কেন্দ্ৰীয় নিবন্ধনিবন্ধ

বিজ্ঞান, দৰ্শন আৰু জীৱন ।। অঞ্জন শইকীয়া

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

আমি মানুহবোৰে যদি পৃথিৱীত বৰ্তি থাকিব বিচাৰোঁ, এটা ভাল জীৱন যাপন কৰিব বিচাৰোঁ, তেন্তে আমাক জ্ঞান-বিজ্ঞান লাগিবই। লাগিব প্ৰজ্ঞা, আৰ্জিত জ্ঞান-বিজ্ঞানৰ সুপ্ৰয়োগ কৰিবলৈ। অন্য জীৱৰ তুলনাত শাৰীৰিকভাৱে আমি মানুহবোৰ বৰ নিশকতীয়া। মানুহৰ জ্ঞান নথকা হ’লে বাঘ, ভালুক, সিংহ, হাতী, হাংগৰ, ঘঁৰিয়াল, সাপ, জোক, বেক্টেৰিয়া, ভাইৰাছ আদিয়ে মানৱজাতিক ধৰণীৰ পৰা কেতিয়াবাই বিদায় দিলেহেতেন। বাঘ-সিংহৰ দৰে আমাৰ চোকা নখ, দাঁত নাই। হাতীৰ দৰে বল শক্তি আমাৰ নাই। সাপৰ বিষ মানুহৰ নাই। ভয়ানক বেমাৰৰ বীজাণু বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱবোৰৰ বিৰুদ্ধে জ্ঞান নথকা হলে মানুহে কেনেকৈ যুঁজিলেহেতেন?

আমাক কোনোবাই ৰক্ষা কৰিবই বুলি ভাবি থকাটো মানৱজাতিৰ অস্তিত্বৰ প্ৰতি এক ভাবুকি।

আমি মানুহেই আমাক মানে মানুহক ৰক্ষা কৰিব লাগিব। আমি নিজক, নিজৰ প্ৰজাতিটোক ৰক্ষা কৰিবলৈ আমাক প্ৰকৃতিৰ বিষয়ে লাগিব বিশুদ্ধ জ্ঞান, ব্যৱহাৰিক জ্ঞান, যি জ্ঞান আমি পাব পাৰোঁ বৈজ্ঞানিক পদ্ধতিৰে, বিজ্ঞানৰ পথেৰে। অৱশ্যে বিজ্ঞানেই আমাক ৰক্ষা কৰিব নোৱাৰে। মানৱজাতিক সুৰক্ষিত ৰাখিবলৈ বিজ্ঞানৰ প্ৰয়োগ কেনেধৰণৰ হ’ব সেই প্ৰশ্ন থাকিবই। বিজ্ঞানৰ প্ৰায়োগিক দিশটোৱেই হৈছে প্ৰযুক্তি। প্ৰযুক্তিৰ অপপ্ৰয়োগে মানৱজাতিক মুহূর্ততে ধ্বংস কৰি পেলাবও পাৰে বা প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰি মানৱকূলক তিল তিলকৈ শেষ কৰি দিবও পাৰে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্রত মানৱীয় প্ৰজ্ঞা, মানৱীয় প্ৰমূল্যবোধৰ বিষয়টো আমি কোনোপধ্যে এৰাই চলিব নোৱাৰোঁ!

ছুন জি (Xun Zi) নামৰ চীনদেশৰ এজন দাৰ্শনিকে (খ্ৰীষ্টপূৰ্ব ৩১২-২৩০ চন) এটি গুৰুত্বপূর্ণ কথা কৈছিল—

“তুমি সকলো বিচাৰি প্ৰাৰ্থনা কৰা, সৰগে তোমাৰ মাত নুশুনে। তোমাৰ ঠাণ্ডা লাগিছে, সেইবাবে শীতকাল শেষ হৈ নেযায়।
তুমি বহুদূৰ খোজ কঢ়িব বিচৰা নাই, সেইবাবে পৃথিৱীখন সৰু হৈ নেযায়!
তুমি প্ৰাৰ্থনা কৰিলা বৰষুণ দিবলৈ আৰু বৰষুণ দি আছে। কিন্তু বৰষুণ হৈ থকাৰ লগত তোমাৰ প্ৰাৰ্থনাৰ কোনো সম্পর্ক নাই। কেতিয়াবা তুমি বৰষুণ নিবিচাৰা, বৰষুণ বিচাৰি প্ৰাৰ্থনাও নকৰা, কিন্তু বৰষুণ পৰে। তেনে ক্ষেত্ৰত তুমি কি ক’বা?
যদি তুমি এটা ভাল জীৱন বিচাৰা, জ্ঞান আহৰণ কৰা, নিজকে শিক্ষিত কৰা আৰু নিজৰ কৰ্মৰ পৰিণতিৰ কথা সুক্ষ্মভাবে চিন্তা কৰা”।

বহুশতিকাৰ আগতেই ছুন জিয়ে কোৱা এই কথাখিনিত যুক্তি আৰু বিজ্ঞানমনস্কতাৰ আভাস পোৱা যায়।

ঈশ্বৰ, আল্লাহ, সৰগ, নৰক একো নাই। যি আছোঁ আমিয়েই আছোঁ! আৰু আছে আমাৰ চৌদিশে বিস্ময়কৰ এই ব্ৰহ্মাণ্ড! হয়, আমি প্ৰত্যেকেই এই আশ্চর্যজনক ব্ৰহ্মাণ্ডৰ এটি এটি আশ্চর্যকৰ অংশ! বিজ্ঞানৰ পথেৰেই আমি বিশ্বপ্ৰকৃতিৰ ৰহস্যবোৰ উন্মোচন কৰিব লাগিব! বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ পৰম সত্য কি, সেইটো আৱিষ্কাৰ কৰিব পাৰিবগৈ নে নোৱাৰে সেই কথা আমি নাজানোঁ! কিন্তু এই কথা ঠিক যে বিশ্বচৰাচৰত বৰ্তি থাকিবলৈ, উত্তম জীৱন এটা যাপন কৰিবলৈ দৰকাৰী বাস্তৱ ব্যৱহাৰিক জ্ঞান, বিজ্ঞানচৰ্চাইহে আমাক দিব পাৰিব। বিজ্ঞানত পৰম সত্য বুলি একো নাই! বিজ্ঞানে নিজস্ব পদ্ধতিৰে প্ৰাকৃতিক ৰহস্যবোৰ উন্মোচন কৰি যায়, সত্যৰ অন্বেষণ কৰে! আমাক বাস্তৱ আৰু ব্যৱহাৰিক জ্ঞান দিয়ে। বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰে আৱিষ্কৃত কোনো সিদ্ধান্তকে পৰম সত্য বুলি দাবী নকৰে! বিজ্ঞানৰ সকলো সিদ্ধান্তই স্থান-কাল-পাত্ৰ সাপেক্ষে আপেক্ষিক সত্য। বৈজ্ঞানিক পদ্ধতিৰে আজি প্ৰতিষ্ঠা হোৱা প্ৰপঞ্চ এটাকো বিজ্ঞানে কাইলৈ পুনৰ প্ৰশ্ন কৰিবই। যদি কাইলৈ ইয়াক বৈজ্ঞানিক পদ্ধতিৰে ভুল প্ৰমাণিত কৰা হয়, তেন্তে বিজ্ঞানে ইয়াক বৰ্জন কৰিবলৈ সদা প্ৰস্তুত।

বিজ্ঞানে মানুহক জীৱন-জগত সম্পৰ্কীয় এক অভিনৱ দৰ্শন দিছে! বিজ্ঞানৰ মাজত এক বাস্তৱ আৰু ব্যৱহাৰিক দৰ্শন অন্তৰ্নিহিত হৈ থকা নাইনে? বিজ্ঞানে তাৰ নিজস্ব পথেৰে—বাস্তৱ পৰ্যবেক্ষণ, তথ্য-বিন্যাস, সংহত গৱেষণা, পদ্ধতিগত পৰীক্ষণ, যুক্তিপ্ৰয়োগ আদিৰ দ্বাৰা জীৱন-জগত সম্পর্কীয় অভ্ৰান্ত সত্যবোৰ উন্মোচন কৰিব বিচাৰে। সেই হিচাপে বিজ্ঞানো এক ধৰণৰ দৰ্শন লৈ আগ বাঢ়ে।

কিন্তু এটা কথা অনস্বীকার্য যে বিশুদ্ধ বিজ্ঞানত কিছুমান বিষয়ৰ স্থান নাই। মানৱীয় প্ৰমূল্যবোধ বা ভাল বেয়া বিচাৰৰ ক্ষেত্ৰত (ঔচিত্যবোধ) বিশুদ্ধ বিজ্ঞানে একো সিদ্ধান্ত দিব নোৱাৰে। এইবোৰ বিষয়ৰ ক্ষেত্রত মানুহ বিজ্ঞানৰ পৰিসৰৰ বাহিৰলৈ যাব লগা হয়! জীৱন সম্পর্কীয় দৰ্শনৰ তাৎপৰ্যও এইখিনিতেই আহি পৰে।

কিছুমান বিষয় আমি বৈজ্ঞানিক গৱেষণাগাৰত প্ৰমাণ কৰিহে সিদ্ধান্ত ল’ম, তাৰ অৱকাশ নাই! মানৱ-জীৱনৰ এটা উদ্দেশ্য থকা উচিতনে, জীৱনটোক অৰ্থপূৰ্ণ কৰি সজাব লাগে নে নেলাগে, মানৱজাতিৰ সামগ্রিক লক্ষ্য এটা থাকিব লাগেনে আৰু যদি লাগে এই লক্ষ্য কি হোৱা উচিত, এইবোৰ প্ৰশ্নৰ উত্তৰ বিশুদ্ধ বিজ্ঞানত পাব পৰা নাযায়।

জীৱন-জগত কেনেধৰণৰ তাৰ বস্তুগত ব্যাখ্যা বৈজ্ঞানিক পদ্ধতিৰে পাব পৰা যাব।

‘জগতখন কেনেদৰে উদ্ভৱ হ’ল বা ই কেনেদৰে বৰ্তি আছে?’,
‘এই জগতত জীৱন কেনেদৰে উদ্ভৱ হ’ল?’,
শাৰীৰিক মানসিকভাৱে মই কি?,
এইবোৰ প্ৰশ্নৰ উত্তৰ বিজ্ঞানে দিব বা বহুপৰিমাণে দিছেই!

কিন্তু জগতখন কিয় উদ্ভৱ হ’ল, জগতত জীৱন কিয় আৰম্ভ হ’ল, মই জন্ম হোৱাৰ কিবা অৰ্থ আছেনে, জীৱনটোক আমি কি অৰ্থ দিম, —আদি প্ৰশ্নবোৰৰ উত্তৰ বিজ্ঞানে জিজ্ঞাসু মানৱ-মনৰ সকলো খুদুৱনি নিৰসন কৰি দিব নোৱাৰে।

বিজ্ঞানে এনেবোৰ প্ৰশ্নৰ উত্তৰ ‘আকস্মিকভাৱে’ বা ‘ঘটনাক্ৰমে’ বা ‘দুৰ্ঘটনাবশত:’ হোৱা বুলিয়েই ব্যাখ্যা কৰে। বিজ্ঞানৰ পৰিসৰৰ ভিতৰত এই বাখ্যা সঠিক আৰু শুদ্ধ। কিন্তু মানৱ-মনত যুগ-যুগান্তৰৰ পৰা চলি থকা চিৰন্তন প্ৰশ্নবোৰৰ এনেধৰণৰ উত্তৰে জিজ্ঞাসু মানৱ-মনক সম্পূর্ণ সন্তুষ্ট কৰিব নোৱাৰে। এইবোৰ কাৰণতেই মানুহে দৰ্শনক এৰিব নোৱাৰে। হয়, দৰ্শনৰ তত্ত্ববোৰ গৱেষণাগাৰৰ প্ৰমেয় নহয়, কিন্তু দাৰ্শনিক তত্ত্ববোৰে মানৱ-মননক যুগ-যুগান্তৰৰ পৰা প্ৰভাৱিত কৰি আহিছে, চিন্তাৰ খোৰাক যোগাই আহিছে।

বহুধৰণৰ দাৰ্শনিক তত্ত্ব মানৱ-সমাজত প্ৰচলিত হৈ আছে। কিছুমান দৰ্শনিক তত্ত্ব ইটো সিটোৰ বিৰোধী! কিছুমান দাৰ্শনিক তত্ত্বক খণ্ডন কৰিবলৈ যুক্তি দিব পাৰি। ভাববাদী বহুতো দৰ্শন খণ্ডন কৰিবও পাৰি। কিন্তু কিছুমান দৰ্শনক আমি উলাই কৰিব নোৱাৰোঁ!

দাৰ্শনিক তত্ত্ববোৰত সচৰাচৰ জীৱন-জগত সম্পর্কে বহুতো প্ৰশ্ন পোৱা যায়! সহজকৈ ক’বলৈ গ’লে বিজ্ঞান মানে বাস্তৱ প্ৰশ্ন, বাস্তৱ ব্যৱহাৰিক উত্তৰ, আৰু দৰ্শন মানে চিৰন্তন প্ৰশ্ন যাৰ উত্তৰ নাই। উত্তৰ নাই বুলি কোৱা হয় যদিও দৰ্শনৰ মাজত আছে জীৱনক এক অৰ্থ দিয়াৰ প্ৰয়াস।

দৰ্শন সম্পর্কে মোৰ নিজৰ জ্ঞান সীমিত। তাতে কত কত মনীষীৰ শত শত দৰ্শন। দাৰ্শনিক তত্ত্ববোৰ মোৰ সীমিত জ্ঞানেৰে পঢ়োঁ! সকলোবোৰ কথা ভালদৰে বুজিও নাপাওঁ। কিন্ত প্ৰাচ্যৰ দৰ্শনেই হওক বা পশ্চিমীয়া দৰ্শনেই হওক প্ৰায়বোৰতে চিন্তাৰ খোৰাক পাওঁ।

উপনিষদৰ যুগত ভাৰতভূমিত ঋষি-মুনি সকলে সৃষ্টি কৰা সাংখ্য, মীমাংসা আদি দৰ্শন, চাৰ্বাকৰ লোকায়ত দৰ্শন, বুদ্ধৰ বৌদ্ধদৰ্শন, বৌদ্ধদৰ্শনৰ আধাৰতে সৃষ্টি হোৱা জৈন দৰ্শন, টাও দৰ্শন, পশ্চিমীয়া মনীষী চক্ৰেটিচ, এৰিষ্টট’ল, জ্যাঁ পল ছাৰ্ত্ৰে, ৰেনে ডেকাৰ্তে, ইমানুৱেল কাণ্ট, নিৎচে, উইল ডুৰাণ্ট, হেগেল, মাৰ্ক্স আদিৰ দাৰ্শনিক তত্ত্ববোৰ বুজিবলৈ চেষ্টা কৰোঁ। এইবোৰত মনৰ সকলো প্ৰশ্নৰ উত্তৰ পাওঁ বুলি ক’ব নোৱাৰোঁ, কিন্তু মনৰ খাদ্য পাওঁ! দৰ্শনবোৰক ভাববাদী, বস্তুবাদী দৰ্শনত ভাগ কৰা হয় যদিও দুয়োবিধ দৰ্শনৰ মাজত সম্পৰ্ক আছে।

ভাববাদী দৰ্শনতো বহুতো মানৱীয় প্ৰমূল্যবোধৰ কথা আছে। সেইবোৰ বিচাৰি ল’ব জনাটোৱেই সাৰ কথা! ৰাজনৈতিক দৃষ্টিকোণেৰে মাৰ্ক্সবাদক সমৰ্থন কৰোঁ বা নকৰোঁ, মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদী দৰ্শনৰ তত্ত্বত মানৱীয় মূল্যবোধৰ কথা আছে, মানৱসমাজক বিশেষধৰণেৰে বিশ্লেষণ কৰাৰ প্ৰয়াস আছে, বাস্তৱ, বস্তুনিষ্ঠ প্ৰচেষ্টাৰে বৈষম্যহীন সমাজ গঢ়াৰ স্বপ্ন আছে (এই দৰ্শন তথা অন্য দৰ্শনবোৰকো পুংখানুপুংখভাৱে বুজি পাইছোঁ বুলি দাবী কৰিব নোৱাৰোঁ)।

জীৱনটো ভালদৰে জীয়াই থাকিবলৈ আধুনিক মানুহক জ্ঞান লাগিবই, বিজ্ঞান-চৰ্চা লাগিবই। আৰু লাগিব প্ৰজ্ঞা আৰু জীৱনবীক্ষা! জীৱনবীক্ষাৰ বাবেই লাগিব জীৱন-দৰ্শন! যান্ত্রিকভাৱে যুক্তিবাদী হ’বলৈ গ’লে জীৱনটো ৰবটৰ দৰে হৈ নপৰিব জানোঁ? যুক্তিবাদ বা বিজ্ঞানমনস্কতাৰ লগতে মানুহ বিবেকৱান, হৃদয়বৃত্তিযুক্তও হ’ব নেলাগিব জানোঁ! এক নৈতিক জীৱনবীক্ষাৰ অবিহনে বিজ্ঞানমনস্ক বা যুক্তিবাদী হোৱাৰ পৰিণতি সামগ্রিকভাৱে মানৱজাতিৰ বাবে কল্যাণকাৰী হ’বগৈ জানোঁ?

কোনো প্ৰতিষ্ঠিত দৰ্শনক গ্ৰহণ কৰোঁ বা নকৰোঁ জীৱন-জগতৰ প্ৰতি আমাৰ নিজস্ব দৃষ্টিভংগী এটা গঢ়ি নলওঁ জানোঁ! জীৱন-জগতৰ প্ৰতি আমাৰ দৃষ্টিভংগীয়েই আমাৰ জীৱন-দৰ্শনক প্ৰতিফলিত কৰে। সেয়ে আমাৰ ধাৰণা হয়, মানুহে তথা সমগ্র মানৱজাতিয়ে এটি উত্তম জীৱন যাপন কৰিবৰ বাবে মানুহক বিজ্ঞান লাগিবই, লগতে লাগিব মানৱীয় মূল্যবোধেৰে সংপৃক্ত জীৱনবীক্ষা বা জীৱন-দৰ্শন।

অৱশ্যে বিশ্বৰ সকলো মানুহেই একে জীৱন-দৰ্শনেই অনুসৰণ কৰিব লাগিবই—এই কথা দাবী কৰিবলৈ আমি অপৰাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *