ভূপেন হাজৰিকাৰ চিন্তাৰ ব্যাপ্তি : এখন ৰচনাৰ আঁত ধৰি ।। ড০ পৰমানন্দ মজুমদাৰ
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
ভূপেন হাজৰিকাৰ গীত-সমগ্ৰৰ মাজেৰে প্ৰৱাহিত সমাজ চেতনা গঢ় লৈ উঠিছিল ভাৰতৰ প্ৰাক্ স্বাধীনতা আৰু উত্তৰ স্বাধীনতা কালৰ পটভূমিত। তেওঁৰ গীতত প্ৰস্ফুটিত হোৱা শাসন-শোষণবিৰোধী,সাম্ৰাজ্যবাদ-সামন্তবাদ বিৰোধী চেতনা হঠাতে গঢ় লৈ উঠা নাছিল। সেই সময়ৰ পটভূমিতে স্বাভাৱিকভাৱেই তেওঁৰ মানস জগতত সাম্যবাদী চেতনাই আলোড়ন তুলিছিল। তেওঁৰ বিভিন্ন ৰচনাত, সাক্ষাৎকাৰ আৰু অভিভাষণত তাৰ উল্লেখ আছে। অসম প্ৰকাশন পৰিষদৰ হৈ ভূপেন হাজৰিকাৰ গদ্যৰ, বিশেষকৈ ‘আমাৰ প্ৰতিনিধি’ৰ তেওঁৰ সম্পাদকীয় আৰু প্ৰবন্ধৰাজিৰ এটি নিৰ্বাচিত সংকলন (‘ভূপেন হাজৰিকা : গতিৰ পৰা আমাৰ প্ৰতিনিধিলৈ’, ২০১২) উলিয়াবলৈ যাওঁতে এখন ৰচনাত চকু থৈ আমি ৰৈ গৈছিলো। তাত ভূপেন হাজৰিকাই কোনো দ্বিধা নকৰাকৈ মুকলিকৈ কিছু কথা কৈছে,তাৰ পৰা তেওঁৰ মনত থিতাপি লোৱা ৰাজনৈতিক দৰ্শনৰো আভাস ল’ব পাৰোঁ—তাৰ পৰাই আমি ধাৰণা ল’ব পাৰোঁ কিয় তেওঁ আমেৰিকালৈ গৈ পলৰবচনক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল—কিয় তেওঁ ভাৰতীয় গণনাট্য সংঘৰ দৰে সাম্যবাদী সাংস্কৃতিক সংগঠনত জপিয়াই পৰিছিল আৰু সংঘৰ মজিয়াত বিচৰণ কৰি এলানি যুগমীয়া গীতৰ জন্ম দিছিল—যি গীতৰ বাবে ভূপেন হাজৰিকা সদায়েই বন্দিত। হাজাৰ বিতৰ্কইও যাক নি:শেষ কৰিব পৰা নাই—গীতৰাজি অসমৰ সংস্কৃতি,সমাজ-জীৱনৰ বাবে অক্ষয় কীৰ্তি হৈ ৰ’ল।

বিশেষ ৰচনাখনৰ প্ৰসংগ লৈ আহোঁ। ১৯৬৯ চনৰ নৱেম্বৰ সংখ্যা ‘আমাৰ প্ৰতিনিধি’ত তেওঁ লিখা ৰচনাখন আছিল, ‘ৰহস্যময় ‘হেনা’ : বিপ্লৱী নে ডকাইত?’ হেনা গাংগুলীৰ কথা আজিৰ চামে নেজানে। তেওঁ বিয়াল্লিছৰ আন্দোলনৰ বিদ্ৰোহী। বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ কৰ্মী। যোৱা বছৰ প্ৰকাশ পোৱা সুশান্ত দত্তৰ ‘বিপ্লৱৰ স্বপ্ন’ পুথিত তেওঁৰ বিষয়ে কিছু কথা আছে। তেওঁৰ প্ৰকৃত নাম হিৰণ্ময় গাংগুলী। ১৯১৯ চনত গুৱাহাটীৰ পানবজাৰ এলেকাত তেওঁৰ জন্ম। ১৯৩৯ চনৰে পৰা বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সৈতে যুক্ত হৈ, পিছলৈ পান্নালাল দাসগুপ্তৰ বিশ্বস্ত সহযোগী হৈ বংগ আৰু অসমৰ গুপ্ত বাহিনীৰ তেওঁ পৰিচালনাৰ ভাৰ লৈছিল। বহু দু:সাহসিক অভিযানৰ তেওঁ নায়ক আছিল। দমদম বছিৰহাট অভিযানৰ মুখ্য আৰোপী হিচাপে তেওঁক ১৯৪৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।
হেনা গাংগুলীয়ে গুৱাহাটীতে পঢ়া শুনা কৰিছিল। ভূপেন হাজৰিকাই তেওঁক সৰুতে ঘনিষ্ঠভাৱে পাইছিল। হেনা যদিও বয়সত তেওঁতকৈ বয়সত ৭/৮ বছৰে ডাঙৰ হেনা আছিল সহপাঠী। হেনা পলমকৈ স্কুললৈ আহিছিল আৰু ভূপেন হাজৰিকা দুশ্ৰেণীমানৰ আগত নাম ভৰ্তি কৰিছিল। অন্যান্য সহপাঠীসকলৰ ভিতৰত আছিল—মহাৰাণাৰ খেলুৱৈ পিলিক (নলিনী) চৌধুৰী, এডভোকেট বাবু লাহিড়ী, বাণীকান্ত কাকতিৰ পুত্ৰ নীল কাকতি। ইংৰাজীৰ শিক্ষক সুশীল লাহিড়ীয়ে নিজৰ পকেটৰ পইচাৰে হেনো আটাইকে শ্বেইকছপীয়েৰ বা বাৰ্নাড শ্বৰদ্বাৰা ৰচিত চিনেমা দেখুৱাবলৈ কেলভিন হললৈ লৈ গৈছিল। তেতিয়া হেনা হৈ পৰিছিল আটাইৰে নেতা। ভূপেন হাজৰিকাই লিখিছে, “হেনা নেতা হৈ জন্মিছিল। স্কুলত সবাতোকৈ সৰল বস্ত্ৰ পিন্ধা ল’ৰা কোন আছিল? হেনাই। সবাতোকৈ ভাল ক্ৰিকেট খেলিছিল কোনে? হেনাই। ইংৰাজী আৰু অংকত ভাল নম্বৰ পাইছিল কোনে? হেনাই। পঢ়া শুনা কৰে যেয়ে গাড়ী ঘোঁৰা উঠে সেয়ে! সেনাই জানো গাড়ীত উঠিছে?…”
সেই হেনাক স্বাধীনতাৰ পাছত সন্ত্ৰাসবাদী ৰূপে চৰকাৰে ঘোষণা কৰি জেলত ভৰাই থলে। স্বাধীনতাই কোনো মৌলিক পৰিৱৰ্তন আনিব নোৱাৰিলে। অসাম্যৰ অৱসান নহ’ল। ভূপেন হাজৰিকাই লিখিছে যে স্বাধীনতাই নতুন কোনো সম্ভাৱনাৰ সূচনা কৰিব নোৱাৰিলে। সেয়ে এচাম সাম্যবাদী ইয়াৰ বিৰুদ্ধে মানুহক জাগ্ৰত কৰিবলৈ ওলাই আহিল। এই সাম্যবাদীসকলক নেতৃত্ব দিলে পান্নালালে। হেনা গাংগুলী এই পথেৰে ধাৱমান হৈ কাৰাৰুদ্ধ হ’ব লগা হ’ল। স্বাধীন চৰকাৰে তেওঁক ১৪ বছৰ কাৰাৰুদ্ধ কৰি ৰাখিলে। ১৯৬২ চনত কাৰাগাৰৰ পৰা মুক্ত হৈ হেনাই যেতিয়া স্বাভাৱিক জীৱন-যাত্ৰাত নামি পৰিল আৰু তেওঁৰ কিছু অৰ্থনৈতিক স্বাচ্ছন্দ্য আহিল, তেতিয়া আকৌ বংগৰ চৰকাৰে তেওঁক ‘ডকাইত’ বুলি অভিহিত কৰি গ্ৰেপ্তাৰ কৰিলে। কিন্তু চৰকাৰে এই অভিযোগ প্ৰমাণ কৰিব নোৱাৰিলে। সেয়ে তেওঁক মুকলি কৰি দিলে। কিন্তু ১৯৬৯ চনৰ ৫ চেপ্তেম্বৰত কলিকতাত তেওঁৰ সৈতে আৰক্ষীৰ হোৱা সংঘৰ্ষত আৰক্ষীৰ গুলীত তেওঁ নিহত হয়। ৰাইজেও ভাবিলে তেওঁ ডকাইত। সেয়ে ৰাইজেও হেনাক নিৰ্মমভাৱে আঘাত কৰিলে। তেতিয়া তাত আছিল যুক্তফ্ৰণ্টৰ চৰকাৰ। এই হত্যাৰ প্ৰতিবাদতে ভূপেন হাজৰিকাই ৰচনাখন লিখিছিল। হেনাৰ মৃত্যুত প্ৰশ্ন তুলি সেই সময়ৰ সাম্যবাদীসকলৰ কৰ্মকাণ্ডৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল ভূপেন হাজৰিকাই। তেওঁ নিজৰ মনৰ কথা এনেদৰে ব্যক্ত কৰিছে-
“মই ব্যক্তিগতভাৱে হেনাক জানিছিলো। আমাৰ সম্বন্ধ বৰ মিঠা আছিল। মই মোৰ জীৱনত কোনোদিনেই কোনো ৰাজনৈতিক দলৰ সভ্য হোৱা নাছিলোঁ। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আৰু স্বাধীনোত্তৰ যুগত বিশেষ শ্ৰেণী-শোষণৰ ফলস্বৰূপে সাধাৰণ ৰাইজ দৰিদ্ৰতৰ হৈ যোৱাৰ বিৰুদ্ধে যিসকল ৰাজনৈতিক কৰ্মী বা নেতাই নিজৰ সুখ-দুখলৈ নেতাই সংগ্ৰাম কৰিছিল তেওঁলোকৰ পন্থাৰ সৈতে মোৰ মনৰ মিল নেথাকিলেও তেনে সংগ্ৰামীৰ সৎ উদ্দেশ্যক সন্মান কৰা মোৰ স্বভাৱ আছিল আৰু এতিয়াও আছে…”।
প্ৰবন্ধটোত ভূপেন হাজৰিকাই লিখিছে যে বিপ্লৱী কমিউনিষ্ট পাৰ্টিত তেওঁৰ ‘বিষ্ণু ককাইদেউ সভ্য থকা কালত’ তথা তেওঁ আত্মগোপন কৰি ঘূৰি ফুৰা সময়ত গীতিকাৰ ৰূপে তেওঁ পাৰ্টিৰ বহুতকে লগ পাইছিল। তেওঁ তেতিয়া বেনাৰস বিশ্ববিদ্যালয়ৰ এম এৰ ছাত্ৰ। গুৱাহাটীলৈ আহোতে এইসকল পাৰ্টিৰ লোকক লগ পায়। পাৰ্টিৰ নেতা সৌমেন ঠাকুৰ তেওঁলোকৰ ভৰলুমুখৰ ঘৰলৈও আহিছিল। মাকক সুধিছিল তেওঁৰ কথা। তেওঁ লিখিছে যে সৌমেন ঠাকুৰৰ বোধহয় তেওঁক পাৰ্টিৰ সভ্য কৰাৰ ইচ্ছা আছিল। প্ৰবন্ধটোত এই কথাও উল্লেখ কৰিছে। বিষ্ণু ৰাভাই এদিন তেওঁক কামাখ্যা পাহাৰৰ তললৈ (তাত তেতিয়া ৰাভা আত্মগোপন কৰি আছিল) মাতি নি কৈছিল, “ভূপেন, আমাৰ পাৰ্টিৰ পৰা ‘মুক্তিৰ দেউল’ নাম দি এখন কিতাপত তোমাৰ ৰচিত গীত কেইটামান সন্নিৱিষ্ট কৰিম, তোমাৰ কৃষক মজদুৰৰ বিষয়ে নতুন গীত আৰু ব্ৰিটিছৰ বিৰুদ্ধে ‘অগ্নিযুগৰ ফিৰিঙতি’টোও দিম। আৰু কিতাপখনত গ্ৰন্থাকাৰ নাম দুটি থাকিব বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা”। ভূপেন হাজৰিকাই এই প্ৰস্তাৱত আনন্দেৰে সঁহাৰি জনাইছিল। পুথিখনৰ প্ৰকাশক আছিল বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সেই সময়ৰ নেতা আইনবিদ নীৰেন্দ্ৰ লাহিড়ী। পুথিখন প্ৰকাশৰ লগে লগে ভূপেন হাজৰিকাৰ গীত শ্ৰমিক আৰু কৃষকৰ মুখে মুখে বাগৰি গৈছিল। কাৰণ কিতাপখন বিপ্লৱীসকলে গাঞে-ভূঞে নৃত্য-নাট্য, ছায়ানাট্যৰূপে মঞ্চস্থ কৰিছিল। এই কথা জানি তেওঁ ভাল পোৱাৰ কথা ৰচনাখনত উল্লেখ কৰিছে। এই সময়ত তেওঁ সেই দলৰ কৰ্মী হেনাক লগ পাইছে। তেওঁ আছিল আৰ্টিষ্টিক মনৰ—নৃত্য-গীত ভাল পাইছিল। তেওঁ অশান্ত মনেৰে মাজে মাজে ভূপেন হাজৰিকাক কৈছিল, “ক্লাচ ষ্ট্ৰাগলৰ গীত লিখি সমাজ জ্বলাই দিয়া ভূপেন, এটি এটি গান এটি বন্দুকতকৈও শক্তিশালী হওঁক”।
হেনা জেইলত থাকোতে আৰু জেইলৰ পৰা ওলোৱাৰ পিছতো কলকাতাত হেনাৰ সৈতে ভূপেন হাজৰিকাৰ সংযোগ ঘটিছিল। সেই কথা বিবৰি তেওঁ লিখিছে—
“হেনাক ১৯৫৯ মানত পাইছিলো কলিকতাৰ আলিপুৰ চেণ্ট্ৰেল জেইলত। তেতিয়া হেনা ৰাজনৈতিক বন্দী। মই আৰু অন্যান্য কণ্ঠশিল্পীয়ে জেইলত ‘জৰাসন্ধ’দেৱৰ অনুৰোধত গীত গাবলৈ যাওঁতে পাওঁ। হেনাই মোক সাবতি ধৰিলে। বিপ্লৱী তান্তুবাবুকো তাতে পোৱা মোৰ মনত আছে। ‘ভূপেন, কিমানদিনৰ পিছত পালো তোক। জীৱনটো ভাই জেলতেই গ’ল অ’, গুৱাহাটীৰ অমুক কেনে আছে তমুক কেনে আছে ইত্যাদি’। এয়া আছিল হেনাৰ উক্তি। সেই প্ৰকাশত অকণো আক্ষেপ নাছিল, অকণো পৰাজয় স্বীকাৰৰ আভাস নাছিল। ১৯৬২ চনত পালে মুক্তি। তাৰ পিছত বোধহয় ১৯৬৫ চন মানত এবাৰ মোৰ কলিকতাৰ বাসস্থানলৈ আহি এঘণ্টামান কথা পাতি গ’ল দেশৰ বিভিন্ন সমস্যাৱলীৰ বিষয়ে। তাৰ পিছৰ পৰা যোৱা ৪ বছৰে মই হেনাক দেখা নাই”।
অসমৰ ভাষা আন্দোলনৰ কথাও হেনাই ভূপেন হাজৰিকাৰ সতে পাতিছিল এনেদৰে—
“অসমত থকা অনা-অসমীয়াসকলে অসমীয়া ৰাইজৰ অসমীয়া ভাষাপ্ৰেমক সন্মান কৰিব লাগিব আৰু অসমৰ অনা-অসমীয়াসকলেও নিজ ভাষাত ভাব প্ৰকাশ কৰাৰ স্বাধীনতাখিনি পাব লাগিব। ভূপেন, মই বঙালী। মই দেখোন অসমীয়াতহে বেছি ভালকৈ অসমৰ কথা ক’ব পাৰোঁ। যি আকৌ মোতকৈ ভাল বঙালী ক’ব পৰা হৈছ অ!’ দুয়ো হাঁহিলো। কথা পাতিলো”।
এই যে শ্ৰমিক-কৃষকৰ মুখে মুখে তেওঁৰ গীত বাগৰি গ’ল, বিষ্ণু ৰাভাৰ সৈতে ‘মুক্তিৰ দেউল’ৰ যুটীয়া ৰচক হ’ল—এই কথাই তেওঁৰ এটা অঘটনো ঘটালে। পুথিখন প্ৰকাশৰ পিছৰটো বছৰতে ১৯৪৯ চনত তেওঁ আমেৰিকালৈ গৱেষণাৰ বাবে গৈ এয়াৰপৰ্টতে তাৰ নিৰাপত্তা বাহিনীৰ প্ৰশ্নৰ মুখামুখি হ’ব লগা হ’ল। তেওঁক তাৰ পৰা পোনে পোনে নি এটা সৰু কোঠালীত ৰাজনৈতিক কয়েদীৰ লগত ৰাখিলে। প্ৰৱন্ধটোত সেই কাহিনী তেওঁ এনেদৰে লিপিবদ্ধ কৰিছে—
“মোক প্ৰশ্ন কৰিলে এজন হাকিমে। বহুতো প্ৰশ্নৰ মাজত এটা আছিল : ‘Temple of Freedom’ বুলি এখন কিতাপ লিখিছিলো নেকি? মই অলপ ভাবি বুজিলো ‘মুক্তিৰ দেউল’ৰ কথা কৈছে। মই তৎক্ষণাৎ ক’লো, হয় , লিখিছিলো। বিষ্ণু ৰাভা নামৰ এজন নেতাৰ সৈতে। হাকিমে সুধিলে: ভাৰতৰ দাৰিদ্ৰতা গুচাবা কেনেকৈ? মই ক’লো: পঢ়ি- শুনি লওঁ। পিছত ভাবিম সেইবোৰ। কাৰাবাসৰ খিৰিকিৰ পৰা মই, Statue of Liberty দেখিছিলো। ইও প্ৰহসন!—৭ দিনৰ মূৰত মোক কাৰামুক্ত কৰা হ’ল। মই কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ দেখিলোঁ তেতিয়া আমেৰিকাত Redophobia-ৰ যুগ। মেকাৰ্থীইজমৰ যুগ! পলৰবছনেও তাৰ বিৰুদ্ধে তেতিয়া গীতেৰে সংগ্ৰাম কৰিছে। বিপ্লৱী কমিউনিষ্ট পাৰ্টিত জড়িত থকা লোকৰ প্ৰতি ত্ৰাস ইয়াৰ পৰাই প্ৰমাণিত হয়। তেনে মুক্তিৰ জাগৰণৰ বাবে যোদ্ধা আছিল হেনাও”।
বিপ্লৱী কমিউনিষ্ট পাৰ্টি তথা হেনা গাংগুলীৰ উদ্দেশ্যৰ মহত্বক তেওঁ এনেদৰেই প্ৰতিষ্ঠা কৰিছে। হেনাক লৈ তেওঁৰ অজস্ৰ প্ৰশ্ন। প্ৰবন্ধটোত তেওঁ লিখিছে:
“যি হেনাই দেশৰ ৰাইজৰ উন্নতিৰ বাবে জীৱনৰ সমগ্ৰ যৌৱনটো কাৰাবাসৰ অন্ধকাৰত কটাই দিলে সমাজৰ আৰ্থিক উন্নতিৰ কথা ভাবি, সেই হেনাই হয়তো স্বাধীনতাৰ ১৫ বছৰ পিছতো ৰাইজৰ হাহাকাৰ দেখি অধৈৰ্য হৈ গ’ল। হয়তো ক্ৰোধান্বিত হ’ল। হয়তো অতি বিপ্লৱৰ বাট ল’লে। হয়তো শ্ৰদ্ধেয় পান্নালাল দাসগুপ্ত আদিয়ে পথ এৰাত তেওঁলোকক হেনাই ‘Lost Leader’ বুলি ভাবিলে। বেংক লুট হয়তো কৰিলে। হয়তো কৰা নাই। প্ৰমাণিত হ’ল জানো? বিচাৰ হ’ল জানো? যদি কৰিছে—হেনাৰ পৰিয়ালক হেনাই কেইটা অট্টালিকা সাজি দিলেনো”? ইত্যাদি।
এই উপলদ্ধি প্ৰাণত প্ৰৱাহিত হৈ আছিল বাবে আমেৰিকালৈ গৈ ভূপেন হাজৰিকাই আৰু গভীৰভাৱে এই আদৰ্শবোধ হৃদয়ংগম কৰিব পাৰিছিল। পল ৰবচনক লগ পাবলৈ তেওঁ সেয়ে উদগ্ৰীৱ হৈ পৰিছিল। যিদিনা তেওঁ ৰবচনক লগ পালে তেওঁৰ এনে লাগিল তেওঁ যেন তেওঁৰ ‘বিষ্ণু ককাইদেউ’ক লগ পাইছে। ৰবচনক প্ৰথমটো অনুষ্ঠান চায়েই তেওঁ গ্ৰীণ ৰুমত লগ লগ ধৰিছিল। সিদিনাৰ ৰবচনৰ অনুষ্ঠানে তেওঁৰ মন-প্ৰাণ জোকাৰি দিছিল। তেওঁ ৰবচনৰ বিষয়ে এটি সম্পাদকীয়ত লিখিছে, “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰৱাহিত দৰে চুই গ’ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ’ল বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত-জগতৰ বতৰা দিলে। তেওঁৰ গীত গোৱাৰ ধৰণ আছিল অভিনৱ শৈলীৰ। গীতৰ প্ৰতিটো শব্দ আছিল স্পষ্টভাৱে উচ্চাৰিত। ফলত শব্দৰ সম্পূৰ্ণ অৰ্থই যেন শ্ৰোতাৰ অন্তৰাত্মাক স্পৰ্শ কৰিছিল (আমাৰ প্ৰতিনিধি, এপ্ৰিল, ১৯৭৬)।
এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাই ৰবচনৰ সৈতে হোৱা কথোপকথন উল্লেখ কৰিছে:
ৰবচন। । ( গীটাৰ খন দেখুৱাই) এইটো কি ভূপেন?
ভূপেন। । গীটাৰ।
ৰবচন। । এইটো কি instrument?
ভূপেন। । Musical Instrument?
ৰবচন । । নহয়—ই এটা Social Instrument. A stroke of a guitar can make a nation think and get it angry….(আমাৰ প্ৰতিনিধি, চেপ্তেম্বৰ, ১৯৭৬)।
আমেৰিকাৰ পৰা আহি তেওঁ গণনাট্যৰ সাংস্কৃতিক আন্দোলনত জপিয়াই পৰিছিল আৰু নতুন ধাৰাৰ এলানি গীতেৰে অসমত আলোড়ন তুলিছিল। প্ৰথমে গীতবিলাক ওলাইছিল ‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতত। হেমাংগ বিশ্বাসে আগভাগ লৈ ১৯৫৫ চনত গণনাট্য সংঘৰ জৰিয়তে উলিয়াইছিল তেওঁৰ ১২ টা গীতৰ প্ৰথম সংকলন ‘জিলিকাব লুইতৰ পাৰ’। তিনি মাহৰ ভিতৰতে সংস্কৰণটি শেষ হোৱাত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল। পুথিখনত আছিল—’নামি আহা সুন্দৰৰে সেনা শিল্পী দল’, ‘এন্ধাৰ কাতিৰ নিশাতে’, ‘ভাং ভাং ভাঙোতা’, ‘পৰহি পুৱাতে’, ‘ৰং কিনিবা কোনে’, ‘ঝক ঝক ৰেল চলে’, ‘অতীতৰ বুৰঞ্জী লিখকে লিখিছিল’, ‘ছাগৰ চাল চেলাবৰ ডবুৱা কটাৰি,’ ‘ৰতনপুৰৰ জানেকি’, ‘অহো হো মহো হো’, ‘স্নেহে আমাৰ শত শ্ৰাৱণৰ’, ‘সাগৰ সংগমত’, ‘এটি কলি দুটি পাত’, ‘ৰূদ্ধকাৰাৰ দুৱাৰ ভাঙি’, ‘গাঁৱৰে জীয়াৰী’ ইত্যাদি। হেমাংগ বিশ্বাসে পাতনিত লিখিছিল, “আজিৰ প্ৰতিভাই কেৱল গণ-মানসৰ ৰূপকাৰ হৈয়ে যুগ প্ৰৱৰ্তনকাৰী হ’ব পাৰে। গণনাট্য সংঘৰ সেই গণ-মানসৰ বাহন। সেয়েই ভূপেন হাজৰিকা আজি গণনাট্য সংঘৰ গুৰি ধৰোতাকলৰ এজন”।
হেনাৰ বিষয়ে নানা প্ৰসংগ তুলি তেওঁ ৰচনা খন সামৰিছে এনেদৰে—
“এই প্ৰৱন্ধ মই হেনাৰ ‘ডকাইটি’ defend কৰাৰ বাবে লিখা নাই। হেনাই যদি ভুল পন্থা লৈছিল তাক ভাল বুলি মই এইখিনি কথা লিখা নাই। আজিকালিৰ ডেকাচামৰ সমুখত হেনাক সাঁথৰ ৰূপে দাঙি ধৰি ফঁহিয়াই চাবলৈহে এই প্ৰবন্ধ লিখিছোঁ”।
“কৈশোৰৰ সুন্দৰ প্ৰভাৱত হেনাৰ দৰে দেশপ্ৰেমীয়ে জীৱন আৰম্ভ কৰি ৰাইজৰ বাবে সকলো সুখ ত্যাগ কৰি, বাট চিনি নাপাই বা বাট হেৰুৱাই সেই ৰাইজৰ হাততেই ভয়াবহ পৰিণতি পায় নেকি? হেনাই কি ভুল কৰিছিল বাৰু”?
“অলপতে হেনাৰ ককাইদেউ শান্তিদাক পাইছিলো কলিকতাত। শান্তি দাই ফেঁকুৰি কৈ উঠিল সুন্দৰ অসমীয়াত ‘ভূপেন, হেনাই আজীৱন ‘এব্ চকণ্ড’ কৰিয়েই কটালে। তাক সৰুৰ পৰা ঘৰত ভালকৈ আমি নেদেখিলোৱেই। এইবাৰ ভাল হ’ল। সি চিৰদিনৰ বাবেই ‘এব্ চকণ্ড’ কৰিলে। আৰু লগে লগে বিচাৰৰ আচল মানুহ হেনা নিমাত হ’ল। বিৰাট সাঁথৰ হৈ ৰ’ল”।
ভূপেন হাজৰিকাৰ চিন্তাৰ ব্যাপ্তি ৰচনাখনত বিৰাজমান। তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ নেতা পান্নালাল দাসগুপ্তৰ কথা শ্ৰদ্ধাপূৰ্ণভাৱে উল্লেখ কৰিছে। কলিকতাত দাসগুপ্তৰ নেতৃত্বত ‘A common perspective for North-East’ শীৰ্ষক এখন চেমিনাৰ হৈছিল য’ত উত্তৰ-পূবৰ সকলো জনজাতীয় আৰু ভৈয়ামৰ নেতা বুদ্ধিজীৱী সমবেত হৈছিল। চেমিনাৰৰ সংকলনক Statesman কাকতে ‘Brilliant Seminar’ আখ্যা দিছিল। পানন্নালালৰ সম্পাদনাত ‘কম্পাচ’ আলোচনী তথা Compass Publication Limited-ৰ প্ৰকাশিত কিতাপবোৰ সকলো ৰাজনৈতিক নেতাৰ ‘গাইড’ স্বৰূপ বুলি ভূপেন হাজৰিকাই কৈছে। পান্নালালে হেনা সম্পৰ্কত কোৱা এটা উক্তি তেওঁ উল্লেখ কৰিছে, “মই জীৱনত য’ত বিপ্লৱী দেখিছোঁ বা য’ত বিপ্লৱীৰ কথা শুনিছোঁ তুলনাত হিৰন্ময়ৰ (হেনা) দৰে ইমান কৰ্ম বহুল—ইমান ঘটনাবহুল—ইমান ৰোমাঞ্চপ্ৰবণ সমকক্ষ কাকো দেখা নাই। যি সকলে হেনাক জানিছিল—তেওঁলোকৰ সংখ্যা বৰ কম নহয়—ইয়াতেই (কলিকতা) হওক—বা অসমতেই হওঁক—আশাকৰো একবাক্যে এই কথা স্বীকাৰ কৰিব”।
‘কম্পাচ’ ত ওলোৱা এখন দীঘল চিঠিৰ ভূপেন হাজৰিকাই প্ৰবন্ধৰ মাজত অনুবাদ কৰি দিছিল য’ত হেনা গাংগুলীৰ জীৱন কাহিনীৰ নানা স্মৰণীয় কথা উল্লেখ কৰা হৈছে—যি কথা ভূপেন হাজৰিকাই অসমীয়া পাঠকক জনোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিল। এই চিঠি লিখিছিল কলকাতা ২৬ ৰ ৮ ই চন্দ্ৰ মণ্ডল লেনৰ দিলীপ চক্ৰবৰ্তীয়ে। চিঠিৰ এটি বাক্য : “দমদম—বচিৰহাট—খুদীৰাম—বাঘা যতীন মাষ্টাৰদাৰ সমগোত্ৰীয় বিপ্লৱী পান্নালালৰ নেতৃত্বত অগনি জ্বলিল—নুমাল। থাকি গ’ল দৃপ্ত প্ৰতিবাদ অসাম্যৰ বিৰুদ্ধে—বুভুক্ষা—হাহাকাৰৰ বিৰুদ্ধে। তেতিয়াৰ বহুতো সংগীৰ মাজত হেনাক চিনাক্ত আমাৰ ভুল হোৱা নাছিল”।

