ভাগ্য আৰু বাস্তৱ (মীনাক্ষী বৰুৱা)
কিছুমান কথা আমাৰ অভ্যাস হৈ যায়। উজুটি খালে, চক খাই উঠিলে, শাৰীৰিক-মানসিক কষ্ট হ’লে অথবা ভয় খালে আমাৰ মুখৰপৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে-“উস্ ভগৱান, অ’ গড অথবা ইয়ে আল্লা” । তেনেকৈ যিকোনো প্ৰত্যাশিত বা অপ্ৰত্যাশিত ঘটনাৰ ক্ষেত্ৰত আমি কৃতিত্ব বা দোষ প্ৰদান কৰোঁ আমাৰ ভাগ্যক। দুৰ্ঘটনা, অকাল মৃত্যু অথবা প্ৰাপ্তি-অপ্ৰাপ্তিৰ ক্ষেত্ৰতো কথাটো একেই। যিকোনো কথাতে ভাগ্য বা ভগৱান বুলি আমি এক শক্তিৰ ওচৰত আস্থা ৰাখি নিজকে চিন্তামুক্ত কৰি ৰাখি ভালপাওঁ। কেতিয়াবা ভাবোঁ, সঁচাকৈয়ে আমাক ভাগ্য অথবা ভগৱানে প্ৰতি মুহূৰ্ততে নিয়ন্ত্ৰণ কৰি থাকে নেকি? নে পৰিস্থিতিক যুক্তিপূৰ্ণভাৱে বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিকতাৰ অভাৱৰ বাবেহে আমাৰ এই বিশ্বাস? আচলতে আমাৰ চৌপাশৰ পৰিবেশটোৱেই এনেকুৱা। সৰুৰেপৰা ঘৰখনত, স্কুলখনত অথবা সামাজিক পৰিবেশত এই কথাবোৰ অহৰহ চৰ্চিত হৈ থকা বাবেই ই আমাৰ মন-মগজুতো অভ্যাস ৰূপে থিতাপি লয়। পাঠ্যপুথিতো আমি ভগৱান অথবা ভাগ্য বিশ্বাসৰ অনেক পাঠ পঢ়িছোঁ। অভ্যাস আৰু বিশ্বাস যদিও একে কথা নহয়, তথাপি অভ্যাসৰ ফলতে ধীৰে ধীৰে বিশ্বাসৰো জন্ম হয়।
ৰাষ্ট্ৰীয় ঘাই পথত জোৰেৰে মটৰ চাইকেল চলাই গৈ থকা যুৱক এজন হঠাতে বাগৰি পৰিছে। লগে লগে মূৰটো দাঙিয়েই তেওঁ মুখামুখি হৈছে একে দিশেৰে গৈ থকা এখন প্ৰকাণ্ড ট্ৰাকৰ সৈতে। ট্ৰাকখনো তীব্ৰ বেগত থকা বাবে ড্ৰাইভাৰে তৎক্ষণাত ৰখাব নোৱাৰিলে। দৃশ্যটোৰ পিছৰ পৰ্যায়ত কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। কিন্তু যুৱকজন বাচি গ’ল। চেকেণ্ডৰ ব্যৱধানত তেওঁ ট্ৰাকখনৰ সন্মুখেৰে পাৰ হৈ গুচি গ’ল। দৃশ্যটো দেখি থকা সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। সকলোৱে একেমুখে স্বগতোক্তি কৰিলে- “ল’ৰাজনৰ কপাল ভাল আছিল।” আচলতে কপাল বা ভাগ্যৰ বলত ল’ৰাজন বাচিল নেকি? নে সঠিক সময়ত মগজুৱে লোৱা সঠিক সিদ্ধান্তৰ বাবে তেওঁ বাচি গ’ল? তেনেকৈ আমাৰ ধাৰণা- জন্ম, বিবাহ আৰু মৃত্যুৰ সময় ভাগ্য বা ভগৱানে নিৰ্ধাৰণ কৰে। তাত মানুহৰ হাত নাই (পৰীক্ষাৰ ফলাফলো ভাগ্যই নিৰ্ধাৰণ কৰা বুলিয়েই অধিক সংখ্যক লোকৰ বিশ্বাস।) বাস্তৱ পৰিস্থিতিক ফঁহিয়াই চোৱাৰ অনিচ্ছা উচ্চ শিক্ষিত লোকৰ ক্ষেত্ৰতো প্ৰবল। আজিৰ যুগৰ বহু মাতৃয়ে সন্তান জন্মৰ ক্ষেত্ৰত নিজে তাৰিখ ঠিক কৰি চিজাৰিয়ান অপাৰেচন কৰোৱা আমি দেখিয়েই থাকোঁ। অৰ্থাৎ সন্তান এটি জন্মৰ সময়ৰ সিদ্ধান্তটো পিতৃ-মাতৃয়ে নিজৰ মতে ল’ব পাৰে। কিছুমান সন্তান সাত মাহতো জন্ম হয়। সেয়া ভাগ্য নহয়। মাতৃ গৰাকীৰ স্বাস্থ্যৰ সৈতেহে এই প্ৰক্ৰিয়া সম্বন্ধিত। মৃত্যুৰ কথাবোৰো তেনেকুৱা। পৃথিৱীৰ সকলো মানুহৰে স্বাভাৱিক মৃত্যু নহয়। অসুখ-বিসুখ, দুৰ্ঘটনা, আত্মহত্যা আদি কাৰণত বহু লোকৰ অকাল মৃত্যু হয়। সৰু সৰু দুখতে কম বয়সীয়া ল’ৰা-ছোৱালীয়ে আত্মহত্যা কৰাৰ খবৰ ওলায়েই থাকে। অৰ্থাৎ আত্মহত্যাৰে মৃত্যুক মাতি আনিবও পাৰি! এনে মৃত্যুৰ কাৰণ থাকে। ভাগ্য বুলি কৈ আমি আচলতে নিজকে নিচুকাওঁ। জীৱনৰ এক শৃংখলা থাকে। এই শৃংখলা ভাগি গ’লেই আমি বিমোৰত পৰোঁ। জীৱন অস্বস্তিকৰ হৈ উঠে। এই অস্বস্তিৰপৰা মুক্তি বিচাৰি আমি ভাগ্য বা ভগৱানৰ আশ্ৰয় লওঁ। তেনেকৈ বিবাহৰ তাৰিখবোৰো আমি আমাৰ সুবিধা অনুযায়ীহে ঠিক কৰি লওঁ। সকলো সিদ্ধান্তৰ মূলতে মানুহ বুলি জনাৰ পিছতো আমি ভাগ্য বা অদৃশ্য ভগৱানক কৃতিত্ব দিয়াৰ যুক্তি ক’ত?
আমাৰ চিনাকি মানুহ এঘৰে প্ৰতি বছৰে তেওঁলোকৰ ঘৰত সৰস্বতী পূজা উলহ-মালহেৰে পালন কৰে। তেওঁলোকৰ তিনিজনী ছোৱালীৰ তিনিও উচ্চ ডিগ্ৰীধাৰী। তিনিও সন্মানীয় পোষ্টত কৰ্মৰত। কথাটো লক্ষ্য কৰি মই ল’ৰাহঁতক টুকুৰিয়াই চালোঁ। ডাঙৰ ৰ’ৰাটোৱে তপৰাই উত্তৰ দিলে- “মা, আমাৰ লগৰ ফাৰহিনহঁতৰ ঘৰতো তিনিজনী ছোৱালী। আটাইকেইজনী পঢ়াত খুব ভাল। সিহঁতেতো সৰস্বতী পূজা নাপাতে?” মোৰ ভাল লাগিল। হওক, কথাবোৰ সিহঁতে যে যুক্তিৰে বিবেচনা কৰিবলৈ শিকিছে সেয়াই বহুত।
আচলতে আমাৰ সমাজখন জোখতকৈ বেছি শিষ্টাচাৰী। যোগাত্মক চিন্তাৰ ভঁৰাল। সেয়ে সফলতাৰ কৃতিত্ব, বিফলতাৰ সংকোচ, ঠগ-প্ৰৱঞ্চনা, দুৰ্ঘটনা, হত্যা, ধৰ্ষণ আদিৰ দায়িত্ব মানুহে গ্ৰহণ কৰাটো সংকীৰ্ণ কাৰবাৰ হিচাপে গণ্য কৰে। আৰু সেইবাবেই ইয়াৰ দায়িত্বৰ ভাৰখন ভাগ্য অথবা ভগৱানৰ কান্ধত তুলি দিব বিচাৰে। আমি আমাৰ ভাগ্যৰ গণনা জ্যোতিষশাস্ত্ৰই কৰিব পাৰে বুলি বিশ্বাস কৰোঁ। কিন্তু যি জ্যোতিষীয়ে আনৰ ভাগ্যৰ ভৱিষ্যতবাণী নিৰ্ণয় কৰে তেনে কোনোবা জ্যোতিষীয়ে নিজৰ অধঃপতিত সন্তানৰ ভৱিষ্যতটো কিয় নেদেখে? অন্ধবিশ্বাসৰ ধোঁৱাৰ মাজেৰে আমি বাস্তৱৰ পৰা আঁতৰি গৈ কাল্পনিক সুখৰ সহজ ৰাস্তা বিচাৰি ফুৰোঁ। সেই ৰাস্তা পাঁচ আঙুলিত পৰিধান কৰা ৰঙা, নীলা পাথৰবোৰে দেখুৱাব পাৰে বুলি ভাবোঁ। কাৰণ যুক্তি অথবা বৈজ্ঞানিক চিন্তালৈ আমি ভয় কৰোঁ। এয়া আমাৰ অভ্যাস। জ্যোতিষীৰ ভৱিষ্যৎবাণী নফলিয়ালে আমি সেয়াও ভাগ্যৰ দোষ বুলিয়েই মানি ল’ব খোজোঁ।
প্ৰত্যেক মানুহৰে নিজা নিজা ভাবনা থাকে। কোনে কেনেকৈ সুখ-শান্তি বিচাৰি লৈছে সেয়া নিজা কথা। আনৰ অপকাৰী নহ’লে তাত হস্তক্ষেপ কৰাৰ অধিকাৰ বা প্ৰয়োজন নাথাকে। কিন্তু ভাগ্য বা ভগৱানক সকলো সুখ-দুখৰ কৃতিত্ব বা দোষ জাপি দিয়াটো নিতান্তই অযুক্তিকৰ এটা ভ্ৰম নহয়নে? সকলো ঘটনা-পৰিঘটনাৰে একোটা কাৰণ থাকে। সৰুৰেপৰা আমাক যদি কাৰণবোৰ বিশ্লেষণ কৰিবলৈ শিকোৱা হয় তেন্তে আমাৰ মন-মগজুৰ পৰা এই ভ্ৰমবোৰ আঁতৰি গৈ সেই ঠাই যুক্তিপূৰ্ণ ভাবনাৰে ভৰি নপৰিবনে? মানুহৰ দ্বাৰাই অসাধ্য সাধন হৈ থকা এই ডিজিটেল যুগত আমাৰ চিন্তাশক্তিক যুক্তিসংগত কৰি তুলিবলৈ অভ্যাসৰ দ্বাৰা আমি সক্ষম হ’ব নোৱাৰোঁনে? এইখিনিতে যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈৰ এষাৰ কথা মনত পৰিছে, “এজন ঈশ্বৰৰ কথা ভবাতকৈ পুৱা গধুলি অন্ততঃ পোন্ধৰ মিনিটমান সময় মানুহৰ বিশাল আৰু বিস্ময়কৰ সভ্যতাৰ কথা ভবাটো অধিক প্ৰেৰণাদায়ক, মানসিক শক্তিদায়ক”।