বিবিধ চিন্তা

বিজ্ঞানৰ যুগতাে সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ-(প্রিয়াংশু প্রিয়ম অলব্যান)

(পঞ্চম যুক্তি দিৱস উপলক্ষ্যে পতা প্ৰৱন্ধ প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰ প্ৰাপ্ত প্ৰৱন্ধ)

টিক, টিক, টিক — জেঠীযে মাতটো মাতিল, লগালগ ওলাই গ’ল মুখৰ পৰা সইত (সত্য)- সইত- সইত অর্থাৎ ভাৱি থকা চিন্তাবােৰ বা পাতি থকা কথাবােৰৰ বিষয়বস্তু সত্য৷ ঠিক তেনেদৰে আজি মােৰ বাওঁ চকু লৰিছে, নিশ্চয় কিবা ভাল খবৰ এটা পাম! ঔ, আজিচোন শনিবাৰ, নখকেইটা দীঘল হৈছে যদিও কাটিব নােৱাৰি! ‘অ’, মইনা, চান্দা তুলিবলৈ আহিছে, এশ টকাটোৰ লগতে এটকা এটা দি দিবিচোন! শুন, চফ কেইটামান মুখত লৈহে দিবি!’, ‘কেঁচুৱাটোক বাৰু তহঁতি কাজলৰ ফোঁট এটা দিব পৰা নাইনে? চাচোন মুখেই লাগিব পাই মানুহৰ!’ — এনেধৰণৰ পৰিস্থিতিসমূহৰ লগত আমাৰ দৈনন্দিন জীৱন বাৰুকৈয়ে সাঙোৰ খাই আছে৷ হয়তো প্রত্যক্ষভাৱে এইসমূহৰ আমি একা একোটা উৎস নাইবা পৰােক্ষভাৱে এইসমূহ জীৱনৰ অভিজ্ঞতাৰ ডাযেৰীখনৰ একো একোটা চিনাকী সুৰ৷

বিৱৰ্তনৰ জৰিয়তে প্রথম আদিম মানুহ (Homo erectus), তাৰ পাছত আধুনিক বা চিন্তাশীল মানৱ (Homo sapiens) আৰু শেষত আহিছিল কাৰিকৰী মানৱ (Homo faber)। এই বিৱৰ্তনৰ প্রক্রিয়াতে মানুহে চিন্তাৰ ক্ষমতা লাভ কৰিছিল, লাভ কৰিছিল “গাঠনিকভাৱে বিৰােধসমর্থ বৃদ্ধাঙ্গুষ্ঠি”। বিৱৰ্তন প্রক্রিয়াত গাঠনিক পৰিৱৰ্তনৰ ফলত মানুহৰ হাতখনে নির্মাণ কৰাৰ বা পৰীক্ষামূলক কাম-কাজত লগাৰ যি সামর্থ গােটাইছিল, তাক সমাজ বিজ্ঞানীসকলে ‘বিৰােধসমর্থ বৃদ্ধাঙ্গুষ্ঠি বুলি কৈছে। অর্থাৎ, আনকেইটা আঙুলিৰ মুখামুখিকৈ বুঢ়া আঙুলি মানুহৰহে আছে, আন প্ৰাণীৰ নাই৷ মানুহৰ বৈজ্ঞানিক আৰু কাৰিকৰী উন্নতিৰ অন্তৰালতেই আছে বিৱৰ্তনৰ ফলত হােৱা এই পৰিৱৰ্তন বিলাক। এই বিৱৰ্তন প্রক্রিয়াতে সঞ্চিত হৈ আছিল অবিৰাম চিন্তা প্রক্রিয়াৰ সজল বীজ। সেই চিন্তা-বুদ্ধিৰেই মানুহে বিভিন্ন সময়ত প্ৰকৃতিৰ বিষ্ময়কৰ ৰহস্যসমূহ উদঘাটন কৰিবলৈ যত্ন কৰিছিল আৰু যিবােৰ ক্ষেত্ৰত বিফল হৈছিল অর্থাৎ তেওঁলােকৰ জ্ঞান-বিজ্ঞানৰ মাজতফাঁক দেখা পাইছিল, তাতেই বিভিন্ন দেৱতাকে ধৰি বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ জন্ম দিয়া হৈছিল। যাৰ বাবেই পৰম্পৰা বুলিযেই পশুবলি, নৰবলি, ডাইনী হত্যা, ভূমি-পূজা, নদী-পূজা, গ্রহ-পূজা, জ্যোতিষ আদিৰ দৰে অসংখ্য অন্ধবিশ্বাসসমূহ এচাম মানুহৰ মন-মগজুত আজিও বাৰুকৈযে খােপনি-পুতি আছে। প্রাচীন কালত মানুহে প্ৰকৃতিৰ বিষয়ে যিমানখিনি জানিছিল তাৰ হিচাপতেই চিন্তা-চৰ্চা কৰি কোৱা কথাবােৰ বা ধৰি লােৱা বিশ্বাসসমূহ সেইসময়ৰ বাবেহে শুদ্ধ আছিল। আধুনিক কালৰ নতুন তথ্যৰ আধাৰত সেইবােৰ ভুল প্রমাণিত হােৱাৰ পাছতাে কিন্তু তাকে যিসকলে খামুচি ধৰি থাকিব বিচাৰে সেইসকলেই অন্ধবিশ্বাসী। বিজ্ঞান-প্রযুক্তিৰ চমৎকাৰী অৱদানসমূহে বাহ্যিকভাৱে আধুনিকতাৰ সাজ-পাৰ পিন্ধিলেও, অন্ধবিশ্বাসত ডুব গৈ থকা আদিম মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ দেশৰ অগ্ৰগতিত বাধা প্রদান কৰি আহিছে। বিজ্ঞান-প্রযুক্তিৰ চমৎকাৰী আৱিষ্কাৰত ভেঁজাদি গঢ়ি উঠা বস্তুশাস্ত্র, ফেংচুই আদিৰ দৰে অন্ধবিশ্বাসসমূহত ‘কম্পিউটাৰ পদ্ধতি’ৰে কৰা গণনা প্রক্রিয়াত আকর্ষিত হৈ বৈজ্ঞানিক পদ্ধতিৰেই অন্ধবিশ্বাসৰ আশ্রয় লােৱা সমস্যা-জর্জৰিত মানুহৰাে অভাৱ নাই। তদুপৰি বিজ্ঞান-প্রযুক্তিৰ নতুন নতুন চমৎকাৰী অৱদানবােৰৰ দৰেই অন্ধবিশ্বাসীৰ বজাৰত নতুন নতুন বাবাজী-মাতাজীৰ আবিৰ্ভাৱ বৃদ্ধি পােৱা বিষয়টো অতিকৈ চিন্তনীয়। কিন্তু বিজ্ঞানৰ যুগতাে, শিক্ষিত সমাজৰ মাজতাে আজিও কিয় অন্ধবিশ্বাসৰ কলৰৱ আঁতৰা নাই সেইয়াহে গুৰুত্বপূর্ণ।

সৰুৰে পৰা মানুহ যি পৰিবেশত ডাঙৰ দীঘল হয়, সেই পৰিৱেশৰ প্ৰভাৱ এজন মানুহৰ গাত বাৰুকৈযে পৰে৷ যেনেকৈ ভাল মানুহৰ ঘৰত থকা ভাটৌটোৱে মানুহক ভালকৈ মাত বােল কৰিছিল, বেয়া মানুহৰ ঘৰৰ ভাটোটোৱে কটু কথা কৈছিল, তেনেকৈ এজন মানুহ বা শিশুটি অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে ভৰা পৰিৱেশ এটাত ডাঙৰ হ’লে স্বভাৱতে ইয়াৰ প্ৰভাৱ মানুহজনৰ গাত পৰিব৷ অর্থাৎ নিজৰ অগােচৰে শিশুটিৰ বা মানুহজনৰ মনত সেই অন্ধবিশ্বাস আৰু কুসংস্কাৰে বাহ ল’ব৷ ইয়াৰ কাৰণে মূলতঃ দায়ী কোন যদি চোৱা যায় , তেন্তে ঘাই শিপা ডাল ওলাব অভাৱৰ চাকনৈয়াত পৰা প্ৰকৃতিগত শিক্ষাৰ অভাৱ৷ বিখ্যাত সাহিত্যিক ডিম্বেশ্বৰ নেওগে তেওঁৰ এটি প্রবন্ধ ‘ ছাত্র জীৱন আৰু সমাজসেৱা ‘ত উল্লেখ কৰিছে যে, “কমাৰ শালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়৷ ছাত্রসকলে শালী ধানৰ বােকা মাটিত নেনামিব পাৰে, কিন্তু কঠিয়াতলিত হাল জুৰি চাব লাগিব, নহ’লে তেওঁলােকৰ কোনাে শিক্ষাই হব নােৱাৰে৷” কিন্তু বর্তমানৰ শিক্ষাত মুখস্থ বিদ্যাৰ সমাদৰ বেছি৷ পূর্বৰ তুলনাত এই পৃথিৱীত বিজ্ঞানৰ মহাবিদ্যালয় আৰু বিজ্ঞানৰ উচ্চডিগ্ৰীৰ অভাৱ নাই, অভাৱ কেৱল বিজ্ঞানমনস্কতাৰ৷ বিজ্ঞানমনস্কতা গঢ় দিয়াৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানৰ বাহিৰেও সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক পৰিবেশৰাে বহু অৰিহণা থাকে। কিন্তু বিজ্ঞানমনস্কতা প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ শাসক পক্ষৰ যি উদাসীন স্থিতি তাক শেহতীয়াকৈ ‘নমামি’ উৎসৱেই প্রমাণ কৰি দিলে। নমামিৰ দৰে বৃহৎ চৰকাৰী অনুষ্ঠান এটাত আন ৰাজ্যৰ পুৰােহিত আনি পূজা পতাতকৈ, দেশ-বিদেশৰ অভিজ্ঞ বিজ্ঞানী, অভিযন্ত্রাৰে এখন আলােচনা-চক্ৰৰ প্ৰয়ােজনীয়তাহে অধিক আছিল!! গতিকে কেৱল পূজা-অর্চনাক গুৰুত্ব দিয়া শাসকীয় পক্ষৰ পৰা বিজ্ঞানমনস্কতা প্ৰসাৰৰ বাবে আমি আৰু কি আশা কৰিব পাৰাে?

দ্বিতীয়তে, বর্তমান বিজ্ঞান-প্রযুক্তিৰ অভূতপূর্ব সফলতাৰ সমান্তৰালকৈ ধর্মীয় কাম-কাজো বৃদ্ধি পাইছে৷ সমাজৰ এচাম সুবিধাবাদী ব্যক্তিৰ ছত্ৰছায়াত ধর্মীয় বিশ্বাসৰ নামত বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ, সাম্প্রদায়িক সংঘর্ষ, শ্রেণী বিভাজন আদিয়ে শিপাই ধৰিছে। সাধাৰণতে আমি কিছুমান ধর্মীয় আবেগৰ লগত জড়িত কথাক সত্য প্রতিপন্ন কৰিবলৈ কিছুমান উদাহৰণ দাঙি ধৰোঁ; বিখ্যাত মানুহে বিশ্বাস কৰে বাবেই শুদ্ধ বা গৰিষ্ঠসংখ্যকে ভাবে বাবেই কথাটো শুদ্ধ বুলি প্রতিপন্ন কৰিবলৈ যত্ন কৰোঁ। কিন্তু বিখ্যাত, গুণী, জ্ঞানী মানুহে ক’লেই বা বিশ্বাস কৰিলেই একোটা সত্য প্রতিপন্ন হৈ নাযায়। তেনেধৰণৰ লােকসকলে সেইসময়ৰ জ্ঞানৰ আধাৰতে কিছুমান কথা কৈছিল বা বিশ্বাস কৰিছিল, যিবােৰ পাছৰ সময়ত আধুনিক প্রমাণে মিছা প্রমাণিত কৰিলে। যেনে— এৰিষ্টটল আছিল তেওঁৰ সময়ৰ (৩৮৪-৩২২ খ্রীষ্টপূর্ব) অতি বিখ্যাত ব্যক্তি৷ তেওঁ কৈছিল পৃথিৱী হৈছে বিশ্বব্রহ্মাণ্ডৰ কেন্দ্ৰ আৰু পৃথিৱীক কেন্দ্ৰ কৰি গ্রহ-নক্ষত্রসমূহ ঘূৰে। প্রায় ১৭০০ বছৰ ধৰি সেই ধাৰণাটো মানুহৰ মাজত জীয়াই আছিল৷ পাছত বিজ্ঞানৰ সূর্যকেন্দ্রিক ধাৰণাটোৱে ইয়াক মিছা প্রমাণিত কৰিলে। কিন্তু এই সোঁতৰ বিপৰীতে গৈ বিজ্ঞানৰ সত্যক মানি ল’বলৈ সকলােৰে মানসিকতা সদা প্রস্তুত নাখাকে। য’ত ধর্মীয় গােড়ামিও অন্যতম কাৰক৷ যাৰ কাৰণেই বহুতে বিজ্ঞানৰ সত্যসমূহক হৃদয়াংগম কৰিব নােৱাৰি আজিৰ তাৰিখতাে জ্যোতিষ, বাস্তুশাস্ত্র, তন্ত্র-মন্ত্র আদিৰ দৰে অন্ধবিশ্বাসৰ আশ্ৰয় লৈছে। তদুপৰি এই বিজ্ঞানৰ সত্যসমূহক যুক্তিসহকাৰে সমাজৰ আগত দাঙি ধৰিবলৈ যাওঁতে বিভিন্নজন ধর্মীয় ৰােষৰ বলি হ’বলগীয়া হৈছে।

ৰােমান পাইনে কৈছিল,”এজন ব্যক্তি মাটিৰ পৰা দ্রাক্ষালতা বা গছৰ দৰে বিকশিত নহয়, এজন ব্যক্তি কেইটাও ভূমিৰ অংশ নহয়। মানৱজাতিৰ ভৰি আছে যাতে ই ভ্ৰমণ কৰিব পাৰে।”কিন্তু আমাৰ মানুহবােৰ ভ্ৰমণৰ সময়ত ভৰি দুটা কিহৰ বান্ধোনত বান্ধ খাই যায় সেইটোহে কোৱা টান৷ ভ্রমণে মানুহৰ কুসংস্কাৰ, সংকীর্ণ মনােভাৱ দূৰ কৰে৷ ভ্রমণ হৈছে নতুন দেশ দেখা, নতুন লােকক লগ পােৱা, নতুন বস্তুৰ অভিজ্ঞতা, জীৱনৰ এক পৃথক দিশ শিকাআদি৷ চমুকৈ বিভিন্ন সংস্কৃতি, বিভিন্ন ভাষা, বিভিন্ন ৰাজনৈতিক পৰিৱেশ আৰু বিভিন্ন ইতিহাসক আঁকোৱালি লােৱাৰ এক প্রচেষ্টা। বেছি দূৰলৈ নগৈ, নিজকে প্রশ্ন কৰোঁ চোন— আমাৰ নিজৰ নিজৰ এলেকাৰ কেইজন বয়ােজ্যেষ্ঠ ব্যক্তি ভাৰতৰ/অসমৰ পাৰ হৈছে? আৰু সকলােতকৈ অন্ধবিশ্বাস মানি ৰখা কেইজনাে তেওঁলােকইে নহয় জানাে? অর্থাৎ ভ্ৰমণৰ অভাৱত মনৰ দিগন্ত প্ৰসাৰিত নােহােৱা জনসাধাৰণৰ অন্ধবিশ্বাসী হােৱা, কুসংস্কাৰ সাৱটি থকাৰ ইয়ো এক অন্যতম কাৰক।

নেতৃত্বস্থানীয় লােকে স্বার্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুণ্ঠাবােধ নকৰাৰ ফলতাে এচাম লােকে বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। তাৰ বিপৰীতে বৈজ্ঞানিক সত্য প্রতিষ্ঠা কৰিবগৈ ৰবীন্দ্ৰ নাথ ঠাকুৰ, মেঘনাদ সাহা, ডাঃ নৰেন্দ্র দাভােলকাৰ, পদ্মবিভূষণ প্রাপ্ত জয়ন্ত ভি. নার্লিকৰ, অসমৰ কুসংস্কাৰবিৰােধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে আমাৰ যুক্তিবাদী তথা বৈজ্ঞানিক মানসিকভাৰে চলা বহু ব্যক্তিত্বয়াে এচাম ৰক্ষণশীল সমাজৰ ঠাট্টা-বিদ্রুপৰ পৰা হাত সাৰি যােৱা নাই। অত্যন্ত পৰিতাপৰ বিষয় এই যে যােৱা কেইবছৰমানৰ আগতে মহাৰাষ্ট্রৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসী বিৰােধী আন্দোলনৰ পথপ্রদর্শক ডাঃ নৰেন্দ্র দাভােলকাৰ আৰু গােবিন্দ পানচাৰক গােড়া হিন্দুত্ববাদী এচাম ঘাতকে অতি নৃশংসভাৱে হত্যা কৰিছিল। তেওঁলোকৰ ‘অপৰাধ’ আছিল, মহাৰাষ্ট্রৰ উগ্র সাম্প্রদায়িকতা, জাত-পাতৰ প্ৰভেদ আদিৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰিছিল৷ কেৱল দাভােলকাৰ আৰু পানচাৰেই নহয়, ২০১৫ চনত কর্নাটকৰ যুক্তিবাদী চিন্তক তথা কুসংস্কাৰ-অন্ধবিশ্বাসবিৰােধী প্রবক্তা এম এম কালবাৰ্গীকো ফেচিবাদী কয়দাৰে হত্যা কৰা হৈছিল। এইদৰে ধৰ্মৰ নামত ৰক্ষণশীল সমাজৰ উন্মাদ এটা চক্রই বিজ্ঞানমনস্কতাৰ প্ৰচাৰ চলােৱা প্রগতিশীল-সংস্কাৰী মনিষীসকলৰ বিৰুদ্ধে ধাৰাবাহিক আক্রমণ চলাই আহিছে। সেযে হয়তো, সচেতনতাৰ পাঠ নাইবা বিজ্ঞান মানসিকতাৰ পাঠ পঢ়োৱা শিক্ষকৰ অভাৱ আজিও জনসাধাৰণে অনুভৱ কৰিছে।

শেষত ব্যক্তিগত দৃষ্টিকোণৰ পৰা আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে বিজ্ঞান যিমানেই আগ নাবাঢ়ক কিয়, এই সমাজৰ পৰা অন্ধবিশ্বাসৰ জৰীডাল গুচোৱাটো কঠিন। এটি উদাহৰণ আগবঢ়াব বিচাৰিছোঁ৷ ধৰি লওক, আজি আপােনাৰ আপােনজনৰ কঠিন ৰােগ৷ চিকিৎসকে হাত দাঙি দিলে। আপােনাক বন্ধু এজনে বাবা এজনৰ ঠিকনা দিলে আৰু সমস্যা সমাধানৰ সম্ভাবনাৰ বিষয়ে জনালে। এতিয়া প্রশ্ন আপােনালৈ — আপুনি এজন শিক্ষিত ব্যক্তিৰ দৰে বাবাজনৰ ওচৰলৈ নােযােৱাকৈ থাকিব নে? আপােনজনৰ মুখলৈ চাই ইমান দিনে অন্ধবিশ্বাসৰ বিপৰীতে কৈ অহা মতামত একাষৰীয়া কৰি বাবাজনৰ ওচৰলৈ যাব?

আৰু এক প্ৰসংগ এইখিনিতে উত্থাপন কৰিব পাৰি। বহুলােকে কয়, বিজ্ঞানৰ পােহৰ য’তেই পৰা নাই তাতেই অন্ধবিশ্বাসৰ জন্ম। কিন্তু মই কব বিচাৰোঁ, অধিকাংশ অন্ধবিশ্বাসৰ আঁৰত এক বিজ্ঞান জড়িত হৈ আছে৷ হয়তো কিছু অন্ধবিশ্বাসত বিজ্ঞানৰ পােহৰ পৰা বাবে আমি তাৰ বৈজ্ঞানিক বাখ্যা সমাজক দিব পাৰিছোঁ। অন্যহাতে এনে কিছু অন্ধবিশ্বাস আছে , যত এতিয়াও বিজ্ঞানৰ পােহৰ পৰা নাই৷ যাৰ ফলত আমি অর্থহীন বুলি ভাবি আছোঁ। শেষত কওঁ মানুহ শান্তিপ্রিয় প্রাণী, স্বাভাৱিকতে কল্পনাপ্ৰৱণ আৰু সপােনপিয়াসী। ইযেই হয়তাে বিজ্ঞানক চালিকা শক্তি৷ বিজ্ঞানাে এনে এক শক্তি, যি উপযুক্ত ব্যৱহাৰকাৰীৰ হাততহে পূর্ণতা পায়৷ অন্যথা ই যেন হৈ পৰে অভিশাপ স্বৰূপ! “বিজ্ঞান আমাৰ আশাৰ প্ৰদীপ হওক আৰু মানৱৰ বিবেক তথা সত্তাবোৰ সেই প্রদীপৰ ইন্ধন হওক।’’

তথ্য সূত্রঃ
১. কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুক্তিবাদী বিজ্ঞানমনস্কতা — ভার্গব বৰঠাকুৰ
২. কুসংস্কাৰ, অন্ধবিশ্বাস আৰু বিজ্ঞান –অম্লানিকা কলিতা
৩. অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা –পিকুমণি দেৱী ভূঞা

Leave a Reply

Your email address will not be published. Required fields are marked *