বিবিধ চিন্তা

বৰ্ণবৈষম্য ‍: ঔপনিৱেশিক সময়ৰ পৰা বৰ্তমানলৈ (ৰূপালীম দত্ত)

[১]

সোণ যেন লগা একোটা সুন্দৰ পাত্ৰত ভৰি থৈ চাফাই কৰ্মীকেইজন বহি আছে। আৰু ডিজিটেল ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰীজনে তেওঁলোকৰ চৰণযুগল ধুৱাই আছে। যন্ত্ৰৰ দ্বাৰা লেতেৰা চাফা কৰি কৰ্মীসকলৰ কৰ্মক সকাহ দিয়া আৰু জাতিভেদৰ ময়লা ভাৰতীয়ৰ অন্তৰৰ পৰা ধুই নিকা কৰাৰ বাবে উদ্যোগ লোৱা এই দুয়োটাই অত্যন্ত দুৰূহ কাম। তাতোকৈ সহজ কাম হ’ল কেমেৰা আৰু সাংবাদিক লৈ দুজনমান চাফাই কৰ্মীৰ ভৰি ধুৱাই দিয়া। এনেকৈয়ে লাইট-কেমেৰা একচনৰ চমৎকাৰ আৰু আবেগৰ জোৱাৰ।

[২]

ভাৰতৰ দলিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশৰ পূৰ্বে ব্ৰাহ্মণৰ দ্বাৰা শুদ্ধ কৰোৱা হ’ল। নতুন সাংসদভৱন উদ্বোধন ব্ৰাহ্মণ পণ্ডিতৰ এক বৃহৎ দলৰ দ্বাৰা পৰিবেষ্টিত পৰিৱেশত দলিত মহিলা ৰাষ্ট্ৰপতিক আঁতৰাই ৰখা হ’ল। বৰ্ণবৈষম্যক ঢাকোন দিবলৈ দলিত ৰাষ্ট্ৰপতি নিৰ্বাচন কৰাটো সহজই হয়—যদিহে শুভ-অশুভৰ বিধানবোৰ এনেদৰে মানি চলা হয়।

[৩]

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক দেখা কৰিবলৈ দলিত সম্প্ৰদায়ৰ কেইজনমান লোক আহিল। কাজেই প্ৰশাসনৰ উদ্যোগত তেওঁলোকক চাবোন চেম্পু বিতৰণ কৰা হ’ল। ভোটৰ অংকত অনিচ্ছা সত্বেও কিছুমান কামত মন-মগজ খটুৱাই সহজ কৰি লোৱাৰ পদ্ধতি এয়া। ঘটনাটোৰ দ্বাৰা কোন প্ৰকৃততে পৰিষ্কাৰ, কোন লেতেৰা— তাক বুজিব পৰাকৈ সমৰ্থবান কোনো মানুহ অৱশ্যেই তেওঁলোকে ৰখা নাই। সকলো হিন্দুত্বৰ নিচাৰে নিচাগ্ৰস্ত অমানুহ।

উল্লিখিত ঘটনাকেইটা বৰ্ণবৈষম্যৰ নিষ্ঠুৰ উদাহৰণ নহয়। বৰঞ্চ বৰ্ণবৈষম্য নাই বুলি প্ৰমাণ কৰিবলৈ ৰাষ্ট্ৰই ঘটোৱা ঘটনাৰ উদাহৰণহে। আনহাতে বৰ্ণবৈষম্যৰ বলি দলিতৰ শোষণ, হত্যা, দলিত নাৰীৰ ধৰ্ষণ, উলংগ পেৰেট, আত্মহত্যাৰ বাবে বাধ্য কৰোৱা ইত্যাদি নিতৌ  হাজাৰ-বিজাৰ ঘটনাৰে একোখন বৃহৎ কিতাপ লিখা হৈ যায়। ভিন্ন যুগ, ভিন্ন পৰিস্থিতি, আইন আদালত একোৱেই উৎখাত কৰিব নোৱৰা পইতাচোৰা সদৃশ ভাৰতৰ সমস্যাটোৱেই হৈছে বৰ্ণবৈষম্য তথা জাতিবিদ্বেষ। পিছে সাম্প্ৰতিক সময়ত ধৰ্মক হাতিয়াৰ কৰি ৰাষ্ট্ৰ চলোৱাসকলৰ বাবে জাতিবিদ্বেষ সমস্যা নহয়—হৈ পৰিছে পৰম সম্পদ।

অথচ ঔপনিৱেশিক ভাৰতত বৰ্ণবৈষম্যৰ বিৰুদ্ধে জাগৰণ আৰু স্বৰাজোত্তৰ কালত বৈষম্যবিৰোধী আইনৰ কথা আমি জানোঁ। বৃটিছৰ উদ্যোগতেই ভাৰতত চাহ, কফি, কয়লা, পেট্ৰ’লিয়াম, লোহা, ৰে’ল, মৰাপাটকে ধৰি বিভিন্ন উদ্যোগৰ আৰম্ভণি হয়। আধুনিক যন্ত্ৰই আধুনিক সমাজ-ব্যৱস্থা এটাৰো সৃষ্টি কৰি পেলালে। শিল্প-সাহিত্য-বিজ্ঞানৰ অগ্ৰগতিয়ে এই পৰিৱৰ্তন দ্ৰুততৰ কৰি তুলিলে। কল-কাৰখানা, সেনাবাহিনী, হাস্পতাল সকলোতে উচ্চ-নিম্ন সকলো শ্ৰেণীৰে শ্ৰমদান বাধ্যতামূলক হৈ পৰিল। তাকে কৰিবলৈ যাওঁতে খাদ্যৰ প্ৰস্তুত আৰু গ্ৰহণত স্পৃশ্য-অস্পৃশ্যতাও বহু সময়ত গুৰুত্বহীন হ’বলৈ বাধ্য হ’ল। এনেদৰেই ভাৰতৰ ভাৱবাদী চিন্তা আৰু জাতিভেদে সংকুচিত কৰি ৰখা ভাৰতীয় সমাজখনত পুঁজিবাদী অৰ্থনীতিয়ে বৰ্ণাশ্ৰম ব্যৱস্থাটোত আঘাত হানিলে। যেনেদৰে ৰে’ল ব্যৱস্থাই ভাৰতৰ বজাৰৰ দুৱাৰ মুকলি কৰি গ্ৰাম্য অৰ্থনীতি ভাঙি পেলাইছিল, তেনেদৰে জাত-পাতৰ ৰক্ষণশীল দুৱাৰখন শিল্পী-উদ্যোগে ভাঙি পেলাব নোৱাৰিলেও বহু পৰিমাণে দুৰ্বল কৰি পেলালে। তাৰ লগত যোগ হ’ল জাতীয় চেতনা আৰু সমাজ-সংস্কাৰৰ প্ৰৱাহিত ধাৰাটো। বিশেষকৈ বৃটিছ ঔপনিবেশিক শাসনৰ কেন্দ্ৰস্থলসমূহত মধ্যবিত্ত সমাজক এই সংস্কাৰ আন্দোলনে বাৰুকৈ স্পৰ্শ কৰে। প্ৰগতিশীল মধ্যশ্ৰেণীৰ উত্থানেৰে ৰক্ষণশীল শ্ৰেণীটোক প্ৰথমবাৰলৈ প্ৰত্যাহ্বান জনোৱা ঘটনাটো ঘটে ৰামমোহন ৰায়ৰ ‘ব্ৰাহ্মসমাজ’ প্ৰতিষ্ঠাৰে। কিয়নো ইয়াৰ জৰিয়তে বাল্য-বিবাহ, সতীদাহ, অস্পৃশ্যতাৰ দৰে নিষ্ঠুৰ সংস্কাৰবোৰৰ বিৰুদ্ধে বিপ্লৱৰ সূচনা হয়। লগতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, জ্যোতিৰাও ফুলেৰ দৰে লোকসকলৰ সংস্কাৰমুখী কাম-কাজবোৰেও প্ৰভূত বৰঙণি যোগায়। আনকি নৈষ্ঠিক হিন্দু বুলি ঘোষণা কৰা স্বামী বিবেকানন্দই বৰ্ণবৈষম্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা দেখা যায়। বৰ্ণভিত্তিক শ্ৰম বিভাজনক স্বীকাৰ কৰিও অস্পৃশ্যতাৰ সন্দৰ্ভত তেওঁৰ আছিল তীব্ৰ বিষাদগাৰ–“আমাৰ হিন্দু হৈছে কেৱল চ্যুৎ মাৰ্গ (don’t touchism) কেৱল নুচুবা নুচুবা….।’’ তেনেদৰে এই নৱজাগৰণত ব্যাপক অৰ্থত গতি দিয়ে মহাত্মা গান্ধী, ড॰ আম্বেদকাৰ আৰু জগজীৱন ৰামৰ পৃথক পৃথক দৃষ্টিভংগীয়েও। যদিও পৰস্পৰবিৰোধী অবাস্তৱ, আবেগিক আৰু বিভ্ৰান্তিকৰ মতামতেৰে সময়বোৰ উত্তাল হৈ আছিল, তৎসত্বেও স্বৰাজোত্তৰ ভাৰতত আইন প্ৰণয়নেৰে উমৈহতীয়া সিদ্ধান্তত উপনীত হ’বলৈ এয়া আছিল যথেষ্ট গুৰুত্বপূৰ্ণ। মহাত্মা গান্ধীয়ে চাৰিবৰ্ণ স্বীকাৰ কৰিছিল, অস্বীকাৰ কৰিছিল অস্পৃশ্যতা। স্পষ্টভাৱে তেওঁ কৈছে—, বৰ্ণাশ্ৰম হৈছে জীৱনৰ নিয়ম, শক্তি সংৰক্ষণৰ নিয়ম (law of conservation of energy)। যদি মই মেটৰ, তেনে মোৰ পুত্ৰ মেটৰ নহ’ব কিয়? প্ৰগতিশীল সমাজক হতচকিত কৰা এনে চিন্তাই খুন্দা মাৰিছে অৱশ্যে অলীক আশাবাদত–“এজন হৰিজন আৰু এজন পুৰোহিত পেচাগতভাৱে সমান মৰ্যাদাৰ হওক।” বৰ্ণবৈষম্যৰ মূল উৎসক স্বীকাৰ কৰি বৈষম্য বা অস্পৃশ্যতা দূৰীকৰণৰ দৰে আবেগিক আৰু অবাস্তৱ চিন্তাৰে গান্ধীৰ স্থিতি আছিল দুৰ্বল। আনহাতে শূদ্ৰৰ ঘৰত অমানৱীয় বাস্তৱৰ মতে সংগ্ৰাম কৰি ডাঙৰ হোৱা আম্বেদকাৰ আছিল বৰ্ণাশ্ৰমৰ তীব্ৰ বিৰোধী। গান্ধীজীয়ে মান্যতা দিব খোজা ‘হৰিজন’ শব্দটো বৰ্জন কৰিছিল তেওঁ। তেওঁৰ স্পষ্ট ঘোষণা– “জাতিভেদ প্ৰথাৰ বিলুপ্তি অবিহনে জাতিচ্যুতসকলক মুক্ত কৰাৰ প্ৰয়াস নিষ্ফল।” হিন্দু ধৰ্মৰ প্ৰতি বীতশ্ৰদ্ধ হৈ কৰা উক্তি আছিল এনেধৰণৰ “হিন্দু নামটোৱেই বিদেশী। মুছলমানেই প্ৰথমে এই নাম দিছিল। হিন্দু-সমাজৰ কোনো অস্তিত্ব নাই। ই হৈছে কিছুমান জাত-পাতৰ সমষ্টি।”

গান্ধীজীৰ অস্পৃশ্যতা আৰু আম্বেদকাৰৰ জাতিভেদ বিৰোধৰ মাজেৰে আগবাঢ়িছিল সমাজ-সংস্কাৰৰ এই যাত্ৰা। কিন্তু দুয়োৰে চিন্তাত গুৰুত্ব নোপোৱা এটা গুৰুত্বপূৰ্ণ বিষয় আছিল ভূমিসংস্কাৰ আৰু তাৰ জৰিয়তে ৰক্ষণশীল জমিদাৰী ব্যৱস্থাৰ অধিপত্য চূৰ্ণ কৰা। কাৰণ বৰ্ণহিন্দুৰ এই ক্ষমতাশালী অংশৰ অধীনতেই ৰাজনীতি-সমাজনীতি-অৰ্থনীতি—এই সকলো নিয়ন্ত্ৰিত হয়। ভূমিহীন নিম্ন শ্ৰেণীটোক নিৰ্ভৰশীল কৰি আজীৱন শোষণ কৰা সহজ হৈ পৰে। এইক্ষেত্ৰত জগজীৱন ৰামৰ চিন্তাধাৰা আছিল বেছি পৰিপক্ক—“অস্পৃশ্যতা দূৰ কৰা সম্ভৱ হ’ব যেতিয়া আৰ্থ-সামাজিক ব্যৱস্থাৰ পূৰ্ণাংগ পুনৰ্গঠন হ’ব।’’ কিন্তু আম্বেদকাৰে বৰ্ণৰ ভিত্তিত শ্ৰম আৰু শ্ৰমৰ ভিত্তিত শ্ৰেণী বিভাজনৰ সঠিক ৰূপটো অনুধাৱন কৰিবলৈ আগ্ৰহী নহ’ল। তেওঁৰ ভাষ্য—“কোটিপতিয়েও দৰিদ্ৰ সাধুসকলক মান্যতা দিয়ে কিয় বা ধনী-দুখীয়া সকলো কাশী-মক্কালৈ যায় কিয়?” দেখা গ’ল বৃটিছেও ইয়াৰ সুযোগ গ্ৰহণ কৰিলে উচ্চবৰ্ণৰ জমিদাৰী শ্ৰেণীৰ জৰিয়তে। চৰকাৰী কাম-কাজ, উচ্চ পদবীসমূহ উচ্চ জাতিৰ দখললৈ গ’ল। নিম্ন জাতৰ সকলে প্ৰাপ্য শিক্ষা আৰু চাকৰিৰ পৰা বঞ্চিত হ’ল। পুঁজিবাদে ব্যাপক হাৰত নিম্ন শ্ৰেণীটোক ভূমিহীন কৰি সমস্ত অধিকাৰ পুঁজিপতি শ্ৰেণীটোতে কেন্দ্ৰীভূত কৰিলে। এনেদৰে ভাতেৰেও মাৰা, জাতেৰেও মাৰা ব্যৱস্থা বাহাল থাকিল।

সি যিয়েই নহওক, এইসকলো আসোঁৱাহ সত্বেও প্ৰগতিশীল ধাৰাটোৰ প্ৰচেষ্টাতে বৃটিছে  Cast Disabilities Removal Act-কে ধৰি  Marriage Restraint Act-লৈ কেইবাখনো আইন প্ৰণয়ন কৰিবলৈ বাধ্য হ’ল। ফলাফলত বৰ্ণহিন্দুৰ দখলত থকা মন্দিৰৰ দুৱাৰ অস্পৃশ্যসকলৰ বাবেও মুকলি হ’ল যদিও হিংসা অবিহনে ই সহজ নহ’ল। য’ত আজিৰ তাৰিখতো দলিত ৰাষ্ট্ৰপ্ৰধানে দৰ্শন কৰা মন্দিৰৰ শুদ্ধি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ তেনে আইন সক্ষম হোৱা নাই। তৎসত্বেও ঔপনিবেশিক যুগত সৃষ্টি হোৱা প্ৰগতিশীল শ্ৰেণীটোৰ উত্থান, খৃষ্টান মিশ্যনেৰীৰ সংস্কাৰমুখী মনোভাৱ, পুঁজিবাদী অৰ্থনীতিৰ প্ৰভাৱ, বৃটিছৰ আইন ব্যৱস্থা আদিয়ে বৰ্ণবৈষম্যৰ কৰাল বৃত্তটো অলপ অলপকৈ হ’লেও ভাঙিবলৈ আৰম্ভ কৰিলে ক্ৰমশঃ। পৰৱৰ্তী সময়ত স্বৰাজ্যেত্তৰ ভাৰতৰ সংবিধানত অনুসূচিত জাতি (Scheduled class) অনুসূচিত জনজাতি (Scheduled tribes), পিছপৰা শ্ৰেণী (Other backward classes) ভুক্ত কৰি বিভিন্ন বিকাশৰ আইন প্ৰণয়ণ কৰা হয়। অস্পৃশ্যতা, জাতি-বৰ্ণ-লিংগৰ অসমতা ইত্যাদি সামৰিও সংবিধানে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে। যেনে ১৫নং অনুচ্ছেদত কৈছে–“The state will not discriminate against any citizen on grounds only of religion, race, caste, sex, place of birth of them….”।

ধৰ্ম-জাতি-বৰ্ণকলৈ সংবিধানে ইমান সুৰক্ষা ব্যৱস্থা ৰখাৰ পাছতো দলিতৰ শেষ ৰক্ষা নহ’ল। বৰ্ণহিন্দুৰ জ্যাত্যাভিমান নকমিল। প্ৰতি ১৫ মিনিটত দলিতৰ ওপৰত উৎপীড়ন হত্যা, ২৪ঘণ্টাত দলিত নাৰী ধৰ্ষণৰ ঘটনা ঘটিয়েই থাকিল। যিমানেই উন্নয়ন, প্ৰযুক্তি, বিশ্বমুখী যাত্ৰা শব্দবোৰ উচ্চাৰিত হ’ল, সিমানেই জাতপাত সম্পৰ্কীয় অমানুষিক ঘটনাৰ গ্ৰাফডাল উৰ্ধমুখী হৈ আহিল। স্বাধীন ভাৰতত গণতন্ত্ৰৰ আঁৰত সামন্তবাদ এনেদৰেই বৰ্তি থাকিল। ৰক্ষণশীল জমিদাৰ  (Class) আৰু শূদ্ৰ শ্ৰমিকৰ (Cast) সংঘাতজৰ্জৰ আবেগিক কাহিনীৰে ভাৰতীয় চলচিত্ৰৰ নিৰ্মাণো চলি থাকিল। আৰু চিনেমাতকৈও শিহৰণকাৰী ঘটনাবোৰ বাস্তৱত ঘটি থাকিল।

ইয়াৰ কাৰণ বিচাৰিবলৈ গ’লে অৱশ্যেই উভতি যাব লাগিব সেই সময়লৈ, যেতিয়া উদাৰপন্থী ধাৰাটোৰ সমান্তৰালকৈ ৰক্ষণশীল ধাৰাটোও সক্ৰিয় হৈ আহিছিল। অস্পৃশ্যতা, সতীদাহ, বিধৱা-বিবাহকে ধৰি সকলো কুসংস্কাৰ ঐতিহ্য পৰস্পৰাৰ নামত বাহাল ৰাখিব খোজা কট্টৰ শ্ৰেণী আছিল সেইটো। বৰ্ণাশ্ৰম, ৰামৰাজ্য আৰু গোৰক্ষকৰ পক্ষত থকা সত্বেও কেৱল অস্পৃশ্যতাৰ বিৰোধিতাৰ বাবেই গান্ধীজীক মুকলিকৈ তিৰস্কাৰ কৰাই নহয়—, বৃটিছ বিৰোধী আন্দোলনটোৰ প্ৰতিয়েই অনাস্থা প্ৰকাশ কৰা হৈছিল আৰু হিন্দু-মুছলমান সম্প্ৰীতিৰ পক্ষত থকা বাবেই স্বৰাজোত্তৰ ভাৰতত গান্ধীজীক চিৰদিনলৈ শুই পৰিবলৈ বাধ্য কৰোৱাসকল আছিল উগ্ৰ হিন্দুত্ববাদী। যিসকলে পূৰ্বে গঠিত হিন্দু মহাসভাক আৰু অধিক জংগী কৰি গঢ়ি তুলিলে ৰাষ্ট্ৰীয় স্বয়ং সেৱক (RSS) এইসকলে ভাৰতীয়ক হিন্দুত্বৰ সতে মিলাই দিবলৈ, হিন্দু শাস্ত্ৰসমূহক জনজীৱনৰ চালিকা শক্তি কৰি তুলিবলৈ, ধৰ্মীয় সাম্প্ৰদায়িকতাক উচতাই থাকিবলৈ অহৰহ চেষ্টাত ব্ৰতী হৈ থাকিল। উদাহৰণ স্বৰূপে, পাঞ্জাবৰ অশান্ত পৰিস্থিতি আৰু অসম আন্দোলনত আঁৰত থাকি সুযোগ বুজি কাললৈ সাম্প্ৰদায়িকতাৰ বীজটো ৰোপন কৰি থ’লে। পৰৱৰ্তী সময়ত জনসংঘ, জনতা পাৰ্টি আৰু শেষ পৰ্যন্ত ভাৰতীয় জনতা পাৰ্টি নামেৰে ভাৰতৰ ৰাজনীতিৰ পথাৰত বিষ বৃক্ষ হৈ উঠিল এইসকল। সেই বিষবৃক্ষৰ তলত নতুনকৈ ইতিহাস লিখা হ’ল। ইতিহাস মচা হ’ল। গৰু ৰক্ষাৰ আৱাজ সবল হ’ল। দলিত হত্যা সহজ হ’ল। দলিত নাৰীক বীৰদৰ্পে ধৰ্ষণ কৰা হ’ল। ধৰ্ষণকাৰীক সম্ভাষণ জনোৱা হ’ল। দেশপ্ৰেম-দেশদ্ৰোহৰ নতুন সংজ্ঞা নিৰূপিত হ’ল। মুছলমান-ঘৃণাৰ পাঠ শিকোৱা হ’ল। পুঁজিপতিক সম্পদ লুণ্ঠনৰ সুযোগ আৰু সাধাৰণ জনতাৰ আবেগ লুণ্ঠনৰ কৌশল ৰচা হ’ল। শিক্ষাৰ মূল্য পানীৰ দৰত বিক্ৰী হ’ল।

শিক্ষাক ভেঙুচালি কৰি দলিতক মানসিক উৎপীড়নেৰে জৰ্জৰিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া স্থান হৈ পৰিল উচ্চ শিক্ষাৰ স্থান বিশ্ববিদ্যালয় আৰু চিকিৎসা ক্ষেত্ৰ। বৰ্ণহিন্দু সতীৰ্থ আৰু কতৃৰ্পক্ষৰ অত্যাচাৰত মেধাবী ছাত্ৰ ৰোহিত ভেমুলা (২০১৬) আৰু প্ৰসূতি বিভাগৰ ডাঃ পায়েল তদ্ভীয়ে (২০১৯) নিজক শেষ কৰিবলৈ বাধ্য হ’ল। এই জঘন্য মানসিকতা আৰু অসুৰক্ষিত ব্যৱস্থাই সূচায়—, গাঁও অঞ্চলত কিমান নিৰ্মম হ’ব পাৰে দলিতৰ অৱস্থান।

অধঃপতনৰ উদাহৰণ ইমানতে শেষ হোৱা নাই। কাৰণ মন্দিৰৰ প্ৰাংগনত কিশোৰী ধৰ্ষণ কৰি ধৰ্ষকৰ পক্ষত ৰাজপথত শ্নোগান দিয়া নব্য ভাৰত এয়া। এইবাৰ ২০০২-ত গুজৰাট ৰায়তৰ সময়ত বিলকিছ বাণু নামৰ পাঁচমহীয়া গৰ্ভৱতী মহিলাক ১১-জনীয়া হিন্দু ‘দেশপ্ৰেমী’-এ ধৰ্ষণ কৰিলে। তাৰ আগমুহূৰ্তত ছবছৰীয়া সন্তানটো মাতৃৰ চকুৰ আগত পকাত থেতেলিয়াই মাৰি পেলোৱা হ’ল। হত্যা কৰা হ’ল পৰিয়ালৰ ৭-জন সদস্যকো। ইমানৰ পাছতো মৃত্যু হ’ল বুলি দলিয়াই দিয়া বিলকিছ বাচিল। কেচ চলিল। কালপ্ৰিট জে’লত সোমাল। কিন্তু বৰ্ণহিন্দুৰ বাবে ‘মহান কাৰ্য’ সম্পাদন কৰা হত্যাকাৰী, ধৰ্ষককেইটাক ৰাষ্ট্ৰই আইনৰ সুৰুঙা উলিয়াই মুক্ত কৰি দিয়াই নহয়—, ফুলৰ মালা, মিঠাইৰে সম্ভাষণ জনালে।

মনুৰ যুগৰ পৰা মোদীৰ যুগলৈ বোধহয় ভাৰত নামৰ ভূখণ্ডত এই ঘটনাটো ‘বিৰল মহাৰাজনৈতিক’ ঘটনা হিচাপে পৰিগণিত হৈ ৰ’ব।

কৌটিল্যৰ সেই চতুৰ কৌশলগত অৱস্থানৰ আধাৰ ‘মনুসংহিতা’ হৈ পৰিছে আজিৰ ভাৰতৰ অদেখা সংবিধান। পুঁজিপতিক সংগী কৰি, ধৰ্মক অস্ত্ৰ কৰি, জাতিভেদক শক্তি হিচাপে লৈ আজি ৰাষ্ট্ৰ চলিছে।

এতিয়া ৰাষ্ট্ৰৰ স্বাৰ্থক পহৰা দি আছে—বৰ্ণ (Caste), শ্ৰেণী (Class) আৰু ধৰ্মই (Religion)।

Leave a Reply

Your email address will not be published. Required fields are marked *