পৰিবেশ-প্ৰকৃতি

বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ – (নৱজিৎ বৰ্মন)

মুক্ত চিন্তা, ২য় বছৰ, ৪ৰ্থ সংখ্যা

বন্যপ্ৰাণী সুৰক্ষা আইনখন (Wild Life (protection) Act 1972) আমি বহুতেই নাজানো। সাধাৰণ মানুহখিনি বাদেই, প্ৰশাসনৰ মানুহখিনিয়ে সজাগ নহয়। কিন্তু কোনোবা সজাগ নোহোৱাৰ অৰ্থ এইটো নহয় যে আইনখন দুৰ্বল । তলত আইনখনৰ কিছু দিশ দাঙি ধৰাৰ চেষ্টা কৰা হ’ল।

 ■চিকাৰ■ এতিয়া আমাৰ মনত ভাব হ’ব আমি কেতিয়াও চিকাৰ কৰা নাই, বা চেষ্টা কৰা নাই – আমাৰ কি শাস্তি হ’ব। কিন্তু এই আইনখনৰ মতে চিকাৰ কৰা মানে – কোনো বন্যপ্ৰাণী বা আবদ্ধ প্ৰাণীক হত্যা কৰা, বিহ দিয়া, আৰু তেনে কৰিবলৈ লোৱা প্ৰচেষ্টা। কোনো বন্যপ্ৰাণীক আটক কৰা ফান্দ জালত পেলোৱা, জাল পতা , খেদা , টোপ দিয়া , আৰু তেনে কৰিবলৈ চেষ্টা কৰা যিকোনো কাৰ্য। এনে প্ৰাণীক আঘাত কৰা , নাশ , শৰীৰৰ যিকোনো অংশ সংগ্ৰহ কৰা বা চৰাই /সৰীসৃপৰ কণী-বাহ নষ্ট কৰা ।

◆হাথিয়াৰ (weapon) ◆ গুলি-বাৰুদ , ধনু-কাঁড় , আগ্নেয়াস্ত্র , বৰশী , চুৰি , জাল , বিহ , ফান্দ , সংজ্ঞাহীন কৰিব পৰা সামগ্ৰী , আঘাত বা হত্যা কৰিব পৰা যিকোনো সঁজুলি বা সামগ্ৰী।

 ■ এই আইনৰ মতে আপুনি ঘৰত কোনো বন্যপ্ৰাণী আবদ্ধ কৰি ৰাখিব নোৱাৰিব । কাৰণ আবদ্ধ কৰা মানেও চিকাৰ বুজাব । আৰু বন্যপ্ৰাণী মানে অকল গঁড়, হাতী, বাঘ নহয় । আপুনি ঘৰত পুহি ৰখা মইনা , ভাটৌ , শালিকাও বন্যপ্ৰাণী। অৰ্থাৎ এইবোৰ প্ৰাণী চিকাৰ/আবদ্ধ কৰা বাবে আপোনাৰ ১০ বছৰ জে’ল হ’ব পাৰে । সেয়েহে আপোনাৰ তাত বা আপুনি জনা কাৰোবাৰ তাত এনে কোনো প্ৰাণী আবদ্ধ হৈ আছে বন বিভাগক দিয়ক।

■ক্ষমতা প্ৰদান ■ প্ৰৱেশ , অনুসন্ধান , বন্দী আৰু আটক কৰা। বৰ্তমান প্ৰচলিত যিকোনো আইনত যি বিধিয়েই নাথাকক , বন্যপ্ৰাণী সংৰক্ষণ সঞ্চালক বা তেওঁৰদ্বাৰা প্ৰাধিকৃত যিকোনো বনবিষয়া , উপপৰিদৰ্শক ( sub inspector) বা তাৰ ঊৰ্ধ্বতন আৰক্ষী বিষয়াই এই আইনৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে অপৰাধ কৰিছে বুলি বিশ্বাস কৰাৰ যুক্তিসংগত কাৰণ পালে , আটক কৰিব পাৰে, লগতে তেখেতৰ লগত থকা সামগ্ৰী , বাহন , হাথিয়াৰ জব্দ কৰিব পাৰে । ইয়াৰ লগতে আন আন আইনৰ ধাৰাসমূহো ইয়াৰ লগত যুক্ত হ’ব পাৰে। এইখিনি লিখাৰ উদ্দেশ্য হ’ল নজনাকে ঘৰত বন্দী কৰি ৰখা মানুহখিনিক সজাগ কৰা। আপুনি জানি-শুনি এটা অপৰাধ নকৰে বুলি আশা কৰিলোঁ । আৰু যদিহে আপোনাৰ তাত এনে বন্যপ্ৰাণী আছ ওচৰৰ বনবিষয়াক খবৰ কৰক। আপোনাৰ চিনাকি এজন অপৰাধী নহয় যেন।

 

One thought on “বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ – (নৱজিৎ বৰ্মন)

  • Parag hazarika

    নমস্কাৰ মই গহপুৰ সমষ্টি কলাবাৰী অঞ্চলৰ ।
    মোৰ ওচৰ এটা চৰকাৰী জালাশয়ত এটা পুখুৰী খান্দিব ওলাইছে ।যদি এই খনন কাৰ্য হয় তেনে তাত থকা বহু প্ৰজাতি চৰাই, মাছ,সাপ ধ্বংস হব গতিকে গতিকে এই কাম বন্ধ কৰক ।
    ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *