অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ, অনুবাদ: অৰুণ কুমাৰ শৰ্মা

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

একাদশ অধ্যায়
হৃদয়ত স্পেইন
“স্পেইন মোৰ বাবে যিদৰে এডোখৰ ডাঙৰ ঘা, ঠিক সেইদৰে অপূৰ্ব প্ৰেমৰ এখন মহান ঠাই। স্পেইনত কটোৱা সময়ছোৱা মোৰ জীৱনৰবাবে আছিল অতিকে গুৰুত্বপূৰ্ণ। গতিকে, মই কৰা প্ৰায় সকলো কামতে (সি মোৰ কবিতাৰ বেলিকাই হওক বা মোৰ জীৱনৰ ক্ষেত্ৰতেই হওক) সেই সময়ৰ স্পেইনৰ ভাবগম্ভীৰতাৰ চাপ বিদ্যমান”।
বাৰ্ছিলোনা, জুন, ১৯৭০ 


১৯৩৪ চনৰ বসন্ত কালত স্পেইনত প্ৰৱেশ কৰা পাবলো নেৰুডা আৰু ১৯৩৭ চনত ৰক্তাক্ত স্পেইনৰপৰা পলাবলগীয়া পাবলো নেৰুডাৰ মাজত আছিল বিস্তৰ পাৰ্থক্য। যিয়েই নহওক, স্পেইনলৈ যোৱাৰ এবছৰ আগতে নেৰুডাই ছাণ্টিয়াগোৰ পৰা হেক্টৰ ইয়ান্দিলৈ লিখিছিলঃ
“এই মুহূৰ্তত বিশ্বব্যাপী বিৰাজ কৰা দুখ দুর্দশাৰ প্ৰতি মোৰ কোনো চিন্তা-ভাৱনা নাই। ম‍ই এতিয়া নিজকে পশ্চিমীয়া জীৱনশৈলীৰ স’তে সম্পৃক্ত কৰাৰ কথাকে চিন্তাকে কৰি আছোঁ। বছৰ-বছৰ ধৰি আমোদ-প্রমোদৰ পৰা বঞ্চিত মই এতিয়া জীৱনটো সৰ্বাত্মকভাৱে উপভোগ কৰিব বিচাৰিছোঁ। এনে লাগিছে, মার্ক্সবাদৰ ঢৌৱে যেন সমগ্ৰ বিশ্বকে টৌৱাই নিছে। মোৰ বন্ধুবৰ্গই চিঠি লিখি মোক সেইপিনে অৱস্থান গ্ৰহণ কৰিবলৈ প্ৰণোদিত কৰিছে। সঁচাসঁচিকৈয়ে, তেতিয়াৰ পৰিস্থিতিত কমিউনিষ্ট অথবা কমিউনিষ্টবিৰোধী হোৱাত বাহিৰে আন কোনো পথ খোলা নাছিল….ৰাষ্ট্ৰক অপদ্ৰব্য আৰু ৰাজনীতিক কদৰ্য বুলি অনাস্থা পোষণ কৰা নৈৰাজ্যবাদীসকলৰ সৈতে মই এতিয়াও একমত…যেতিয়া ইয়াত মস্কো আৰু তাৰ শৌর্য-বীর্য ইত্যাদিক লৈ জয়গাথাৰ ঢল বৈছে, তেতিয়া মই সপোনৰ বিষয়েই লিখি আছোঁ…”।
স্পেইনৰ গৃহযুদ্ধৰ অভিজ্ঞতাই নেৰুডাৰ হৃদয়ক আৱেগিকভাৱে আলোড়িত কৰিছিল; স্বচক্ষে দেখা আতংক তথা সন্ত্রাসে তেওঁৰ মনত ৰাজনীতিৰ স’তে একাত্ম হোৱাৰ আগ্ৰহ জগাই তুলিছিল। স্পেইনত অভ্যুত্থান ঘটাই নিৰীহৰ তেজেৰে ৰাঙলী কৰা স্বৈৰাচাৰী ফেচিষ্ট ফ্ৰেংকোৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা ছোভিয়েট ইউনিয়নৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা উপজিছিল, আৰু কম সময়ৰ ভিতৰতে ছোভিয়েট আৰু ষ্টেলিনক বন্দনা কৰি কবিতা লিখিছিল। তেওঁৰ বহুতো বন্ধুৱে চিলিৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱাৰ দৰে তেৱোঁ ভৱিষ্যতে সেই পাৰ্টিৰ সদস্য হ’বলৈ মন মেলিছিল। স্পেইনে তেওঁৰ অন্তৰত, শান্তি, ন্যায়, আৰু সৰ্বহাৰাৰ অধিকাৰ সাব্যস্ত কৰাৰ হকে ৰাজনৈতিক আন্দোলনত সক্ৰিয়তাৰে আজীৱন লাগি থকাৰ দুৰ্ঘোৰ জুইকুৰা জগাই তুলিছিল।
স্পেইনৰ তিনি বছৰীয়া নিদাৰুণ অভিজ্ঞতাই গঢ়িপিটি তেওঁৰ কণ্ঠেৰে নিগৰাইছিল নতুন স্বৰ। বিশ্বযুদ্ধই সৃষ্টি কৰা অন্যায় অবিচাৰবোৰ জনসাধাৰণৰ সম্মুখত তুলি ধৰাৰবাবে তেওঁ ব্যক্তিগতভাৱে দায়ৱদ্ধ হৈ পৰিছিল। প্ৰায় কুৰি বছৰ ধৰি, এই কবিজনে “সপোন, সেউজী পাত আৰু নিজ দিশৰ গৰিমাময় আগ্নেয়গিৰিৰ বিষয়ে লিখিছিল”। যদিও সেই কবিতাবোৰৰ বেছিভাগতেই সামাজিক আৰু ৰাজনৈতিক ঘটনাৱলীয়ে স্থান নোপোৱাকৈ থকা নাছিল, তথাপি স্পেইনত সকলো দেখি-শুনি, কবিৰ আশু আৰু মৌলিক কৰ্তব্য সম্পর্কে কোনোদিনে মনত নোপোজা নতুন উপলব্ধিৰ সঞ্চাৰ হৈছিল। তেওঁ হৃদয়ংগম কৰিছিল যে, কবিতাক সমাজ-পৰিৱৰ্তনৰ আহিলা হিচাপে গ্ৰহণ কৰিব পাৰি। স্পেইনে নেৰুডাক জনগণৰ কবি হোৱাৰ পথলৈ ঠেলি দিছিল।
নেৰুডাই স্পেইনলৈ প্ৰস্থান কৰাৰবাবে অতীৱ উৎসুকতাৰে সাজু হৈছিল, য’ত স্পেইনৰ সোণালী যুগৰ প্ৰতিনিধি হিচাপে আবির্ভূত নৱ প্ৰজন্মৰ লোৰকা আৰু অন্যান্য সাহিত্যিক সংগীসকল, তেওঁৰ বাবে আছিল অপেক্ষাৰত। শিল্প-সাহিত্যৰ নৱজাগৰণৰ ক্ষেত্ৰত মাদ্রিদ, নতুন পেৰিছ স্বৰূপে জনাজাত হ’বলৈ গৈ আছিল৷ তথাপি, দক্ষিণ আমেৰিকাৰ পেৰিছখ্যাত বুয়েনছ্‌ এয়াছ্‌ এৰিবলগীয়া হোৱাটোৱে তেওঁৰ মনত দুখ দিছিল। কাৰণ, ইয়াত লভা অভিজ্ঞতা আৰু বন্ধুসকলৰ অবিস্মৰণীয় সহযোগ আৰু অপূৰ্ব অৱদানেৰে তেওঁ তেওঁৰ জীৱনটোক অভাৱনীয়ভাৱে সমৃদ্ধ কৰিব পাৰিছিল। লা বকাৰ উৎকৃষ্ট ৰেস্তোৰাঁ এখনত, নৈশভোজৰ আয়োজন কৰি তেওঁক সিদিনা বিদায় জনোৱা হৈছিল। প্ৰায় কুৰিজনৰ দৰে ৰঙিয়াল বন্ধুৱে হাঁহি হাঁহি তেওঁৰ সৈতে ফটো উঠিছিল। গৰ্ভৱতী মাৰুকাই কেমেৰাত চকু নোথোৱাকৈ ফটো উঠিছিল; নিদ্ৰালু চকুযুৰিৰে তেওঁ তলমুৱাকৈ সোঁফালে মূৰ ঘূৰাই থিয় হৈছিল। অনুমান হৈছিল, তাত থিয় হ’বলৈ যেন তেওঁৰ অকণো ইচ্ছা নাছিল।
নেৰুডা-দম্পতীয়ে ১৯৩৪ চনৰ পাঁচ মে তাৰিখে স্পেইনলৈ জাহাজেৰে যাত্ৰা কৰিছিল। ইয়াৰ আগতে সুদীৰ্ঘ সাত বছৰ পূৰ্বে নেৰুডাই আটলাণ্টিক অতিক্রমি এই বাটেৰেই সুদূৰ প্ৰাচ্যলৈ গমন কৰিছিল। কিন্তু নেৰুডাৰ এইবাৰৰ স্পেইন গমন এক অশুভ বাৰ্তাৰে আৰম্ভ হৈছিল। পুৰণি বন্ধু টোমাছ লেগোৱে, হৃদয়বিদাৰক খবৰ এটিৰে, চিঠি লিখি জনাইছিল যে, তেওঁলোকৰ অকৃত্রিম বন্ধু এলবের্টো ৰোজা জিমেনেজ অলপতে ইহসংসাৰৰ পৰা বিদায় লৈছে। ৰোজা জিমেনেজ আৰু তেওঁৰ এজন বন্ধুক, বিল দিব নোৱাৰা বাবে এখন বাৰৰ পৰা গতিয়াই উলিয়াই দিয়া হৈছিল। তেওঁ এবটল মদ লৈ ছাণ্টিয়াগোৰ ৰাস্তাৰে বৰফ যেন চেঁচা বৰষুণত তিতিবুৰি জুৰুলিজুপুৰি হৈ তেওঁৰ ভনীয়েকৰ ঘৰ পাইছিল। দৰিদ্ৰই জুৰুলা কৰা কবিজনৰ এটি জেকেট কিনাৰো সামৰ্থ নাছিল। তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ দুদিন পাছতে জীৱন নাটৰ সামৰণি মাৰিছিল। নেৰুডাই তেওঁৰ মৃত্যুৰ বাতৰিটো বুৱেনছ্ এয়াৰৰ্ছৰ ছেৰা তোনুক দিয়াত, তেওঁ ৰোজা জিমেনেজক “সুৰাৰে পৰিবৃত এজন উজ্জ্বল দেৱদূত” বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰিছিল।
নেৰুডাই বাতৰিটো পাই হুকহুককৈ কন্দিছিল। সেই সময়ত তেওঁ বাৰ্ছিলোনাত থকা চিলিৰ চিত্ৰকৰ বন্ধু ইছায়া কেবেজোৰ সৈতে মিলি দুয়োজনে চতুৰ্দশ শতিকাত নির্মিত বেছিলিকা দা ছাণ্টা মেৰিয়া দেল মাৰ নামৰ গিৰ্জাঘৰলৈ মৃত জিমেনেজৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্রকাণ্ড প্রকাণ্ড কেন্দেল কেইডালমান জ্বলাবলৈ নিছিল। গিৰ্জাঘৰটো চমৎকাৰকৈ অলংকৃত কৰা ৰঙচঙীয়া গ্লাচৰ বাবে বিখ্যাত আছিল যদিও তেওঁলোকে আন্ধাৰৰ বাবে সেয়া ধৰিব পৰা নাছিল। যিয়েই নহওক, তেওঁলোকে এবটল বগা সুৰা পান কৰি বেদীৰ ওচৰলৈ গৈ আঁঠুকাঢ়ি বহিছিল। নেৰুডাই ছেৰা তোৰ ওচৰত স্বীকাৰ কৰামতে তেওঁ “প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, জনা নাছিল”। গতিকে তেওঁ কেথলিক কেবেজোৰ প্রতি কৃতজ্ঞ অনুভৱ কৰিছিল, যেতিয়া তেওঁ, “ধর্মীয় প্রথা অনুযায়ী বেদীয়ে বেদীয়ে গৈ কেন্দেলৰ পাছত কেন্দেল জ্বলাইছিল”। নেৰুডাই ঈশ্বৰত বিশ্বাস কৰা নাছিল, কিন্তু কেবেজোৱে অতি নীৰৱে আনুষ্ঠানিক ক্রিয়াকাণ্ড সমাপন কৰা দেখি আৰু কেন্দেলবোৰৰ পোহৰে যেতিয়া আন্ধাৰত তেওঁলোকৰ আঁঠুৱে আঁঠুৱে নৃত্য কৰিছিল, তেতিয়া তেওঁৰ, মৃত বন্ধুৰ কাষত থিয় দিয়া যেন অনুভৱ হৈছিল।
ইয়াৰ পাছত নেৰুডাই “উৰি আহে এলবের্টো ৰোজা জিমেনেজ” নামেৰে এটি অতুলনীয় শোকগাথা লিখিছিল, কাৰণ, কাগজৰ চৰাই বনাই উৰুওৱাটো তেওঁৰ অন্যতম খেল আছিল। কেতিয়াবা তেওঁ তেনেকৈ বনোৱা চৰাইৰ বুকুত একোটা কবিতা লিখি দিছিল। এই শোকগাথাটো মৰতৰ আৱাসৰ দ্বিতীয় খণ্ডত প্রকাশিত হৈছিল। “এইটো শেষকৃত্যৰ উপযোগীকৈ লিখা এটি গাম্ভীর্যপূর্ণ স্তুতিগীত”, তেওঁ তোলৈ লিখি জনাইছিল। সেই চিঠিতে তেওঁ আৰু জনাইছিল, “যদি তুমি সেইটো আমাৰ বন্ধুসকলক পঢ়ি শুনাব খোজা, তেতিয়া হ’লে সেয়া তুমি আমাড়ো ভিলাৰ হতুৱাই কৰিবা, কাৰণ, বিগলিত কণ্ঠেৰে একমাত্ৰ তেওঁৱেই সঠিক ব্যঞ্জনাৰে ইয়াৰ মর্মস্পর্শী আবেদনক ফুটাই তুলিব পাৰিব”।
উৰি আহা তুমি
তেজ আৰু হাড়ৰ সিপাৰৰ পৰা,
উৰি আহা তুমি
ৰুজি-ৰুটী আৰু সুৰাৰ সিপাৰৰ পৰা, আৰু উৰি আহা জুইৰ
সিপাৰৰ পৰা৷
উৰি আহা তুমি
ভিনেগাৰ আৰু মৃত্যুক নেওচি,
পচন-গলন আৰু বেঙুনীয়া ৰঙৰ পৰা,
উৰি আহা তুমি ভিজা জোতাৰে, তোমাৰ সৰগীয় মাতেৰে
হায় সাগৰীয় আফিং ফুল,
হায় মোৰ ইষ্ট-কুটুম্ব,
হে মৌমাখিৰে সজ্জিত গীটাৰবাদক,
হায়, সঁচাকৈয়ে ভাবিব নোৱাৰি তোমাৰ চুলিতযে কিমান ছাঁ, উৰি আহা, উৰি আহা তুমি।

কবিতাটোৱে এইদৰে তেওঁৰ দুখক ঘনীভূত কৰি একে শৈলীৰে অগ্ৰসৰ হয় গীতিময়তাৰে৷ ইয়াৰ চব্বিশটা শাৰীতে কোৰাচৰ দৰে পুনঃ পুনঃ একেধৰণে উচ্চাৰিত ধ্বনিবোৰে বিকশিত ৰূপত প্ৰবল অনুভূতি জগাই তুলি নাটকীয়তাৰে আগ বাঢ়ে।
স্পেইনৰ বুদ্ধিজীৱী, ৰাজনৈতিক কৰ্মী আৰু দ্বিতীয় স্পেনিছ ৰিপাব্লিকৰ আমোলত প্ৰগতিবাদী সংস্কৃতিৰ স’তে জড়িত ক’লাকুশলীসকলৰ সান্নিধ্যই ধীৰে ধীৰে নেৰুডাৰ মনৰ পৰা ৰোজা জিমেনেজৰ বিয়োগৰ দুখ পাতলাব ধৰিছিল। কালক্ৰমত নেৰুডাই উপৰিউক্ত বিদ্বৎ গোষ্ঠীটোৰ অপৰিহাৰ্য অংগ হৈ পৰিছিল। স্পেইনে তেওঁৰ কবিতা আৰু ৰাজনৈতিক ধাৰাটোৰ আমূল পৰিৱৰ্তন সাধন কৰাৰ উপৰিও তেওঁৰ ব্যক্তিত্বৰ ওপৰতো বিস্তৰ প্রভাৱ পেলাইছিল। তাতেই অৱশেষত তেওঁ নিজকে বিমৰ্ষতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব পাৰিছিল আৰু সময়ত মনৰ পৰা নিৰুদ্যমতাৰ সকলো চিনমোকাম নোহোৱা কৰিছিল। আনকি দ্বিতীয় বিশ্বযুদ্ধয়ো তেওঁক আশাহত কৰাৰ সলনি, কর্মপ্রেৰণাৰে উদ্দীপিত কৰিছিল। তেতিয়া আৰু তেওঁ এলবেটিনা আৰু অতীতৰ আন আন প্ৰেমিকাসকললৈ হামৰাও কাঢ়ি চিঠিপত্র লিখা নাছিল; অন্তঃসাৰশূন্য অধিবাস্তৱবাদকো তেওঁ বিদায় দিছিল। ত্ৰিশ বছৰ ধৰি ভোগা মানসিক যন্ত্ৰণাৰ ওপৰত তেওঁ আৰু কবিতা নিলিখা হৈছিল।
প্ৰথমৰে পৰা নেৰুডাই, স্পেইনৰ মোহত মোহাচ্ছন্ন হৈ পৰিছিল। সেয়ে তেওঁ লিখিছিল : “স্পেইন আছিল কটকটিয়া টান আৰু শুকান, নিতৌ বজা ঢোলৰ অনুচ্চ শব্দত মুখৰিত সমতল আৰু ঈগলৰ বাহ, ইয়াৰ দুৰ্দশাগ্ৰস্ত নীৰৱতা। কেনেকৈযে কান্দি কান্দি, অন্তৰাত্মা শাঁত নপৰালৈকে, মই তোমাৰ টান মাটিক ভাল পাওঁ, ভাল পাওঁ তোমাৰ হতভগীয়া ৰুটী আৰু নিঃসম্বল মানুহবোৰক, কেনেকৈযে এই নিগূঢ় ঠাইত উপস্থিত হৈ মই দেখিছোঁ সময়ে নিশ্চল কৰা তোমাৰ শোটোৰা পৰা গাঁৱবোৰৰ হেৰোৱা ফুলবোৰ, আৰু দেখিছোঁ গ্রামাঞ্চলত যুগ যুগ বিয়াপি উভৈনদী হৈ থকা খনিজ পদাৰ্থবোৰক নিৰৰ্থক ঈশ্বৰে গিলি গিলি খোৱা…”
—“স্পেইন কেনে আছিল”

পিছে, ১৯৩৪ চনত নেৰুডাই স্পেইনত উপস্থিত হোৱাৰ সময়ত, ইয়াৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছিল। ১৮৯৮ চনত স্পেইনে, সমুদ্ৰৰ সিপাৰৰ ফিলিপাইন আৰু কিউবাৰ দৰে দুখন উপনিৱেশ আমেৰিকাৰ ওচৰত হেৰুৱাই, দুৰ্বল হৈ পৰিছিল। দেশীয় সিংহাসন ৰক্ষা কৰাৰ লগতে দেশবাসীৰ চকুত নিজৰ ভাবমূৰ্তি উজ্জ্বল কৰাৰ নিমিত্তে, ৰজা এলফোঞ্চোৱে স্পেনিছ মৰক্কোত (স্পেইনৰ অৱশিষ্ট উপনিৱেশ) সৈন্যসঞ্চালন ঘটাই মিলিটাৰী কাৰ্যক্ৰমক নবীকৰণ কৰিছিল যদিও, তেওঁ দেশবাসীৰ পৰাও তীব্ৰ প্ৰতিৰোধৰ সম্মুখীন হ’বলগীয়াত পৰিছিল।
১৯০৯ চনত, মৰক্কোৰ ৰিফ পর্বতমালাত, ব্যাপক সংখ্যক স্থানীয় জনজাতীয় লোকে লোৰ খনি থকা এটা বিৰাট অঞ্চল স্পেনীয়সকলৰ কবলৰ পৰা উদ্ধাৰৰ বাবে ধাৰাবাহিক যুদ্ধত অৱতীৰ্ণ হৈছিল। উপায়ন্তৰ হৈ স্পেইনৰ ৰাজকীয় সৈন্যবাহিনীয়ে সংৰক্ষিত বাহিনীৰ হাজাৰ হাজাৰ কেটেলানক মৰক্কোৰ এই যুদ্ধত নিয়োগ কৰিবলগীয়া হৈছিল। ইয়াৰে পাঁচশ বিশজনে ছয় বছৰ আগতে চাকৰিকাল সম্পূৰ্ণ কৰিছিল আৰু তেওঁলোকে কোনোদিনে ভবা নাছিল যে পুনৰ এইদৰে তেওঁলোকক বলপূর্বকভাৱে নিযুক্তি দিয়া হ’ব। এয়া সেনাবাহিনীৰ যুক্তিযুক্ত সিদ্ধান্ত নাছিল; ইপিনে সমগ্র কেটেলোনিয়াজুৰি চৰকাৰৰ বিৰুদ্ধে অতদিনে জমা হৈ থকা খঙৰ উদ্‌গীৰণ ঘটাৰ উপক্ৰম হৈছিল৷ এক দশক আগতে, নাৰীবাহিনীৰ নেতৃত্বত ৰুটীৰ দাবীত হোৱা অশান্তিকৰ আন্দোলনে ব্যাপক ৰূপ পৰিগ্ৰহণ কৰিছিল। সেই সময়তে দোকানদাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰদ্বাৰা সুসংগঠিত এক আন্দোলনে বার্ছিলোনাক “যুদ্ধ পৰিস্থিতিৰ দৰে” উত্তপ্ত কৰি তুলিছিল। ১৯০১ চনত শ্ৰমিসকলৰ সাধাৰণ ধর্মঘটে নগৰীখন অচল কৰি তুলিছিল; পাছৰ দশকৰ শেষৰ পিনে ট্রেড ইউনিয়নসমূহৰ সভ্যসংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল।
১৯০৯ চনৰ তদানীন্তন চৰকাৰে, নগৰীত ঘটা ৰাজনৈতিক বিন্যাসৰ এনে পৰিৱৰ্তনৰ বিষয়ে অবহিত নাছিল। সেয়েহে, যেতিয়া অসন্তুষ্ট সংৰক্ষিত বাহিনীক জাহাজত উঠোৱা হৈছিল, বিভাগীয় বিষয়ববীয়াসকলে উদ্ধতালিৰে দেশপ্ৰেমমূলক বক্তৃতা দি, জাতীয় সংগীত গাই গাই তেওঁলোকক অভিনন্দন জনাইছিল। সাজিকাচি অহা সম্ভ্রান্ত মহিলাসকলে মন্ত্রপূত ধর্মীয় মেডেল তেওঁলোকৰ বুকুত আঁৰি দিছিল। আৰু যিখন জাহাজে তেওঁলোকক ৰিফলৈ লৈ যাব, সেইখনৰ মালিক আছিল এজন শিল্পপতি, যিজনে আফ্রিকাত অত্যধিক মুনাফা লুট কৰি ধনৰ পাহাৰ গঢ়াৰ বাবে জনাজাত হৈছিল। এনে দৃষ্টিনন্দন চৰকাৰী প্ৰদৰ্শন যেতিয়া চলি আছিল, তেনে সময়ত, অসংগঠিত সৰ্বহাৰাৰ এটি ক্রুদ্ধ দলে, সংৰক্ষিত বাহিনীক বলপূর্বক যুদ্ধলৈ পঠোৱা কাৰ্যৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইতিপূর্বে মহিলাসকলে প্ৰদান কৰা মেডেলবোৰ, অতি ৰুষ্ট হৈ চিঞৰবাখৰ কৰি সাগৰত দলিয়াই দিছিল। কেথলিক অভিজাততন্ত্রই ধৰ্মনিৰপেক্ষ জনসাধাৰণৰ এনে উত্থানৰ প্ৰতি সমূলি নিৰ্বিকাৰ আছিল।
ইতিমধ্যে ক্ষুব্ধ হৈ থকা, বাৰ্ছিলোনাৰ সমাজবাদী, নৈৰাজ্যবাদী, আৰু মজদুৰ নেতাসকলেও চৰকাৰৰ এই শেহতীয়া পদক্ষেপত অতিষ্ঠ হৈ সংৰক্ষিত বাহিনীৰ দাবীৰ প্ৰতি সমর্থন জ্ঞাপন কৰি সাধাৰণ ধর্মঘট ঘোষণা কৰিছিল। চৰকাৰৰ বিৰুদ্ধে খঙে-ৰাগে জ্বলিপকি থকা চহৰখনে এই ধর্মঘটক শীঘ্ৰে সৰ্বাত্মক বিদ্ৰোহলৈ ৰূপান্তৰিত কৰিছিল। বাৰ্ছিলোনাৰ ‘শোকাৱহ সপ্তাহ’ হিচাপে জনাজাত, সেই সপ্তাহটোত, ৰিপাব্লিকান, কমিউনিষ্ট, আৰু নৈৰাজ্যবাদীসকলে নগৰীখন পৰিচালনাৰ দায়িত্ব নিজৰ হাতত তুলি ল’বলৈ একেলগ হৈছিল আৰু ইয়াত হাত উজান দি উত্তেজিত জনতাই ট্রামসেৱা স্তব্ধ কৰিছিল আৰু কনভেণ্টবোৰ জ্বলাই দিছিল। বাৰ্ছিলোনাৰ সৈন্যবাহিনীয়ে ওপৰৱালাৰ নিৰ্দেশ অগ্রাহ্য কৰিছিল আৰু তেওঁলোকৰ সতীৰ্থ নাগৰিকসকলক গুলীয়াবলৈ অস্বীকাৰ কৰিছিল। বিদ্ৰোহক উৎখাত কৰিবলৈ স্পেইনৰ আন অংশৰ পৰা সেনাবাহিনী আমদানি কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি এশজনৰ দৰে নাগৰিকক হত্যা কৰা হৈছিল, আৰু সোতৰশৰো অধিক সংখ্যক লোকক “সশস্ত্র বিদ্রোহ” সংগঠিত কৰাৰ অপৰাধত মিলিটাৰী আদালতত অভিযুক্ত কৰা হৈছিল। পাঁচজনক “নৈতিক দায়িত্বহীনতাৰ” গোচৰত মৃত্যুদণ্ড বিহা হৈছিল।
১৯১৭ চনত স্পেইনৰ শ্ৰমিক শ্ৰেণীৰ বিপ্লৱী ধৰ্মঘট আছিল, ৰাছিয়াৰ জাৰক ক্ষমতাচ্যুত কৰাৰ পাছত ঘটা এটি উল্লেখযোগ্য ঘটনা। সেইবাৰো সামৰিক বাহিনীয়ে ৰজাৰ সিংহাসনখন ৰক্ষা কৰিছিল। ৰজাই শাসনক্ষমতা ৰক্ষা কৰিলেও, দুৰ্নীতি আৰু অকর্মণ্যতাই দেশ ছানি ধৰিছিল আৰু সামৰিক বাহিনীৰ হস্তক্ষেপে ৰাজতন্ত্ৰক দুৰ্বল কৰি তুলিছিল। সাম্ৰাজ্যবাদী অর্থনীতিয়ে ১৯২৯ চনত, বিশ্বজুৰি সৃষ্টি কৰা মহামন্দাই, দেশৰ পৰিস্থিতিক আৰু অধিক শোচনীয় পৰ্যায়লৈ লৈ গৈছিল, বিশেষকৈ ভূমিহীন গাঁৱলীয়া শ্ৰমিকসকলৰ অবৰ্ণনীয় অৱস্থা হৈছিল। ১৯৩১ চনত অনুষ্ঠিত পৌৰ সভাৰ নিৰ্বাচনী ফলাফল নিশ্চিতভাৱে ৰাজতন্ত্ৰৰ বিৰুদ্ধে যোৱাত, আৰু কেৱল সামৰিক বাহিনীৰ ওপৰত ভৰসা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰজাই খৰখেদাকৈ দেশৰ পৰা পলাই গৈ ৰোমত আশ্ৰয় লৈছিল। ফলস্বৰূপে, স্পেনিছ প্রজাতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল আৰু জনগণৰ দ্বাৰা, জনগণৰ বাবে আৰু জনগণৰ হৈ শপত লোৱা চৰকাৰখনক বিপুল জনতাই “প্ৰজাতন্ত্ৰ দীৰ্ঘজীৱী হওক!” (Viva la Republica!) জয়ধ্বনিৰে মাদ্রিদ ৰাজপথ মুখৰিত কৰিছিল।
ৰাজতন্ত্ৰৰ দ্বাৰা পূৰ্বতে নিৰ্বাসিত হোৱা আৰু জে’লত থকা ৰিপাব্লিকান দলৰ নেতাসকলে মুকলি হৈ মাদ্রিদলৈ আহি নতুন মন্ত্রীসভা গঠন কৰিছিল। উক্ত মন্ত্রীসভাত সমাজবাদী দলৰ নেতা এজনকো আইন আৰু শ্রমমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হৈছিল। বাৰ্ছিলোনাত এখন কেটেলান স্বায়ত্ত্বশাসিত ৰাজ্য আৰু প্ৰজাতন্ত্ৰৰ সৃষ্টি কৰা হৈছিল।
পাছৰ সপ্তাহত, মন্ত্ৰীসভাই এক ডজনৰো অধিক প্রগতিশীল আইন প্ৰণয়ন কৰিছিল। ইয়াৰে, ক্ষুদ্ৰ তথা প্রান্তীয় খেতিয়কসকলক লৈ ৰচনা কৰা আইনখন আছিল সবাতোকৈ গুৰুত্বপূৰ্ণ। এই আইনখনৰ জৰিয়তে বন্ধকীত থোৱা মাটিৰ বাজেয়াপ্তকৰণ নিষিদ্ধ কৰা হৈছিল।
প্রজাতন্ত্রী চৰকাৰখনে প্রথম দহ মাহত সাত হেজাৰ বিদ্যালয় স্থাপন কৰিছিল। নতুন চৰকাৰে সকলো ধৰ্মৰ লোকৰবাবে ধর্মীয় স্বাধীনতা ঘোষণা কৰিছিল। পৃথিৱীৰ প্ৰধান প্রধান দেশসমূহে প্ৰজাতন্ত্ৰী চৰকাৰখনক স্বীকৃতি দিলেও ভেটিকান আৰু চিলিৰ ৰক্ষণশীল কেথলিক প্রশাসন এই কাৰ্যৰ পৰা বিৰত আছিল। দুয়োখনে কেৱল কূটনৈতিক সম্পর্কহে বজায় ৰাখিছিল। নিৰ্বাচিত সাংবিধানিক বিধান পৰিষদ গঠন, তেইশ বছৰৰ ঊৰ্দ্ধৰ নাৰী-পুৰুষ নিৰ্বিশেষে সকলো নাগৰিককে ভোটাধিকাৰ প্ৰদান ইত্যাদিকে ধৰি প্ৰগতিশীল আইন ৰচনা কৰা বাঁওপন্থী নেতৃত্বাধীন চৰকাৰখনে জাতীয় পৰিষদলৈ সংখ্যাধিক্য প্রতিনিধি নির্বাচিত কৰিবলৈ সক্ষম হৈছিল। ফৰাচী বিপ্লৱৰ প্ৰতি শ্ৰদ্ধা জনাই, নতুন পৰিষদখনে, ১৯৩১ চনৰ জুলাইৰ ১৪ তাৰিখে বেষ্টিল দিৱস পালন কৰিছিল। পাঁচ মাহ পাছত গৃহীত হোৱা এখন নতুন সংবিধানে স্পেইনৰ প্ৰজাতন্ত্ৰক এখন “সকলো বৰ্গৰ শ্ৰমিকৰে হিতাকাংক্ষী চৰকাৰ” বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল।
আদর্শবাদী আৰু প্ৰগতিশীল নতুন প্রজাতন্ত্রী চৰকাৰখনে, লেখক আৰু বুদ্ধিজীৱীমহলৰ মাজত স্ফুলিংগৰ দৰে এক দলফলীয়া সোণালী যুগৰ আবিৰ্ভাৱ ঘটাইছিল আৰু নেৰুডাইও অনতিপলমে তেওঁলোকৰ মাজৰ এজন হৈ পৰিছিল।
১৯৩৪ চনৰ মে মাহত, বাৰ্ছিলোনাত উপস্থিত হোৱাৰ ঠিক পাছতে, নেৰুডাই স্পেইনৰ সামাজিক আৰু সাংস্কৃতিক পীঠস্থান স্বৰূপ মাদ্রিদ দর্শন কৰিবলৈ গৈছিল। লোৰকা আৰু অন্যান্য কবিসকলে তেওঁক মাদ্রিদ ৰে’ল ষ্টেছনত লগ ধৰিছিল। ওখপাখ তেওঁ, জেকেটৰ পকেটত হেঁচিহেঁচি ভৰোৱা এসোপা বাতৰি কাগজেৰে সকলোৰে আগত আবির্ভূত হৈছিল। তেওঁলোক আটায়ে লগে লগে এখন পানশালালৈ গৈ, নেৰুডাৰ প্ৰিয় সুৰা ভিনো ভিন্তো পান কৰি কৰি কবিতা পঢ়ি পঢ়ি কথাত মচগুল হৈছিল। প্ৰথমবাৰৰ বাবে নেৰুডাক সশৰীৰে লগ পোৱা কাৰ্লছ মোলা লিঞ্চে নেৰুডাৰ বৰ্ণনা দিছিল এইদৰে: “তেওঁ সাধুকথাত বর্ণিত চিন্দ্ৰেলাৰ দৰে বিবৰ্ণ আছিল আৰু ফটিক স্বচ্ছ ক’লা কাঠ-বাদামৰ দৰে দীঘলীয়াকৈ ঠেক চকুযুৰিৰে, অনবৰত হাঁহি থকা মুখখনত লাগি আছিল অসুখী আৰু উদাসীন এটি ভাব। তেওঁৰ ক’লা চুলিবোৰ আছিল আবিন্যস্ত, হাত দুখন আছিল অনুজ্জ্বল। কিন্তু সেয়া যিয়েই নহওক, তেওঁৰ আমনিদায়ক আৰু বিষাদগধুৰ কণ্ঠস্বৰটোৱে মোক বৰকৈ অভিভূত কৰিছিল”।
পাচদিনাখন, নেৰুডাৰ প্ৰতি সন্মান জনাই অনুষ্ঠিত কৰা পাৰ্টিত লোৰকাই দলিচা মেৰিয়াই নাচিছিল আৰু নেৰুডাই “মৰতৰ আৱাস”ৰ পৰা কবিতা আবৃত্তি কৰিছিল। স্পেইনত সেয়াই তেওঁৰ প্ৰথম ৰাজহুৱা আবৃত্তি আছিল, য’ত সকলোৰে শ্ৰদ্ধাৰ ৰাফেল এলবাৰ্টি আৰু লুই চেদা উপস্থিত আছিল। এই দুয়োগৰাকী ব্যক্তি জেনেৰেশ্বন’ ২৭ৰ প্ৰভাৱশালী সদস্য আছিল আৰু নেৰুডায়ো শীঘ্ৰে ইয়াৰ মুখ্য প্ৰবক্তা হৈ পৰিছিল।
ইয়াৰ পাছতে, লোৰকাই তেওঁৰ কবিতা আবৃত্তি কৰিবলৈ হলটোৰ মাজলৈ আগবাঢ়ি আহিছিল। নেৰুডাই পাছত এই বিষয়ে কৈছিল “সঁচাসঁচিকৈয়ে অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল লোৰকা”, আৰু সিদিনাখন তেওঁ যেতিয়া সকলোকে প্রভাৱিত কৰিব পৰাকৈ অতি দক্ষতাৰে আবৃত্তি কৰিছিল, তেতিয়া তেওঁৰ চকুৱে-মুখে ফুটি উঠিছিল প্রতিটি শাৰীত ধ্বনিত আৱেগৰ মধুৰ ৰহস্যময়তা আৰু তেওঁৰ কথনভংগীত প্ৰকাশিত চহা জীৱনৰ নিগূঢ় লালিত্যই হলটোক মন্ত্রমুগ্ধ কৰি ৰাখিছিল। সহকৰ্মী পেড্ৰচ ছেলিনাৰ মতে, “লোৰকা তেতিয়া নিজেই হৈ পৰিছিল মাদ্রিদৰ এটি ‘অনুষ্ঠান।”
লুই বুনেলে ব্যক্ত কৰা মতে, “মই লগ পোৱা মানুহৰ ভিতৰত, ফেডেৰিকো আছিল আটাইতকৈ উত্তম। এয়া মই তেওঁৰ কবিতা কিম্বা নাটকৰ আঁত ধৰি কোৱা কথা নহয়; মই বুজাব খুজিছোঁ তেওঁৰ ব্যক্তিত্বৰ কথা। তেওঁ আছিল নিজেই নিজৰ অনুপম কৃতি… তেওঁ আছিল বহ্নিশিখাৰ দৰে”। সিদিনা ৰাতি লোৰকাই পঢ়া শাৰীকেইটা আছিল এনেঃ
যেতিয়াই মই মৰোঁ
মোক মোৰ গীটাৰখনৰ সৈতে
বালিত পুতি থবা।
যেতিয়াই মই মৰোঁ
মোক কমলাগছ আৰু
পদিনাৰ মাজত পুতি থবা।
যেতিয়াই মই মৰোঁ
তোমাৰ ইচ্ছা গ’লে
মোক বায়ুকল এটিত
পুতি থবা
যেতিয়াই মই মৰোঁ!

নেৰুডাই বৰ্ণনা কৰামতে, “স্পেইনত মই, মোৰ ৰচনাৱলীৰ সৈতে পৰিচিত, প্রতিভাৰে সমুজ্জ্বল বন্ধুত্বপূর্ণ সমাজ এখনক লগ পাইছিলোঁ। অথচ, মই মোৰ নিজৰ দেশবোৰত যে কিমান বছৰ ধৰি মোক নুবুজা মানুহবোৰৰ দ্বাৰা অপমান, অসদ্ভাৱনা আৰু অনাসক্ততাৰে নিৰ্যাতিত হৈ আহিছিলোঁ—কিমান যে বিশুদ্ধ কবিৰ নাটকীয় লীলাখেলা দেখিছিলোঁ—কিন্তু এতিয়া মই ইয়াত সম্পূর্ণ সুখী”।
যেতিয়া নেৰুডাই স্পেইনত নিজৰ পদবীত যোগদান কৰিবলৈ গৈছিল, তেতিয়া চিলিৰ প্ৰধান বাণিজ্য দূত, টুলিও মাৰ্কেৰাই তেওঁক নিৰ্দেশ দি কৈছিল, “তুমি কবি। গতিকে, কবি হোৱাৰ নিমিত্তে তুমি নিজকে উছৰ্গা কৰা। তুমি এই বাণিজ্যদূতৰ কাৰ্যালয়লৈ আহিব নালাগে। প্রতি মাহে মই মাথোঁ এবাৰেই যেতিয়া ডাকযোগে তোমাৰ লগত যোগাযোগ কৰিম, তেতিয়া তুমি তাৰ উত্তৰ দিবা”।
এনে স্বাধীনতাপ্রাপ্তিয়ে নেৰুডাক মাদ্রিদত নিগাজীকৈ থকাৰ সুবিধা কৰি দিছিল। ১৯৩৪ চনৰ এক জুনৰ তাৰিখে নেৰুডা আৰু মাৰুকাই মাদ্রিদলৈ ৰাওনা হৈছিল।
লোৰকাই ফুলৰ থোপাৰে ষ্টেছনত দুয়োকো স্বাগত জনাইছিল। ইয়াৰ পাছতে লোৰকাই অনতিপলমে, মাদ্রিদ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সাহিত্যবিষয়ক আলোচনাত নেৰুডাক আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছিল। নেৰুডাৰ মতে, সিদিনা লোৰকাৰ সেই প্রশংসামূলক বক্তব্য আছিল, আটাইতকৈ উৎকৃষ্ট মানৰ; তেনে ভাষণ তেওঁ তেওঁৰ সমগ্ৰ জীৱনত দ্বিতীয়বাৰ কাৰো মুখতে শুনিবলৈ পোৱা নাই।
মাদ্রিদৰ সাংস্কৃতিক জীৱনৰ স’তে ওতপ্রোতভাৱে জড়িত ব্যক্তিসকলৰ অন্যতম আছিল দেলিয়া দে কেৰিল। আৰ্জেণ্টিনাৰ বুকুত উজ্জ্বল কলাকাৰৰ ৰূপত প্ৰতিষ্ঠিত তেওঁ কমিউনিষ্ট আদৰ্শত বিশ্বাসী এগৰাকী ৰাজনৈতিক কর্মী আছিল। অভিজাত বংশোদ্ভূত তেওঁ স্বাভাৱিকতে নেৰুডাৰ বাবে এক লোভনীয় সংযোজন হৈ পৰিছিল। ইপিনে লোৰকাই, “চিলিৰ বিস্ময়কৰ কবি, পাবলো নেৰুডা”ৰ বিষয়ে তেওঁৰ বন্ধুবৰ্গক আগতীয়াকৈ কাণ চোৱাই থৈছিল যে তেওঁ অচিৰেই আহি “এই অক্টোবৰত বাণিজ্য দূতৰ পদত মাদ্রিদত যোগ দিব”। স্পেইনলৈ অহাৰ আগতে দেলিয়াই আলোচনী এখনত প্ৰকাশিত নেৰুডাৰ “মৰতৰ আবাস”ৰ কেইটিমান কবিতা পঢ়িছিল। তথাপি সেই সময়লৈকে দুয়োৱে দুয়োৰে বাবে ৰহস্যময় হৈয়েই আছিল।
মাদ্রিদৰ সাহিত্যিক মহলটোৰ আলোচনা-বিলোচনাৰ অন্যতম কেন্দ্ৰস্থল আছিল চাৰ্বেছেৰিয়া কৰেছ নামৰ বাৰখন। তাতেই প্ৰথমবাৰৰ বাবে নেৰুডাই দেলিয়াৰ গাত গা লগাকৈ বহাত দুয়োজনৰ মাজত চুম্বকীয় আকর্ষণ অনুভূত হৈছিল। দেলিয়াই বৰ্ণনা কৰামতে, সিদিনা নেৰুডাই “তেওঁৰ প্ৰশস্ত বাহুখনেৰে মোক কান্ধত মেৰিয়াই ধৰিছিল আৰু আমি তেনেকৈয়ে আছিলোঁ”। সৃষ্টিমূলকেই হওক, অথবা বৌদ্ধিক কিম্বা ৰাজনৈতিক বিষয়তে হওক, মাৰুকাই নেৰুডাক কোনো ক্ষেত্ৰতে সহযোগ কৰা নাছিল। গৰ্ভাৱস্থাৰ শেষৰ মাহটো তেওঁ ঘৰৰ ভিতৰতে কটাইছিল। এনে সময়তে, দেলিয়াৰ মনোলোভা কান্তিয়ে নেৰুডাক চঞ্চলিত কৰিছিল, আৰু একমাত্ৰ উজ্জ্বল মনৰ অধিকাৰী হোৱাৰ সুবাদতেই তেওঁ দেলিয়াৰ প্ৰেমত পৰিছিল (যি গুণ তেওঁ মাৰুকা আৰু এলবেটিনাৰ মাজত দেখা নাছিল)। প্ৰেমৰ উচ্ছল তৰংগই তেওঁলোকক এনেদৰে উদ্বাউল কৰিছিল যে, ইয়াক আৰু তেওঁলোকে গোপনে ৰাখিব পৰা নাছিল৷

উচ্চবংশৰ এটি ধনী পৰিয়ালত ১৮৮৪ চনত দেলিয়াৰ জন্ম হৈছিল। পৰম্পৰাগত ধৰ্মীয় আচাৰ-বিচাৰত তেওঁৰ আস্থা নাছিল; তেওঁৰ আছিল এটি চিৰবিদ্ৰোহী সত্বা। ঘোঁৰা চেঁকুৰাই তেওঁলোকৰ পৰিয়ালৰ বিশাল পামৰ বাৰীখনলৈ তেওঁ প্ৰায়ে গৈছিল। তেওঁলোকৰ বুৱেনছ্‌ এয়াৰৰ্ছৰ প্ৰকাণ্ড অট্টালিকাটোৱে প্ৰখ্যাত বুদ্ধিজীৱীসকলক অভ্যর্থনা কৰিবলৈ পাই ধন্য মানিছিল। তাত কবিতা আবৃত্তি, সাংস্কৃতিক মতবিনিময়, চিত্র প্রদর্শনী ইত্যাদি অনুষ্ঠিত হোৱাৰ উপৰিও ফৰাচী সুৰকাৰসকলৰ বিষয়েও গভীৰ আলোচনা হৈছিল। দেলিয়া আৰু তেওঁৰ ভাইভনী আৰু পৰিয়ালৰ আন আন লোকসকলে তেনে বৈঠকবোৰত যোগ দিছিল আৰু এনেদৰে তেওঁৰ সাহিত্য সংস্কৃতিৰ অনুৰাগী হৈ পৰিছিল। তেওঁ সৰুকালিতে ফৰাচী কবিতা পঢ়িবলৈ আৰম্ভ কৰিছিল।
দেলিয়াৰ পোন্ধৰ বছৰত ভৰি দিয়াৰ আঠ দিন পূর্বে, আৰ্জেণ্টিনাৰ সৰ্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰা দেউতাকে নিজৰ বাৰীৰ বাগিচাত নিজকে গুলীয়াই আত্মহত্যা কৰিছিল। স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ঠিক এবছৰ আগতে মৃত্যু ঘটা মাকৰ শোকত তেওঁ উন্মাদৰ দৰে হতাশ হৈ আছিল। দেউতাকৰ সৈতে দেলিয়াৰ চেনেহৰ বান্ধোন আছিল অতিকে গভীৰ; প্ৰবল অনুভূতিসম্পন্না তেওঁৰ চৰিত্ৰ আৰু হঠাৎ উথলি উঠা আৱেগৰ উমান কেৱল দেউতাকেহে বুজি পাইছিল। সকলো বিষয় জনাৰ প্ৰতি তেওঁৰ আছিল প্ৰবল আগ্রহ। দেউতাকৰ মৃত্যুত তেওঁ ইমানেই মর্মাহত হৈছিল যে, পাছত তেওঁ আৰু কেতিয়াও দেউতাকৰ কথা ঘূণাক্ষৰেও নুলিয়াইছিল।
স্বামীৰ অকাল মৃত্যুত শোকে-দুখে ম্রিয়মাণ মাকে নিজৰ ঘৰ এৰি ল’ৰা-ছোৱালীকেইটাৰে সৈতে পেৰিছত থাকিবলৈ লৈছিল, আৰু পাছত যেনিবা কিছুকাল যদি ইউৰোপত, আৰু কিছুকাল বুৱেনছ্ এয়াৰচ্ কটাবলৈ লৈছিল। দেলিয়াই সংগীত আৰু চিত্ৰকলা শিকিবলৈ লৈছিল আৰু শৈশৱ কালতে তেওঁ বিভিন্ন পার্টি, নৃত্যানুষ্ঠান আৰু অপেৰাত যোগ দিছিল৷ গাভৰুকালত ভৰি দিয়াৰ পৰাই তেওঁ মননশীল বন্ধুবৰ্গৰ সংগ ল’বলৈ লৈছিল আৰু তেওঁ তেনে চিন্তাশীল মহলটোৰ আটাইতকৈ উদ্দীপিত আৰু প্ৰাণচঞ্চলা সদস্যা হিচাপে চিহ্নিত হৈছিল, যিগৰাকীয়ে সততে আত্মানুসন্ধানত ব্ৰতী আছিল।
১৯২১ চনত, সাতত্ৰিশ বছৰত ভৰি দিয়া দেলিয়াই, প্রসিদ্ধ কবি আৰু সাহিত্য সমালোচক হিচাপে জনাজাত এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। পিছে তেওঁ আছিল মৰফিন আসক্ত। তেওঁ দেলিয়াৰ স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ লৈছিল। এদিন দেলিয়াই গিৰিয়েকক বিখ্যাত স্পেনিছ নর্তকী এজনীৰ সৈতে অন্তৰংগ মুহূৰ্তত স্বচক্ষে ধৰা পেলাইছিল। ইয়াৰ পাছতে দেলিয়াই আর্জেণ্টিনালৈ গুচি গৈছিল আৰু তাতে তেওঁ কিছুদিনৰ বাবে হ’লেও অ’লিভেৰো গিৰোণ্ডোৰ সৈতে গভীৰ প্ৰেমত আসক্ত হৈছিল। ১৯২৯ চনত তেওঁ ফাৰ্নেণ্ডো লিগাৰৰ তত্ত্বাবধানত ৰঙীন চিত্রাংকন বিদ্যা শিকিছিল। দুয়োজনৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বক লৈ বহুতেই মুখৰোচক ৰটনা চলাইছিল। তেওঁ পাবলো পিকাছো, ৰাফেল এলবাৰ্টি আৰু মেৰিয়া টেৰিজা লিওৰ সৈতে বন্ধুত্ব গঢ়াৰ লগতে ফৰাচী অধিবাস্তৱবাদী কবি লুই আৰাগ আৰু পল এলুৱাদৰ ঘনিষ্ঠ হৈ পৰিছিল। ইয়াতেই তেওঁ মার্ক্সবাদী দৰ্শন আৰু সাম্যবাদী ধাৰণাৰ সৈতে পৰিচিত হৈছিল৷ ইউৰোপ মহাদেশত সেই সময়ছোৱা আছিল ফেচিবাদৰ উত্থানৰ সময়, আৰু কলাকৈৱল্যবাদ যে যথেষ্ট নহয়, সেই লৈ ফ্ৰাঞ্চত চৰ্চা আৰম্ভ হৈছিল। এনে নতুন পৰিস্থিতিত প্রচণ্ডভাৱে জোকাৰি যোৱা সমতা আৰু ন্যায়ৰ দৰ্শনে, দেলিয়াক আলোড়িত কৰিছিল—তেওঁ যেন ইমানদিনে বিচাৰি থকা বাটৰ সন্ধান পাইছিল। তেওঁ ফৰাচী কমিউনিষ্ট পাৰ্টিত যোগ দিছিল আৰু সদ্যপ্রকাশিত বিপ্লৱী লেখক আৰু কলাকাৰসকলৰ সমিতিত যোগ দিছিল।
পেৰিছত থকা কালত, স্পেইনৰ ৰাফেল এলবাৰ্টি আৰু মেৰিয়া টেৰিজা লিওৱে দেলিয়াক তেওঁলোকৰ দেশত কেনে এক উত্তেজনাময় পৰিস্থিতিত নৱগঠিত প্ৰজাতন্ত্ৰী চৰকাৰখনৰ জন্ম হৈছিল তাক বিবৰি কৈছিল। তেওঁলোক স্পেইনলৈ যাবলৈ ওলোৱাত দেলিয়াকো সেই যাত্ৰাৰ সংগী হ’বলৈ অনুৰোধ কৰিছিল। স্পেইনলৈ গৈ দেলিয়াই তৎক্ষণাত মাদ্রিদৰ বুদ্ধিজীৱী আৰু লেখকসকলৰ সমিতিত সোমাই পৰিছিল, য’ত নেৰুডাই পিছেপৰে যোগ দিছিল।
ছাগলীৰখীয়া যৌৱনোদ্দীপ্ত কবি মিগুৱেল হার্নান্দেজ আৰু প্ৰখ্যাত চলচ্চিত্র নিৰ্মাণকাৰী লুই বুনেল এনে সমিতিৰ সদস্য আছিল। পিকাছোৱে ফ্ৰান্সত থাকিবলৈ ল’লেও, এই ব্যক্তিসকলৰ বহুতৰে পিকাছোৰ সৈতে বন্ধুত্ব আছিল। বিখ্যাত অধিবাস্তৱবাদী চিত্ৰকৰ ছালভেদো দালি উক্ত সমিতিৰ সৈতে সম্পৰ্ক ৰাখিছিল। স্পেইনত, সমাজবাদী, প্রগতিশীল সংস্কৃতিৰ উত্থানত এওঁলোক আনন্দিত হৈছিল। এলবেৰ্টিৰ সৈতে দেলিয়াই এই গ্ৰুপটোক ৰাজনৈতিক শিক্ষা দান কৰিছিল। স্পেনিছ, ইংৰাজী আৰু ফৰাচী ভাষাত বুৎপত্তি থকা দেলিয়াই ইউৰোপৰ বিভিন্ন দেশৰপৰা প্ৰজাতন্ত্ৰী চৰকাৰখনক সৃজনশীল প্ৰক্ৰিয়াত সহায় কৰিবৰ বাবে অহা কমিউনিষ্ট আৰু বাঁওপন্থীসকলক দোভাষী হোৱাৰ গুণত সহায় কৰিব পাৰিছিল৷
মতাদৰ্শগত শিক্ষাৰ অধিকাংশকে, নেৰুডাই দেলিয়াৰ পৰা শিকিছিল। পৰুৱাৰ দৰে বিৰামহীনভাৱে কাম কৰাৰ দক্ষতা থকা বুলি দেলিয়াৰ নাম আছিল। সেয়ে তেওঁৰ উপনাম হৈ পৰিছিল “পৰুৱা”, আনকি ঢুকোৱাৰ পাছতো তেওঁৰ বন্ধু-বান্ধৱীসকলে তেওঁক মৰমতে সেই নামেৰেই সুঁৱৰিছিল৷
নেৰুডাক লগ পোৱাৰ সময়ত দেলিয়া আছিল পঞ্চাছ বছৰীয়া আৰু নেৰুডা আছিল তেওঁতকৈ বিশ বছৰে সৰু। নেৰুডাৰ শৈশৱৰ বন্ধু দিয়েগো মুনোজক বিয়া কৰোৱা ইনেছ ভেলেৱেলাৰ মতে, দেলিয়াক বয়সৰ অনুপাতে কম বয়সীয়া যেন লাগিছিল। কাৰ্লছ মোলা লিঞ্চে ডায়েৰীত লিখামতে, দেলিয়া আছিল, “অতিমাত্রা উৎসাহী, মৰমিয়াল আৰু গুণী”। সততে সাম্যবাদৰ কথা কোৱা তেওঁ প্ৰায়ে কৈছিল, “সাম্যবাদ আহি আছে, আহি আছে”।
নেৰুডাই তেওঁৰ অনুপম টুপীটোৰে আৰু দেলিয়াই ৰঙা আলোৱানখনেৰে, গ্ৰুপৰ অন্যান্য সদস্যসকলেৰে মিলি গধূলি পৰত চাৰ্বেছেৰিয়া কোৰ্ছেত মিলিত হৈছিল। হাঁহি স্ফূৰ্তি কৰি সকলোৱে সুৰা পান কৰাৰ মাজতে আলাপ আলোচনা চলাই গৈছিল। দেলিয়াই ৰাজনীতিৰ কথা পাতিছিল আৰু নেৰুডাই নতুনকৈ ৰচনা কৰা কবিতাৰ ওপৰত আলোকপাত কৰিছিল। সমৱেতসকলৰ মাজত অন্য কবি থাকিলে, তেওঁলোকে নতুন কবিতাৰ ওপৰতো আলোচনা হৈছিল। এনে আলোচনাৰ পাছত, দুয়োজনে থিয়েটাৰ কিম্বা চিনেমা হলৰ পিনে অগ্ৰসৰ হৈছিল। কেতিয়াবা তেওঁলোকে, নৱীন কিউবান এজনৰ দ্বাৰা পৰিচালিত ছেতান নামৰ বাৰখনত বহিছিল অথবা গ্রেঞ্জা দেল হেনাৰ ৰেস্তোৰাঁত বহিছিল। আৰু কেতিয়াবা এবটল মদ লৈ, ফেৰিওৱালাৰ পৰা কিনা অলিভ তেলত মচমচীয়াকৈ ভজা সাগৰীয় স্কুইড খাই খাই মাদ্রিদৰ ৰাস্তাত টহল দিছিল। মাদ্রিদৰ ৰাতি সম্পর্কে ১৯৩২ চনত আৰ্নেষ্ট হেমিংৱেই লিখা কথাটো এই ক্ষেত্ৰত মন কৰিবলগীয়া, “ৰাতি যথাসময়ত বিছনাত শুব যোৱাটো মাদ্রিদত শোভা নাপায়। তোমাৰ বন্ধুসকলে সেয়া সহজভাৱে নল’ব। ৰাতি পুৱাও পুৱাও নোহোৱালৈকৈ তেওঁলোকে বিনিদ্র নিশাটোক উদযাপন কৰে। বন্ধুৱে বন্ধুৱে সাক্ষাৎ কৰিবলৈ হ’লে, তেনে সাক্ষাৎপৰ্ব পৰম্পৰা অনুযায়ী মাজনিশাৰ পাছতহে কেফেত অনুষ্ঠিত হয়”।
এইখিনিতে কৈ থোৱা ভাল যে, নেৰুডাই গৰ্ভৱতী মাৰুকাৰ সৈতে আৰগেলিছৰ ওচৰে-পাঁজৰে কৰ্মচঞ্চল অঞ্চলৰ এটি এপার্টমেণ্টত থাকিবলৈ লৈছিল, যি এপার্টমেণ্টটো এলবার্টিয়ে চাইচিতি দিছিল। বিশেষকৈ, স্পেইনৰ সাধাৰণ মানুহৰ বসতিৰে পৰিপূৰ্ণ এই অঞ্চলটো, নিমখীয়া খাদ্যৰ দোকানেৰে গিজগিজাই থাকিছিল। নেৰুডাই এই বজাৰখনত প্ৰায়ে ইটো সিটো চাই হেঁপাহ পলুৱাই ঘূৰি ফুৰিছিল। ভূমধ্যসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ পৰা ধৰি অনা জীয়া মাছৰ বজাৰখনে তেওঁক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। কাৰণ, এই মাছবোৰক স্পেনীয়সকলে মূল আহাৰ হিচাপে গ্ৰহণ কৰিছিল৷ নেৰুডাই এই “দম দম মাছ”ৰ কথা, তেওঁৰ “মই কিছু কথা খোলোচাকৈ ক’ব বিচাৰোঁ” নামৰ এটি যুগান্তকাৰী কবিতাত উল্লেখ কৰা দেখা যায়। কবিতাটোত তেওঁ, স্পেনিছ প্ৰজাতন্ত্ৰৰ দিনত মানুহৰ মনত বিৰাজ কৰা প্ৰাণচঞ্চলতা আৰু কর্ম উদ্দীপনাক মূৰ্ত কৰিছিল। বজাৰখনত দেখা দম দম বিলাহী, আলু, জলকীয়াৰ আচাৰ আৰু মাছবোৰক তেওঁ স্পেনীয় জনগণৰ উদ্যমিতাক বুজাবলৈ অতি নিৰ্ভৰযোগ্য প্রতীক স্বৰূপে ব্যৱহাৰ কৰিছিল।
চাৰ্বেছেৰিয়া বা কোনো কেফেলৈ গৈ দেলিয়াক লগ ধৰাৰ কাৰ্যক্ৰম নাথাকিলে, তেওঁ বজাৰৰপৰা মাছ-মাংস চীজ, পাওৰুটি আৰু কিবাকিবি লৈ পোনে পোনে নতুন এপার্টমেণ্টটোলৈ উভতি আহিছিল। তেওঁ থাকিবলৈ লোৱা এপার্টমেণ্ট বিল্ডিংটোৰ নাম আছিল লা কাছা দা লা ফ্লোৰচ্ অৰ্থাৎ ফুলবাৰী, কাৰণ, পঞ্চম মহলাৰ পৰা তললৈ ইয়াৰ বাৰাণ্ডাবোৰ ওপচাই ওলমি আছিল জোনিয়াম ফুল। এই অট্টালিকাটো মাদ্রিদ অন্যান্য বুৰ্জোৱা স্থাপত্যতকৈ সুকীয়া আছিল। পাছত, এসময়ত এই বিল্ডিংটো জাতীয় স্মৃতিচিহ্নৰূপে ঘোষিত হৈছিল। লোৰকাই ইয়াতে বহি কবিতা লিখিবলৈ ভাল পাইছিল।
নেৰুডাৰো ৰচনাৰাজিও এই পাঁচ তলাৰ এপার্টমেণ্টত ৰমকজমককৈ ফুলে-ফলে বিকশিত হৈ প্ৰকাশিত হৈছিল। নেৰুডাই “ম‍ই কিছু কথা খোলোচাকৈ ক’ব বিচাৰোঁ” নামৰ কবিতাটোত লিখাৰ দৰে, ইয়াৰ পৰাই দেখা যায়, “চামৰাৰ সমুদ্ৰৰ দৰে” ঐতিহাসিক কেষ্টিলা অঞ্চলৰ বিশাল সমভূমি।‌
উল্লিখিত ঘৰটোৰ মাজৰ বেৰ এখন ভাঙি নেৰুডাই দুটা কোঠা একত্ৰ কৰি এটি প্রকাণ্ড কোঠালৈ ৰূপান্তৰিত কৰিছিল, আৰু তাত কিতাপবোৰ থোৱাৰ ব্যৱস্থা কৰাৰ লগতে শ্যাম, বালী, সুমাত্রা, মালয় দ্বীপপুঞ্জ আৰু বান্দুঙৰ পৰা অনা মুখাবোৰেৰে বেৰবোৰ শোভিত কৰিছিল। নিজৰ স্মৃতিকথাত লিখাৰ দৰে, “ৰূপালী ৰঙৰ চেলাউৰিৰে, বিৰক্তিকৰ ভংগীত চিন্তাক্লিষ্ট সেই মুখাবোৰ আছিল সোণালী, ছাই বৰণীয়া আৰু বিলাহী ৰঙৰ।” বোধহয়, মুখাবোৰে তেওঁক যোছি ক্লিছৰ কথাকে সোঁৱৰাই দিছিল। তদুপৰি, মুখাবোৰক চাই চাই তৃপ্তি লভাৰ উপৰিও, সেইবোৰে তেওঁক সাহিত্য ৰচনা ক্ষেত্ৰখনতো অৰিহণা যোগোৱা বাবে, তেওঁ সিবোৰ সংৰক্ষণ কৰিছিল।
বোহেমিয়ান কবি আৰু বন্ধুসকলে এই এপার্টমেণ্টলৈকে ঘনাই আহি পুৱতি নিশালৈকে আড্ডা দিছিল। গৰ্ভৱতী মাৰুকাৰ বাবে সেয়া যে অস্বস্তিজনক আছিল, তাৰ প্ৰতি কাৰো ভ্ৰূক্ষেপ নাছিল। কেতিয়াবা আকৌ তেনে আড্ডা পাছদিনা বা তাৰ পাছদিনালৈকে চলিছিল। নেৰুডাই সাজি কোৱা ৰসাল কাহিনীবোৰ শুনি শুনি, সময় কেনেকৈ গৈছে, তাক কোনেও ধৰিব পৰা নাছিল। আলহীসকলৰ কোনো কোনোৱে চমু সময়ৰ বাবে পাল পাতি অলপ-অচৰপ শোৱাৰ চেষ্টা কৰিছিল যদিও, সাৰ পাই মহোৎসৱ তেতিয়াও পূর্ণ গতিত চলি থকা দেখিছিল। মাজে মাজে এনে সমৱেত উৎসৱৰ সামৰণি মাৰিছিল, আটায়ে ওলাই গৈ কোনো ৰাজহুৱা স্মৃতিস্তম্ভ উদ্বোধন কৰাৰ জৰিয়তে। এনে আঁচনিৰ উদ্ভাৱক আছিল লোৰকা আৰু নেৰুডা। যিয়েই নহওক, আটায়ে চৰকাৰী প্ৰতিনিধিৰ ভাও ধৰি মাদ্রিদৰ কোনো স্মৃতিস্তম্ভৰ ওচৰত গৈ থিয় দিছিল। তাত তেওঁলোকে এজন এজনকৈ সেই স্মৃতিস্তম্ভটোৰ বিষয়ে কাব্যিক অনুনাদেৰে বক্তব্য দাঙি ধৰিছিল আৰু বাকীসকলে অনুষ্ঠানটোক জীৱন্ত কৰাৰ মানসেৰে হাতে হাতে বাদ্যযন্ত্ৰ লৈ বজোৱাৰ ভংগীৰে সংগীত পৰিবেশন কৰিছিল।
ছাণ্টিয়াগো আৰু বুৱেনছ্ এয়াৰছৰ দৰে, মাৰুকাই এইবোৰত যোগ দিয়া নাছিল। দিনে দিনে নেৰুডা আৰু তেওঁৰ মাজত থিয় হোৱা প্ৰাচীৰখন ওখ হৈ গৈ আছিল। স্পেনিছ ভাষাৰ অজ্ঞতাই এই বাধাৰ প্ৰাচীৰখনক আৰু মজবুত কৰি তুলিছিল। মাৰুকাই স্পেনিছ ভাষা ভালকৈ ক’ব পৰা নাছিল। কিন্তু নেৰুডাৰ নতুন বন্ধুবৰ্গৰ বাবে স্পেনিছ ভাষাটো যোগাযোগ তথা সৃষ্টিৰ মাধ্যম হোৱাৰ উপৰিও, ই আছিল ৰসোত্তীর্ণ। বন্ধুবৰ্গৰ কিছুমানে সেয়েহে মাৰুকাৰ প্ৰতি বিৰূপ আছিল। চিলিৰ কূটনীতিবিদ কার্লছ মোর্লা লিঞ্চে তেওঁৰ ডায়েৰীত মাৰুকাৰ সেই অৱস্থাত “জিৰাফ”ৰ লগত তুলনা কৰিছিল।
ইপিনে, আনৰ পৰা সততে নিজকে আঁতৰাই ৰখা, মিজিং মাজাং স্বভাৱৰ মেজাজী নেৰুডাজন অতীতৰ বিষয়বস্তু হৈ পৰিছিল। এতিয়া ভূমধ্যসাগৰীয় জীৱনশৈলীৰ যাদুময়তা আৰু বন্ধুত্বপূৰ্ণ সহযোগিতাই তেওঁৰ ব্যক্তিত্বক পূর্ণ মাত্রাই বিকশিত কৰি তুলিছিল; তেওঁ উদ্যমী আৰু এক সন্তোষজনক ব্যক্তিত পৰিণত হৈছিল। বৌদ্ধিক আৰু ৰোমাণ্টিক দিশত তেওঁৰ আৰু দেলিয়াৰ সম্পৰ্কৰ বিকাশ ঘটিছিল, ফলত দুয়োৰো মাজত নিভৃত সম্পৰ্কও বৃদ্ধি পাইছিল।

এনে স্নিগ্ধ বাতাৱৰণৰ মাজত, নেৰুডাৰ দিগবলয়ত ভয়ানকভাৱে এক ভাবুকিয়ে আহি দেখা দিছিল। সেয়া আছিল—পিতৃত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *