নিবন্ধশিল্প-কলা-সংস্কৃতি

বব ডিলান: এক সংক্ষিপ্ত অৱলোকন।। নৱজ্যোতি বৰগোহাঁই

 মুক্ত চিন্তা।। একাদশ বছৰ।। ১ম সংখ্যা

আগকথা :

বব ডিলান, আমেৰিকাৰ এজন কিংবদন্তি সংগীত শিল্পী, গীতিকাৰ আৰু কবি, চিত্ৰ শিল্পী যাক বিংশ শতিকাৰ বিশ্বৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়। ১৯৬০ৰ দশকৰ গ্রীণউইচ ভিলেজৰ লোকসংগীতৰ দৃশ্যপটৰ উত্থানৰ পৰা তেওঁৰ সংগীত জীৱন আৰম্ভ হয়, য’ত তেওঁৰ ‘Blowin’ in the Wind’ আৰু ‘The Times They Are A-Changin’ৰ দৰে গীতে ৬০ৰ দশকৰ নাগৰিক অধিকাৰ আৰু যুদ্ধবিৰোধী আন্দোলনৰ সংগীত (Anthem) হৈ পৰে। ডিলানৰ গীতৰ কাব্যিক গভীৰতা, সামাজিক মন্তব্য, প্ৰতিবাদী চৰিত্ৰ আৰু সংগীতৰ বিভিন্ন ধাৰা—লোকগীত, ৰক, ব্লুজ, গস্পেল —আদিৰ সংমিশ্ৰণে তেওঁক এক অনন্য শিল্পী হিচাবে গঢ়ি তুলিছে, আৰু তেওঁ বহু গীতৰ বাবে একোটা “প্ৰজন্মৰ কণ্ঠ” (“Voice of a Generation”) হৈ উঠিছে।

বব ডিলান সন্দেহাতীতভাৱে বিশ্বৰ সংগীত জগতত এটি প্ৰপঞ্চ (Phenomenon)। তেওঁ এনে এক ব্যক্তিত্ব যাৰ সৃষ্টিৰাজি আৰু প্ৰভাৱে সংগীতৰ ধাৰা, প্ৰজন্ম আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰিছে। তেওঁৰ বিপ্লৱী গীতি সাহিত্য, স্বতন্ত্ৰ অগতানুগতিক কণ্ঠ, অবিৰত পুনৰাৱিষ্কাৰ— এইবোৰ বিশ্বৰ সাংস্কৃতিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত একধৰণৰ চালিকা শক্তি হিচাবে পৰিগণিত হৈছে।

কি আছে ডিলানৰ এই সঙ্গীতত? ইয়াৰ তাৎপৰ্য কি? ইত্যাদি কিছু কথাৰ প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰাই এই লেখাৰ উদ্দেশ্য।

আশাকৰোঁ এই অসাধাৰণ ডিলান পৰিঘটনাৰ সংক্ষিপ্ত অনুসন্ধান আৰু বিশ্লেষণে পাঠকক চিন্তাৰ খোৰাক যোগাব।

ক্ষমা প্ৰাৰ্থনাৰে ব্যক্তিগত দুৱাষাৰ

আজিৰ পৰা ভালে কিছু বছৰ আগতে ইঞ্জনিয়াৰিং কলেজত পঢ়ি থাকোঁতে ছাত্ৰাবাসত প্ৰথম বব ডিলানৰ নাম আৰু দুই এটি গীত শুনিছিলোঁ যদিও ইংৰাজী গীতৰ প্ৰতি বিশেষ আগ্ৰহ নথকাৰ বাবে বিষয়টোৱে সেইসময়ত একেবাৰেই গুৰুত্ব নাপালে। তাৰ বহুত পাছত যেতিয়া সংগীত বিষয়টো মোৰ বাবে কেৱল মনোৰঞ্জনৰ বিষয় হৈ নাথাকিল, জীৱন আৰু জগতক বুজাৰ, বিভিন্ন দ্বন্দ-বাধা অতিক্ৰম কৰি আগুৱাই যোৱাৰ আহিলা হিচাবে চিহ্নিত হ’ল, সংগীতক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ, সেই যাত্ৰা পথত পুনৰ বব ডিলানক লগ পালোঁ। এইবাৰ কিন্তু ডিলানৰ আৱিষ্কাৰ মোৰ বাবে আছিল সংগীত বিষয়ৰ পাহৰিব নোৱৰা এক  ঘটনা। অদ্ভূত গায়ন শৈলী, গভীৰ অন্বেষণ সম্বলিত গীতৰ কথা অথচ অতি সৰল বাক্য বিন্যাস! গীতবোৰ শুনি কৌতুহল হৈছিল, বহু প্ৰশ্ন হৈছিল কি ক’ব বিচাৰিছে এই গীতবোৰত?

বব ডিলান বিষয়ক এই লেখাটি মূলতঃ তেওঁৰ সাংস্কৃতিক অৱদান আৰু সৃষ্টিৰাজিৰ সম্পৰ্কত এটি চমু আভাস দাঙি ধৰাৰ আন্তৰিক প্ৰয়াস। ই এটা বিশাল বিষয়। এইটো আমাৰ এটা বৃহৎ প্ৰকল্পৰ জুমুঠি বুলিব পাৰি।

বব ডিলান : শিল্পী নিৰ্মাণৰ নেপথ্যত

বব ডিলান, সম্পূৰ্ণ নাম ৰবাৰ্ট এলেন জিমাৰমেন। ১৯৪১ চনৰ ২৪ মে’ত আমেৰিকাৰ মিনেছ’টৰ ডুলুথ চহৰৰ এটি মধ্যবিত্ত ইহুদী পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। পিতৃ আব্ৰাহাম জিমাৰমেন আছিল এখন যন্ত্ৰপাতিৰ দোকানৰ দোকানী আৰু মাতৃ বিট্ৰিচ “বিটি” ষ্ট’ন (Beatrice “Beatty” Stone) এগৰাকী সাধাৰণ গৃহিণী। ডিলানৰ ছয় বছৰ বয়সত পিতৃ প’লিঅ’ ৰোগত আক্ৰান্ত হয়, যাৰ ফলত পৰিয়ালটো মিনেছ’টাৰ হিবিঙলৈ (Hibbing) স্থানান্তৰিত হয়। হিবিং হৈছে এখন ক্ষুদ্ৰ খনিজ উদ্যোগৰ চহৰ। ইয়াত বিৰাজ কৰা শ্ৰমিক শ্ৰেণীৰ ভিন্ন সাংস্কৃতিক পৰিৱেশে ডিলানৰ শৈশৱ আৰু কৈশোৰত গভীৰ প্ৰভাৱ পেলাইছিল। সেই সময়ত এই লৌহ খনি উদ্যোগটোত কৰ্মৰত ইহুদী, ইটালীয় আৰু পূৰ্ব ইউৰোপীয় প্ৰব্ৰজিত শ্ৰমিকৰ সংস্কৃতিক মিশ্ৰণত সৃষ্টি হোৱা লোকসংগীত আৰু কাণ্ট্ৰী সংগীতৰ দৰে বিভিন্ন সংগীত পৰম্পৰাৰ সংস্পৰ্শলৈ তেওঁ আহে। যিবোৰ সাধাৰণতে স্থানীয় ৰেডিঅ’ ষ্টেচনত সঘনাই প্ৰচাৰিত হৈছিল। সেই কৈশোৰ সময়ছোৱাতেই তেওঁ হেংক উইলিয়ামছ (Hank Williams)ৰ সৰল আবেগময় সংগীত আৰু আমেৰিকাৰ লোকসংগীতৰ নায়ক উডি গাথ্ৰিৰ (Woody Guthrie) লোকগীতৰ আধাৰত সৃষ্ট গল্পভিত্তিক (storytelling) গীতৰ প্ৰতি আকৰ্ষিত হৈছিল। এই শিল্পী সকলৰ সৃষ্টিৰাজিৰ প্ৰভাৱত পাৰ কৰা কৈশোৰ সময়খিনিয়েই ডিলানৰ পাছৰ পৈণত জীৱনৰ সবল সংগীত সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। ডিলানে কৈছে— “I started writing songs after I heard Hank Williams.”

ডিলানৰ প্ৰথম এলবাম ‘Bob Dylan’ ত এটি গীত আছিল ‘Song to Woody’। ডিলানৰ এই গীতটো জীৱনৰ প্ৰথম এলবামৰ ১৩ টি গীতৰ মাজৰ নিজে ৰচনা কৰা দুটি গীতৰ এটি। ডিলানৰ গীতৰ প্ৰাৰম্ভিক শৈলীক বহু পৰিমাণে প্ৰভাৱিত কৰা কিংবদন্তি আমেৰিকান লোকগায়ক আৰু ৰাজনৈতিক বেলাড ৰচক উডি গাথ্ৰিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি হিচাপেই এই গীত ডিলানে ৰচনা কৰিছিল। গাথ্ৰি আছিল ডিলানৰ শিল্পী জীৱনৰ অন্যতম নায়ক। ১৯৬১ চনত নিউয়ৰ্কত প্ৰথম উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে ডিলানে তেওঁক চিকিৎসালয়ত লগ কৰি এই গীত গাই শুনাইছিল। গুৰুৰ প্ৰতি কি অসাধাৰণ শ্ৰদ্ধাঞ্জলি! উডি গাথ্ৰিৰ সম্পৰ্কত ডিলানে কৈছে -“You could listen to Woody Guthrie songs and actually learn how to live.”

মূলতঃ চল্লিছৰ দশকত এখন ঔদ্যোগিক চহৰৰ শ্ৰমিক শ্ৰেণীৰ সাংস্কৃতিক পৰিমণ্ডলত ডিলানৰ শৈশৱ, কৈশোৰ গঢ় লৈছিল। ডিলানে  এঠাইত কৈছে –

“The town I grew up in is the one

that has left me with my legacy visions.”

লাজুক আৰু কল্পনাপ্ৰৱণ শিশু ডিলানে সংগীত আৰু কবিতাত আনন্দ বিচাৰি পাইছিল। কৈশোৰ কালতেই তেওঁ নিজে নিজে পিয়ানো আৰু গীটাৰ শিকিছিল আৰু হাইস্কুলত গ’ল্ডেন কৰ্ডছ (Golden Chords)ৰ দৰে বেণ্ড গঠন কৰিছিল, য’ত তেওঁ লিটিল ৰিচাৰ্ড (Little Richard) আৰু এলভিছ প্ৰেছলি (Elvis Presley)ৰ গীতৰ কভাৰ পৰিৱেশন কৰিছিল। ডিলানৰ একধৰণৰ বিদ্ৰোহী স্বভাৱ সৰুৰে পৰাই প্ৰকাশ পাইছিল। হিবিং চহৰৰ একঘেয়ামী জীৱনধাৰাক তেওঁ অস্বীকাৰ কৰিছিল আৰু প্ৰায়ে ঘৰত গম নোপোৱাকৈ মনে মনে লুকাচুৰিকৈ ৰাতি ৰেডিঅ’ শুনিবলৈ বা স্থানীয় থিয়েটাৰত চিনেমা চাবলৈ তেওঁ ওলাই গৈছিল।

তেওঁৰ শৈশৱ আছিল অস্থিৰতাৰে ভৰা, একধৰণৰ প্ৰতিষ্ঠান বিৰোধী ভাবেৰে আক্ৰান্ত। হিবিঙত নিজকে বাহিৰৰ মানুহৰ দৰে অনুভৱ কৰিছিল ডিলানে! তেনে পৰিস্থিতিত বৃহত্তৰ জগতৰ বাবে মনটো যেন হাহাকাৰ কৰি উঠিছিল। হাইস্কুলৰ শিক্ষা শেষ কৰি স্নাতক হোৱাৰ পিছত তেওঁ মিনেছ’টা বিশ্ববিদ্যালয়ত কিছুদিন পঢ়িছিল, কিন্তু সংগীতৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ বাবে পঢ়া এৰি ১৯৬০ চনত নিউয়ৰ্ক চহৰলৈ গুচি গৈছিল, য’ত তেওঁ আমেৰিকাৰ লোকসংগীতৰ জনক তেওঁৰ আদৰ্শৰ প্ৰতিমূৰ্তি উডি গাথ্ৰিৰ ওচৰত সংগীতৰ তালিম লোৱাৰ সপোন দেখিছিল। ১৯৬৩ চনৰ চিকাগোৰ এটা ৰেডিঅ’ সাক্ষাৎকাৰত বব ডিলানৰ প্ৰতি এটা প্ৰশ্ন আছিল –

Woody Guthrie, is he a factor in your life? উত্তৰত ডিলানে কৈছিল – Oh yeah. Woody is a big factor. I feel lucky just to know Woody. I’d heard of Woody, I knew of Woody…” এই উত্তৰৰ পৰাই স্পষ্ট হৈ পৰে ডিলানৰ উপৰত উদিৰ প্ৰভাৱ। শ্ৰমিক শ্ৰেণী, সামাজিক অবিচাৰ আৰু আমেৰিকাৰ জনজীৱনৰ বিষয়ে উডি গাথ্ৰিৰ গল্পভিত্তিক গীত, যেনে “This Land Is Your Land”, ডিলানৰ ‘Blowin’ in the Wind’ৰ দৰে প্ৰতিবাদী গীতৰ প্ৰেৰণা আছিল। ডিলানে গাথ্ৰিৰ আত্মজীৱনী Bound for Glory অধ্যয়ন কৰিছিল আৰু তেওঁৰ কেঁচা (raw) গল্পকথন শৈলী তেওঁৰ প্ৰাৰম্ভিক কেৰিয়াৰত বিশেষভাৱে অনুকৰণ কৰিছিল। এই অস্থিৰ, সংগীতপ্ৰিয় শৈশৱেই তেওঁৰ পৰিৱৰ্তনশীল কেৰিয়াৰৰ ভেটি গঢ়ি তুলিছিল।

সৰুৰে পৰাই ডিলান এজন অতি আগ্ৰহী তথা মনোযোগী পাঠক আছিল। গ্ৰন্থ তেওঁৰ বাবে জীৱন অন্বেষণৰ আহিলা। বব ডিলানৰ গীত ৰচনা আৰু শিল্পীসুলভ ব্যক্তিত্ব বহু প্ৰভাৱশালী লেখকৰ কামৰ দ্বাৰা গভীৰভাৱে গঢ় লৈছিল, যিসকলৰ ৰচনাই তেওঁৰ কাব্যিক শৈলী, বিষয়বস্তুৰ গভীৰতা আৰু বিদ্ৰোহী মনোভাবক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। ডিলান থমাছ (Dylan Thomas)ৰ কবিতা— যাৰ নামৰ পৰাই তেওঁ বব ডিলান নাম লৈছিল— Woody Guthrie, Allen Ginsberg, Jack Kerouac, William Blake, Robert Johnson, Bertolt Brecht, Herman Melville আৰু Walt Whitman আদি লেখকৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছিল আৰু আগবয়সতেই তেওঁলোকৰ সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

ব্লুজ সংগীতজ্ঞ ৰবাৰ্ট জনছনৰ কাব্যিক গীতবোৰ -যিয়ে কৃষ্ণাংগ সকলৰ অস্তিত্বৰ সংগ্ৰাম আৰু মানৱীয় অৱস্থাৰ বিষয়ে ছবি আঁকিছিল, সেইবোৰ আছিল ডিলানৰ গল্পকথনৰ প্ৰেৰণা। ডিলানে জনছনৰ গীতৰ কভাৰ কৰিছিল আৰু তেওঁৰ বিখ্যাত এলবাম “Time Out of Mind” ত জনছনৰ ব্লোজৰ কেঁচা আৱেগিকতাৰ প্ৰভাৱ স্পষ্ট ৰূপত বিদ্যমান। সেইদৰে মাৰ্ক্সবাদী জাৰ্মান নাট্যকাৰ আৰু বিপ্লৱী কবি বাৰ্টল্ট ব্ৰেখটৰ- সামাজিকভাৱে সচেতন ৰচনাৰ ব্যঙ্গাত্মক শৈলীয়ে ডিলানৰ গীতক বিশেষভাৱে প্ৰভাৱিত কৰিছিল।  ‘The Times They Are A-Changin’ৰ দৰে ডিলানৰ কালজয়ী গীতত স্থানীয় অতি সৰল ভাষাৰ ব্যৱহাৰ ইয়াৰ এক উদাহৰণ।

ডিলান এজন স্বভাৱ শিল্পী আছিল। তেওঁ কেৱল সংগীতৰ পথাৰৰ কৰ্মী আছিল তেনে নহয়। তেওঁ আছিল এজন চিত্ৰ শিল্পীও। সংগীতৰ দৰে প্ৰভাৱশালী নহ’লেও চিত্ৰ শিল্পৰ ক্ষেত্ৰখনতো তেওঁৰ অৱদান কম নহয়। আমি এই লেখাৰ পৰিসৰৰ ভিতৰত ডিলানৰ সৃষ্টিৰ সেই দিশটো আলোচনাৰ পৰা বাহিৰত ৰাখিম। অতি চমুকৈ আলোচনাৰ মাজলৈ অনাৰ কাৰণটো হৈছে তেওঁৰ কালজয়ী সংগীত সৃষ্টিৰ নেপথ্যত এজন চিত্ৰশিল্পী ডিলানৰ প্ৰভাৱো বিদ্যমান।

ডিলানৰ সংগীতৰ ওপৰত যেনেকৈ উডি গাথ্ৰিৰ লোকসংগীতৰ প্ৰভাৱ আছিল তেনেকৈ ১৯ শতিকাত আধুনিক চিত্ৰশিল্পত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা এজন ফৰাচী চিত্ৰশিল্পী পল চেজান (Paul Cézanne)ৰ পেইণ্টিঙত ব্যৱহৃত ৰং, ৰূপ আৰু দৃষ্টিভংগীৰ দ্বাৰাও সমানেই প্ৰভাৱিত হৈছিল। ডিলানে এঠাইত কৈছে— “In writing songs I’ve learned as much from Cezanne as I have from Woody Guthrie”

এজন লোক সংগীতজ্ঞ আৰু এজন আধুনিক চিত্ৰশিল্পীৰ প্ৰভাৱক সন্মান কৰি ডিলানে কৈছে—“গীতৰ ৰচনা কেৱল সংগীতৰ বিষয় নহয়— ই সামগ্ৰিকভাৱে শিল্পৰ বিষয়। দুয়োবিধ শিল্পৰ পৰাই তেওঁ গীতৰ গাঁথনি, মেজাজ, প্ৰকাশভংগী শিকিছে। চেজানৰ শিল্পই তেওঁক পৃথিৱীখন দৃশ্যগতভাৱে চোৱাৰ ধৰণটো শিকাইছে” যাৰ যোগেদি ডিলানে গীতৰ কথাত কেনেকৈ চিত্ৰকল্প আৰু আৱেগ গঢ়িব সেইটো শিকিছে। ঠিক সেইদৰে উডি গাথ্ৰিৰ পৰা শিকিছে গীতত গল্প কোৱাৰ ধৰণ, ৰাজনৈতিক দৃষ্টিকোণ আৰু লোকশৈলী।

বিভিন্ন ক্ষেত্ৰ সামৰি লোৱা এই লেখক শিল্পীসকলৰ কবিতা, গদ্য, গীতৰ সৃষ্টিৰাজিয়ে ডিলানৰ গীতত ব্যৱহৃত প্ৰতীকবাদ, উপমা, সাধাৰণ মানুহৰ স্থানীয় ভাষা আৰু সামাজিক সমালোচনা আদি দিশবোৰ সমৃদ্ধ কৰিছিল। ডিলানৰ যুগান্তকাৰী সংগীতত সন্নিৱিষ্ট এইবোৰ উপাদানে বিশেষ তাৎপৰ্য বহন কৰিছে।

এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে ডিলানৰ সৃষ্টিৰাজি তেওঁৰ এই প্ৰভাৱসমূহৰ নিজস্ব সংশ্লেষণ ক্ষমতাৰ পৰা উদ্ভৱ হৈছে। পোনপটীয়া নকল নহয়, বৰং এক অনন্য নতুন সৃষ্টি। একে সময়তে পাছৰ পৰ্যায়ত তেওঁৰ এক অনন্য কণ্ঠৰ মাধ্যমত অতি দক্ষতাৰে গীতবোৰৰ পৰিৱেশনৰ যোগেদি গঢ়ি তোলা দক্ষতাই বব ডিলানৰ সৃষ্টিক পৰিপূৰ্ণ ৰূপ দিছে।

গভীৰ সাংস্কৃতিক জ্ঞান, কাব্যিক উদ্ভাৱন, অফুৰন্ত সৃষ্টিশীলতা আৰু সংজ্ঞায়িত হোৱাৰ প্ৰতি সচেতন প্ৰতিৰোধৰ মাজেৰে বব ডিলান নামৰ এই বিৰল ব্যক্তিত্বৰ জন্ম হৈছে।

বব ডিলানৰ গীতৰ তাৎপৰ্য :

“I wanted just to sing…a song to sing. And there came a point where I couldn’t sing anything. I had to write what I wanted to say, because what I wanted to say, nobody else was writing. I couldn’t find it anywhere. If I could have, I probably would never have started writing.” —Bob Dylan, 1984

বিশ্বৰ আধুনিক সংগীত, সংস্কৃতি আৰু ৰাজনীতিৰ ইতিহাসত বব ডিলানৰ সংগীতৰ তাৎপৰ্য গভীৰ। তেওঁৰ সৃষ্টিয়ে সংগীতৰ ধাৰা আৰু প্ৰজন্মক অতিক্ৰম কৰি কাব্যিক গীতৰ কথাৰ মাজেৰে সামাজিক ধাৰাভাষ্য, ৰাজনৈতিক দ্বন্দ, ব্যক্তিগত আত্মনিৰীক্ষণ আৰু আমেৰিকাৰ সংগীত পৰম্পৰাৰ গভীৰ বুজাবুজিৰ মিশ্ৰণ ঘটাই বিশ্বৰ সংগীত সভাৰ বিশেষ স্থান দখল কৰাৰ লগতে গণ সাংস্কৃতিক দ্বন্দৰ জোৱাৰ তুলিছে।

মই প্ৰথমবাৰলৈ যেতিয়া ডিলানৰ ‘Blowing in the wind‘, ‘The Times They Are A-Changin’, ‘Masters of War’ আদি গীতবোৰ শুনিছিলোঁ মোৰ মনৰ মাজত এক শক্তিশালী দ্বন্দই মন গধূৰ কৰি তুলিছিল। গীতৰ মাজত উত্থাপিত প্ৰশ্নবোৰৰ মুখামুখি হৈ গভীৰভাৱে ভাবিবলৈ বাধ্য হৈছিলোঁ। যিকোনো সংবেদনশীল, বিবেকবান মনে ইয়াক উলাই কৰিব নোৱাৰে। গীতবোৰৰ উপস্থাপনত লোকশৈলী, কণ্ঠত সাধাৰণ মানুহৰ অসাধাৰণ সৰলতা, তীব্ৰ ব্যংগ, নিষ্ঠুৰ বাস্তৱৰ অকৃত্ৰিম প্ৰতিফলন গীতবোৰৰ অন্যতম বৈশিষ্ট্য। সাধাৰণ এখন একুষ্টিক গীটাৰ আৰু সৰল দুই এক বাদ্য ব্যৱহাৰ কৰি গীতৰ কথাক বিনম্ৰতাৰে তুলি ধৰি শ্ৰোতাৰ মন মগজুত ডিলানৰ এই গীতবোৰে ভাৱিবলৈ বাধ্য কৰে, যি সহজে পাহৰিব নোৱাৰি।

বিশেষকৈ আমেৰিকাৰ ইতিহাসৰ অশান্ত সময়ছোৱাত অৰ্থাৎ ৬০ৰ দশকত ডিলানৰ সেই সময়ৰ গীতবোৰ প্ৰতিবাদ আৰু বিবেকৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তথাকথিত প্ৰচাৰৰ দ্বাৰা নহয়, সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক মনোভাৱক গীতৰ জৰিয়তে সূত্ৰায়িত কৰি তেওঁ আমেৰিকাৰ সাংস্কৃতিক আইকন হৈ পৰিছিল। তেনে কেইটিমান মাইলষ্টনধৰ্মী তেওঁৰ গীত হৈছে –

“Blowin’ in the Wind” (1962), “The Times They Are A-Changin’’ (1964), “Masters of War” (1963), “A Hard Rain’s A-Gonna Fall” (1962) ইত্যাদি।

বিশেষকৈ ৬০ দশকৰ কালজয়ী প্ৰতিবাদী সংগীতৰ মাজত এই গীতকেইটিয়ে প্ৰথম স্থান পাব। আমি এই লেখাৰ স্থানান্তৰত পৃথিৱী তোলপাৰ লগোৱা ডিলানৰ “Blowin’ in the Wind” গীতটোৰ আলোচনা আগবঢ়াইছোঁ।

ডিলানৰ গীতৰ উপাদান বহুমাত্ৰিক। কোনোটো গীত কাব্যিক আৰু প্ৰতীকবাদেৰে ভৰপূৰ, কোনোবাটো ৰাজনৈতিক প্ৰতিবাদ সামাজিক মন্তব্য, কিছু গীত একান্তই ব্যক্তিগত আৱেগ আৰু এনে বহু গীত আছে যিবোৰৰ সংগীত শৈলী বদলি কৰি দিয়া হৈছে, কিছুমান গীতৰ বিষয় দৰ্শন আৰু আধ্যাত্মিকতা। সেইদৰে ডিলানৰ আৰু এবিধ গীত আছে যিবোৰত বিভিন্ন চৰিত্ৰৰ যোগেদি গীতটোত কাহিনী কৈ আছে। এই বিচিত্ৰ গীতৰ যোগেদি ডিলানে সংগীতক তেওঁৰ বৌদ্ধিক জীৱনৰ আধাৰ কৰি তুলিছে। ডিলানে গীতৰ সম্পৰ্কে কৈছে- “A song is anything that can walk by itself.”

তেওঁক কোনো বিশেষবিধৰ সংগীত শিল্পী বুলি সংজ্ঞায়িত কৰিবলৈ অসুবিধা। তেওঁ প্ৰথম পৰ্যায়ত লোকশিল্পী, তাৰপাছত ৰক সংগীতত বহু অৰিহণা যোগাইছে, সেইদৰে তেওঁৰ সঙ্গীতত ব্লুজ সংগীতৰ প্ৰভাৱ অতি গভীৰ আৰু ব্লুজ সংগীতৰ ক্ষেত্ৰখনতো তেওঁ গুৰুত্বপূৰ্ণ অৱদান দিছে। একেদৰে গছপেল সংগীতেও তেওঁৰ গীতক সমৃদ্ধ কৰিছে। ডিলানৰ বিখ্যাত গীত ‘A Hard Rain’s a-Gonna Fall’। গীতটোৰ সম্পৰ্কত ডিলানে প্ৰকাশ কৰা মতে এই গীতটোৰ প্ৰত্যক্ষ সংগীতৰ প্ৰভাৱ হৈছে বিখ্যাত ব্লুজ শিল্পী ৰবাৰ্ট জনছনৰ ‘Come On in My Kitchen’ গীতটো। এই বিষয়ে আলোচনা কৰাৰ সময়ত ডিলানে মন্তব্য কৰিছিল, “If you had listened to the Robert Johnson singing, ‘Better “come on in my kitchen”, ‘cause it’s gonna be raining outdoors’, as many times as I listened to it, sometime later you might just write, ‘A Hard Rain’s a-Gonna Fall’.”

তেওঁৰ ৰক এণ্ড ৰুল আৰু ৰক গীতবোৰৰ ওপৰতো ব্লুজৰ প্ৰভাৱ অপৰিসীম। এই সম্পৰ্কত ডিলানে কৈছে – “If you can’t hardly play the blues, and you don’t have the hillbilly feeling, you’re not really playing rock and roll. It might be something else, but it’s not that.” তেওঁ আৰু এখোজ আগবাঢ়ি এই সংক্ৰান্তত কৈছে প্ৰকৃত ৰক এণ্ড ৰুল সংগীত নিৰ্মাণ কৰিবলৈ ব্লুজ সংগীতৰ আধাৰৰ বিকল্প নাই, সেই সূত্ৰেই ডিলানে কৈছে – “You can fake it, but you can’t make it,”।

ডিলানৰ কেইটিমান উল্লেখযোগ্য ব্লুজ হৈছে –

‘Tombstone Blues’ (Highway 61 Revisited, 1965), ‘Meet Me in the Morning’ (Blood on the Tracks, 1975), ‘Love Sick’ (Time Out of Mind  1997), ‘Thunder on the Mountain’ (Modern Times, 2006) .ইত্যাদি।

বব ডিলানৰ সংগীতৰ ৰাজনৈতিক চৰিত্ৰ শক্তিশালী যদিও তেওঁৰ দৃষ্টিভংগী প্ৰায়ে প্ৰকাশ্যভাৱে মতাদৰ্শগততকৈ অধিক কাব্যিক আৰু প্ৰতীকী হৈ উঠে। ৬০ দশকৰ প্ৰথমৰ এলবাম কেইটাৰ পাছত লাহে লাহে তেওঁৰ গীতত ৰাজনৈতিক উপাদান কমি অহাৰ লগতে আৰু প্ৰতিবাদী সুৰ ক্ৰমে দুৰ্বল হৈ আহে। তেওঁ protest singer বা ৰাজনৈতিক গীত গোৱা শিল্পী হিচাবে পৰিচয় লোৱাত আগ্ৰহী নাছিল। তেওঁ আচলতে কোনো সংগীতৰ ঘৰানাৰ মাজত আবদ্ধ হোৱাৰ পক্ষপাতী নাছিল। সেয়েহে কৈছিল – “I’ve never written a political song. Songs can’t save the world. I’ve gone through all that.”

কিন্তু ডিলানৰ এই গীতসমূহত শব্দ আৰু কাব্যিক ভাষাৰ অন্তৰ্নিহিত এক বৃহৎ শক্তি আছে যিটো কেৱল শিল্পী বা বুদ্ধিজীৱীয়ে নহয়, সাধাৰণ মানুহেও বুজি পায়। ডিলানৰ গীতবোৰ কেতিয়াবা দুখৰ সুৰেৰে, কেতিয়াবা শব্দৰ সুন্দৰ সংমিশ্ৰণেৰে শ্ৰোতাৰ মাজলৈ আহে। কেতিয়াবা প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ বাবে, কেতিয়াবা জীৱনৰ বিভিন্ন দিশক নিজৰ দৃষ্টিকোণৰ পৰা চিত্ৰিত কৰিবলৈ বা কেতিয়াবা প্ৰিয়জনৰ প্ৰতি থকা প্ৰেম বা গৌৰৱৰ বাবে তেওঁ গীত লিখিছে।

অৱশ্যে ডিলানৰ সুৰীয়া কেঁচা (raw) অশোধিত কণ্ঠই প্ৰথম পৰ্যায়ৰ তেওঁৰ যুদ্ধবিৰোধী গীতবোৰৰ বাবে আটাইতকৈ বেছি অনুৰণন ঘটাইছিল।

ডিলানৰ গীত মূলতঃ কেইটামান বৈশিষ্ট্যৰ বাবে আন শিল্পীৰ গীততকৈ পৃথক। ডিলানৰ গীতবোৰত  সাধাৰণতে দুই এবিধতকৈ বহু বেছি বাদ্যযন্ত্ৰ নাথাকে। কেৱল হাৰমনিকা আৰু একাউষ্টিক গীটাৰেৰে তেওঁ মঞ্চ জোকাৰি যায়। ৰক, ব্লুজ বা হেভি মেটেল আদি পশ্চিমৰ সংগীতৰ বাদ্যযন্ত্ৰৰ লগত ইয়াৰ তুলনা নহয়।

অৱশ্যে তেওঁৰ শেহতীয়া গীতবোৰত এই চৰিত্ৰৰ কিছু সলনি হৈছে। যেতিয়াৰ পৰা তেওঁ একাউষ্টিকৰ পৰা ইলেকট্ৰিক বাদ্যলৈ গতি কৰিলে।

তেওঁ একে অৱস্থাত থকা একঘেয়েমী শিল্পী নহয়। সেইটোও তেওঁৰ বৈশিষ্ট্য হিচাবেই ধৰিব পাৰি।

গান গাই থাকোঁতে তেওঁৰ সংগীতৰ স্কেল সঠিকভাৱে ৰখাৰ কোনো আগ্ৰহ নাই, তথাপিও ইটোৰ পিছত সিটো বিখ্যাত গীতেৰে অনুৰাগী আৰু শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয় আৰু সময়ৰ লগত খাপ খোৱা গীত ৰচনা কৰে। শব্দ যে সুৰকাৰৰ অন্যতম অলংকাৰ এই নীতিত বিশ্বাস কৰি তেওঁ অসাধাৰণ শব্দৰ বাছনিৰে জীৱনৰ মৌলিক দ্বন্দবোৰক প্ৰাধান্য দি গীত ৰচনা কৰে। গীতিকাৰ হোৱাৰ আগতে তেওঁ যে এজন কবি সেই কথা তেওঁৰ গীতবোৰে স্পষ্টকৈ প্ৰতিপন্ন কৰে। তেওঁ এটা সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰি কৈছে – “I consider myself a poet first and a musician second. I live like a poet and I’ll die like a poet.”

ডিলানৰ সংগীতৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে তেওঁৰ গীতৰ কথা, শৈলী, যন্ত্ৰসংগীত আদিৰ আলোচনাৰ উপৰিও তেওঁ ব্যতিক্ৰমী কণ্ঠৰ কথা বাদ দি যাব নোৱাৰি। গীতবোৰত তেওঁৰ কণ্ঠৰ ভূমিকা আছিল অনন্য।

বব ডিলানৰ সঙ্গীতত কণ্ঠৰ স্বকীয়তা বিশেষভাৱে মনকৰিবলগীয়া। সাধাৰণতে কণ্ঠ শিল্পীয়ে অনুশীলন কৰাৰ দৰে ডিলানে কণ্ঠ মসৃণ, শ্ৰুতি মধুৰ কৰিবলৈ যত্ন নকৰে। গীতৰ সৃষ্টিৰ তাৎপৰ্য, আৰু বিষয়ৰ লগত ৰজিতা খুৱাই যেন তেওঁ গীতবোৰত কণ্ঠ নিগৰায়। সেই অনুসৰি তেওঁৰ সমগ্ৰ সংগীত যাত্ৰাৰ বিভিন্ন সময়ত কণ্ঠৰ স্বৰূপ বেলেগ বেলেগ হয়। বব ডিলানৰ কণ্ঠ সময়ৰ লগে লগে কেনেকৈ বিকশিত হৈছিল তেওঁৰ বিভিন্ন দশকৰ গীতবোৰ শুনিলে সেই কথা অনুধাৱন কৰিব পৰা যায়।

মূলতঃ ডিলানৰ গীতত কণ্ঠৰ বিষয়টো গতানুগতিক শিল্পীৰ কণ্ঠৰ সৌন্দৰ্য্যৰ দৰে বিষয় নহয়। ইয়াত কণ্ঠ সদায় সচেতনভাৱে গীতৰ, কাব্যিকতা, মেজাজ, বিদ্ৰূপ, ৰাজনীতি, প্ৰতিবাদ, আদিৰ প্ৰক্ষেপৰ স্বাভাৱগত বাহন। নাটকৰ অভিনেতাৰ চৰিত্ৰৰ দৰেই তেওঁ কোৱা কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ কণ্ঠৰ প্ৰকৃতি সলনি হয়। আন কণ্ঠ শিল্পীৰ দৰে ই প্ৰচলিত গতানুগতিক নিয়মৰ অধীন নহয়। ডিলানৰ কণ্ঠ হয়তো ধ্ৰুপদী মানদণ্ডৰ লগত খাপ নাখাবও পাৰে, কিন্তু ই প্ৰকাশভংগীৰ দিশৰ পৰা যথাসম্ভৱ গভীৰ, বিপ্লৱী চৰিত্ৰৰ আৰু আৱেগিকভাৱে কেঁচা (raw) প্ৰকৃতিৰ। যাৰ ফলত গীতৰ উদ্দেশ্য আৰু বিষয় প্ৰক্ষেপণত তেওঁৰ কণ্ঠ হৈ পৰে নিখুঁত বাহন।

ডিলানৰ অবাণিজ্যিক তথা অগতানুগতিক কণ্ঠ আৰু জটিল গীতৰ কথা বাণিজ্যিক পপ সংগীতৰ পৰা বহু দূৰত। তথাপিও কিন্তু তেওঁৰ মাইলষ্টোনধৰ্মী গীত ‘Like A Rolling Stone’ যথেষ্ঠ জনপ্ৰিয় হৈছিল, যিটো ৰ’লিং ষ্টোন আলোচনীয়ে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ গীত হিচাপে নিৰ্বাচন কৰি আছে। ডিলানৰ সঙ্গীতত তেওঁৰ কণ্ঠই চলিত সংগীত উদ্যোগৰ বাণিজ্যিক মানদণ্ড অনুসৰি নহৈ কীৰ্তিচিহ্নস্বৰূপ সফলতা লাভ কৰিছিল বুলি ক’ব পাৰি।

বিখ্যাত কাণ্ট্ৰী সংগীত শিল্পী পল চাইমনে এবাৰ ডিলানৰ বিষয়ে ক’বলৈ গৈ কৈছিল — “মোৰ গীতত এটা অভাৱ হ’ল মোৰ মাতটো আন্তৰিক যেন লাগে। অথচ মই বিদ্ৰুপৰ দৰে শব্দ কৰিবলৈ চেষ্টা কৰিছোঁ। মই নোৱাৰোঁ। কিন্তু ডিলান,— তেওঁ গোৱা সকলোবোৰ গীতৰ দুটা অৰ্থ আছে। তেওঁ আপোনাক সঁচা কথা কৈছে আৰু একে সময়তে আপোনাক উপহাস কৰিছে। মোৰ ক্ষেত্ৰত প্ৰতিবাৰেই আন্তৰিক যেন লাগে।”

ডিলানৰ দৰে আমেৰিকাৰ আন এক সমমৰ্য্যাদাৰ সংগীত শিল্পী লিউনাৰ্দ কোহেনেও তেওঁৰ সঙ্গীতত সুৰ আৰু চতুৰ টুইষ্টৰ জৰিয়তে একোটা গীতত দুই বিধ উদ্দেশ্য সম্পাদন কৰিব পাৰিছিল।

ডিলানে নিজৰ কিংবদন্তি বা ব্যক্তিত্বৰ খ্যাতিৰ পৰা সদায় নিজক আঁতৰাই ৰাখে। তেওঁ নিজকে গীতবোৰৰ সৃষ্টিকৰ্তা বুলি নাভাবে—বৰঞ্চ তেওঁ ভাবে তেওঁৰ জৰিয়তে গীতবোৰৰ অস্তিত্ব বৰ্তি আছে। তেওঁ নিজক তেওঁৰ শিল্পৰ শক্তি বা গৌৰৱৰ উৎস হিচাপে নহয়, শিল্পৰ বাবে এক চেনেল বা বাহন হিচাপেহে বিবেচনা কৰে। ইয়াৰ দ্বাৰা ডিলানৰ গভীৰ কলাত্মক বিশ্বাস প্ৰতিফলিত হয়। প্ৰকৃত সৃষ্টিশীলতা অহংকাৰৰ বাহিৰৰ। তেওঁ নিজৰ প্ৰতিভাৰ মালিকীস্বত্ব দাবী নকৰে; তেওঁ গীতবোৰক নিজৰ কথা ক’বলৈ দিয়ে।

এনেবোৰ গুণৰ বাবে বব ডিলান আধুনিক সংগীতৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী গায়ক-গীতিকাৰ। ১৯৬০ৰ দশকৰ আৰম্ভণিতে লোকসংগীত শিল্পী হিচাপে আত্মপ্ৰকাশ কৰি, ডিলান তেওঁৰ কাব্যিক গীতৰ কথা, স্বকীয় কণ্ঠ, আৰু তেওঁৰ সময়ৰ সামাজিক আৰু ৰাজনৈতিক অশান্তি ধৰি ৰখা ক্ষমতাৰ বাবে এজন সাংস্কৃতিক প্ৰতীক হৈ পৰিছিল।

২০১৬ চনত ডিলানৰ সংগীতৰ জগতত এই অমৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰা ইতিহাসৰ প্ৰথমজন গীতিকাৰ হিচাপে পৰিগণিত হয়।

ডিলানৰ কেইটামান বিশেষ এলবামৰ গীতৰ বিশেষত্ব :

ডিলানৰ কেৰিয়াৰৰ আৰম্ভণি আৰু মাজভাগৰ (১৯৬০ৰ পৰা ১৯৬৫ লৈকে) সৃষ্টিখিনিৰ গীতবোৰ মূলতঃ ৰাজনৈতিক আৰু প্ৰতিবাদী। পৰম্পৰাগত লোক সংগীতৰ ঠাঁচৰ লগত খাপ খোৱা অসংযত কেঁচা কণ্ঠস্বৰ, তেওঁৰ কণ্ঠত প্ৰায়ে নাকৰ মাত, আৰু সাধাৰণ শ্ৰমজীৱী মানুহৰ লগত মত বিনিময়ৰ তাগিদাত যেন তেওঁ গীতটো গাই আছে তেনে লাগে। গীতবোৰৰ উপস্থাপনত শ্ৰুতিমধুৰ কৰাৰ বাবে তেনে কোনো তথাকথিত সাংগীতিক অলংকাৰ নাই। কিন্তু ইয়াৰ প্ৰকাশভংগী গভীৰ আৰু আৱেগিকভাৱে অনুৰণিত। লোকশিল্পী উডি গাথ্ৰিৰ কণ্ঠ আৰু প্ৰকাশ ভংগীৰ দ্বাৰা ই প্ৰভাৱিত। ১৯৬৩ চনত মুক্তি পোৱা “The Freewheelin’’ Bob Dylan এলবামত ডিলানৰ কণ্ঠ আছিল এই ধৰণৰ। “The Times They Are A-Changin’”, “Blowing in the wind” ইত্যাদি গীতবোৰ শুনিলে এই অনুভৱ হয়। গীতবোৰত কণ্ঠৰ চৰিত্ৰ অবাধ্য, সাহসী, যৌৱনদীপ্ত, প্ৰতিবাদী আৰু সামাজিকভাৱে সচেতন। পাছৰ পৰ্য্যায়ৰ গীতবোৰত তেওঁৰ গীতৰ চৰিত্ৰ পৰিবৰ্তন হৈছে যদিও ডিলানৰ এই বিশেষ ঠাঁচটো “ডিলান ক্লাচিক’’ হিচাবে গণ্য কৰিব পাৰি।

ইলেক্ট্ৰিক ৰকলৈ যোৱাৰ লগে লগে (৬০ৰ দশকৰ মাজভাগৰ পৰা শেষলৈকে) Highway 61 Revisited, Blonde on Blonde আদি এলবামত তেওঁৰ কণ্ঠৰ উপস্থাপন অধিক আক্ৰমণাত্মক, খুৰৰ দৰে চোকা, অধিক গতিশীল, ঠাট্টামূলক আৰু নাটকীয় হৈ পৰিল। মিক জিগাৰ, জন লেননৰ কণ্ঠৰ লগত তেওঁৰ এই পৰ্যায়ৰ কণ্ঠ তুলনা কৰিব পাৰি।

“Highway 61 Revisited” এলবামৰ গীতবোৰত বন্য চিত্ৰকল্পৰ ব্যবহাৰ, অতিবাস্তৱ ধৰ্মীতা, উচ্চস্বৰ সম্পন্ন Blues rock মেজাজৰ আৰু বিদ্ৰোহী স্বভাৱৰ। এই গীতবোৰত ডিলানে বৈদ্যুতিক বাদ্য ব্যবহাৰ আৰম্ভ কৰে। গীতৰ কথাবোৰ বিশৃংখল, বাইবেল সংক্ৰান্তীয়, ব্যংগ আৰু আমেৰিকান সংস্কৃতিৰ সমালোচনাৰ মিশ্ৰণ। এই গীতবোৰ ৰূপান্তৰ আৰু সংঘাতৰ পথৰ প্ৰতীক।

১৯৬৬ চনত মুক্তি পোৱা ডিলানৰ ‘Blonde on Blonde’ এলবামটো মূলতঃ কাব্যিক, আৰু পৰীক্ষামূলক। ইয়াত ৰক, ব্লুজ আৰু কাণ্ট্ৰী সংগীতৰ মিশ্ৰণ ঘটিছে, গীতৰ কথা বিমূৰ্ত আৰু আৱেগিক তথা অস্পষ্টতাৰে ভৰা। গীতবোৰৰ কথা আৰু সুৰ কিছু চঞ্চল আৰু শোকৰ। গীতবোৰে আধুনিক জীৱনৰ বিভ্ৰান্তি, বিদ্ৰুপ আৰু ৰহস্যক ধৰি ৰাখিছে। এলবামটো ডিলানৰ গীতিময় উদ্ভাৱনৰ এটা শিখৰ বুলি গণ্য কৰা হয়।

১৯৭০ৰ দশকত তেওঁৰ গীতবোৰ গছপেল সংগীতৰ দ্বাৰা প্ৰভাৱিত। এই সময়ৰ উল্লেখযোগ্য এলবাম কেইটামান হৈছে ‘Blood on the Tracks’, ‘Desire’, ‘Slow Train Coming’। তেওঁ খৃষ্টান ধৰ্ম গ্ৰহণ কৰাৰ সময়ত মুক্তি দিয়া বিশেষ এলবামটো হৈছে ‘Slow Train Coming’। এই গীতবোৰ অধিক সুৰীয়া, কণ্ঠ উষ্ণ। গীতবোৰ আৱেগিক আৰু কাব্যিক। গীতবোৰত সুৰ বৈচিত্ৰ আৰু গল্প কোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

ইয়াৰ পাছত ১৯৮০ পৰা ১৯৯০ চনৰ সময়ছোৱাত মুক্তি পোৱা ডিলানৰ দুটা গুৰুত্বপূৰ্ণ জনপ্ৰিয় এলবাম হৈছে ‘Oh Mercy’, আৰু ‘Time Out of Mind’। এই গীতবোৰ অন্তৰ্দৃষ্টিসম্পন্ন আৰু যেন ক্লান্ত পৃথিৱীৰ গীত, কোনোটো গীতত ভয়ৰ আতংক। কিছু গীত ব্লুজ ধৰ্মী। এই গীতবোৰত ডিলানৰ কণ্ঠ ৰুক্ষ, বয়সৰ দ্বাৰা আক্ৰান্ত ভাগৰুৱা।

তাৰ পাছৰ ২০০০ চনৰ পৰা বৰ্তমানলৈকে এই সময়ছোৱাত গীত কমি আহিল। বিশেষ ভাৱে এই সময়ৰ দুটা এলবাম হৈছে – ‘Modern Times’ আৰু ‘Rough and Rowdy Ways’। এই গীতবোৰৰ ধৰণ হৈছে প্ৰাচীন, মহৎ যেন আমেৰিকাৰ সংগীত ইতিহাসৰ প্ৰতিধ্বনি। গায়ন কম সাংগীতিক বিলাস বেছি। ইয়াত ডিলানৰ কণ্ঠ ব্লুজী, ভঙা ভঙা আৰু ফুচফুচনি সদৃশ।

ক্ৰম অনুসৰি সময় সাপেক্ষে ডিলানৰ বিভিন্ন এলবামৰ গীতবোৰৰ চৰিত্ৰ পৰিৱৰ্তনৰ যি বিচিত্ৰ ৰূপ, এইটোৱে তেওঁৰ শিল্পী সত্তা সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিছে। ডিলানৰ বাবে গীতৰ বিষয় আৰু চৰিত্ৰ জীৱনৰ চৰিত্ৰৰ দৰেই বহুমাত্ৰিক। ইয়াক এক বিশেষ একমাত্রিক চৰিত্ৰৰে বুজিবলৈ যোৱাটো বৃথা।

বব ডিলান— গ্ৰেমী আৰু নবেল বঁটা :

বব ডিলানে জীৱনত অজস্ৰ বঁটা লাভ কৰিছে। ইয়াৰে দুবিধ গ্ৰেমী আৰু নবেল বঁটাৰ বিষয়ে এই লেখাত চমু আলোচনা কৰিব খুজিছোঁ।

ডিলানে মুঠতে ৩৮ বাৰ গ্ৰেমী মনোনয়ন পাইছিল আৰু ১০ বাৰ গ্ৰেমী বঁটা জিকিছিল। সংগীতৰ জগতত আটাইতকৈ সন্মানীয় বুলি বিবেচিত গ্ৰেমী বঁটা পোৱা তেওঁৰ সংগীতৰ এলবামসমূহ হ’ল ‘The Concert for Bangla Desh’, ‘Gotta Serve Somebody’, ‘Traveling Wilburys Vol. 1’, ‘World Gone Wrong’, ‘Time Out of Mind’, ‘Cold Irons Bound’, ,‘Love and Theft’, ‘Someday Baby’, ‘Modern Times’ আৰু  ‘Lifetime Achievement Award’ হিচাবে গ্ৰেমী পাইছিল।

ডিলানৰ গ্ৰেমী বিজয়ে কেইবা দশক ধৰি তেওঁৰ বিভিন্ন সময়ৰ সংগীত সৃষ্টিৰ বৈচিত্ৰ্যৰ সফলতা প্ৰতিপন্ন কৰিছিল। এই স্বীকৃতি স্বাভাৱিকতে তেওঁৰ প্ৰাপ্য আছিল।

এই গীতবোৰৰ যোগেদি তেওঁ সংগীতৰ বিভিন্ন ধাৰাসমূহক সামৰি লৈছে, যিবোৰে তেওঁৰ লোকসংগীতৰ পৰা ৰক, ব্লুজ আৰু ইয়াৰ বাহিৰৰ বিৱৰ্তনকো প্ৰতিফলিত কৰে।

উদাহৰণ স্বৰূপে ১৯৮০ চনত ‘Gotta Serve Somebody’ বাবে শ্ৰেষ্ঠ ৰক কণ্ঠশিল্পী, আৰু ১৯৯৮ চনত অৰ্থাৎ ১৮ বছৰৰ অন্তত ‘Time Out of Mind’ৰ বাবে “Best Contemporary Folk Album” যিটো ৰচনা এক বৃহৎ প্ৰত্যাৱৰ্তনৰ চিন স্বৰূপ। ই সমসাময়িক সংগীতত তেওঁৰ প্ৰাসংগিকতাক পুনৰ দৃঢ় কৰে। এই অসাধাৰণ সৃষ্টিসমূহ তেওঁৰ গতিশীল সাংগীতিক অৱদানৰ দলিল হৈ উঠিছে।

গ্ৰেমী লাইফটাইম এচিভমেণ্ট বঁটাৰ গভীৰ তাৎপৰ্য আছে। ই কেৱল ব্যক্তিগত গীত বা এলবামকে নহয়, গীতৰ সম্ভাৱনাক পুনৰ গঢ় দিয়াত ডিলানৰ ভূমিকাকো স্বীকৃতি দিছিল। তেওঁৰ গীতৰ কথাই ৰক আৰু লোকসংগীতলৈ সাহিত্যিক গভীৰতা আনিছিল আৰু পাছৰ সংগীতৰ প্ৰজন্মক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

মুঠৰ ওপৰত ডিলানৰ গ্ৰেমী বঁটাসমূহে তেওঁৰ সৃষ্টিৰ কলাত্মক গভীৰতা, সংগীত আৰু সংস্কৃতিৰ ওপৰত তেওঁৰ প্ৰভাৱ আৰু সমগ্ৰ উদ্যোগটোত তেওঁ লাভ কৰা সন্মানক প্ৰতিফলিত কৰে। নিৰন্তৰ বিৱৰ্তন আৰু আপোচবিহীন দৃষ্টিভংগীয়ে সংজ্ঞায়িত কেৰিয়াৰৰ মাইলৰ খুঁটি হিচাপে এই বঁটা সমূহ চিহ্নিত হৈছে।

ডিলানে নবেল বঁটা লাভ কৰে ২০১৬ চনত। ডিলানে এই খবৰ পাই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল এনেদৰে -“When I received the Nobel Prize for Literature, I got to wondering exactly how my songs related to literature. I wanted to reflect on that and see where the connection was.”

গীত গাবলৈ আৰু শুনিবলৈ জন্ম হয়। সাহিত্য অধ্যয়নৰ বিষয়। গীত সাহিত্য হ’ব পাৰেনে? সাহিত্যত ডিলানলৈ এই বঁটা কিয়?

বিভিন্ন মহলতো ডিলানলৈ নোবেল বঁটা দিয়াক লৈ সমৰ্থন -বিৰোধিতা চলিছিল। ২০১৬ চনৰ আগতে সম্ভৱ ১৪ বাৰ ডিলানে নোবেল মনোনয়ন পাইছিল। ১৪ বাৰ বিফলতাৰ আঁৰত থকা কাৰণবোৰ বা কি আছিল? ৬০ দশকৰ প্ৰতিবাদী সংগীত আৰু পাছত সময়ত ব্যক্তিগত প্ৰেম-বিৰাগৰ গীতৰ যি পৰিক্ৰমা ইত্যাদি কথাবোৰ এই স্বীকৃতিৰ লগত সম্পৰ্কিত নেকি? ইয়াক লৈ বহু গৱেষণামূলক কামৰ প্ৰয়োজন আছে।

ৱাছিংটন পোষ্ট কাকতত অধ্যাপক, সৃষ্টিশীল সমালোচক Gordon Ball এ লিখিছে – ১৯৬৫ চনৰ পৰা মই নোবেল বঁটাৰ বাবে ডিলানক এক ডৰ্জনতকৈ বেছি সংখ্যক মনোনয়ন দিছোঁ। ডিলানৰ সৃষ্টিৰ সম্পৰ্কত ক’বলৈ গৈ তেওঁ কৈছে এনেদৰে –

“Categorize Dylan’s work as you will, but to me these facts seem unarguable: Its literary qualities are exceptional; its artful idealism has contributed to major social change, altering and enriching the lives of millions culturally, political­ly, and aesthetically; the voices acclaiming it are many and distinguished. The Nobel Prize for Literature, which in over a century of being awarded has covered a territory broad and diverse, is a deserved form of recognition for such extraordinary accomplishment.” –Gordon Ball (https://www.washingtonpost.com/)

(ভাৱাৰ্থ : “ডিলানৰ ৰচনাক আপুনি যিদৰে শ্ৰেণীভুক্ত কৰে কৰক, কিন্তু মোৰ বাবে এই তথ্যসমূহ তৰ্কহীন যেন লাগে: ইয়াৰ সাহিত্যিক গুণসমূহ ব্যতিক্ৰমী; ইয়াৰ কলাত্মক আদৰ্শবাদে বৃহৎ সামাজিক পৰিৱৰ্তনত অৰিহণা যোগাইছে, লাখ লাখ লোকৰ জীৱনক সাংস্কৃতিক, ৰাজনৈতিক আৰু নান্দনিকভাৱে পৰিৱৰ্তন আৰু সমৃদ্ধ কৰিছে; ইয়াক প্ৰশংসা কৰা কণ্ঠবোৰ বহুত আৰু বিশিষ্ট। বহল আৰু বৈচিত্ৰ্যময় ভূখণ্ড সামৰি লোৱা সাহিত্যৰ নোবেল বঁটাটো এনে অসাধাৰণ সাফল্যৰ বাবে এক প্ৰাপ্য স্বীকৃতি।” – গৰ্ডন বেল )

বব ডিলানৰ নোবেল বক্তৃতাটো এটা আকৰ্ষণীয় আৰু তাৎপৰ্যপূৰ্ণ বক্তৃতা। ইয়াৰ একাংশ আত্মজীৱনী, একাংশ ঘোষণাপত্ৰ, আৰু একাংশ জীৱনৰ পৰিহাৰ (Avoidance)—যিয়ে তেওঁৰ খ্যাতি, কলা, আৰু সাহিত্যৰ সৈতে জটিল সম্পৰ্কক সংক্ষেপে প্ৰকাশ কৰিছে। ই গীত ৰচনাৰ শিল্পগত বৈধতাক স্বীকৃতি প্ৰদান কৰে। অন্য নোবেল বক্তৃতাসমূহৰ দৰে ডিলানৰ বক্তৃতাতো পৰিশোধিত বা বিস্তৃত নহ’লেও, ইয়াত উত্থাপিত যুক্তিৰ শক্তিয়ে আৰু সাহসী দাবীয়ে এইটো প্ৰতিপন্ন কৰে যে ডিলানৰ গীতসমূহ জীৱন্ত, শ্বাস-প্ৰশ্বাসৰ কলাৰূপ, যি সাহিত্যৰ পৰা পৃথক কিন্তু সাহিত্যৰ সমান। এই বক্তৃতা ডিলানৰ সেই ক্ষমতাৰ সাক্ষ্য হৈ ৰৈছে, যিয়ে তেওঁৰ সমগ্ৰ কেৰিয়াৰত কৰি অহাৰ দৰে, শিল্পগত সীমাৰেখাক প্ৰৰোচিত, প্ৰেৰণা আৰু পুনৰ সংজ্ঞায়িত কৰে।

সামৰণি :

বব ডিলান কেৱল এজন সংগীতজ্ঞ নহয় তাতোকৈও বহু বেছি; তেওঁ এক সাংস্কৃতিক শক্তি যিয়ে জনপ্ৰিয় সংগীতে কি ক’ব পাৰে আৰু কি কৰিব পাৰে সেই বিষয়ে পুনৰ সংজ্ঞায়িত কৰিছিল। তেওঁ কলাত্মক দৃষ্টিভংগীৰ প্ৰতি সৎ হৈ থকাৰ লগতে বিকশিত হোৱাৰ ক্ষমতাই তেওঁৰ পিছৰ সংগীত প্ৰজন্মৰ মাজত অনুৰণন ঘটাটো নিশ্চিত। যাৰ ফলত তেওঁ আমেৰিকাৰ লগতে বিশ্ব সংস্কৃতিৰ এক কালজয়ী ব্যক্তিত্ব হিচাপে গঢ় লৈ উঠিছে।

 তথ্য সূত্ৰ :

১. Bob Dylan in America, by Sean Wilentz.

২. Bob Dylan Performing Artist, 1960-1973, The Early Years. By Paul Williams.

৩. Chronicles Volume I, Bob Dylan— Memoirs of Bob Dylan

৪. Bob Dylan : The Stories Behind Every song.

৫. Music, A very short introduction by Nicholas Cook

৬. Wikipedia

৭. ইউটিউব

৮. ‘Blowin’ in the Wind’. By John.J.Tierney Jr., June 30, 2022.

৯. The Spirit of Bob Dylan is ‘Blowin’ in the Wind’ by Rossitsa Mina Petrova, feb. 25 ,2025.

১০. Blowin’ In The Wind’ Still Asks The Hard Questions. By Brian Naylor October 21

১১. How Bob Dylan’s ‘Blowin’ in the Wind’ Blew Up the New York Folk Scene. By David Browne.

১২.  ‘Come On in My Kitchen’: the blues classic Bob Dylan listened to again and again. By Brianna Kline, 8 May 2025,UK.

১৩. Bob Dylan, the last of the best. By Alastair Benn.. 22 jan. 2025

১৪. Why Bob Dylan Matters  by Richard F. Thomas

Leave a Reply

Your email address will not be published. Required fields are marked *