কেন্দ্ৰীয় নিবন্ধ

সোঁ-বাওঁ আৰু জেণ্ডাৰ ।। জিতেন বেজবৰুৱা

(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)

(৫)

নব্য উদাৰতাবাদী পুঁজিৰ বাবে জেণ্ডাৰ হ’ল মুনাফাৰ এখন নতুন ক্ষেত্ৰ৷ জেণ্ডাৰৰ যোগেদি পুঁজিবাদে এখন সীমাহীন বজাৰ আৱিষ্কাৰ কৰিছে৷ মানুহৰ শৰীৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই বজাৰখনৰ প্ৰসাৰৰ বাবে সমগ্ৰ পুঁজিবাদী ব্যৱস্থাটোৱেই বৰ্তমান উঠি-পৰি লাগিছে৷ ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ ঊধৰপৰা মূধলৈকে কৰ্প’ৰেট পুঁজিৰ টকা প্ৰবাহিত হৈ আছে৷ এই আন্দোলন য’লৈকে যায়, তাৰ পিছে পিছে বজাৰখনো যায় – নতুন উপভোক্তাৰ সন্ধানত৷ ইয়াৰ সৈতে জড়িত সবাতোকৈ ডাঙৰ উদ্যোগটো হ’ল মেডিকেল৷ কিন্তু কেৱল সিয়েই নহয়, আচলতে পুঁজিবাদী বজাৰৰ সম্ভৱপৰ সকলোবোৰ বিভাগেই জেণ্ডাৰৰ সৈতে ব্যস্ত হৈ পৰিছে৷ মানৱ ইতিহাসত এনে কিবা সামাজিক জাগৰণ আছেনে, গোটেই পৃথিৱীতে আন কিবা মানৱাধিকাৰ আন্দোলন আছেনে যি এনেধৰণে বজাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত? দেখা গৈছে যে জেণ্ডাৰৰ নামত সকলো বস্তু বিক্ৰী কৰিব পাৰি – হৰম’ন-ছাৰ্জাৰিৰপৰা, ফেশ্বন-মেকআপৰপৰা, চিনেমা-টিভি ছিৰিজৰপৰা, মানসিক স্বাস্থ্যৰ ট্ৰিটমেণ্টৰপৰা আণ্ডাৰৱেৰলৈকে৷ বহুতো উৎসাহী পুঁজিপতি, বৃহৎ বেংক, প্ৰযুক্তিগত কোম্পানি, ফাৰ্মাচিউটিকেল কোম্পানিৰ (Billionaire philanthropists, Big Banks, Big Tech, Big Pharma) উপৰি ফেশ্বন হাউছ, হলিউড, চেলিব্ৰিটিসকল সকলো জঁপিয়াই পৰিছে ট্ৰেন্সজেণ্ডাৰ এক্টিভিজমত৷ বেংক আৰু ইনভেষ্টমেণ্ট হাউছবিলাকৰপৰা টকাৰ নিৰৱচ্ছিন্ন সোঁত ব’ব লাগিছে বিশ্ব জুৰি বিয়পি থকা ট্ৰেন্সজেণ্ডাৰ সংগঠনবিলাকলৈ৷ ইয়াৰ সহায়ত জেণ্ডাৰ মতাদৰ্শই এটাৰ পাছত এটাকৈ সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান গ্ৰাস কৰিব লাগিছে৷ বিশ্ববিদ্যালয়, মেডিয়া, আদালত, মেডিকেল প্ৰতিষ্ঠান আদি সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰাৰ জৰিয়তে সংস্কৃতিত, ভাষাত জেণ্ডাৰ মতাদৰ্শৰ স্বাভাৱিকীকৰণ ঘটোৱা হৈছে৷ জেনিফাৰ বিলেকে (Jennifer Bilek) বিস্তৃত তথ্য-প্ৰমাণৰ সহায়ত ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সৈতে গোলকীয় বজাৰৰ এই ঘনিষ্ঠ সম্পৰ্কৰ কথা পুংখানুপুংখভাৱে সাব্যস্ত কৰিছে৷ তেওঁৰ গৱেষণাৰ ওপৰত চকু ফুৰালে ধৰিব পাৰি, কিদৰে জেণ্ডাৰক এটা কৰ্প’ৰেট এজেণ্ডা হিচাপে আগ বঢ়াই নিয়া হৈছে৷ এঠাইত তেওঁ কৈছে – ‘‘We need to look at what transgenderism does, how it functions, and how it is growing in the culture, and to ask why it does what it does, what it is asking of us, why it is so tightly wedded to commerce, and where it is leading. The trans lobby screams civil rights, but transgenderism looks and functions just like the worst of capitalism.’’ (‘Transgenderism Is Just Big Business Dressed Up In Pretend Civil Rights Clothes’, thefederalist.com)

এফালে আমাক কোৱা হৈছে যে ট্ৰেন্সজেণ্ডাৰ আন্দোলন হ’ল নিপীড়িতৰ মানৱাধিকাৰ আন্দোলন, আনহাতে আমাক দেখুওৱা হৈছে যে এয়া হ’ল এক cutting-edge lifestyle. নব্য উদাৰতাবাদী বজাৰত পৰিচিতিও হ’ল এটা পণ্য, আৰু জেণ্ডাৰ হ’ল তাৰ অত্যাধুনিক ৰূপ৷ জেণ্ডাৰ হৈ পৰিছে প্ৰদৰ্শনীয় পণ্য, যাৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই৷ ই হ’ল নাৰ্চছিষ্টিক উপভোক্তাবাদৰে নৱৰূপ, য’ত নিজকো পণ্যত পৰিণত কৰা হয় আৰু প্ৰদৰ্শনৰ বাবে অহৰহ পুনৰ্নিৰ্মাণ কৰিব বিচৰা হয়৷ নতুন কিবা জেণ্ডাৰ বুলি পৰিচয় দিয়াটো শৰীৰত টেটু এটা অংকন কৰি লোৱাৰ নিচিনা একেই কথা৷ সি যি নহওক, লাইফষ্টাইল হিচাপে বজাৰত তাক সকলোৰে বাবে আকৰ্ষণীয় আৰু অনুকৰণীয় ৰূপত উপস্থাপন কৰা হৈছে৷ উদাহৰণস্বৰূপে, ট্ৰেন্স মডেলিঙক জনপ্ৰিয় কৰি তোলা হৈছে, ট্ৰেন্স মডেলসকলক ‘মডেলিঙৰ ভৱিষ্যৎ’ বুলি অভিহিত কৰা হৈছে৷ কোনোবা কোম্পানিয়ে যদি নতুন জেণ্ডাৰ-ফ্লুইড মেকআপ আৱিষ্কাৰ কৰিছে, আন কোনোবাই ট্ৰেন্স মানুহৰ বাবে পোছাকৰ নতুন লাইন আৰম্ভ কৰিছে৷ ট্ৰেন্স চেলিব্ৰিটিসকলক অহৰহ মেডিয়াত দেখিবলৈ পোৱা গৈছে; ব্ৰে’ষ্ট বাইণ্ডিং, পেকিং (breast binding, packing) আদিৰ পৰামৰ্শৰে জনপ্ৰিয় কাকত-আলোচনীৰ পাত ভৰি আছে৷ Jazz Jennings নামৰ ল’ৰাজনে চাৰি বছৰ বয়সতে আত্মচিনাক্তকৰণ কৰিছিল ট্ৰেন্স ছোৱালী হিচাপে (স্বাভাৱিকতেই এইটো তেওঁৰ পৰিয়ালৰ কাম); পৰৱৰ্তী সময়ত তেওঁ মেডিকেল ট্ৰেঞ্জিচন কৰে, তেওঁৰ পে’নিছটো ছাৰ্জাৰি কৰি উঠাই দিয়া হয় (যাৰ পূৰ্বে ‘penis farewell’ পাৰ্টি দিয়া হৈছিল)৷ টেন্স আত্মচিনাক্তকৰণৰ সময়ৰপৰাই জেন্নিংছ এগৰাকী চেলিব্ৰিটি : তেওঁ বহুতো টিভি প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছিল, সকলোতে আলোচনাৰ বিষয় হৈ পৰিছিল; তেওঁৰ নিজৰ ৰিয়েলিটি টিভি ছিৰিজ আছে, নিজৰ এটা ট্ৰেন্স ফাউণ্ডেচন আছে; তেওঁ বহুতো এৱাৰ্ড তথা সন্মান বুটলিবলৈ সক্ষম হৈছে; তেওঁ লিখা আত্মজীৱনীমূলক শিশুৰ কিতাপ এখন আছে যিখন বহু ঠাইত স্কুলৰ পাঠ্যক্ৰমত পঢ়ুওৱা হয়৷ জেন্নিংছ বা তেওঁৰ নিচিনা আন ট্ৰেন্স চেলিব্ৰিটিসকলে ট্ৰেন্সজেণ্ডাৰ ধাৰণাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰিছে; আৰু জেণ্ডাৰ বজাৰখনে তেওঁলোকক সৰ্বান্তঃকৰণে পৃষ্ঠপোষকতা কৰে৷

মাৰ্টিন ৰথব্লাটক (Martine Rothblatt) আমি সাম্প্ৰতিক ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ এগৰাকী প্ৰধান প্ৰতিষ্ঠাতা (বিলেকৰ ভাষাত ‘A founding father of the transgender empire’) বুলি ক’ব পাৰো৷ তেওঁ হ’ল এগৰাকী ট্ৰেন্স নাৰী, এগৰাকী পুঁজিপতি আৰু অধিবক্তা৷ ট্ৰেন্সজেণ্ডাৰবাদৰ বিকাশ আৰু প্ৰসাৰত তেওঁৰ ভূমিকা আছিল নিৰ্ণায়ক; তেওঁৰ শেহতীয়া প্ৰচেষ্টা হ’ল ট্ৰেন্সহিউমেনিজমক (Transhumanism) লৈ৷ New York আলোচনীয়ে তেওঁক অভিহিত কৰিছে ‘The Trans-Everything CEO’ বুলি – ‘‘Futurist, pharma tycoon, satellite entrepreneur, philosopher. Martine Rothblatt, the highest-paid female executive in America, was born male. But that is far from the thing that defines her. Just ask her wife. Then ask the robot version of her wife.” ১৯৯৫ চনত প্ৰকাশ পোৱা তেওঁৰ The Apartheid of Sex কিতাপত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল – ‘‘Is the categorization of people from the moment of birth as either male or female a form of sexual segregation as pernicious as racial apartheid?’’ তেওঁৰ উত্তৰ আছিল এই যে, হয় – মানুহক মতা আৰু মাইকী বুলি দুটা ভাগত ভাগ কৰাটো বৰ্ণভিত্তিক পৃথকীকৰণৰ সমানেই মাৰাত্মক৷ এই ভয়ংকৰ ব্যৱস্থাৰ অৱসান ঘটাই তেওঁ বিচাৰিছিল ‘‘adoption of a new sexual model that accommodates every possible shade of gender identity’’, ‘‘a new acceptance of human sexuality in all its prismatic variety’’. মন কৰিবলগীয়া কথাটো হ’ল, জেণ্ডাৰ ডিস্ফ’ৰিয়াত ভুগি থকা বা অন্যধৰণে লৈংগিক হাৰাশাস্তিৰ বলি হোৱা কোনো সংখ্যালঘু গোটৰ কথাক লৈ তেওঁৰ অধিক চিন্তা নাছিল; তেওঁৰ লক্ষ্য আছিল পোনপটীয়াভাৱে মানৱ জাতিৰ sexual dimorphismঅক আক্ৰমণ কৰা; ইয়াক ভিত্তিহীন আৰু শোষণমূলক বুলি সাব্যস্ত কৰি নস্যাৎ কৰা৷ আনহাতে, এই নতুন অবাস্তৱ ধাৰণাটোক তেওঁ সাঙুৰি দিছিল বৰ্ণবাদৰ সৈতে৷ এনেকৈয়ে sex denialismঅক এক মানৱাধিকাৰ ইচ্ছ্যু হিচাপে উত্থাপন কৰা হৈছিল, বৰ্ণবৈষম্যবিৰোধী আন্দোলনৰ ঐতিহ্য আত্মসাৎকৰণৰ জৰিয়তে৷ ২০১১ চনত কিতাপখনৰ সংবৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় নতুন নামেৰে – From Transgender to Transhuman: a manifesto on the freedom of form. ইয়াত আমি ট্ৰেন্সজেণ্ডাৰৰপৰা আহি ট্ৰেন্সহিউমেনত উপনীত হ’লোহি৷ মানুহৰ ক্ষমতা আৰু পৰিসীমা অতিক্ৰম কৰি একপ্ৰকাৰ অতিমানৱত পৰিণত হোৱাটোৱেই হ’ল ট্ৰেন্সহিউমেন৷ প্ৰযুক্তিৰ সহায়ত আমি আমাৰ মনটোক শৰীৰপৰা পৃথক আৰু মুক্ত কৰিব পাৰো৷ (উল্লেখ্য যে মৃত্যুৰ পাছত ৰথব্লাটে তেওঁৰ পত্নীৰ এটা ৰবট সংস্কৰণ তৈয়াৰ কৰিছিল৷) বায়’টেক্ন’ল’জিৰ সহায়ত আমি আমাৰ তেজ-মঙহৰ সীমাবদ্ধতা (‘fleshism’) অতিক্ৰম কৰি যাবলৈ চেষ্টা কৰিব লাগে৷ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, জেনেটিক ইঞ্জিনিয়াৰিং, ৰবট, বায়’নিক অংগ আদিৰ সাম্প্ৰতিক যুগত এতিয়া মানুহে প্ৰজাতিটোৰ এক নতুন বিৱৰ্তনৰ কথা ক’বলৈ ধৰিছে – আমি যেন ধূলি-মাটিৰ মানুহৰপৰা উত্তৰিত হৈ ট্ৰেন্সহিউমেন হ’বলৈ গৈ আছো৷ ট্ৰেন্সজেণ্ডাৰ আন্দোলনটো এই ট্ৰেন্সহিউমেনিষ্ট প্ৰজেক্টৰে এটা অংশ হৈ পৰিছে৷ ঠিক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, human augmentation আদিৰ লগৰে এটা বস্তু হ’ল ট্ৰেন্সজেণ্ডাৰ৷ ৰথব্লাটে ক’ব খোজে যে ট্ৰেন্সজেণ্ডাৰ হ’ল ট্ৰেন্সহিউমেন হোৱাৰে এটা পদক্ষেপ – ট্ৰেন্সজেণ্ডাৰ হ’ল এডাল সাঁকোৰ নিচিনা, যিফালেদি গৈ ট্ৰেন্সহিউমেন হ’ব পাৰি৷ ট্ৰেন্সজেণ্ডাৰ মানেই হ’ল শৰীৰৰ ওপৰত মনৰ আধিপত্য – মনৰদ্বাৰা শৰীৰৰ অতিক্ৰমণ, মানুহৰ জৈৱিক বাস্তৱতাৰ ঊৰ্ধলৈ গমন৷ ট্ৰেন্সজেণ্ডাৰ ট্ৰিটমেণ্টে আচলতে মানুহৰ হৈ থকা সমস্যা এটা ঠিক কৰা নাই, বৰং সি মানুহক এক উন্নততৰ স্তৰলৈ উত্তৰিত কৰিছে৷ এয়া আচলতে ট্ৰেন্সহিউমেন হোৱাৰে এটা পৰ্যায়৷ আচলতে ট্ৰেন্সহিউমেনিষ্ট প্ৰজেক্টটো হ’ল প্ৰযুক্তি-পৰিচালিত নব্য উদাৰতাবাদী পুঁজিবাদে দেখুওৱা এটা স্বপ্ন মাথোন৷ ই বিচাৰে যে আমি প্ৰযুক্তিৰ মায়াত আচ্ছন্ন হৈ নিজৰ মাজতে ডুব গৈ থাকো৷ এয়া কোনো মুক্তি নহয়, বৰং কৰ্প’ৰেট পৰিচালিত প্ৰযুক্তিৰ সাম্ৰাজ্যত দাসত্ব গ্ৰহণ কৰাহে – যি আমাৰ শৰীৰৰপৰা মুনাফা আহৰণ কৰিব বিচাৰে, আমাৰ মনটোক নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ মাজত বান্ধি ৰাখিব বিচাৰে, সম্পদ আৰু প্ৰকৃতিৰ লুণ্ঠনৰ প্ৰতি আমাক নিস্পৃহ কৰি ৰাখিব বিচাৰে৷ মানুহ প্ৰজাতিটো হ’ল প্ৰকৃতিৰ সন্তান, বহু বিলিয়ন বছৰৰ বিৱৰ্তনৰ পাছত যাৰ সৃষ্টি আৰু পৃথিৱীৰ সৈতে যাৰ সম্পৰ্ক অবিচ্ছেদ্য৷ মানুহৰ মনটোক স্বাধীন আৰু সৰ্বশক্তিমান বুলি কৈ ট্ৰেন্সহিউমেনিজমে আমাক সেই প্ৰাকৃতিক উৎসৰপৰা বিচ্ছিন্ন কৰিব খোজে৷ ট্ৰেন্সহিউমেন হ’বলৈ যাওঁতে হিউমেনৰ কিছুমান মৌলিক গুণ অন্তৰ্হিত হোৱাটো স্বাভাৱিক – নিজৰ শৰীৰটোৰ নিচিনাকৈয়ে, প্ৰকৃতি সম্পৰ্কেও তেওঁলোক চিন্তিত হোৱাৰ সম্ভাৱনা কম৷ সি যি নহওক, এনেকৈয়ে আমি ট্ৰেন্সজেণ্ডাৰৰপৰা ট্ৰেন্সহিউমেনৰ ধাৰণাত উপনীত হওঁ৷ দুইটা ধাৰণায়েই গোলকীয় বজাৰৰ সৈতে সাঙোৰ খাই আছে, আৰু বজাৰৰ শক্তিবিলাকেই দুইটাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *