গল্প-কবিতা

এণ্টি পলিটিকেল ।। ৰশ্মিৰীয়া গগৈ

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

(ক)
ৰাষ্ট্ৰ‌ই সুধিলে—
তোমাৰ নাম কি?
মই মোৰ লুকুৱাই থোৱা আঘাতবোৰ
দেখুৱাই দিলোঁ,
ৰাষ্ট্ৰ‌ই মোৰ পৰিচয়
অস্বীকাৰ কৰিলে!

(খ)
তেনেতে দেখিলোঁ
আটাইবোৰ পতাকা আকাশমুখীকৈ
ওখ কৰা হৈছে
আৰু ভোকবোৰ ভাষণৰ চেপাত
অৰ্ধমৃত হৈ পৰি আছে!
জয়ধ্বনিৰ খোৱা-কামোৰাত
অনাহাৰি-কান্দোন নুশুনা হৈ আহিছে
ক্ষমতাৰ গা
চীল-মোহৰত শকত হৈ পৰিছে।

(গ)
কাণ তাল মাৰি ধৰিছে কিছুমান চিঞৰে
য’ত মানুহে মানুহক
ভোট,সংখ্যা,ধৰ্ম জাতিতেই
পৰিসংখ্যা বুলি ভাবি
সন্তুষ্টিৰ হাঁহি মাৰিছে।

(ঘ)
ৰাস্তাটোৰ সিপাৰে বৃদ্ধ এজন বহি আছে
কোনোৱে তেওঁৰ বতৰা লৈছে
বেকা হাঁহি এটাৰে তেওঁ কৈছে
চৰকাৰীভাৱে এতিয়াও
মৃত ঘোষণা হোৱা নাই
জী আছোঁ নে নাই
মনত নাই!

(ঙ)
বজাৰখনে সুধিলে
কি দাম তোমাৰ?
উত্তৰত ক’লোঁ
শ্ৰমিকৰ দাম নাথাকে,
থাকে ইতিহাস নেদেখা দুখন হাত
থাকে অলপ সপোন!

(চ)
আগে ভোকবোৰ শেষ কৰা
দেশখন পিছতো ভগাবা

(ছ)
ইয়াত বিপদৰ কাৰাগাৰ
লোহাৰে নিৰ্মাণ কৰা হোৱা নাই
নিৰ্মাণ হৈছে ত’ত
য’ত প্ৰশ্ন মানেই অপৰাধ
আৰু নিৰ্বাকবোৰ দেশপ্ৰেমিক!

(জ)
সীমনাহীন সপোন মোৰ
য’ত ভোকতকৈ ডাঙৰ আন একো নাই
সংবিধানৰ প্ৰথম পাতত লিখি থোৱা
শিশুৰ হাঁহি
জাতীয় সংগীত শুনোৱাৰ আগে
শিশুৰ ভোকবোৰ পাৰা যদি গুচাবা
খালি পেটবোৰে পতকাৰ মান নুবুজে
নুবুজে কবিতাৰো ভাষা!

One thought on “এণ্টি পলিটিকেল ।। ৰশ্মিৰীয়া গগৈ

  • মৃদুমণি মাৰ্গী চুতীয়া

    পঢ়িলোঁ, ভাল পালোঁ পঢ়ি।
    কবিৰ কবিতাৰ কথাবোৰে অন্তৰ জিনি পেলালে কোন কাহানিবাই …….

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *