বিবিধ চিন্তা

আমি ‘মুক্ত মন’ ৰ অধিকাৰী নে? – (হামজা চৌধুৰী)

আপুনি কেতিয়াবা নিজকে নিজে প্ৰশ্ন কৰে নে, “মই এজন মুক্ত মনৰ মানুহ হওঁ নে?” বুলি? মাজে মাজেই মনলৈ এই ভাৱ টো আহি থাকে-

“সচাঁই কি মই মুক্ত মনৰ মানুহ?” কেতিয়াবা কেতিয়াবা নিজকে নিজে সুধি চাওঁ, “ময়ো মোৰ মন টোক, মোৰ চিন্তাক কাৰোবাৰ ওচৰত বিক্ৰী কৰি দিছোঁ নেকি?”

আমাৰ মনেৰে যিবোৰ চিন্তা কৰোঁ সেই চিন্তা বোৰেই আমাক কোনো এটা বিষয়ত সিদ্ধান্ত লোৱাত সহায় কৰে। আৰু এই সিদ্ধান্ত মতেই আমি দৈনন্দিন জীৱনত আমাৰ কাম কাজ বোৰ কৰি থাকো। গতিকে, আমাৰ মনটো যদি মুক্ত নহয় তেন্তে, আমাৰ চিন্তা বোৰো মুক্ত হ’ব নোৱাৰে। আৰু এনে চিন্তাৰ পৰা লোৱা সিদ্ধান্তই আমাক বাস্তৱ জীৱনত আগবাঢ়ি যাওঁতে সঠিক কাম কাজৰ নিৰ্দেশনা দিব নোৱাৰে। এই খিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব যে আমাৰ মনৰ পৰা উদ্ভৱ হোৱা চিন্তা বোৰৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে কম বেছি পৰিমাণে জীৱনত লগ পোৱা বিভিন্ন ব্যক্তি, পুথি, অভিজ্ঞতা আৰু আমাৰ চাৰিওফালৰ আৰ্থ-সামাজিক পৰিবেশৰ প্ৰভাৱ পৰি থাকে।

কথাবোৰ আলোচনা কৰাৰ আগতে ‘মুক্ত মন’ নো কি বুজাৰ চেষ্টা কৰা ভাল হ’ব। আমাৰ হাত এখন যদি কোনোবাই বান্ধি ৰাখে তেন্তে, সেই হাত খনক আমি যেনেকৈ ‘মুক্ত হাত’ বুলি ক’ব নোৱাৰোঁ ঠিক তেনেকৈ আমাৰ মন টোকো যদি কোনোবাই বান্ধি ৰখাৰ দৰে অতিকৈ প্ৰভাৱিত কৰি আচ্ছন্ন কৰি ৰাখে তেন্তে, আমাৰ সেই মন টোকো ‘মুক্ত মন’ বুলি ক’ব নোৱাৰোঁ। বান্ধি ৰখা হাত খন আমি নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব নোৱাৰোঁ, বৰং বান্ধোতাই হে তেওঁৰ ইচ্ছা অনুযায়ী টনা টনি কৰি থাকিব পাৰে। তেনেদৰে, আমাৰ মন টোকো কোনোবাই যদি আচ্ছন্ন কৰি অতিকৈ প্ৰভাৱিত কৰি লয় তেন্তে, যদিও মনৰ গৰাকী মই তথাপিও কিন্তু এনে অতি প্ৰভাবিত বা অতি আচ্ছন্ন মনে মোৰ সলনি প্ৰভাৱ বিস্তাৰ কৰা লোক বা কাৰকৰ মনৰ চিন্তা হে বেছি কৈ কৰিব আৰু এনে চিন্তাৰ পৰা উদ্ভৱ হোৱা সিদ্ধান্ত বোৰে মোৰ নিজতকৈ সেইজন বা সেই কাৰকৰ কামত অহা কামবোৰ হে কৰিবলৈ উদ্যত হ’ব। কথাটো এনেকুৱা হয়গৈ যে মনটো মোৰ আৰু চিন্তা আনৰ।

তলৰ উদাহৰণটো লৈ মন কৰক-

নিৰ্বাচনৰ সময়ত ‘ক’ দলৰ নেতৃত্বই প্ৰচাৰ কৰিলে, “এই বাৰ আমাৰ বিজয় নিশ্চিত। মূল্য বৃদ্ধি আমি নহয় কোনো চৰকাৰেই ৰোধ কৰিব পৰা নাছিল। দেশৰ ৰাজহুৱা খণ্ড বোৰক বিক্ৰী কৰি হ’লেও আমাৰ ভাষা-সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা আদিক সুৰক্ষিত কৰিছোঁ। দেশৰ কিছু কৃষকে আত্মহত্যা কৰিলেও বৃহৎ উদ্যোগপতি সকলক বিনিয়োগ কৰাৰ সুযোগ দিছোঁ। এই দল স্বদেশীৰ দল, গতিকেই ই আমাৰ নিজৰেই দল। ইত্যাদি, ইত্যাদি…”

‘খ’ দলেও সমানেই প্ৰচাৰত নামি গ’ল, “এইবাৰ ‘ক’ দল পৰাস্ত হোৱাটো নিশ্চিত। এই দলে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে। বৃহৎ উদ্যোগপতি বোৰক কৰ-কাটল ৰেহাই দি সাধাৰণ মানুহৰ মূৰত কৰৰ বোজা জাপি দিছে। জাতি-ভাষা-ধৰ্ম-সমপ্ৰদায়ৰ নামত মানুহক ভাগ ভাগ কৰি দেশখনকে অস্থিৰ কৰি পেলাইছে। আমি কৃষক শ্ৰমিক আৰু সাধাৰণ মানুহৰ বাবে পৰিকল্পনা কৰিম আৰু নিৰাপত্তাও দিব পাৰিম। ইত্যাদি, ইত্যাদি..”

এতিয়া আমি কিছুমানে ‘ক’ দলৰ প্ৰচাৰত প্ৰভাবিত হৈ আৰু কিছুমানে ‘খ’ দলৰ প্ৰচাৰত প্ৰভাবিত হৈ নিজেও প্ৰচাৰত লাগি গ’লো। শুনিবলৈ ভাল লগা এনে ধৰণৰ প্ৰতিশ্ৰুতিৰে ভৰা প্ৰচাৰে কেতিয়াবা সমৰ্থক সকলৰ মনক এনেকৈ প্ৰভাবিত কৰে যে দুই দলৰ সমৰ্থকৰ মাজত হতা-হতি, মৰা-মৰি লাগে। এটা দলে আন দলৰ সমৰ্থকৰ ঘৰ দুৱাৰ পৰ্য্যন্ত জ্বলাই দিয়ে। কেতিয়াবা সংঘৰ্ষই এনে ৰুপ ধাৰণ কৰে যে সমৰ্থকৰ মৃত্যু পৰ্যন্ত হয়। মন কৰিব লগীয়া কথাটো হ’ল যে সাধাৰণতে এনে সংঘৰ্ষ বোৰ দলৰ নেতৃত্বৰ মাজত নালাগে, লাগে সমৰ্থক সকলৰ মাজত হে। গুৰুত্বপূৰ্ণ কথা টো হ’ল এনে ক্ষেত্ৰত আমি সমৰ্থক সকলে আমাৰ মন টোক নেতৃত্বৰ ওচৰত এক প্ৰকাৰ বন্ধকত দিয়াদি দি দিওঁ। মনৰ গৰাকী মই যদিও মোৰ এই মনটোক যেতিয়া ‘ক’ বা ‘খ’ দলক বন্ধকত দি দিলো তেতিয়া সেই দলৰ হৈ চিন্তা কৰা আৰম্ভ কৰি দিলোঁ। আৰু তেতিয়া এনে মনক ‘মুক্ত মন’ বুলিব পাৰি নে? পৰিতাপৰ কথাটো হ’ল, নেতৃত্বতই বেছিভাগ সমৰ্থক ৰ এই ‘মন’ বোৰক বিনামূলীয়া কৈয়ে বন্ধকত পাই যায়।

কোনো এটা সংগঠন বা দল মজবুত হ’বলৈ হয়তো কিছু ‘অন্ধ মন’ ৰ সমৰ্থক বা ‘অন্ধ ভক্ত’ ৰ প্ৰয়োজন আছে কিন্তু ব্যক্তি আৰু সমাজৰ সামগ্ৰিক উন্নতিত এওঁলোকৰ বিশেষ একো ভুমিকা নাথাকে। কাৰণ, নেতৃত্বতই সাধাৰণতে যেতিয়াই দৰকাৰ এনে সমৰ্থক সকলক বুৰ্বক বনাই নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰে। দেশ আৰু জাতিক বিক্ৰী কৰিও এনে সমৰ্থকক পুনৰ মোহাচন্ন কৰি ৰাখিব পাৰে।

আৰু এটি বাস্তৱ উদাহৰণলৈ মন কৰক,

এজন ইছলাম ধৰ্মাৱলম্বী লোকে সাধাৰণতে কয়, “ইছলাম ধৰ্ম হ’ল সৰ্বশেষ ধৰ্ম। ইছলাম মানেই হ’ল শান্তি‌ গতিকে, ই হ’ল শান্তিৰ ধৰ্ম। এই ধৰ্মত কোনো উচ্চনীছ ভেদাভেদ নাই। সেয়ে, এই ধৰ্মই হ’ল শ্ৰেষ্ঠ ধৰ্ম।”

ঠিক তেনেকৈ, এজন হিন্দু ধৰ্মত বিশ্বাসী লোকে সাধাৰণতে কি ক’ব, “হিন্দু ধৰ্ম হ’ল সনাতন ধৰ্ম। এই ধৰ্মই হ’ল আটাইতকৈ পুৰণি আৰু অইন ধৰ্ম বোৰ ইয়াৰ পৰাই কাল ক্ৰমে সৃষ্টি হৈছে। গতিকে, এই ধৰ্ম হ’ল মূল ধৰ্ম, এই ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম।”

ওপৰত উল্লেখ কৰা দুয়োজন ধৰ্ম বিশ্বাসী লোকৰ মনটো যদিও নিজৰ কিন্তু চিন্তা বোৰ তেওঁলোকৰ নহ’বও পাৰে। সৰুৰেপৰাই মা দেউতা আৰু আত্মীয় কুটুমেৰে ভৰা ঘৰুৱা পৰিবেশৰ পৰা শুনি অহা কথা বোৰ, ধৰ্মগ্ৰন্থ, বন্ধু-বান্ধৱ, কিতাপ আলোচনী, চিনেমা আৰু সামাজিক মাধ্যম(social media) আদিত পোৱা জ্ঞানেই আমাৰ মনটোৰ উপৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। প্ৰায় সকলো ইছলাম ধৰ্মাৱলম্বী লোকেই বাল্যকালৰে পৰা ইছলাম ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি বিভিন্ন ভাবে বিভিন্ন সময়ত শুনি থাকে। ঠিক সেইদৰে হিন্দু, খৃষ্টান, শিখ আদি ধৰ্মাৱলম্বী লোকেও একেদৰেই শিক্ষা দি থাকে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, কোনটো ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম বিচাৰ কৰি উলিয়াবলৈ হ’লে আমি প্ৰথমতে যিকোনো ধৰ্মৰ প্ৰভাৱৰ পৰা মনটোক মুক্ত কৰি ল’ব লাগিব। মানে আমি ‘ধৰ্ম মুক্ত’ মনৰ অধিকাৰী হ’লে হে সেয়া সম্ভৱ হ’ব। দুটা শিলৰ কোনটো বেচি গধূৰ জানিবলৈ যেনেকৈ আমাৰ বান্ধি থোৱা হাত দুখন বান্ধোন মুক্ত কৰিলে হে দাঙি চাই ক’ব পৰা হয়। তেনেকৈ, ধৰ্মীয় গোড়ামী, অলৌকিক আবেগ অনুভুতি আদিৰে আচ্ছন্ন হৈ প্ৰভাৱিত হৈ থকা মনটোৰে আমি কোনটো ধৰ্ম উন্নত বা শ্ৰেষ্ঠ কৈ দিব নোৱাৰোঁ।

গভীৰ ভাবে ভাবি চাওঁকছোন, আপুনি এই ক্ষেত্ৰত ‘মুক্ত মন’ বা ‘ধৰ্ম মুক্ত মন’ ৰ অধিকাৰী নে? মনটো যদিও আপোনাৰ কিন্তু আপোনাৰ মনটোক যদি কোনো এটা ধৰ্মই অতিকৈ প্ৰভাৱিত বা আচ্ছন্ন কৰি ৰাখে তেন্তে তেনে মনক ‘ধৰ্ম মুক্ত মন’ বুলিব পাৰি নে? মনৰ গৰাকী যদিও আপুনি কিন্তু এই মনৰ উপৰত থকা ধৰ্মীয় প্ৰভাব ইমান শক্তিশালী যে আপোনাৰ মনটোকে বান্ধি ৰখা দি ৰাখিব পাৰে। আৰু তেতিয়া, এনে মনে আপোনাৰ নিজৰ প্ৰয়োজনত কৈ সেই ধৰ্মৰ প্ৰয়োজনীয় কাম-কাজ বোৰহে বেছি কৈ কৰিবলৈ উৎসাহিত কৰি থাকিব। নিজৰ মনটোক বন্ধকত দি দিয়াৰ দৰে কাৰবাৰ টো হয় গৈ।

গ্ৰন্থ এখনত কি কি কথা বা জ্ঞান থাকিলে সেই গ্ৰন্থ খনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি ক’ব পৰা যায় বাৰু? প্ৰায় প্ৰতিজন ইছলাম ধৰ্মী লোকেই কোৰানক খনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি যে ভাবে-এনেদৰে ভবা মনটোক বাৰু আমি ‘মুক্ত মন’ বা ‘ধৰ্ম মুক্ত মন’ বুলিব পাৰোঁ নে? অইন ধৰ্মাৱলম্বী মানুহ সকলেও এই গ্ৰন্থখনকে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি বিবেচনা কৰে নে? ঠিক তেনেদৰে, ‘ধৰ্ম মুক্ত মন’ৰ অধিকাৰী হ’ব নোৱাৰা বাবেই বাইবেল গ্ৰন্থ খনক খৃষ্টান সকলে সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি ভাবে আৰু বেদ-উপনিশদ বা ৰামায়ণ-মহাভাৰত ক হিন্দু ধৰ্মাৱলম্বী মানুহে সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি ভাবে। এবাৰ সচাঁকৈ যদি আমি আমাৰ মনটোক এই ধৰ্মীয় অতি প্ৰভাৱৰ পৰা মুক্ত কৰি ল’ব পাৰোঁ তেতিয়াহে আমি এই বিষয়ে আমাৰ ‘মুক্ত মন’ ৰ পৰা কিছু সচাঁ ধাৰণা কৰিবলৈ সক্ষম হ’ম।

ওপৰৰ কথা খিনি পঢ়ি থাকোতে যদি আপুনি ভাবিছে, “কোনে কোনখন গ্ৰন্থক সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি ভাবে ভাবি থাকক, সেই লৈ মূৰ ঘমোৱাৰ কি প্ৰয়োজন?” বা “ইছলাম ধৰ্মালম্বী মানুহে ইছলাম ধৰ্মক পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম বুলি ভাবিলেইবা, তেনেকৈ হিন্দু ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি হিন্দু সকলে ভাবিলে ল’লেই যেনিবা- তাকেই লৈ ইমান লিখা লিখি কৰি থকাৰ কি দৰকাৰ?”

এৰা, কথাটো আপুনি ভবাৰ দৰে হ’লে ভালেই আছিল। নিজৰ ধৰ্মটো শ্ৰেষ্ঠ বুলি ভাবি এই শ্ৰেষ্ঠ ধৰ্ম ৰক্ষাৰ্থে বা এই শ্ৰেষ্ঠ ধৰ্মৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যুগে যুগে যদি পৃথিৱীৰ দেশে দেশে ধৰ্মযুদ্ধ বোৰ নহ’ল হেতেন, বিধৰ্মীৰ তেজেৰে ইতিহাস ৰচিত নহ’ল হেতেন। আজিৰ দিনোতো আনকি ‘ইছলামীক বিশ্ব’ প্ৰতিষ্ঠা কৰিবৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত জেহাদীয়ে ধ্বংস লীলা নচলালে হেতেন। গোটেই বিশ্বজুৰি হিন্দুত্ব প্ৰতিষ্ঠাৰ উদ্দেশ্য উগ্ৰ সেৱকে বা উগ্ৰ ভক্ত ই অনাহিন্দুৰ উপৰত জোৰ- জুলোম কৰি অত্যাচাৰ উৎপীৰণ নচলালে হেতেন। কথাবোৰ এনেকুৱা হৈছে গৈ যে আপুনি কি খাব, কি পিন্ধিব, কি কিতাপ পঢ়িব, কি চিনেমা চাব, আনকি কাক প্ৰেম কৰিব-বিয়া পাতিব আদিও আপোনাৰ নিজৰ ইচ্ছামতে বা নিজৰ মনে বিচৰা মতে কৰিব নোৱাৰে। কিছু সংখ্যক উগ্ৰ আৰু অতি কৈ প্ৰভাৱিত মনৰ মানুহেই যেতিয়া বেছি সংখ্যক মানুহৰেই নিজা নিজা ‘মুক্ত মন’ ক দমন কৰিবলৈ বিচাৰে তেতিয়াও যদি আমি মনে মনে থাকো তেন্তে, বুজিব লাগিব যে হয় আমি এই ‘মুক্ত মন’ ৰ গুৰুত্ব বুজাই নাই নহয় আমি জানি-বুজিও এই অল্প সংখ্যক অতি প্ৰভাবিত মনৰ জেহাদী, উগ্ৰ সেৱক, অন্ধ ভক্ত সকলোৰ বৈশ্যতা মানি লৈছোঁ।

সেয়েহে, মাজে মাজে নিজকে নিজেই প্ৰশ্ন কৰোঁ-“মই এজন ‘মুক্ত মন’ৰ মানুহ নে?”, “নে ময়ো মোৰ মনটোক কাৰোবাক বা কোনো দলক বা কোনো ধৰ্মক বন্ধকত দি দিলো?”

‘মুক্ত মন’ৰ অধিকাৰী নোহোৱালৈকে আমি কথাবোৰ ভালদৰে চালিজাৰি চাবলৈ সক্ষম নহয়। যিমান সোনকালে আমি আমাৰ মন টোক মুক্ত কৰিব পাৰিম সিমান সোনকালেই আমি আমাৰ দুখ-দুদৰ্শাৰ আচল কাৰণ বোৰ উলিয়াবলৈ সমৰ্থ হ’ম। যিমান সোনকালে আমি আমাৰ মন টোক ‘ধৰ্ম মুক্ত’ কৰিব পাৰিম সিমান সোনকালেই আমি ধৰ্মীয় গোড়ামী আৰু অন্ধবিশ্বাস,কুসংস্কাৰৰ পৰা মুক্তি পাম। ব্যক্তি আৰু সমাজৰ সামগ্ৰিক উন্নতিৰ বাবে ‘মুক্ত মন’ৰ অধিকাৰী হোৱাটো সেয়েই অতি প্ৰয়োজনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *