বড়োবজাৰৰ বাঘিণীজনী (কামাল আজাদ)
২০১৭ চনৰ নৱেম্বৰ মাহৰ ঘটনা। ৰৌতা অঞ্চলৰ বড়োবজাৰ নামৰ গাঁৱত ঢেকীয়াপতীয়া বাঘ এটা ওলাইছিল। খবৰ পোৱাৰ দিনাই লৰালৰিকৈ ঘটনাস্থলীত উপস্থিত হৈছিলোঁ। বাঘটোৱে ইতিমধ্যে ভালেকেইটা গৰু, ঘৰচীয়া গাহৰি মাৰি ভক্ষণ কৰিছিল। অঞ্চলটোৰ ৰাইজেও বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল।
বড়োবজাৰ, নামটোৰ পৰাই বুজিব পাৰি যে গাঁওখন মূলতঃ বড়ো জনজাতিৰ লোকে বসবাস কৰা গাঁও। গাঁওখন ধনশিৰি নৈৰ পশ্চিমপাৰে গাতে লাগি আছে। হিমালয়ৰ পৰা বৈ অহা তীব্রবেগী নৈবোৰ কিছুদূৰ আহি দক্ষিণৰ এই অঞ্চলবোৰত শান্ত-সমাহিত হৈ পৰে। সঘনাই সুঁতি সলনি কৰাটোও উত্তৰপাৰৰ নৈবোৰৰ চাৰিত্ৰিক বৈশিষ্ট্য। তীব্ৰবেগী নৈবোৰে বাৰিষাৰ বানত পাহাৰৰ মাটি খহাই আনি এই অঞ্চলবোৰত বালিচৰৰ সৃষ্টি কৰে। বালিচৰবোৰ ঠায়ে ঠায়ে ইকৰা, কঁহুৱা, উলু আদিৰে পৰিপূৰ্ণ হৈ ঘাঁহনিলৈ ৰূপান্তৰিত হয়। বড়োবজাৰ অঞ্চলতো তেনেকুৱা এখন ঘাঁহনি বিস্তৃত হৈ আছে। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে শিলবড়ী দলঙলৈ দীঘলীয়াকৈ প্ৰায় ১0 কিলোমিটাৰ বিস্তৃত এই ঘাঁহনিডৰা অতিকমেও ৪/৫ বৰ্গকিলোমিটাৰ আকাৰৰ। এই ঘাঁহনিডৰাৰ পৰা প্ৰায় ১২ কিলোমিটাৰমান ভটিয়াই গ’লে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন পোৱা যায়। তাত ধনশিৰি নৈখনেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছে।
বড়োবজাৰ গাঁওখন মোৰ আগৰেই চিনাকি। ২০১৬ চনতো খবৰমতে ইয়াতে দুটা বাঘ ওলাইছিল। বাঘ দুটাই বড়োবজাৰৰ এই ঘাঁহনিডৰাত প্ৰায় এমাহকাল কটাইছিল। আৰু সেই এমাহ কালত বাঘ দুটাই অসংখ্য পোহনীয়া জন্তু মাৰি ভক্ষণ কৰিছিল, অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছিল। পৰিণতিত তাৰে এটা বাঘক বিষ দি হত্যা কৰা হৈছিল। বিভাগীয় গাফিলতিৰ বাবে আমি বাঘটোৰ মৃত্যুৰ পিছতহে খবৰটো পাইছিলোঁ। বাঘক বিষ দি হত্যা কৰা ঘটনাবোৰ ওৰাং, কাজিৰঙা আদিৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত সঘনাই সংঘটিত হয়। বাঘে পোহনীয়া জন্তু চিকাৰ কৰি খালে গৃহস্থই প্ৰতিশোধ ল’বলৈ অৰ্ধভক্ষিত শ’টোত কৃষিকৰ্মত ব্যৱহাৰ কৰা কিছুমান বিষাক্ত দৰব মিহলাই দিয়ে। বাঘে পুনৰাই শ’টো ভক্ষণ কৰিলে বিষক্ৰিয়াত মৃত্যুবৰণ কৰে। ভাৰতবৰ্ষত প্ৰতিবছৰে বহুসংখ্যক বাঘ এনেদৰে মৃত্যুৰ মুখত পৰে। ওৰাঙত এবাৰ এনেদৰে মাক-পোৱালিসহ একেলগে চাৰিটা বাঘৰ মৃত্যু হৈছিল।
২০১৬ৰ ঘটনাটোত মৃত্যু হোৱা বাঘটো মৰণোত্তৰ পৰীক্ষাৰ দ্বাৰা মাইকী বুলি ঠাৱৰ কৰিব পৰা গৈছিল। দেহৰ অবয়ৱৰ পৰা বাঘিণীজনী কিশোৰাৱস্থাপ্ৰাপ্ত বাঘ যেন অনুমান হৈছিল। আনটো বাঘৰ কোনো শুংসূত্ৰ পোৱা নাছিলোঁ। কেইদিনমানৰ পিছত ভৈৰৱকুণ্ডৰ সংৰক্ষিত বনাঞ্চলৰ ওচৰত বাঘৰ খোজ পোৱা গৈছিল। তদন্ত কৰিবলৈ গৈ তাত এটা মতা বাঘৰ খোজ দেখিছিলোঁ। ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল ভূটান পাহাৰৰ পাদদেশত ধনশিৰি নৈৰ পাৰতে অৱস্থিত। বড়োবজাৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰমান উজাই গ’লে বিস্তৃত ভৈৰৱকুণ্ড বনাঞ্চল পোৱা যায়। বাঘে কোনেও গম নোপোৱাকৈ অতি সহজেই ২০ কিলোমিটাৰ দূৰত্ব পৰিভ্ৰমণ কৰিব পাৰে। প্ৰামাণিক তথ্য নাছিল যদিও বড়োবজাৰৰ আনটো বাঘেই সেইটো আছিল বুলি মই দৃঢ়তাৰে ধাৰণা কৰি লৈছিলোঁ, তাৰ যুক্তিযুক্ততা নথকাও নহয়।
সেই ঘটনাৰ তিনিমাহমান পিছত বৰনদী অভয়াৰণ্যত বাঘৰ খোজ পোৱা গৈছিল। ঠাইডোখৰত মই নিজেই উপস্থিত হৈ খোজবোৰ পৰীক্ষা কৰি চাইছিলোঁ। খোজটো মতা বাঘৰ যেনেই অনুমান হৈছিল। বৰনদী অভয়াৰণ্য, নোনাই সংৰক্ষিত বনাঞ্চল, ভৈৰৱকুণ্ড, ভূটানৰ খালিং অভয়াৰণ্য আদি বনাঞ্চল ইটোৰ লগত সিটো সংযোজিত হৈ আছে। এই বনাঞ্চলবোৰ পশ্চিমলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকে বিস্তৃত হৈ আছে। বৰ্তমান অবাধ বেদখল আৰু বনাঞ্চল ধ্বংসৰ বাবে কিছুমান ঠাইত এই বনাঞ্চলবোৰৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। বনাঞ্চলৰ সংযোগ বিচ্ছিন্নতাই পৰিভ্ৰমী হাতী আৰু এলেকাবোৰত বসবাস কৰা মানুহৰ মাজৰ সংঘাতৰ মূল কাৰণ।
ঢেকীয়াপতীয়া বাঘ অৰণ্যৰ আটাইতকৈ বৃহৎ মাংসভোজী। ইহঁতে বনত অকলশৰীয়াকৈ থাকে। জীৱন নিৰ্বাহৰ বাবে প্ৰত্যেক বাঘে নিজা এলেকা প্ৰতিষ্ঠা কৰি লয়। এই এলেকাবোৰক চোং, ইংৰাজীত territory বোলে। আঁচোৰ, শৌচ আদিৰে বাঘে নিজা চোঙৰ সীমা চিহ্নিত কৰি লয়। চোঙত এটা বাঘে আন বাঘৰ উপস্থিতি পছন্দ নকৰে। কেনেবাকৈ সীমা উলংঘন হ’লেই সিহঁতৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। নতুনকৈ ডাঙৰ হ’বলৈ লোৱা পোৱালিবোৰে যেতিয়া নিজাকৈ চোং প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে তেতিয়া সেই এলেকাৰ প্ৰতিষ্ঠিত বাঘটোৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বলগাত পৰে আৰু বেছি ক্ষেত্ৰতে যুদ্ধত পৰাজিত হৈ সেই ঠাই এৰি আন ঠাইলৈ পলায়ন কৰিবলগীয়া হয়। মতা বাঘবোৰৰ মাজত এনে যুঁজ বেছিকৈ সংঘটিত হয়। এনে যুঁজৰ পৰিণতি স্বৰূপে কাজিৰঙা, ওৰাং আদি বনাঞ্চলত বছৰি বহুসংখ্যক বাঘৰ মৃত্যু হয় নতুবা চিৰঘুণীয়া হৈ পৰে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ আকাৰ যথেষ্ট কম, মাত্ৰ ৭৯ বৰ্গকিলোমিটাৰ। ২০১৭চনৰ সমীক্ষা মতে ইয়াত ২৮টা বাঘ পোৱা গৈছে। এই সমীক্ষাই ওৰাঙক পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ বাঘ থকা ঠাইলৈ ৰূপান্তৰিত কৰিছে। সমীক্ষাটোত আন এবিধ অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উদ্ভৱ হৈছিল। ওৰাঙত মতা আৰু মাইকী বাঘৰ অনুপাত ১:৪ পোৱা গৈছিল, স্বাভাৱিকতে এই অনুপাত ১:২ মান হ’ব লাগে। মতা-মাইকীৰ এই অস্বাভাৱিক অনুপাতে সম্ভৱতঃ ইয়াকে সূচাইছে যে ওৰাঙত ভাৰ-ক্ষমতা (carrying capacity)তকৈ অধিক বাঘ মজুত আছে। ফলত প্ৰতিবছৰে ইয়াৰ পৰা বাঘ বিভিন্ন পথেৰে বাহিৰলৈ ওলাই যায় আৰু গৈ আনবোৰ বনাঞ্চলত প্ৰতিষ্ঠিত হয়। ধনশিৰি নৈখনে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পূৰ্বতেও ধনশিৰি নৈৰে ওৰাঙৰ বাঘ ভূটান সীমান্তৰ বনাঞ্চলবোৰলৈ প্ৰব্ৰজিত হোৱাৰ তথ্য পোৱা যায়। বাঘৰ প্ৰব্ৰজনৰ চৰিত্ৰটো আনুবংশিক (genetic) দৃষ্টিকোণেৰে প্ৰজাতিটোৰ বাবে যথেষ্ট মুনাফাদায়ক। এটা এলেকাৰ বাঘৰ সৈতে আনটো এলেকাৰ বাঘৰ প্ৰজননৰ দ্বাৰা বিভিন্ন আনুবংশিক চৰিত্ৰৰ সংমিশ্ৰণ ঘটে। যিয়ে প্ৰজাতিটোৰ আনুবংশিক বৈচিত্ৰ্য বৃদ্ধি কৰে আৰু প্ৰকৃতিত বৰ্তি থাকিবলৈ অধিক যোগ্য কৰি তোলে।
এইবাৰৰ ঘটনাটো আগৰ দৰে নহ’ল। পূৰ্বৰ অভিজ্ঞতাৰে পুষ্ট বনবিভাগে ঘটনাটো যথেষ্ট গুৰুত্বসহকাৰে লৈছিল। ঘটনাস্থলীত উপস্থিত হৈয়ে বনবিভাগে স্থানীয় আবছু কাৰ্যালয়ৰ পৰিসৰত আহ্বান কৰা এখন জৰুৰী সভাত অংশগ্ৰহণ কৰিছিলোঁ। সভাত বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া, পশু চিকিৎসক, মেডিয়া কৰ্মী, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, স্থানীয় মুৰব্বী আৰু আবছু নেতাসকল উপস্থিত আছিল। সভাত মানৱবসতি অঞ্চলত বাঘ ওলালে কেন্দ্ৰীয় চৰকাৰে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিওৰ (SOP) জৰিয়তে জাৰি কৰা নীতি-নিৰ্দেশনা আৰু কাৰ্যপৰিকল্পনা সম্পৰ্কে সকলোকে অৱগত কৰোৱা হৈছিল। SOPত সকলো সম্ভাৱনীয় পৰিস্থিতি আৰু বিষয় সামৰি বিতংকৈ কাৰ্যপৰিকল্পনাসমূহৰ নিৰ্দেশনা দিয়া হৈছে। সভাত SOPখন সুচাৰুভাৱে কাৰ্যকৰী কৰিবলৈ ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ সহযোগিতা বিচৰা হৈছিল। স্থানীয় আবছুৰ নেতাসকলে বাঘটো আঁতৰাই পঠিয়াবলৈ আৱশ্যকীয় সকলোবোৰ কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল, তাৰোপৰি বাঘটোৰ কোনো হানি-বিঘিনি নঘটে বুলি আশ্বাস দি তাৰ সুৰক্ষাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
SOPৰ নিৰ্দেশনা মৰ্মে ঘটনাস্থলীত পশু চিকিৎসকৰ দল, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্দুকধাৰী মাউতসহ চাৰিটাকৈ পোহনীয়া হাতী মজুত ৰখা হৈছিল। নৈশ পহৰাৰ বাবে বনকৰ্মীৰ দল নিয়োগ কৰা হৈছিল। এলেকাটোৰ বিভিন্ন ষ্ট্ৰেটৈজিক স্থানত স্বয়ংক্ৰিয় কেমেৰা আৰু বাঘটোক আবদ্ধ কৰিবলৈ লোহাৰ পিঞ্জৰা স্থাপন কৰা হৈছিল। প্ৰয়োজনত বাঘটোক ট্ৰেংকুলাইজ (দৰবেৰে অচেতন কৰা) কৰিবলৈ তিনিটা বিশেষ স্থানত গছৰ ওপৰত টংচি সজা হৈছিল। বাঘটোৱে ঘৰচীয়া জন্তু মাৰি ভক্ষণ কৰিলে খৰখেদাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰা হৈছিল। তাৰোপৰি জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ’লে ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰি শান্তি-শৃংখলা অটুট ৰাখিবৰ বাবে সাজু থাকিবলৈ আগতীয়াকৈ প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছিল।
স্বয়ংক্ৰিয় কেমেৰাত বন্দী হোৱা ছবিৰ পৰা বাঘটোৰ বিষয়ে ভালেখিনি তথ্য পোৱা গৈছিল। বাঘটো মাইকী বাঘ বুলি নিশ্চিত হৈছিলোঁ। বাঘৰ দৈহিক অবয়ৱ আৰু মূলতঃ যৌনাঙ্গটো পৰীক্ষা কৰি বাঘৰ লিংগ নিৰ্ণয় কৰিব পাৰি। ২০১৭ চনৰ ওৰাঙৰ বাঘবোৰৰ ছবিৰ সৈতে পৰীক্ষা কৰি তাই ওৰাঙৰ পৰা অহা বুলিও নিশ্চিত হৈছিলোঁ। বাঘিণীজনী ওৰাঙৰ গাছপাৰা অঞ্চলৰ নিবাসীএজনী প্ৰাপ্তবয়স্ক বাঘ। ছবিত তাইক শাৰীৰিকভাৱে সুস্বাস্থ্যৰ শক্তিশালী বাঘিণী যেনেই অনুমান হৈছিল।
বাঘ বনৰ আটাইতকৈ চতুৰ তথা নিপুণ চিকাৰী। ধাৰণাটো বড়োবজাৰৰ বাঘিণীজনীৰ অভিজ্ঞতাই আৰু অধিক দৃঢ় কৰি তুলিলে। সেইসময়ত আমি কল্পনাই কৰিব পৰা নাছিলোঁ যে বাঘিণীজনীয়ে তাত প্ৰায় ডেৰবছৰ কাল কটাব পাৰিব। এই ডেৰ বছৰ সময়ছোৱাত তাইক কৰায়ত্ত কৰাৰ সকলোধৰণৰ পৰিকল্পনাই অসাৰ্থক হৈছিল। তাই ভালেকেইবাৰ পিঞ্জৰাৰ কাষলৈ আহি প্ৰলুব্ধ কৰিবলৈ ব্যৱহাৰ কৰা ভিতৰৰ ছাগলীটো টানি নিয়াৰ চেষ্টা চলাইছিল। কিন্তু যিফালেৰে প্ৰৱেশ কৰিলে ফান্দত পৰে সেইপিনে ভুলতেও যোৱা নাছিল। ট্ৰেংকুলাইজ কৰা বন্দুক লৈ বহুনিশা টংচিত ঘাট পাতি ৰৈও সফল হ’ব পৰা নগ’ল। তাই ভুলতেও টংচিৰ ওচৰেৰে পাৰ হোৱা নাছিল, সম্ভৱতঃ মানুহৰ উপস্থিতিৰ উমান পায়ে তেনে কৰিছিল। কিছুমান নতুন নতুন কৌশল অৱলম্বন কৰা হৈছিল যদিও সফল হ’ব পৰা নগ’ল। আমি দিনৰ ভাগত ঘাঁহনিডৰাত হাতীৰে ভালেকেইবাৰ তাইক বিচাৰি চলাথ কৰিছিলো, কিন্তু তাইৰ চাক্ষুস দৰ্শনতো দূৰৈৰ কথা, উপস্থিতিৰ উমানো পোৱা নগ’ল। অনুমান হৈছিল তাই সমগ্ৰ এলেকাটো পাত পাতকৈ অধ্যয়ন কৰি লৈছিল আৰু তাত তিষ্ঠিবলৈ সকলো ৰণকৌশল প্ৰস্তুত কৰি লৈছিল। আমিবোৰ মাথোঁ তাইৰ চাতুৰ্য্যৰ নীৰৱ দৰ্শকৰ দৰে হৈ পৰিছিলোঁ।
ডেৰ বছৰৰ মূৰত বাঘিণীজনী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূবপিনে শোণিতপুৰ জিলাৰ বৰচলা অঞ্চলত দেখা গৈছিল। অঞ্চলটোত বড়োবজাৰৰ নিচিনাকৈ ঘাঁহনি নাছিল। তাতে দিনৰ ভাগতে তাইক বনবিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ’ল। বৰ্তমান তাইক চিৰিয়াখানাত আবদ্ধ কৰি ৰখা হৈছে। চিকিৎসকে প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষা কৰি জানিব পাৰিছে যে তাই কৰ্নিয়েল অপেচিটি অৰ্থাৎ চকুত ছানি পৰা ৰোগত ভুগি আছে। যাৰ ফলত তাই দৰ্শন সমস্যাত ভুগিছিল। সম্ভৱতঃ শেষৰ দিনবোৰত এই সমস্যাটো যথেষ্ট বৃদ্ধি পাইছিল। ট্ৰেংকুলাইজ কৰা সময়ত তাইৰ আচাৰ-ব্যৱহাৰত এই লক্ষণ ধৰা পৰিছিল।
বড়োবজাৰৰ ৰাইজে বাঘ আৰু মানুহৰ সহাৱস্থানৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে। প্ৰায় ডেৰ বছৰকাল বড়োবজাৰৰ ৰাইজ আৰু এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে একেলগে জীৱন নিৰ্বাহ কৰিলে। কিছুমান ব্যক্তি স্বাভাৱিকভাৱে কিছু আক্ৰোশিত হৈছিল যদিও কোনেও বাঘটোক হানি কৰিব পৰা কোনোধৰণৰ সিদ্ধান্ত হাতত লোৱা নাছিল। তথাকথিত সফলতা লাভ কৰিব পৰা নাছিল যদিও বনবিভাগে বিষয়টো গুৰুত্বসহকাৰে লৈ নানাধৰণৰ ব্যৱস্থা হাতত লৈছিল। সফলতাৰ পৰিমাপন আমি বহল দৃষ্টিকোণেৰে বৃহত্তৰ স্বাৰ্থত অৱলোকন কৰিব পাৰিব লাগিব। বাঘটোৱে অসংখ্য পোহনীয়া জন্তু হত্যা কৰি কোনো হানি-বিঘিনি নোহোৱাকৈ ডেৰ বছৰ কাল মানৱবসতি অঞ্চলত জীয়াই থাকিবলৈ সক্ষম হ’ল। সমস্ত প্ৰক্ৰিয়াটোত বিভিন্ন দল-সংগঠন, বিভাগ, মেডিয়া, ব্যক্তি জড়িত হ’ল। ৰাইজে বাঘটোৰ প্ৰতি সহিষ্ণুতা দেখুৱালে, একেলগে জীয়াই থাকিবলৈ সক্ষম হ’ল। এয়াই আজিৰ তাৰিখত বাঘ আৰু মানুহৰ সহাৱস্থানৰ প্ৰকৃত সংজ্ঞা বুলিব পাৰি। এই ঘটনাৰ অভিজ্ঞতাবোৰ আহিবলগীয়া দিনবোৰত সকলোৱে উদাহৰণ হিচাপে ল’ব লাগিব।