‘অৰুণোদই’ৰ অন্ধবিশ্বাস-বিৰোধিতা ।। প্ৰসেনজিৎ চৌধুৰী
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
যুক্তিবোধৰ উন্মেষতকৈ ভাষা-সাহিত্যৰ বিকাশ আৰু বৈভৱৰ লগতহে অসমীয়াৰ জাতীয় চৈতন্য তথা অস্মিতাৰ বিষয়টো সম্পৃক্ত। মূলতঃ সেইবাবেই বোধহয় আমাৰ আলোচনা-বিলোচনাত সচৰাচৰ অসমৰ প্ৰথম বার্তালোচনী ‘অৰুনোদই’ৰ বৌদ্ধিক অৱদানে যথাযথ গুৰুত্ব পোৱা দেখা নাযায়। কেতিয়াবা এনে ইংগিতো দিয়া হয় যে বার্তালোচনীখনৰ ঘাই উদ্দেশ্যই আছিল ‘অসমীয়া ভাষাৰ ভেটি সুদৃঢ় কৰা।’ (শৰ্মা বাণীকান্ত ১৯৮১, পৃ: ৬৭) আমেৰিকান বেপ্টিষ্ট মিশ্যনেৰীসকলে ১৮৪৬ চনত প্ৰকাশ কৰা ‘অৰুনোদই’ৰ পৰিচয়সূচক বিবৃতিত কিন্তু অসমীয়া ভাষাৰ কোনো উল্লেখ নাই। স্বঘোষিত বিবৃতি অনুযায়ী জ্ঞান ভাণ্ডাৰৰ তিনিটা বিশেষ দিশত একান্তভাবে নিয়োজিত ‘অৰুনোদাই’- ‘devoted to Religion, Science and General Intelligence.’ কোৱা বাহুল্য যে যুক্তিৰ অনুশীলন আৰু বিজ্ঞানৰ তত্ত্ব-তথ্যৰ সমৃদ্ধ সঁফুৰা খুলি দি ‘অৰুনোদই’এ উনৈশ শতিকাৰ শিক্ষিত অসমীয়াৰ মানসত এক অজ্ঞাতপূৰ্ব ভাবাত্মক মাত্রা যোগ দিলে। এচাম লোকৰ চিন্তাৰ প্ৰাংগণ উদ্ভাসিত হ’ল ন ন ধাৰণাৰে তেওঁলোকে দৃঢ়-প্রোথিত বিধান আৰু বিশ্বাসৰ যুক্তিযুক্ততাক প্রশ্ন কৰিবলৈ শিকিলে।
অসমীয়া সাহিত্যৰ বিদগ্ধ বুৰঞ্জীকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই ‘অৰুণোদই’ৰ অৱদানৰ কথা ক’বলৈ গৈ থোৰতে এই বৌদ্ধিক দিশটোৰ আভাস দিছে: ‘পাশ্চাত্য ভাবধাৰাৰ বীজ সিঁচি আধুনিকতাৰ প্ৰতিষ্ঠা কৰাত অৰুনণোদই-এ সহায় কৰে।’ (শৰ্মা সত্যেন্দ্ৰ নাথ, পৃ: ২১৫) অন্য দুই-এগৰাকী লেখকেও এই অৱদানৰ কথা উল্লেখ কৰিছে। শৰ্মা-কথিত ‘পাশ্চাত্য ভাবধাৰা’ৰ স্বৰূপ আৰু স্ববিৰোধিতাৰ বিষয়ে গৱেষিকা তিলোত্তমা মিশ্রই তেওঁৰ ‘অৰুনোদই’ বিষয়ক পর্যালোচনাত দুটামান সূক্ষ্মদর্শী মন্তব্য দিছে। (Tilottoma Misra, p. 79, 86) নিজৰ সাধ্য-সামর্থ্য অনুযায়ী আমিও বিষয়টোত অলপ আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ। (প্রসেনজিৎ চৌধুৰী, পৃ. ১০৩, ১১০) ভৱিষ্যতে কোনো তথ্যনিষ্ঠ গৱেষকে উনৈশ শতিকাৰ অসমৰ বৌদ্ধিক বুৰঞ্জী ৰচনাত মনোনিৱেশ কৰিলে ‘অৰুনোদই’এ অনা অবান্তৰৰ বিপদ বৃত্তান্ত পঢ়াৰ সুযোগ পোৱা যাব বুলি আমি আশা কৰিব পাৰোঁ।
নিঃসংশয়ে ক’ব পাৰি যে অসমীয়াৰ সমাজ-জীৱনত ‘অৰুনোদই’ৰ অভিনৱ বৰঙণি বহুমুখী। এই বাৰে-বৰণীয়া বৰঙণিৰ ভিতৰত যুক্তিৰ প্ৰয়োগ তথা বৈজ্ঞানিক ভাবনাৰ চৰ্চা অন্যতম। অসমীয়াৰ মননাকাশ আধুনিকতাৰ আলোকেৰে পোহৰাই তোলাৰ ক্ষেত্ৰত ‘অৰুনোদই’ৰ ভূমিকা আছিল লেখত ল’বলগীয়া। ঐতিহাসিক হেৰম্বকান্ত বৰপূজাৰীয়ে কোনো দ্বিধা নোহোৱাকৈ কৈছে যে অসমীয়া সংস্কাৰকসকলক মিশ্যনেৰীসকলৰ প্ৰচাৰে বহু পৰিমাণে অনুপ্রাণিত কৰিছিল। (H.K. Borpujari, P. li) কোৱা বাহুল্য, এই প্ৰেৰণামূলক প্ৰচাৰৰ প্ৰভাৱশালী অংগ আছিল ‘অৰুনোদই’ নামৰ বাৰ্তালোচনীখন। সমাজ-সংস্কাৰৰ আৱশ্যকতা বা স্ত্রীশিক্ষাৰ প্ৰয়োজনীয়তাৰ সপক্ষে প্রাঞ্জল ভংগীৰে ‘অৰুনোদই’এ সবল যুক্তি দাঙি ধৰা দেখা যায়। এই ধৰণৰ লেখা-মেলাই বিশেষকৈ তাৰ সমালোচনাত্মক সুৰে— এক নতুন বোধ তথা দৃষ্টিভংগীৰ জন্ম দিলে, শিক্ষিত সমাজে কেতবোৰ আওপুৰণি অন্ধবিশ্বাসৰ অসাৰতা উপলব্ধি কৰিব ধৰিলে ক্ৰমে ক্রমে। প্রশ্নপ্ৰৱণতাক প্রশ্রয় দিয়া বাতাবৰণৰ সৃষ্টি কৰি ‘অৰুনোদই’-এ আধুনিক চিন্তা-ভাবনাৰ উন্মেষ-প্রক্রিয়াত পৰোক্ষভাৱে সাৰপানী যোগাইছিল। প্রসংগত এই কথাও স্মর্তব্য যে উক্ত প্রক্রিয়াত ইংৰাজী শিক্ষা আৰু বংগীয় নৱজাগৰণৰ দৰে কাৰকৰ ভূমিকাও আছিল গুৰুত্বপূৰ্ণ।
মননৰ ক্ষেত্ৰত মুষ্টিমেয় পঢ়ুৱৈৰ এখন সুকীয়া পৃথিৱীৰ পদূলিত উপস্থিত হোৱাৰ বাৰ্তা আমি ‘অৰুনোদই’ৰ পাতত পঢ়িবলৈ পাওঁ। জ্ঞানৰ গতিময় জগতত যি উত্থান-পতন বিদ্যমান- য’ত সত্যৰ তথাকথিত শাশ্বত চৰিত্ৰ প্ৰশ্ন আৰু প্রত্যাখ্যানৰ মুখামুখি হয়- তাৰ সম্ভেদ পাইছিল এচাম চিন্তাশীল অসমীয়াই। ‘অৰুনোদই’ত ছপা হোৱা ‘জি.ৰ.’ৰ এটা লেখাত ইয়াৰ সাক্ষ্য আছে: ‘জ্ঞানৰ উদয় হ’লে মানুহৰ সকলো কুসংস্কাৰ গুচে, সেয়ে হলেই সকলো ভাল।… প্রবিষ্টিত সকলো বিসই ক্রমে লৰি আহিব লাগিছে। পূর্বে কোনো কথা মিচা বুলি জনা গৈছিল, সি এতিয়া সঁচা হৈছে। আৰু পূৰ্বৰ সঁচা বুলি বিশ্বাস কৰা অনেক কথা এতিয়া মিছা প্রমাণ হৈছে।’ (শইকীয়া অৰূপজ্যোতি, পৃ. ১৯৭) সত্যাসত্য সম্পর্কে এনে নির্মোহ উপলব্ধিয়ে পূর্বকলীয়া বিধি-বিশ্বাস কিছুমানৰ ভেটি থৰক-বৰক কৰাটোৱেই স্বাভাৱিক। (এইখিনিতে আমি ভিন ভিন ভাবনাৰ বিনিময় তথা বিৰোধৰ ক্ষেত্ৰত ‘অৰুনোদই’-এ লোৱা ভূমিকা সন্দৰ্ভত অৰূপজ্যোতি শইকীয়াৰ বক্তব্য উল্লেখ কৰিব পাৰোঁ। তেওঁ কৈছে যে ‘অৰুনোদই’ৰ আগলৈকে ৰাজহুৱাভাৱে মতামত বিনিময় কৰাৰ কাৰণে আনুষ্ঠানিক সুবিধা নাছিল, কিন্তু ‘অৰুনোদই’ৰ জৰিয়তে ‘মত বিনিময়’ বা বিতৰ্কৰ আনুষ্ঠানিক সুবিধাখিনি অসমৰ বৌদ্ধিক সমাজে লাভ কৰিলে।’ (উক্ত গ্রন্থ, পৃ. xxxvii-xxxviii) এই ধৰণৰ সুবিধাই নিশ্চয় যুক্তি-চালিত বিসম্বাদ-বিতর্কত ইন্ধন যোগাইছিল।
‘অৰুনোদই’ৰ স্ব-ঘোষিত বিবৃতিত ‘Science’-ৰ স্পষ্ট উল্লেখে এনে ধাৰণাৰ জন্ম দিব পাৰে যে বার্তালোচনীখন আছিল আধুনিক বিজ্ঞানৰ বিশ্বস্ত বার্তাবাহক। পিছে বিশেষভাৱে আৰু গুৰুত্বসহকাৰে দ্রষ্টব্য বিষয় হ’ল, বিবৃতিটোত ‘Relgion’ৰ পিছতহে ‘Science’ক ঠাই দিয়া হৈছে। এই কথাত অৱশ্যে আচৰিত হ’বলগীয়া একো নাই। আমেৰিকান বেপ্টিষ্ট মিশ্যনেৰীসকল আছিল খ্ৰীষ্টান ধৰ্মৰ লক্ষ্যনিষ্ঠ প্রবুদ্ধ প্ৰচাৰক। ‘অৰুনোদই’ৰ প্ৰথম আৰু প্রধান উদ্দেশ্যও যে ধৰ্মৰ প্ৰচাৰ তাত কোনো সংশয় নাই। স্বাভাৱিকতে বিজ্ঞানৰ ব্যৱহাৰৰ বেলিকা তেওঁলোক আছিল সচেতনভাৱে নির্বাচনাত্মক (selective)। বিজ্ঞানৰ তত্ত্ব-তথ্য ব্যৱহাৰ কৰি তেওঁলোকে অ-খ্ৰীষ্টান সমাজৰ জনপ্ৰিয় আৰু মান্য বিশ্বাসবোৰৰ ভিত্তিহীনতা প্ৰমাণ কৰি একেশ্বৰবাদী খ্ৰীষ্টান ধৰ্মৰ মাহাত্ম্য আৰু মংগলকৰ চৰিত্ৰ জাহিৰ কৰিব বিচাৰিছিল। অভিজ্ঞ মিশ্যনেৰীসকলে এই কথাও মর্মে মর্মে উপলব্ধি কৰিছিল যে অন্ধবিশ্বাসৰ আটিল বন্ধন শিথিল নহয়- ধৰ্মান্তৰকৰণতো বাদেই-ধৰ্মৰ প্ৰচাৰৰ কাৰণেও দেশীয় সমাজত উপযুক্ত পৰিৱেশ পোৱা নাযাব। ‘অৰুনোদই’ৰ অন্ধবিশ্বাস-বিৰোধিতাৰ প্রকৃত স্বৰূপ অনুধাৱন কৰিবলৈ হ’লে আমি এই পটভূমিৰ কথা মনত ৰাখিব লাগিব। আনহাতে এই কথাও প্রণিধানযোগ্য যে যুক্তিৰ অনুশীলন আৰু বিজ্ঞানৰ প্রয়োগৰ ক্ষেত্ৰত গুৰুতৰ সীমাবদ্ধতাৰ পৰা মিশ্যনেৰীসকল মুক্ত নাছিল। নিজৰ অসাৰ-অযৌক্তিক ধর্মীয় বিশ্বাসৰ প্ৰতি তেওঁলোকৰ মনোভাব আছিল সংশয়মুক্ত। এটা নমুনা লোৱা যাওক। ‘অৰুনোদই’ৰ লগত বিজ্ঞানৰ বিৰোধ সুস্পষ্ট। প্রথম বছৰৰ আগষ্ট সংখ্যাত ‘ম’-এ কোনো কুণ্ঠা নোহোৱাকৈ লিখিছেঃ ‘প্রিথিবি স্ৰজা পৰা প্ৰাই চ হেজাৰ বছৰ হৈছে।’ (নেওগ মহেশ্বৰ, পৃ. ৬০) এনে উদ্ভট উক্তিৰ লগত বিজ্ঞানৰ বিৰোধ সুস্পষ্ট।
(২)
অন্ধবিশ্বাসৰ অন্ধকাৰ ছানি ধৰা অসমত নিজ ধৰ্মৰ বাণী প্ৰচাৰৰ প্ৰয়োজন নিশ্চয় মিশ্যনেৰীসকলে বৰকৈ অনুভৱ কৰিছিল। ব্ৰিটিছ প্রশাসনৰ হৰ্তা-কর্তাসকলৰ দৰে মিশ্যনেৰীসকল দেশীয় জনসাধাৰণৰ পৰা আঁতৰত নাথাকিছিল। মূলতঃ প্ৰচাৰৰ স্বাৰ্থতেই তেওঁলোকে সাধাৰণ ৰাইজৰ মাজত বিচৰণ কৰিছিল আৰু জন-সংযোগৰ জৰিয়তে প্রচলিত বিশ্বাস সম্পর্কে তেওঁলোকে আহৰণ কৰিছিল পৰ্য্যাপ্ত জ্ঞান। ইয়াৰ সাক্ষ্য আমি পাওঁ মিশ্যনেৰী নথি-পত্ৰ আৰু ‘অৰুনোদই’ৰ কেতবোৰ লেখাত। উদাহৰণ হিচাপে ব্ৰন্সনৰ জার্নালত পোৱা দুটামান আমোদজনক তথ্য উল্লেখ কৰিব পাৰিঃ কিছুমান ভকত ইমানেই শুদ্ধাচাৰী যে ৰান্ধিবলৈ ব্যৱহাৰ কৰা খৰিখিনিও তেওঁলোকে তিয়াই লয় বা অশুদ্ধিৰ আতংকত টকা-পইচাও তেওঁলোকে ধুইহে স্পর্শ কৰে। (হেৰম্বকান্ত বৰপূজাৰী, পৃ. ৬১) এই ধৰণৰ অদ্ভুত আৰু হাস্যকৰ আচৰণে মিশ্যনেৰীসকলৰ সমালোচনাক অধিক পোনপটীয়া, সোচ্চাৰ আৰু আক্ৰমণাত্মক কৰি তুলিছিল বুলি অনুমান কৰিব পাৰি। তেওঁলোকে বুজিছিল যে যুক্তিৰ জোঁৰ লৈ দেশীয় মানুহৰ মনৰ অভাৱশূন্য অৰণ্যত সোমাব নোৱাৰিলে ধৰ্ম প্ৰচাৰৰ কণ্টকাকীর্ণ বাট সুগম আৰু নিৰাপদ হোৱাৰ সম্ভাৱনা নাই। প্রসংগক্রমে উনুকিয়াই থোৱা সমীচীন হ’ব যে ধৰ্ম প্ৰচাৰৰ স্বাৰ্থৰ উপৰি আমেৰিকাৰ পৰা অহা মিশ্যনেৰীসকলৰ বৌদ্ধিক উত্তৰাধিকাৰেও- আধুনিক মূল্যবোধ আৰু ধ্যানধাৰণায়ো- তেওঁলোকক স্থূল, বুদ্ধি-নাশক আৰু ক্ষতিকৰ অন্ধবিশ্বাসৰ বিপৰীত স্থিতি ল’বলৈ উদগনি দিছিল।
মিশ্যনেৰীসকলৰ তমোঘ্ন অভিযানৰ অভিব্যক্তি ‘অৰুনোদই’ৰ কিছুমান ৰচনাত বিদ্যমান। আমাৰ এই নাতিদীর্ঘ লেখাটোত দুটামান দৃষ্টান্তৰ জৰিয়তে আমি সেই অভিযানৰ চৰিত্ৰ অনুধাৱন কৰিবলৈ যত্ন কৰিব পাৰোঁ। ৰোগ-ব্যাধিক বাধা দিবলৈ বা তাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো সমাজৰ সকলো মানুহেই চেষ্টা কৰে। ঘাইকৈ অজ্ঞতাৰ বাবে এনে চেষ্টাত সচৰাচৰ অলীক অপশক্তি বা/আৰু ঈশ্বৰ-বিশ্বাসৰ ভূমিকাই বিশেষ প্রাধান্য পোৱা দেখা যায়। ‘অৰুনোদই’ৰ পাতত আমি মানুহৰ এনে অবাস্তৱ-অযৌক্তিক ৰোগ-ৰোধক চেষ্টাৰ বৃত্তান্ত পঢ়িবলৈ পাওঁ। এই কথা বহুজনবিদিত যে উনৈশ শতিকাৰ অসমত কলেৰাৰ কৰাল আক্ৰমণত বহু লোক মৃত্যুমুখত পৰিছিল। তেনে এক সংকটকালত নগাঁৱৰ ত্ৰস্ত মানুহে কেনেকৈ ‘বুৰা ডাঙ্গৰিয়াক’ তুষ্ট কৰি ব্যাধিক বাধা দিবলৈ বিচাৰিছিল তাৰ সমাচাৰ ‘অৰুনোদই’ (মে’, ১৮৪৭)ত পঢ়িবলৈ পাওঁ। পিছে পূজা-পাতলে মানুহক ৰক্ষা কৰিব নোৱাৰিলে। বুঢ়া ডাঙৰীয়াক পূজা কৰা সত্ত্বেও মানুহ মৰিয়েই থাকিল,’এতেকে আমাৰ মনেৰে হ’লে বুৰা ডাঙ্গৰিয়াক মান্য কৰাৰ একো উপকাৰ নহ’ল।’ (মহেশ্বৰ নেওগ, পৃ. ১৩৬) নক’লেও হ’ব যে ‘আমাৰ মনেৰে’ বোলোতে লেখকে মিশ্যনেৰীসকলৰ মতামতৰ কথাকেই বুজাইছে।
পৰৱৰ্তী কালৰ ‘অৰুনোদই’ (জুলাই ১৯৫১) তো আমি কলেৰাৰ খবৰ পঢ়িবলৈ পাওঁ। কেনেকৈ অসহায়-অপ্রকৃতিস্থ মানুহে ঈশ্বৰৰ নাম লৈ বা নৈৰ পাৰৰ পূজাৰ আয়োজন কৰি কলেৰাৰ কালান্তক গ্ৰাসৰ পৰা ৰক্ষা পাবলৈ বিচাৰিছে তাৰ বৃত্তান্ত ‘মা’ ৰচিত প্রতিবেদনত সন্নিৱিষ্ট কৰা হৈছে। কিন্তু এই উপায়বোৰৰ পৰা সুফল পোৱা নগ’ল। আনহাতে মিশ্যনেৰী ব্ৰন্সনে আমেৰিকাৰ পৰা অনা ঔষধৰ সহায়ত কিছু লোকৰ প্ৰাণ ৰক্ষা পৰিল। (উক্ত গ্রন্থ, পৃ. ৬০৮) কৌতূহলোদ্দীপক কথা হ’ল, ওপৰত উল্লেখ কৰা ১৮৪৭ চনৰ লেখাটোৰ শেষত কোৱা হৈছে যে অন্যান্য ৰোগৰ দৰে কলেৰাও ঈশ্বৰ-প্রেৰিত ব্যাধি আৰু ইয়াক ‘পাপৰ ফল বুলি নিচই জানিবা।’ (উক্ত গ্রন্থ, পৃ. ১৩৭) আমি উল্লেখ কৰা দ্বিতীয় লেখাটোৰ শেষাংশত কিন্তু ‘পাপৰ ফল’ৰ- অর্থাৎ কলেৰাৰ পৰা উদ্ধাৰ পোৱাৰ ক্ষেত্ৰত ‘নতুন ভাল দৰব’ৰ কাৰ্য্যকাৰিতাৰ কথাহে কোৱা হৈছে। (উক্ত গ্রন্থ, পৃ. ৬০৮) অন্ধবিশ্বাস-বিৰোধিতাৰ মিশ্যনেৰী সংস্কৰণত এই ধৰণৰ দ্বিচাৰিতা- বিজ্ঞান-অবিজ্ঞানৰ সহঅৱস্থান-মুঠেও অপ্রত্যাশিত নহয়।
‘অৰুনোদই’ৰ বিভিন্ন সংখ্যাত দেশীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে যিবোৰ লিখা-মেলা ছপা হৈছিল তাৰ লেখকসকলক প্রধানতঃ দুটা ভাগত ভগাব পাৰি-মিশ্যনেৰী আৰু অ-মিশ্যনেৰী। কলেৰা-কালত বিশেষভাৱে বিস্তাৰ লাভ কৰা বিবিধ অন্ধবিশ্বাসৰ প্রমাণিত বিফলতাৰ বৃত্তান্ত মিশ্যনেৰীসুলভ ভংগীৰে উপস্থাপন কৰা দুটা লেখা সম্পর্কে আমি ইতিমধ্যে থোৰতে আলচ কৰিছোঁ। এই দুয়োটা লেখাৰ ৰচক মিশ্যনেৰী- খুব সম্ভৱ প্রতিবেদনধর্মী দ্বিতীয় লেখাটো মাইলছ ব্ৰন্সনৰ কৃতি। মন কৰিবলগীয়া, প্রায় সমধর্মী বক্তব্য অ-মিশ্যনেৰী লেখকৰ ৰচনাতো পাওঁ। ‘অৰুনোদই’ (মে, ১৮৫৭)ত ‘মাউৰ নিবাৰণৰ উপাই’ শীর্ষক এখন চিঠি প্রকাশ পাইছিল। চিঠিখনত লেখকে কলেৰা-কেন্দ্রিক জনপ্রিয় জন-বিশ্বাসক পোনপটীয়া সমালোচনা কৰি লিখিছে- ‘ভূত পিসাঁচ আৰু প্ৰেতলৈ ভই কৰা অকাৰন; কিয়নো ভূতে মাউৰ অনাব নোআৰে। (এটা কথা সোধোঁ, ভূতবিলাক ঈশ্বৰৰ অধিন ন হই নে? ঈস্বৰে নে পাচিলে সিহঁতে কি উপদ্ৰৱ আনিব পাৰে?’ (শইকীয়া অৰূপজ্যোতি, পৃ. ৭৩) বীক্ষণীয় বিষয় হ’ল, লেখকে একেশ্বৰবাদৰ ভিত্তিতহে ভূত-প্ৰেতৰ ক্ষমতাচ্যুতি বিচাৰিছে। তেওঁৰ সমালোচনাত ভূত-প্ৰেতৰ অনস্তিত্বৰ প্রশ্নটোৱে ভূমুকিও মৰা নাই।
অৱশ্যে ভূতৰ অস্তিত্ব যে নাই সেই বিশ্বাস-বিৰুদ্ধ বক্তব্যক নিভাঁজ-নিৰন্ধ্ৰ যুক্তিৰে দাঙি ধৰাৰ সুপ্ৰয়াসো আমি ‘অৰুনোদই’ (এপ্রিল, ১৮৫৭)ৰ বুকুত জিলিকি থকা দেখো। ‘ভূতলৈ ভই কৰা মিচা’ শীর্ষক চিঠিখনত দ্বিধাশূন্য-দ্ব্যর্থহীন ভাষাৰে নিজৰ ব্যতিক্ৰমী বক্তব্য ব্যক্ত কৰিছে: ‘আমাৰ দেসৰ সকলো মানুহৰ মনত ভুতৰ নিমিত্তে এটা বৰ ভই আছে।… কিন্তু এই ভুতৰ কথা সকলোএ পৰস্পৰ সুনা বুলিছে কই, ময়ে দেখিচো বুলি কোনেও কব নোআৰে; তথাপি সকলোএ ইয়া এনেহে বিস্বাস কৰে, জে (উক্ত গ্রন্থ, পৃ. ২১২) ‘প্রমানেৰে’ নিজৰ অভিমত উপস্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পত্ৰ-প্রণেতা গৰাকীৰ বৈজ্ঞানিক মানসিকতাৰ সাক্ষ্য লেখাটোত স্পষ্ট। লক্ষণীয়, অন্ধবিশ্বাস-অপনোদনৰ অর্থে ‘পদার্থ বিদ্যা আদি ভাল ভাল গিয়ান বর্হা পুথি পর্হা উচিত’ বুলি তেওঁ নিজৰ সুচিন্তিত মত প্রকাশ কৰিছে। উক্ত গ্রন্থ, পৃ. ২১৩) বিজ্ঞানৰ অনিষ্ঠ অধ্যয়নে যে বৈজ্ঞানিক মানসিকতাৰ উন্মীলনৰ অমিত অৰিহনা যোগাব পাৰে সেই কথা যুক্তিমনস্ক ‘শ্রীকনক চন্দ্র সৰ্ম্মাই সঠিকভাৱে উপলব্ধি কৰিব পাৰিছিল।
শিক্ষিত অসমীয়াই পুৰনি বিশ্বাস তথা গোড়ামিৰ বিৰুদ্ধে হাতত কলম তুলি লোৱাৰ কিছু দৃষ্টান্ত ‘অৰুনোদই’ত পোৱা যায়। এইসকল আলোকপ্রাপ্ত লেখকৰ ভিতৰত গুণাভিৰাম বৰুৱা অন্যতম। আমি অৱশ্যে ইয়াত গুণাভিৰামৰ সলনি অন্য এগৰাকী লেখকৰ বিশেষ এটা প্ৰবন্ধত প্রতিফলিত হোৱা আধুনিক মনস্কতা সম্পর্কে অনুষ্টুপীয়া আলচ কৰিব বিচাৰিছোঁ। জ্যোতিষ-চৰ্চা আৰু তাৰ সত্যতা সম্পৰ্কে ঋজু ভংগীৰে গভীৰ অনাস্থা প্রকাশ কৰা চুটি লেখা এটা ‘অৰুনোদই’ (অক্টোবৰ, ১৮৬০)ত প্রকাশ পাইছিল। লেখাটোৰ ৰচয়িতা ‘শ্ৰীৰুদ্ৰৰাম দলৈ’। এওঁ নগাঁৱৰ নাট্যকাৰ ৰুদ্ৰৰাম বৰদলৈও হ’ব পাৰে। লেখকে আৰম্ভণিতেই জনাইছে যে ‘অৰুনোদই’ত ইতিপূর্বে গুণাভিৰাম বৰুৱাই লিখা কথাখিনি পঢ়ি তেওঁৰ জ্যোতিষ বিষয়ক বিশ্বাস কিছু সোলোক-ঢোলোক হৈছিল, ‘এতিয়া আনন্দৰাম (ঢেকিয়াল) ফুকনৰ মৃত্যুকে আদি কৰি অনেক নিশ্চয় প্রমাণ পোয়াৰ পৰাহে জ্যোতিষ বা জ্যোতিষীয়া এবিধক মিছা জনা গ’ল।’ (উক্ত গ্রন্থ, পৃ. ৬৫) ‘শ্ৰীৰুদ্ৰৰাম দলৈ’এ জ্যোতিষ-বিশ্বাসৰ বিপৰীতে তেওঁৰ যুক্তি-সমৃদ্ধ বিসম্বাদী বক্তব্য প্রকাশ কৰিছে ‘ক’ (ৰুদ্ৰৰাম) আৰু ‘ভ’ৰ কথোপকথনৰ জৰিয়তে। ‘ভ’ এজন প্রখ্যাত জ্যোতিষী বুলি লেখকে আমাক জনাইছে। ‘ভ’ হয়তো এটা কাল্পনিক চৰিত্ৰ, কিন্তু তেওঁক ‘ৰু’এ কৰা ৰূঢ় প্ৰশ্নবোৰ দৰাচলতে লেখকৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ প্রোজ্জ্বল পৰিচয় দাঙি ধৰিছে। সত্য-নিৰূপণৰ অৰ্থে ‘প্রমাণ’ৰ প্রয়োজনক সর্বাধিক গুৰুত্ব দি ‘ক’এ জ্যোতিষী গৰাকীক শলঠেকত পেলোৱাৰ বচন-নিৰ্ভৰ বৃত্তান্তটো বেছ আমোদজনক আৰু অৰ্থবহ। কথোপকথনৰ প্ৰথমাংশ এই ধৰণৰ-
ক। দেউ, জ্যোতিষ শাস্ত্র মিছা।
ভ। কেলেই মিছা হ’ব? তুমি কেনেকৈ মিছা বুলিলা?
ক। মিছা ন হবলৈ কি আছে? আমি মিছাৰ অনেক প্রমান পাইছোঁ।
অন্যবোৰ কথা পাছ কৰিছোঁ। মৃত বাবু আনন্দৰাম ফুকন, এই দেশৰ এজনা অতি প্রধান লোক আছিল; আৰু তেওঁৰ জন্ম পত্রিকা অৱশ্যে অতি উত্তম জ্যোতিষীয়াৰ হতুয়াই কৰাইছিল; আৰু জ্যেতিষীয়ায়ো কথা প্রমান কৰায় খাটনি লগাবলৈ অৱশ্যে তাক বহু পৰিশ্ৰমেৰে কৰিছিল। আৰু অনেক জ্যোতিষীয়াই তাৰ শুদ্ধা শুদ্ধ চাইছিল। এনে জন্ম পত্রিকাৰেও দেখো তেওঁৰ মৃত্যুৰ প্ৰমাণ নিশ্চয় কৰিব নোয়াৰিলে। শুনিছোঁহঁক বোলে, জন্ম পত্রিকাত তেওঁৰ পৰমায়ু আৰু লিখিছিল। এতেকে জ্যোতিষ শাস্ত্রক কেনেকৈ সঁচা পতিয়াব পাৰি। (উক্ত গ্রন্থ, পৃ. ৬৬)
প্ৰমাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ বৈজ্ঞানিক প্রবনতা এই কথোপকথনত স্পষ্ট। ই আচলতে অসমৰ তমসাচ্ছন্ন মননাফলত এক অভিনব অৰুনালোকৰ ক্ষীন আৰু মন্থৰ আৱিৰ্ভাৱৰ ইংগিত দিয়ে।
(৩)
শিক্ষিত অসমীয়াৰ মনৰ দিগন্ত বহলাই উজলাই এখন অদৃষ্টপূর্ব-অশ্রুতপূর্ব ভুবনৰ সম্ভেদ দিছিল মিশ্যনেৰী-পৰিচালিত ‘অবনোদই’-এ। কোৱা হৈছে, বার্তালোচনীখনে ওঠৰ শতিকাৰ আলোকপ্রাপ্তি (Enlightenment)ৰ উদাৰ ভাবধাৰা বিয়পাই দিছিল এই আওহতীয়া অঞ্চলত। (Tillottoma Misra, p. 76) ইতিপূর্বে উনুকিয়াই আহিছো যে উদাৰনৈতিক আধুনিক ভাবধাৰা আছিল পশ্চিমৰ পৰা অহা আমেৰিকান বেপ্টিষ্টসকলৰ সমৃদ্ধ বৌদ্ধিক উত্তৰাধিকাৰ। অৱশ্যে তেওঁলোকে অসমত সূচনা কৰিবলৈ বিচৰা ভাবান্তৰৰ প্ৰধান লক্ষ্য আছিল একেশ্বৰবাদী খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ। আদর্শ-প্রণোদিত মিশ্যনেৰী হিচাপে ই আছিল তেওঁলোকৰ প্ৰগাঢ় আৰু প্রোথিত কৰ্তব্যনিষ্ঠাৰ পৰিচায়ক। ঘাইকৈ ধৰ্ম-প্ৰচাৰৰ নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁলোকে দেশীয় সমাজৰ কেতবোৰ বদ্ধমূল বিশ্বাস, পুৰণি নীতি-নিয়ম আৰু আচাৰ-অনুষ্ঠানক নৱাগত সমালোচকৰ দৃষ্টিৰে চাইছিল। ইয়াৰ ফলত মুষ্টিমেয় মানুহৰ মনত দ্বিধা, সংশয় তথা প্রশ্নৰ জন্ম হৈছিল, তেওঁলোকে যুক্তিৰে নিশ্চয় কিছুমান কৌটি-কলীয়া বিশ্বাসৰ স্বৰূপ ফঁহিয়াই চোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিল। এই ন প্ৰৱণতা কিমান গভীৰ তথা ব্যাপক আছিল- আৰু তাৰ ধাৰাবাহিকতা কিমান দূৰ অব্যাহত থাকিল- এই প্রশ্নদ্বয় খুবেই গুৰুত্বপূর্ণ। এনে মতো ব্যক্ত কৰা হৈছে যে ‘অৰুনোদই’ৰ পঢ়ুৱৈসকলে সূৰ্য্য আৰু চন্দ্ৰৰ বিষয়ে পশ্চিমীয়া বিজ্ঞানৰ ব্যাখ্যা পঢ়িবলৈ পাইছিল, কিন্তু ‘পাঠকসকলে এইবোৰ কি ধৰণে কিমানখিনি গ্রহণ কৰিছিল সেই বিষয়ে সতকাই মন্তব্য কৰা কঠিন। (অৰূপজ্যোতি শইকীয়া, পৃ. xxxiv) ভাবনাৰ ভুবনত ‘অৰুনোদই’ৰ তাৎক্ষণিক/সুদূৰপ্ৰসাৰী প্ৰভাৱ সম্পর্কে চিন্তা-চৰ্চা তথা গৱেষণাৰ অৱকাশ আছে। এনে অধ্যয়নে প্রভাৱৰ লগতে প্রতিক্ৰিয়াৰ দিশটোও সাঙুৰি ল’লে ‘অৰুনোদই’ৰ উক্ত ভূমিকাৰ ছবিখন স্পষ্ট হ’ব। বর্তমান প্রসংগত আমি আমাৰ ধাৰণা এই প্ৰকাৰে প্ৰকাশ কৰিব পাবো- অধিকাংশ ক্ষেত্ৰত নতুন জ্ঞানৰ অভাব কিয়দংশ আত্মস্থ কৰা অথবা দ্বিধাগ্রস্তভাবে/অনিচ্ছাসত্ত্বেও তাৰ সত্যতা স্বীকাৰ কৰা মানুহ চামৰ চিন্তা-চেতনাত নতুন আৰু পুৰণি পৃথিৱীয়ে সহঅৱস্থান কৰিছিল। বৌদ্ধিক ব্যক্তিত্বৰ দ্বিখণ্ডন (dichotomy) আছিল ইয়াৰ স্বাভাবিক পৰিণাম।
আমেৰিকাৰ বেপ্টিষ্ট মিশ্যনৰ ‘অৰুনোদই’ৰ মূল উদ্দেশ্য সফল হোৱা বুলি ক’ব নোৱাৰি। অসমীয়া সমাজৰ ওপৰত ধৰ্মান্তৰকৰণে উল্লেখযোগ্য প্রভাৱ পেলাব নোৱাৰিলে। কিন্তু মূলতঃ ধৰ্মান্তৰকৰণৰ অৰ্থে চলোৱা প্রত্যক্ষ প্ৰচাৰ তথা দীর্ঘদর্শী দীপ্তিকৰ প্ৰস্তুতিয়ে অসমীয়াৰ মনন আৰু মনোভাবত ৰেখাপাত কৰা নাছিল বুলি ক’লে ভুল কোৱা হ’ব। এইখিনিতে মনু এছ. পিল্লাই নামৰ এগৰাকী ইতিহাসকাৰে অন্য প্ৰসংগত দিয়া এটা সাৰুৱা মন্তব্যলৈ আমি চকু দিব পাৰোঁ। মিশ্যনেৰীসকলৰ শিক্ষা-বিস্তাৰৰ যি আঁচনি তাৰ সফলতা/বিফলতা সন্দর্ভত তেওঁ লিখিছেঃ ‘For missioneries… the religions and educational went had in hand; most of heir ‘naive’ words, however, seperated the strands, accepting education minus direct religious baggage. Hindus, that it desired Enlightenment, but rejected the offer of Christian Enlightenment.’ (Manu S. Pillai, p. 165) এটা অর্থত কথাষাৰ অসমৰ ক্ষেত্রতো প্রযোজ্য। আমেৰিকান বেপ্টিষ্ট মিশ্যনে- বিশেষকৈ ‘অৰুনোদই’-এ তাৰ ধৰ্মীয় দিশটোক সমাজৰ অতি ক্ষুদ্র এটা অংশকহে আদৰি লৈছিল। অর্থাৎ ‘Christian Enlightenment’ৰ প্ৰয়াস সফল নহ’ল। পিছে উল্লেখনীয় বিষয় হ’ল, জ্ঞানালোকৰ কিছু দিশে নিশ্চয় কম-বেছি পৰিমাণে এচাম অসমীয়াক আকৃষ্ট কৰিছিল, তেওঁলোকৰ মন-মননৰ চেহেৰা-চৰিত্ৰ অলপ হ’লেও সলনি হৈছিল। ‘অৰুনোদই’ৰ বুকুত জিলিকি থকা দেশীয় লেখকৰ অন্ধবিশ্বাস-বিৰোধিতা ইয়াৰ অন্যতম প্রমাণ।
গ্রন্থপঞ্জী
শইকীয়া অৰূপজ্যোতি পুনঃ সম্পাদিত অৰুনোদই (১৮৫৫-১৮৫৮): নির্বাচিত সংকলন, নগাঁও, ২০০২
চৌধুৰী প্রসেনজিৎ, অকনোদই, গুৱাহাটী, ১৯৯৫
শর্মা বাণীকান্ত, অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰীসকলৰ
অৱদান, যোৰহাট, ১৯৮১
নেওগ মহেশ্বৰ, পুনঃ সম্পাদিত, অৰুনোদইঃ ১৮৪৬-১৮৫৫, গুৱাহাটী, ১৯৮৬
শর্মা সত্যেন্দ্রনাথ, অসমীয়া সাহিত্যৰ ইতিবৃত্ত, পাঠশালা, ১৯৬৫
বৰপূজাৰী হেৰম্বকান্ত, আমেৰিকান মিছনেৰীসকল আব্ৰু ঊনবিংশ শতিকাৰ অসম, যোৰহাট, ১৯৮৩
H.K. Barpujari, The American Missionaries and North-East India (1836-1900 AD), Guwahati, 1986
Tilottoma Misra, Literature and Society in Assam, Guwahati, 2011
Manu S. Pillai, Gods, Guns and Missionaries. The Making of the Modern Hindu Identity, Gurugram, 2024

