বিজ্ঞানৰ যুগতাে সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ-(ড° ৰীতা দাস)
(পঞ্চম যুক্তি দিৱস উপলক্ষ্যে পতা প্ৰৱন্ধ প্ৰতিযোগিতাৰ দ্বিতীয় পুৰষ্কাৰ প্ৰাপ্ত প্ৰৱন্ধ)
আৰম্ভণি : বিষয়বস্তুলৈ প্রবেশ কৰাৰ আগতে দুটা অর্থৰ অৰ্থলৈ মন কৰা যাওক- ‘বিজ্ঞানৰ যুগ’ আৰু “অন্ধ বিশ্বাস। যিটো যুগ বিজ্ঞানৰ নিত্যনতুন আৱিস্কাৰ আৰু তাৰ প্ৰয়ােগেৰে সমৃদ্ধ, সেয়াই ‘বিজ্ঞানৰ যুগ’; যিবােৰ বিশ্বাস সত্য-অসত্যৰ প্রমাণ নােহােৱাকৈ মানি লােৱা হয় সেয়াই অন্ধবিশ্বাস অর্থাৎ অন্ধভাবে কৰা বিশ্বাসেই অন্ধবিশ্বাস। এক নির্দিষ্ট পৰিসীমাৰে কোনাে এছােৱা সময়ক ‘বিজ্ঞানৰ যুগ’ অভিধাৰে সঠিকভাৱে নিৰ্দ্ধাৰণ কৰাটো কঠিন। তথাপি জুইৰ আৱিস্কাৰকে যদি বিজ্ঞানৰ যুগৰ শুভাৰম্ভ বুলি ধৰা হয়, তেন্তে সাম্প্রতিক সময়ক ‘অতি আধুনিক বিজ্ঞানৰ যুগ’ বুলি অভিহিত কৰিব পাৰি। মানুহৰ দৈনন্দিন জীৱনশৈলী সম্প্রতি সমূলাংশে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল – ৰাতিপুৱা শুই উঠি হাতত দাঁত মাজনীডাল তুলি লােৱাৰ পৰা নিশা শুবলৈ লােৱা বিছনাখনলৈকে বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিজ্ঞান শব্দটোৰ সৈতে সত্যাসত্য নিৰূপণ প্রক্রিয়া জড়িত হৈ থাকে অর্থাৎ বিজ্ঞান মানেই যুক্তিসিদ্ধ আৰু অন্ধবিশ্বাস মানেই সাধাৰণতে যুক্তিহীন। দুয়ােটা শব্দই পৰস্পৰ বিৰােধী অথচ এয়া অতি হাস্যকৰ যে বর্তমানৰ অতি আধুনিক বিজ্ঞানৰ যুগতাে সমাজৰ পৰা অন্ধবিশ্বাসসমূহ আঁতৰি যােৱা নাই।
ইয়াতেই অন্য এক শব্দ সংপৃক্ত হৈ থাকে, সেয়া হ’ল লােকবিশ্বাস। লােকবিশ্বাসৰ সৈতে লােকৰীতি জড়িত হৈ থাকে। অতীজৰে পৰা এখন সমাজত যিবােৰ ৰীতি-নীতিৰ প্ৰচলন হৈ আহিছে, সেয়াই লােকৰীতি। লােকৰীতিসমূহৰ বুকুতেই লােকবিশ্বাসৰ জন্ম। পৰম্পৰাগতভাৱে মানুহৰ মাজত প্রচলিত বিশ্বাসেই লােকবিশ্বাস। পৰম্পৰাগতভাৱে চলি আহিলেও সকলােবােৰ লােকবিশ্বাস যুক্তিহীন হয়। বহুতেই লােকবিশ্বাস আৰু অন্ধবিশ্বাস একে বুলি ভাবে যদিও সেয়া সত্য নহয়। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লােকবিশ্বাস একোটা অন্ধবিশ্বাসত পৰিণত হ’ব পাৰে। উদাহৰণ স্বৰূপে অসমীয়া সমাজত অতীজৰে পৰা চলি আহিছে যে গৰ্ভৱতী মহিলাই নদী পাৰ হ’ব নাপায় – এই ৰীতি আৰু লােকবিশ্বাসৰ উল্লেখ ড° লীলা গগৈৰ ‘নৈ বৈ যায়’ উপন্যাসতাে আছে। ড° গগৈৰ সেই উপন্যাসখনৰ পটভূমি এনেকুৱা এখন অনগ্রসৰ সমাজ আৰু সময় য’ত যাতায়াতৰ মাধ্যম আছিল প্রধানকৈ জলপথ আৰু নৌকা। সেই সময়ত সেই লােকবিশ্বাস সমাজৰ হিতকাৰী আছিল। কিন্তু আজিও যদি সেই লােকবিশ্বাস পালন কৰা হয়, তেন্তে সেয়া হ’ব অন্ধবিশ্বাস কিয়নাে বর্তমান সময়ত উন্নত ৰাস্তা-পদূলিৰে গাড়ী-মটৰেৰে চলাচল/যাতায়াত কৰাত গৰ্ভৱতী মহিলাৰ নৌকাভ্রমণৰ সিমান কষ্ট নহয়।
বর্তমান সময়তাে সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণ বহুতকেইটা—
(১) বৈজ্ঞানিক মানসিকতাৰ অভাৱ : আমাৰ ধাৰণাত মূলতঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱেই সম্প্রতি সমাজত বৰ্তি থকাৰ প্ৰধান কাৰণ। যুক্তিযুক্তভাৱে কোনাে এটা দিশ চালি-জাৰি চোৱাৰ মানসিকতাই হ’ল বৈজ্ঞানিক মানসিকতা। বিজ্ঞানজাত সামগ্রী অহর্নিশে ব্যৱহাৰ কৰি থকা অধিকাংশ মানুহৰে বৈজ্ঞানিক মানসিকতাৰ অভাৱ পৰিলক্ষিত হয় ; ইয়াৰ কাৰণ হয়তাে মানুহৰ পৰিয়াল কেন্দ্রিক সংস্কাৰ। পৰিয়াল এটাত অতীজৰে পৰা চলি অহা ৰীতি-নীতি কোনাে প্রশ্ন উত্থাপন নকৰাকৈ মানি চলাটো আমাৰ মানুহে সু-সংস্কাৰ বুলি কয়৷ যাৰ বাবে কি, কিয়, কেনেকৈ আদি কোনাে প্রশ্নৰ অৱতাৰণা নকৰাকৈ ‘ভাল’ল’ৰা-ছােৱালীয়ে প্রজন্মৰ পিছত প্রজন্ম ধৰি ৰাখিছে। বিশেষকৈ ছােৱালীৰ ক্ষেত্ৰত আৰােপিত ৰীতি-নীতিসমূহ এই প্রসংগত উল্লেখ কৰিব পাৰি। আমাৰ সমাজত এতিয়াও প্রথম পুষ্পিতা হ’লে ছােৱালীজনীক বিভিন্ন নীতি-নিয়মৰ চক্ৰবেহুত সােমাই দিয়া হয়, অথচ ঋতুমতী হােৱাটো এক স্বাভাৱিক জৈৱিক প্রক্রিয়াহে। প্রথম পুষ্পিতা হােৱা ছােৱালীজনীক চাৰিদিন কোঠালি এটাৰ ভিতৰত আৱদ্ধ কৰি থােৱা হয়, যাতে কোনাে পুৰুষে তাইক দেখা নাপায়। ফলাহাৰৰ বাহিৰে অন্য সিদ্ধ খাদ্য খাবলৈ দিয়াও নহয়। আনকি সেই চাৰিদিন ছােৱালীজনীক বিছনাৰ সলনি মাটিত শুবলৈ দিয়া হয়।
ঋতুমতী হ’লে ছােৱালী এজনীৰ বিভিন্ন মনাে-দৈহিক পৰিৱৰ্তন ঘটে বাবে জিৰণিৰ প্রয়ােজন৷ সেই সময়ছােৱাত খােৱাৰ ৰুচিৰাে সলনি হয়, কিছুমানৰ গা দুর্বল হৈ পৰে। গতিকে ছােৱালীজনীক জিৰণি দিয়াটো জৰুৰী, পুষ্টিকৰ খাদ্য দিয়াটো জৰুৰী৷ কিন্তু তাই খাব পাৰিলেও বা শৰীৰৰ কোনাে দুর্বলতা নাথাকিলেও চাৰিদিন ভাত খাবলৈ নিদিয়াটো অযুক্তিকৰ আৰু ভাত খাবলৈ নাপায় বুলি ভবাটো অন্ধবিশ্বাস। চাৰিদিনৰ দিনা গা ধুৱাই যি নিয়ম কৰা হয় সেয়া অন্ধবিশ্বাস৷ যিবােৰ নকৰিলেও চলে বৰঞ্চ সেই নিয়মবােৰ নকৰিলেহে ছােৱালীজনী মানসিকভাৱে সকাহ পাব, শাৰীৰিকভাৱেও আৰাম পাব। বাস্তৱক্ষেত্ৰত দেখা গৈছে যে এই অযুক্তিকৰ উৎসৱটোৰ জাক-জমকতা পূর্বৰ তুলনাত অধিকহে হৈছে – এয়া শিক্ষিত অভিভাৱকৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ পৰিণতি আৰু তথাকথিত আভিজাত্যৰ বাহ্যিক প্রকাশ মাথােন।
(২) পৰম্পৰা পালনৰ প্ৰতি ৰক্ষণশীল মনােভাৱ : বিজ্ঞানে যিমানেই নিত্য নতুন সামগ্রী উদ্ভাৱন নকৰক কিয় বা আমাৰ সমাজৰ মানুহে যিমানেই বিজ্ঞান শিক্ষাৰে শিক্ষিত নহওক কিয়, পৰম্পৰা পালনৰ প্রতি মানুহৰ এক ৰক্ষণশীল মনােভাৱ আছে, যিয়ে অন্ধবিশ্বাসসমূহক সমাজত সাৰ-পানী যােগান ধৰি পৰিপুষ্ট কৰি ৰাখিছে। পৰম্পৰা পালনৰ ৰক্ষণশীলতাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহাে পিছ পৰি থকা নাই। বিজ্ঞান শাখাৰ প্ৰচলন থকা বিদ্যালয়-মহাবিদ্যালয়ত বা যিকোনাে শিক্ষানুষ্ঠানত ‘বিশ্বকর্মা পূজা’ পালনৰ দৃশ্য অতি সূলভ। প্রাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ‘সৰস্বতী পূজা পালনৰ জাক-জমকতাৰ কথা নতুনকৈ ক’বলগীয়া নাই। বিদ্যাৰ অধিষ্ঠাত্রী দেৱী ৰুষ্ট হ’ব বুলি সৰস্বতী পূজাৰ দিনা ‘কিতাপ পঢ়িব নাপায়’ বিধৰ অন্ধবিশ্বাস এটিৰাে প্রচলন আছে। বিজ্ঞানৰ পৰীক্ষাগাৰত ‘বিশ্বকৰ্মাৰ কি কাম? ভালদৰে আয়ত্ত্ব কৰিলে পৰীক্ষার্থীয়ে ব্যৱহাৰিক পৰীক্ষাত ভাল নম্বৰ পাব আৰু চঞ্চল মনেৰে আয়ত্ত্ব কৰি দিন-ৰাতি বিশ্বকর্মা পূজা পাতিলেও ব্যৱহাৰিক পৰীক্ষাত ভাল নম্বৰ নাপায়। ঠিক একেদৰে পাঠ্যক্ৰমৰ গ্ৰন্থৰ পৃষ্ঠা এটাও অধ্যয়ন নকৰি সৰস্বতী পূজাৰ দিনা ‘নির্জলা ব্রত’ৰাখিলেও সেই শিক্ষার্থীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নােৱাৰে। শিক্ষানুষ্ঠানত এই উৎসৱসমূহ পালনৰ প্রাসংগিকতা ক’ত? সেয়া আমাৰ ধাৰণাত অতীজৰে পৰা চলি অহা পৰম্পৰা অব্যাহত ৰখাৰ ৰক্ষণশীল মনােভাৱ, তাৰ বাহিৰে একো নহয়। বিজ্ঞান মানসিকতাক গঢ় দিবলৈ সুবিধা থকা শিক্ষানুষ্ঠানতেই যদি অন্ধবিশ্বাস উলহ-মালহেৰে পালন কৰে, তেন্তে আমি ‘অন্ধবিশ্বাস’ক সমাজৰ পৰা নির্মূল কৰাৰ চিন্তা কৰাটো অলীক কল্পনা মাথােন।
বর্তমান সময়তাে আমাৰ সমাজৰ অধিকাংশ পৰিয়ালতে কেৱল ৰক্ষণশীল মনােভাৱৰ বাবেই অযুক্তিকৰ ৰীতি-নীতি পৰম্পৰা কিছুমানক পােহপাল দি ৰখা হৈ আছে। নাৰীকেন্দ্রিক পৰম্পৰা কিছুমান এই প্রসংগত উল্লেখযােগ্য। বর্তমান সময়তাে অসমৰ কিছুমান অঞ্চলত মাহেকীয়া হােৱা কেইদিন নাৰীক অস্পৃশ্যকৈ ৰখা হয়। সেই কেইদিন ৰজঃস্বলা নাৰীক শাৰীৰিক বিশ্রামৰ প্রয়ােজন, চাফ-চিকুণকৈ থকাটো প্রয়ােজন; কিন্তু তেওঁক একেবাৰে আছুতীয়াকৈ থৈ চাহ-ভাত দিওঁতেও হাতেৰে স্পর্শ নকৰাকৈ থকাটো অন্ধবিশ্বাস৷ আনকি দুৱাৰত আঁৰি থােৱা পৰ্দাখনো সেই কেইদিনত নাৰীগৰাকীক স্পর্শ কৰিবলৈ দিয়া নহয়, সেয়া একপ্রকাৰ মানসিক কষ্ট দিয়াহে কথা। মাহেকীয়াৰ নামত ছােৱালীক পঢ়াশালিলৈও যাবলৈ দিয়া নহয়। শিক্ষিত সমাজৰ মাজত, বিশেষকৈ চাকৰিয়াল নাৰীৰ ক্ষেত্ৰত এই পৰম্পৰাবােৰ কিছু শিথিল হৈছে যদিও উচ্চ শিক্ষাৰে শিক্ষিত কিছুমান পৰিয়ালতাে অতি ৰক্ষণশীলভাৱে এই পৰম্পৰাক আঁকোৱালি লৈ থকা দেখা গৈছে।
আমাৰ সমাজত থকা ‘নাপায়’, ‘নালাগে’ আদিবােৰৰ বেছিভাগেই অন্ধবিশ্বাস আৰু এইবােৰ বৰ্তি আছে মানুহৰ ৰক্ষণশীল মনােভাৱৰ বাবেই৷ যেনে— ‘মঙলবাৰ, শনিবাৰে নখ কাটিব, চুলি কটাব নাপায়’৷ কিন্তু কিয় নাপায় বা এই অন্ধবিশ্বাসৰ যুক্তি কি? উত্তৰ শূন্য। পুত্র সন্তানৰ জন্মবাৰত মাতৃয়ে, স্বামীৰ জন্মবাৰত পত্নীয়ে মূৰ ধূবলৈ নাপায় ৷ কিয়? কোনাে উত্তৰ নাই। পত্নীয়ে শিৰত দীঘলকৈ সেন্দুৰ ল’লে স্বামীৰ আয়ুস বাঢ়ে — কি অযুক্তিকৰ অন্ধবিশ্বাস! কাৰােবাৰ শিৰৰ এচিকুট সেন্দুৰতে অন্য এজন ব্যক্তিৰ আয়ুস বন্দী।
(৩) ধর্মভীৰু স্বভাৱ : ‘ধর্ম’ শব্দটোক সংকীর্ণ দৃষ্টিভংগীৰে সীমাৱদ্ধ কৰি ভীৰু স্বভাৱ গঢ় লৈ উঠাটোও বর্তমান বিজ্ঞানৰ যুগত অন্ধবিশ্বাস বৰ্তি থকাৰ এটা অন্যতম কাৰণ। আচলতে ধর্ম কি? সজ কাম বা আচাৰ। যি কৰ্মৰ দ্বাৰা অন্য দহজনৰ উপকাৰ হয়, সেয়াই ধর্ম। আমাৰ সমাজত শিশু এটাক সৰুৰে পৰা সজ কামৰ পৰিৱৰ্তে নেদেখাজনক বিভিন্ন নামেৰে উপাসনা কৰিবলৈ শিক্ষা দিয়া হয়, যাৰ বাবে শব্দটোৰ ক্ষেত্ৰত সংকীর্ণ ধাৰণা এটাই ঠাই দখল কৰে।
বিজ্ঞানৰ অন্যতম আৱিস্কাৰ ম’বাইল আজিকালি সকলােৰে হাতে-হাতে। ফেচবুক, ৱাটছএপ, টুইটাৰ, ইনষ্টাগ্রাম নকৰা মানুহৰ সংখ্যা আজি তেনেই নগণ্য। অতি হাস্যকৰ যে বিজ্ঞানে দিয়া অত্যাধুনিক যােগাযােগৰ মাধ্যম ফেচবুক, ৱাটচ্এপেৰেও মানুহে অন্ধবিশ্বাস বিয়পায়। আমাৰ প্রায় সকলােৰে এটা অভিজ্ঞতা আছে নিশ্চয় – কোনাে দেৱ-দেৱীৰ ফটো সংলগ্ন ঘটনা একোটা ভাইৰেল হৈ পৰে আৰু নির্দিষ্ট সময়সীমা (১০ ছেকেণ্ড, ২০ ছেকেণ্ড)ৰ ভিতৰত সেইটো নির্দিষ্ট সংখ্যক ব্যক্তিলৈ প্ৰেৰণ কৰিব লাগে৷ তেতিয়া হেনোা মনৰ আশা পূৰণ হয়! অন্ধবিশ্বাসত একেবাৰে অন্ধ হৈ একাংশ মানুহে সঁচাকৈয়ে সেইবােৰ শ্বেয়াৰ কৰে। কেইমাহমানৰ পূর্বে অদ্ভুত ধৰণৰ মুখায়বেৰে চাপৰ বুঢ়া এজনৰ ফটো ফেচবুকত খুউব ভাইৰেল হােৱা কথাটোও এই প্রসংগত উল্লেখ কৰিব পাৰি। ন্যস্তস্বার্থজনিত কাৰণত সময়ে সময়ে কোনাে দুষ্ট চক্রই হয়তাে তেনেবােৰ পােষ্ট কৰে আৰু অলপ ধতুৱা ধর্মভীৰুসকলে ভয়তে সেইবােৰ ভাইৰেল কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী-মার্চ মাহত সমগ্র বিশ্বৰ লগতে অসমতাে যেতিয়া কৰ’না মহামাৰীয়ে দেখা দিলে, তেতিয়াও অসমৰ ঠায়ে ঠায়ে অদ্ভুত শিশু জন্মি ‘মহামাৰীয়ে সর্বনাশ কৰিব বুলি’ ভৱিষ্যতবাণী কৰি মৃত্যু হােৱা বুলি যি উৰাবাতৰি চলিছিল, সেয়াও অন্ধবিশ্বাসৰ ফল। আনকি ফেচবুক, হােৱাটছএপৰ দৰে সামাজিক মাধ্যমত ফটো এডিট এপেৰে তেনে শিশুৰ ফটো বনাই ভাইৰেল পর্যন্ত হ’ল – এয়া বিজ্ঞানৰ যুগত ধর্মভীৰু মানুহৰ অন্ধবিশ্বাস।
শক্তিপূজাৰ নামত বলি বিধানৰ যি পৰম্পৰা চেগা-চোৰােকাকৈ আমাৰ সমাজত বর্তি আছে, সেয়াও অন্ধবিশ্বাস। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্রৱর্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে—“কুকুৰ শৃগাল গর্দভৰাে আত্মা ৰাম।।/জানিয়া সবাকো পৰি কৰিবা প্রণাম।।” তথাপি বর্তমান সময়তাে মানুহে চৰম স্বার্থপৰতাৰ পৰিচয় দি পৰিয়ালৰ কুশলার্থে মনােকামনা পূৰণার্থে অন্য জীৱ-জন্তু বলি বিধান দিয়ে। এটা জীৱ হত্যা কৰি নিজৰ কুশল কামনা – কিমান যুক্তিকৰ? অসমত লকডাউন চলি থকা সময়ত ওদালগুৰি জিলাৰ কলাইগাঁৱত নৰবলি’ৰ দৰে ঘটনা সংঘটিত হ’বলৈ ওলােৱা কথা নিশ্চয় সকলােৰে মনত আছে। ২০২১ চনৰ দুর্গাপূজাৰ সময়ত নাহৰকটীয়াত তিনিজনী মহিলাক বলি দিবলৈ ওলােৱা কথাটোও এই প্রসংগত উল্লেখ কৰিব পাৰি। শিৱসাগৰত ১৫ নৱেম্বৰ, ২০২০ ত নিজ পিতৃয়েও একেলগে পাঁচটা নাবালক সন্তানক কালী দেৱীৰ নামত বলি দিবলৈ ওলাইছিল। কোনাে ধৰ্মৰ লগত জড়িত দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ জীৱ-জন্তু বা মানুহ পর্যন্ত বলি দিবলৈ বিচৰাটো ধর্মভীৰু স্বভাৱৰ নিকৃষ্ট নিদর্শন। এই স্বভাৱে বিজ্ঞান মানসিকতাৰ পথত প্রধান অন্তৰায় হৈ দেখা দিয়ে। এইবােৰ কৰ্মই অন্ধবিশ্বাসক জীপ দি ৰখাত সহায় কৰে।
(৪) আত্মস্বার্থ পূৰণৰ বাবে আৰু হিংসা পূৰণৰ বাবে ছদ্মৱেশী অন্ধবিশ্বাসী লােক : এটা কথা অপ্রিয় সত্য যে আমাৰ সমাজত এচাম ছদ্মবেশী অন্ধবিশ্বাসী লােক আছে, যিয়ে মানুহৰ মাজত অন্ধবিশ্বাসক প্রচাৰিত কৰাটো জীৱিকা হিচাপে লৈছে। জনসাধাৰণৰ মাজত অন্ধবিশ্বাস যিমানেই গভীৰভাৱে শিপায়, এইচামৰ ব্যৱসায় সিমানেই ৰমৰমীয়া হয়। সন্ন্যাসী বেশেৰে মানুহৰ ভূত-ভৱিষ্যত সম্পর্কে বর্ণনা কৰা লােক আমি প্রায়েই দেখা পাওঁ, যিয়ে গ্রহদোষ খণ্ডনৰ কাৰণে মানুহক তাবিজ বা বিভিন্ন ধাতু ধাৰণৰ নির্দেশ দিয়ে আৰু সেইবােৰ বিক্ৰী কৰি নিজৰ মুনাফা আদায় কৰে। জ্যোতিষশাস্ত্ৰ আৰু জ্যোতির্বিজ্ঞানী সম্পর্কে আমাৰ মন্তব্য দিবলগীয়া নাই৷ কিয়নাে, সেই দিশত আমাৰ জ্ঞান শূন্য। কিন্তু নিজকে জ্যোতিষী বুলি পৰিচয় দি যিসকলে সর্বসাধাৰণক আভুৱা ভাৰি ব্যৱসায় চলাই আছে, তেওঁলােক কিন্তু বিজ্ঞানৰ যুগতাে অন্ধবিশ্বাস বৰ্তাই ৰখাৰ সক্রিয় মাধ্যম বুলি আমাৰ দৃঢ় ধাৰণা হয়। মানুহ যিমানেই এই দুষ্ট চক্ৰ কবলত পৰিব, সিমানেই অধিক অন্ধবিশ্বাসী হ’ব।
এতিয়াও আমাৰ সমাজত ডাইনী হত্যা, নৰবলিৰ দৰে যিবােৰ অপ্রিয় ঘটনা সংঘটিত হৈ আছে, তাৰ অন্তৰালত কাৰােবাৰ ঈর্ষা প্রশমন বা প্রতিশােধ পূৰণৰ আকাংক্ষা নাই বুলি আমি ন-দি ক’ব নােৱাৰাে। যিগৰাকী ব্যক্তিক ডাইনী বুলি সন্দেহ কৰা হয় বা নৰবলিৰ বাবে প্রস্তুত কৰা হয়, তেওঁৰ লগত কাৰ কি গােপন শত্রুতা আছে কোনে জানিব? গতিকে অন্ধবিশ্বাসৰ জৰিয়তে তেনে ব্যক্তিৰ ওপৰত পােতক তােলা সহজ হৈ পৰে। আমি ওপৰত উল্লেখ কৰা অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ঘটনাটোৰ অন্তৰালতাে কোনাে গােপন প্রতিশােধ পূৰণৰ অভিসন্ধি নাই বুলি আমি জানাে নিশ্চিতভাৱে ক’ব পাৰিম? কেইবছৰমান আগতে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰৰ আশে-পাশে মুণ্ডহীন শৰীৰ এটা উদ্ধাৰ হােৱাৰ কাহিনী নিশ্চয় আমাৰ সকলােৰে মনত আছে। আমাৰ মনত প্রশ্ন হয় সেই শৰীৰাংশ কামাখ্যা মন্দিৰৰ আশে-পাশে পেলাই থৈ হত্যাকাৰীয়ে সেয়া বলিৰ ৰূপ দিব বিচাৰিছিল নেকি? নহয় বুলি কোনােবাই একাষাৰে ক’ব পাৰিবনে?
দূৰদৰ্শনৰ জৰিয়তে প্রচাৰিত ধাৰাবাহিক কিছুমানেও সমাজত অন্ধবিশ্বাস বিয়পাই ৰখাত কম সহযােগ কৰা নাই! জনপ্রিয়তা অর্জনৰ স্বাৰ্থত সমাজৰ কথা চিন্তা নকৰাকৈ একাংশ ব্যক্তিগত চেনেলত তন্ত্র-মন্ত্র যাদুৰে ভৰা ধাৰাবাহিক কিছুমান প্রচাৰ কৰে৷ সেইবােৰ ৰহস্যধর্মী বিষয়বস্তুৰ প্রতি দর্শকৰ আগ্রহ অধিক আৰু তাকে চাই সেইচাম ধাৰাবাহিকৰ দর্শক বেছি অন্ধবিশ্বাসী হৈ পৰে। বিজ্ঞানে উদ্ভৱ কৰি দিয়া উন্নত মানৰ কেমেৰাৰ আগত শ্বুটিং কৰা ধাৰাবাহিক বিজ্ঞানে দিয়া LED TVত চাই মানুহ অন্ধবিশ্বাসৰ কবলত পৰি আছে। অর্থাৎ বিজ্ঞানতকৈ অন্ধবিশ্বাসৰ শক্তি বেছি যেন হৈছে।
সামৰণীঃ আমি জানাে যে মানুহৰ নৈতিক চৰিত্ৰ গঠনৰ বাবে কিছু পৰিমাণে আধ্যাত্মিকতাৰ প্রয়ােজন আছে। কিন্তু সেই আধ্যাত্মিকতা অন্ধবিশ্বাসত পৰিণত হ’বলৈ দিব নালাগে। শিশুক আধ্যাত্মিকতাতকৈ দয়া-মৰ্ম-মানৱতা সততা আদি মূল্যবােধৰ শিক্ষা দিয়াটোহে অধিক প্রয়ােজন। পৃথিৱীৰ সেইবােৰ দেশত য’ত বিজ্ঞানৰ নিতৌ নতুন আৱিস্কাৰ হৈ আছে, তাত কিমান বিশ্বকর্মা পূজা পাতে? পাতে নে নেপাতে? বিশ্ববিখ্যাত সাহিত্য যিয়ে সৃষ্টি কৰে — তেওঁ সৰস্বতী পূজে নে নুপূজে? নে জ্ঞানৰ প্রজ্ঞাৰ নিৰলস সাধনাৰে তেওঁলােকেই বিশ্বকর্মা বা সৰস্বতীত পৰিণত হয় – কোনে জানে!
শেষত এটা কথাই ক’ম যেতিয়ালৈকে মানুহে নিজৰ বিচাৰ-বিবেচনাৰে সকলাে দিশ চাবলৈ নিশিকে, তেতিয়ালৈকে সমাজত অন্ধবিশ্বাস বৰ্তি থাকিব। পৰম্পৰা বা ৰীতি-নীতিৰ অন্ধ অনুকৰণ বন্ধ নকৰিলে আমি সহজে মানি ল’ম যে পূর্ব জন্মৰ পাপৰ ফলতহে কৰ্কট ৰােগ হয়।
তথ্যসূত্র :(১) ২৯ ছেপ্তেম্বৰ, ২০২১ , news18assamnortheastnews
(২) ১৫ নবেম্বৰ, ২০২০ঃ https://www.pragnews.com
(৩) ১১ জুলাই, ২০১৯, #srvideos