অসমীয়া জাতি আৰু অভিবাসী মুছলমান (ৰূপক বৰুৱা)
মিঞা বা অভিবাসী মুছলমান জনগোষ্ঠী অসমৰ অৱহেলিত, নিস্পেষিত জনগোষ্ঠীবোৰৰ এটা। এইটো জনগোষ্ঠীৰ বহুতো মানুহ অপৰাধপ্ৰৱণ হোৱাৰ কাৰণো লুকাই আছে ইয়াৰ মাজতেই— যিটো কথা আমেৰিকাৰ কৃষ্ণাংগসকলৰ ক্ষেত্ৰতো দেখা যায়। এই জনগোষ্ঠীৰ সৈতে তথাকথিত অসমীয়া “মূলসুঁতি” সমাজখনৰ সংঘাতে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক ব্যাঘাত জন্মাইছে। এই জনগোষ্ঠীটোৰ উপৰিপুৰুষ প্ৰব্ৰজিত হৈ অসমলৈ আহিছিল। বৃটিছে নিজৰ স্বাৰ্থত এই প্ৰব্ৰজনৰ পোষকতা কৰিছিল। সেইসময়ত মানৰ আক্ৰমণ আৰু বাৰে বাৰে হোৱা মহামাৰীৰ কাৰণে অসমৰ জনবসতি আছিল অতি সেৰেঙা। বিপুল পৰিমাণৰ মাটি এনেই পৰি আছিল। আনহাতে বৃটিছ চৰকাৰৰ আয়ৰ মূল উৎস আছিল মাটিৰ খাজনা। সেইবাবে বৃটিছ চৰকাৰে পূৰ্ব বংগৰ ঘন জনবসতিপূৰ্ণ অঞ্চলৰ পৰা মানুহ আনি অসমৰ জনবসতিহীন অঞ্চলবোৰত সংস্থাপিত কৰিছিল খাজনাৰ বৃদ্ধিৰ স্বাৰ্থত। ইয়াৰ বাবে ৰেল লাইনো বহুৱাইছিল। আকৌ পশ্চিম বংগত থকা মৰাপাট মিলৰ মালিকসকল— প্ৰধানকৈ ইংৰাজ, মাৰোৱাৰী মহাজন আদিয়ে—নিজৰ স্বাৰ্থত এই প্ৰবজ্ৰনৰ পোষকতা কৰিছিল। তেওঁলোকে অসমৰ উৰ্বৰ দ মাটিবোৰত অতি পৰিশ্ৰমী আৰু দক্ষ মিঞাসকলৰ দ্বাৰা মৰাপাট খেতি কৰাব বিচাৰিছিল।
সেইসময়ত অসমৰ মধ্যশ্ৰেণীটোৱেও এই প্ৰব্ৰজনৰ পোষকতা কৰিছিল। অসমীয়া জাতীয়তাবাদৰ কাণ্ডাৰী আনন্দৰাম ঢেকীয়াল ফুকনে কৈছিল, “We further impressed with the belief that the people from some of the badly provided parts of Bengal could be likewise invited to emigrate (উৎস, দেৱব্ৰত শৰ্মাৰ “অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ“)। যিবোৰ অঞ্চলত পমুৱা আহি থিতাপি লৈছিল সেইবোৰ অঞ্চলৰ লোকসকলে ইয়াক বিশেষ গুৰুত্ব দিয়া নাছিল। বৰঞ্চ বৰপেটাৰ দৰে কিছুমান অঞ্চলত বহু স্থানীয় বেপাৰীয়ে পমুৱাসকল মাটি বেচা বেপাৰত লাগিছিল। এসময়ৰ মাটিৰ হাকিমৰূপে কাৰ্য নিৰ্বাহ কৰা শৈলধৰ ৰাজখোৱাই লিখিছে, “বৰপেটীয়া অসমীয়া মানুহে তেনেকুৱা দ মাটিত খেতি কৰিব নাজানে আৰু তেওঁলোকে সিমান পৰিশ্ৰমো কৰিব নোৱাৰে। সেই কাৰণে তেওঁলোকে খেতি-বাতিত নিৰ্ভৰ নকৰি বেপাৰ-বাণিজ্যৰ ওপৰতহে বিশেষকৈ নিৰ্ভৰ কৰে। মৈমনচিঙীয়াবিলাক অহাৰ পিছত এওঁলোকৰ ভিতৰৰে কিছুমান বেপাৰীয়ে মাটি কিনা-বেচা বেপাৰত লাগি গ’ল। ……….কিছুমান বেপাৰীয়ে তেওঁলোকৰ নিজৰ একছনা পট্টাৰ মাটিবিলাক চৰুৱাহঁতক বেচিলে। কিছুমানে চৰকাৰী মাটি আৰু চৰণীয়া ৰিজাৰ্ভৰ মাটিবিলাককে তেওঁলোকৰ নিজৰ মাটি বুলি ভুৱা দি চৰুৱাহঁতৰ পৰা টকা লৈ সিহঁতক তাত বহুৱাই দিলে। কিছুমানে নিজৰ একচনা পট্টাৰ মাটিত খাজনা লৈ চৰুৱা বহুৱাই দি জমিদাৰী কৰিবলৈ যাওঁতে লাভে-মূলে হেৰুৱাব লগা হ’ল”। আকৌ “আসাম প্ৰভিঞ্চিয়েল ব্যাংকিং এনেকুৱেৰী কমিটীৰ” ওচৰত সাক্ষ্য দি জগন্নাথ বুজৰবৰুৱাই কোৱা কথাখিনিতো অসমীয়া মানুহে জংঘল ভাঙ্গি মাটি উলিয়াই পমুৱাক বিক্ৰী কৰি ধনী হোৱা কথাৰ উল্লেখ আছে। সেই সময়ত মাটি কিনিবলৈ পমুৱাসকলক বৰপেটাৰ মহাজনজাতীয় অসমীয়া মানুহ, মাৰোৱাৰী মহাজন আৰু মাতব্বৰসকলে ধন ধাৰলৈ দিছিল। বিশিষ্ট লেখক দেৱব্ৰত শৰ্মাই তথ্য-প্ৰমাণ সহকাৰে দেখুৱাইছে যে এই বৃহৎ জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোক ১৮৭১—১৯০১ চনৰ ভিতৰত প্ৰব্ৰজিত হৈ আহিছিল। এই প্ৰব্ৰজন পৃথিৱীৰ ভিতৰতেই লেখত ল’বলগীয়া আছিল। ১৯৩৯-৪৫ চনৰ ভিতৰত হোৱা প্ৰৱজ্ৰনক সেই সময়ৰ মুখ্যমন্ত্ৰী চাদুল্লাই পোষকতা কৰিছিল বুলি কোৱা হয়। কিন্তু দ্বিতীয় মহাযুদ্ধ ইউৰোপ, আফ্ৰিকাৰ পৰা পূব এছিয়ালৈ বিয়পি পৰা লগে লগে অবিভক্ত অসমৰ বিভিন্ন ঠাইত বৃটিছ, আমেৰিকান, অষ্ট্ৰেলিয়ান, চীন আৰু ভাৰতীয় সৈন্যৰ শিবিৰ পতা হ’ল। বৃটিছ চৰকাৰে সৈন্য-বাহিনীৰ খাদ্য যোগানৰ বাবে আৰম্ভ কৰিলে Grow more food আঁচনি। ইতিমধ্যে পূৰ্ব বংগত দুৰ্ভিক্ষ আৰম্ভ হৈছিল। ছাদুল্লাৰ মুছলিম লীগৰ চৰকাৰক গাদীত বহুৱাই আৰু আকালগ্ৰস্ত পূৰ্ব বংগৰ পৰা মানুহ আনি বৃটিছ চৰকাৰে এই আঁচনি কাৰ্যকৰী কৰিছিল। প্ৰব্ৰজনৰ বিষয়ে বাঁওপন্থী বুদ্ধিজীৱী অনিল ৰায় চৌধুৰীয়ে লিখিছে, “কিন্তু যিভাৱে চৰুৱাবোৰ আহিবলৈ ধৰিলে সিয়ে চৰকাৰৰ ৰাজহ বৃদ্ধিকে ধৰি অৰ্থনৈতিক আৰু বৈষয়িক উন্নতিৰ পথত আগবঢ়াই নিলেও সাংস্কৃতিক ক্ষেত্ৰত গোলমাল লগালে। কাৰণ চৰুৱাবিলাকৰ প্ৰায় ৮৫% লোকৰ ধৰ্ম আছিল ইছলাম আৰু জীৱন পদ্ধতি খাদ্যাখাদ্য আদিৰ ক্ষেত্ৰত ইয়াত থকা থলুৱাৰ (যাৰ ৯৫% অনা মুছলমান) বাবে আচহুৱা আছিল। অসমৰ থলুৱা জনগোষ্ঠীৰ মাজৰ ইছলামধৰ্মীয়খিনিয়ে থলুৱা হিন্দুসকলৰ আচাৰ-বিচাৰ আদি বুজি পোৱাৰ উপৰিও বিৰোধৰ কাৰকসমূহ এৰাই সংশ্লেষণ আৰু সহিষ্ণুতাৰ দ্বাৰা দীৰ্ঘকাল একেলগে বসবাস কৰি আহিছিল। সমাজ জীৱনত এনেবোৰ ধৰ্মীয় আচৰণৰ বিভিন্নতাই কোনো প্ৰতিক্ৰিয়া কৰা নাছিল।
কিন্তু চৰুৱাসকলৰ জীৱন তথা সমাজ প্ৰণালী, ধৰ্ম-বিশ্বাস, সংস্কৃতি আদি থলুৱাসকলৰ আনকি থলুৱা ইছলামধৰ্মীসকলৰ বাবেও আচহুৱা যেন লাগিছিল। ফলত চৰুৱাসকলৰ অলপ সময়ৰ ভিতৰতে ইমান বেছিকৈ হোৱা আগমনে আৰু হেতুহীন সন্দেহৰ কাৰণে ধৰ্ম আৰু সংস্কৃতিৰ দিশৰ পৰা ঠায়ে ঠায়ে সামাজিক আতংকৰ সৃষ্টি কৰিছিল। এই কথাটোৱে লাইন প্ৰথাৰ প্ৰৱৰ্তন হেতু উলিয়াই দিছিল। বিট্ৰিছ শাসকসকলে ১৯১৬ চনত লাইন প্ৰথাৰ সৃষ্টি কৰি ১৯২০ চনৰ পৰা তাক প্ৰৱৰ্তন কৰে। স্বাভাৱিক সংশ্লেষণ আৰু সমন্বয়ৰ প্ৰক্ৰিয়াত লাইন প্ৰথাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। বিট্ৰিছ শাসকে সৃষ্টি কৰা এই লাইন প্ৰথাও আছিল ভেদবাদী উদ্দেশ্যৰ এটা ব্যৱস্থা। ১৯২০ চনৰ পিছতো পূৰ্ব বংগৰ পৰা এই প্ৰব্ৰজন বিভিন্ন সময়ত কম বেছি পৰিমাণে হৈ আছিল। কিন্তু বৃটিছে এই প্ৰব্ৰজনক এহাতে প্ৰৰোচিত কৰিছিল আকৌ আনহাতে অতিৰঞ্জিত তথ্যৰে অসমৰ জনসাধাৰণক আতংকিত কৰিছিল। সেইসময়ৰ (১৯৩১) লোকপিয়ল আয়ুক্ত মুলান চাহাবে প্ৰব্ৰজনৰ ফলত অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব বুলি প্ৰৰোচিত বক্তব্য দিছিল। তেওঁ কৈছিল যে ১৯৩১-৬১ চনৰ ভিতৰত শিৱসাগৰৰ বাহিৰে অসমৰ ক’তো অসমীয়া ভাষা কোৱা মানুহ বিচাৰি পোৱা নাযাব, যিহেতু সকলো ঠাইতে পমুৱাৰ আক্ৰমণ চলিব আৰু অসমীয়া ভাষা নিঃশেষ হ’ব। এই বক্তব্য অসমীয়া মধ্যশ্ৰেণীয়ে সৰোগত কৰি লৈছিল। প্ৰখ্যাত বুদ্ধিজীৱী হীৰেন গোঁহায়ে সেইহে মন্তব্য কৰিছে, “মুলান চাহাবৰ ত্ৰাসসঞ্চাৰী উক্তি অসমীয়া বুদ্ধিজীৱীৰ মুখস্থ।……..দেখি দুখ লাগে যে আজি অসমত এচাম ঐতিহাসিকে ব্ৰিটিছ যুগকে ‘অসমৰ স্বৰ্ণযুগ’ বুলিবৰ দুঃসাহস কৰিছে আৰু এই কথা আমাক পাহৰাই দিব খুজিছে যে আমাৰ বৰ্তমানৰ বহু ভীষণ সমস্যা ব্ৰিটিছ ঔপনিবেশিক নীতিৰে ফলশ্ৰুতি”। এই প্ৰব্ৰজন অসমৰ মধ্যশ্ৰেণীয়ে অসমীয়া জাতিৰ অস্তিত্বৰ কাৰণে ভাবুকি আৰু অভিবাসী মুছলমানসকলক শত্ৰু হিচাপে গণ্য কৰিছিল। এই অভিবাসী মুছলমান বা মিঞা-বিদ্বেষে অসমীয়া জাতীয়তাবাদক ফেচীবাদলৈ পৰিণত কৰিছিল। অথচ এই জনগোষ্ঠীক বিভিন্ন সময়ত অসমীয়া হিচাপে লোৱা-নোলোৱাৰ হিচাপো মধ্যশ্ৰেণীটোয়ে কৰিছিল। উগ্ৰ জাতীয়তাবাদী বুলি পৰিচিত বাগ্মীবৰ নীলমণি ফুকনে ১৯৩৫ চনৰ ১২ চেপ্টেম্বৰ সংখ্যাৰ “দৈনিক বাতৰি” সম্পাদকীয় স্তুম্ভত লিখিছিল, “আমিও নিজেও বিশ্বাস কৰি আহিছোঁ মৈমনসিঙীয়া ইমিগ্ৰেণ্টসকল প্ৰকৃততে অসমীয়া হ’বলৈ ইচ্ছুক আৰু নহ’লে তেওঁবিলাক কেতিয়াও আমাৰ বুকুত এখন সুকীয়া মৈমনসিং পাতি সুখে-শান্তিৰে খাই-বৈ থাকিবলৈ সুবিধা নাপাব। তাৰফলত তেওঁবিলাকৰ নাতি-পুতিয়ে শেহত শাও দিবলৈ বাধ্য হ’ব”। কিন্তু এই অসমীয়া মধ্যশ্ৰেণীটোৱেই লাইন প্ৰথাক সমৰ্থন কৰি অভিবাসী মুছলমানসকলক অসমীয়া সমাজৰ পৰা আঁতৰত ৰখাৰ পোষকতা কৰিছিল। ইয়াৰ ফলত এই অভিবাসী মুছলমানসকল অসমীয়া জাতিৰ লগত মিলি যোৱাত পলম আৰু জটিল হৈ পৰিল। পমুৱাসকল অসমীয়া জাতিৰ লগত মিলি যোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ১৯৩৮ চনত লাইন প্ৰথা সমিতিৰ ওচৰত সাক্ষ্য দি ৰত্নকান্ত বৰকাকতী কৈছিল, “A immigrant may be allowed to settle anywhere he likes, free from all restrictions. Only at a stage when he will be an Assamese out and out by adopting Assamese language and culture”। ১৯৩০ চনত মুছলিমসকলে সাংবিধানিক সুৰক্ষা লৈয়ে সন্তুষ্ট থাকিব বিচাৰিছিল। অসম উপত্যকাৰ মুছলিম ৰাজনৈতিক সন্মিলনৰ ১৯৩৫ চনৰ অধিবেশনত এহাতে মুছলিম লীগৰ চৈয়দ চাদুল্লা আৰু আনহাতে কংগ্ৰেছৰ ফখৰুদ্দিন আলি আহমেদ উপস্থিত আছিল। তাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলিমৰ বাবে সংৰক্ষণৰ দাবী কৰা হৈছিল। কিন্তু তেওঁলোকৰ এই দাবীয়ে গুৰুত্ব নাপালে। তেওঁলোকৰ দাবী অৰণ্যৰোদনত পৰিণত হ’ল। ইয়াৰ ফলত মধ্যশ্ৰেণী অসমীয়া মুছলমানসকলো পাকিস্তানৰ দাবীত ওলাই আহিল। সেয়েহে ১৯৪৬ চনত অসমত হোৱা সাধাৰণ নিৰ্বাচনত মুছলীম লীগে “পাকিস্তানৰ” দাবী আগত লৈ প্ৰচাৰ কাৰ্য চলাইছিল। আনহাতে গোপীনাথ বৰদলৈৰ নেতৃত্বত থকা জাতীয় কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাইছিল এনেধৰণে, “যদিহে অসম প্ৰদেশখন অসমীয়া আৰু অসমীয়া সংস্কৃতিৰ আধাৰত গঠন কৰিব পৰা নাযায় তেন্তে অসমীয়া জাতি আৰু সংস্কৃতিৰ অস্তিত্ব অসম্ভৱ হৈ পৰিব। বাংলাভাষী চিলেট আৰু কাছাৰ অসমত অন্তভুৰ্ক্তি কৰাৰ বাবে তথা পতিত মাটিত বহুৱাৰ বাবে প্ৰব্ৰজন কৰা বা আমদানি কৰা লাখ লাখ বঙালীয়ে অসমৰ স্বতন্ত্ৰতা নোহোৱা কৰি পেলাইছে। ইয়াৰ এক সঠিক সমাধানৰ বাবে আৰু অসমবাসীৰ আগত দেখা দিয়া এই বৃহৎ সমস্যা সমাধান কৰা বাবে কংগ্ৰেছ দলক বিধান সভাত সৰ্ববৃহৎ দল হিচাপে প্ৰতিষ্ঠা কৰক”। কংগ্ৰেছ দলৰ এই আহ্বানক প্ৰখ্যাত ইতিহাসবিদ অমেলেন্দু গুহয়ে উগ্ৰ-জাতীয়তাবাদী চেতনাৰে সংপৃক্ত বুলি মত প্ৰকাশ কৰিছে তেওঁৰ Planter Raj to Swaraj গ্ৰন্থত। প্ৰখ্যাত বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে অমলেন্দু গুহৰ এই ধাৰণাক মাৰাত্মক বুলি কৈছে (দ্ৰষ্টব্য: “বন্দৰ কাল” গ্ৰন্থৰ “অসমৰ সমস্যা আৰু জাতীয়তাবাদৰ প্ৰতিশ্ৰুতি”)। কিন্তু মুচলীম লীগ আৰু কংগ্ৰেছৰ মাজৰ এই যুঁজে আৰু তেওঁলোকৰ এই আহ্বানে অসমীয়া সমাজখনত বিভেদ বৃদ্ধি কৰিলে আৰু অভিবাসী মুছলমানসকল অসমীয়া জাতিৰ শত্ৰু বুলি অসমীয়াৰ ভুৱা জাতীয় চেতনাৰ কেন্দ্ৰবিন্দুত স্থান পালে আৰু পৰৱৰ্তী প্ৰায়বোৰ নিৰ্বাচনত ই প্ৰধান ইচ্ছু হৈ থাকিল। ইয়াৰ ফলত জনসাধাৰণৰ গণতান্ত্ৰিক চেতনাৰ বিকাশক ৰুদ্ধ কৰি সাম্প্ৰদায়িক চেতনা প্ৰবল হৈ পৰিল।
১৯৪৭ চনত কেবিনেট মিছনে যিবোৰ প্ৰস্তাৱ উত্থাপন কৰিছিল তাক লৈ গোপীনাথ বৰদলৈ আতংকিত হৈছিল। উচ্ছেদ কাৰ্য তীব্ৰ নকৰিলে অসমক পাকিস্তানত অন্তভুৰ্ক্তিৰ দাবী তীব্ৰ হ’ব বুলি তেওঁ ভয় খাইছিল আৰু ইয়াৰ ফলতেই তেওঁ উচ্ছেদ অভিযান তীব্ৰ কৰি তুলিছিল (“১৯৪৫-৫০ অসম -১”, মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতা) কিন্তু উচ্ছেদে অসমক পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা কেনেদৰে বচাব, তাৰ ব্যাখ্যা কিন্তু এই গ্ৰন্থত নাই। অথচ উচ্ছেদে “পাকিস্তান”ৰ দাবীৰ প্ৰতি সাধাৰণ মুছলমানৰ সমৰ্থন বৃদ্ধিহে কৰিছিল। মন্ত্ৰীসভা গঠন কৰা পিচতে গোপীনাথ বৰদলৈয়ে ১৯৪৫ চনত স্বাক্ষৰিত হোৱা ত্ৰিপাক্ষিক চুক্তিক আলম কৰি উচ্ছেদ কাৰ্য চলাইছিল। কিন্তু এই ত্ৰিপাক্ষিক চুক্তিত থকা মাটিপট্টন সম্পৰ্কীয় ঘোষণা কাৰ্যকৰী কৰাত বিশেষ গুৰুত্ব দিয়া নাছিল। গোপীনাথ বৰদলৈৰ মুছলিম প্ৰব্ৰজনৰ বিৰোধিতা আৰু উচ্ছেদ কাৰ্যক সেইসময়ৰ নৰম হিন্দুত্ববাদী বল্লৱ ভাই পেটেলে সমৰ্থন কৰিছিল। তেওঁ গোপীনাথ বৰদলৈলৈ লিখিছিল, “You will have my full support in your stand on legal rights, not an inch of land should be surrendered to the illegal immigrants and must stand solidly and firmly on the policy you are implementing”। আনকি পেটেলে প্ৰয়োজন সাপেক্ষে সামৰিক বাহিনী পঠোৱা হ’ব বুলি বৰদলৈক আশ্বাস দিছিল (অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ)। এই উচ্ছেদ এচামৰ কাৰণে আছিল অস্তিত্ব ৰক্ষাৰ (?) ৰণ আকৌ এচামৰ কাৰণে আছিল বাসস্থান, জীৱন-জীৱিকা হেৰুৱাই জীয়াই থকা অধিকাৰৰ পৰা বঞ্চিত হোৱা। উদাৰবাদী মুছলমান নেতা আতাউৰ ৰহমানে উচ্ছেদৰ বিষয়ে লিখিছে এনেদৰে, “A first class magistrate sitting comfortably at a hauda atop an elephant escorted by police and other officers, a big continent of polices and a huge cheering crowd as if it were a great festival celebration……
গোপীনাথ বৰদলৈৰ একক প্ৰচেষ্টাত ১৯৫০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত “ইমিগ্ৰেণ্টছ একপালশ্যান ফ্ৰম আছাম” শীৰ্ষক আইনখন জাৰি কৰা হ’ল। আইনখনৰ জৰিয়তে অসম চৰকাৰে সকলো অবৈধ প্ৰব্ৰজনকাৰীক অসমৰ পৰা খেদি পঠিওৱাৰ অধিকাৰ পালে (১, ১৯৪৫-৫০, অসম, মৃনাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতা)। কিন্তু সেই সময়ত হিন্দু সভা, RSS দৰে সংগঠনে বঙালী প্ৰব্ৰজনকাৰীসকলক শৰণাৰ্থী হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। ইতিমধ্যে কংগ্ৰেছৰ হিন্দুত্ববাদী নেতা পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে নেতাৰ প্ৰৰোচনাত বিহাৰৰ পৰা বিপুল সংখ্যক হিন্দু অসমলৈ প্ৰব্ৰজিত হৈছিল। ইয়াৰ সমসাময়িকভাৱে ১৯৪৯ চন মানৰ পৰা ট্ৰাইবেল বেল্ট আৰু ব্লক অঞ্চলত চৰকাৰে হেজাৰ হেজাৰ বঙালী হিন্দু ভগনীয়াক শৰনাৰ্থী হিচাপে বিবেচনা কৰি সংস্থাপন দিছিল। এই বঙালী হিন্দুসকলৰ একাংশ হিন্দু মহাসভাৰ হিন্দুত্ব ধাৰণাৰ দ্বাৰা প্ৰভাৱিত আছিল আৰু তেওঁলোক স্থানীয় জনজাতীয় আৰু হিন্দুসকলক মুছলমানসকলৰ বিৰূদ্ধে উচটাইছিল। ইয়াৰ ফলত ১৯৫০ চনৰ মাৰ্চ মাহত একপক্ষীয়ভাৱে সমগ্ৰ অবিভক্ত গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাত সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাত হয়। প্ৰধানকৈ অভিবাসী মুছলমানসকলৰ গাঁওবোৰ আক্ৰমণ কৰি ঘৰবাৰী জ্বলাই দিয়া হ’ল। বহুতক হত্যা কৰা হ’ল। এনেদৰে হাজাৰ হাজাৰ নিঠৰুৱা অভিবাসী মুছলমানক পৰিকল্পিতভাৱে গোৱালপাৰা জিলাৰ পশ্চিম সীমান্তইদি পূব পাকিস্তানলৈ খেদি পঠোৱা হ’ল। ইয়াক “বঙাল খেদা” বোলা হয়। অৱশ্যে ১৯৫০ চনৰ ৮ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ দুই প্ৰধানমন্ত্ৰীৰ মাজত স্বাক্ষৰিত হোৱা ‘নেহৰু-লিয়াকৎ আলী” নামৰ চুক্তিখনৰ অনুসৰি তেওঁলোকক পুনৰ সংস্থাপন কৰা হয়। এই সংস্থাপন প্ৰক্ৰিয়া ১৯৬৩-৬৪ চনলৈকে চলিছিল (“বড়ো-মুছলমান সম্পৰ্কঃসংঘাত-সম্প্ৰীতি, ঐতিহাসিক-আৰ্থসামাজিক দৃষ্টিপাত, ইন্দিবৰ দেউৰী, নতুন পদাতিক, ১ অক্টোবৰ,২০১২)। ইমানবোৰ হোৱা পিছতো ১৯৫২ চনত হোৱা লোকগণনাত এই অভিবাসী মুছলমানসকলে অসমীয়াক মাতৃভাষা হিচাপে লিখোৱাইছিল যাৰদ্বাৰা অসমীয়া ভাষাক সংখ্যালঘূ হোৱাৰ পৰা বচাইছিল। এই অভিবাসী মুছলমানসকল নিজ নিজ অঞ্চলত অসমীয়া ভাষাৰ বিদ্যালয় পাতি নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱাইছিল আৰু অসমীয়াৰ লগত মিলি যাবলৈ চেষ্টা কৰিছিল। ।কিন্তু ইয়াৰ বিপৰীতে উগ্ৰ জাতীয়তাবাদী পক্ষৰ পৰা বিভিন্নধৰণে অভিবাসী মুছলমানসকলৰ ওপৰত আক্ৰমণ, অত্যাচাৰ চলি থাকিল। লাহে লাহে অভিবাসী মুছলমানসকল কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলবোৰৰ কাৰণে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ হ’বলৈ ধৰিলে। বহু যুগ ধৰি তেওঁলোকৰ শিক্ষা, অৰ্থনৈতিক উন্নয়ন আদি বিষয়ত গুৰুত্ব দিয়া নহ’ল। গণতান্ত্ৰিক অধিকাৰ, মানৱ অধিকাৰ আদি বিষয়বোৰৰ পৰা তেওঁলোক বহু দূৰত থাকিল। ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ সময়ত অভিবাসী মুছলমানসকলৰ ওপৰত আকৌ অত্যাচাৰ, আক্ৰমণ চলিল। তেওঁলোকৰ গাঁওবোৰ জ্বলাই দিয়া হৈছিল। বহুতক হত্যা কৰা হৈছিল। শিশু আৰু গৰ্ভাৱতী মহিলাও সাৰি যোৱা নাছিল। ১৯৮৩ চনত নেলীকে ধৰি বিভিন্ন ঠাইত ঘটিল নৃশংস গণ-হত্যা। প্ৰায় ২০০০জন অভিবাসী মুছলিম সম্প্ৰদায়লোকক হত্যা কৰা হ’ল। এনেধৰণৰ ঘটনা অসমৰ বিভিন্ন ঠাইত ঘটিল। মুকালমুৱা থানাৰ অন্তৰ্গত চাউলখোৱা, টিহুৰ বাথানটাৰি, পাখামাৰা আদি গাঁওবোৰত এনে নৃশংস গণহত্যা সংঘটিত হ’ল। ইয়াৰ পিছতে সংখ্যালঘূৰ সংগঠন আমছুৰ জন্ম হ’ল। জন্ম হ’ল গোলাম ওছমানীৰ ইউ এম এফ শেষত জন্ম হ’ল বদৰউদ্দিন আজমলৰ এ.আই.ডি.ইউ.এফ। এটা সময়ত ছয় বছৰীয়া অসম আন্দোলন সামৰণি পৰিল। সেইসময়ত অসমীয়া মধ্যশ্ৰেণীৰ স্থিতি আকৌ সলনি হ’ল। জাতীয়তাবাদী ঔপন্যাসিক হিতেশ ডেকাই ১৯৯৫ চনৰ তেওঁৰ সাহিত্য সভাৰ সভাপতি অভিভাষণত কৈছে, “…….চৰ অঞ্চলত অসমীয়া ভাষা সণ্ঢালনিকৈ চলি আছিল, আজিও আছে। চৰ নিবাসী অসমীয়া লোকসকলে অসমীয়া ভাষা গ্ৰহণ কৰি আমাৰ মাজত সৌহাৰ্দ্য ভাব টনকিয়াল কৰি ৰাখি আছে। বৰ্তমান পৰিস্থিতিত ৰাজনৈতিক কবলত পৰি চৰ অঞ্চলত অসমীয়া ভাষাক এলাগী কৰাৰ নতুন ষড়যন্ত্ৰ চলিছে। “আকৌ শৰাইঘাট” উপন্যাসত অভিবাসী মুছলমানৰ প্ৰতি অৱজ্ঞাসূচক মন্তব্য কৰা আৰু তেওঁলোকক বিদেশী বুলি কোৱা লক্ষ্মীনন্দন বৰাই কৈছে, “তেওঁলোকক এতিয়া পমুৱা মুছলমান বা ন-অসমীয়া বুলিও কোৱা অনুচিত, কাৰণ অসমীয়া সংস্কৃতিৰ আত্মীকৰণ প্ৰক্ৰিয়া ইমানেই সক্ৰিয় আৰু তেওঁলোকৰ অসমীয়া জীৱনৰ মূল সুঁতিলৈ আহিবলৈ ইমানেই আগ্ৰহ আৰু প্ৰচেষ্টা যে তেওঁলোক পূৰা অসমীয়া। পণ্ডিত ড° মহেন্দ্ৰ বৰা, গল্পকাৰ মহিম বৰা, লেখক নগেন শইকীয়া আদি যিসকলে অসম আন্দোলনৰ সময়ত অভিবাসী মুছলমানসকলৰ ওপৰত হোৱা পাশৱিক অত্যাচাৰক মৌন হৈ সমৰ্থন জনাইছিল, তেওঁলোকৰ মন্তব্যও সলনি হ’ল। ড° নগেন শইকীয়াই ১৯৯৭ চনৰ বিলাসীপাৰা সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ অভিভাষণত লিখিলে, “পূৰ্ববংগৰ পৰা খেতিয়কসকল আহি বহিলহি ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত। তাতেই লাহে লাহে গঢ় লৈ উঠিল বৃহত্তৰ অসমীয়া সমাজৰ এটা অংগ। নদী আৰু পানীৰ লগত সহ-অৱস্থানৰ কষ্টকৰ জীৱন। মানৱীয় আশা-আকাংক্ষা, সুখ-দুখ, হাঁহি-কান্দোনেৰে ভৰি উঠিল লুইতৰ বুকু” (অসম আন্দোলন, প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, সম্পাদনা ড° হীৰেন গোহাঁই আৰু ড° দিলীপ বৰুৱা)।
বৰ্তমান আকৌ বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিয়ে অভিবাসী মুছলমানসকলক অসমীয়া জাতিৰ পৰা আঁতৰাই পঠাব বিচাৰিছে। সমাজত তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই থকা হৈছে। তেওঁলোকৰ বিৰুদ্ধে নিৰ্দয় ভাবে উচ্ছেদ চলোৱা হৈছে। কাজিৰঙা আৰু গৰুখুটিত হোৱা উচ্ছেদ ইয়াৰ উদাহৰণ। ইয়াৰ দ্বাৰা ঠেক আৰু উগ্ৰজাতীয়তাবাদী অসমীয়া সত্বাটোক সন্তুষ্ট কৰা হৈছে আৰু লগতে ভিন্ন জন-গোষ্ঠীৰ সংমিশ্ৰণেৰে আৰু হিন্দু-মুছলমানৰ সমন্বয়ে গঢ়ি উঠা অসমীয়া জাতিটোক দুৰ্বল কৰিব বিচৰা হৈছে। ইমান এটা বৃহৎ জনগোষ্ঠীক আছুতীয়াকৈ ৰাখি লাভ হ’ব কেবল সাম্প্ৰদায়িক দলবোৰৰহে। ইয়াৰ ফলত অসমীয়া জাতিৰ কোনো লাভ নহ’ব। সেইহে অভিবাসী মুছলমানসকলক আদৰি লোৱা প্ৰক্ৰিয়া এটাতো বৰ্তি হৈ আছে বহুজন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ন-অসমীয়া মৈমনচিঙিয়াসকলক আঁকোৱালি লোৱাৰ কথা কৈছে। ভূপেন হাজৰিকাই অসমবাসীলৈ আহ্বান জনাইছে এনেদৰে, “প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল নতুন ৰূপৰ অসমীয়া”। তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে প্ৰতিকুল পৰিস্থিতিতো মাত মাতি আহিছে বহু লেখক-বুদ্ধিজীৱীয়ে। সাংবাদিক-বুদ্ধিজীৱী প্ৰয়াত পৰাগ কুমাৰ দাসে অভিবাসী মুছলমান প্ৰধান চৰ অঞ্চলবোৰ নিজেই ভ্ৰমণ কৰিছিল আৰু তাৰ বাস্তৱ চিত্ৰ এখন জনসাধাৰণৰ আগত দাঙি ধৰিছিল। তেওঁ কৈছিল, “হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই-নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মূলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো ক’ব খোজা নাই, কিন্তু সেইবুলিয়েই অসমীয়া জাতি গঠনৰ সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক অধিক জটিলহে কৰি তুলিছে”। বুদ্ধিজীৱী হীৰেন গোহাঁয়ে লিখিছে, “১৯৫১, ১৯৬১, আৰু ১৯৭১ চনৰ পিয়লত নিজকে অসমীয়াভাষী বুলি ঘোষণা কৰা, ন-অসমীয়া পমুৱা মুছলমান ভাইসকলৰ অৱস্থা কি? সাম্প্ৰতিক পৰিস্থিতিত দেখা দিয়া হিন্দু সাম্প্ৰদায়িকতাৰ উৎকট দুৰ্গন্ধই তেওঁলোককো আজি অসমীয়া জাতিৰ কাষৰপৰা আঁতৰ কৰি পঠোৱা নাই জানো? ন্যূনতমভাৱেও জীৱন ধাৰণৰ ভীষণ তাড়নাত তেওঁলোকে আজি বাধ্য হৈছ ‘সংখ্যালঘু ছাত্ৰ সন্থা’ৰ দৰে আত্মৰক্ষাত্মক সংগঠনত চামিল হ’বলৈ”।
ৰূপক বৰুৱা দেৱে এই প্ৰবন্ধত অভিবাসী মুছলিম সম্প্ৰদায়ৰ ইতিহাস আৰু তেওঁলোকৰ অৱস্থা নিৰ্মোহভাৱে দাঙি ধৰা বাবে ধন্যবাদ জনাইছোঁ।ৰাজনীতিকৰ হাতৰ দবাগুটি হৈ অসমীয়া মানুহে আৰু কিমানদিন এই সম্প্ৰদায়ৰ আত্মীকৰণক প্ৰতিহত কৰি বৃহত্তৰ অসমীয়া সমাজ গঠন ব্যাহত কৰিব, সেয়াই দুশ্চিন্তা।
মন্তব্যৰ বাবে ধন্যবাদ৷