বিবিধ চিন্তা

মা কামাখ্যা, মাতৃপ্ৰধান সমাজ, অসম আৰু উলংগ বাবা-(ৰক্তিম শৰ্মা)

অম্বুবাচীত আই বসুমতী ৰজঃস্বলা হয় বুলি বিশ্বাস কৰা হয়। বৰষুণে সাওঁতা ধৰে৷ আই বসুমতী চিৰযৌৱনা বাবেই কৰ্ষণৰ পিছত সোণগুটি সিঁচিলে শস্য উৎপাদন হয়। জেঠমহীয়া বৰষুণ শস্য উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ বতৰ। শস্য উৎপাদনৰ এই হাবিয়াসৰ সৈতে যৌনতা আৰু প্ৰেমৰ এক প্ৰতিকী সম্পৰ্ক আছে। এয়াই কৈৰাতজ কৃষ্টি– অসমৰ প্ৰাচীন সংস্কৃতি। অসমৰ জনজাতিসকলৰ মাজত এনে কৃষ্টিৰ চানেকি আজিও দেখিবলৈ পোৱা যায়৷ কামাখ্যা হেনো প্ৰকৃততে খাছীসকলৰহে উপাসনাস্থলী আছিল ৷ নৰকাসুৰকো বেদ বিৱৰ্জ্জিত কৈৰাতজ সভ্যতাৰহে অংশ আছিল বুলি ধাৰণা কৰা হয়।

প্ৰকৃতি আৰাধনাৰ অংগ হিচাপে লিংগ-যোনীৰ উপাসনা অতি প্ৰাচীন৷ ই উৎপাদনৰ সৈতে সম্পৰ্কীত অনাৰ্যমূলীয় সমাজৰ ঔৰসত জন্ম ৷ ই পশুপালক আৰ্যগোষ্ঠীৰ উপাসনা পদ্ধতি কদাপি নাছিল৷ প্ৰাচীন বৰ্বৰ অৱস্থাৰ পৰা উত্তৰণৰ সন্ধিক্ষণত আদিম লিংগবাদ পিছলৈ পৃথকে পৃথকে পুৰুষ আৰু প্ৰকৃতিবাদলৈ ৰূপান্তৰ হয় ৷ আদিম সমাজত ভিন্ন প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে আদিম মানৱে বিভিন্ন ঐন্দ্ৰজালিক কৰ্মেৰে ‘দেৱতা/অপদেৱতা ‘ সকলক সন্তুষ্ট কৰিব খুজিছিল ৷ মানৱে মাটিত গোঁজ মাৰি খেতি কৰিবলৈ শিকাৰ পিছৰে পৰা মাটিৰ উৰ্বৰতা আৰু শস্য উৎপাদনৰ সৈতে যৌনতাক প্ৰতীক হিচাপে লৈছিল ৷ উৰ্বৰতা বৃদ্ধিৰ বাবে পথাৰত মুক্ত যৌনাচাৰ আছিল সেই ঐন্দ্ৰজালিক কৰ্ম কাণ্ডৰ অংশ ৷ বিভিন্ন জনজাতীয় লোকাচাৰত সেইবোৰ প্ৰতিকী ৰূপ আজিও দেখা যায়।

সমাজৰ বিৱৰ্তনেই পুৰুষ আৰু প্ৰকৃতিবাদক ভিন্ন কৰিছিল ৷ মাতৃপ্ৰধান আদিম সাম্যবাদী সমাজ পিছলৈ পৰিণত হৈছিল পুৰুষৰ হাতলৈ সম্পত্তিৰ মালিকানা আদিৰে দাস-সামন্ত ব্যৱস্থালৈ ৷ নাৰীকো পৰিয়ালৰ সম্পত্তিৰ অংশ হিচাপে ধৰি লৈ নাৰীক দুৰ্বল-অৱলা ৰূপে প্ৰতিষ্ঠা কৰা হ’ল৷

দূৰ্গা-কামাখ্যা আদি নাৰীশক্তিৰ প্ৰতীক হিচাপে বংগৰ পৰা আৰম্ভ কৰি কামৰূপ-অসম হৈ শাক্ত-শৈৱ আৰু তান্ত্ৰিক বৌদ্ধধৰ্মৰ হাতত ধৰি ভূটান-তীব্বত আদিলৈ গতি কৰিছে ৷ সেয়ে অসমৰ প্ৰাচীন তান্ত্ৰিক উপাসনা পদ্ধতি আছিল ’মদ-মহিষ-মৈথুন’ আৰু ’শাল-শিঙি-শুৱাৰ/ তিনি ভক্তিৰ দুৱাৰ’ আদি অসমৰ আদিম পৰম্পৰা৷ তান্ত্ৰিক বৌদ্ধধৰ্মত যাক পঞ্চমাকাৰ বোলা হয়৷ মদ-গাহৰি-মহিষৰ মাংস ঘিণ কৰা সমাজ অসমৰ মূলসুঁতিৰ সমাজ নাছিল৷ হিন্দুৰ একাধিক দেৱ-দেৱতা আদি হেনো তান্ত্ৰিক বৌদ্ধধৰ্মৰ পৰাহে হিন্দুলৈ প্ৰবেশ ঘটিছে। এইবোৰ অৱশ্যে পৃথক আলোচনাৰ বিষয়। আদিম শাক্ততন্ত্ৰৰ সৈতে বৌদ্ধ আৰু পুৰুষতান্ত্ৰিক বৈষ্ণৱবাদৰ বিকৃত সনাপোটোকা ৰূপ কেতবোৰো আছে৷ হিন্দুৰ উলংগ বাবা (জৈন সকলৰ কথা আলোচনা হোৱা নাই)তেনে এক বিকৃত পন্থাৰ সৃষ্টি নেকি সেয়া গৱেষণাৰ বিষয়৷ মুঠতে এয়া বংগ আৰু অসমৰ লোকসমাজৰ সৃষ্ট বিষয় নহয় যে সেয়া নিশ্চিত৷

নাৰীৰ হাতৰ পৰা পুৰুষৰ হাতলৈ অধিকাৰ সলনি হোৱা সেই সময়খিনিয়েই আছিল পৰিয়াল ব্যৱস্থাৰ টাৰ্নি পইন্ট ৷ পূৰ্বতে নিজ গোটৰ সংখ্যাবৃদ্ধি আৰু ক্ষমতাশালী কৰাৰ স্বাৰ্থতে অধিক সন্তান জন্ম দিব পৰা মাতৃগৰাকী আছিল প্ৰভাৱশালী আৰু সকলোৰে ওপৰত ৷ আদিম নাৰীয়ে স্বতন্ত্ৰভাবে নিজ প্ৰিয় পুৰুষৰ সৈতে সহবাসত মিলিত হ’ব পাৰিছিল ৷ নাৰীক ব্যক্তিগত সম্পত্তিলৈ পৰ্যবশিত কৰাৰ মাজতে আছিল নাৰীক নিষ্কলুষ , সতী আদি উপমাৰে বিভুষিত কৰণ ৷ কেৱল ব্ৰাহ্মণীয় হিন্দু ধৰ্মতেই নহয় সকলো প্ৰতিষ্ঠানিক ধৰ্মতেই নাৰীৰ স্থান পুৰুষতকৈ নিম্ন৷

নাৰীৰ স্থান অৱনমিত কৰা কামটো এদিনতে সমাধা হোৱা নাছিল৷ প্ৰকৃতিৰ উৰ্দ্ধত পুৰুষক স্থাপন কৰিবলৈ প্ৰয়োজন হ’ল নানা পুৰাণ- আখ্যান -মহাকাব্যৰ ৷ প্ৰকৃতিবাদলৈ আহিল মহা পৰিৱৰ্তন ৷ পুৰুষবাদক তাৰ উৰ্দ্ধত স্থান দিয়া হ’ল ৷ এই সকলো আছিল বিৱৰ্তিত পৰিয়াল আৰু সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱাকৈ ঈশ্বৰ বিশ্বাসৰ সৈতে জড়িত বিষয়বোৰক জোৰ কৰি ফৰ্মাত পেলোৱাৰ কাৰছাজি ৷ বিশ্বৰ সকলো মানৱ সমাজতে এই বিৱৰ্তন একেসময়তে হোৱা নাছিল ৷ বিভিন্ন সমাজত পুৰুষবাদ প্ৰতিষ্ঠা হ’লেও প্ৰাচীন আদ্যামাতৃ ধৰ্মবিশ্বাসৰ অংগৰূপত ৰৈ গৈছে লোকবিশ্বাস আৰু লোককৃষ্টিত ৷

প্ৰতিষ্ঠানিক ধৰ্মৰ সৃষ্টিয়ে আদিম লিংগবাদক ইতৰ শ্ৰেণীৰ ধৰ্মাচাৰ হিচাপে ঘোষণা কৰিলেওঁ সমাজৰ মাজত পুৰুষবাদ প্ৰাচীন দাস সামন্ত যুগৰ ৰূপতেই বৰ্তি থাকিল ৷ সীতা সাবিত্ৰী আদি নিষ্কলুষ নাৰী প্ৰতীকৰ ধাৰণাৰ মাজতে নিহিত কৰা হ’ল নাৰীৰ প্ৰতি অবিচাৰ আৰু অসমতা ৷ প্ৰযুক্তিৰ উন্নতি আৰু বিৱৰ্তনে নাৰীকো পুৰুষৰ সমানে সমানে প্ৰতিষ্ঠা কৰিছে৷

লিংগবাদৰ বিৱৰ্তনত পুৰুষ প্ৰধান সমাজৰ পৰিনতি উলংগ বাবা বা নগ্ন সাধু ৷ উলংগ সাধুক প্ৰতিষ্ঠা কৰাৰ আঁৰত পুৰুষপ্ৰধান মানসিকতাহে আছে যেন অনুমান হয়৷ প্ৰকৃততে আদিম সনাতনী ধৰ্মাচাৰ এয়া নহয়৷ আদিম সনাতনী ধৰ্মাচাৰ বা কৃষ্টি যদি আছে, সেয়া কেৱল আদিম অহিন্দু পৰম্পৰাক অনুসৰণ কৰা জনজাতীয় সমাজতহে৷ সেইবোৰ সমাজত লেংটা বাবা দেখিবলৈ পোৱা নাযায়৷ একবিংশ শতিকাৰ প্ৰযুক্তিৰ জয়জয়ময়ময় সময়তো এফালে লেংটা সাধু আনফালে নাৰী সৱলীকৰণ-এই দৃশ্য দুই ভিন্ন সভ্যতাৰ ককটেইল ৷

অসমৰ সমাজজীৱন পুৰুষপ্ৰধান হ’লেও জনজাতীয় চৰিত্ৰৰে সমাহাৰ ৷ সেয়ে ইয়াত ৰৈ গৈছে প্ৰকৃতিবাদৰ সেই আদিম কাৰকবোৰ ৷ সেইবোৰত মুকলিকৈ নগ্নতাৰ কোনো স্থান নাই৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এতিয়াও মাতৃৰ গোত্ৰেহে বংশ পৰিচয় দিয়া হয়। সেই কাৰণেই ভাৰতৰ অন্য অংশতকৈ অসমত নাৰীৰ অধিকাৰ উচ্চ ৷ প্ৰাচীন ‘ হৰ-গৌৰী’ পৰম্পৰাক বিশ্বাস কৰা অসমীয়া সমাজত আৰ্যকৰণৰ ফলশ্ৰুতিত বা পিছলৈ উত্তৰ ভাৰতীয় ভাৱধাৰা প্ৰবেশৰ ফলত কিছু কিছু ঠাইত ‘মহিলাৰ প্ৰবেশ নিষেধ’ জাতীয় পৰম্পৰা ৰৈ গৈছে যদিও তুলনামূলকভাবে অসমৰ লোকসমাজ নাৰী-পুৰুষৰ সমসমৰ্যাদাৰ ক্ষেত্ৰত কিছু প্ৰগতিশীল৷ কিন্তু এই ঐতিহাসিক চৰিত্ৰ লাহে লাহে লোপ পাব ধৰিছে উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতি ক্ৰমবৰ্দ্ধমান আসক্তিয়ে ৷ উদাহৰণ স্বৰূপে অসমৰ সমাজলৈ আগমন হোৱা নানা অনা অসমীয়া পৰম্পৰা ৷ এই পশ্চিমমুখী/পশ্চাদমুখী যাত্ৰাই অসমীয়াক ক’লৈ লৈ যাব সেয়া সময়ে ক’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *