ভাৰতৰ বৰ্তমান ইতিহাস চৰ্চা আৰু ইয়াৰ সংকট- (ৰূপক বৰুৱা)
ইতিহাস আমি কিয় জানিব লাগে? এই প্ৰশ্নৰ উত্তৰত প্ৰায়ে এই কথা কোৱা হয় যে ইতিহাস জানিলে আমি আমাৰ জাতি আৰু দেশৰ গৌৰৱোজ্বল অতীত আৰু অতীতৰ আমাৰ বীৰ-বীৰাঙ্গনাসকলৰ বিষয়ে জানিব পাৰিম যাক লৈ আমি গৌৰৱবোধ কৰিম আৰু ই আমাৰ জাতীয় চেতনাক সমৃদ্ধ কৰিব। এইয়া হ’ল জাতীয়তাবাদী ভাবাৱেগ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত এই ভাবাৱেগে আমাৰ ঐতিহ্যৰ ইতিবাচক দিশবোৰ উদ্ধাৰ কৰিবলৈ শিক্ষিত মধ্যবিত্তক উৎসাহিত কৰিছিল আকৌ ইয়েই আধুনিক শিক্ষাৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোক উপনিৱেশিক শাসনৰ অধীনত উদ্ভৱ হোৱা হীনমান্যবোধৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিছিল। ঐতিহ্যৰ এই নিৰ্মাণো স্বাভাৱিকতে বস্তুনিষ্ঠতাৰ পৰা আঁতৰি অতিৰঞ্জিত হৈ পৰিছিল। হ’লেও সেইসময়ত ধৰ্মনিৰপেক্ষ ভাৰতীয় জাতীয়তাবাদৰ ধাৰাটো বেছি শক্তিশালী আছিল। সাম্প্ৰতিক কালত ভাৰতবৰ্ষত ধৰ্মনিৰ্ভৰ হিন্দু জাতীয়তাবাদীসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থত ইতিহাস পুনৰ নিৰ্মাণত লাগি আছে। ইতিহাস চৰ্চাই লাহে লাহে উপ্যাখ্যান নিৰ্ভৰ জনপ্ৰিয় ইতিহাস চৰ্চালৈ প্ৰত্যাগমন কৰিছে।দৰাচলতে ই ইতিহাস চৰ্চাই নহয় আৰু ই প্ৰগতি বিৰোধীও। ইতিহাসবিদ ই এইচ কাৰে কৈছিল- ইতিহাস ৰচনা (historiography) এক প্ৰগতিশীল বিজ্ঞান এইটো অৰ্থত যে ই কোনো এক ঘটনা প্ৰবাহক অনবৰতে ব্যাপক আৰু গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈ বিচাৰে যিটো নিজেই প্ৰগতিশীল। আমাৰ অতীতৰ বিষয়ে এটা গঠনমূলক দৃষ্টিভঙ্গীৰ প্ৰয়োজন বুলি কওঁতে মই এইটোকে বুজাবলৈ বিচাৰিছিলোঁ। প্ৰগতি সম্পৰ্কে এই দ্বৈত বিশ্বাসৰ ভিত্তিত বিগত দুই শতিকাত আধুনিক ইতিহাস ৰচনাৰ ধাৰা বিকশিত হৈ আহিছে আৰু ইয়াৰ অবিহনে ই বাচি থাকিবও নোৱাৰে কিয়নো এইটো বিশ্বাসেই ইয়াৰ তাৎপৰ্যৰ মাপকাঠি, প্ৰকৃত আৰু আকস্মিকতাৰ মাজত পাৰ্থক্যৰ কৰ্ষটি প্ৰদান কৰে।” বৰ্তমান হিন্দু জাতীয়তাবাদৰ আধিপত্যই সমাজৰ প্ৰগতি আৰু ইতিহাস ৰচনাৰ প্ৰগতিত বাধা সৃষ্টি কৰিছে। ইতিহাস অধ্যয়নত কেনেদৰে প্ৰগতি হয় তাক বুজাবলৈ কাৰে লিখিছিল- “১৮৮০ দশকৰ ঐতিহাসিকতকৈ ১৯২০ৰ দশকৰ ঐতিহাসিকসকল বস্তুনিষ্ঠ সিদ্ধান্তৰ অধিক নিকটৰ আছিল আৰু আজিৰ ঐতিহাসিক ১৯২০চনৰ ঐতিহাসিকতকৈ অধিক নিকটৰ।” (ইটোৰ পিছত সিটো প্ৰজন্মৰ ঐতিহাসিকে বিচমাৰ্কৰ সাফল্যক কৰা মূল্যায়নক উদাহৰণ হিচাপে লোৱা হৈছে।) ভাৰতত ইতিহাস চৰ্চাৰ এই ধাৰাক হিন্দুত্ববাদীসকলে ধ্বংস কৰিছে।বৰ্তমান ভাৰতবৰ্ষত ইতিহাস চৰ্চাৰ উদ্দেশ্য হৈ পৰিছে “হিন্দু জাতীয়তাবাদক” প্ৰতিষ্ঠা কৰা আৰু হিন্দুত্বক মহিমামণ্ডিত কৰা।এওঁলোকে মুছলমান ৰজাসকলৰ শাসন কালছোৱাক ইতিহাসৰ অন্ধকাৰ যুগ হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ইতিহাস পুনৰ নিৰ্মাণৰ কাৰণে ১৯৮৪চনত প্ৰতিষ্ঠা কৰে “ইতিহাস সংকলন যোজনা” নামৰ এটি শাখা। ৩৭ বছৰ ধৰি এই শাখাই হিন্দু জাতীয়তাবাদৰ প্ৰেৰণাৰে ইতিহাসৰ পুনৰ নিৰ্মাণৰ কামত লাগি আছে। ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টী শাসনলৈ অহাৰ পৰা ই অতি সক্ৰিয় হৈ পৰিছে। “ইতিহাস সংকলন যোজনা”ৰ সাধাৰণ সম্পাদক বাল মুকন্দ পাণ্ডেৰ (Bal Mukand Pandey) বক্তব্যত তেওঁলোকে যে গৌৰৱোজ্বল অতীতৰ সন্ধানতহে ইতিহাস চৰ্চা কৰিছে তাক প্ৰতীয়মান হয়। তেওঁ কৈছে- “Our children have been reading history which makes them feel humilated of their past. We must want a history which makes them feel proud as Indian.”। এই বাল মুকন্দ পাণ্ডেয়ে ২০১৫ চনত “The National Curriculum Framework”ৰ বাবে হ’বলগীয়া সভাৰ ক্ষেত্ৰত মন্তব্য কৰিছিল এনেদৰে- “Marxist historians will not have the last word in meeting conducted to revise the NCF. The meeting will not be dominated by historians who refute the Ramayana and the Mahabharata as Myth.” (Danish Raza in Hindustan times.)। আকৌ দীননাথ বাট্টাৰ দৰে ব্যক্তিয়ে “শিক্ষা বচাও” আন্দোলনৰ যোগেদি শিক্ষাজগতত পৰিৱৰ্তন আনিবলৈ লাগি আছে। এই পৰিৱৰ্তন কেৱল “হিন্দুত্ব”ৰ স্বাৰ্থত। এনেদৰ আমাৰ ঐতিহ্যক হিন্দুত্বৰ স্বাৰ্থত পুনৰ নিৰ্মাণৰ কাম চলিছে আৰু ভাৰতীয় বৈচিত্ৰময় ঐতিহ্যক একশৈলিক হিচাপে গঢ়িব খুজিছে। তেওঁলোকৰ লগত মত নিমিলা, তেওঁলোকৰ মতাদৰ্শৰ সমৰ্থন নকৰা লেখক, ইতিহাসবিদৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ভাবুকি সৃষ্টি কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা A.k.Ramanujanৰ Three Hundred Ramayans নামৰ কিতাপখন হিন্দুত্ববাদীসকলৰ হেঁচাত আঁতৰ কৰে। বিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান Penguine, Indiaই হিন্দু জাতীয়তাবাদীসকলৰ হেচাঁতেই Wendy Doniger ৰ গ্ৰন্থ The Hindus and an Alternative History ছপা কাৰ্য বন্ধ কৰি দিয়ে আৰু যি কেইখন ছপা কৰিছিল তাকো নষ্ট কৰি পেলাবলৈ সন্মত হয়। ইয়াৰ পিছতো হিন্দুত্ববাদীসকলে Donigerক সামাজিক মাধ্যমৰ যোগেদি বিভিন্ন ধৰণে আক্ৰমণ আৰু অপমান কৰি অহিছে। এইক্ষেত্ৰত Doniger য়ে মন্তব্য কৰিছে এনেদৰে- “After the attacks on me on the internet particularly after the publication of ‘The Hindus an alternative history’ I almost lost my old sense of trust in my readers and for a while I actually thought I would stop writing about India altogeter..”। ৰামিলা থাপাৰ, ইৰফান হাবিব, আদিত্য মুখাৰ্জী আদিৰ দৰে ইতিহাসবিদসকলকো সংঘ আৰু হিন্দুত্ববাদীসকলে আক্ৰমণ কৰিছে। প্ৰধানকৈ সামাজিক মাধ্যমৰ যোগেদি এইয়া কৰা হৈছে। শাসক পক্ষৰ পৰাও এওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ চাপ সৃষ্টি কৰা হৈছে। ইতিহাস চৰ্চাৰ প্ৰগতিৰ প্ৰয়োজনত যি বিদ্যায়তনিক বিৰ্তক প্ৰয়োজন তাক নকৰি তেওঁলোকে অপপ্ৰচাৰৰহে আশ্ৰয় লোৱা দেখা গৈছে। এওঁলোকৰ অভিযোগ এইযে, এইসকল ইতিহাসবিদে ইতিহাসৰ তথ্য বিকৃত কৰিছে আৰু এওঁলোক হিন্দু বিৰোধী। এওঁলোক বস্তুনিষ্ঠ নহয় বুলিও দাবী কৰিছে। কিন্তু এই হিন্দু জাতীয়তাবাদীসকলে যি ইতিহাস নিৰ্মাণ কৰিব খুজিছে তাত উপ্যাখ্যান, আধ্যাত্মিকতাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছে আৰু প্ৰকৃত গৌৰৱ কৰিবলগীয়া আমাৰ ঐতিহ্যৰ বৈচিত্ৰ্যময় উপাদানবোৰ যেনে – “বস্তুবাদী দৰ্শন”কে ধৰি ভাৰতত বিকশিত হোৱা আনবোৰ দৰ্শনক গুৰত্ব দিয়া নাই। কাৰণ “বস্তুবাদী” দৰ্শনকে ধৰি এই দৰ্শনবোৰ তেওঁলোকৰ মতাদৰ্শৰ পৰিপন্থী। দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে বিস্তৰ অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা প্ৰাচীন ভাৰতৰ এই বস্তুবাদী ঐতিহ্যক উদ্ধাৰ কৰি “লোকায়াত দৰ্শন”ত আলোচনা কৰিছে।
মাৰ্ক্সবাদী ইতিহাসবিদ লুকাচে জাৰ্মান ইতিহাসবিদ ৰাঙ্কেক (Ranke) ইতিহাস বিৰোধী বুলি গণ্য কৰিছিল। ই. এইচ. কাৰে এইক্ষেত্ৰত মতপোষণ কৰিছে এনেধৰণে– লুকাচে ৰেঙ্কেক ইতিহাস বিৰোধী বুলি গণ্য কৰিছিল এই অৰ্থত যে এটাৰ পৰা আন এটালৈ এক বিকাশৰ প্ৰক্ৰিয়াতকৈ তেওঁ ঘটনাৱলীৰ, সমাজ প্ৰতিষ্ঠানৰ এটা সংগ্ৰহ উপহাৰ দিছিল। লুকাচে লিখিছিল যে- ইতিহাস অদ্ভূত উপাখ্যানৰ এক সংগ্ৰহত পৰিণত হৈছিল। কিন্তু এইজন সোঁপন্থী জাৰ্মান ইতিহাসবিদ ৰাঙ্কে (Ranke) আধুনিক ইতিহাস চৰ্চাৰ বাটকটীয়া বুলি সদায় স্মৰণীয় হৈ থাকিব। তেৱেঁই প্ৰথম ইতিহাস চৰ্চাৰ পৰা উপাখ্যানক নাকচ কৰিছে। ৰাঙ্কেয়ে (Ranke) ইতিহাস চৰ্চাৰ ক্ষেত্ৰত বস্তুনিষ্ঠতাক গুৰুত্ব দি যিকোনো ভাবাৱেগ ইতিহাস চৰ্চাৰ পৰিপন্থী বুলি মতপোষণ কৰিছিল। তেওঁ ইতিহাস চৰ্চাৰ এক নতুন পদ্ধতি সূচনা কৰে। এই পদ্ধতিত ঐতিহাসিক তথ্যবিলাক ব্যৱহাৰৰ আগে তাৰ সমালোচনামূলক বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ উপাখ্যান, ৰূপকথা, পুৰণি কাহিনী যি প্ৰমাণিত নহয় তাক ইতিহাস চৰ্চাৰ বাহিৰৰ বস্তু বুলি কৈছিল। যিকোনো ভাবাৱেগ, জাতীয়তাবাদ নাইবা ৰাষ্ট্ৰীয়তাবাদ যিয়েই নহওক তেওঁ প্ৰশ্ৰয় দিয়া বিৰোধিতা কৰিছিল। তেওঁৰ শেষকথা আছিল “The strict presentation of facts is the supreme law of historical writing.”। ভাৰতৰ মাৰ্ক্মবাদী ইতিহাসবিদ ডি. ডি. কৌশাম্বীয়েও অতিকথাবোৰ যুক্তিসন্মতভাৱে দেখুওৱাৰ চেষ্টা বেয়া বুলি উল্লেখ কৰিছে। তেওঁ কৈছে- ইয়াক Cuhemerism (অতিকথবোৰক ঐতিহাসিক ৰূপত ব্যাখ্যা) বোলে। শব্দটো গ্ৰীক মূলৰ, গ্ৰীকসকলে নিজৰ অতিকথাবোৰক এনেদৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিল। একোটি অতিকথাৰ প্ৰকৃত অৰ্থ বিচাৰি উলিওৱা টান, তাৰপৰা পোনপটীয়া ঐতিহাসিক সংবাদ পোৱা আৰু টান। আনহাতে “ভাৰতবৰ্ষৰ ইতিহাস নাছিল, কেতবোৰ উপ্যাখ্যানহে আছিল।” বিদেশী বুৰঞ্জীবিদৰ এই পৰিহাসটিৰ বিপৰীতে গৈ ডি.ডি.কৌশম্বীয়ে লিখি উলিয়াইছিল “ভাৰত ইতিহাস”। তেওঁ গ্ৰন্থখনৰ প্ৰথম অধ্যায়তে লিখিছে- তলত দিয়া আলোচনাবোৰে ইয়াকে প্ৰতিপন্ন কৰিব যে ভাৰতীয় পাঠ্যপুথিত পোৱা ৰজাসকলৰ কথা, ৰাজবংশৰ তালিকা আৰু ৰহন সনা ঘটনাৰে পৰিপূৰ্ণ যুদ্ধ বিগ্ৰহৰ বৰ্ণনাহে পোৱা যায়।পোনপ্ৰথমবাৰৰ বাবে আমি এই গ্ৰন্থত উপ্যাখ্যানবিহীন বুৰঞ্জী পুনৰ ৰচনা কৰিম। স্বাভাৱিকতে এই বুৰঞ্জী য়ুৰোপীয় পৰম্পৰা বুৰঞ্জীৰ সৈতে একে নহ’ব।” ভাৰতীয় ইতিহাস আৰু পুৰাতত্ত্বৰ অধ্যয়ন আৰু গৱেষণা বিশেষ মতাদৰ্শ মানুহৰ হাতত পৰিলে ই কিমান পক্ষপাত শূন্য হৈ থাকিব? ইংৰাজসকলে যদি আমাক তলত ৰাখিবলৈ ইতিহাসৰ কিছুমান কথা লুকুৱাইছিল বা বিকৃত কৰিছিল তেন্তে জাতীয়তাবাদীসকলে, সততে নিজৰ জাতিক লৈ গৰ্বিত হোৱাসকলে কিবা বেয়া তথ্য পালে নুলুকোৱাব বা তথ্যবোৰ মহিমামণ্ডিত নকৰিব বুলি কেনেকৈ ক’ব পাৰি? বাওঁপন্থী অন্ধ-মতাদৰ্শী আৰু সোঁপন্থী মতাদৰ্শীসকলৰ ক্ষেত্ৰতো একে কথাই খাটিব। তেন্তে সত্য তথ্য পোৱা কেনেদৰে সম্ভৱ হ’ব? এইক্ষেত্ৰত “বস্তুনিষ্ঠতা”ক গুৰুত্ব দিয়া হয়।বস্তুনিষ্ঠতানো কি? সাক্ষ্য-প্ৰমাণৰ ভিত্তিত নিজ সিদ্ধান্তক গঢ় দিয়াই হ’ল বস্তুনিষ্ঠতা য’ত ব্যক্তিৰ ৰুচি অভিৰুচি আৰু পূৰ্বধাৰণাৰ প্ৰভাৱ নাথাকে। ই এইচ কাৰে এই ক্ষেত্ৰত মত প্ৰকাশ কৰিছে এনেদৰে-“ইতিহাসৰ তথ্যসমূহ সম্পূৰ্ণকৈ বস্তুনিষ্ঠ হ’বই নোৱাৰে, কিয়নো কেৱল ঐতিহাসিকে সেইবোৰৰ ওপৰত তাৎপৰ্য আৰোপ কৰাৰ গুণতহে সেইবোৰ ঐতিহাসিক তথ্যত পৰিণত হয়। ইতিহাসৰ বস্তুনিষ্ঠতা- আমি যদি এতিয়াও গতানুগতিক শব্দটোকেই ব্যৱহাৰ কৰোঁ- তথ্যৰ বস্তুনিষ্ঠতা হ’বই নোৱাৰে, বৰং সম্পৰ্ক বস্তুনিষ্ঠতাহে হ’ব পাৰে, তথ্য আৰু ব্যাখ্যাৰ মাজৰ সম্পৰ্কৰ, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সম্পৰ্কৰ বস্তুনিষ্ঠতা।” ইতিহাস চৰ্চাক বিজ্ঞানসন্মত ৰূপ দিলেও সি বস্তুনিষ্ঠতাৰ কাষ চাপে। ঐতিহাসিক বিউৰীয়ে সেইহে মত প্ৰকাশ কৰিছে যে- ইতিহাস এক বিজ্ঞান সেয়েহে ইতিহাস লেখাৰ সময়ত তাৰ সীমা লংঘন নকৰি বৈজ্ঞানিক দৃষ্টিভঙ্গিৰে ইতিহাস ৰচনা কৰা প্ৰয়োজন। নহ’লে ইতিহাসৰ নিৰপেক্ষতা, সততা আৰু স্বচ্ছতা নাথাকিব।” মনটো সকলোধৰণৰ পূৰ্বধাৰণা, মতাদৰ্শৰ পৰা মুক্ত হ’ব লাগিব। ইয়াত কোনো গোড়ামি থাকিব নালাগিব। নতুন তথ্য প্ৰমাণৰ লগে লগে অতীতৰ ব্যাখ্যা আৰু নিৰ্মাণ সলনি হয়। কথাবোৰ আমি পোনে পোনে বিশ্বাস কৰিব নালাগিব আৰু গ্ৰহণো কৰিব নালাগিব।ইতিহাস চৰ্চাৰ ক্ষেত্ৰত কাৰ্য-কাৰণ নীতি মানি চলাটোৱে ইয়াক অধিক বস্তুনিষ্ঠ কৰি তোলে। ইতিহাস চৰ্চাত কাৰ্য-কাৰণ বিধি সম্পৰ্কত ইতিহাসবিদ ই এইচ কাৰে কয় যে- কাৰ্য আৰু কাৰণৰ অগণন পৰিনামৰ পৰা ঐতিহাসিকে সেইখিনি কেৱল সেইখিনিহে বাছি উলিয়াব যিখিনি ঐতিহাসিকভাৱে অৰ্থৱহ, সেইখিনিক যুক্তিসিদ্ধ ভাষ্য আৰু ব্যাখ্যাৰে সজোৱাটো তেওঁৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। কাৰ্য-কাৰণৰ বাকীবোৰ পৰিণামৰ আকস্মিকতাৰ কাৰণে প্ৰত্যাখ্যান কৰিব এই কাৰণে নহয় যে, কাৰ্য-কাৰণৰ সম্পৰ্কটো সেইবোৰত সুকীয়া, বৰং এই কাৰণহে যে, সিহঁত নিজেই অপ্ৰাসংগিক। ইতিহাস চৰ্চাৰ হিন্দু জাতীয়তাবাদী ধাৰা কাৰ্য-কাৰণৰ নীতিৰ পৰা বহু দূৰত। এওঁলোকে ইতিহাস চৰ্চাৰ ক্ষেত্ৰত মিছা প্ৰমাণৰ আশ্ৰয় লোৱা উদাহৰণো আছে। (১৯৯৯ চনত আমেৰিকাত গৱেষণাৰত ভাৰতীয়মূলৰ গৱেষক এন. এছ. ৰাজাৰামে দাবী কৰিছিল যে হৰপ্পা সভ্যতাত ঘোঁৰা ব্যৱহাৰ হৈছিল। আনকি তেওঁ ঘোঁৰাৰ জকাৰ প্ৰমাণ দাঙি ধৰিছিল। ইয়াৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিব খুজিছিল যে আৰ্যসকল ভাৰতৰে ভুমিপুত্ৰ, বাহিৰৰ পৰা অহা নহয়।কিন্তু হাৰ্ভাড বিশ্ববিদ্যালয়ৰ ভাৰততত্ত্ব (Indologist) বিষয়ৰ প্ৰাধ্যাপক মাইকেল উইটজেল (Micheal Witzel) আৰু ষ্টিভ ফাৰমাৰ (Steve Farmer)য়ে প্ৰমাণ কৰি দেখুৱালে যে সেয়া আছিল মাথোঁ প্ৰতাৰণা। প্ৰখ্যাত ইতিহাসবিদ ৰমিলা থাপাৰেও তেওঁলোকক সমৰ্থন কৰে। ইয়াৰ ফলত ৰমিলা থাপাৰ হৈ পৰিল হিন্দুত্ববাদীসকলৰ শত্ৰু। ৰাজাৰাম আৰু এন.জ্যা এই দুজনে আনকি হৰপ্পান লিপিৰ অৰ্থও উদ্ধাৰ কৰিলোঁ বুলিও দাবী কৰিছিল। কিন্তু বিশ্বৰ ইতিহাসবিদসকলে ইয়াক নাকচ কৰে। ৰাজাৰমৰ সহযোগী এজনক ২০১৮চনত মোদী চৰকাৰে পদ্মবিভূষণেৰে সন্মানিত কৰিছিল। হেলছিনকী (Helsinki University)ৰ ভাৰততত্ত্বৰ প্ৰাধ্যাপক অছক’ পাৰপ’লাই (Asko Parpola) ভাৰতত হোৱা এনেধৰণৰ ইতিহাস চৰ্চাৰ বিষয়ে কৈছে এনেধৰণে- It is sad that India’s heritage should be exploited by some individuals — usually people with little or no academic credentials — who for political or personal motives are ready even to falsify evidence. In order to vindicate their ideology and promote their own ends, these persons appeal to the feelings of the ‘common man’ who, with full reason, is proud of his or her country’s grand heritage. Thus far Rajaram has got away with this dishonesty because the scholarly community has not considered this work worthy of consideration: it has been taken more or less for granted that any sensible person can see through this trash and recognize it as such. However, the escalation of this nonsensical propaganda now demands the issue to be addressed.
২০১৮ চনত উত্তৰ প্ৰদেশৰ চানাওলি (Sanauli) নামে ঠাইত হোৱা খনন কাৰ্যত ব্ৰঞ্জ যুগৰ ৰজাঘৰীয়া কবৰ (Royal burial) উদ্ধাৰ হৈছে। তাত ব্ৰঞ্জৰে নিৰ্মিত অস্ত্ৰ, মাটি টেকেলি, কাঠৰ সামগ্ৰী উদ্ধাৰ হৈছে। তাত আৱিষ্কাৰ হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু বিধ হ’ল এখন দুচকীয়া বাহন। এই সামগ্ৰীবোৰৰ কাৰ্বন ডেটিং নকৰোঁতেই কেতবোৰ নিউজ চেনেলে দাবী কৰিলে যে এইবিলাক মহাভাৰতৰ যুগৰ। খননৰ লগত জড়িত প্ৰত্নতাত্ত্বিকসকলে বাহনখনক ঘোঁৰাই টনা ৰথ বুলি দাবী কৰিছে। বহু ইতিহাসবিদে তেওঁলোকৰ দাবী নাকচ কৰিছে। যদি খননত জড়িত প্ৰত্নতাত্ত্বিকসকলৰ কথা সঁচা হয় তেন্তে “আৰ্যসকল প্ৰব্ৰজনকাৰী” এই কথাষাৰ মিছালৈ ৰূপান্তৰিত হ’ব।কিন্তু এই কাম আগৰ দৰে আৰ্যসকলক প্ৰব্ৰজিত নহয় বুলি প্ৰমাণ কৰিবলৈ কৰা নাইতো?
সহায় লোৱা গ্ৰন্থ আৰু আলোচনী
(১) ডি. ডি. কৌশাম্বীৰ ভাৰত ইতিহাস
(২) ই. এইচ. কাৰৰ ইতিহাস কাক কয়
(৩) প্ৰসেনজিৎ চৌধুৰীৰ ৰামকথা
(৪) Frontline, September 18, 2015
(৫) Hidustan Times