে ভৰা আড্ডাবোৰ — এই সকলো কথাই তেওঁৰ চিন্তাৰ সৌধ নিৰ্মাণ কৰিছিল।

এই সৌধৰ উচ্চতা আৰু বিশালতা বৰ্ণিত হৈছে মুঠ পাঁচটা পৰ্বত। প্ৰতিটো পৰ্বতে ৭/৮ টাকৈ অধ্যায় আছে। মুঠ অধ্যায় আছে ২৬ টা। সেইবোৰ হ’ল –

প্রথম পর্ব

১. ঢাকা আৰু মান্দালয়
২. বংগৰ নদীবোৰ
৩. প্রাচীৰবিহীন বিদ্যালয়
৪. ককা-আইতাৰ লগত
৫. তৰ্কৰ পৃথিৱী
৬. অতীতৰ বৰ্তমান

দ্বিতীয় পর্ব
৭ শেষ দুর্ভিক্ষ
৮. বংগ আৰু বাংলাদেশৰ ধাৰণা
৯. প্ৰতিৰোধ আৰু বিভাজন
১০. ব্রিটেইন আৰু ভাৰত

তৃতীয় পর্ব
১১. কলকাতাৰ নগৰীয়া শিক্ষা-সংস্কৃতি
১২. কলেজ স্ট্রীট
১৩. মার্ক্সক কিদৰে বুজিব
১৪. এখন প্ৰাৰম্ভিক যুদ্ধ
১৫. ইংলেণ্ডৰ বাটত

চতুর্থ পর্ব
১৬. ট্রিনিটিৰ দুৱাৰ
১৭. বন্ধুমহল
১৮. কি অর্থনীতি?
১৯. ইউৰোপৰ সন্ধানত
২০. কথোপকথন আৰু ৰাজনীতি
২১. কেমব্রিজ আৰু কলকাতাৰ মাজত
২২. ডব, শ্ৰাফা আৰু ৰবাৰ্টছন
২৩. মার্কিন মুলুকত
২৪. কেমব্রিজৰ পুনৰীক্ষণ

পঞ্চম পর্ব
২৫. সৈ মনোৱাৰ প্ৰচেষ্টা আৰু সহযোগিতা
২৬. ওচৰত আৰু দূৰত

প্ৰতিটো পৰ্ব আচলতে নোবেল বিজয়ীজনাৰ জীৱনৰে একো একোটা পৰ্ব। সেইবোৰ সবিস্তাৰে এই চমু টোকাটোত কোৱ সম্ভৱ নহয় । মাথোঁ ইমানকে কওঁ, যে প্ৰতিটো পৰ্বান্তৰত আমি আগতকৈ বেলেগ এজন অমৰ্ত্য সেনক লগ পাম, যিজন এই পৃথিৱীখন দেখিবলৈ, বুজিবলৈ আগতকৈ বেছি ওখ আৰু এই পৃথিৱীৰ সভ্যতা-সংস্কৃতি তথা ৰাজনীতিৰ ব্যাখ্যা-বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আগতকৈ বেছি পটু। লেখকৰ ভ্ৰমণবিলাসী মনটোৱে দেখা পৃথিৱীৰ বৰ্ণনা,  তেওঁৰ পৰিয়ালৰ ওপৰত পৰা ৰবীন্দ্ৰনাথৰ প্ৰভাৱ, কলিকতাৰ কলেজীয়া শিক্ষা, কেম্ব্ৰিজৰ দিনবোৰ, দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা কাহিনী – এই আটাইবোৰে অমৰ্ত্য সেনক প্ৰলুব্ধ কৰিছিল পৃথিৱীৰ সভ্যতা সম্পৰ্কে অধ্যয়ন কৰিবলৈ ।

তেওঁ কৈছে যে সভ্যতা সম্পৰ্কে অধ্যয়ন কৰিবলৈও দুটা পদ্ধতি আছে : এটা হ’ল বেলেগ বেলেগ সভ্যতাৰ বৈশিষ্ট্যসমূহক স্বতন্ত্ৰ ৰূপত কৰা অধ্যয়ন আৰু  আনটো হ’ল বিশ্বৰ বিভিন্ন সভ্যতাৰ বৈশিষ্ট্য সমূহক খণ্ডিত ৰূপত অধ্যয়ন নকৰি ইবোৰক একেটা সভ্যতাৰ ভিন ভিন অভিব্যক্তি হিচাপে কৰা অধ্যয়ন ।

সেনৰ পদ্ধতি আছিল দ্বিতীয়টো। সমগ্ৰ পৃথিৱীৰ সকলো সভ্যতাক সামৰি কৰা অধ্যয়নক তেওঁ বিশ্ব সভ্যতা নাম দিছিল ‘যি সভ্যতাই শিপাই শিপাই, ঠালে ঠালে লীন হৈ বিশ্বজুৰি বৈচিত্ৰ্যময় ফুল ফুলায়’। তেওঁৰ অধ্যয়নে ইয়াকো দেখুৱাইছে যে ধৰ্মযুদ্ধৰ পৰা নাজী আগ্ৰাসনলৈ, সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ধৰ্মীয় ৰাজনৈতিক যুদ্ধলৈ সংঘাত চলিয়েই থাকে। কিন্তু তাৰ বিপৰীতে সংঘাতৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ শক্তিৰো সৃষ্টি হয়। এই শক্তি আৰু বুজা-পৰাৰ বাৰ্তা এটা জনগোষ্ঠীৰ পৰা আন এটা জনগোষ্ঠীলৈ, এখন দেশৰ পৰা আন এখন দেশলৈ বিয়পি যায় ।

কেনেকৈ বিয়পি যায়, তাকো লেখকে ক’বলৈ চেষ্টা কৰিছে তেওঁৰ নিজস্ব অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি। কিতাপী জ্ঞানেৰে নহয়। কিতাপত পঢ়া কথাখিনিকো অভিজ্ঞতাৰ কষটি শিলত ঘঁহি-মাজি চাইহে কিতাপখনত ঠাই দিছে । সেইফালৰ পৰা এই আত্মজীৱনীখনৰ এক সুকীয়া মৰ্যাদা আছে ।

পৰিশেষত, কিতাপখনৰ বাকলিপিঠিত কিতাপখন সম্পৰ্কে কেইগৰাকীমান বিখ্যাত ব্যক্তিৰ কেইটামান উক্তি তুলি দিয়া হৈছে ।

নাদিন গর্ডিমাৰে লিখিছে –অসামান্য গদ্য, গভীৰ পাণ্ডিত্য, আৰু সুতীক্ষ্ণ কৌতুকবোধেৰে অমর্ত্য সেন বিশ্বস্তৰীয় বুদ্ধিজীৱীসকলৰ অন্যতম, আমাৰ অস্তিত্বৰ সংশয় নিৰসনৰ বাবে আমি যাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ।

নিকোলাছ ষ্টার্ণে লিখিছে –বিংশ আৰু একবিংশ, এই দুই শতিকাৰ মহান চিন্তাবিদসকলৰ মাজত অমর্ত্য সেন অন্যতম। তেওঁৰ ওচৰত আমি অতিকৈ ঋণী।

ক’ফি আন্নানে লিখিছে –বিশ্বৰ দৰিদ্ৰ আৰু বঞ্চিত মানুহৰ কথা যথাযথভাৱে আৰু অন্তর্দৃষ্টিসহকাৰে কোৱাৰ ক্ষেত্ৰত তেওঁতকৈ পাৰংগত কোনো নাই।

উইলিয়াম ডেল্লিম্পলে লিখিছে –আমাৰ সমসাময়িক যিসকল অতি বিশিষ্ট চিন্তাবিদ আছে, তেওঁলোকৰ অন্যতম হৈছে অমর্ত্য সেন, তেওঁৰ লেখাৰ সুগভীৰ বক্তব্যৰ লগতে মাজে মাজে পৰিলক্ষিত হয় সুতীব্র তীর্যক দৃষ্টি।

মূল কিতাপখনৰ নাম Home in the World, a memoir. কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে ড০ কল্যাণ ভূঞাই আৰু প্ৰকাশ কৰিছে গুৱাহাটীৰ অসম পাবলিচিং কোম্পানীয়ে । মূল্য : ৬৫০/- টকা । আশাকৰোঁ আপোনালোকেও পঢ়ি ভাল পাব ।

(প্ৰেৰণা পুথিভঁৰাল, বিহামপুৰ, নলবাৰীৰ পৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *