বিবিধ চিন্তা

বিপুল কুমাৰ দত্ত: শ্ৰদ্ধাৰ্ঘ ।। ড° বিনয় কুমাৰ মজুমদাৰ

মুক্ত চিন্তা ।। ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা

কবি বিপুল কুমাৰ দত্তৰ অকাল বিয়োগ অসমীয়া কবিতাৰ ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। নব্বৈৰ দশকৰ আদি ভাগতে অসমীয়া কাব্য ক্ষেত্ৰখনৰ স’তে জড়িত হৈ পৰা কবি বিপুল কুমাৰ দত্তই কবিতাৰ উপৰি গদ্য ৰচনাৰ যোগেদিও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া কবিতাৰ বিশেষকৈ কবিতাত প্ৰগতিশীল ধাৰা আৰু গণমুখী চিন্তা-চেতনাৰ প্ৰয়োগ তেওঁৰ কবিতাৰ এক উল্লেখনীয় বৈশিষ্ট্য আছিল। বিপুল কুমাৰ দত্তৰ কবিতা আছিল জীৱনৰ একবাৰে ওচৰ চপা কবিতা। তেওঁৰ কবিতাত মানুহ আৰু সমাজৰ দুখ-দুৰ্দশা উপৰি বহু কৰুণ ছবি অতি স্পষ্ট ৰূপত প্ৰকাশ পোৱা দেখা যায়। সৰ্বসাধাৰণে বুজি পোৱাকৈ লগতে বিশেষ কোনো কাব্য চাতুৰ্য্য প্ৰয়োগ নকৰাকৈ অতি সহজ সৰল বাক্য বিন্যাসেৰে কবিতা ৰচনা কৰাৰ যি কৌশল আৰু দক্ষতা সেই দক্ষতাৰে পৰিপূৰ্ণ আছিল বিপুল কুমাৰ দত্ত কবিতৰাজি। সাধাৰণ জনতাৰ কথা কবিতাৰ মাধ্যমেদি প্ৰকাশ কৰি জনতাৰ নিচেই কাষতেই নহয় হৃদয়ত স্থান পোৱা কবি বিপুল কুমাৰ দত্তই কবিতাত লোক জীৱনৰ লগতে লোক সাংস্কৃতিক উপাদান আৰু লোক-পৰম্পৰাৰ এক ব্যাপক প্ৰয়োগ আৰু সম্পৰীক্ষা কৰা দেখিবলৈ পোৱা যায়।
কবিতাক গণমুখী কৰাৰ ক্ষেত্ৰত তেওঁৰ হৃদয়ৰ তাগিদা এটা যে আছে সেই কথা তেওঁৰ বহুকেইটা কবিতাই দাঙি ধৰা দেখিবলৈ পাওঁ। মানুহৰ ওপৰত চলা শোষণ -বঞ্চনা আদি কথাবোৰক যথাযথভাবে কবিতাত তুলি ধৰিবলৈ তেওঁ সক্ষম হৈছিল। তৃতীয় বিশ্বৰ মানুহৰ অৰ্থনৈতিক -ৰাজনৈতিক শোষণৰ বিৰুদ্ধে তেওঁৰ কবিতা আছিল শানিত অস্ত্ৰ। মানুহক শোষণ -বঞ্চনাৰ পৰা মুক্তি দিয়াই আছিল তেওঁৰ কবিতা সৃষ্টিৰ মূল চালিকা শক্তি। মানুহৰ সমাজক‌ বাদ দি সাহিত্য কৰ্ম কৰাটো মূল্যহীন কৰ্ম বুলি বিচাৰ কৰি চোৱাটোৱেই যেন তেওঁৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য সেই কথা তেওঁৰ কেইটামান উল্লেখযোগ্য কবিতাৰ যোগেদি দাঙি ধৰিব পাৰোঁ। তেনে কবিতাবোৰৰ অন্তৰ্গত কবিতা কেইটামান হৈছে- মানুহৰ পদূলিত বিষন্ন গধূলি, সুখী মানুহ, বন কৰা ছোৱালী, ৰ’দ দি দি বৰষুণ ইত্যাদি। বন কৰা ছোৱালী কবিতাটোৰ জৰিয়তে তেওঁ অসমীয়া কাব্য জগতলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে সেই বৰঙণিৰ বাবেই তেওঁ অসমীয়া প্ৰগতিশীল কাব্য ধাৰাটোৰ অন্যতম কবি হিচাপে সমাদৃত আৰু চৰ্চিত হৈ থাকিব! কবি বিপুল কুমাৰ দত্তৰ চিন্তা আৰু কৰ্মই সদ্গতি পাওক সেই কামনাৰে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।

বিপুল কুমাৰ দত্তৰ দুটি কবিতাৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি

১) বাঁওফালৰ ফুটপাথ 

জন্মৰ দিন ধৰি
মই মোৰ বাঁওফালে অনুভৱ কৰি আহিছোঁ
এটা বিষ
মাজে সময়ে বিষটো সামান্য কমে
আৰু মই ভীষণভাবে আশাবাদী হৈ উঠো

মোৰ বাঁওফালৰ দুৰ্বলতাৰ গইনা লৈ
শত্রুসকলে মোক আঘাত কৰিছে বহুবাৰ
বাঁওফালৰ বিষ বৰ অসহনীয়
কাৰণ, সকলো মানুহৰ দৰে
মোৰো কলিজা আছে বাঁওফালে

প্রিয় তৃতীয় শ্ৰেণীৰ পদচাৰীবৃন্দ,
মই ৰাস্তাত খোজ দিবলে’ শিকোঁতেই
আইয়ে শিকাইছিল-
বাঁওফালেৰে বাট বুলিবি বোপাই
বাঁওফালেৰে বাট বুলিবি
বাঁওফালৰ খিড়িকীৰে আহে
গোলামিৰ টোপনি ভঙা
পুৱাৰ সোণালী, ৰাতিৰ ৰূপালী

প্রিয় তৃতীয় শ্ৰেণীৰ পদচাৰীবৃন্দ,
বাঁওফালৰ ফুটপাথত মানুহ বাঢ়িলে
মোৰ বিষটো সামান্য কমে
আৰু আপোনালোকৰ দৰে সুস্থতা মোৰো কাম্য
মোৰ দৰে সকলো তৃতীয় শ্রেণীৰ পদচাৰীৰ
একমাত্র বিপদমুক্ত বাট
বাঁওফালৰ ফুটপাথ
যদিও বাঁওফালৰ ফুটপাথত ‘মেনহল’ থাকে বেছি
অথবা ঈশ্বৰে বিপদৰ ঘণ্টা বজায় দিন-ৰাতি

প্রিয় তৃতীয় শ্ৰেণীৰ পদচাৰীবৃন্দ,
মোৰ কলিজাটোৰ দৰে
মোৰ প্ৰিয় পত্নীও সর্বক্ষণ থাকে মোৰ বাঁওফালে
যেনেদৰে চিটি বাছবোৰত নাৰীৰ সংৰক্ষিত
আসনবোৰ থাকে বাঁওফালে।
নাৰী পথাৰ, নাৰী নদী, নাৰী অৰণ্য, নাৰী সমস্ত
কাৰণ, নাৰীয়ে যাক পেটত পালন কৰে সি আমাৰ অহাকালি

প্রিয় তৃতীয় শ্ৰেণীৰ পদচাৰীবৃন্দ
মই মোৰ দেশ
আৰু আপোনালোক সেই দেশৰ নাগৰিক।।

২) মৎস্য চিকাৰ

কাইলৈ গোটেই দিন বৰশী বাম
মৰা নদীত
গোটেই দিন
মেটেকাৰ দলিচাত সুগোল ফুটা কৰি
পানীৰ পৃথিৱীলৈ কাটি লম বাট
পৃথিৱীৰ সকলোতকৈ নৃশংস মানুহজন হৈ
ইৰাকৰ দৰে ভাঙি চুৰমাৰ কৰিম
আমগছৰ আমৰলি বাহ
সযতনে কচুপাতত বান্ধি আনিম
এমা-ডিমা আমৰলিৰ শুধ বগা সন্তানবোৰ
তাৰেই তৈয়াৰ কৰিম
তাৰেই তৈয়াৰ কৰিম বৰশীৰ টোপ
কাইলৈ গোটেই দিন বৰশী বাম
মৰা নদীত
বানপিড়ীতৰ শিবিৰত চতিওৱা চিৰাৰ দৰে
মেটেকাৰ দলিচা কাটি কৰা সুগোল বাটত
পোনতে চতিয়াম বৰশীহীন টোপ
তৃতীয় বিশ্বৰ ভোকাতুৰ মানুহৰ দৰে
মৰা নদীৰ কাৱৈ মাগুৰ শ’ল শিঙিয়ে
ভিৰ কৰিবহি ঘূলিৰ চৌপাশত
বুৰবুৰণি আৰু পানীৰ ঢৌৱে
যেতিয়া জাননী দিব সময় সমাগত,
হয় তেতিয়াই,
বুকুত ষড়যন্ত্ৰ নামৰ বৰশী সোমোৱাই লোৱা টোপ
গোলকীয় বাটেৰে এৰি দিম পানীৰ পৃথিৱীলৈ
প্ৰলোভনৰ দাসত্ব স্বীকাৰ কৰা মাছবোৰে
ইটোৰ পিছত সিটোৱে আহি গিলিব টোপ
তাৰ পাছৰ সকলো কথা সকলোৱে জনা কথা
পানীৰ পৃথিৱী এৰাৰ বিষাদগাথা
কাইলৈ গোটেই দিন বৰশী বাম
মৰা নদীত
আবেলিৰ বজাৰত কাৱৈ মাগুৰ শ’ল শিঙিৰ চাহিদা
বিশ্ব বজাৰত খাৰুৱা তেলৰ দৰে
প্ৰতি তেজাল শ’লৰ ভজা টুকুৰাৰ মৰ্ মৰ্ শব্দ
ছাদ্দামৰ ডিঙিৰ হাড়ভঙা শব্দটোৰ দৰে
মৰ্ মৰ্ শব্দত জাগি উঠ্
মৰা নদীৰ মাছ
মৰ্ মৰ্ শব্দত ভাগি যা
মোৰ আমেৰিকা হৃদয় …..

 

Leave a Reply

Your email address will not be published. Required fields are marked *