ব্যৱহাৰিক-ব্যৱসায়িক বিবেচনা, মুক্ত চিন্তা আৰু আদৰ্শৰ স্থিৰতা- (ৰিপুঞ্জয় গগৈ)
“মই এক কথাৰ, এক আদৰ্শৰ মানুহ” – নিজৰ মত-আদৰ্শৰ স্থিৰতাৰ কথা এনেদৰে দৃঢ়তাৰে ঘোষণা কৰা মানুহক বহুতেই সমীহ কৰে, সন্মান জনায়৷ পিছে কথাবোৰ-আদৰ্শবোৰ কিমানখিনি ব্যৱহাৰিকভাৱে লাগতিয়াল,কিমানখিনি যুক্তিগ্ৰাহ্য তাকো বিবেচনা কৰিব লাগে৷ কাৰোবাৰ বাবে তেনেই অযুক্তিকৰ, অলাগতিয়াল বৰঞ্চ হাস্যাস্পদ শিশুমতি কথা-কাণ্ড কেতবোৰ কোনোবাজনৰ বাবে সুখ আৰু স্বস্তিৰ আলম হ’লে তাক সমালোচনাহীনভাৱে সমৰ্থনৰ বাবে এৰি দিয়াটো ব্যৱহাৰিকভাৱে বুদ্ধিমানৰ কামেই হ’ব নে – যুক্তি-বুদ্ধিৰ স্বাৰ্থত তাক বিৰোধ কৰিব লাগিব? কোনোবাই যদি কয়, মই শিল এছটা পূজা কৰি সুখ পাইছো, কোনোবাই যদি কয়, মই হাতৰ আঙুলিত শিলগুটি কেইটামান পিন্ধি বা দেহৰ অংগত ৰছী দুডালমান মেৰিয়াই ’আত্মবিশ্বাসী’ হৈছোঁ তেতিয়া এই এজনৰ একান্ত বিশ্বাসবোৰক আন এজনে ভেঙুচালি, ভৰ্ৎসনা কৰা উচিত হ’বনে? আকৌ কোনোবাই ভাং (মাৰিজুৱানা), ড্ৰাগছ আদি খাই কিবা “তুৰীয়” অনুভৱ লৈছো বুলি দাবী কৰিলে তেওঁক তেওঁৰ বিৰল “তুৰীয়” অনুভৱৰপৰা বঞ্চিত কৰাটো উচিত হ’বনে? এইবোৰ হ’ল ব্যক্তিগত পৰ্যায়ৰ কেতবোৰ বিশ্বাসৰ কথা৷ সামাজিক পৰ্যায়ত আমাৰ অসমখনৰ কেতবোৰ লোকে ভাবে যে শংকৰদেৱ এজন “জগত গুৰু”৷ কেতবোৰ লোকে উভতি ধৰি ক’ব যে (শীলভদ্ৰও এজন) কবি-সাহিত্যিক প্ৰতিভাৰ ক্ষেত্ৰত তেওঁ অনন্য হ’লেও শংকৰ জগত গুৰু নহয়৷ জগতখনৰ আগতে ভাৰতখনতেই গুৰু হোৱা নাই তেওঁ৷ আনকি অসমখনৰেই শাক্ত আদিবোৰে তেওঁক গুৰু নামানে৷ ধৰ্মীয় এই বিশ্বাসৰ দৰেই দেশৰ সৰহভাগ মানুহে বিশ্বাস কৰি আহিছে যে (আচলতে বিশ্বাস কৰোৱা হৈছে) মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ ওচৰত নতি স্বীকাৰ কৰি ব্ৰিটিছে ভাৰত এৰি গৈছিল৷ পিছে সেই সময়ৰ স্বাধীনতা আন্দোলনৰ আটাইকেইটা ধাৰা সূক্ষ্মভাৱে অধ্যয়ন কৰি সেই সময়ৰ বিশ্বব্যৱস্থালৈ (দ্বিতীয় বিশ্বযুদ্ধৰ ধামখুমীয়া) চকু দিলে গান্ধীৰ অহিংস আন্দোলনৰ কাৰ্যকৰিতা প্ৰমাণ নহয়৷ গৃহস্থ-গৃহিণীৰ আপোন সম্পৰ্কত অনশন-অহিংসা প্ৰতিবাদে নিজৰ মাজত কাম কৰিলেও প্ৰতিপক্ষৰ প্ৰতিদ্বন্দ্বীক শত্ৰুতামূলক স্থিতিত অনশন-অহিংসাবোৰ যে তেনেই অকাৰ্যকৰী সেয়া গান্ধীৰ অনশনৰ পাছতো ব্ৰিটিছে নিজৰ স্বাৰ্থবাদী সিদ্ধান্তক সলনি নকৰা, আমৰণ অনশনৰ সত্ত্বেও গান্ধীৰ সন্মূখত হিংসাই ভয়ংকৰ ৰূপ লোৱাৰপৰা আমাৰ মণিপুৰত ইৰম শৰ্মিলাই ষোল্ল বছৰ (২০০০-২০১৬) গান্ধীৰ পথেৰে অনশন কৰিও নিজৰ দাবীৰ ন্যায্যতা থকা সত্ত্বেও প্ৰতিপক্ষক দাবীটো কাৰ্যকৰী কৰিবৰ বাবে সন্মতি আদায় কৰিব নোৱৰা ঘটনালৈকে কথাবোৰে কি প্ৰমাণ কৰে? বাঘা যতীন দাসক কাৰাগাৰত ৬৫ দিন অনশনৰে ব্ৰিটিছে মৰিবলৈ এৰি দিছিল৷ আজি ইৰম শৰ্মিলাক গণতান্ত্ৰ্ৰিক দেশৰ সভ্যতাক দোহাই দি ভাৰত ৰাষ্ট্ৰই মৰিবলৈ এৰি নিদিলেও বিশেষ সামৰিক আইন প্ৰত্যাহাৰৰ ন্যায্য দাবীটো মানি নোলোৱা কথাই বুজাই দিলে যে তথাকথিত গণতান্ত্ৰিক ৰাষ্ট্ৰই এফালে আহিংসা অনশনৰ ভাষা নামানে, নুবুজে৷ হিংসাৰ স্বাৰ্থত বৰ্তি থাকে ৰাষ্ট্ৰযন্ত্ৰ৷ গান্ধীৰ অহিংসাৰ সবাতোকৈ দৃঢ় আৰু বিশ্বস্ত অনুগামী ডঃ ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ প্ৰতিৰক্ষাৰ (?)প্ৰশ্নত সেনাৰ নিৰ্ভৰতাৰ কথাটো সবলভাৱে উঠাওঁতে সহযোদ্ধা মৌলানা আব্দুল কালাম আজাদে তাত ব্যঙ্গাত্মক টিপ্পনী দিছে তেওঁৰ India Wins Freedom নামৰ গ্ৰন্থখনত৷
শিল এটাক পূজা কৰি সুখ-শান্তি লাভ কৰিম বুলি ভবাৰপৰা অহিংসা অনশনে দেশ-সমাজত শান্তি-সমৃদ্ধিৰ বাবে সদৰ্থক কাম কৰে বুলি বিশ্বাস কৰালৈকে ব্যক্তিগত আৰু সামাজিক যিবোৰ বিশ্বাসৰ কথা আমি ইয়াত অৱতাৰণা কৰিছোঁ এইবোৰ বহুতৰেই নিজৰ স্থিৰ বিশ্বাস, মতাদৰ্শৰ ভিতৰুৱা কথা৷ পিছে যুক্তি-বুদ্ধি আৰু ব্যৱহাৰিক বিবেচনাত এইবোৰ তেনেই বিভ্ৰান্ত বিশ্বাস, অকাৰ্যকৰী আদৰ্শ৷ তেনেই অজ্ঞ সংকীৰ্ণ, কূপমণ্ডূক চিন্তাৰ লোকেই এনেবোৰ আদিম শিশুমতি চিন্তা-বিশ্বাস কৰে। এনেবোৰ আদিম, অবাস্তৱ আৰু অলীক বিশ্বাস কৰ্মপদ্ধতিৰ বাবেই বাস্তৱৰ বিভিন্ন সমস্যাৰ বাবে এওঁলোকে কোনো যুক্তিবাদী কাৰ্যকৰী পথৰ সন্ধান দিব নোৱাৰে৷ এইবোৰ অলীক আদিম চিন্তাৰ বাটতেই বানৰ দুৰ্যোগত বানপানী ৰোধৰ বৈজ্ঞানিক উপায় চৰকাৰক প্ৰয়োগ কৰিবলৈ দাবী কৰাৰ সলনি নদীক পূজা কৰিবলৈ যায়! দেশ-সমাজৰ বিভিন্ন দুৰ্যোগ অব্যৱস্থাৰ বিৰুদ্ধে বাস্তৱবাদী পথ লোৱাৰ সলনি অখণ্ড ভাগৱত পাঠ, বিশেষ যজ্ঞ আদি অনুষ্ঠিত কৰে৷ ব্যক্তিগতভাৱে শিল এছটাক পূজা কৰা, বিশ্বাস বা প্ৰচলিত ধাৰণাত অনশন, অহিংসাৰ কাৰ্যকৰিতা সম্পৰ্কে থকা সৰল বিশ্বাসবোৰে সৰ্বশেষত আমাৰ সঁচা কৰ্ম সংগ্ৰামবোৰত কিদৰে বাধক হৈ থিয় দিয়ে তাক উল্লেখিত উদাহৰণবোৰেই প্ৰমাণ কৰে৷ এনে উদাহৰণ সীমিত নহয়৷ অন্ধবিশ্বাসী আৰু নিজৰ ক্ষুদ্ৰ গণ্ডী এটাত চুক ভেকুলী হৈ সোমাই থকা বিশেষ বিশ্বাসৰ মানুহবোৰৰ চিন্তা-বিশ্বাসৰ বিৰুদ্ধে আমাৰ অনেক ঘড়ী যুঁজিবলৈ আছে৷ বহল পৰিসৰ থকা অধ্যয়নেৰে মানুহে নিজৰ বিশ্বাস-প্ৰমূল্যবোৰক সময়ত সলনি কৰিব লাগিব৷