বন্দীত্বৰ শিকলিৰে বান্ধ খাই থকা নাৰীৰ সংগ্ৰাম ।। চন্দন দাস
সমাজত নাৰীৰ সমস্যাটো এনেদৰে তুলি ধৰা হৈছে যে এই সংগ্ৰাম কেৱল পুৰুষৰ বিপক্ষেহে। কিন্তু আচলতে নাৰীৰ সমস্যাটো কেৱল নাৰীৰে নহয়। এই সমস্যা সমাজৰ সকলো বৰ্গৰেই শোষিতৰ সমস্যা ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
নাৰী কি? আজিৰ বিশ্বায়নৰ যুগত সকলো মানুহেই আচলতে পুঁজিবাদৰ বজাৰ কেন্দ্ৰিক ব্যৱস্থাৰ একোটা পণ্যৰ বাদে আন একো নহয়। এই বজাৰ কেন্দ্ৰিক ব্যৱস্থাই সকলোৰে পাৰস্পৰিক সম্পৰ্কই যে কেৱল থান বান কৰিছে তেনে নহয়, আচলতে ই সমাজৰ পৰা মানৱীয় মূল্যবোধ পৰ্যন্ত নোহোৱা কৰি পেলাইছে। যিটো অৱস্থাত আজিৰ সাধাৰণ মানুহে আৰ্থিক স্বাৱলম্বিতাৰ সপোনেই দেখিব নোৱাৰে তেনে স্থলত পুৰুষতান্ত্ৰিক সমাজত অৱদমিত নাৰীৰ মুক্তি অলিক কল্পনাহে মাথোন। ওপৰে ওপৰে দেখিলে এনে লাগে যেন দৈনন্দিন জীৱনত আমাৰ সৈতে সম্পৰ্কিত মা, বাইদেউ, ভনী, পেহী, মাহী, খুৰী আদি সকলোৱে মিলাপ্ৰীতিৰে সুন্দৰভাৱে জীয়াই আছে। আমাৰ মনত কেতিয়াও এনে কোনো ভাব নাহে যে তেওঁলোক পুৰুষ সকলৰ তুলনাত কোনো পক্ষতে হীন বা নীচ। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কৰা সকলো ঘৰুৱা কাম যেনে- বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা আদিকে ধৰি সকলো যাৱতীয় কাম কৰে এগৰাকী নাৰীয়ে। কিন্তু একমাত্ৰ টকা উপাৰ্জন কৰা পুৰুষজনক ঘৰৰ সৰ্বেসৰ্বা বুলি বিবেচনা কৰা হয় আৰু তাৰ তুলনাত নাৰীয়ে সম্পন্ন কৰা গোটেই দিনটোৰ কামখিনি যেন একোৱেই নহয়। যদিও আমি লক্ষ্য নকৰোঁ তথাপিও নাৰীৰ প্ৰতি পুৰুষৰ দমন আৰম্ভ হয় নিজৰ ঘৰখনত। সেয়ে নাৰী সদায় পুৰুষ নামৰ শিকলিৰ দ্বাৰা বান্ধ খাই আহিছে। ফলত যিকোনো এখন সমাজৰ গুৰুত্বপূৰ্ণ বিষয়সমূহত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে পুৰুষৰ হাতত। নাৰীৰ এই অৱস্থাৰ মূল কাৰণ হৈছে আৰ্থ-ৰাজনৈতিক।
আমি অনুধাৱন কৰিব পাৰোঁ যে আমাৰ সমাজত নাৰীৰ হাতত আৰ্থিক ক্ষমতা পুৰুষৰ তুলনাত খুবেই নগণ্য আৰু সেইবাবে পুৰুষ সদায় নাৰীৰ উৰ্দ্ধত। ইয়াৰ বাবে নাৰীয়ে কেতিয়াও এই পুৰুষতান্ত্ৰিক সমাজখনত নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ নাপায়। আনকি নাৰীয়েও নিজকে সদায় পুৰুষৰ তলতীয়া বুলি স্বীকাৰ কৰি লৈছে। সেইবাবে নাৰীয়ে পুৰুষক বিৰোধিতা কৰা বা কোনো ক্ষেত্ৰত প্ৰশ্ন কৰা পৰিলক্ষিত নহয়। তাৰ বিপৰীতে পুৰুষে যি কয় তাকে নিজৰ ভাগ্য বুলি ভাবি সন্তুষ্ট থাকে। যদি নাৰীৰ হাতত আৰ্থিক ক্ষমতা থাকিলহেঁতেন তেন্তে নাৰীয়েও পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈ সকলো কামতে সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন। সমাজৰ বিভিন্ন উৎসৱ-পাৰ্বন, সভা-সমিতিত ভাগ লৈ নাৰী জাতিৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰিলেহেঁতেন। আনফালে ৰাজনৈতিক ক্ষেত্ৰখনত লক্ষ্য কৰিলে দেখা যায় যে সকলোতে কেৱল পুৰুষেই পুৰুষ। নাৰী ৰাজনীতিবিদৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। নাৰীয়ে যদি ৰাজনৈতিক ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰে তেতিয়া হ’লে কেনেদৰে গোটেই নাৰী জাতিটোৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিব। কিয়নো ৰাজনৈতিকভাৱে এখন আইন প্ৰণয়ন কৰিব নোৱাৰিলে কেৱল নাৰী সুৰক্ষাৰ কথা কৈ কেতিয়াও নাৰী অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে। সেইবাবে নাৰীয়ে আৰ্থিক আৰু ৰাজনৈতিক ক্ষেত্ৰ দুখনত স্থান ল’ব নোৱাৰিলে কেতিয়াও পুৰুষৰ সমান হ’ব নোৱাৰিব। ইয়াৰ একমাত্ৰ উপায় হ’ল সু-সংগঠিত সংগ্ৰাম।
সমাজত নাৰীৰ সমস্যাটো এনেদৰে তুলি ধৰা হৈছে যে এই সংগ্ৰাম কেৱল পুৰুষৰ বিপক্ষেহে। কিন্তু আচলতে নাৰীৰ সমস্যাটো কেৱল নাৰীৰে নহয়। এই সমস্যা সমাজৰ সকলো বৰ্গৰেই শোষিতৰ সমস্যা। শাসক আৰু পুঁজিপতিৰ সংমিশ্ৰিত পুঁজিবাদী ব্যৱস্থাটোৱে সকলোকে কোঙা কৰি পেলাইছে। ইয়াত নাৰী আৰু পুৰুষৰ কোনো প্ৰভেদ নাই। যেতিয়াই নাৰী আৰু পুৰুষ সকলোৱে মিলি শোষকৰ বিৰুদ্ধে সংগ্ৰাম খন আৰম্ভ কৰিব তেতিয়াহে নাৰী সমস্যা সমাধানৰ দিশে আগবাঢ়িব। নাৰীয়ে এই সংগ্ৰাম আগুৱাই নিব লাগিব শিক্ষাৰ জৰিয়তেহে। কিয়নো শিক্ষা থাকিলেহে নিজৰ অধিকাৰ তথা সংগ্ৰামৰ যুঁজখন সাৱলীলভাৱে চলাই নিব পাৰি। কিন্তু আমি দেখি আহিছোঁ যে অতীতৰ পৰাই নাৰী জাতিটো শিক্ষাৰ ক্ষেত্ৰত অৱহেলিত। ৰাষ্ট্ৰসংঘৰ ৰূপান্তৰকৰণ আৰু উন্নয়ন বিভাগ ( UNDP ) ৰ ২০২০ বৰ্ষৰ সমীক্ষামতে পৃথিৱীৰ মুঠ ৭৭৩ মিলিয়ন অশিক্ষিত মানুহৰ ৬৩ শতাংশই নাৰী। গতিকে বিশ্বায়নৰ এনে এটা স্তৰত উপনীত হোৱাৰ পিছতো য’ত নাৰী-পুৰুষৰ অধিকাৰ আইনীভাৱে সমান হোৱাৰ পিছতো সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত বৃহৎ প্ৰভেদ দেখা যায়। বাস্তৱিক ক্ষেত্ৰখনত এতিয়াও কেনেবাকৈ পুৰুষতান্ত্ৰিক মানসিকতা আমাৰ মাজত দকৈ শিপাই আছে। মূলতঃ আফ্ৰিকাৰ দৰে দৰিদ্ৰ দেশ সমূহত এই বৈষম্য আৰু বেছি। যিহেতু এগৰাকী শিক্ষিত নাৰীয়েহে এটা পৰিয়ালক শিক্ষিত কৰি গোটেই সমাজখনক শিক্ষিত কৰি তুলিব পাৰে, গতিকে পুৰুষৰ সমানে সমানে নাৰীকো শিক্ষিত কৰি তোলাটো আমাৰ কৰ্তব্য। তাৰ বিপৰীতে একোটা পৰিয়ালত ল’ৰাই যিমানখিনি সুবিধা লাভ কৰে, ছোৱালীয়ে কেতিয়াও নকৰে। আমি দেখি আহিছোঁ যে বেছিভাগ ছোৱালীকে স্নাতক মহলা পোৱাৰ পৰাই ৰূপৱতী আৰু গুণৱতী কৰি বিয়াৰ বাবে সাজু কৰে। ফলত উচ্চশিক্ষা ল’বলৈ যোৱা ছোৱালীৰ সংখ্যা খুবেই নগণ্য। অসমত যোৱা দুই এবছৰত যিধৰণে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি আছে তাৰ ফলত বহু ল’ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হ’ব। ইয়াত বিশেষকৈ ক্ষতিগ্ৰস্ত হ’ব নাৰীসকল। ফলত পুনৰ নাৰী আৰু পুৰুষৰ মাজত বৈষম্য বাঢ়ি যাব। সেয়ে অসম চৰকাৰক এনেদৰে যধে-মধে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰা প্ৰক্ৰিয়া অতি সোনকালেই ৰোধ কৰিবলৈ আহ্বান জনালোঁ।
বৰ্তমান নাৰীৰ বাবে সিহঁতৰ শৰীৰটো হৈ পৰিছে একমাত্ৰ শত্ৰু। কিয়নো কিছুমান বিকৃত মানসিকতাৰ পুৰুষৰ সমাজখনত প্ৰয়োভৰ ঘটিছে। ফলত নাৰীৰ প্ৰতি ঘৰুৱা হিংসা, শাৰীৰিক অত্যাচাৰৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ দৰে সমস্যাই গা কৰি উঠিছে। মণিপুৰত এজাক পুৰুষে দুগৰাকী নাৰীক উলংগ কৰি পথত যিধৰণে অত্যাচাৰ কৰিছে সেয়া অমানৱীয়। আমি যেন পুনৰ সেই মধ্যযুগীয় অৱস্থালৈ ঘূৰি গৈছোঁ। এই ধৰণৰ কাণ্ড দিন দুপৰতে সংঘটিত কৰাৰ সাহস ক’ত পালে সেই নৰাধম কেইটাই? সেই কাণ্ডৰ পিছত মণিপুৰৰ পৰিস্থিতি বহুত ভয়ানক হৈ পৰিছে আৰু বৰ্তমানেও সেই পৰিস্থিতিৰ সাম কটা নাই। যোৱা কিছুদিন ধৰি ভাৰতবৰ্ষত বিশেষকৈ অসমত ধৰ্ষণৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। এনে জটিল সময়তো কিন্তু এই ধৰণৰ নাৰীৰ লগত হোৱা অপৰাধৰ বাবে পুনৰ নাৰীকেই দোষাৰোপ কৰোঁ। কেতিয়াবা সিহঁতে পিন্ধা কাপোৰক লৈ বা কোন সময়ত নাৰী বাহিৰলৈ অকলে ওলাই গৈছে তাৰ ওপৰত ভিত্তি কৰি। কিন্তু নাৰীৰ প্ৰতি আমাৰ পৰাম্পৰাগত ধ্যান ধাৰণা সলনি কৰি সকলোৰে মানসিক উত্তৰণ ঘটোৱাৰ সময় আহি পৰিছে। কিয়নো প্ৰতিটো নাৰী সমাজৰে একোটা অংশ। তেওঁলোকেও মুক্ত মনেৰে তথা নিৰ্ভিক ভাৱে সমাজত জীয়াই থকাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত নাৰীৰ সৈতে পুৰুষেও কিছুমান পদক্ষেপ লোৱাটোক দৰকাৰ। কিন্তু ইয়াৰ মাজতে কলিকতাৰ যি নিন্দনীয় তথা জঘন্য ধৰ্ষণ তথা হত্যাকাণ্ডৰ বলি হ’ল এগৰাকী চিকিৎসক, সেয়াই সকলোকে হতচকিত কৰি ৰাখিলে। এই ঘটনাই সকলো পিতৃ-মাতৃক বাৰম্বাৰ চিন্তিত কৰি তুলিছে যে তেওঁলোক নিজৰ ছোৱালীক অকলে ঘৰৰ পৰা বাহিৰত থাকিব দিব নে নিদিয়ে। কৰ্মক্ষেত্ৰত নাৰীৰ প্ৰতি অত্যাচাৰ দিনক দিনে বাঢ়ি আহিছে, যিটো এখন উন্নয়নশীল দেশৰ বাবে প্ৰগতিৰ পথত হেঙাৰ স্বৰূপ। কিয়নো মহিলাসকলে কৰ্মক্ষেত্ৰৰ পৰা বিৰত থকা বা ছোৱালীসকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলগীয়া পৰিস্থিতিয়ে সমাজখনক ৫০ বছৰ পিছলৈ ঠেলি দিব।
মহিলাৰ প্ৰতি হোৱা এনে অত্যাচাৰৰ মূল কাৰণ হ’ল আমাৰ মাজত লুকাই থকা পুৰুষ তান্ত্ৰিক মানসিকতাৰ বহিঃপ্ৰকাশ। আমি পুৰুষ সেয়ে সকলোতকৈ শ্ৰেষ্ঠ আৰু নাৰী কেৱল আমাৰ ভোগৰ সামগ্ৰী — এই মানসিকতাই হ’ল পুৰুষতন্ত্ৰ। আমি শ্ৰেষ্ঠ বাবেই নাৰীক অত্যাচাৰ কৰিম ধৰণৰ এক ভাৱধাৰা এচাম পুৰুষৰ মন মগজুত অনবৰতে ক্ৰিয়া কৰি থাকে। ফলত কিছুমান কু-অভিসন্ধিৰ জৰিয়তে এনে কাৰ্য সম্পাদন কৰে। কিন্তু এই পুৰুষতন্ত্ৰক জীয়াই ৰাখিছে মুনাফালোভী বহুজাতিক কোম্পানীৰ গৰাকী পুঁজিপতি সকলে। সামাজিক মাধ্যমত মহিলাৰ অৰ্ধনগ্ন ছবিৰ জৰিয়তে বাৰ বাৰ সম্প্ৰচাৰ কৰা যৌন আক্ৰোশ মূলক বিজ্ঞাপনৰ জৰিয়তে পুঁজিপতি সকলে মুনাফা অৰ্জন কৰে। কিন্তু তাৰ দ্বাৰা এচাম পুৰুষক যৌন গান্ধী মানসিকতাৰে প্ৰৰোচিত কৰে যিয়ে পিছলৈ হিংসাত্মক ৰূপ ধাৰণ কৰে। সেয়ে এই বহুজাতিক কোম্পানীৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব আৰু পাৰিলে ইহঁতৰ বিৰুদ্ধে আইনী যুঁজ চলাব লাগিব। পুৰুষতন্ত্ৰ তথা পুৰুষতান্ত্ৰিক মানসিকতাক কলিতেই নোহোৱা কৰিবলৈ হ’লে সৰুতে ল’ৰা ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। তদুপৰি উপযুক্ত বয়সত যৌন শিক্ষাও দিব লাগিব। এই প্ৰচেষ্টা কেৱল শিক্ষক বা ছাত্ৰই কৰিলে নহ’ব, সমাজৰ প্ৰতিজন নাগৰিকে এই শিক্ষা ল’বলৈ আগবাঢ়ি আহিব লাগিব। সমাজৰ পৰা পুৰুষতন্ত্ৰক উৎখাত কৰিব পাৰিলেহে প্ৰকৃত নাৰীমুক্তি সম্ভৱ হ’ব।