বান্দৰৰ মৃত্যু আৰু প্ৰচলিত বিশ্বাস:: অলৌকিকতা নে বিজ্ঞান? আৰহান ইনামূল
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
আমাৰ সমাজত এটা কথা প্ৰায়ে চৰ্চিত হয় যে বান্দৰ এটা যদি আঘাতপ্ৰাপ্ত হয় বা কাৰোবাৰ (বিশেষকৈ মানুহৰ) আক্ৰমণৰ সন্মুখীন হয়, তেতিয়া সি প্ৰাৰ্থনা কৰাৰ ভংগীত হাতদুখনেৰে দয়া বিচাৰি কাকুতি কৰাৰ দৰে লাগে। আনহাতে প্ৰায়েই শুনিবলৈ পোৱা আন এটা তথ্য হ’ল যে বান্দৰৰ মৃত্যু হ’লে সিহঁতৰ মৃতদেহ বিচাৰি পোৱা নাযায়। বহুতে ইয়াক হনুমানৰ অলৌকিক মহিমা বুলি বিশ্বাস কৰে। ধৰ্মীয় আৱেগক সম্পূৰ্ণ সন্মান জনাই, এই বিষয়টোৰ আঁৰত থকা গভীৰ বৈজ্ঞানিক তথ্যসমূহ আজি আলোচনা কৰিবলৈ ওলাইছোঁ।
প্ৰথমেই বান্দৰৰ লগত জড়িত ধাৰ্মিক আৰু আধ্যাত্মিক প্ৰেক্ষাপট যদি বিচাৰ কৰোঁ, তেন্তে এই কথা সকলোৰে জ্ঞাত যে সনাতন ধৰ্মত হনুমানক ‘চিৰঞ্জীৱী’ অৰ্থাৎ কালজয়ী বা অমৰ বুলি গণ্য কৰা হয়। শাস্ত্ৰত উল্লেখ থকা সাতজন চিৰঞ্জীৱীৰ শ্লোকটো হ’ল:
“অশ্বত্থামা বলিব্যাসো হনুমাংশ্চ বিভীষণঃ।
কৃপঃ পৰশুৰামশ্চ সপ্তৈতে চিৰজীৱিনঃ॥”
(অশ্বত্থামা, বলি, ব্যাসদেৱ, হনুমান, বিভীষণ, কৃপাচাৰ্য আৰু পৰশুৰাম— এই সাতজন হ’ল চিৰঞ্জীৱী।)
যিহেতু হিন্দু ধৰ্মৰ বিশ্বাসী সকলে বান্দৰক পবিত্ৰ আৰু সেই অমৰ হনুমানৰ অংশ জ্ঞান কৰে, সেয়ে তেওঁলোকৰ অন্তৰ্ধানৰ সৈতে ধৰ্মীয় বিশ্বাস জড়িত হৈ পৰাটো স্বাভাৱিক। কিন্তু বিজ্ঞানৰ ছাত্ৰ আৰু কৰ্মী হিচাপে এইটো আমাৰ দ্বায়িত্ব যে অলৌকিক যেন লগা ৰহস্যবোৰৰ আঁৰৰ সৰল বৈজ্ঞানিক ব্যাখ্যা আগবঢ়োৱা।
১. হাত যোৰ কৰাৰ আঁৰৰ বিস্তৃত বিজ্ঞান (Biomechanical Explanation):
যেতিয়া এটা বান্দৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বা মৃত্যুৰ ক্ষণ গণে, তেতিয়া সিহঁতক হাত যোৰ কৰি থকা দেখা যায়। ইয়াক মানুহে “প্ৰাৰ্থনা” বুলি ভাবে যদিও ইয়াৰ কাৰণ হ’ল “নিউৰ’মাস্কুলাৰ স্পাস্ম” (Neuromuscular Spasm)।
বান্দৰৰ পেশীৰ বিশেষ গঠন: বান্দৰৰ হাতৰ সংকুচিত হ’ব পৰা পেশীসমূহ (Flexor muscles) প্ৰসাৰিত হ’ব পৰা পেশীতকৈ (Extensor muscles) অধিক শক্তিশালী। মৃত্যুৰ আগমুহূর্তত যেতিয়া মগজুৱে নিয়ন্ত্ৰণ হেৰুৱায়, তেতিয়া শৰীৰত Adenosine Triphosphate (ATP) ৰ অভাৱ ঘটে। ATP ৰ অভাৱত পেশীবোৰ শিথিল হোৱাৰ পৰিৱৰ্তে সংকুচিত হৈ পৰে। যিহেতু সংকুচিত হোৱা পেশীসমূহ বেছি শক্তিশালী, সেয়ে হাতৰ আঙুলি আৰু বাহু দুটা ভিতৰলৈ সোমাই আহে।
যন্ত্ৰনাক্লিষ্ট অনুভৱত দেহৰ ভংগী (Fetal Position):
স্তন্যপায়ী প্ৰাণীৰ দেহত যন্ত্ৰণা অধিক হ’লে বা অত্যাধিক আতংকিত হ’লে শৰীৰটো কোঁচাই অনাৰ এক স্বাভাৱিক প্ৰবৃত্তি থাকে। বান্দৰৰ হাত দুখন বুকুৰ ওচৰলৈ টানি অনাৰ এই প্ৰক্ৰিয়াটোকে আমি দেখাত হাত যোৰ কৰা যেন পাওঁ। ই কোনো সচেতন আধ্যাত্মিক ক্ৰিয়া নহয়, বৰঞ্চ এক সাধাৰণ প্ৰতীপ ক্ৰিয়া (Reflex Action) হে।
২. বান্দৰৰ মৃতদেহ কিয় পোৱা নাযায়?
(The Science of Decomposition)
বান্দৰৰ মৃতদেহ অদৃশ্য হোৱাৰ আঁৰত কোনো অলৌকিকতা নাই, আছে প্ৰকৃতিৰ এক শক্তিশালী নিষ্কাশন ব্যৱস্থা:
ৰোগাক্ৰান্ত অৱস্থাৰ আচৰণ
(Sickness Behavior):
মৃত্যু ওচৰ চাপিলে বান্দৰে আত্মৰক্ষাৰ বাবে নিৰ্জন আৰু দুৰ্গম স্থান (যেনে ঘন জোপোহা বা গছৰ খোৰোং) বিচাৰি লয়। ইয়াৰ ফলত মৃতদেহবোৰ প্ৰায়েই জনচক্ষুৰ আতৰত থাকে।
অণুজীৱৰ ভূমিকা (Microbial Action): বান্দৰৰ শৰীৰত মৃত্যুৰ ঠিক পাছতেই Autolysis (স্ব-ধ্বংসী প্ৰক্ৰিয়া) আৰম্ভ হয়। কেইবাশবিধ বেক্টেৰিয়াই ইয়াত অংশ লয় । যেনে :-
(ক) প্ৰ’টিন বিয়োজক বেক্টেৰিয়া
(Putrefactive Bacteria):
বিশেষকৈ Clostridium, Escherichia coli আৰু Proteus প্ৰজাতিৰ বেক্টেৰিয়াই শৰীৰৰ প্ৰ’টিনবোৰ ভাঙিবলৈ আৰম্ভ কৰে।
(খ)অবাতজীৱি বেক্টেৰিয়া
(Anaerobic Bacteria):
এইবোৰে শৰীৰৰ ভিতৰৰ অংগসমূহ দ্ৰুতগতিত পচন ঘটায়।
(গ)ডাঙৰ বিয়োজকৰ ভূমিকা (Macro-Decomposers):
অৰণ্যত থকা গুবৰুৱা জাতীয় পতঙ্গ (Beetles), মাখি আৰু অন্যান্য পতংগই মাত্ৰ ৪৮-৭২ ঘণ্টাৰ ভিতৰতে মাংস আৰু কোষকলাসমূহ ভক্ষণ কৰি শেষ কৰিব পাৰে।
মৃতদেহ ভোজী প্ৰকৃতিৰ জামাদাৰ সমূহৰ ভূমিকা (Scavengers):
শিয়াল, কুকুৰ আৰু শগুণে অৱশিষ্ট অংশবোৰ খাই পেলায়। কেৱল হাড়বোৰ হে বাকী থাকে ।
শেষত হাড়বোৰৰ কি হয়?
(Bone Decomposition)
মাংসহীন হাড়বোৰো প্ৰকৃতিৰ বুকুত চিৰকাল থাকি নাযায়।
হাড় ভক্ষকৰ ভূমিকা
(Osteophagy): বনাঞ্চলত থকা সৰু সৰু নিগনি বা অন্যান্য কূটি কূটি খোৱা প্ৰাণীয়ে (Rodents) কেলচিয়ামৰ অভাৱ পূৰাবলৈ হাড়বোৰ কূটি খায়।
মাটিৰ অম্লতা (Soil Acidity): মাটিৰ তলত থকা এছিড আৰু বিশেষ কিছুমান ভেঁকুৰে (Fungi) হাড়ৰ কেলচিয়াম ফছফেটক দ্ৰৱীভূত কৰে।
আমাৰ অসমৰ দৰে উষ্ণ আৰু আৰ্দ্ৰ অঞ্চলত, সঠিক পৰিৱেশ পালে ৩ পৰা ৬ মাহৰ ভিতৰতে এটা সৰু বা মজলীয়া বান্দৰৰ হাড় মাটিৰ সৈতে সম্পূৰ্ণৰূপে বিলীন হৈ যাব পাৰে।
প্ৰকৃতিৰ এই স্বয়ংক্ৰিয় চাফাই ব্যৱস্থাৰ বাবেই বনাঞ্চলত বান্দৰ বা অন্য বন্যপ্ৰাণীৰ মৃতদেহ পৰি থকা দেখা নাযায়। বিজ্ঞান আৰু বিশ্বাসৰ মাজত থকা এই সূক্ষ্ম ৰেখাই আমাক জগতখনক নতুনকৈ বুজাত সহায় কৰে। আমাৰ উদ্দেশ্য কাৰো বিশ্বাসত আঘাত কৰা নহয়, বৰঞ্চ প্ৰকৃতিৰ এই বিস্ময়কৰ বৈজ্ঞানিক দিশটো সকলোৰে আগত দাঙি ধৰাটোহে।
তথ্যসূত্ৰ (References):
১/ Scientific American – What causes rigor mortis?
২/ Nature – The Role of Bacteria in Decomposition
৩/ Journal of Anatomy – Muscle architecture of the primate forelimb
