কেন্দ্ৰীয় নিবন্ধনিবন্ধ

অসমীয়া-সমনীয়াৰ পৰা বনুৱা-সমনীয়ালৈ বিষ্ণুৰাভাৰ বৰ্ণিল যাত্ৰা ।। বৰ্ণালী বৰুৱা দাস

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

“ৰাভাই নো কি সংস্কৃতি কৰিছিল হে? সংস্কৃতি আৰু কিছুমান অসমীয়া শব্দৰ উৎপত্তি সম্পৰ্কে ৰাভাই অদ্ভূত ব্যাখ্যা ডাঙি ধৰিছিল মাথো—- তেওঁ য’তে ৰাতি ত’তে কাতি হোৱা মানুহ হে —- আমাৰ পিছে ঘৰ বাৰী আছে বাবেই ৰাভাৰ দৰে সংস্কৃতি কৰিব নোৱাৰিলোঁ‌। ৰাভাৰ শৰীৰৰ অবয়ব আছিল বিৰাট, —- সেয়ে তেওঁ মঞ্চত ওলাই গাটো লৰাই দিয়াতেই বহুতে নৃত্য প্ৰদৰ্শন কৰা বুলি ভাবিছিল;‌ প্ৰকৃততে ৰাভা প্ৰতিভাৰ কোনো স্থায়ীত্ব নাথাকিব—-”

বিষ্ণু ৰাভাৰ মৃত্যুৰ বাৰ বছৰৰ পাছত বিভিন্ন দৃষ্টিকোণৰ পৰা তেওঁৰ জীৱন আৰু কৃতিৰ আলোচনাৰ এক সংকলন প্ৰকাশৰ বাবে অসমৰ বহুকেইজন বিশিষ্ট লোকৰ ওচৰলৈ যাওঁতে তাৰ উদ্যোক্তাক এজন ‘কলাজ্ঞানী সমালোচক-সাহিত্যিকে’ এনেদৰে কৈছিল। কথাখিনি ‘সৈনিক শিল্পী বিষ্ণুৰাভা’ নামৰ সংকলনখনৰ মুখবন্ধত প্ৰকাশ কৰিছে  পৰমানন্দ মজুমদাৰে‌। তেতিয়ালৈকে বিষ্ণুৰাভাৰ ৰচনাৱলী প্ৰকাশ পোৱা নাছিল‌। বহেমিয়ান জীৱন জীয়া বিষ্ণুৰাভাৰ নানান ঠাইৰ পৰা উদ্ধাৰ হোৱা কিছু সংখ্যক সম্পূৰ্ণ অসম্পূৰ্ণ লেখা বুকুত বান্ধি প্ৰকাশৰ বাবে ওচৰ চপা তেখেতৰ পত্নীয়ে বিমুখ হৈ ঘূৰি আহিছিল অসম প্ৰকাশন পৰিষদৰ দুৱাৰমুখৰ পৰা‌। দৰ দামত প্ৰকাশন পৰিষদৰ হাতত তেতিয়া মাত্ৰ ৫০০০ টকাৰ অভাব হৈছিল‌। দেখাত বৰ্তমান পৰিস্থিতি উন্নত হৈছে‌। ‘ৰাভাই নো কি সংস্কৃতি কৰিছিল হে’ বোলা ‘কলাজ্ঞানী’জনেও হয়তো নিজৰ নাতি-পুতিক জাক-জমকীয়া বিষ্ণুৰাভা দিৱসৰ মঞ্চত ‘বিলতে হালিছে ধুনীয়া পদুমী’ গাবলৈ আগবঢ়াই দিছে‌। পিছে এই জাক-জমক ৰজাঘৰীয়া আয়োজনে যেন উদ্দেশ্য প্ৰণোদিতভাৱেই ‘কলাগুৰু’ ‘কলাগুৰু’ বুলি বিষ্ণুৰাভাক এজন বিশুদ্ধ নাচ-গানৰ মাষ্টৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছে‌। আৰু সেই চেষ্টাত সেইসকল যথেষ্ট পৰিমাণে সফলো হৈছে বুলিব পাৰি‌। কাৰণ আন নালাগে বহু আগশাৰীৰ লিখক সমালোচকেও ‘সুৰৰ দেউলৰ ৰূপৰ শিকলি’ খুলিবলৈ সুন্দৰ পূজাৰীক আহ্বান কৰা ৰাভাক স্বয়ং মন্দিৰৰ পূজাৰীয়েই সজাই পেলায়‌। ‘পৰজনমৰ শুভলগনত’ গীত লিখাৰ বাবে পৰজনমত বিশ্বাসী এজন পৰম ভাববাদী ভকত সজাই পেলাবলৈকো নেৰে‌।

প্ৰকৃততে ৰাভাৰ দৰে প্ৰকৃত শিল্পীৰ জীৱনত নিৰন্তৰ উত্তৰণ এটা স্বাভাৱিক প্ৰক্ৰিয়া‌। সেয়ে এনে শিল্পীৰ শিল্পৰ মূল্যায়নৰ বেলিকা কালানুক্ৰমিকভাৱে সকলোখিনি সৃষ্টিৰ সামগ্ৰিক বিশ্লেষণ প্ৰয়োজনীয়‌। পিছে ৰাভাৰ দৰে এজন শৃংখলহীন শিল্পীৰ সৃষ্টিৰ ক্ষেত্ৰত এইটো এটা অসম্ভৱ কথাৰ দৰে‌। কিয় অসম্ভৱ সেইটো চন্দ্ৰধৰ গোস্বামীয়ে লিখা এই কথাখিনিৰ পৰা অনুধাৱন কৰিব পাৰি—

“বিষ্ণু ককাইদেউৰ সৃষ্টিবোৰ আছিল বলিয়া বতাহৰ দৰে‌। কেতিয়া, ক’ত, কোন সময়ত তেখেতৰ অন্তৰত সৃষ্টিৰ প্ৰেৰণা আহে ক’ব নোৱাৰি‌। বিচনাত শোওঁতে, ৰে’লত যাওঁতে, কাৰবাৰ লগত কথা পাতি থাকোঁতে অথবা কিবা কাম কৰি থাকোঁতে আহিল প্ৰেৰণা‌। ওচৰতে যিহকে পালে পুৰণা খবৰ কাগজৰ টুকুৰা, চেনি বান্ধি অনা ঠোঙা তাতে মূৰ্ত হৈ উঠে তেখেতৰ ভাবৰাশি লিখনি আৰু তুলিৰ মাধ্যমেৰে‌। সঞ্চয়ৰ স্বভাৱ তেখেতৰ নাছিল‌। মৃত্যুৰ পিছত শটো দাহ কৰি পেলোৱাৰ দৰে তেখেতৰ সৃষ্টি সমাপ্ত হ’লেই সেই কাগজ তেখেতে সযতনে নাৰাখিছিল‌। সেয়ে তেখেতৰ বহু অমূল্য কবিতা গীত আদি নোহোৱা হ’ল‌।” (সৈনিক শিল্পী বিষ্ণুৰাভা, পৃ: ৪৬)‌।

গতিকে এই অসুবিধাক নেওচি হ’লেও ৰাভাৰ জীৱন আৰু কৰ্মৰ যিখিনি সমল পোৱা গৈছে তাৰ ভিত্তিতেই পূৰ্ণাংগ নহ’লেও বহুলাংশে কাষ ছপা ৰাভা-চিত্ৰ আঁকিব পৰা গৈছে‌। তাৰ ভিত্তিতেই সংগীতজ্ঞ ৰাভাক আমি বিচাৰ কৰি চাব পাৰোঁ‌।

সহজ-সৰল জনজাতীয় ৰূপ এটা ৰাভাৰ চৰিত্ৰত সদায়েই আছিল‌। সংগপ্ৰিয়তা আছিল তাৰ অন্যতম বৈশিষ্ট্য‌। সেয়েহে তেওঁ কোনো আপোন ভাবত বিভোৰ গণবিচ্ছিন্ন শিল্পী নাছিল‌। নিজকে বাৰে বাৰে ‘ৰাইজৰ হিয়াৰ আমঠু’ বুলি কৈ ভাল পোৱা মানুহৰ শিল্পী আছিল‌। সৰুতেই পিতৃ মাতৃক হেৰুৱাই নিঠৰুৱা হোৱাৰ বাবেই হওক বা জনজাতীয় সংগপ্ৰিয় ব্যক্তিত্বৰ বাবেই হওক প্ৰেম আৰু মৰম আকলুৱা ৰাভাই বৰ সুন্দৰ প্ৰেমৰ গীত ৰচনা কৰিব পাৰিছিল‌। উদাহৰণ ৰূপে আমি ‘নাহৰ ফুলে নুশুৱায়’ গীতটোৰ কথাই ক’ব পাৰোঁ‌।

নাহৰ ফুলে নুশুৱায়

তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱায়

কপৌ ফুলে শুৱাব‌।

কিহেৰে নো প্ৰেমিকাক সজাব তাকে লৈ কি উথপ-থপ‌! নাহৰেৰেই সজাওঁ নে তগৰেৰেই সজাওঁ‌! এনেকুৱা অৱস্থা যে নাহৰ, তগৰ, কপৌ একোৰেই নহয়, একেবাৰে মহাসাগৰ সিঁচি অনা সাত মাণিকৰ ধল, মেঘৰ বুকু ফালি চিঙি অনা বিজুলিৰ কোমল ফুললৈকো হেঁপাহ‌।

মহাসাগৰ সিঁচি আনিম

সাত মানিকৰে ধল

মেঘৰ বুকু ফালি চিঙিম

বিজুলিৰ ফুল কোমল‌।

এই দূৰ্দান্ত প্ৰেমিকজনে প্ৰেমাস্পদৰ বিয়োগত যেতিয়া আশা কৰে পৰজনমত এই জন্মৰ অপূৰ্ণ আশাবোৰ পূৰণ হোৱাৰ, তাত অস্বাভাৱিকতা নাথাকে‌।

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পূৰাবা নে প্ৰিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা‌।

পিছে পৰিতাপৰ কথা যে হৃদয়ৰ মৰ্মন্তুদ ব্যাথাৰ এইধৰণৰ প্ৰকাশক লৈ এচামে বিকৃত ব্যখ্যা কৰিবলৈ এৰা নাই‌। বহু সোঁ-পন্থী ব্যাখ্যাকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে আৰু আন কিছুলোকে অজ্ঞতাৱশত: বিষ্ণুৰাভাক এজন ইহজনম-পৰজনমত বিশ্বাসী পৰম ভাববাদী ব্যক্তি ৰূপে প্ৰতিস্থা কৰিব খোজে‌। গীত, কবিতা আদিত যে ‘ইহজনম-পৰজনম’, ‘পূজাৰী’, ‘তমোহৰ দেৱৰ পূজা’ আদি প্ৰতীকী ৰূপতো আহিব পাৰে, সেই কথা যেন তেওঁলোকে মানি ল’ব নোখোজে‌। এইসকল লোকে নিশ্চয় কবিৰ সুমনৰ ‘জাতিস্মৰ’ গীতটো শুনিলে তেওঁকো নিৰ্ঘাত এজন পূৰ্বজন্মত বিশ্বাসী মানুহ কৰিহে এৰিব‌।

সি যি নহওক, আগতেই কৈ আহিছোঁ যে ভাবাদৰ্শৰ নিৰন্তৰ উত্তৰণ আছিল বিষ্ণুৰাভাৰ জীৱনৰ এক স্বাভাৱিক শৈল্পিক প্ৰক্ৰিয়া‌। জীৱনৰ আৰম্ভণিৰ সময়চোৱাত শংকৰী গীত-মাত কাব্যৰ চৰ্চাৰেই সমৃদ্ধিশালী হোৱাৰ কল্পনা কৰিছিল—

কীৰ্ত্তন দশম নাম ঘোষা হওক আমাৰ শ‌ৌৰ্য

নাট-গীত-নাম-বৰগীত হওক ৰণৰ তুৰ্য‌।

সেই সময়ত অসমীয়া জাতীয়তাবাদী ভাবধাৰাই আছিল তেওঁৰ অন্তৰৰ ভাষা‌। সেয়েহে উদাত্ত কণ্ঠে তেওঁ আহ্বান কৰিছিল অসমীয়া হিচাপে হাতত হাত ধৰি আগবাঢ়ি যাবলৈ—

অসমীয়া সমনীয়া আগবাঢ়ি যাওঁ ব’ল ঐ

আগবাঢ়ি যাওঁ ব’ল‌।

জীৱনৰ প্ৰথম কালছোৱাত বিষ্ণু ৰাভা ভাববাদী‌য়েই আছিল। কিন্তু সংঘাত আৰু মাৰ্ক্সবাদ-লেনিনবাদৰ অধ্যয়নে তেখেতক ক্ৰমশ: বাস্তৱবাদী কৰি তুলিছিল‌। বিষ্ণু ৰাভাই চল্লিশৰ দশকৰ আৰম্ভতে আৰু পঞ্চাছৰ দশকৰ মাজ ভাগত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে‌। হেমাংগ বিশ্বাসে ক’বৰ দৰে “তেওঁৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ ইয়ে (মাৰ্ক্স অধ্যয়নে) আনিছে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা”‌। তাৰ পাছত আমৃত্যু তেওঁ সেই আদৰ্শৰ পৰা বিচ্যুত হোৱা নাছিল।

এখন শোষণহীন সমাজ গঢ়াৰ পথত ভৰি থৈ এইবাৰ তেওঁৰ গীতলৈ আহে আগতকৈও উদাত্ত আহ্বান‌। জাতি ধৰ্ম নিৰ্বিশেষে সকলো বনুৱাক এইবাৰ তেওঁ সম্বোধন কৰে সমনীয়া বুলি আৰু আকুণ্ঠ চিত্তে ধনী-জমিদাৰসকলক শতৰু বুলি চিনাক্ত কৰে —

ব’ল ব’ল ব’ল কৃষক শক্তিদল

অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল‌।

—————

শতৰু সৌ চৌপাশে ৰয় ধনী জমিদাৰ

শোহে কলিজাৰ ৰঙা তেজ প্ৰজা দুখীয়াৰ‌।

এই শতৰুৰ কোনো জাতি নাই‌। সেই কথা তেওঁ বুজাবলৈকে যেন অহোপুৰুষাৰ্থ কৰিছিল‌। ধনী জমিদাৰ, হাকিম, পুঁজিপতি, চাহ-বাগিচাৰ মালিক আদি অসমীয়া নহয় আৰু ভাৰতৰ নাগৰিকো নহয়‌। পৃথিৱীৰ আন আন দেশৰ সেই একে শোষক সম্প্ৰদায়ৰ তেওঁলোক, যাৰ জাতি নাই, দেশ নাই, কেৱল সুবিধাবাদী, মুনাফাখোৰ, চোৰাংবজাৰী‌। “এই নিস্পেষিত, নিৰ্যাতিত, নিপীড়িত দুখীয়া অসমীয়াক বচাব হ’লে, বচাব লাগিব বিপ্লৱৰ মাজেদি সেই ধনীসকলৰ বিপক্ষে যুঁজি, যি ধনীৰ কোনো জাতি নাই, সমাজ নাই, ধৰ্ম নাই—” (অসমীয়া কৃষ্টি)

গীতৰ ভাষাৰ ক্ষেত্ৰত থলুৱা নিভাজ শব্দৰ ব্যৱহাৰো ৰাভাৰ গীতৰ এটা বৈশিষ্ট্য‌। অৱশ্যে কেৱল গীতেই নহয়, সমাজবাদৰ তাত্ত্বিক কথাবোৰো অতি সহজ-সৰল ভাষাত প্ৰকাশ কৰাৰ ক্ষমতা আছিল তেওঁৰ‌। আৰু এইটো সম্ভৱ হৈছিল দূৰৰ পৰা ভুমুকি মাৰি মানুহৰ জীৱন চোৱাতকৈ তেওঁ সকলো মানুহকে নিৰ্দ্বিধাই একাত্ম কৰি ল’ব পৰা ক্ষমতাৰ বাবে। সেয়েহে সাধাৰণ মানুহৰ মুখৰ ভাষাৰেই তেওঁ সকলো কথা প্ৰকাশ কৰিব পাৰিছিল‌।

গীতৰ কথাংশৰ স’তে সুন্দৰ সামঞ্জস্য থকা সুৰেৰে ৰাভাৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অন্তৰ জয় কৰিব পাৰিছিল‌। গীতৰ সুৰৰ ক্ষেত্ৰত তেওঁ কিমান মনোযোগী গৱেষক আছিল তাক জানিবলৈ তেওঁ জ্যোতিপ্ৰসাদৰ গীতৰ সুৰৰ বিষয়ে লিখা স্মৃতিচাৰণমূলক লেখাটোৰ পৰাই কিছু উদ্ধৃত কৰিব খুজিছোঁ—-

“—- সুৰবোৰ শুনি ভাবোঁ, চিন্তো, গুণোঁ,গুথোঁ‌। শোণিত কুৱঁৰী যুগৰ গীত-ৰাগ সঞ্চাৰতকৈ এইবোৰৰ ৰাগ-সুৰ সহৃদয়ত বেলেগ যেন লাগে‌। সুৰ লানি নিচিগাকৈ গৈ থাকে‌। গানৰ এশাৰী য’ত ৰয়, তাৰে পৰা আকৌ খোপনি পুতি আন শাৰী আগুৱায়, চিঙি নাযায়‌। যেনে ‘কাৰেঙৰ লিগিৰী’ৰ সেই ৰুণুক, ঝুনুক, থুনুকে গোৱা গীত ফাকি – ‘বনৰীয়া আমি বনৰ চৰাই, বনে বনে ফুৰোঁ অনাই বনাই – গান্ধাৰৰ পৰা পাতনি মেলি সুৰ বগাই পহিলা শাৰীৰ সামৰণি পৰে, গান্ধাৰত খোপনি পোতে‌, সেই গান্ধাৰেদি জখলা বগাই ‘অনাই বনাই বনে বনে ফুৰোঁ অনাই বনাই’—গান্ধাৰৰ পৰা পাতনি মেলি সুৰ বগাই পহিলা শাৰীৰ সামৰণি পৰে ধৈৱতত চৰাইৰ ই টোত, সেই ধৈৱতৰ পৰাই দুচৰা শাৰীৰ ‘বনে বনে’ৰ ব টো গান্ধাৰত খোপনি পোতে‌। সেই গান্ধাৰেদি জখলা বগাই অনাই-বনাই-ৰ অ-টো পঞ্চমৰ পৰা ছোপ লয়, তিচৰা শাৰীৰ অনাই-বনাই-ৰ অ টো পঞ্চমৰ পৰা খোজ লৈ মুদাৰাৰ সা-ত উশাহ লয়—–” ( জ্যোতিৰ জেউতি)

এই কথা কোৱা বাহুল্য যে জনপ্ৰিয় লঘূ সংগীতৰ সুৰৰ এনেধৰণৰ চিৰিয়াচ বিশ্লেষণ আজিৰ দিনতো পাবলৈ নাই‌। আনকি ‘জ্যোতি সংগীত’ আৰু ‘বিষ্ণু ৰাভাৰ গীত’ৰ ৰেকৰ্ডিং কৰি প্ৰচাৰৰ কাম হাতত লৈ প্ৰায় অথৰিটিৰ দৰে হৈ পৰা প্ৰযোজক বা পৰিচালকেও যে সেইবোৰৰ সুৰৰ বিশেষ অধ্যয়ন কৰিছে তেনে যেন নালাগে‌। জনপ্ৰিয় শিল্পীৰ কণ্ঠেৰে নিগৰা তেনে এটি গীতৰ কথা আগতেও কাগজে পত্ৰই উল্লেখ কৰিছিলো‌। ‘জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে’ এই গীতটি ‘জ্যোতিসংগীত’ৰূপেই বহুতে আদৰি লোৱা দেখি আহিছো‌ঁ। পিছে গীতটোৰ সুৰটো মন দি শুনিলে এটা নে দুটা শাৰীৰ বাহিৰে বাকীখিনিত জ্যোতিৰ সুৰৰ চানেকী ৰক্ষা পৰা নাই‌। অথচ গীতটো যিহেতু গাইছে জুবিন গাৰ্গে, আৰু কেছেটত লিখাও আছে ‘জ্যোতি সংগীত’ বুলি গতিকে সিমানখিনি ভাবিবলৈ আমাৰ সময় নাই‌। জ্যোতি প্ৰসাদে লিখা গীত বা কবিতা যিবোৰত তেওঁ নিজে সুৰ দি থৈ যোৱা নাছিল, সেইবোৰ সুৰেৰে সজোৱাটো একো অপৰাধ হ’ব নোৱাৰে‌। ৰমেন বৰুৱা আৰু হেমাংগ বিশ্বাসে সেই কাম কৰিছেও‌। পিছে সেইখিনি কাম কৰিবলৈ জ্যোতিৰ সুৰৰ ওপৰত নিশ্চয় কিছু অধ্যয়নৰ দৰকাৰ‌। লগতে সেইটো যে জ্যোতি প্ৰসাদৰ নিজা সুৰ নহয়, সেইটো উল্লেখ কৰাও প্ৰয়োজন‌। এই কথাখিনি পাঠকৰ বাবে অপ্ৰাসংগিক যেন লাগিব পাৰে, কিন্তু সাম্প্ৰতিক সময়ত বিষ্ণুৰাভাৰ গীতৰো সেইধৰণৰ আৰোপিত সুৰক বিষ্ণুৰাভাৰ গীত বুলি শ্ৰোতাক আভুৱা ভাৰি আছে নেকি সেই কথাত কিছু সজাগতা আশা কৰিহে এইখিনি কথা লিখিব লগা হ’ল‌। আৰু সেই সজাগতা আহিব বিষ্ণুৰাভাই জ্যোতি প্ৰসাদৰ সুৰৰ যিধৰণৰ বিশ্লেষণ কৰিছিল, তেনেধৰণৰ একাগ্ৰ বিশ্লেষণৰ দ্বাৰাহে‌।

সৰ্বশেষত এই কথাকেই দোহাৰোঁ যে ৰাভাৰ দৰে বহুধা বিভক্ত বিৰল প্ৰতিভাধৰ ব্যক্তিৰ কৰ্মজীৱন আৰু শিল্প প্ৰতিভাৰ ন-ন বিশ্লেষণ হওক‌।  সোঁ-পন্থী সুবিধাবাদীয়ে ‘কলাগুৰু’ ৰূপ দিয়াৰ প্ৰতিমুখে গঢ়ি উঠা দলীয় বামপন্থীৰ একদেশদৰ্শী ‘বীৰপূজা’ও সঠিক নহয়‌। ভুলে শুদ্ধই ভৰা ৰাভা প্ৰতিভা আৰু আদৰ্শৰ নিৰ্মোহ বিশ্লেষণেহে আমাক প্ৰকৃত পথৰ সন্ধান দিব‌।

Leave a Reply

Your email address will not be published. Required fields are marked *