প্ৰসংগ : ভাৰতৰ বিদেশ নীতি, ট্ৰাম্পৰ অতিবাস্তৱবাদ, আত্মনিৰ্ভৰ ভাৰত আৰু অন্যান্য ।। উৎপল বৰকটকী
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্প নিৰ্বাচিত হোৱাৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাংবাদিকৰ সৈ’তে কোনো এক সাক্ষাৎকাৰত কৈছিল যে ট্ৰাম্প ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পাছত বহু ৰাষ্ট্ৰ চিন্তিত হৈ আছে৷ কিন্তু ভাৰতে ইয়াক লৈ কোনো চিন্তা কৰা নাই৷ উল্লেখ্য যে এছ জয়শংকৰৰ এই ধাৰণা তেতিয়া ,ঠিক যেনেই লাগিছিল৷ কাৰণ ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ভাৰতৰ সৈ’তে— বিশেষকৈ প্ৰধানমন্ত্ৰী মোডীৰ সৈ’তে—ঘনিষ্ঠ বন্ধুত্ব দেখিবলৈ পোৱা গৈছিল৷ ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰত মহাসাগৰত চীনৰ অগ্ৰাসন ৰোধ কৰিবলৈ ভাৰতৰ সৈ’তে কৌশলগত কাৰণত বিবিধ চুক্তি কৰিছিল। তেনে চুক্তিসমূহে প্ৰতিৰক্ষা আৰু দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক অৰিহণাও যোগাইছিল৷ এই চুক্তিসমূহ ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ অতিকৈ গুৰুত্বপূৰ্ণ আধাৰ বুলি ধাৰণা কৰা হৈছিল৷ ইয়াৰ লগতে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী মোডীৰ সৈ’তে ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধুত্ব হিউষ্টনত অনুষ্ঠিত ‘হাউডী মোডী’ আৰু আহমেদাবাদত ‘নমস্তে ট্ৰাম্প’ৰ বিশাল সভাত দেখিবলৈ পোৱা গৈছিল৷ এইসমূহকে সম্বল কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাংবাদিকৰ আগত ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ধনাত্মক মনোভংগী আগৰ পৰা পোষণ কৰি আহিছিল৷ জয়শংকৰে ভাবিছিল, চীনৰ বৰ্দ্ধিত প্ৰভাৱ কম কৰাৰ বাবে ট্ৰাম্পে ভাৰতৰ সৈ’তে আগৰ দৰেই শক্তিশালী বন্ধুত্বপূৰ্ণ সম্বন্ধ বৰ্তাই ৰাখিব৷
পাছে জয়শংকৰৰ এনে ধাৰণা বাস্তৱত শুদ্ধ বুলি প্ৰতিপন্ন নহ’ল৷ বৰঞ্চ স্থিতি হিতে বিপৰীত দিশতহে আগ বাঢ়িবলৈ ধৰিলে৷
উল্লেখ্য যে এইক্ষেত্ৰত ট্ৰাম্পক আগতীয়াকৈ অধ্যয়ন কৰা বা পূৰ্বানুমান কৰাটো সঠিক নহ’ল৷ কাৰণ পূৰ্বৰ কাৰ্যকালৰ পৰা ট্ৰাম্প অধিক অভিজ্ঞতাপুষ্ট আৰু দ্বিতীয় কাৰ্যকালৰ বাবে ট্ৰাম্পৰ হাতত পৰিকল্পনা আগৰ পৰা মজুত আছিল৷ ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ আন এক উল্লেখযোগ্য পৰিৱৰ্তন হ’ল বিশ্বাসী সতীৰ্থৰ নিৰ্বাচন—যিয়ে ট্ৰাম্পৰ প্ৰতিটো কথা আখৰে-আখৰে পালন কৰে৷ এইক্ষেত্ৰত প্ৰথম কাৰ্যকালত পোৱা সতীৰ্থৰ অসহযোগিতাই ট্ৰাম্পৰ অভিজ্ঞতা পুষ্ট কৰি ৰাখিছিল৷ ট্ৰাম্পে ভালকৈয়ে জানে যে এইটোৱেই তেওঁৰ শেষৰটো কাৰ্যকাল৷ গতিকে মাৰ্কিন ইতিহাসত স্বৰ্ণিল আখৰৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰা ইচ্ছাত ট্ৰাম্পে নজিৰ ৰাখিব পৰা কাম কৰিবলৈ আগ বাঢ়িছে৷ এইক্ষেত্ৰত শান্তিৰ ন’বেল বঁটাৰ বাবে ট্ৰাম্পৰ চৰম আকাংক্ষা এটা চমৎকাৰ উদাহৰণ।
ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাছতে প্ৰতিটো বিষয়তে আক্ৰমণাত্মক দৃষ্টিভংগী লোৱাটো হৈছে কাম আদায় বা উদ্দেশ্যৰ প্ৰাপ্তিৰ এক কৌশল৷ তেনে স্থিতিয়ে ট্ৰাম্পৰ ব্যক্তিত্বক আমেৰিকাৰ জনসাধাৰণৰ ওচৰত শক্তিশালীভাৱে উপস্থাপিত কৰে৷ আমেৰিকাৰ আধিপত্যবাদী, দমনমূলক একচ্ছত্ৰী সাম্ৰাজ্যৰ লালসা আৰু অহংকাৰৰে গৰ্বিত আমেৰিকান জনসাধাৰণৰ বাবে ট্ৰাম্পৰ এনে একচ্ছত্ৰী সম্ৰাটৰ দৰে আক্ৰমণাত্মক আচৰণ উপভোগ্য আৰু আনন্দৰ বিষয়। যাৰ সুযোগ ট্ৰাম্পে সম্পূৰ্ণভাৱে গ্ৰহণ কৰিছে আৰু নিজৰ প্ৰভাৱ সম্প্ৰসাৰিত কৰি আমেৰিকাৰ জনসাধাৰণক প্ৰভাৱিত কৰিছে। এই আক্ৰমণাত্মক দৃষ্টিভংগী ‘আমদানি শুল্ক’ আৰোপ, বাণিজ্যিক চুক্তি, অবৈধ অনুপ্ৰৱেশকাৰী বহিস্কাৰ ইত্যাদিত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়৷ ট্ৰাম্পে ৰাষ্ট্ৰসমূহক আমেৰিকাৰ ব্যাপক অৰ্থনৈতিক আৰু সামৰিক শক্তিৰে ভয়-ভাবুকি প্ৰদান কৰি আমেৰিকাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়াস কৰিছে৷ এইক্ষেত্ৰত আন ৰাষ্ট্ৰ স্বাৰ্থ গৌণ কৰি ৰাখিছে৷ অৱশ্যে ট্ৰাম্পৰ এনে আক্ৰমণাত্মক আচৰণে চীন কিম্বা ৰাছিয়াৰ দৰে মহাশক্তিক বলাব পৰা নাই৷ আনকি ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰতো ট্ৰাম্প ব্যৰ্থ হৈছে৷
ট্ৰাম্পৰ এনে আক্ৰমণাত্মক নীতি বিশ্লেষণ কৰিলে অতিবাস্তৱাদৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় ৷ ট্ৰাম্পে আমেৰিকাৰ শক্তি আৰু সামৰ্থ্যক সঠিকভাৱে উপলব্ধি কৰে আৰু ইয়াৰ বাস্তৱিক শক্তি প্ৰদৰ্শনৰে প্ৰয়োগ কৰি আমেৰিকাৰ অধিক লাভ আদায়ৰ চেষ্টা কৰিছে৷ ট্ৰাম্পৰ হাতত বৰ্তমান অসীম ক্ষমতা আছে৷ ট্ৰাম্পে আমেৰিকাৰ প্ৰকৃতি বিশ্বৰ সন্মুখত তুলি ধৰিছে— যিটো আন ৰাষ্ট্ৰপতি বা ট্ৰাম্পে নিজেই প্ৰথম কাৰ্যকালত প্ৰৰ্দশনৰ পৰা বিৰত আছিল৷ আমেৰিকাই নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈ গৈ সিদ্ধান্ত ল’ব পাৰে৷ প্ৰয়োজনত বিশ্বাসী বন্ধু ৰাষ্ট্ৰকো বিশ্বাসঘাতকতা কৰিবলৈ আমেৰিকা সাজু৷ আমেৰিকা ইতিহাস খুচৰিলে সেইয়া স্পষ্ট হয়৷ অৱশ্যে আমেৰিকাৰ পূৰ্বৰ চৰকাৰ আৰু আন ৰাষ্ট্ৰপতিসকলে এনে মনোভংগীক কেতিয়াও মুকলিকৈ প্ৰকট কৰিব খোজা নাছিল৷ এই ক্ষেত্ৰত ট্ৰাম্প ব্যতিক্ৰম৷ ট্ৰাম্পে আমেৰিকাৰ স্বাৰ্থ আৰু মনোভংগী স্পষ্টকৈ তুলি দি আমেৰিকাৰ প্ৰকৃত মুখ স্পষ্ট কৰি দিছে৷ অসীম শক্তিত অন্ধ অতিবাস্তৱাদী ট্ৰাম্পে বাস্তৱিক মূল্যায়ন ঠিকেই কৰিছে৷ কিন্তু ইয়াৰ ভৱিষ্যত ফলাফল আমেৰিকাৰ বাবে কিমান লাভজনক হ’ব সেয়া সময়তহে স্পষ্ট হ’ব৷ ট্ৰাম্পৰ শুল্ক নীতিয়ে ‘মেক ইন আমেৰিকা’ক অধিক প্ৰাধান্য দি কৰা লাভ আদায়ৰ চেষ্টাই কেৱল আন ৰাষ্ট্ৰৰ ওপৰতে নহয়; আমেৰিকাৰ সাধাৰণ নাগৰিকৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে৷ কাৰণ বৰ্দ্ধিত শুল্কৰ ফলত আমদানিকৃত সামগ্ৰীসমূহৰো দাম বৃদ্ধি হ’ব ৷
ট্ৰাম্পৰ ধাৰণাসমূহ যদিও বৰ্তমান প্ৰেক্ষাপটত সীমাৱদ্ধ সময়ৰ বাবে আমেৰিকাৰ বাবে লাভজনক, কিন্তু ভৱিষ্যতে ইয়াৰ প্ৰভাৱ ইতিবাচক ন’হব৷ ইতিমধ্যে ট্ৰাম্পৰ কৰ্ম-কাণ্ডই বন্ধু ৰাষ্ট্ৰসমূহৰ মাজত আমেৰিকাৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰিছে৷ যাৰ ফলত এই ৰাষ্ট্ৰসমূহে আন ৰাষ্ট্ৰৰ সৈ’তে সম্পৰ্ক অধিক উন্নিতকৰণ কৰাৰ প্ৰয়াস কৰিছে৷ লগতে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বিকল্প পথৰ সন্ধান কৰিছে৷ অৱশ্যে আমেৰিকাৰ বিশ্বাসযোগ্যতাৰ ওপৰত পূৰ্বৰে পৰা ভাৰতকে আদি কৰি আন বহু ৰাষ্ট্ৰই সন্দেহপূৰ্ণ দৃষ্টিভংগী ৰাখিছিল। যিটো ট্ৰাম্পে বাস্তৱিক কৰি ৰাষ্ট্ৰসমূহক সজাগ আৰু জাগ্ৰত হোৱাৰ সুযোগ দিলে৷
ট্ৰাম্পৰ শুল্ক নীতি আৰু অতিবাস্তৱবাদী দমনকাৰী আধিপত্যৰ নীতিয়ে ভাৰতৰ বিদেশ নীতিত সদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। ট্ৰাম্পৰ এনে নীতি ভাৰতৰ বাবে ইতিবাচক তাৎপৰ্য বহন নকৰিলেও ভাৰতৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ পাঠ৷ আমাৰ ৰাষ্ট্ৰ বহু ক্ষেত্ৰত আন ৰাষ্ট্ৰৰ ওপৰত জোখতকৈ অধিক নিৰ্ভৰশীল হৈ আছে৷ এনে নিৰ্ভৰশীলতা কোনো কাৰণতে এখন সাৰ্বভৌম, স্বাভিমানী ৰাষ্ট্ৰৰ বাবে শুভ নহয়। এনে নিৰ্ভৰশীলতাই দেশৰ সংকটৰ সময়ত, দেশৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত অথবা হেঁচা প্ৰয়োগৰ সম্ভাৱনাই অধিক৷ ভাৰত এখন শক্তিশালী সাৰ্বভৌম আৰু বিশ্বক নেতৃত্ব দি’ব পৰা ৰাষ্ট্ৰ হ’বলৈ আত্মানিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজনীয়৷ নিম্ন উল্লেখিত বিষয়বোৰত যিমান সম্ভৱ ভাৰত আত্মনিৰ্ভশীল হোৱা অতিকৈ প্ৰয়োজনীয় ৷
১) ভাৰতত ইণ্টাৰনেটৰ ব্যাপক সংযোগ হোৱাৰ লগতে ডিজিটেল যোগাযোগৰ বিকাশ হোৱাৰ পাছতো ভাৰতৰ কোনো নিজস্ব বাৰ্তাবাহক (messaging) ৱাটছেপ, টেলিগ্ৰাম আদিৰ দৰে ছফ্টৱেৰ নাই৷ ভাৰতৰ নিজস্ব কোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম— ফে’চবুক, ইনষ্টাগ্ৰাম, এক্স (টুইটাৰ), ইউটিউব আদিৰ দৰে নাই৷ কাইলৈ যদি আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সৈতে বিবাদ বা আন কোনো কাৰণত এই প্লেটফৰ্মৰ সেৱা ভাৰতত নিষিদ্ধ কৰে ভাৰতে কি কৰিব? ভাৰতৰ হাতত কিবা বিকল্প আছেনে? এনে প্ৰশ্নবোৰ ভাৰতৰ আমোলা, নেতা, নীতিনিৰ্মাতা আদিয়ে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়৷
২) ভাৰতৰ কোনো নিজস্ব অপাৰেটিং ছিষ্টেম নাই৷ Microsoft Windows, Apple’s macOS and iOS আৰু Google’s Android-ত এতিয়া গোটেই দেশ চলি আছে৷ আনকি গুৰুত্বপূৰ্ণ মন্ত্ৰালয়, এয়াৰপৰ্ট, প্ৰতিৰক্ষা সংস্থাতো এইবোৰৰ ব্যৱহাৰ চলি আছে৷ হঠাৎ এইবোৰৰ সেৱা বন্ধ হ’লে কি হ’ব কল্পনা কৰিব পাৰেনে? ইতিমধ্যে বহিঃৰাষ্ট্ৰত নিৰ্মিত বা বহিঃৰাষ্ট্ৰৰ কোম্পানীৰ মোবাইল, ছফ্টৱেৰ আদিৰ জৰিয়তে ভাৰতৰ কোটি কোটি মানুহৰ তথ্য আন ৰাষ্ট্ৰ কিম্বা কোম্পানীৰ হাতলৈ গৈছে৷ এইটোক কেতিয়াবা যে কোনোবাই ঢাল হিচাপে ব্যৱহাৰ নকৰিব, তাৰ কি থল আছে? এনে ৰাষ্ট্ৰসমূহে বিচাৰিলে একমুহূৰ্তত ভাৰতক অচল কৰি দিয়াৰ সুযোগ আছে৷ কাৰণ ডিজিটেল এই যুগত প্ৰায়ভাগ কাম-কাজতেই কম্পিউটাৰ, ফোন আদিৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়৷ এনে ক্ষেত্ৰত ডিজিটেল লকডাউনে কি কৰিব পাৰে, সুহৃদয় পাঠক নিশ্চয় অনুমান কৰিব পাৰিব!
৩) ভাৰতৰ কোনো থলুৱাভাৱে নিৰ্মিত যাত্ৰীবাহী বিমান নাই৷ বিমানসমূহ পশ্চিমীয়া ৰাষ্ট্ৰত নিৰ্মিত৷ এনেক্ষেত্ৰত ছাৰ্ভিচিঙৰ বাবে পাৰ্টছসমূহ পশ্চিমীয়া ৰাষ্ট্ৰৰ পৰা আমদানি কৰিবলগীয়া হয়৷ কাইলৈ এই ৰাষ্ট্ৰসমূহে সংকটৰ সময়ত বিমানৰ পাৰ্টছসমূহ দিবলৈ নিবিচাৰিলে কিম্বা দিয়াৰ ক্ষেত্ৰত সংকটৰ সুযোগ লৈ চৰ্ত আৰোপ কৰিলে ভাৰতৰ অৱস্থা কি হ’ব? শেহতীয়াকৈ চীনৰ ক্ষেত্ৰতে ট্ৰাম্পে বিমানৰ পাৰ্টছ দিয়াত প্ৰতিবন্ধকতা আৰোপ কৰাত তিনিশতকৈ অধিক আমেৰিকাত নিৰ্মিত বিমান কাৰ্যক্ষম কৰিব পৰা নাই৷ অৱশ্যে চীনে থলুৱাভাৱে যাত্ৰীবাহী বিমান নিৰ্মাণ আগৰে পৰা কৰিছিল আৰু লাহে নাহে পশ্চিমত নিৰ্মিত বিমান ক্ৰয় বন্ধ কৰি থলুৱা নিৰ্মাণত মনোনিৱেশ কৰিছে৷ যাৰ বাবে আমেৰিকা বা আন পশ্চিমীয়া ৰাষ্ট্ৰই চীনৰ শিৰ নত কৰিব পৰা নাই৷ কিন্তু এই ক্ষেত্ৰত ভাৰত বহু পিছ পৰা; স্বদেশী যাত্ৰীবাহী বিমানতো দূৰৈৰে কথা, সামৰিক বাহিনীৰ ফাইটাৰ জেটৰ বাবে আজি পৰ্যন্ত কোনো ইঞ্জিন নিৰ্মাণ কৰিব পৰা নাই ভাৰতে। ইতিমধ্যে চীনে সপ্তম জেনেৰেচনৰ ফাইটাৰ জেট নিৰ্মাণত ব্যস্ত৷ অথচ আমি? ভাৰতৰ নীতিনিৰ্মাতা আৰু ৰাজনীতিবিদে এই ক্ষেত্ৰত লোৱা তৎপৰতা এতিয়াও অতি লেহেমীয়া গতিৰেহে আগ বাঢ়িছে।
৪) মোবাইল ফোন, লেপটপ, কম্পিউটাৰ আদিৰ নিৰ্মাণৰ ক্ষেত্ৰততো ভাৰতৰ প্ৰদৰ্শন শূন্য বুলিলে ভুল কোৱা নহ’ব৷ যি এটা আছে তাৰো ফলাফল সন্তোষজনক নহয়৷ এইক্ষেত্ৰত চীন আৰু ছাউথ কোৰিয়াৰ দৰে ৰাষ্ট্ৰৰ ওপৰত ভাৰত ব্যাপকভাৱে নিৰ্ভৰশীল৷ এই ক্ষেত্ৰত ভাৰত প্ৰতিদ্বন্দ্বী, কেইবাটাও সংঘৰ্ষ আৰু এখন যুদ্ধত লিপ্ত চীনৰ ওচৰতে নিৰ্ভৰশীল হৈ ৰোৱাটো কিমান সমীচীন? চীনে ইচ্ছা কৰিলে, এনে মোবাইল ফোন, লেপটপ, কম্পিউটাৰ আদিৰ জৰিয়তে চোৰাংচোৱা বা হেকিং কৰাৰ সম্ভাৱনা নাথাকিবনে?
৫) ইয়াৰ লগতে সকলোধৰণৰ সামৰিক সামগ্ৰীৰ থলুৱা গৱেষণা কৰা আৰু থলুৱাভাৱে নিৰ্মাণ কৰাটো অতি জৰুৰী৷ যিয়ে বহিঃৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা নাইকিয়া কৰিব৷ যুদ্ধকালীন সময়ত বহিঃৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ হ’ব লগা নোহোৱাটো অতিকৈ জৰুৰী৷
খাৰুৱা তেলৰ ক্ষেত্ৰতো ভাৰত আন ৰাষ্ট্ৰৰ ওপৰত অধিক নিৰ্ভৰশীল৷ অৱশ্যে প্ৰাকৃতিকভাৱে ভাৰতত খাৰুৱা তেল অধিক পৰিমাণে উপলভ্য নহয়৷ খাৰুৱা তেলৰ ক্ৰয়ক লৈ বহু সময়ত ভাৰতৰ বিদেশ নীতি প্ৰভাৱিত হয়৷ যেনে, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা, ইৰাণ-ইজৰাইলৰ সংঘৰ্ষৰ প্ৰক্ষাপটত ইৰাণৰ পৰা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা, ভেনিজুৱেলাৰ ক্ষেত্ৰতো একেই৷ উল্লেখ্য উক্ত তিনিখন ৰাষ্ট্ৰৰ বাহিৰে খাৰুৱা তেল উপলভ্য আন ৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰাত তেলৰ মূল্য, পৰিবহনব্যয় আদিৰ বাবে ভাৰতৰ বাবে লাভজনক নহয়৷ এই ক্ষেত্ৰত ভাৰতে বহু ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখি পশ্চিমীয়া নিষেধাজ্ঞাৰ পাছতো তেল ক্ৰয় কৰা দেখা গৈছে৷ যদিও কোনো কোনো ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থৰ পাছতো আন ৰাষ্ট্ৰৰ ওচৰত ভিন্ন ক্ষেত্ৰত থকা নিৰ্ভৰশীলতা আৰু ইয়াৰ হেঁচাই শক্তিশালী স্থিতি দুৰ্বল কৰাও দেখিবলৈ পোৱা গৈছে৷ এইটো মাত্ৰ এটা উদাহৰণহে৷ গতিকে ভাৰত সম্পূৰ্ণৰূপে উল্লিখিত দিশসমূহত আত্মনিৰ্ভৰ হ’ব নোৱাৰালৈকে এনে প্ৰত্যাহ্বানৰ সৈ’তে মোকাবিলা কৰা সহজ ন’হব৷
আমি আশা কৰিম ভাৰতৰ নীতিনিৰ্মাতা, ৰাজনীতিবিদ, আমোলা-বিষয়াসকলে এই ক্ষেত্ৰত দ্ৰুত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি পৰম্পৰাগত আমোলাতান্ত্ৰিক চিন্তা-চেতনাক ইয়াৰ উৰ্দ্ধত ৰাখিব৷
ট্ৰাম্পৰ শুল্ক নীতি আৰু আক্ৰমণাত্মক অতিবাস্তৱবাদৰ বিৰুদ্ধে ভাৰতৰ দুৰ্বল স্থিতি আত্মনিৰ্ভৰশীল হ’ব নোৱাৰাৰ ফল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে ভাৰত চৰকাৰে এতিয়াও বৰ্দ্ধিত শুল্কৰ বিৰুদ্ধে কোনো শক্তিশালী ব্যৱস্থা ল’ব পৰা নাই৷ এইক্ষেত্ৰত ৰপ্তানিকৃত সামগ্ৰীৰ গ্ৰাহক ৰাষ্ট্ৰৰ ক্ষেত্ৰত ভিন্নতা অনাটো অতি প্ৰয়োজনীয়৷ আমেৰিকাক চীনৰ দৰে উত্তৰ দিব পৰাকৈ ভাৰত সমৰ্থ নহয়৷ কাৰণ ভাৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হ’ব পৰা নাই৷ আমেৰিকাকই যদি চীনৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে, চীনেও আমেৰিকাৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে৷ তাতে চীনৰ ওপৰত আমেৰিকাৰ বাণিজ্যৰ পৰিমাণো ভাৰততকৈ অধিক আৰু বহু ক্ষেত্ৰত আমেৰিকা চীনৰ ওপৰত নিৰ্ভৰ ৷
সামৰণিত এটা গুৰুত্বপূৰ্ণ দিশলৈ আমি মন কৰিব পাৰোঁ। সেইয়া হ’ল ভাৰতক আত্মনিৰ্ভৰশীল ৰূপে গঢ়া৷ আত্মনিৰ্ভৰশীলতাই ভাৰতক শক্তি দিব৷ আত্মনিৰ্ভৰশীলতাই নিৰ্মাণ কৰিব বিকশিত ভাৰতৰ ভৱিষ্যত। তাৰ বাবে সুপৰিকল্পনা আৰু দ্ৰুত তৎপৰতা অতি আৱশ্যক৷ লগতে, বিজ্ঞান-প্ৰযুক্তিৰ গৱেষণা আৰু তেনে শিতানত অধিক অৰ্থ ধাৰ্য কৰাটোও জৰুৰী।

