বিজ্ঞানৰ যুগতাে সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ-(অৰূপজ্যোতি হাজৰিকা)
(পঞ্চম যুক্তি দিৱস উপলক্ষ্যে পতা প্ৰৱন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ প্ৰাপ্ত প্ৰৱন্ধ)
আৰম্ভণি : ডিজিটেল ইণ্ডিয়াৰ দিনতো ডাইনী হত্যাৰ দৰে ঘটনা চলি আছে। সাপে খুটিলে বেজৰ চিকিৎসা চলি আছে। এয়া জানাে বিজ্ঞানৰ অগ্রগতি হয়? মংগল গ্ৰহলৈ মানুহ গৈছে, চন্দ্র পৃষ্ঠলৈ মানুহ গৈছে৷ এনে দিনতো যে অন্ধবিশ্বাসৰ দৰে কথাবােৰ বৰ্তি আছে, এয়া সমাজৰ বাবে শুভ লক্ষণ নহয়। সমাজত বলি প্রথা আজিও চলি আছে। এইবােৰ দেখিলে- শুনিলে এনে লাগে যে এচাম দুষ্ট বুদ্ধিসম্পন্ন লােকৰ কোনাে বাধা নােহােৱাকৈ ধন ঘটাৰ এক বিকৃত লিপ্সা। এওঁলােকে জেপত ‘এনড্রয়ড ফোন’ লৈ ফুৰে, অন্যহাতে এচামক ভয়-ভ্রান্তি দেখুৱাই এনে কামবােৰ চলাই নিব খােজে। এওঁলােকে পৰম্পৰাগত নীতিৰ কথা দোহাই দি বা আত্মকেন্দ্রিকতাক প্রাধান্য দি বেজ, যাদুকৰ, অলৌকিকতাবাদী, হস্তৰেখাবিদ আদিক সমাজত জীয়াই ৰাখিব খােজে। ভাত খাই থাকোঁতে কোনােবাই চৰচৰণি খালে তেওঁৰ কথা পতা বুলি ভবা, ক’ৰবালৈ যাওঁতে হাঁচি মাৰিলে যাত্রা ভংগ হােৱা, খালি বাল্টি দেখি গ’লে যাত্ৰা ভংগ হােৱা কথাবােৰ যুক্তিসন্মত আৰু বৈজ্ঞানিকভাৱে চিন্তা কৰিবৰ হ’ল। এইবিলাক কথা আমি ইজনে সিজনক কওঁতে বিশ্লেষণ কৰি ক’ব লাগে। যাতে আনে ক’লেও বুজাই দিব পাৰি যে এইবােৰ এনেকুৱা কাৰণেহে হয়। ভাত খালে চৰচৰণি খাবই, মানুহে হাঁচি মাৰিবই, পানী আনিবলৈ গ’লে খালি বাল্টিটো নিবই। ইয়াৰ অন্য একো কাৰণ থাকিব নােৱাৰে।
সমাজত প্ৰচলিত অন্ধবিশ্বাসবোৰ: সমাজত কিছুমান পৰম্পৰা বা আচৰণ কোনাে বিচাৰ-বিশ্লেষণ নকৰাকৈ অন্ধভাৱে মানি অহা বিশ্বাসকেই অন্ধবিশ্বাস বুলি কোৱা হয়। এই অন্ধবিশ্বাসবােৰ হ’ল
(ক) ধর্ম সম্বন্ধীয় অন্ধবিশ্বাস — ধৰ্মৰ লগত জড়িত বিশ্বাস আৰু পূজা পাতল। এইবােৰ মূলত ভূত-প্রেত, যখ যখিনী, পিশাচ, ডাইনী-যখিনী আদি।
(খ) জন্ম-মৃত্যু-বিবাহ সম্বন্ধীয় অন্ধবিশ্বাস — এগৰাকী নাৰী যেতিয়া সন্তান সম্ভৱা হয় তেতিয়া তেওঁ বা তেওঁৰ স্বামীয়ে জীৱ হত্যা নকৰে বা কৰিবলৈ দিয়া নহয়। মৃতকৰ ঘৰত সকাম বা ভােজ খাবলৈ দিয়া নহয়। সেইদৰে ঘৰৰ ভিতৰতে মানুহজনৰ বা মানুহ গৰাকীৰ মৃত্যু হলে ঘৰ অশুচি বুলি কোৱাৰ বহু নজিৰ আছে।
(গ) জীৱ-জন্তু সম্বন্ধীয় অন্ধ বিশ্বাস — ক’ৰবালৈ গলে মেকুৰী পাৰ হ’লে অমংগল বুলি কোৱা হয়। কাউৰীয়ে কা কা কৰিলে অমংগল বা আলহী অহাৰ আগজাননি দিয়ে। ফেঁচাই নিউ নিউ কৰিলে মানুহ মৰা বা জীৱ-জন্তুৰ মৃত্যু হ’ব বুলি বিশ্বাস চলি আছে।
(ঘ) গছ-সম্বন্ধীয় অন্ধবিশ্বাস — শনিবাৰ, মংগল বাৰে বাঁহ গছ কাটিব নাপায়। বিহলঙনিৰে জৰা-ফুকা কৰিলে ভূত-প্রেত পলায় বা গাৰ বিষ ভাল হয় বুলি বিশ্বাস কৰে। নিমগছৰ পাত বা বগৰী গছৰ পাতে ভূত খেদে আদি বিশ্বাস চলি আছে।
(ঙ) কৃষি সম্বন্ধীয় অন্ধবিশ্বাস— দিন-বাৰ চাই কঠীয়া পৰা, দিন-বাৰ চাই খেতিত লগা, মৰণা মৰা প্ৰথা আজিও চলি আছে। ঘৰৰ মানুহ মৰা বাৰত ধান দিব নাপায়, গধূলি হলে ধান দিব নাপায় আদি অন্ধবিশ্বাস আজিও চলি আছে।
(চ) জ্যোতিষ সম্পর্কীয় অন্ধবিশ্বাস— যিসকলে নিজৰে ভৱিষ্যৎ নাজানে সেইসকলে আকৌ আনৰ ভৱিষ্যতৰ মংগল চাই। ঘৰ লােৱা দিন ঠিক কৰে। বিয়াৰ দিন ঠিক কৰে। আকাশত নেজাল তৰা ওলালে বৰ মানুহৰ মৃত্যু হয়। চন্দ্র গ্রহণ, সূর্য গ্রহণত অপায় অমংগলৰ কথা কয়।
সেইদৰে বহু অন্ধবিশ্বাসে আমাৰ সমাজখন অপকাৰ কৰি আছে। সৌভাগ্যৰ বাবে ৰত্ন ধাৰণ কৰা, পৰীক্ষাত পাছ কৰিবৰ বাবে তাবিজ লােৱা, গ্রহদোষ উপশম পাবৰ বাবে গ্রহ পাঠ কৰা আদিকে ধৰি বহু অন্ধবিশ্বাস আজিৰ সমাজত প্ৰচলিত হৈ আছে।
বিজ্ঞানৰ যুগত সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ :
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে – “অন্ধবিশ্বাস বা কুসংস্কাৰবােৰেই হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ বােজা”। তেওঁৰ সুৰতে সুৰ মিলাই আমিও ক’ব পাৰাে যে যেতিয়ালৈকে অন্ধবিশ্বাসবােৰ আমাৰ মাজত চলি থাকিব, তেতিয়ালৈকে আমি সভ্যতাৰ উচ্চ শিখৰত পর্দাপণ কৰিব নােৱাৰিম। যেতিয়ালৈকে আমাৰ মানুহে যুক্তি আৰু শুদ্ধ বাটত বাট নােবােলে, তেতিয়ালৈকে এই অন্ধবিশ্বাসবােৰ চলি থাকিব।
সি যি কি নহওক, বিজ্ঞানৰ যুগত এই অন্ধবিশ্বাসবােৰ বৰ্তি থকাৰ কাৰণবােৰ হ’ল —
(ক) শিক্ষা : সমাজৰ সকলাে মানুহ শিক্ষিত নহয়। প্রকৃত শিক্ষাৰে শিক্ষিতসকলে চাকৰি বা নিজৰ কামতে ব্যস্ত থাকি আনক বুজাবলৈ আজৰি নাপায়। অন্যহাতে গাঁৱত থকা মানুহবােৰে তেখেতসকলক গাঁৱলৈ বা সমাজলৈ মাতি নি কথাবােৰ জুকিয়াই চোৱাৰ আগ্রহ প্ৰকাশ নকৰে। যিসকলে নিজকে গাঁৱৰ একমাত্ৰ বুলি ভাবে, তেওঁলােকে অন্ধবিশ্বাসবােৰ নােহােৱা কৰিব নােখােজে। কাৰণ তেওঁলােক গাঁৱৰ মূল মানুহ৷ যদি এইবােৰ নাইকীয়া হয় তেতিয়া তেওঁলােকক সােধা-পােছা কৰিবলৈও মানুহ নাযাব। তেওঁলােকৰ সমাজত প্রাধান্য নােহােৱা হ’ব। সেইবাবে তেওঁলােকে গাঁওখন এশ শতাংশ শিক্ষিত হােৱাটো নিবিচাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় নিগম, নিকায়, সামাজিক সংগঠন আদি বেছি সচেতন হ’ব লাগে।
(খ) ধর্ম : ধৰ্মৰ প্ৰভাৱ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে অন্ধবিশ্বাস দূৰ কৰিব নােৱাৰে। বর্তমান দেখা গৈছে যে ধৰ্মৰ নাম যিবােৰ আঁচনি প্রয়ােগ কৰিছে, সেই আঁচনিবােৰে অন্ধবিশ্বাস দূৰ কৰাতকৈ প্ৰসাৰহে কৰিব। ভগৱানৰ ভয় দেখুৱাই ধর্মৰ নামত এক শ্ৰেণীয়ে সমাজৰ এক শ্রেণীক শােষণ কৰি আছে। ধৰ্মৰ নামত বিভিন্ন জাতি- জনগােষ্ঠীয়সকলে তেওঁলােকৰ ধর্ম ভিত্তিত বিভিন্ন অন্ধবিশ্বাস বৰ্তাই ৰাখিব খােজে। ধৰ্মৰ নামত বলি দিয়া প্রথা আজিও সমাজত প্ৰচলিত হৈ আছে। এই বলি-বিধান প্রথাৰ লগত সমাজৰ গণ্যমান্য ব্যক্তিসকলেই জড়িত।
(গ) যােগাযােগ ব্যৱস্থা : পিছপৰা অঞ্চলবিলাকত যেতিয়ালৈকে যােগাযােগ ব্যৱস্থা উন্নত নহয়, তেতিয়ালৈকে অন্ধবিশ্বাস দূৰ নহয়। এই অঞ্চলবিলাকলৈ চিকিৎসাৰ পােহৰ বিলাবলৈ ডাক্তৰ নাযায়। মানুহৰ অসুখ-বিসুখ হ’লে ওচৰতে থকা বেজ, কবিৰাজৰ ওচৰ চাপে। যােগাযােগ ব্যৱস্থা অনুন্নত হােৱাৰ বাবে সাপে খুঁটিলে বা অন্য জীৱ-জন্তুৱে কামুৰিলে চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে বেজৰ ওচৰ চাপে।
(ঘ) অনগ্ৰসৰতা : সমাজৰ সকলাে দিশতে অনগ্ৰসৰতা সমাজৰ পৰা অন্ধবিশ্বাস দূৰ নােহােৱা এক কাৰণ। কর্ম, ধর্ম, স্বাস্থ্যৰ দিশত প্রকৃত জ্ঞান, যুক্তি, তর্ক আৰু সত্য প্রতিষ্ঠা কৰিব নােৱাৰাটোৱেই আমাৰ দোষ। কেৱল ভাগ্যক ধিয়াই কাম কৰা এই সময়ৰ মানুহবােৰে কোনােবা এজন জ্যেষ্ঠ মানুহ যি কয় তাকে শুনি কামত আগবাঢ়ে। জ্যেষ্ঠজনে কোৱা কথাবােৰ যুক্তি সংগতনে, শুদ্ধ হয়নে বুলি চিন্তা বা বিচাৰ-বিশ্লেষণ কৰাৰ অৱকাশ নাথাকে। কেৱল অমুকে কৈছে বা তুমকে কৈছে বুলিয়ে দায় সাৰিব খােজে। আমি জানো পৰম্পৰা আমাৰ নীতি। পৰম্পৰাক দোহাই দি যাদুকৰী কথা বা অন্ধবিশ্বাসবােৰ চাই যােৱা আমাৰ দায়িত্ব নহয়।
গ্রহণ লাগিলে খাব নাপায়, একাদশী বা আঁউসীত খাব নাপায় এনে কথাবােৰ কোনাে বিচাৰ-বিশ্লেষণ নকৰাকৈ চলি আছে৷ সেইদৰে ক’ৰবালৈ যাওঁতে মেকুৰী পাৰ হ’লে কিবা বিপদ হ’ব বুলি আজিও কিছুৱে বিশ্বাস কৰে। মেকুৰী পাৰ হ’বই। সেই বুলি কিবা বিপদ হ’ব পাৰে বুলি ভাবিব নালাগে। ফেঁচাৰ বাৰ মাহত তেৰটা মাত। গতিকে নিউ নিউ বুলি চিঞৰিলে মানুহ মৰে বুলি কোৱাৰ কোনাে যুক্তি নাই। মুঠতে খােৱা-বােৱা, পিন্ধা উৰা, চাল-চলন সকলোতে অনগ্ৰসৰতাই অন্ধবিশ্বাস চলি থকা মূল কাৰণ।
( ঙ) বিজ্ঞান শিক্ষাৰ অভাৱ : দেখা যায় বিদ্যালয় বিলাকতেই বিজ্ঞান শিক্ষক নােহােৱাকৈ ল’ৰা-ছােৱালী বােৰে এটা কাল পাৰ কৰে। গতিকে কিদৰে সিহঁতে বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবােৰ চাব পাৰিব? সচৰাচৰ দেখা কথাবােৰ, কাৰ্যবােৰ সিহঁতে কোনাে যুক্তিৰে বিশ্লেষণ নকৰি অন্ধবিশ্বাসৰ সূত্ৰৰে ধাৱমান হ’ব। শৰীৰৰ বাঁও বাহু বা বাঁও চকু লৰিলে কিবা বিপদ হ’ব পাৰে বুলি আমাৰ মানুহে কিছুমান অন্ধবিশ্বাস কৰি আহিছে৷ সেইদৰে তলুৱা খজুৱালেই টকা-পইচা পাব পাৰে, গাখীৰৰ সৰ খালে কোনােবাই চৰিয়াব পাৰে আদি বিভিন্ন অন্ধবিশ্বাসে আমাক ব্যতিব্যস্ত কৰি ৰাখিছে। বিজ্ঞান শিক্ষাৰ সফল প্রয়ােগ নােহাৱালৈকে সমাজত এনেধৰণৰ অন্ধবিশ্বাসবােৰ চলি থাকিব।
(চ) ধনীক শ্ৰেণীৰ প্ৰভাৱ :সমাজত ধনীক শ্ৰেণীয়ে সমাজৰ এক শ্ৰেণী মানুহক প্ৰভাৱিত কৰি আছে। এই ধনীক শ্ৰেণীৰ কথা কর্ম মতে এক শ্রেণী মানুহ চলি আছে। ধনী মানুহজনে যি কথা কয়, সেই কথাকে তেখেতৰ অনুগামী কেইজনে মানি ল’ব খােজে। এই ধনীক শ্ৰেণীৰ প্ৰভাৱ কমিলে অন্ধবিশ্বাসৰ প্ৰভাৱাে কমি যাব বুলি আমাৰ বিশ্বাস। তেওঁলােকে যাগ-যজ্ঞ, পূজা-পাতল, দান, বলি-বিধান কামবােৰ পূৰ্ণ গতিত চলাই নিয়ে।
(ছ) তথ্য-প্রযুক্তিৰ অভাৱ : ভাৰতবৰ্ষত এতিয়াও এনেকুৱা ঠাই আছে, য’ত বিদ্যুৎ সেৱাৰ অভাৱ। সেই অনুন্নত অঞ্চলসমূহত আজিও তথ্য-প্রযুক্তিৰ প্ৰভাৱ নাই পৰাৰ বাবে জনসাধাৰণ অন্ধবিশ্বাসৰ কৰাল গ্রাসত পৰিছে।
(জ) নিৰক্ষৰতা : নিৰক্ষৰতা দূৰ কৰিব লাগিব। জ্ঞানে মানুহক শিক্ষিত কৰে। লগতে সমাজত প্ৰচলিত অনিয়ম বা অন্ধবিশ্বাসবােৰ দূৰ কৰাত সহায় কৰে। সমাজত অন্ধবিশ্বাসবােৰ চলি থকা একমাত্র কাৰণ হ’ল নিৰক্ষৰতা।
(ঝ) সজাগতামূলক সভা : পিছপৰা অঞ্চলবিলাকত অন্ধবিশ্বাস সম্বন্ধীয় সজাগতাৰ অভাৱৰ বাবে এইবােৰ জীয়াই আছে। নির্বাচনৰ সময়ত এই অঞ্চল বিলাকত যিমান ৰাজনৈতিক সভা অনুষ্ঠিত হয়, সিমান অন্ধবিশ্বাস সম্বন্ধীয় সভা অনুষ্ঠিত হােৱাহেঁতেন বহু সমস্যা কমিলেহেঁতেন। এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনবােৰ কৰিবলগীয়া বহু কাম আছে।
(ঞ) মানসিক দুর্বলতা : শনি বা মংগল বাৰে নখ-চুলি নকটাৰ অঘােষিত নিয়ম আজিও আমাৰ মাজত প্ৰচলিত আছে। আজিকালি প্রায়ে দেখা যায় যে দোকান বিলাকত পূজাৰীয়ে শনিৰ মালা বিক্ৰী কৰি থাকে। এই মালাত থাকে এটা টেঙা আৰু কেঁচা জলকীয়া। ইয়াৰ পৰা লাভ হয় কেৱল পূজাৰীৰহে। কাৰণ এডাল মালাৰ মূল্য পাঁচ টকাৰ পৰা দহ টকা। টকা-পইচা অযুত হ’ব বুলি জ্যোতিষীৰ ওচৰত গৈ আত্মসমর্পন কৰা ব্যক্তি বহুত ওলাব। এইসকলৰ মনৰ দুৰ্বলতাৰ বাবে অন্য এচামে ধন ঘটাৰ সুযোেগ পাইছে। অন্ধবিশ্বাস ব্ৰতী থকাৰ অন্য এক প্রকাৰৰ কাৰণ হ’ল মানুহৰ মানসিক দুর্বলতা।
প্রায়েই দেখা যায় সমাজৰ বহু লােক আর্থিক ভাবে সচল নহয়। তেওঁলােকে কর্ম কৰি পােৱা টকাৰে ঘৰ চলাব নে সমাজৰ অন্য কাম কৰিব? তেওঁলােকে নিজৰ নিজৰ আর্থিক সমস্যাৰ বাবে জ্বৰ হ’লে পানী জাৰি খােৱা, মালা পিন্ধা কামবােৰ কৰি যায়। বৰষুণ নিদিলেই ভেকুলী বিয়া পাতি বৰষুণ অনাৰ প্রথা আজিও সমাজত চলি আছে। ইয়াৰ যুক্তিযুক্ততা আজিও কোনেও প্রমাণ কৰিব পৰা নাই। আমাৰ মূল কথা হ’ল, যুক্তি আৰু প্রমাণ পালেহে যিকোনাে কথা মানিব লাগে।
উপসংহাৰ : অন্ধবিশ্বাসৰ কৰাল গ্রাসৰ পৰা সমাজক মুক্ত কৰিবলৈ হ’লে প্রথমে ছাত্র-ছাত্রীসকলক প্রাথমিক অৱস্থাৰ পৰা বিজ্ঞানৰ শিক্ষা দিব লাগিব। বিভিন্ন সামাজিক সংগঠন বা এন. জি. অ’ৰ যােগেদি পিছ পৰা অঞ্চলবিলাকত গৈ সজাগতামূলক কার্যসূচী ল’ব লাগিব। এই ক্ষেত্ৰত চৰকাৰৰাে কৰণীয় আছে। যিসকলে সমাজত এই অন্ধ বিশ্বাসবােৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে, তেনেলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিলে অন্ধ বিশ্বাস সম্বন্ধীয় ঘটনা হ্রাস পাব। বিজ্ঞান ক্লাব বা বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তিৰ যােগেদি বিজ্ঞানৰ সভা বা প্রদর্শনী পাতিও সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিব পাৰি। অন্ধ বিশ্বাস প্রগতিৰ অন্তৰায়, গতিকে আমি ইয়াৰ পৰা মুক্ত হ’বই লাগিব।