গ্রন্থ পৰিচয়নিবন্ধ

২০২৫ চনৰ বুকাৰ বঁটা : ব্যক্তি-জীৱনৰ উত্থান-পতন আৰু সাহিত্যিক সত্য ।। ড০ জিতু বুঢ়াগোহাঁই

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

১৯৬৯ চনত প্ৰতিষ্ঠিত বুকাৰ বঁটা হৈছে ইংৰাজী ভাষাত লিখা শ্ৰেষ্ঠ মৌলিক বিনোদনধৰ্মী সাহিত্যৰবাবে প্ৰতি বছৰে দিয়া অন্যতম সন্মানীয় সাহিত্যিক বঁটা। বিশ্বজুৰি লেখকৰ বাবে মুকলি এই বঁটাটোৱে কাজুও ইছিগুৰো, মাৰ্গাৰেট এটউড আৰু ছলমান ৰুছডিৰ দৰে প্ৰতিথযশা লেখকক স্বীকৃতি দিছে।

হাংগেৰীয়-ব্ৰিটিছ লেখক ডেভিদ শ্বালেই তেওঁৰ উপন্যাস Flesh-ৰ বাবে ২০২৫ চনৰ বুকাৰ বঁটা লাভ কৰিছে। এই বঁটাই দেখুৱাইছে যে সাহিত্যই সাংস্কৃতিক সীমা ভাঙি সাৰ্বজনীন মানৱ-অভিজ্ঞতাক স্পৰ্শ কৰিব পাৰে। ২০১৬ চনত তেওঁৰ All That Man Is উপন্যাসখন বুকাৰ বঁটাৰ বাবে চুড়ান্ত তালিকাত আছিল।

কানাডাৰ মণ্ট্ৰিলত ১৯৭৪ চনত জন্মগ্ৰহণ কৰা শ্বালেই লণ্ডনত ডাঙৰ-দীঘল হৈছিল। শ্বালেৰ পিতৃ আছিল হাংগেৰীৰ আৰু মাতৃ আছিল কানাডাৰ। লেবানন আৰু ব্ৰিটেইনত থকাৰ পিছত এতিয়া তেওঁ ভিয়েনাত পত্নী আৰু পুত্ৰৰ সৈতে বাস কৰে। অক্সফৰ্ডৰ পৰা স্নাতক হোৱাৰ পাছত তেওঁ বিত্তীয় বিজ্ঞাপন বিভাগত কাম কৰিছিল—যাৰ অভিজ্ঞতাই তেওঁৰ প্ৰথম উপন্যাস London and the South-East লিখিবলৈ উৎসাহিত কৰিছিল। শ্বালেই নিজকে ইউৰোপীয় ঔপন্যাসিক বুলি ক’বলৈহে ভাল পায়। লেখক জীৱনৰ সৰহভাগ সময় তেওঁ হাংগেৰীত কটাইছে আৰু এতিয়া অষ্ট্ৰিয়াত থাকে। “দ্য গাৰ্ডিয়ান” কাকতত প্ৰকাশ পোৱা খবৰ অনুসৰি তেওঁ নিজকে এজন “সাহিত্যিক সন্ন্যাসী” (literary hermit) বুলি বৰ্ণনা কৰে।

২০২৫ চনৰ বুকাৰ বঁটাৰ বাবে ১৫৩-খন গ্ৰন্থৰ ভিতৰত বিচাৰকসকলে ছখন কিতাপ চুড়ান্ত তালিকাৰ বাবে বাচনি কৰে—

  • The Loneliness of Sonia and Sunny (কিৰণ দেশাই)
  • The Land in Winter  (এণ্ড্ৰু মিলাৰ)
  • Flesh (ডেভিদ শ্বালে)
  • Flashlight (চুজান চয়)
  • Audition (কেটিকিতামুৰা)
  • The Rest of Our Lives (বেঞ্জামিন মাৰ্কোভিটছ)

বিচাৰকসকলে এই ছখন কিতাপৰ বিষয়ে পাঁচ ঘণ্টাৰো অধিক আলোচনা কৰাৰ শেষত একমত প্ৰকাশ কৰে যে ডেভিদ শ্বালেৰ Flesh এক নতুন আৰু সাহসী সাহিত্যিক সৃষ্টি। বহুতে কিৰণ দেশাই, এণ্ড্ৰু মিলাৰ বা বেঞ্জামিন মাৰ্কোভিটছ বিজয়ী হ’ব বুলি ভাবিছিল। ভাৰতীয়সকলৰ বহুতে আশাবাদী আছিল যে কিৰণ দেশায়ে দ্বিতীয়বাৰৰ বাবে বুকাৰ বঁটা লাভ কৰিব। ২০০৬ চনত কিৰণ দেশায়ে The Inheritance of Loss নামৰ উপন্যাসখনৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল। কিন্তু ডেভিদ শ্বালেই সকলোকে পিছ পেলাই বুকাৰ বঁটা পাবলৈ সক্ষম হ’ল। সমালোচক আৰু বিচাৰকে শ্বালেৰ সহজ, স্পষ্ট আৰু সংযত লিখনশৈলীৰ বিশেষ প্ৰশংসা কৰিছে য’ত সংলাপ আৰু বৰ্ণনা খুব কম, কিন্তু গভীৰ।

প্ৰায় দহ বছৰ ধৰি সাহিত্যত মহিলা চৰিত্ৰৰ অন্তৰ্জগত—তেওঁলোকৰ অনুভৱ, যন্ত্রণা, আশা-আকাংক্ষা আৰু গভীৰ চিন্তাধাৰাকেন্দ্ৰিক উপন্যাস অসম্ভৱ জনপ্ৰিয় আছিল। কিন্তু Flesh হ’ল একেবাৰে বেলেগ ধৰণৰ উপন্যাস য’ত পুৰুষত্বৰ কঠোৰ আৰু নিখুঁত প্ৰতিচ্ছবি ডাঙি ধৰা হৈছে। উপন্যাসখনে ১৯৮০ চনৰ শেষৰ পৰা বৰ্তমানলৈকে বিদেশত থকা ইষ্টভান নামৰ হাংগেৰীৰ ৰহস্যময় আৰু আৱেগিকভাৱে অকলশৰীয়া শ্ৰমিক এজনৰ জীৱন—হাংগেৰীৰ শৈশৱৰ পৰা লণ্ডনৰ চহকী আৰু বিলাসী জগতলৈকে—অনুসৰণ কৰিছে। লেখকে ইষ্টভানক নৈতিকভাৱে অস্পষ্ট চৰিত্ৰ হিচাপে সৃষ্টি কৰিছে।

পোন্ধৰ বছৰীয়া ইষ্টভান মাকৰ সৈতে হাংগেৰীৰ এটা নিস্তব্ধ এপাৰ্টমেণ্ট কমপ্লেক্সত বাস কৰে। নতুন ঠাই, নতুন পৰিৱেশ—স্বভাৱত লাজুক ইষ্টভানে স্কুলৰ সামাজিক নিয়ম-নীতিবোৰ সহজে বুজি নাপায়। সহপাঠীসকলৰ মাজত নিজকে খাপ খুৱাব নোৱাৰি তেওঁ ক্ৰমে অকলশৰীয়া হৈ পৰে। এনে অৱস্থাতেই তেওঁৰ জীৱনত একমাত্ৰ সংগী হিচাপে উপস্থিত হয় ওচৰৰ ঘৰৰ এগৰাকী বিবাহিতা মহিলা—যি বয়সত প্ৰায় মাকৰ সমান। প্ৰথমে সাধাৰণ কথোপকথনৰ ৰূপত আৰম্ভ হোৱা এই মিলনসমূহ ধীৰে ধীৰে এক গোপন আৰু জটিল সম্পৰ্কলৈ ৰূপান্তৰিত হয়। এই সম্পৰ্কৰ গভীৰতা বা অৰ্থ ইষ্টভানে নিজেও স্পষ্টকৈ বুজি নাপায়, কিন্তু ইয়াৰ ফলস্বৰূপে তেওঁৰ জীৱন লাহে লাহে তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। ইষ্টভান কিছুকাল এটা কিশোৰ সংশোধন কেন্দ্ৰত কটায়, তাৰ পাছত হাংগেৰীয় সেনাবাহিনীৰ অংশ হিচাপে ইৰাক যুদ্ধতো অংশগ্ৰহণ কৰে। এই দুয়োটা অভিজ্ঞতা উপন্যাসত পোনপটীয়াকৈ দেখুওৱা নাই—পটভূমিতেই ঘটে। তাৰ পাছত যেতিয়া আমি আকৌ ইষ্টভানক দেখা পাওঁ, তেওঁ লণ্ডনৰ এটা ক্লাবত দাৰোৱান হিচাপে কাম কৰি আছে। পাছলৈ তেওঁ এজন অস্বাভাৱিকভাৱে ধনী মানুহৰ চালক হিচাপে চাকৰি পায়। ধীৰে ধীৰে তেওঁ নিজেও অস্বাভাৱিকভাৱে ধনী হৈ উঠে। সময় বাগৰি যোৱাৰ লগে লগে, একবিংশ শতিকাৰ ধন-সম্পদ আৰু ক্ষমতাৰ প্ৰৱল সোঁতত ইষ্টভান ক্ৰমে ওপৰলৈ উঠি যায়। সেনাবাহিনীৰ কঠোৰ জীৱনৰ পৰা আৰম্ভ কৰি লণ্ডনৰ অতি ধনী আৰু ক্ষমতাশালী সমাজলৈ তেওঁৰ যাত্ৰা বিস্তৃত হয়। ভালপোৱা আৰু ঘনিষ্ঠতাৰ আকাংক্ষা, আনফালে মৰ্যাদা আৰু ঐশ্বৰ্যৰ মোহ—এই পৰস্পৰ-বিৰোধী বাসনাবোৰে তেওঁক অকল্পনীয় সফলতা আৰু ধন-সম্পদৰ শিখৰত উপনীত কৰায়। কিন্তু যিবোৰ ইচ্ছাই তেওঁক ওপৰলৈ তুলি নিছিল, শেষলৈ সেইবোৰেই ধীৰে ধীৰে তেওঁৰ জীৱন ভিতৰৰ পৰা ক্ষয় কৰি পেলোৱাৰ আশংকা সৃষ্টি কৰিলে।

ইষ্টভানক নৈতিকভাৱে বাহ্যিক কামত পাঠকে দেখা পায়—হিংসা, আকস্মিক যৌনতা, খোৱা-বোৱা, ধূমপান ইত্যাদি। তেওঁ বেছি কথাও নকয়, কেৱল “ঠিক আছে” বা “হয়” জাতীয় চুটি বাক্যহে কয়। তেওঁৰ বাহ্যিক ৰূপ, অন্তৰৰ অনুভৱ একোৱেই কিতাপখনে স্পষ্টকৈ প্ৰকাশ নকৰে। উদাহৰণস্বৰূপে, তেওঁৰ যুৱ অপৰাধীৰ ঘৰত থকা দিনবোৰ বা তেওঁৰ পিতৃৰ বিষয়ে তথ্য উপন্যাসত অনুপস্থিত। পাঠকে কেৱল জানিব পাৰে যে ইষ্টভান শাৰীৰিকভাৱে বলিষ্ঠ, সাহসী আৰু মহিলাসকলে তেওঁক আকৰ্ষণীয় বুলি বিবেচনা কৰে। ইয়াত যৌনতা, প্ৰতাৰণা, হত্যা আৰু যুদ্ধৰ দৰে কঠিন বিষয় আছে, কিন্তু লেখকে সেয়া বহু সহজ, সংক্ষিপ্ত আৰু চোকাকৈ বর্ণনা কৰিছে। লেখকে যেন ইচ্ছাকৃতভাৱে ভালেমান কথা গোপনে ৰাখি কেৱল জীৱনৰ কঠিন সত্যবোৰকহে পোহৰলৈ আনিছে। যেন তেওঁ নিজেও নিজৰ ভিতৰৰ কথা সম্পূৰ্ণভাৱে নাজানে। এই কাৰণেই কাহিনীত কেৱল বাহিৰত দেখা আচৰণ, অৱস্থা আৰু ঘটনাসমূহেই উদ্ভাসিত হয়—এয়া অত্যন্ত সংযত, শুদ্ধ বাস্তৱতাবাদৰ এক উৎকৃষ্ট উদাহৰণ। তথাপিও, এই দেখিবলৈ সাধাৰণ ঘটনা-চিত্ৰনৰ অন্তৰত উপন্যাসখনে এটা গভীৰ, দীৰ্ঘশ্বাসৰ কাহিনী মুকলি কৰি দিয়ে, যিয়ে অনুভৱবোৰ নিৰৱ, কোমল, স্পষ্টকৈ নকলেও, পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়। শ্বালেই ইষ্টভানৰ দৰে সাধাৰণ ব্যক্তিকো প্ৰায় মহাকাব্যৰ চৰিত্ৰৰ দৰেই এক মহত্ব দিছে—কাৰণ উপন্যাসখনে প্ৰধানকৈ এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে—জীৱিত থকাৰ অৰ্থ কি?

উপন্যাসখনে মানুহৰ জীৱন আৰু শৰীৰৰ কঠোৰ সত্যক স্পষ্টভাৱে টুকুৰা-টুকুৰকৈ উদ্ঘাটন কৰিছে, যেন পাঠকে প্ৰত্যেকটো দিশ স্পষ্টকৈ উপলব্ধি কৰিব পাৰে। এই দৃষ্টিভংগীয়ে আমাক দেখুৱাই যে সকলো মানুহৰ মৌলিক অভিজ্ঞতা একেই। সুখ, বেদনাৰ তীব্রতা, হিংসা, দুখৰ গভীৰতা—এই সকলো অনুভৱ আমি ভাগ কৰি লৈছোঁ।

“দ্য গাৰ্ডিয়ান” কাকতে কিতাপখনক এজন মানুহৰ উজ্জ্বলভাৱে সংযত প্রতিকৃতি আৰু জীৱিত থকাৰ অৰ্থ কি—তাৰ আকর্ষণীয় অনুসন্ধান বুলি উল্লেখ কৰাৰ বিপৰীতে “দ্য ছানডে টাইমছ” কাকতে প্ৰশংসা কৰে যে কেনেকৈ ডেভিদ শ্বালেই আধুনিক মানুহৰ তিনিটা জীৱন-পৰ্যায় দেখুৱাবলৈ মাত্ৰ এটা চৰিত্ৰ—ইষ্টভানক ব্যৱহাৰ কৰিছে যাৰ বাবে উপন্যাসখনে এক গভীৰতা পাইছে। উপন্যাসখন লিখিবলৈ শ্বালেই প্ৰেৰণা পাইছিল হাংগেৰী আৰু ইংলেণ্ডৰ মাজৰ সাংস্কৃতিক-অৰ্থনৈতিক পাৰ্থক্যৰ পৰা। তেওঁ কৈছে যে তেওঁ জীৱনটোক শাৰীৰিক অভিজ্ঞতা হিচাপে বুজিবলৈ বিচাৰিছিল, আৰু এই পৃথিৱীত জীৱন্ত দেহ হিচাপে থকা মানে কি—সেইটো অনুসন্ধান কৰিবলৈ চেষ্টা কৰিছিল। কিতাপখনে বুকাৰ বঁটা লাভ কৰাৰ পিছত “দ্য কমিটমেণ্টছ”-ৰ লেখক আৰু বিচাৰকমণ্ডলীৰ নেতৃত্ব দিয়া ৰডীডয়েলে কয়, “পৃষ্ঠাত থকা খালী ঠাইখিনি ইমান ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা উপন্যাস মই কেতিয়াও পঢ়া নাই বুলি ভাবোঁ। উপন্যাসখনৰ বিষয়ে আমি যিটো বেছি ভাল পাইছিলোঁ সেয়া আছিল ই অগতানুগতিক আৰু অনন্য। কাহিনীটো গুৰুতৰ, দুখজনক বা আমনিদায়ক বিষয়বস্তুৰ সৈতে জড়িত। ই লঘু, আনন্দময় বা হাস্যৰসময়ী নহয়”। অন্য বিচাৰকসকলৰ ভিতৰত আছিল লেখক আয়োবামি আডেবায়ো, সমালোচক ক্ৰিছ পাৱাৰ, লেখক কিলি ৰিড আৰু অভিনেত্ৰী-প্ৰযোজক চাৰা জেচিকা পাৰ্কাৰ।

জীৱনৰ দৰেই এই উপন্যাসখনত কোনো দুটা সম্পৰ্ক কেতিয়াও একে নহয়। পাঠকে বহু সময়ত ধাৰণা কৰিব নোৱাৰে—কোন বন্ধু হ’ব, কোন বিৰোধী, কোন নিয়োগকৰ্তা বা কোন প্ৰেমিক—কাৰণ এই অনিশ্চয়তা ইষ্টভানে নিজেও বহন কৰি ফুৰে। আৰু, স্বীকাৰ কৰিবই লাগিব—ইয়াৰ মাজত কিবা এটা গভীৰভাৱে অস্বস্তিকৰ, একে সময়তে মোহময় আকৰ্ষণ লুকাই আছে। তথাপিও, ইয়াত কিবা এটা সৎ কথা আছে— একধৰণৰ নিৰৱ সততা আৰু এই সততাই হ’ল উপন্যাসখনৰ গভীৰতা।

শ্বালেই বিবিচিক দিয়া এক সাক্ষাৎকাৰত কয় যে পুৰস্কাৰ লাভ কৰাৰ পিছত তেওঁ অলপ স্তম্ভিত অনুভৱ কৰিছে, আৰু কি হৈছে সেয়া সম্পূৰ্ণৰূপে বুজিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ’ব। এই বঁটাৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে ডেভিদ শ্বালে আধুনিক ইউৰোপীয় সাহিত্যৰ এক গুৰত্বপূৰ্ণ কণ্ঠ, আৰু Flesh হ’ল মানুহৰ জীৱন, শৰীৰ আৰু অস্তিত্বৰ ওপৰত এক সাহসী আৰু সম্পূর্ণ নতুন দৃষ্টিভংগী।

Leave a Reply

Your email address will not be published. Required fields are marked *