বৃক্ষ- (অনামিকা শৰ্মা)
তোৰ ছাঁতেই জিৰাই মোৰ
ঘৰ্মাক্ত দেহৰ কলিজাৰ স্পন্দন
হে বৃক্ষ!
হাজাৰ বছৰৰ সাক্ষী
তোৰ এই মেট-মৰা দেহাত
মানৱতাৰ নিষ্ঠুৰ আঘাত।
ক্ষত বিক্ষত শৰীৰত আজি
দা, কুঠাৰ, কৰতৰ নিৰ্মম প্ৰহাৰ
দেহা আজি তোৰ জীৰ্ণ-শীৰ্ণ
তোৰ দেহে কান্দে, ডালে কান্দে, কান্দে পাতে
শুনা নাই বহুদিন
ডালত পৰা পক্ষীৰ মৌ সনা মাতৰ কলৰৱ
মুকলি আকাশত এতিয়া
পক্ষীৰ কৰুণ বিননি,
হে বৃক্ষ!
পুনৰ জী উঠ
তোৰ ছাঁতেই জিৰাওক
মোৰ কলিজাৰ স্পন্দন।