বিবিধ চিন্তা

বৌদ্ধধৰ্মৰ বস্তুবাদী আৰু সাম্যবাদী দৰ্শনৰ এক নিৰ্মোহ বিশ্লেষণ-( আৰহান ইনামূল)

বৌদ্ধবাদৰ মৌলিক দৰ্শনত ব্ৰহ্মাণ্ডৰ স্ৰষ্টা অথবা অৱতীৰ্ণ হোৱা গ্ৰন্থৰ কোনো গ্ৰহণযোগ্যতা নাই৷ ইয়াৰ মতাদৰ্শগত নৈতিকতা মূলতঃ ভাল কৰ্ম আৰু বেয়া কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে৷ সাধাৰণতে ভগৱৎ বিশ্বাসীসকলে নৈতিকতাৰ যি পৰিসীমা মানি চলে সেয়া একান্ত‌ই ভগৱান বা ঈশ্বৰ শীৰ্ষক এক অতিলৌকিক সত্তাৰ দ্বাৰা নিৰ্ধাৰিত হয়৷ অৰ্থাৎ ভগৱানে যি ভাল বুলি স্বীকৃতি দিব সেয়া ভাল আৰু যি বেয়া বুলি স্বীকৃতি দিব সেয়া বেয়া৷ এইখিনিতেই বৌদ্ধবাদে এক ভিন্ন দৰ্শন আগবঢ়ায়, যি ভগৱান কেন্দ্ৰীয় অন্য ধৰ্মৰ দৰ্শনসমূহৰ পৰা ইয়াক পৃথক কৰে৷ বৌদ্ধবাদে ভাল আৰু বেয়াৰ ধাৰণা এটা এনেদৰে দিয়ে যে – “Good of many, happiness of many“ (বহুজনা হিতায়া বহুজনা সুখায়া)৷

বৌদ্ধবাদী দৰ্শনে বৰ্তমান কালৰ আন বহুতো জনপ্ৰিয় দৰ্শনৰ লগত এক সম্পৰ্ক ৰক্ষা কৰে৷ কিন্তু এইটো কোৱাটো অতিৰঞ্জিত হ’ব যে বৌদ্ধ দৰ্শনে মাৰ্ক্সীয় দৰ্শনক প্ৰভাৱান্বিত কৰিছিল অথবা ইয়াৰ ওচৰ চাপিছিল৷ কিন্তু এইটো সত্য যে মাৰ্ক্সীয় দৰ্শনৰ অধ্যয়নে বৌদ্ধ দৰ্শনক বুজিবলৈ প্ৰেৰণা যোগায়৷

আমি সকলোৱে জানো যে মাৰ্ক্সীয় দৰ্শনৰ বিকাশৰ ক্ষেত্ৰত হেগেলৰ দৰ্শনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ প্ৰায়েই কোৱা হয় যে হেগেলীয়বাদৰ দৃষ্টিত বাস্তৱক ওপৰ-তলমুৱাকৈ ৰখা হয়, যাক মাৰ্ক্সে তেওঁৰ দ্বন্দ্বাত্মক বস্তুবাদৰ যোগেদি নস্যাৎ কৰিছিল৷ হেগেলৰ মতে মন বা চিন্তা প্ৰাথমিক আৰু বাস্তৱিক, যাৰ ফলশ্ৰুতিত বস্তুৰ উদ্ভৱ হয়৷ কিন্তু আনহাতে, মাৰ্ক্সে বস্তুকহে প্ৰাথমিক আৰু মনক ইয়াৰ আটাইতকৈ উচ্চতম বিকাশ বুলি গণ্য কৰিছিল৷ বৃহৎ পৰিসৰত যদি বৌদ্ধবাদ বিচাৰ কৰা হয় তেন্তে বহুক্ষেত্ৰত হেগেলীয়বাদৰ লগত আৰু আন বহু ক্ষেত্ৰত মাৰ্ক্সবাদৰ লগত ইয়াৰ সাদৃশ্য পোৱা যায়৷ “যোগাচাৰ দৰ্শন“ৰ যি ধাৰণা (vijnana) সি বাৰুকৈয়ে গতিশীল আৰু অবস্তুবাদী, এই ধাৰণাত হেগেলৰ দৰেই মনকেই অতি বাস্তৱিক বুলি স্বীকৃতি দিছিল৷

বৌদ্ধবাদৰ দৰ্শনগত অধ্যয়নৰ মূল ভেটিয়েই হ’ল অপাৰলৌকিক দৰ্শন (non eternal)৷ ইয়াৰ আলোচনাসমূহত এইদৰে ব্যাখ্যা কৰা হৈছিল যে সকলোবোৰ খন্তেকীয়া সত্তাই (momentarily) অপাৰলৌকিক আৰু কোৱা হয় যে সকলো বাস্তৱিক অৱস্থিতিয়েই খন্তেকীয়া আৰু গতিশীল৷ গতিকে যিবোৰ বস্তু খন্তেকীয়া নহয় সি বাস্তৱিকো নহয়৷ সেয়ে বৌদ্ধবাদত পাৰলৌকিকতাবাদ বা স্থিৰতাবাদৰ কোনো স্থান নাই৷

গৌতম বুদ্ধৰ জন্ম আৰু উপনিষদৰ যুগৰ অন্ত হোৱাৰ এক যোগসূত্ৰ আছে৷ উপনিষদত ‌ঋষি-মুনিসকলে আত্মাৰ অস্তিত্বক যাক তেওঁলোকে অবস্তুগত, পাৰলৌকিক আৰু অপৰিবৰ্তিত বুলি গণ্য কৰিছিল৷ বৌদ্ধবাদে পোনছাটেই এই ধাৰণা নাকচ কৰিছিল আৰু আত্মবাদৰ বিপৰীতে অনাত্মাবাদৰ ধাৰণাৰ ভেটি গঢ়িছিল৷ বৈদিক আৰু উপনিষদ কেন্দ্ৰীয় যি হিন্দু দৰ্শন তাৰ প্ৰাথমিক দৰ্শনেই হ’ল আত্মাবাদ বা ব্ৰহ্মবাদ৷ এই দৰ্শনত বিশ্বাস কৰা হয় যে প্ৰত্যেকটো লৌকিক সত্তাৰ কেন্দ্ৰভাগত ব্ৰহ্মৰ অৱস্থিতি থাকে, যিটো সাধাৰণতে এটা অতিলৌকিক ধাৰণা৷ এই ধাৰণাক বৌদ্ধবাদে এইদৰে নস্যাৎ কৰে যে যদিহে আমি কলগছৰ বাকলি গুচাই গৈ থাকো তেন্তে শেষত গৈ অন্তৰ্ভাগত একো নাপাওঁঁ৷ ইয়াৰ পৰাই বৌদ্ধ দৰ্শনৰ শূন্যবাদৰ সংজ্ঞা বুজিব পাৰি৷

বৌদ্ধবাদৰ আৰ্থ-সামাজিক পৰিভাষা বিশ্লেষণ কৰি চালে এটা কথা চকুত পৰিব যে বুদ্ধৰ সমসাময়িক যি অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰচলিত দৰ্শন আছিল তাৰ পৰা বৌদ্ধ দৰ্শন যথেষ্ট পৃথক, বৰঞ্চ বহুসময়ত ই হিন্দু দৰ্শনৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰে৷ বুদ্ধ‌ই বৌদ্ধ ধৰ্মৰ সাধু-সন্ন্যাসীৰ সেৱা আৰু আত্মত্যাগৰ যি আদৰ্শ নিৰ্ধাৰিত কৰি গৈছে সেয়া সেই সময় অনুপাতে প্ৰকৃততেই স্বকীয় আছিল৷ বুদ্ধ‌ই কৈছিল, “মোঘাম্ চা ৰাত্থাপিণ্ডাম ভূঞ্জাতি“, অৰ্থাৎ যিসকলে সেই সাধু-সন্ন্যাসীসকলৰ দৰে সাম্যবাদী আদৰ্শ অনুসৰণ নকৰে তেওঁলোক ৰাষ্ট্ৰৰ সম্পত্তিৰ অদৰকাৰী উপভোক্তা৷ সেয়ে বুদ্ধ‌ই এই চিন্তাৰ যোগেদি এক সাম্যবাদী সমাজৰ ধাৰণাৰ পৃষ্ঠপোষকতা কৰিছিল৷ তেওঁৰ মতে ব্যক্তিগত বস্ত্ৰ, ভিক্ষাপাত্ৰ আদিৰ দৰে একান্ত‌ই ব্যক্তিগত আঠবিধ বস্তুৰ বাহিৰে আন সকলো সম্পত্তি যেনে ঘৰ, বাগিছা, খেতি-পথাৰ আদি সকলো এটাসমূহৰ (samgha) সাধাৰণ সম্পত্তি বুলি গণ্য কৰা হ’ব৷

বুদ্ধদেৱৰ সময়ত আত্মাবাদী পণ্ডিতসকলে আত্মাক অতিলৌকিক আৰু অপৰিবৰ্তিত বুলি গণ্য কৰিছিল৷ অৱশ্যে সেই সময়খিনিতেই আন বহু বস্তুবাদী চিন্তাবিদে আত্মাৰ অস্তিত্বৰ ধাৰণাকেই নস্যাৎ কৰিছিল৷ কিন্তু তেওঁলোকৰ বস্তুবাদ যান্ত্ৰিক বস্তুবাদৰ ঊৰ্ধলৈ যাব পৰা নাছিল৷ বৌদ্ধবাদীসকলে এই দুয়োটা দৰ্শনৰ মধ্যভাগত অৱস্থিতি গ্ৰহণ কৰি এনে এক পথ বাছি লৈছিল যি আস্তিকতাবাদ আৰু বস্তুবাদৰ মাজৰ এক পথ বুলি ক’ব পাৰি৷ কিন্তু লাহে লাহে পিছৰ পৰ্যায়লৈ এই দৰ্শনতো ধৰ্মীয় মৌলবাদ, পুনৰ্জন্মৰ ওপৰত বিশ্বাস, যোগীয় তান্ত্ৰিকতাবাদ আদিৰ আগমনে বৌদ্ধবাদকো অন্য প্ৰাতিষ্ঠানিক ধৰ্মসমূহৰ দৰেই এক ৰূপ দিয়ে৷ ইয়াকেই নিৰ্মোহভাৱে সমালোচনা কৰি বিখ্যাত বৌদ্ধ দাৰ্শনিক ধৰ্মকীৰ্তিয়ে কৈ গৈছে, “ বেদাপ্ৰামানায়াম কায়াচিৎ কাৰ্ট্ৰিৱাদাহ স্নানে ধৰ্মেচ্চা জাতিবাদাৱালেপাহ, সন্তাপৰমাৰ্থ পাপহনায়া চেতি ধ্ৰষ্টাপ্ৰজ্ঞানানম পঞ্চ লিংগনি যাদ্যে “। অৰ্থাৎ “বেদ বা এজন সৃষ্টিকৰ্তাৰ আধিপত্য স্বীকাৰ কৰা, জাতিবাদ-শ্ৰেণীবাদ মানি চলা, পুণ্য অৰ্জন কৰিবলৈ নিৰ্দিষ্ট নদীত মূৰ জুবুৰিওৱা, পাপৰ পৰা মুক্তি পাবলৈ নিজৰ দেহক অত্যাচাৰ কৰা, এই পাঁচটা চূড়ান্ত মূৰ্খামিৰ চাৰিত্ৰিক বৈশিষ্ট্য৷”

প্ৰসংগ উৎস :

Buddhist Dialectics, Rahul Sankrityayan

Buddhist Philosophy, Y. Balaramamoorty

Leave a Reply

Your email address will not be published. Required fields are marked *