অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

ভগৎ সিঙৰ পত্নীৰ সন্ধানত : দুৰ্গা দেৱীৰ জীৱনত এভুমুকি (সুস্মিত ইচফাক)

লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰায় এমাহ অতিক্ৰম হৈছে । বিপ্লৱী মহলত তেতিয়া ক্ষোভৰ জুই। নহ’বনো কিয়! এজন প্রিয় নেতাক এনেকৈ ইংৰাজে লাঠিৰে মাৰি হত্যা কৰাৰ ঘটনা ইমান সহজে কোনোৱে ল’ব পৰা নাছিল। সেয়া আছিল ডিচেম্বৰ মাহৰ ১৭ তাৰিখ। চন ১৯২৮। ১০ ডিচেম্বৰ তাৰিখে হোৱা  হিন্দুস্তান ছোচিয়েলিষ্ট ৰিপাব্লিকান এছোচিয়েচন পাঞ্জাব গোটৰ এখন মিটিঙত ইতিমধ্যে ঠিক হৈছিল ‘তেজৰ বিপৰীতে তেজ’ৰ সিদ্ধান্ত। ভবামতে কাম। সংগঠনৰ দুই সদস্য ক্ৰমে মহাৰাষ্ট্ৰৰ শিৱৰাম হৰি ৰাজগুৰু আৰু অবিভক্ত পাঞ্জাবৰ ভগৎ সিঙে দ্বায়িত্ব লৈছিল ইংৰাজ আৰক্ষীৰ অধীক্ষক জেমছ স্কটৰ হত্যা কৰি ইংৰাজ শাসকসকলৰ মনত ভয় সৃষ্টি কৰাৰ। তেতিয়া সময় আবেলি প্ৰায় ৪.৩০ টা। সকলো নিজৰ নিজৰ দ্বায়িত্ব পালন কৰিবলৈ সাজু। নিজৰ চাইকেল ঠিক কৰাৰ চলেৰে সংগঠনৰ আন এজন সদস্য জয় গোপাল ৰৈ আছে সংকেত দিবলৈ। তেওঁৰ সংকেত পালেই স্কট চাহাবক গুলিবিদ্ধ কৰিবলৈ সাজু  ভগৎ সিং আৰু ৰাজগুৰু। লাহোৰ থানাৰ পৰা ওলাই নিজৰ মটৰচাইকেলত আহি বহিছে সেই সময়ৰ নৱনিযুক্ত আৰক্ষী উপ অধীক্ষক  জন  ছ’ন্দাৰ্ছ । পিছে সময়ৰো যে অভিনৱ ষড়যন্ত্র! স্কট বুলি ভাবি জয় গোপালে দিয়া ভুল সংকেতত ‘হিটমেন’খ্যাত ৰাজগুৰুৱে ছ’ন্দাৰ্ছৰ কপালৰ মাজভাগত গুলিয়াই এটা গুলিতে তেখেতৰ হত্যা কৰিছিল। মৃত্যু নিশ্চিত কৰিবলৈ ভগৎ সিঙেও প্ৰায় ৪-৫ টা গুলিৰে সুঠাম দেহৰ আৰক্ষী উপ অধীক্ষকগৰাকীক তেজেৰে লুতুৰি-পুতুৰি কৰি সেই ঠাইৰ পৰা পলায়ন কৰিছিল। এয়া আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এক বৈপ্লৱিক হত্যা । এই হত্যা সমগ্ৰ ভাৰতবৰ্ষকে ধৰি ইংৰাজ মহলক জোকাৰি গৈছিল । চৌদিশে কটকটীয়া নিৰাপত্তাৰে পাগুৰি পৰিধিত ডেকা যুৱক ভগৎ সিং আৰু তেখেতৰ পাৰ্টনাৰ ইন ক্ৰাইম ৰাজগুৰু আৰু চন্দ্ৰশেখৰ আজাদক  ইতিমধ্যে ইংৰাজ পুলিচে চৌদিশে বিচাৰি ফুৰিছিল ।  লাহোৰ ইতিমধ্যে এইকেইজনৰ কাৰণে এক বিপজ্জনক ঠাই হৈ উঠাৰ হেতুকে লাহোৰ এৰি আন ঠাইলৈ অতিশীঘ্ৰে যোৱাৰ বাহিৰে তেওঁলোকৰ আন কোনো বিকল্প নাছিল ।

লাহোৰ ট্ৰেইন ষ্টেচনৰ পৰা ৰাজগুৰু আৰু ভগৎ সিঙৰ পলায়নৰ কাহিনী ভাল হিন্দী চিনেমাৰ ক্লাইমেক্সতকৈ কোনোগুণে কম নহয় । ইতিমধ্যে একাধিক হিন্দী বোলছবিত এই ঘটনাক বেছি অতিৰঞ্জিত নকৰাকৈ দেখুওৱাৰ চেষ্টাও কৰা হৈছে। চিনেমাৰ প্ৰয়োজন অনুসৰিয়ে এই ঘটনা ইমানেই আমোদজনক আছিল যে ইয়াক অতিৰঞ্জিত কৰাৰ কোনো কথা নাহে । এই ঘটনাৰ ৪টা মূল চৰিত্ৰ । এজন সুঠাম দেহৰ ইংৰাজ টুপী পৰিহিত কম বয়সীয়া চাহাব, তেখেতৰ পত্নী আৰু সন্তান আৰু কলা টুপী, ধূতি পৰিহিত এজন চাকৰ ।

ঘটনা এনেধৰণৰ : লাহোৰ ট্ৰেইন ষ্টেচনত পুলিচৰ তহল, কোনো কাৰণতে যাতে ছ’ন্দাৰ্ছৰ হত্যাকাৰী পলাই যাব নোৱাৰে । সেই সময়তে এটি ৩ বছৰীয়া শিশু কোলাত লৈ এহাল ধনী ঘৰৰ দম্পতি আৰু তেওঁলোকৰ চাকৰ ষ্টেচনলৈ আহে । ষ্টেচনত ৰৈ থকা লখনৌ অভিমুখী ট্ৰেইনৰ প্ৰথম শ্ৰেণীৰ এটা দবাত গৈ দম্পতিহাল বহে আৰু তৃতীয় শ্ৰেণীৰ দবাত গৈ বহে তেওঁলোকৰ চাকৰজন ।

এনেকৈয়ে ইংৰাজ পুলিচে তলকিব নোৱাৰোতেই তেওঁলোকৰ চকুৰ আগেৰে পলায়ন কৰে চাহাবৰূপী ভগৎ সিং আৰু চাকৰৰ বেশত ৰাজগুৰু । ইতিহাসত এই দুজনাৰ লগতে আন বিপ্লৱীসকলৰকাহিনী যিমানেই পোৱা যায়,এই পলায়নত সহযোগ কৰা ৩ বছৰীয়া শিশু আৰু ভগৎ সিঙৰ পত্নীৰ ভাও ধৰি অহা শিশুটিৰ মাতৃ দুৰ্গাৱতী দেৱীৰ কথা সীমানেই কমকৈ লিখা আছে । পিছে,ইতিহাসত কমকৈ লিখা থকা বুলিয়েই যে দুৰ্গাৱতী দেৱীৰ অৱদান কম তেনে কথা মুঠেও নহয় ।

পৃথিৱীৰ সকলো ঠাইতে যিমান বিপ্লৱ সংঘটিত হৈছে, তাত মহিলাৰ অংশগ্ৰহণ কম যদিও নুই কৰিবলগীয়া নহয় । ভাৰতৰ স্বাধীনতা সংগ্ৰামতো মহিলাৰ ভূমিকা উল্লেখযোগ্য । পিছে, সেই সময়ৰ HSRA – যিয়ে এক সশস্ত্ৰ বিপ্লৱত বিশ্বাসী আছিল তেওঁলোকৰ মতে এক ‘আদৰ্শ বিপ্লৱী’সদায়েই পুৰুষ । কিয়নো পৰিস্থিতি অনুসৰি ত্যাগ দিবলৈ, কোনো সিদ্ধান্ত লওঁতে কুণ্ঠাবোধ নকৰিবলৈ ‘পুৰুষ’হোৱাটো প্ৰয়োজন জাতীয় কথা তেতিয়াৰে পৰা ভাৰতবৰ্ষৰ সমাজজীৱনত প্ৰবৰ্তিত আছিল। পুৰুষতান্ত্ৰিক সমাজ এখনৰ প্ৰডাক্ট হিচাপে সেইসময়ৰ বিপ্লৱীসকলৰ তেনে ভাবধাৰা থকাটো স্বাভাৱিক । ১৯২৬ চনত যেতিয়া লাহোৰত ভগৎ সিঙৰ মাক-দেউতাকে তেওঁৰ বিয়াৰ যো-জা চলাইছিল, তেখেতে ঘৰ এৰি কানপুৰ গুচি আহিছিল কিয়নো বিপ্লৱ আছিল তেওঁৰ একমাত্ৰ প্ৰেয়সী ।  এই ঘটনাৰ পৰা বুজিব পাৰি যে সেইসময়ৰ বিপ্লৱীসকলে বিবাহ-পৰিয়াল আদি বিপ্লৱৰ পথত হেঙাৰ বুলিহে ধৰি লৈছিল । যদিওবা, HSRA মূলতঃ গঠিত হৈছিল পুৰুষেৰে, তথাপিও মহিলা সদস্য (নগণ্য হ’লেও)সকলৰো কিছুমান বিশেষ ভূমিকা আছিল যি ভূমিকা দুৰ্গা দেৱীৰ জীৱন ভুমুকিয়াই চালে ধৰিব পাৰি ।

দুৰ্গা দেৱী ভ’হৰা আৰু HSRAৰ সংযোগকাৰী আছিল তেখেতৰ স্বামী ভগৱতী চৰণ ভ’হৰা । ভগৱতী চৰণসম্ভ্ৰান্ত গুজৰাটী ঘৰৰ ল’ৰা যিয়ে লাহোৰত পঢ়িবলৈ আহোঁতে ভগৎ সিংহঁতৰ সংস্পৰ্শলৈ আহে আৰু বামপন্থাৰ প্ৰতি আকৃষ্ট হয় । ভগৱতী চৰণ ভ’হৰা HSRAৰ আছিল আন এক অমূল্য ৰতন। নিজৰ উচ্চ শিক্ষা আৰু আদৰ্শৰ প্ৰতি থকা আনুগত্যৰ হেতুকে তেখেত আছিল সংগঠনৰ তাত্ত্বিক । ১৯২৯ চনৰ HSRAয়ে কৰা বোমা বিস্ফোৰণৰ বিৰোধিতা কৰি লিখা গান্ধীৰ “বোমাৰ সংস্কৃতি” নামৰ লেখাটোৰ প্ৰত্যুত্তৰত লিখা ভগৱতী চৰণৰ “বোমাৰ দৰ্শন” লেখাটো এক ঐতিহাসিক দস্তাবেজ ।

যা হওক, ভগৱতী চৰণৰ পত্নীদুৰ্গা আছিল পেছাত শিক্ষক। লাহোৰতে থকা এখন ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক হিচাপে তেওঁ কৰ্মৰত থাকোতেই দুৰ্গা HSRAৰ সংস্পৰ্শলৈ আহে । ১৯২৮ চনৰ ডিচেম্বৰ মাহৰ প্ৰথমভাগত ভগৱতী যেতিয়া কলকাতাত জাতীয় কংগ্ৰেছৰ সভালৈ গৈছিল, তেতিয়া তেওঁৰ পত্নী দুর্গাৰ হাতত ৪-৫ হাজাৰ টকা দি গৈছিল নিজৰ আৰু তেওঁলোকৰ  ৪ বছৰীয়া শিশুৰ চোৱা-চিতাৰ বাবে। সেইবছৰৰে ডিচেম্বৰ ১৮ তাৰিখে জন ছ’ণ্ডাৰ্ছৰ হত্যা কৰি ইতিমধ্যে HSRA আৰু ভগৎ সিং লাহোৰত জনপ্ৰিয় হৈ উঠিছিল । এদিন ৰাতি, ভগৎ সিঙে দুৰ্গা দেৱীৰ সহায়ত লাহোৰ পলোৱাৰ পৰিকল্পনা কথা দুৰ্গা দেৱীক যেতিয়া জানিবলৈ দিয়ে, পাৰ্টিৰ নিৰ্দেশনা অনুসৰি কোনো প্ৰশ্ন নোসোধাকৈ তেওঁ মান্তি হৈছিল ভগৎ সিঙৰ পত্নীৰ ৰূপ লৈ তেওঁলোকক পলাবলৈ সহায় কৰাত । লগতে, স্বামীয়ে দি যোৱা টকাখিনিও এই কামত ব্যৱহাৰ কৰিবলৈ দুৰ্গা দেৱী অমান্তি হোৱা নাছিল। সেই সময়তেই এগৰাকী বিবাহিত মহিলা আন এজন অবিবাহিত যুৱকৰ পত্নী হিচাপে ভেশ ধৰিবলৈ মান্তি হোৱাটো আছিল এক বৈপ্লৱিক কাৰবাৰ । নিজৰ পৰিয়াল আৰু শিশুটিৰ কথা এবাৰো নভবাকৈ দুৰ্গা দেৱীৰ এনে ‘বিপদসংকুল’সিদ্ধান্ত আছিল ত্যাগ আৰু বিপ্লৱৰ প্ৰতি থকা আনুগত্যৰ উৎকৃষ্ট নিদৰ্শন । এই ঘটনাৰ পিছত দুৰ্গা দেৱী পেছাগতভাৱেHSRAৰ সৈতে যুক্ত হয় । HSRAত তেওঁৰ ভূমিকা আছিল চোৰাংচোৱাগিৰি । স্বাভাৱিকতেই ইংৰাজে ভাৰতীয় বিপ্লৱীসকল পুৰুষ বুলিয়েই ধৰি লৈছিল হেতুকে, চোৰাংচোৱাৰ বাবে দুৰ্গা আছিল নিখুঁত প্ৰাৰ্থী । বিপ্লৱীসকৰ মাজত চিঠি আদান-প্ৰদানৰ ক্ষেত্ৰতো তেওঁ এক উল্লেখনীয় ভূমিকা পালন কৰিছিল  ।

১৯৩০ চনত এক অনাকাংক্ষিত ঘটনাত ভগৱতী চৰণে প্ৰাণ হেৰুৱাব লগীয়া হয় । স্বামীৰ মৃত্যুৰ পাছত স্বাভাৱিকতেই  সকলোৱে দুৰ্গা দেৱীৰ বিপ্লৱ সিমানতেই শেষ বুলি ধৰি লৈছিল । পিছে, সকলোকে আচৰিত কৰি স্বামীৰ উত্তৰাধিকাৰী হিচাপে সংগঠনত দুৰ্গাই আগতকৈও বেছি সক্ৰিয়ভাৱে যুক্ত হৈছিল। কুমাৰী লজ্জাৱতীৰমত অনুসৰি, দুৰ্গা দেৱী এনে এক বিৰল ব্যক্তি যিয়ে  অসাধাৰণ সাহসিকতাৰে নিজৰ  বৈধব্য গ্ৰহণ কৰিছিল।

স্বামীৰ মৃত্যুৰ পিছত প্ৰথম কেইমাহমান বহু ঠাইত দুৰ্গা দেৱী ঘূৰি ফুৰিছিল । ইতিমধ্যে ইংৰাজৰ চকুত তেওঁ পৰিছিল হেতুকে পুলিচতকৈ এখাপ আগত থাকি বিভিন্ন ভেশত দুৰ্গা ঘূৰি ফুৰিছিল। সেই সময়ছোৱাত তেওঁৰ কাম-কাজৰ কথা বিশেষ জনা নাযায় যদিও,১৯২৯ চনৰ জুলাই মাহত তেওঁক পুনৰ লাহোৰত দেখা যায় । জেইলৰ ভিতৰত অনশন কৰি থকাৰ পিছত HSRAৰ সদস্য যতীন্দ্ৰনাথ দাসৰ মৃত্যুৰ প্ৰতিবাদত এক মহিলা সমদলৰ নেতৃত্ব দিছিল দুৰ্গা দেৱীয়ে। এই প্ৰতিবাদ দেখি পুনৰ ইংৰাজ পুলিচ সতৰ্কিত হৈ উঠে আৰু দুৰ্গা দেৱীৰ ওপৰত কাঢ়া নজৰ ৰাখে ।

৮ অক্টোবৰ,১৯৩০ তাৰিখ মাজৰাতি লেমিংটন ৰোড পুলিচ ষ্টেচনৰ ঠিক বাহিৰত থিয় হৈ থকা এহাল ইউৰোপীয় দম্পতিৰ ওপৰত হোৱা গুলিবৰ্ষণৰ ঘটনাই পুনৰ ইংৰাজ পুলিচক জোকাৰি নিয়ে । অচিনাক্ত দুৰ্বৃত্ত এখন গাড়ীত আহি পুলিচ ষ্টেচনৰ সন্মুখত থিয় হৈ থকা দম্পতিহালক গুলিবৰ্ষণ কৰি পলাই যাবলৈ সক্ষম হোৱাৰ পিছতেই, পুলিচে চৌদিশে নিজৰ তালাচী আৰম্ভ কৰি গাড়ীখনৰ চালকক কৰায়ত্ত কৰে। সকলোকে স্তম্ভিত কৰি ৫ দিনীয়া জেৰাৰ অন্তত চালকজনে ‘পুৰুষৰ ভেশত অহা এগৰাকী গুজৰাটী মহিলা’গুলিচালনাৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰে । ইয়াৰ পিছত, ‘এগৰাকী সুঠাম দেহৰ, খদ্দৰ পৰিহিত ধুনীয়া মহিলা’ৰ সন্ধানত পুলিচে দিন-ৰাতি এক কৰি দিয়ে যদিও কাকো ধৰিব নোৱাৰে । লেমিংটন ৰোডৰ এই ঘটনাৰ সৈতে জড়িত আছিল পৃথ্ৱী সিং, সুখদেৱৰাজ আৰু প্ৰাক্তন ছোৱালী মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী দুৰ্গা দেৱী। ঘটনাৰ আগদিনা (৭ অক্টোবৰ)  ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুৰ ফাঁচীৰ নিৰ্দেশনা দিয়া শুনি, তাৰেই ‘স্মৃতি’ত এই গুলিবৰ্ষণৰ পৰিকল্পনা ৰচা হৈছিল। তেওঁলোকৰ প্ৰথম লক্ষ্য আছিল পাঞ্জাবৰ গভৰ্নৰ ছাৰ ৱিলিয়াম হেইলী। পিছে কটকটীয়া নিৰাপত্তাৰ হেতুকে তেওঁক আক্ৰমণ কৰিব নোৱাৰি খঙত এই দম্পতিহালৰ ওপৰত আক্ৰমণ কৰে। ইতিমধ্যে লেমিংটন ৰোড হত্যাকাণ্ডৰ ওপৰত বিচাৰ আৰম্ভ হয় যদিও উপযুক্ত সাক্ষী আৰু প্ৰমাণৰ অভাৱৰ ফলত কৰায়ত্ত কৰা সকলোকে ৰিহা কৰে । আমোদজনক কথাটো হ’ল যে, ঘটনাৰ লগত জড়িত প্ৰায় সকলোকে আটক কৰা হৈছিল । প্ৰায় শব্দটি  ব্যৱহাৰ কৰা একমাত্ৰ কাৰণ – দুৰ্গা দেৱী তেতিয়াও পলাতক আছিল আৰু ইতিমধ্যে বোম্বে এৰি গুচি আহিছিল ।

ভগৎ সিঙক জেইলত থাকোতে সহায় কৰা ব্যক্তিসকলৰ ভিতৰত দুৰ্গা দেৱী আছিল অন্যতম । বোৰ্খা পৰিধান কৰি বহুবাৰ ভগৎ সিঙক কিতাপ, খাদ্য আদি যোগান ধৰিবলৈ দুৰ্গা দেৱী লাহোৰ জেইল গৈছিল । এজন পলাতক আচামীৰ এনে দুঃসাহৰ উদাহৰণ ভাৰতীয় কিয়, বিশ্বৰ ইতিহাসত বিৰল । গান্ধী-আৰৱিন পেক্টৰ কথা-বতৰা চলি থকাৰ সময়ত দুৰ্গা দেৱীয়ে দিল্লীত মহাত্মা গান্ধীকো লগ কৰিছিল একমাত্র  দাবী লৈ- ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচীৰ পৰা বচোৱাৰ । গান্ধীয়ে ইতিমধ্যে ধৰি লৈছিল যে দুৰ্গা দেৱী পলাতক হিচাপে ভাগৰুৱা আৰু আত্মসমৰ্পণ কৰিবলৈ আগ্ৰহী । তেওঁ আত্মসমৰ্পণ কৰিবলৈ দুৰ্গা দেৱীক বুজাবলৈ চেষ্টা কৰিছিল যদিও বিপ্লৱী দুৰ্গা দেৱীয়ে তেওঁৰ আবেদন খাৰিজ কৰি নিজৰ ক’বলগীয়া কথা গান্ধীৰ সন্মুখত কৈ সেই ঠাই ত্যাগ কৰিছিল ।

অদম্য সাহস, বিপ্লৱৰ প্ৰতি থকা আসক্তি আৰু নিজৰ ইচ্ছাশক্তিৰ ফলত ১৪ ছেপ্টেম্বৰ,১৯৩২ চনলৈ পলাতক হিচাপে থাকি সেইদিনাই আবেলি এখন চিঠিৰে নিজৰ স্থিতিৰ কথা পুলিচক জনায় আৰু পুলিচে আহি দুৰ্গা দেৱীক সেই ঠাইৰ পৰা আটক কৰে। কেইমাহমান জেইলত থকাৰ পিছত দেৱীক ব্ৰিটিছ পুলিচে এৰি দিয়ে যদিও ব্ৰিটিছ আইন অনুসৰি সতৰ্কতামূলকভাৱে তেওঁক লাহোৰৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাছিল । ১৯৩৬ চনত তেওঁ পুনৰ শিক্ষকতা কৰিবলৈ ওচৰৰে এখন বিদ্যালয়ৰ সৈতে জড়িত হয় । HSRAৰ বিপ্লৱী কাৰবাৰবোৰ ইতিমধ্যে ব্ৰিটিছ ৰাষ্ট্রযন্ত্ৰই দমন কৰিবলৈ সক্ষম হোৱা হেতুকে, দুৰ্গা দেৱীয়ে কংগ্ৰেছৰ ৰাজনীতিৰ সৈতে জড়িত হৈ ভাৰতৰ  স্বাধীনতাৰ হৈ কাম কৰি যায় । ১৯৩৭-৩৮ চনলৈ তেওঁ দিল্লী কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

স্বাধীন ভাৰতত ১৯৭২ চনত লখনৌত এখন স্কুল স্থাপন কৰি ১৯৯৯ চনত নিজৰ চিন্তাধাৰা আৰু আদৰ্শক অমৰ কৰি দুৰ্গা দেৱীৰ মৃত্যু হয়।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহিলাৰ ভূমিকা লেখত ল’বলগীয়া যদিও সশস্ত্ৰ সংগ্ৰাম চলাই নিয়া মহিলা খুব কম । সমাজবাদী আদৰ্শেৰে ভাৰতৰ স্বাধীনতাৰ সশস্ত্ৰ সংগ্ৰামখনৰ মূল ভূমিকা সদায়ে পুৰুষেই পালন কৰা দেখা গ’ল বা কেৱল সেই দিশেৰে সংগ্ৰামখনক চোৱা গ’ল বাবেই হয়তো দুৰ্গা দেৱীৰ দৰে সাহস, নিষ্ঠা আৰু ত্যাগৰ উদাহৰণবোৰ বহু সময়ত আওকাণ হৈ থাকি গ’ল । যাৰ ফলত, এনে অসাধাৰণ জীৱনএতিয়াও বেছিসংখ্যক ৰাইজৰ মাজত অপৰিচিত । চেলিয়া চানচেজৰ পৰা দুৰ্গা দেৱীলৈ- ইতিহাসে চে গুৱেভাৰা-ভগৎ সিং-ফিডেল কাষ্ট্র’ক যেনেদৰে মনত ৰাখিলে ঠিক তেনেদৰে পাহৰিলে তেওঁলোকৰ বিপ্লৱত অগ্নি যোগোৱা নাৰী শক্তিক । ইয়াৰ  বাবে আপুনি, মই নে এই পুৰুষতান্ত্ৰিক সমাজ- কোন দায়ী সময়ে ক’ব ।

বি.দ্ৰ: হয়তো লেমিংটন ৰোডৰ হত্যাকাণ্ডত কৰায়ত্ত হৈ ফাঁচী হ’লে ইতিহাসে দুৰ্গা দেৱীক এক অন্য ৰূপত মনত ৰাখিলেহেঁতেন ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *