ৰঘুমলা ।। বৰ্ণালী ফুকন
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
বিকাশ শইকীয়াই যোৱা কেইদিনমানৰ পৰা যেন অলপ অস্থিৰতাত, বিষণ্ণতাত ভুগিছে। তেওঁৰ দৰে সফল ব্যৱসায়ী এজনৰ জীৱনত অস্থিৰতা বাৰু স্বাভাৱিক, কিন্তু বিষণ্ণতা? তেওঁকতো সকলোৱে এজন সকলোফালেই সুখী ব্যক্তি বুলি, সমাজৰ গণ্যমান্য ব্যক্তি বুলি গণ্য কৰে। দেউতাকৰ দিনৰে ব্যৱসায় তেওঁলোকৰ, গতিকে তেওঁৰ শৈশৱ, কৈশোৰ, যৌৱন সকলো সুখৰ মাজেৰেই পাৰ কৰিছে। তেওঁ এমবিএ পঢ়ি দেউতাকৰ ব্যৱসায়ত হাত দিয়াৰ পৰা দোপতদোপে উন্নতি কৰিছে, দেউতাক অনিল শইকীয়াই প্ৰতিষ্ঠা কৰা শইকীয়া ইণ্ডাষ্ট্ৰীক আৰু প্ৰসাৰিত কৰিছে।
যৌৱনত প্ৰেমতো তেওঁ বিফল হোৱা নাই। কলেজীয়া দিনৰে সুন্দৰী প্ৰেমিকা মালাক পত্নীৰূপে জীৱনলৈ আদৰা ২৫ বছৰেই হ’ল। কিন্তু মালাক দেখিলে কোনেও ক’ব নোৱাৰে তেওঁৰ বয়সৰ কথা। নিয়মিত যোগাভ্যাস, সুষম খাদ্য তথা নামী-দামী সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ মতে কৰা নিয়মিত শৰীৰৰ যত্নই তেওঁক যেন ৩৫ বছৰমানতে বান্ধি ৰাখিছে। ক’ৰবালৈ ওলাই গ’লে তেওঁক অচিনাকি মানুহে ল’ৰা নিবিড়ৰ বায়েক বুলিয়ে ভুল কৰে। অৱশ্যে স্বাস্থ্যৰ প্ৰতি বিকাশ শইকীয়াও সচেতন। আজিও দুয়ো দৈনিক যোগাভ্যাসেৰে দিনটোৰ আৰম্ভণি কৰে। দিনটোৰ প্ৰতিসাজ আহাৰেই বহু বছৰৰ পৰা খাই আহিছে নিউট্ৰিছনিষ্টৰ পৰামৰ্শ মতে। গতিকে তেওঁ তেওঁৰ বয়সৰ আন বহু লোকৰ দৰে প্ৰেচাৰ-চুগাৰৰ সমস্যাত ভুগিব লগা হোৱা নাই।
একমাত্ৰ ল’ৰা নিবিড়েও সুখ্যাতিৰেই পঢ়া-শুনা শেষ কৰি তেওঁক ব্যৱসায়ত সহায় কৰা আৰম্ভ কৰিছে। নিজাববীয়াকৈ আৰম্ভ কৰা চাহবাগানখনৰ পৰাও সি লাভৰ মুখ দেখিছে। যোৱাবছৰ সিয়েই মাক-দেউতাক দুয়োকে চিংগাপুৰ ফুৰাবলৈ নিছিল। ডাঙৰ হোৱাৰ পিচতো আজিও সদায় কামৰ পৰা আহি ঘৰ সোমাই মাক-দেউতাকৰ লগত কিছু সময় কটায়, দিনটোৰ কথাবোৰ সোধে, নিজৰ কথাও কয়। বিশেষকৈ মাকৰ লগত তাৰ সৰুৰে পৰাই বন্ধুৰ দৰে সম্পৰ্ক। ৰাতিৰ ভাতসাজ অন্ততঃ প্ৰায়েই তিনিও একেলগেই খায়। গতিকে সন্তানৰ ফালৰ পৰা পাবলগীয়া সুখখিনিও তেওঁ পাইছে।
সেয়ে তেনে এজন সকলোফালেই সুখ পোৱা, জীৱনৰ পৰা পাবলগীয়া সকলোখিনি পোৱা এজন মানুহ বিষণ্ণতাত ভোগাটো নিশ্চয় আচৰিত হ’বলগীয়া কথাই। ঘৰৰ দুজন সদস্য, বহুদিনৰ পৰাই তেওঁলোকৰ ঘৰতে থাকি কামবন কৰি ঘৰৰ সদস্যৰ দৰে হৈ পৰা আঘোণী বাই, আনকি তেওঁ নিজেও আচৰিত। ক’ৰপৰা কেনেকৈনো কথাটোৰ আৰম্ভণি হ’ল কোনেও আগগুৰি একো ধৰিব পৰা নাই। পুতেকে কামৰ পৰা আহি দুয়ো ঘৰ সোমোৱাৰ পিছত মন ভাল লাগক বুলি আৰু কিছু দেৰি সংগ দিয়া আৰম্ভ কৰিছে। নিজে বহুদিন পাকঘৰৰ মুখ নেদেখা সৌন্দৰ্য সচেতন পত্নী মালায়ো নিজে নাৰান্ধিলেও আঘোণী বাইৰ হতুৱাই তেওঁ ভালপোৱা হাঁহ-কোমোৰাৰ জোল, শুকান খৰিচাৰে ৰন্ধা মাগুৰ মাছ বা বিলাহী দিয়া মগু দাইলৰ পৰা আৰম্ভ কৰি বাটাৰ চিকেন, ডমিনজৰ পিজ্জা, কেএফচিৰ বাৰ্গাৰ আৰু মাংস অৰ্ডাৰ কৰি আনি নিউট্ৰিছনিষ্টৰ হকাবধাক আওকাণ কৰি হ’লেও খাবলৈ যতনাই দিছে। মাজে-সময়ে দুয়ো গাড়ীখনলৈ অত-ত’ত ফুৰিবলৈ বুলিও গৈছে। নাই, কোনো কথাই তেওঁৰ মনৰ পৰা বিষাদৰ ছাঁ আতৰাব পৰা নাই। বিষাদৰ কলীয়া ডাৱৰে তেওঁৰ মন-মগজু আচ্ছন্ন কৰিছে।
দৰাচলতে কিছুদিন পূৰ্বে তেওঁৰ স্কুলীয়া দিনৰে সহপাঠী বকুল বৰুৱাৰ মৃত্যু হ’ল। সহপাঠী হ’লেও তেওঁৰ সৈতে শইকীয়াৰ বৰ বিশেষ সম্পৰ্ক নাছিল। বিদ্যালয়ত অধ্যয়নৰত অৱস্থাতো তেওঁ বকুলক গুৰুত্ব দিয়া নাছিল। চহা খেতিয়ক এজনৰ ল’ৰাৰ সৈতে আৰু মুখত সোণৰ চামুচ লৈ ওপজা বিকাশ শইকীয়াই বন্ধুত্ব স্থাপন কৰিবনে! দুখীয়া খেতিয়ক পিতৃৰ সন্তান বকুলে পঢ়া-শুনা সমাপ্ত কৰি হাইস্কুল এখনৰ শিক্ষক হৈছিল। স্বাভাৱিকতেই নিজৰ ষ্টেণ্ডাৰ্ডৰ মানুহৰ সৈতেহে মিলামিছা কৰা বিকাশ শইকীয়াই তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। পিছে সিদিনা ৰাতিপুৱাই ঘৰৰ সন্মুখেৰে এটি মৃতদেহলৈ মানুহৰ এটা সমদল যোৱা দেখিলে। বহুজনে স্থানীয় হাইস্কুলখনলৈ গৈ পুষ্পাঞ্জলি দিয়া দেখি খবৰ লওঁতেহে গম পালে, তেওঁৰে লগৰ বকুল বৰুৱা ঢুকাল। কথাটোৱে পিছে তেওঁৰ মনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। যিহেতু মানুহজনৰ লগত তেওঁৰ বৰ বিশেষ সম্পৰ্কও নাছিল।
সেইকেইদিন বৰ গৰম হৈছিল বাবে পিছবেলালৈ তেওঁ সপত্নীক দাৰ্জিলিং ভ্ৰমণলৈ ওলাল। প্ৰায় ১৫ দিনৰ পিছত ঘূৰিপকি আহি তেওঁ আগফালৰ বিশাল ল’নখনৰ একাষে থকা জাপিটোৰ তলৰ গাৰ্ডেন চেয়াৰখনত বহি পুৱাৰ বাতৰি কাকতখন মেলি লওতে লগতে এখন সৰু স্মৃতিগ্ৰন্থও পালে। স্থানীয় লোকসকলে বকুল বৰুৱাৰ স্মৃতিত প্ৰকাশ কৰিছে। তেওঁৰ পত্নী আৰু ছোৱালী দুজনীৰ উপৰিও আন বহুকেইজন স্থানীয় ব্যক্তিয়ে বৰুৱাৰ সাহিত্যৰাজিৰ ভূয়সী প্ৰশংসা কৰি কেইবাটাও লিখনি লিখিছে। স্মৃতিগ্ৰন্থখন ঘূৰাই-পকাই কেইবাবাৰো পঢ়ি তেওঁ কিছুপৰ চকু দুটা মুদি চকীখনতে বহি ৰ’ল।
তাৰ পিছৰে পৰাই তেওঁৰ এই বেমাৰটোৱে উক দিলে। মানুহজনে মাজে মাজে বিষণ্ণ মনেৰে জুপুকা মাৰি বহি থকা হ’ল। সকলোৱে সুধি সুধিও কাৰণটো উলিয়াব নোৱাৰিলে। এবাৰ মালা শইকীয়াই স্মৃতিগ্ৰন্থখন দেখি ভাবিলে সমবয়সৰ মানুহ এজন ঢুকুৱা দেখি তেৱোঁ নিজৰ কিবা এটা হ’ব পাৰে বুলি হয়তো ভয় খাইছে। সেই কথা পুতেকক কোৱাত সি সোনকালেই তেওঁক চিকিৎসালয়লৈ নি হোল বডি চেক আপ এটা কৰাই আনিলে। দুই-এটা সাধাৰণ বয়সৰ বাবে হোৱা বিসংগতিক বাদ দি কোনো বিশেষ সমস্যা নাই বুলি ডাক্তৰেও জনালে। গতিকে পত্নী-পুত্ৰ দুয়োৱে সেইদিনাৰ পৰা তেওঁক অযথা চিন্তা বাদ দি মনতো ফৰকাল কৰিবলৈ ক’লে।
তেওঁলোকৰ কথা শুনি শইকীয়াই ভাবিলে, “মই কি চিন্তাত আছোঁ তহঁতে কি বুজিবি!” কিন্তু তেওঁৰ দৰে সুখ বিচাৰিবলৈ জনা মানুহ এজনে কেৱল চিন্তা এটা মনত লৈ বহিয়ে নাথাকে, তাৰ প্ৰতিকাৰো বিচাৰে। তেৱোঁ নিজৰ মনৰ বেমাৰৰ ঔষধ সোনকালেই বিচাৰি ল’লে।
বহুমাহ পিছত আজি কিতাপ এখন হাতত লৈ তেওঁ ল’নখনৰ জাপিটোৰ তলতে বহিল। ৰান্ধনি বেলিৰ হেঙুলীয়া কিৰণে জাপিটোত বগাই বগাই ফুলা নিয়ৰমালতীৰ কমলাৰঙী ফুলবোৰক আৰু উজ্জ্বল কৰি তুলিছে। লগতে সুন্দৰকৈ উজলাইছে তেওঁৰ হাতৰ কিতাপখনৰ নামটোও, ‘সংগ্ৰাম’। তলত জিলিকিছে লেখকৰ নাম ‘বিকাশ শইকীয়া’। সফল ব্যৱসায়ীজনে জলক-তবক বৈভৱৰ দিপ্তীৰে আলোকিত জীৱন যাপনৰ পিছতো সাধাৰণ চহা জীৱনৰ সংগ্ৰামৰ কাহিনী কিদৰে ইমান সাবলীল, হৃদয়স্পৰ্শী ভাষাৰে বৰ্ণনা কৰিছে সেই লৈ কৌতুহল সকলোৰে। তেওঁৰ কলমৰ যাদুত সকলো বিমুগ্ধ। ব্যৱসায়ী বিকাশ শইকীয়া এতিয়া সাহিত্যিক বিকাশ শইকীয়া ৰূপেও পৰিচিত হৈছে। বিভিন্ন সভা সমিতিলৈয়ো তেওঁ নিমন্ত্ৰণ পায়, বাতৰি-কাকততো তেওঁৰ সাহিত্যকৰ্মৰ বিষয়ে প্ৰকাশ পাইছে। অৱশ্যে বাতৰি-কাকতত খবৰ প্ৰকাশ কৰাতো তেওঁৰ বাবে কোনো ডাঙৰ কথা নহয়। নিজৰ ব্যৱসায়ৰ বাবে বহু বছৰ জুৰি তেওঁ বাতৰি-কাকতত বিজ্ঞাপন প্ৰকাশ কৰি আহিছে। গতিকে সাংবাদিকক কিদৰে সন্তষ্ট কৰিব লাগে তেওঁ ভালদৰেই জানে। কিতাপখন উন্মোচন কৰাৰ দিনা উপস্থিত কেউজন সাহিত্যিক তথা সমালোচককো তেওঁ সঁফুৰা, চেলেঙৰ উপৰিও শকত বগা খাম একোটিও যাচিছে। তদুপৰি এই কেইদিন তেওঁক সভালৈ আমন্ত্ৰণ জনোৱা প্ৰতিটো প্ৰতিষ্ঠানলৈও আগ বঢ়াইছে বৃহৎ বৰঙনি। অনুষ্ঠানৰ বিষয়ববীয়াসকলক ব্যক্তিগতভাৱেও বহুকেইটি দামী উপহাৰ দিছে। কিতাপখনো তেওঁ প্ৰকাশ কৰাইছে নিজা খৰচতেই।
গতিকে যোৱা কেইমাহত তেওঁৰ খৰচ ভালেখিনি হ’ল। কিন্তু তাকলৈ তেওঁ চিন্তিত নহয়। ধননো কি, গোটেই জীৱন তেওঁ সোঁৱে-বাঁৱে ঘটিছে। যোৱা কিছুমাহৰ বিষণ্ণ ভাবটো এতিয়া তেওঁৰ মনত নাই। সেইদিনা বকুল বৰুৱাৰ মৃত্যুত প্ৰকাশিত স্মৃতিগ্ৰন্থখন পঢ়ি তেওঁ চিন্তাত মগ্ন হৈছিল। প্ৰথমবাৰৰ বাবে নিজতকৈ তলখাপৰ বুলি ভবা মানুহ এজনৰ লগত নিজক তুলনা কৰি চাইছিল। তেওঁৰ ঘৰটো এই অঞ্চলৰ ভিতৰতে এটি জাকত-জিলিকা ঘৰ। ঘৰৰ সন্মুখত দুখনকৈ দামী গাড়ী, বৃহৎ ল’নখন, মালীয়ে যতন লোৱা নানাবিধ ফুলেৰে সুশোভিত সুন্দৰ ফুলনিখন, বেঙুনীয়া বগেনভেলীয়াজোপাৰে তোৰণৰ দৰে হৈ পৰা গেটখন, তথা পত্নী মালাই বাচি বাচি কিনা দেশী-বিদেশী বিলাসী সামগ্ৰীৰে সজোৱা তেওঁৰ তিনিমহলীয়া ঘৰটো সকলোৱে সহজেই চিনি পায়। কিন্তু এই সকলোবোৰৰ বাবে জানো তেওঁৰ মৃত্যুৰ পিছত সাধাৰণ লোকসকলে তেওঁৰ মৃতদেহত পুষ্পাঞ্জলি যাচিব? যদি তেওঁ মৰিলে পুতেকে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কথা ভাবে তাত তেওঁৰ বিষয়ে কোনে কি লিখিব? এটা তিনিমহলীয়া ঘৰৰ, দুখন বিলাসী গাড়ীৰ মালিক! তাৰমানে তেওঁৰে সহপাঠী, তেওঁ জীৱনত কোনোদিন গুৰুত্ব নিদিয়া মানুহ এজনৰ সন্মুখত তেওঁ নিস্প্ৰভ হৈ যাব!
এই সকলোবোৰ কথাৰ বাবেই তেওঁৰ হৃদয়ৰ এটা কোণত আজিলৈকে থিতাপি নোলোৱা বিষণ্ণতা নামৰ চৰাইটিয়ে এটি-দুটিকৈ কুটা কঢ়িয়াই বাহ এটি সজা আৰম্ভ কৰিছিল। কিন্তু তেওঁ কেতিয়াও জীৱনত হাৰিবলৈ শিকা নাই। সমস্যাক কেনেকৈ পুলিয়ে পোখাই উভালি পেলাব লাগে তেওঁ ভালকৈয়ে জানে। ব্যৱসায়িক জীৱনত চলে-বলে কতটা চুক্তি সম্পন্ন কৰিলে, চলে-বলে কত দুখীয়া লোকৰ সম্পত্তি দখল কৰিলে! তাৰ বাবে আইনৰ হাতোৰাৰ পৰা হাত সাৰিবলৈ আইনৰ তথাকথিত ৰক্ষকসকলক নানা ধৰণে সন্তুষ্টও কৰিলে।
সিদিনা তেওঁ এফালে যাবলৈ সাজু হৈ থকাৰ সময়ত তেওঁৰ বাবে অপেক্ষাৰত ব্যক্তিগত ড্ৰাইভাৰজনে ঘৰত মূলতঃ সজাবৰ বাবেই ব্যৱহাৰ কৰা বৃহৎ উপন্যাস এখনৰ পৃষ্ঠাত নিমগ্ন হৈ থাকোতেই কথাটো তেওঁৰ মনলৈ আহিল। ড্ৰাইভাৰ হ’লেও সি অসমীয়াৰ স্নাতক। ঘৰৰ বেয়া আৰ্থিক অৱস্থাৰ বাবে সি পঢ়া সিমানতে সামৰিবলগীয়া হৈছিল। চাতকৈ তেওঁৰ এদিন মনত পৰিছিল, গাড়ীত থকা বগা কাগজ এখনতে সি এদিন কিবা এটা লিখি থকা তেওঁ দেখিছিল। কি লিখিছে তেওঁ মন দিয়া নাছিল, কিন্তু সেইদিনা মনত পৰাত তেওঁ লৰালৰিকৈ গৈ গাড়ীৰ আসনৰ পিছফালে এতিয়াও সোমাই থকা বগা কাগজখন মেলি চাইছিল। তাৰ পিছতেই তেওঁ কৰিছিল সমগ্ৰ পৰিকল্পনাটো।
তাৰলগত পিছে তেওঁৰ বহুখিনি খৰচ হ’ল। তাৰ ৰুগীয়া মাকৰ চিকিৎসাৰ দায়িত্ব, তাৰ ল’ৰাটোৱে হায়াৰ চেকেণ্ডাৰী পঢ়ালৈকে পঢ়াৰ সমস্ত খৰচ, এইবোৰত জানো কমসোপা টকা পানী হ’ব! তথাপিও বিকাশ শইকীয়াই বৰ বিশেষ নাভাবিলে। কিবা এটা পাবলৈ হ’লেতো কিবা এটা দিবই লাগিব। টেঙৰ ব্যৱসায়ী মানুহ তেওঁ, ৰঘুমলাই গছ এজোপাক চেপাৰ দৰে তেৱোঁ মানুহক চেপি চেপি নিজৰ প্ৰয়োজনীয়খিনি উলিয়াই ল’ব জানে। সেয়া ব্যৱসায়ৰ বাবেই হওক কিম্বা ব্যক্তিগত লাভালাভৰ বাবেই হওক। ড্ৰাইভাৰ ল’ৰাটোৰ জোৰা-টাপলি মৰা আৰ্থিক অৱস্থাৰ উমান পাই তেওঁ তাৰ জীৱনটোক ৰঘুমলাৰ দৰে দ্ৰুতগতিত পোখা মেলি ছানি ধৰিলে, নিজৰ প্ৰয়োজন হোৱা সকলোখিনি উলিয়াবলৈ তাৰ জীৱনটোক তেওঁ কুঁহিয়াৰ চেপা দিলে। প্ৰয়োজনীয় সমস্ত ৰঘুমলাৰ দৰে শুহি শুহি লোৱাৰ পিছতহে তেওঁ ক্ষান্ত হ’ল। অৱশ্যে তেওঁ নিজকে ৰঘুমলা বুলি নাভাবে। তেওঁৰ বাবে এয়া সহজীৱিতাহে মাথো। ড্ৰাইভাৰজনৰ পৰা পোৱা সহায়ৰ বিনিময়ত তেৱোঁ তাৰ জীৱনত যথেষ্টখিনি সকাহ দিলে।
ল’ৰাজনলৈ তেওঁ বহুখিনি টকা আগ বঢ়াবলগীয়া হ’ল, কিন্তু সেই দানৰ বিনিময়ত তেওঁ যি সম্পদ পালে সেয়া তেওঁৰ বাবে বৰ্তমান অতিকৈ প্ৰয়োজনীয়। জীৱনৰ প্ৰতিটো খোজ অতি সাৱধানেৰে দি, প্ৰাপ্তিৰে ওপচা জীৱনেৰে সুখী মানুহৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিকাশ শইকীয়াই এজন সাধাৰণ মানুহৰ সন্মুখততো কেতিয়াও হাৰি যাব নোৱাৰে।
আজি তেওঁ জীৱনৰ পৰা সকলোখিনি পালে। সফল ব্যৱসায়ীৰূপে নাম, পত্নী-পুত্ৰৰ মৰমেৰে ওপচা জীৱন আৰু শেহতীয়াকৈ এজন সাহিত্যিকৰূপে সৰ্বোত্তম প্ৰাপ্তি। সঁচাকৈয়ে তেওঁ আজি সুখী। বুকুৰ কোনোবা এচুকত গঁজালি মেলা দুখ নামৰ পুলিটোক তেওঁ ৰঘুমলা হৈ চেপিলে। বিষাদৰ কলীয়া ডাৱৰ ঠেলি এতিয়া তেওঁৰ হৃদয়ৰ আকাশত বলিছে সুখৰ মলয়া বতাহ, কেৱল সুখৰ মলয়া বতাহ।
ভিতৰলৈ সোমাই গৈ তেওঁ দামী সুৰাৰ বটল এটা খুলি ল’লে। এই সময়ত তেওঁ নিচাত আচ্ছন্ন হোৱাতো প্ৰয়োজনীয়। কাৰণ সকলোকে ফাঁকি দিলেও নিজৰ মনটোক ফাঁকি দিয়াটো যে অসম্ভৱ।


বৰ সুন্দৰ লিখিছা ৷ সাৱলীল গতি পাইছে তোমাৰ চিন্তাই ৷ লিখি যোৱা ৷শুভকামনা সদায় আছে ৷