গল্প-কবিতা

আশা -(বিনোদ পোখ্ৰেল)


মানুহজন বজাৰলৈ ওলাই গৈছে।
আমি আশাপালি এন্ধাৰত বহি আছোঁ–
তেওঁ হয়তো লৈ আহিব দুটিমান চাউল,
পাচলি আৰু বুঢ়া দেউতাৰ ঔষধ

কি আনিব মানুহজনে
কি আনিব পাৰিব মানুহজনে 
আমি নাজানোঁ
মানুহজনৰ পকেটত কিমান ধন
আমি নাজানোঁ

মানুহজন বজাৰলৈ যোৱাটোৱেই
এতিয়া আমাৰ আশ্বাস, আমাৰ শান্তনা

দু‍ৱাৰৰ কেৰমেৰণিৰ শব্দত আমি চক্‌খাই গ’লোঁ।
সোমাই আহিছে তেওঁ ঘৰলৈ, বজাৰৰ পৰা

হাত দুখন তেওঁ শূন্য!

তেওঁৰ মুখত এটি হাঁহি–
পকেটৰ পৰা লাহেকৈ উলিয়ালে তেওঁ
কাঁহৰ দৰবৰ এটি পুৰণি বটল।
‘অকণমাণ মহঙা মিঠাতেল বিচাৰি আনিছোঁ অ’,
ৰাতি ন-বজাত জ্বলাব লাগিব এগছি চাকি,
ভোকৰ কথা আজিলৈ আৰু নুলিয়াবি’

মাথো জপ কৰিবি বাৰে বাৰে–
কুশলে থাকক দেশবাসী


Leave a Reply

Your email address will not be published. Required fields are marked *