বসন্ত ৰোগ, কভিদ-১৯ , শীতলা দেৱী, কৰ’না মাতা, পৰম্পৰাগত চিকিৎসা আদি – (ৰঞ্জন ভূঞা)
সমগ্ৰ বিশ্ব এতিয়া ভাইৰাছৰ গ্ৰাসত। কৰ’নাৰ আতংকত পৃথিৱীৰ প্ৰায় আটাইকেইখন দেশেই স্তব্ধ হৈ পৰিছে। পৃথিৱীৰ অসুখ, এতিয়া সমগ্ৰ পৃথিৱী ব্যস্ত হৈ পৰিছে ভাইৰাছ বিৰোধী যুঁজত। অৱশ্যে ভাইৰাছৰ বিৰুদ্ধে মানৱ জাতিৰ এয়াই প্ৰথম যুঁজ নহয়। ইয়াৰ পূৰ্বেও ভাইৰাছৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰি জয় লাভ কৰিছে মানৱ জাতিয়ে।
আই বা বসন্ত হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। কভিদ-১৯ৰ দৰেই। বসন্ত ৰোগ বুলিলে আমাৰ সমাজৰ সৰহ সংখ্যকেই জাতি-ধৰ্ম নিৰ্বিশেষ কিছুমান লোকবিশ্বাসৰ আধাৰত চিকিৎসকৰ ওচৰলৈ যোৱাতকৈ ঘৰুৱা নিয়ম-নীতিৰে চিকিৎসা কৰিব বিচাৰে, যেনে- আইলৈ মাননি আগবঢ়োৱা আদি।
আমাৰ সমাজত লোকবিশ্বাস আছে যে আই দেখা দিলে ডাক্তৰৰ ওচৰলৈ যাব নাপায়, ডাক্তৰী ঔষধো খাব নাপায়। কিন্তু সেয়া সম্পূৰ্ণৰূপে এক অবৈজ্ঞানিক চিন্তা ৰোগাক্ৰান্ত হ’লেই ডাক্তৰক এবাৰ দেখুৱাটো ভাল। চাফ-চিকুণকৈ পৰিষ্কাৰ বগা কাপোৰ পৰিধান কৰিলে অৱশ্যে শৰীৰ শীতল হৈ থাকে। মনটো পাতল পাতল লাগে। এইটো এটা যুক্তিসংগত কথাই ।
দেখা গৈছে যে, এনে লোকবিশ্বাসবোৰ বহুত বছৰ ধৰি মানুহৰ মাজত প্ৰচলিত হৈ আহিছে আৰু ফলস্বৰূপে সমাজত এই ৰোগত মানুহে অযথা কিছুমান কষ্টৰ সন্মুখীন হৈ আহিছে।
অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়।
কিন্তু এই ৰোগটো জানো সঁচাকৈয়ে কোনোবা দেৱীৰ কোপদৃষ্টি পৰি হয়? এনেকুৱা অদ্ভূত, অবৈজ্ঞানিক কথাবোৰ কেনেকৈ ক’ৰপৰা আৰম্ভ হয়? এইটো প্ৰশ্নলৈ আমি পুনৰ ঘূৰি আহিম। তাৰ আগত বসন্ত ৰোগ কি আৰু চিকিৎসা বিজ্ঞানেনো এই ৰোগটোৰ বিষয়ে কি কয় সেইবিষয়ে কিছুমান কথা আলোচনা কৰোঁ আহক।
এই ৰোগ তিনি প্ৰকাৰৰ৷
(১) বৰ আই (Small Pox),
(২) মাজু আই (Chicken Pox), আৰু
(৩) সৰু আই (Measles) ৷
পৃথিৱীৰ ইতিহাসত বৰ আইত আক্ৰান্ত হৈ লাখ লাখ মানুহৰ মৃত্যু হৈছিল। কেৱল বিংশ শতাব্দীতে ৩০ৰ পৰা ৫০ কোটি লোকে জীৱন দিছে এই ৰোগত। বৰ আই হ’ল মানৱ ইতিহাসৰ এটি অন্যতম ভয়ংকৰ ৰোগ।
ভেৰিঅ’লা নামৰ ভাইৰাছ বিধ বৰ আইৰ কাৰণ।
ভাইৰাছ বিধে অতি সহজে এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পি পৰিছিল। আক্ৰান্ত ব্যক্তিৰ হাঁচি, কাহ, বা কথা-বতৰা আদিৰ যোগেদি খুব সহজে যিকোনো ব্যক্তি বৰ আইৰ চিকাৰ হৈছিল।
ডাম্ববেল আকৃতিৰ এই ভাইৰাছ বিধ অন্য ভাইৰাছৰ তুলনাত ডাঙৰ। আকৃতিত ডাঙৰ হোৱা বাবে ইয়াৰ দেহত থকা জিন’মৰ সংখ্যা অন্য ভাইৰাছৰ তুলনাত বহু বেছি। উদাহৰণস্বৰূপে এইচ আই ভিত ১০টা জিন আৰু ইবোলাত সাতটা জিন থাকে। ইয়াৰ তুলনাত ভেৰিঅ’লাত থকা জিনৰ সংখ্যা বহু বেছি। এই সংখ্যা প্ৰায় দুশৰ ওচৰা ওচৰি। কিন্তু যিমানেই শক্তিশালী নহওক কিয়, ই কোনো অপৰাজেয় ৰোগ নাছিল।
ভাইৰাছ বুলিলেনো আমি সাধাৰণতে কি বুজো ?
ভাইৰাছ পৃথিৱীৰ সকলোতকৈ সৰু অৰ্গেনিজ্ম, ইয়াক জীৱ বুলিলে শুদ্ধ নহ’ব। কিয়নো বৈজ্ঞানিক সকলে ভাইৰাছক কোনো ধৰণৰ জীৱৰ শাৰীত ৰখা নাই। বহুতো বৈজ্ঞানিকে এইটো ভাৱে যে ভাইৰাছ নিৰ্জীৱ ,কিয়নো ই কোনো পোষক কোষিকাৰ অবিহনে বংশবৃদ্ধি কৰিব নোৱাৰে। ভাইৰাছে খাদ্য সামগ্ৰীকো শক্তিলৈ ৰূপান্তৰিত নকৰে অথবা ই কোনো কোষিকাৰ দৰেও ব্যৱহাৰ নকৰে য’ত সাধাৰণতে সজীৱ বিশেষত্ব পোৱা যায়।
তেনেহলে কি ভাইৰাছ নিৰ্জীৱ ? নহয়, আচলতে ভাইৰাছ হ’ল জীৱনৰ আৰম্ভণিৰ সকলোতকৈ প্ৰথমটো স্তৰ বা কণা। ই কোষিকা নহয় কিন্তু ইয়াত আনুবংশিক পদাৰ্থ (Gene) থাকে । যি প্ৰ’টিনৰ দ্বাৰা গঠিত শক্তিশালী আৱৰণৰ ভিতৰত সোমাই থাকে। ই নিজেই জীৱিত হৈ থাকিব নোৱাৰে। সেইয়ে বাঢ়িবলৈ বা নিজৰ সংখ্যা বৃদ্ধি কৰিবলৈ কোনো এটি পোষক ব্যৱহাৰ কৰে। যি তাক একপ্ৰকাৰে পৰজীৱী বনাই দিয়ে। ই যিকোনো এটি কোষিকাৰ ভিতৰত নিজৰ প্ৰতিলিপি বনাব পাৰে সেয়ে কোৱা হয় “ভাইৰাছ না সজীৱ না নিৰ্জীৱ, ভাইৰাছ মাত্ৰ ভাইৰাছেই। যি সকলোতকৈ বেলেগ….!!”
ভাইৰাছৰ আকাৰ- অধিকাংশ ভাইৰাছেই পাঁচৰ পৰা তিনিশ নেন’মিটাৰ (nm) আকাৰৰ হয়। মানে ই ইমানেই সৰু যে সাধাৰণ মাইক্ৰ’স্কোপটো দেখা পোৱা নাযায়। ভাইৰাছক ভালকৈ দেখা পাবলৈ আমাক এক বিশেষ ধৰণৰ মাইক্ৰ’স্কোপৰ প্ৰয়োজন হয়। আপুনি এই কথাটোৰ পৰাই ইয়াৰ আকাৰৰ বিষয়ে অনুমান কৰিব পাৰিব যে কোনো কোনো ভাইৰাছ আকাৰত কোনো পৰমাণুতকৈ মাত্ৰ দহ-বাৰ গুণহে ডাঙৰ।
ভাইৰাছৰ বহুধৰণৰ আকাৰ আকৃতি থাকিব পাৰে। ই গোটা-দীঘলীয়া অথবা অন্তৰীক্ষ যানৰ আকৃতিৰো হ’ব পাৰে। ইয়াক বেক্টিৰিয়’ফেজ(Bacteriophage)বুলিও কোৱা হয়, কাৰণ ই বেক্টেৰিয়াক নষ্ট কৰি দিয়ে। গৱেষক আৰু বৈজ্ঞানিক সকলে এতিয়া এন্টিবায়’টিক ঔষধৰ জড়িয়তে বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণৰ লগত যুঁজ দিবলৈ, ভাইৰাছক মানৱ উপযোগিতাৰ বাবে লগাবলৈ বুলি তেনে কোনো উপায় বিচাৰিবলৈ আৰম্ভ কৰিছে।
ভাইৰাছৰ আৱিষ্কাৰ সম্বন্ধীয় তথ্য-
১৮৯২ চনত ৰুচৰ এজন মাইক্ৰ’বায়’লজিষ্ট “দিমিত্রি ইভানোভস্কি”য়ে ধঁপাত জাতীয় গছৰ পাতত হোৱা এটি সংক্ৰমণত গৱেষণা কৰি কিছু বিচিত্ৰ ছবি দেখা পালে। তেওঁ দেখা পালে যে সেই সংক্ৰমণটো বেক্টেৰিয়াৰ তুলনাত কিছু সুক্ষ্ম জীৱাণুৰ পৰা বাঢ়ে। যাক বৰ্তমান টবেক’ মোজাইক ভাইৰাছ (Tobacco mosaic virus) বুলি কোৱা হয়। এইটোৱেই হ’ল প্ৰথমটো জ্ঞাত ভাইৰাছ। তাৰপিছত ১৯০১ চনত “ওৱাল্টাৰ ৰেডে” হালধীয়া জ্বৰৰ ভাইৰাছ (Yellow fever virus)- আৱিষ্কাৰ কৰিছিল যিটো আছিল মানৱ জাতিয়ে জনা প্ৰথমটো জ্ঞাত ভাইৰাছ ।
উপকাৰী ভাইৰাছ সম্বন্ধিত তথ্য-
আচলতে উপকাৰী ভাইৰাছৰ সংখ্যা বহুত কমেই হয়, সকলো ভাইৰাছেই অপকাৰী নহয়। প্ৰকৃতাৰ্থত ভাইৰাছৰ বিষয়ে ন-ন তথ্য পোহৰলৈ অহাৰ পিছত আমি জানিব পাৰিছো যে কিছুমান ভাইৰাছ মানৱ জাতিৰ বাবে বহুত বেছি লাভদায়ক হৈ পৰে। কিছুমান ভাইৰাছে আমাক সেইটো প্ৰক্ৰিয়াৰে সহায় কৰে যিটোৰ বিষয়ে আমি ভাৱিবও নোৱাৰোঁ। আনহাতে কিছুমান ভাইৰাছে আকৌ আমাক আগন্তুক দিনবোৰকলৈ ইতিবাচক সম্ভাৱনাৰো জন্ম দিয়ে।
বেক্টিৰিয়’ফেজ (Bacteriophage)-
বেক্টিৰিয়’ফেজ সেইটো ভাইৰাছ যি বেক্টেৰিয়াক ধ্বংস কৰিব পাৰে। বৈজ্ঞানিক সকলে বৰ্তমান এণ্টিবায়’টিকৰ ঠাইত বেক্টেৰিয়াৰ বিৰুদ্ধে এই ভাইৰাছটোৰ ব্যৱহাৰ কৰি আছে।
“ভিএসভি” নামৰ ঘোঁৰাৰ সংক্রামক ৰোগটো এটি ভাইৰাছৰ দ্বাৰাই সৃষ্টি হয়। কিন্তু বৰ্তমান সময়ত অনকোলিষ্টিক নামৰ সেই ভাইৰাছটোক (Oncollistic virus)- কেন্সাৰ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয় ৷ একেদৰেই আন এক উপকাৰী ভাইৰাছ এডেন’ভাইৰাছ(Adenovirus)- যাক কেন্সাৰৰ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়।এনেধৰণৰ আৰু বহুতো ভাইৰাছ আছে যাক আমি মানৱ ৰোগৰ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰোঁ।
অপকাৰী ভাইৰাছ সম্বন্ধিত তথ্য –
গৰিষ্ঠ সংখ্যক ভাইৰাছেই হ’ল অপকাৰী। যেনে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা “চাৰ্চ কভ-২” নামৰ কৰ’না ভাইৰাছটো। কিবা প্ৰকাৰে যদিহে এনে ভাইৰাছে কোনো প্ৰাণীৰ দেহত প্ৰৱেশ কৰে তেতিয়া সি নিজৰ প্ৰতিলিপি বিস্তাৰিত কৰিবৰ বাবে আক্ৰান্ত জনৰ কোষ ব্যৱহাৰ কৰে। প্ৰতিলিপি কোনো ভাইৰাছে যেতিয়া আপোনাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া যিকোনো এটা কোষিকাৰ লগত ই নিজকে সংযোজিত কৰি লয়। তাৰপিছত হয় সি নিজৰ জিনটো আপোনাৰ কোষিকাত স্থাপন কৰি লয় নতুবা আপোনাৰ কোষিকাই সেই ভাইৰাছটোক গ্ৰাস কৰি লয় আৰু ভাইৰাছে নিজৰ প্ৰতিলিপি বনাই লয় ৷ তাৰপিছত ভাইৰাছটোৱে আপোনাৰ কোষৰ সমস্ত কাৰ্য্যক্ষম অংশতে আধিপত্য বিস্তাৰ কৰি নিজৰ প্ৰতিলিপি বনোৱা আৰম্ভ কৰি দিয়ে। এনে প্ৰতিলিপি সাধাৰণতে ইমান বেছি প্ৰস্তুত কৰা হয় যে আপোনাৰ দেহৰ কোষবোৰ ফাটি যায়। এই নতুন ভাইৰাছবোৰ ঠিক পুৰণি ভাইৰাছটোৰ দৰেই হয়। কিয়নো তাতো একেই ধৰণৰ জিনীয় সংকেত থাকে। সেইয়ে লাহে লাহে ইহঁতি স্বাস্থ্যবান কোষবোৰতো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে। অৰ্থাৎ আপোনাৰ শৰীৰত এটা ভাইৰাছে খুব কম সময়ৰ ভিতৰতেই সি নিজৰ হাজাৰ হাজাৰ প্ৰতিলিপি বনাই ল’ব পাৰে আৰু আপোনাক বহুত বেমাৰী কৰি তুলিব পাৰে।
কিছুমান ভাইৰাছ এনে কিছু বেমাৰৰ কাৰণ হ’ব পাৰে যাৰ বিষয়ে আপুনিও শুনিছে নিশ্চয়কৈ, যেনে – সৰু-আই, পানীলগা, মাজু আই আৰু নিশ্চিত ৰূপত পানীলগা জ্বৰ । পানীলগা জ্বৰ হৈছে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা পৃথিৱীৰ প্ৰসিদ্ধ বেমাৰ সমূহৰ ভিতৰত এটা। ই আপোনাৰ শ্বাসনলীক প্ৰভাৱিত কৰে। আৰু আপোনাক কাঁহ,ডিঙিৰ চৰচৰনি, নাকৰপৰা শেঙুণ ওলোৱা, মুৰৰ বিষ, জ্বৰ, ভাগৰ লগা, আৰু দেহত বিষ উৎপন্ন কৰে। কিন্তু ইবোৰৰ উপৰিও এনে কিছু মাৰাত্মক ভাইৰাছ আছে যি ভয়ানক ভাৱে মানৱ সভ্যতাৰ মাজত সময়ে সময়ে ধ্বংস লীলা চলাই আহিছে যেনে এব’লা,এইচ আই ভি, ডেঙ্গু,ৰেবিজ,বৰ-আই আদি ।
টিকাকৰণৰ ইতিহাস-
টিকাকৰণৰ ইতিহাসো বৰ আই(Smallpox)-ৰ দৰে ভয়ংকৰ ভাইৰাছৰ পৰা আৰম্ভ হৈছে। এইটো কোনেও নাজানে যে বৰ আইৰ আৰম্ভণি ক’ৰ পৰা হৈছে। কিন্তু এইটো বিশ্বাস কৰা হয় যে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত ইজিপ্টৰ সাম্ৰাজ্যত ই বেয়াকৈ প্ৰভাবিত কৰিছিল ৷ প্ৰাচীনকালত ই অতি মাৰাত্মক বেমাৰ আছিল। য’ত ত্ৰিশ শতাংশতকৈও বেছি সংক্ৰমিত লোকৰ মৃত্যু হৈছিল। আৰু যি সকল বাচি গৈছিল তেওঁলোকৰ শৰীৰত ভয়ানক দাগ বহি গৈছিল। কিন্তু ১৭৯৬চনত এড্ৱার্ড জেনাৰ(Edward Jenner)- নামৰ ইংৰাজ চিকিৎসক এজনে এটা নতুন তথ্য আৱিষ্কাৰ কৰিলে ৷ তেওঁ দেখিলে যে দুগ্ধপান কৰোৱা মহিলা সকলৰ গাত এই বেমাৰটো নাই। ক্ষীপ্ৰতাৰে, তেওঁ অনুভৱ কৰিলে যে বৰ আইৰ দৰে গৰুৰ দেহত হোৱা আন এটি বেমাৰ যাক গো-বসন্ত (Cowpox) বুলি জনা যায়,সেইটোৱেই এই মহিলা সকলক বৰ আইৰ পৰা ৰক্ষা কৰিবলৈ বুলি নিশ্চয় কিবা সংযোগ আছে।
তেওঁ সেই সিদ্ধান্তৰ পৰীক্ষাৰ বাবে এজন যুৱকৰ দেহত প্ৰথমে গো-বসন্তৰ লগত সংক্ৰমিত বেজি দিয়ে আৰু তাৰপিছত বৰ আইৰ লগত সংক্ৰমিত বেজি দিয়ে।
অৱশ্যেই এইটো আছিল অতিকৈ বিপদজনক প্ৰয়োগ,কিন্তু এই প্ৰয়োগে বাস্তৱত সফলতা পালে।
কিয়নো গো-বসন্তৰ ভাইৰাছৰ কাৰণেই সেই যুৱকজনৰ দেহত বৰ আই নহ’ল। আৰু এনেদৰেই সমগ্ৰ পৃথিৱীত টিকাকৰণৰ আৰম্ভণি ঘটিল যি দ্বিতীয় শতাব্দীৰ পিছত বৰ আই ভাইৰাছ পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাত সফলতা লভিলে।
এইখিনিতে এটা আমোদজনক কথা উল্লেখ কৰা ভাল হ’ব বুলি বিবেচনা কৰিলো। আপোনালোকে জানি আচৰিত হ’ব যে ভেকচিনেশ্যন শব্দটো আহিছে লেটিন ভাষাৰ ভেকা (Vacca) শব্দৰ পৰা যাৰ অৰ্থ হৈছে গাইগৰু।
তেনেহলে এতিয়া আমি জানিলো যে এসময়ত সন্ত্ৰাসৰ সৃষ্টি কৰা এই বসন্ত ৰোগটো কোনো শীতলা দেৱী নামৰ দেৱীৰ অসন্তুষ্টিত সৃষ্টি হোৱা বেমাৰ নহয় , বৰঞ্চ এইবোৰ একো একোটা ভাইৰাছ আক্ৰান্ত জনিত ৰোগহে। একেদৰেই মাজু আই বা সৰু আইয়ো হ’ল বেলেগ বেলেগ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ। যেনে-V-Z ভাইৰাচ(Variulla Zoster)-ৰ পৰা মাজু আই আৰু ৰুবিঅ’লা নামৰ ভাইৰাচ বিধত আক্ৰান্ত হোৱা ৰোগক সৰুআই বোলা হয়।
এনেবোৰ ৰোগৰ প্ৰতিকাৰৰ উপায়-
মাজু আইৰ ছিটা সকলো বয়সৰ লোকেই লোৱাটো ভাল৷ দুটা ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া হয়৷ ছিটা ল’লে হয় সুৰক্ষিত, নহয় ৰোগাক্ৰান্ত হ’লেও লক্ষণসমূহ গুৰুতৰ নহ’ব৷ ৰোগীক অইনৰ পৰা আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে৷ এচাইক্লভিৰ নামৰ এন্টিভাইৰেল ঔষধ খালে ৰোগ কিছু সোনকালে উপশম হয়৷ পাতল কপাহী কাপোৰ পিন্ধা ভাল৷ দৈনিক মহানিমপাত সিজোৱা পানীৰে গা ধুব পাৰিলে ভাল৷ কোমল চাবোনো ব্যৱহাৰ কৰাত বাধা নাই৷ খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব পাৰি৷ ছালত কেলামিন লোচন লগাব পাৰি৷ চেকেণ্ডেৰী বেক্টেৰিয়াৰ সংক্ৰমণ দেখিলে কেতিয়াবা এন্টিবায়টিকৰ প্ৰয়োজন হব পাৰে৷ এই সকলোখিনি চিকিৎসকৰ তত্ত্বাৱধানত কৰিব লাগিব ৷
সৰু আইৰ ক্ষেত্ৰতো টিকাকৰণ ব্যৱস্থা অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
উন্নয়নশীল দেশসমূহত শিশুক ৬মাহত আৰু ৯ মাহত সৰু আইৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে৷
আই বা বসন্তৰ লগতে জনবিশ্বাসত বন্দী অন্য এক ৰোগ হ’ল- পিঠাখোৱা বা Mumps। এই ৰোগো ভাইৰাছৰ দ্বাৰাই হয় আৰু একেই ব্যৱস্থাৰ অৰ্থাৎ ৰোগীৰ মুখ আৰু নাকৰ পৰা বীজাণু নিৰ্গত হৈ বায়ুমণ্ডলৰ পৰা অন্য লোকৰ শৰীৰত উশাহৰ দ্বাৰা প্ৰৱেশ ঘটে। এই ৰোগো নিজে নিজে আৰোগ্যৰ পথলৈ আহে যদিও কিছুমানৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়ে।
আমাৰ লোকবিশ্বাস মতে এই ধৰণৰ ৰোগবোৰ হ’লে ৩-৫ দিনত আইলৈ মাননি আগবঢ়াই সকাম পাতে আৰু তাৰ পিচত আয়ে ৰোগীৰ শৰীৰৰ পৰা আঁতৰি যায়। আনহাতে আই অসন্তুষ্ট হ’লে ৰোগ জটিল হয় বা ঘাটি লাগে। আচল কথাটো হ’ল immunity. এটা ভাইৰাছে ভৌগলিক কথা লৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, খাদ্যভাস, জীৱন যাপন প্ৰনালী আদিক ভিত্তি কৰি বেলেগ বেলেগ প্ৰভাৱ পেলাব পাৰে৷
সেয়েহে আধুনিক বিজ্ঞানৰ যুগতো বহুতো শিক্ষিত লোকৰ ঘৰতো এনে আই সকামৰ পৰম্পৰা চলি আছে। অৰ্থাৎ বৈজ্ঞানিক মানসিকতা আমাৰ মগজুত এতিয়াও সম্পূৰ্ণ স্থিত হোৱা নাই। মানুহে যেন বুজি পায়ো কিবা এক বিশ্লেষণহীন পৰম্পৰাৰ অধীন হৈ চলি আছে। ফলস্বৰূপে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মগজুবোৰতো এনে এক অবান্তৰ ধাৰণা সুমুৱাই দিয়া হৈছে আৰু লগতে এনেবোৰ ৰোগৰ সংক্ৰমণ বন্ধ কৰাটোও সমস্যা হৈ থিয় দিছে।
এতিয়া আমি আকৌ আগৰ প্ৰশ্নটোলৈ ঘূৰি যাম।
আই বা বসন্ত ৰোগ শীতলা দেৱীৰ পৰাহে হয়, মাননি দি আইক সন্তুষ্ট কৰিব পাৰিলেই এই বেমাৰটো ভাল হৈ যায় এনেধৰণৰ অদ্ভূত, অবৈজ্ঞানিক কথাবোৰ কেনেকৈ ক’ৰপৰা আৰম্ভ হয়? তলত এইবিষয়ে অলপ বহলাই আলোচনা কৰি তাক বুজিবলৈ চেষ্টা কৰোঁ আহঁক।
বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা –
বিশেষকৈ নাৰীসকলৰ সমাদৃত আৰু নাৰী সমাজৰ প্ৰধান ভূমিকা থকা এইবোৰ গীতৰ উদ্ভাৱন কাল অনিৰ্বাচনীয় । ভাষাই লিখিত বা সাহিত্য ৰূপ পোৱাৰ আগৰ সময়ছোৱাত অসমত বাস কৰা নিৰক্ষৰ জাতি-জনজাতিৰ মাজত কিছুমান গীত–মাত, সাধুকথা, প্ৰবচন আদি মৌখিক ভাৱে প্ৰচলন আছিল । দশম-একাদশ শতিকাৰ সাহিত্যকাল উদ্ভাৱন হোৱাৰ পিছতো আইনাম সদৃশ লোকগীতসমূহৰ পৰিচয় পোৱা যায় । সাহিত্যিক সকলৰ মতে উক্ত নাম বিধ লোকসহিত্যৰ অন্তৰ্গত । বসন্ত ওলালে উক্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী বুলি জনসমাজত বিশ্বাস কৰা আই বা দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে “আইনাম” গোৱা হয় । কোনো কোনো ঠাইত “শীতলা নাম” বুলিও জনাজাত । আই সেৱাৰ নামত “আসন পাতি” তামোল-পান, চাউল, বগা ফুলেৰে আসন ভৰাই দি নৈবেদ্য আদি আগ বঢ়াই দেৱী আই সকলক উদ্দেশ্যি স্তুতি গীতেৰে প্ৰাৰ্থনা কৰে ।
উল্লেখযোগ্য যে অলপতে আমাৰ ভাৰতবৰ্ষত “কৰ’না মাতা”ও আৰ্ৱিভাৱ লৈছে, ইতিমধ্যেই বিহাৰৰ পৰা অসম আহি পালেই। সৌ-সিদিনা আমাৰ অসমৰে যোৰহাট জিলাৰ কেইগৰাকীমান মহিলা একগোট হৈ নদীত পূজা কৰি ভোগ এভাগিও দি আহিল, বোলে সেই ভোগ খাই কৰ’না মাতা সন্তুষ্ট হৈ এই ধৰিত্ৰী এৰি গুছি যাব। ইতিমধ্যে বিভিন্ন চ’ছিয়েল মেডিয়াতো কৰ’না মাতাকলৈ কেইবাটাও লোকগীতৰ ভিদিঅ’ও ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হয়। ভাৱকচোন আৰু ষাঠী-সত্তৰ বছৰৰ পিছত যদি আই সকামত মাননি দিয়াৰ দৰেই কৰ’না দেৱীকো বিশ্বাস কৰি পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰি কোনোবাই সন্তুষ্টি পোৱা বুলি কয় তেতিয়া আপুনি কি ক’ব বাৰু ? আমি ইবোৰৰ বিৰুদ্ধে কিয় সৰৱ হ’ব লাগে এবাৰ চিন্তা কৰক ৷
আচলতে এনেকুৱা নীতি-নিয়মবোৰে মানুহ এজনৰ বৈজ্ঞানিক মানসিকতাক প্ৰতক্ষ্যভাৱে আঘাত কৰে ফলস্বৰূপেই সমাজত অন্ধবিশ্বাস বিয়পোৱাত সহায় কৰে আৰু ডাইনী হত্যাৰ দৰে ঘটনাও সংঘটিত হয়-আৰু ইয়েই হৈছে তাৰ পৰোক্ষ প্ৰভাৱ। তাৰোপৰি এনেকুৱা সকামৰ দ্বাৰা ৰোগৰ বীজাণু প্ৰতিগৰাকীয়েই নিজৰ ঘৰলৈ লৈ যায় আৰু গোটেই অঞ্চলটোতে ৰোগটো বিয়পি পৰাত সহায় কৰে। পুনৰ সেই নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ঘৰত আকৌ এনেকুৱা নীতি নিয়মেৰে সকাম পতাৰ ফলত ৰোগটো অতি সোনকালে গোটেই অঞ্চলত বিয়পি পৰাত সহায় কৰাৰ বাদে একো নহয়। আইৰ মাননি দিয়া সকামটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস আৰু ই বৈজ্ঞানিক মানসিকতাৰ পৰিপন্থী।
এইটো নহয় যে সামাজিক নীতি নিয়ম মানি চলা ব্যক্তি সকলৰ মাজত বৈজ্ঞানিক মানসিকতা একেবাৰেই নাই। কিন্তু আমি ক’ব খোজা কথাটো হ’ল কোনোবা ডাঙৰ বৈজ্ঞানিকে মানিলে বুলিয়েই, বা পৰম্পৰাগতভাৱে চলি আহিছে বাবেই অথবা প্ৰাচীন শিলালিপিত লিখা আছে বাবেই সেইটোক বিশ্বাস কৰা কথাটো বৈজ্ঞানিক মানসিকতাৰ পৰিপন্থী। সকলোবোৰ দিশ চালি জাৰি চাই সি যদি আপোনাৰ যুক্তিৰ লগত মিলে আৰু আন দহজনৰ অপকাৰ নহয় তেতিয়াহে তাক মানি চলক আৰু জীৱনটো উপভোগ কৰক।
আমাৰ সমাজৰ উচ্চশিক্ষিত ব্যক্তি সকলে বিশেষকৈ যাৰ আচাৰ-আচৰণে সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তেওঁলোক এনেবোৰ ক্ষেত্ৰত অলপ সচেতন হ’ব লাগে। পিছে দুৰ্ভাগ্যবশতঃ আমাৰ দেশত বহুতো বিজ্ঞান শিক্ষকৰ হাতত আঙুলিতকৈ আঙুঠিৰ সংখ্যাহে বেছি।
বসন্ত ৰোগী এজন ডক্তৰৰ ওচৰত গ’লে যেতিয়া অন্ধবিশ্বাসী ডাক্তৰ এজনে আইৰ নামত মাননি দিয়া হ’লনে বুলি প্ৰশ্ন কৰে তেতিয়া সাধাৰণ লোকৰ মগজুত কেনেধৰণৰ কথায়ে ক্ৰিয়া কৰিব সেইয়া সহজেই অনুমেয়। আমি মনত ৰখা ভাল যে কোনো এজন লোক উচ্চ শিক্ষিত বা জনপ্ৰিয়তাৰ শীৰ্ষত থাকিল বুলিয়েই তেওঁ অন্ধবিশ্বাসী মুক্ত হ’ব বুলিও ভাৱি লোৱাটো ভুল।
মনকৰিব যে সমাজত অন্ধবিশ্বাস বিয়পোৱাত বোলছবি জগতৰো যঠেষ্ট অৰিহণা আছে।
১৯৭৫ চনত বলিউডৰ চলচ্চিত্ৰ ” জয় সন্তোষী মা” মুক্তিৰ পিছত তাৰ জনপ্ৰিয়তা তুংগত উঠে আৰু তাৰপিছতে উত্তৰ প্ৰদেশৰ বহু লোকে
বার্ষিক ১৬টা শুক্রবাৰত সন্তোষী মা ব্রত নামেৰে এক ব্রত পালন কৰিবলৈ আৰম্ভ কৰে, তেনে কৰিলে দেবী সন্তুষ্ট হয় বুলি তেওঁলোকে বিশ্বাস কৰে। আজিকালি আনকি বহুতেই নিজৰ নিজৰ বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ নামো হোটেল, ৰেষ্টুৰেন্ট, দোকান-পোহৰ আদি সন্তোষী মাৰ নামতে ৰাখি ভাল পায়।
বোলছবি জগতত সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে সদম্ভে ঠিয় দিয়া অমিতাভ বচ্চনেও যেতিয়া ঐশ্বৰ্য ৰায়ৰ মাংগলিকৰ বাবে আহঁত গছ বা কলগছৰ লগত বিবাহ দিয়া কাৰ্যৰ সমৰ্থন কৰিছিল তেতিয়া তাৰ কু-প্ৰভাৱো তেওঁৰ বহু অন্ধ অনুৰাগীৰ ওপৰত পৰিছিল বুলি জানিব পৰা যায় (আনকি সেইসময়ত বহুতো গৰ্ভৱতী মহিলা জ্যোতিষীৰ ওচৰত গৈছিল ঐশ্বৰ্য ৰায়ৰ দৰে কু-লক্ষী কন্যা সন্তান যাতে নাপায় জন্মৰ আগতেই তাৰ সমিধান বিচাৰি, পিছত যেনিবা ইবোৰৰ ওপৰত কে’চ মোকৰ্দমা চলি তাক ৰোধ কৰা হ’ল, কিন্তু মানুহবোৰৰ মানসিকতা জানো সলনি হ’ল ?) এইবোৰ দেখি শুনি নিজকে একবিংশ শতিকাৰ আধুনিক মানুহ বুলিবলৈ লাজ পাওঁ।
সেয়েহে সমাজৰ আৰু নতুন প্ৰজন্মৰ ভালৰ বাবেই চিন্তা কৰি এনেধৰণৰ অশুভ পৰম্পৰাবোৰ বিদায় দিয়াটো অতি প্ৰয়োজন।