গল্প-কবিতা

আপোনাক এটা কথা সুধিছোঁ ‌।‌। মৃদুল কুমাৰ হাজৰিকা

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

মই আপোনাক এটা কথা সুধিব খোজোঁ
মই সুধিব খোজা কথাটো কিন্তু
আপোনাৰ সাক্ষাৎকাৰ বুলি নাভাবিব।

কাৰণ—
মই জানিব নিবিচাৰোঁ
আপোনাৰ নাম কি ?
মই জানিব নিবিচাৰোঁ
আপুনি ভাল পায় কি?

আপোনাৰ পৰিয়ালৰ সংখ্যা !
সেইটোও মোৰ জনাৰ প্ৰয়োজন নাই
আপোনাৰ সম্পত্তি কিমান
সেইটোও মোক নজনাব।

আপোনাৰ আগন্তুক পৰিকল্পনা
মোক নালাগে ক’ব,
আপোনাৰ মনৰ আকাঙ্ক্ষাও
মোক খোলা-খুলিকৈ নক’ব।
বেয়া নাপাব—
আপোনাৰ চৰিত্ৰৰ কথা সুধি
আপোনাক দুখ নিদিওঁ,
বা আপোনাক সুখও নিদিওঁ ।

আপুনিতো জানে—
আপোনাৰ সুখত
আপুনি আনন্দিত হয়,
আৰু আপোনাৰ দুখত
হৃদয়ৰ খুন্দাত আপুনি মৌন হয়।

আপোনাৰ শৰীৰৰ অঙ্গপ্ৰত্যঙ্গ
আমাৰ সকলোৰে লগতে মিলে
আপোনাৰ দৰেই সকলোৱে
জীয়াই থকাৰ সপোন দেখে।

আপোনাক সুধিব লগা কথাটো
আপোনাৰ একান্ত ব্যক্তিগত
অথচ বৰ্তমান সময়ত ই
অত্যাধিক চৰ্চিত।

আপোনাক সুধিব লগা কথাটো
আজি অতি জটিল সন্ধিক্ষণত,
যিটোৰ গাত ধৰি আপুনি ওলমিছে
অথবা আমি ওলমিছোঁ।
যাক লৈ দেশখনৰ ইপাৰ সিপাৰ
যুদ্ধ সদৃশ বাতাবৰণৰ দোমোজাত।

যি এপাত তৰোৱালৰ দৰে
আমাৰ মূৰৰ ওপৰত ঘূৰিব লাগিছে,
ই যেন আস্থাহীন অতি দুৰ্জয় ধুমুহা
দুৰ্বলীয়ে খেদি ফুৰা মনৰ মৰীচিকা।

ইয়াৰ কোনো বৰণ নাই
কিন্তু খং আছে
ইয়াৰ কোনো বিশ্বাস নাই
কিন্তু ধ্বংস আছে।

ইয়াৰ আছে প্ৰীতিহীন সম্প্ৰীতি
ই ধৈৰ্য্যৰ নামেৰেই অধৈৰ্য্য ৰীতি,
মানৱতাৰ কথাৰে ই সম্প্ৰতি মানৱ বৰ্জিত
ধৰ্ষিত মনেৰে মানৱতা লুণ্ঠিত।

আপোনাক সুধিব লগা মোৰ প্ৰশ্নটো হ’ল
আপোনাৰ ধৰ্ম কি?
যাক আপুনি আদৰেৰে
লালিত পালিত কৰি
মানৱীয় বিশ্বাসবোৰ হেৰুৱাই পেলাইছে।

সেয়ে সুধিছোঁ—
আপোনাৰ ধৰ্ম কি?
যাৰ ৰাজনৈতিক বিষ-ক্ৰিয়াত
সম্প্ৰীতি ভাঙিছে
অসুৰৰ বাট লৈছে।

ধৰ্মত দেখোন প্ৰতিযোগিতা আছে
আছে মানৱীয় পৰিধি ভঙা শব্দ,
ধৰ্মত হিংসা আছে, হত্যা আছে
সুষম প্ৰতিশ্ৰুতিৰ আঁৰত লুণ্ঠনো আছে।

আমি কিন্তু
সাগৰ অথবা নদীৰ
এটা ধৰ্ম দেখিছোঁ
য’ত প্ৰাণৰ আয়ুস থাকে।

আমি কিন্তু
পৰ্বত-পাহাৰ
তৰু-তৃণৰ
ধৰ্ম দেখিছোঁ
য’ত প্ৰাণৰ সঞ্জীৱনী থাকে।

আমি কিন্তু
পৃথিৱী আৰু আকাশৰ
সমন্বয়ৰ ধৰ্ম দেখিছোঁ
য’ত জীৱকুলৰ সান্নিধ্য আছে।

সেয়েহে সুধিছোঁ—
আপোনাৰ ধৰ্মই আজি বাৰু ক’বনে
আজিৰ এক মানৱ জাতিৰ কথা?
আপোনাৰ ধৰ্মই ক’বনে
আজিৰ বিজ্ঞানৰ নৱ জাগৰণৰ
আস্থাৰ কথা?
আপোনাৰ ধৰ্মই ক’বনে
মানৱ ইতিহাসৰ সংগ্ৰামৰ কথা?

মই সুধিব লগা আনটো প্ৰশ্ন হ’ল—
ধৰ্ম মানে বাৰু
যুদ্ধ নেকি!
ধৰ্ম মানে বাৰু
বন্দুকৰ কাৰ্তিজ নেকি!
ই বিজ্ঞানৰ হেঙাৰ কিয়?
ধৰ্ম মানে—
জীৱনৰ জটিল সন্ধিক্ষণৰ
ভয়, বিভীষিকা, বিচ্ছেদৰ
গুলিবিদ্ধ হৃদয়ৰ হুমুনিয়াহ নেকি !

সেয়েহে সুধিলোঁ
আপোনাৰ ধৰ্ম কি?
ই বাৰু প্ৰাসঙ্গিক নে?

Leave a Reply

Your email address will not be published. Required fields are marked *