গল্প-কবিতা

বাঁহ ফুল – (গৌৰীশংকৰ দাস)

গণকৱৰত ৰাজধানী পতা দেশ এখনত
মুৰ নোহোৱা মানুহ ওলাইছে ; আৰু
কোনেও নজনাকৈ ৰজাৰ বাৰীত বাঁহফুল ফুলিছে ৷

জাকে জাকে বিহ্বল মানুহে চতিয়নাৰ গুৰিত ল’ৰা-ছোৱালী পুতিছে,
ভোক জ্বৰত পোৱাতীৰ গাখীৰ শুকাইছে,
কোনেও নজনাকৈ ৰজাৰ বাৰীত বাঁহফুল ফুলিছে ৷

টোপনীত দাঁত কৰছি থকা মানুহমখাই
নিজৰ হাত-ভৰি মৰক্‌ মৰক্‌কৈ চোবাইছে,
উত্থিত যৌনাংগত লাঠিচাৰ্জ কৰি দেশে জন্মনিয়ন্ত্ৰণ কৰিছে ;
কোনেও নজনাকৈ ৰজাৰ বাৰীত বাঁহফুল ফুলিছে ৷

ৰাজপথে ৰাজপথে ৰঙা নিচান লৈ হট্টগোল কৰা মানুহজাকক পিবলৈ তেজ লাগে,
তেজ মাৰি শ্ৰম কৰা মানুহৰ বিবেকে সাৰ পালে আৰুনো বিছাৰে কি ?
ঘাঁহ বুলি বাঁহ ৰোৱা ৰজাৰ বাৰীত এতিয়া কোনেও নজনাকৈ বাঁহফুল ফুলিছে ৷

বাঁহফুল ফুলিছে, এন্দুৰ মৰিছে
এই দেশলৈ নমতাকৈ আকাল আহিছে ৷
মই মাথোঁ সেইদিনটোলৈ বাট চাই আছোঁ, যিদিনা ৰজাই ক’ব – মোৰ হাতৰ ঠাৰিত চোন বাঁহফুল ফুলিছে !

বিঃদ্ৰঃ মদৰ পিয়লাত চুমুক দি যৌনতাৰ ব্যাখ্যা কৰিম বোলা ৰাতি এটাত চোতালত গাঁত খান্দি সোমাই আছোঁ, পৃথিৱী তই নিৰলে থাক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *