বৰবাবুৰ চকী ।। উৎপল বৰকটকী
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
(চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ হাতত)
আপুনি যিখন চকীত বহি আছে
সেইখন আপোনাৰ চকী।
সেইখন আপোনাৰ কষ্টোপাৰ্জিত চকী,
মই জানোঁ—
আমি সকলোৱে জানোঁ।
চকীবোৰ কাৰো স্থায়ী নহয়।
চকীবোৰ সলনি নহয়।
সলনি হয় চকীত বহা মানুহ!
মই মানুহক সন্মান কৰোঁ,
শ্ৰদ্ধা কৰোঁ,
মই চকী চাই মানুহক সন্মান নকৰোঁ।
আপুনি মোক শিকালে চকী আৰু মূঢ়াৰ পাৰ্থক্য—
এতিয়া মই চকীক সন্মান কৰিব ধৰিছোঁ।
মানুহবোৰতো সলনি হৈয়ে থাকে!

