বিবিধ চিন্তা

‘মুক্ত চিন্তা চিনে ক্লাব’ৰ প্ৰথম প্ৰদৰ্শনীৰ প্ৰতিবেদন ।। ড০ চন্দনজ্যোতি চুতীয়া

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

“Theatre is a mirror, a sharp reflection of society.”
– Yasmina Reza

‘যুক্তি বিকাশ সমিতি, অসম’ৰ তৰফৰপৰা ২০২৫-ৰ আগষ্ট মাহত চিন্তা উদ্দীপক চিনেমাৰ প্ৰদৰ্শনৰ জৰিয়তে সমাজত সুস্থ ৰুচি, মুক্ত চিন্তা আৰু সমাজ-দায়বদ্ধ শিল্পৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে ‘মুক্ত চিন্তা চিনে ক্লাব’ এটি গঠন কৰা হয়৷ জনসাধাৰণক প্ৰভাৱিত কৰিব পৰা মাধ্যমবোৰৰ ভিতৰত চলচ্চিত্ৰ এটা শক্তিশালী মাধ্যম। চলচ্চিত্ৰ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়; ই জ্ঞানৰ এক ক্ষমতাশালী বাহকো। আনহাতে বিনোদন সৰ্বস্ব চলচ্চিত্ৰৰ বিপৰীতে একাংশ সমাজ সচেতন নিৰ্মাতাই চিনেমাত সমাজ বাস্তৱৰ জীয়া ছবি চিত্ৰিত কৰি সমাজ পৰিৱৰ্তনৰ বাবেও ইয়াক এক গুৰুত্বপূৰ্ণ অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰিছে। গুণগত চলচ্চিত্ৰৰ আলোচনা আৰু সাধাৰণ দৰ্শকৰ লগত সংযোগে নৱপ্ৰজন্মক শিল্পৰ প্ৰতি সজাগ কৰাৰ লগতে এক মুক্ত মনৰ অধিকাৰী কৰিও তুলিব পাৰে৷ ব্যয়বহুল মাল্টিপ্লেক্সৰ চিনেমা দৰ্শনৰ বিপৰীতে এক নিৰ্দিষ্ট লক্ষ্যৰে সমৱেত হোৱা এচাম দৰ্শকৰ সমূহীয়া দৰ্শন অভিজ্ঞতা তথা তৎপৰৱৰ্তী আলোচনাই ৰুচিশীল চিনেমাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে চিন্তা-চেতনাৰ বিকাশতো সহায় কৰিব বুলি দৃঢ়তাৰে ক’ব পাৰি। এনেধৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই গঠন কৰা ‘মুক্ত চিন্তা চিনে ক্লাব’ৰ প্ৰথমটো কাৰ্যসূচী যোৱা ২৩ আগষ্ট, ২০২৫ তাৰিখে ড॰ চন্দনজ্যোতি চুতীয়া আৰু ড॰ বৰ্ণালী বৰুৱা দাসৰ আহ্বানত ডিব্ৰুগড়স্থিত এন এছ এফ মিউজিক একাডেমী প্ৰেক্ষাগৃহ, বীণা কুটিৰৰ চৌহদত সফলতাৰে সম্পন্ন হয়৷

‘মুক্ত চিন্তা চিনে ক্লাব’ৰ প্ৰথম প্ৰদৰ্শনীৰ বাবে প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ এখন চিন্তা উদ্দীপক চুটি ছবি নিৰ্বাচন কৰা হৈছিল৷ সন্ধ্যা ৬ বজাৰপৰা আৰম্ভ হোৱা এই প্ৰদৰ্শনী আৰু আলাপ অনুষ্ঠানত ডিব্ৰুগড়ৰ প্ৰায় ৩১ গৰাকী ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ অংশগ্ৰহণকাৰী ব্যক্তিসকল হৈছে ক্ৰমে – প্ৰসেনজিৎ চৌধুৰী, মুনীন শৰ্মা, কৌশিক দাস, শৈলেন গোহাঁই, অচ্যুৎ মাধৱ দাস, বৰ্ণালী চুতীয়া, বিদ্যুৎ বিকাশ শৰ্মা, পৰিস্মিতা চৌধুৰী, দিপালী বড়া, অংকিতা বড়া, অন্বেষা শইকীয়া, মাধুৰী দাস সিং, প্ৰকাশ সিং, মৃদুলা সোণোৱাল, দিপীকা সোণোৱাল, দিব্যজ্যোতি নেওগ, এ. এম. দাস, পলাশ জ্যোতি চলিহা, কাকলি শইকীয়া, শিৱানী বুঢ়াগোহাঁই, অভিস্প্ৰিয়া বৰগোহাঁই, সৌৰভ ৰয়, অংকিতা দহোটীয়া, কুঁহি ধাদুমীয়া, গাৰ্গী বৰা, মৃগাংকী বুঢ়াগোহাঁই, বৰ্ণালী বৰুৱা দাস আৰু চন্দনজ্যোতি চুতীয়া৷ উল্লেখ্য যে, অংশগ্ৰহণকাৰী কেইবাগৰাকীও ডিব্ৰুগড় বিশ্ববিদ্যালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় আৰু ডিব্ৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী৷ যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ ‘মুক্ত চিন্তা চিনে ক্লাব’ৰ প্ৰথম কাৰ্যসূচীৰ অন্যতম আকৰ্ষণীয় দিশ আছিল বুলি ক’ব পাৰি৷

অংকিতা বড়াই পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীতেৰে আৰম্ভ হোৱা প্ৰদৰ্শনী অনুষ্ঠানটিৰ আঁত ধৰে আহ্বায়ক চন্দনজ্যোতি চুতীয়াই৷ চিনে ক্লাবৰ লক্ষ্য আৰু উদ্দেশ্য ব্যক্ত কৰাৰ পাছতেই আহ্বায়কদ্বয়ে ৰায়ৰ নিৰ্বাচিত চুটি ছবি ‘Two’ৰ প্ৰদৰ্শনী আৰম্ভ কৰে৷ প্ৰায় ১২ মিনিট দৈৰ্ঘ্যৰ চুটি ছবিখনে উপস্থিত শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ প্ৰদৰ্শনীৰ পাছতেই উপস্থিত শ্ৰোতা-দৰ্শকে চলচ্চিত্ৰখনৰ সন্দৰ্ভত এক মুকলি আলোচনা তথা আলাপত মিলিত হয়৷ আহ্বায়কৰ অনুৰোধমৰ্মে প্ৰথমেই বিশিষ্ট লেখক, চিন্তক কৌশিক দাসে ‘Two’ ছবিখনৰ সম্পৰ্কে নিজা দৃষ্টিকোণ দাঙি ধৰে৷ চলচ্চিত্ৰখনৰ বিষয়বস্তু, চলচ্চিত্ৰখনে বহন কৰা বক্তব্য, ৰায়ৰ চিনে-প্ৰতিভা সম্পৰ্কে দাসে যুক্তিপূৰ্ণ মতামত আগবঢ়ায়৷ ১৯৬৪ চনত প্ৰকাশ পোৱা এই নিৰ্বাক (সংলাপবিহীন) চলচ্চিত্ৰখনক মূলতঃ এখন যুদ্ধবিৰোধী স্বৰ বুলি অভিহিত কৰিব পাৰি৷ ভিয়েটনাম যুদ্ধৰ সময়ত তৈয়াৰী এই চলচ্চিত্ৰখনে সাম্ৰাজ্যবাদী আমেৰিকাৰ স্বৰূপ তথা উন্নত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈও ভিয়েটনামৰ গেৰিলা যোদ্ধাৰ হাতত পৰাজয় বৰণ কৰিব লগীয়া হোৱাৰ প্ৰসংগকে প্ৰকাৰান্তৰে তুলি ধৰিছে৷ যদিও চলচ্চিত্ৰখনে বহুমাত্ৰিক ব্যাখ্যা-বিশ্লেষণ দাবী কৰে তথাপি ভিয়েটনাম-আমেৰিকাৰ যুদ্ধক আওকাণ কৰি এই চলচ্চিত্ৰখনৰ ব্যাখ্যা আগবঢ়াবলৈ গ’লে সি আধৰুৱা হৈ ৰয়৷ দাসে দৰিদ্ৰ-নিপীড়িত শিশুটিৰ বাঁহীৰ শব্দই সম্ভ্ৰান্ত শিশুটিৰ সমস্ত দামী খেলা সমাগ্ৰীসমূহৰ গুৰুত্বক কিদৰে মলিন কৰি তুলিছে, দেখাত স্বাধীন যদিও ধনীঘৰৰ শিশুটিৰ স্বাভাৱিক বন্দিত্ব, আপাতদৃষ্টিত দুখীয়া শিশুটিৰ কাৰ্যকলাপ আৰু প্ৰকৃতি, ছবিখনৰ সামৰণিয়ে কঢ়িওৱা গভীৰ আশাবাদ আদি দিশ সম্পৰ্কে মনোগ্ৰাহী বিশ্লেষণ দাঙি ধৰে৷ বিশিষ্ট চিন্তক মুনীন শৰ্মাই চিনে ক্লাবৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু ৰায়ৰ চলচ্চিত্ৰত প্ৰতিফলিত গুৰুত্বপূৰ্ণ সামাজিক প্ৰসংগ, সংলাপবিহীন হৈও কিদৰে চলচ্চিত্ৰখনে বহু কথাই ব্যক্ত কৰিলে এই সম্পৰ্কে দু-আষাৰ বক্তব্য আগবঢ়ায়৷ সম্পূৰ্ণ অনানুষ্ঠানিকভাৱে আগবঢ়া এই আলাপত ভাগ লৈ দিব্যজ্যোতি নেওগ, বিদ্যুৎ বিকাশ শৰ্মা, প্ৰকাশ সিং, অচ্যুত দাসে চলচ্চিত্ৰখনৰ বিষয়বস্তু আৰু প্ৰতিফলিত বক্তব্য সম্পৰ্কে নিজা অভিমত দাঙি ধৰে৷ চলচ্চিত্ৰখনে যে এক বহুমাত্ৰিক বাৰ্তা বহন কৰিছে সেই কথা প্ৰায়সকলৰ বক্তব্যতে স্পষ্টভাৱে প্ৰকাশ পোৱা দৃষ্টিগোচৰ হ’ল৷ যুদ্ধক আওতালৈ নানিও চলচ্চিত্ৰখনক যন্ত্ৰ আৰু প্ৰকৃতিৰ মাজৰ এক সংঘৰ্ষ আৰু এই সংঘৰ্ষত প্ৰকৃতিৰেই বিজয় সম্পৰ্কীয় দৃষ্টিকোণৰো প্ৰতিফলন ঘটিছে বুলি আলোচনাত বিদ্যুৎ বিকাশ শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷ বৰ্ণালী বৰুৱা দাসে চলচ্চিত্ৰখনৰ সংগীত তথা চাউণ্ডৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ছবিখনৰ কাহিনী তথা বিষয়ৰ অগ্ৰগতিত সংগীতে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেই সম্পৰ্কে তেওঁ চিত্তাকৰ্ষক মন্তব্য দাঙি ধৰে৷ ইয়াৰ পাছতেই চলচ্চিত্ৰখনৰ দুয়োটা শিশুৰ ভিতৰত প্ৰকৃততে কোনটো শিশু স্বাধীন, মুক্ত সেই সম্পৰ্কেও কিছু আলোচনা হয়৷ উদীয়মান চুটি ছবি নিৰ্মাতা সৌৰভ ৰয়ে চলচ্চিত্ৰখনৰ চাউণ্ড আৰু কাৰিকৰী দিশ সম্পৰ্কে নিজা দৃষ্টিকোণ দাঙি ধৰে৷ লগতে ৰায়ৰ চলচ্চিত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে বহু আলোচনা হোৱাৰ অৱকাশৰ কথা উনুকিয়ায়৷ প্ৰায় ১২ মিনিটৰ চুটি ছবিখনৰ ভিন্ন দিশ সম্পৰ্কে প্ৰায় আঢ়ৈ ঘণ্টাজোৰা আলোচনাৰ অন্তত অংশগ্ৰহণকাৰীসকলৰ চকু, মুখবোৰ উজ্জ্বলি উঠা প্ৰত্যক্ষ কৰা গৈছিল৷ ইয়াৰ পাছতেই ‘মুক্ত চিন্তা চিনে ক্লাব’ৰ ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে এক আলোচনা হয়৷ এই আলোচনাত নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক বিশেষ অগ্ৰাধিকাৰ দিবলৈ যত্ন কৰা হয়৷ তেওঁলোকে কেনে চলচ্চিত্ৰ ভাল পায়, চিনেমাক কি ৰূপে গ্ৰহণ কৰে, ভৱিষ্যতে কেনে চিনেমা উপভোগ আৰু পৰ্যালোচনাৰ বাবে আগ্ৰহী সেই সম্পৰ্কে এক মনোজ্ঞ আলোচনাত সকলো মিলিত হয়৷ পলাশজ্যোতি চলিহা, কাকলি শইকীয়া, শিৱানী বুঢ়াগোহাঁই, অভিস্পিয়া বৰগোহাঁয়ে নিজৰ ভাল লগা চলচ্চিত্ৰখনৰ সম্পৰ্কে নিজা মন্তব্য দাঙি ধৰে৷ আলোচনাৰ মাজতে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা অন্বেষা শইকীয়াই এটি ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷

‘মুক্ত চিন্তা চিনে ক্লাব’ৰ প্ৰথমটো কাৰ্যসূচী অতি সফলতাৰে সম্পন্ন হয়৷ অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ আৰু সদিচ্ছাৰ বাবেই এয়া সম্ভৱ হৈ উঠিল৷ বিশেষকৈ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ আন্তৰিক অংশগ্ৰহণে আহ্বায়কদ্বয়ক উৎসাহিত কৰে৷ ভৱিষ্যৎ কাৰ্যপন্থাৰ বাবে ‘মুক্ত চিন্তা চিনে ক্লাব’ শীৰ্ষক এটি ৱাটছ্এপ গ্ৰুপ গঠন কৰাৰ পৰিকল্পনাৰে সেইদিনাৰ কাৰ্যসূচীৰ অন্ত পৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *