৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

ব্যাধি আৰু অলৌকিকতা (প্ৰসেনজিৎ চৌধুৰী)

মানুহে প্রশ্ন কৰিব পাৰে, পশুৱে নোৱাৰে। এই বৌদ্ধিক ক্ষমতাৰ নিমিত্তেই আচলতে মানুহ মানুহৰ শাৰীলৈ উন্নীত হৈছে। অৱশ্যে বহুতে ভবাৰ দৰে প্রশ্ন কৰাৰ এই বৌদ্ধিক ক্ষমতা আধুনিক মানুহৰ একচেটিয়া সম্পদ নহয়। সুদূৰ অতীজতো মানহে প্রশ্ন কৰি বিভিন্ন ঘটনা, বস্তু, অভিজ্ঞতা আদিৰ জন্মেতিহাস জনাৰ চেষ্টা কৰিছিল। জনজাতীয় সমাজৰ বিভিন্ন ব্যাখ্যাধর্মী ৰূপকথাৰ (myth) মাজত আদিম মানহৰ এই প্রচেষ্টাৰ ধাৰাবাহিকতা লক্ষ্য কৰা যায়। ঈশ্বৰ, মানুহ, ৰোগ-ব্যাধি, মৃত্যু, পশু-পক্ষী, প্রাকৃতিক দুর্যোগ— এইবোৰৰ কল্পনাশ্রয়ী জন্মেতিহাস বিবৃত হৈছে নানা ৰূপকথাত। এই ধৰণৰ এটা ৰূপকথাৰে আমি এই আলোচনা আৰম্ভ কৰিব পাৰোঁ । উৰিষ্যাৰ দিদায়ি (Didayi) জনগোষ্ঠীৰ পৰা সংগ্ৰহ কৰা এই ৰূপকথাটো হ’ল—

বাৰ বছৰ দেৱতাসকল ভোকত আছে। কোনেও তেওঁলোকৰ প্ৰতি চকু দিয়া নাই। হতাশ হৈ তেওঁলোকে সর্বোচ্চ দেৱতা ৰামৰক-ৰ (Rumrok) কাষ চাপিল আৰু নিজৰ দুৰাৱস্থাৰ কথা সদৰি কৰিলে। ৰামৰকে তেওঁলোকক বিশেষ এখন গাঁৱৰ দিদায়ি পৰিয়াল এটাৰ ল’ৰা-ছোৱালীক জ্বৰ, পেটৰ অসুখ, খজুৱতি আদি ৰোগৰ দ্বাৰা কষ্ট দিবলৈ নির্দেশ দিলে। ৰামৰকে আশ্বাস দিলে যে তেনে কৰিলে সেই পৰিয়ালটোৱে ভোকাতুৰ দেৱতাকেইজনে যি বিচাৰে তাকে খাবলৈ দিব। ৰামৰকৰ নির্দেশক্রমে দেৱতা কেইজনে কাম আৰম্ভ কৰি দিলে। এটা সুখী-স্বচ্ছল পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰ এটাৰ পাছত এটাকৈ বেমাৰত পৰিব ধৰিলে। পৰিয়ালটো আতংকিত হ’ল কিয়নো ইয়াৰ আগতে কেতিয়াও এনে ঘটনা ঘটা নাই। আক্রান্ত পৰিয়ালৰ মুৰব্বীজনে ৰামৰকক প্রার্থনা জনালে। সেই প্রার্থনাৰ উত্তৰত ৰামৰকে ক’লে যে দেৱতাকেইজনে তেওঁৰ পৰিয়াললৈ ৰোগ-ব্যাধি মাতি আনিছে আৰু এই সংকটজনক অৱস্থাৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্র উপায় হ’ল খাদ্য-সম্ভাৰেৰে দেৱতাকেইজনক সন্তুষ্ট কৰা। কোনজন দেৱতাক কিহেৰে তুষ্ট কৰিব লাগে তাৰ এখন তালিকাও ৰামৰকে দিলে। এনেকৈয়ে ৰোগ-ব্যাধি আৰু আৰোগ্য লাভৰ উপায় উদ্ভাৱিত হ’ল (K.B. Das and L.K. Mahapatra, Folklore of Orrissa, p. 83)।

কোনো সন্দেহ নাই যে এই চিত্তাকর্ষক ৰূপকথাটোৱে চেতনাৰ পশ্চাদপদ অৱস্থা এটাৰ ইংগিত দিছে। যেতিয়া মানুহে কার্যকাৰণ সম্পর্কৰ ভিত্তিত অসুখ-বিসুখৰ স্বৰূপ বুজিব পৰা নাছিল তেতিয়া এনে কল্পনাশ্রয়ী ব্যাখ্যা মনলৈ অহাটো খুবেই স্বাভাবিক। কিন্তু চেতনাৰ এই পশ্চাদপদ স্তৰটো জানোঁ আমি সম্পূর্ণভাৱে অতিক্ৰম কৰিব পাৰিছোঁ? ইয়াৰ উত্তৰ নিঃসন্দেহে নেতিবাচক। ৰোগ-ব্যাধিৰ অলৌকিক ব্যাখ্যাৰ জনপ্রিয়তা আনকি শিক্ষিত লাোকৰ মাজতো কমা নাই। উৰিষ্যাৰ ৰূপকথাটোত যি আদিম মানসিকতা প্রতিফলিত হৈছে তাৰ উত্তৰাধিকাৰ, কিছু পৰিমাণে হলেও, আমাৰ বহুতো আলোকপ্রাপ্ত মানুহৰ চিন্তা আৰু আচৰণত জানোঁ দেখা নাযায় ? বোধহয় বহলাই কোৱাৰ সকাম নাই যে সাধাৰণ মানুহৰ মাজত এই প্ৰকাৰ অলৌকিক পশ্চদপদতাৰ কাৰণে প্ৰধানকৈ জগৰীয়া হ’ল অভাৱনীয় দাৰিদ্র, শিক্ষা তথা বিজ্ঞানমনষ্কতাৰ অভাৱ আৰু ৰাষ্ট্ৰৰ নির্লিপ্ততা।

ৰোগ-ব্যাধিৰ স’তে অলৌকিক বিশ্বাসৰ সম্পর্ক ঘাইকৈ দুই ধৰণৰঃ ৰোগৰ কাৰণ হিচাপে আৰু ৰোগ-নিৰাময়ৰ উপায় হিচাপে। আমাৰ আলোচনাৰ আৰম্ভণিতেই উল্লেখ কৰা ৰূপকথাটোত এই দুয়োটা দিশেই লক্ষ্য কৰা যায়। ভোকাতুৰ দেৱতাৰ আক্ৰমণৰ ফলতেই ৰোগ-ব্যাধিৰ সৃষ্টি— এই বক্তব্য ৰূপকথাটোত স্পষ্ট। অর্থাৎ, ৰোগৰ কাৰণ অলৌকিক (supernatural)। অন্যহাতেদি আহাৰৰ যোগান ধৰি দেৱতাসকলক তুষ্ট কৰিব পাৰিলেই অসুখ-বিসুখ দূৰ হ’ব—আৰোগ্য লাভৰ এই পদ্ধতিও জানো অলৌকিক নহয়? আচল কথা হ’ল, অসুখৰ কাৰণ কি—এই প্রশ্নটোৰ উত্তৰ অলৌকিকতা নির্ভৰ হ’লে, তাৰ চিকিৎসা পদ্ধতিও অলৌকিক হ’বলৈ বাধ্য। ঈশ্বৰৰ অসন্তুষ্টি বা দেও-ভূত লম্ভাৰ ফলত অসুখ হোৱা বুলি কোনোবাই যদি বিশ্বাস কৰে তেন্তে তেওঁ পুৰোহিত বা বেজৰ শৰণাপন্ন হোৱাটো তেনেই স্বাভাৱিক কথা। কাৰণৰ চৰিত্ৰই আচলতে নিৰ্দ্ধাৰণ কৰে কেনেকৈ ৰুগ্নাৱস্থাৰ পৰা মুক্ত হ’ব পাৰি।

ৰোগ-ব্যাধিৰ অলৌকিক উৎস সম্পর্কে আমি পণ্ডিতসকলৰ ৰচনাত বিভিন্ন খবৰ পাওঁ। এই খবৰবোৰ কেৱল বিচিত্ৰই নহয়, ক্ষেত্রবিশেষে বিস্ময়কৰো। নৃবিজ্ঞানী এলউইনে লিখিছে যে ভাৰতৰ জনজাতীয় সমাজত— ‘disease is generally attributed to supernatural cause’ (V. Elwin, Myths of NorthEast Frontier of India, p. 256)। কিতাপখনৰ The threat of disease নামৰ অধ্যায়টোৰ আৰম্ভণিতেই আমি ৰোগৰ নিম্নোক্ত কাৰণকেইটাৰ উল্লেখ পাওঁ (P. 256)—

(ক) অতৃপ্ত প্রেতাত্মা।
(খ) দেৱতা বা কোনো অপশক্তিৰ ক্রোধ অথবা ঈর্ষা।
(গ) মানুহৰ পৰা পর্যাপ্ত আদৰ-সাদৰ নাপালে দেৱতাসকলে মানুহক ব্যাধিগ্রস্ত কৰি নিজৰ অস্তিত্বৰ কথা সোঁৱৰাই দিয়ে।
(ঘ) সাধাৰণভাৱে বিশ্বাস কৰা হয় যে দেৱতা আৰু অন্যান্য অলৌকিক শক্তিয়ে ক্ষুধা অনুভৱ কৰে আৰু মানুহৰ পৰা খাদ্য আদায় কৰাৰ উদ্দেশ্যে তেওঁলোকে মানহক ৰোগগ্রস্ত কৰি তোলে।
(ঙ) নিষেধাত্মক নীতি-নিয়ম উলংঘা কৰা আৰু তৎজনিত অপৰাধবোধৰ পৰাও ৰোগ-ব্যাধি হ’ব পাৰে।
(চ) বেয়া সপোন দেখাৰ কাৰণে মানুহ বেমাৰত পৰিব পাৰে।

এলউইনে উল্লেখ কৰা এই কাৰণকেইটাক অৱশ্যে জনজাতীয় সমাজত প্রচলিত ৰোগ সম্বন্ধীয় অন্ধবিশ্বাসৰ পূর্ণাংগ তালিকা বুলিব নোৱাৰি। প্রধান আলোচ্য বিষয় ৰূপকথা হোৱা হেতুকে এলউইনে নিশ্চয় তেওঁৰ গ্ৰন্থত দুটামান উল্লেখযোগ্য অন্ধবিশ্বাসৰ কথা আলোচনাৰ গণ্ডীৰ বাহিৰত ৰাখিলে।

এলউইনে উল্লেখ নকৰা দুটা অলৌকিক বিশ্বাসৰ প্রবল প্রাদুর্ভাৱ বহুতো জনজাতীয় সমাজত দেখা যায়। এই দুটা বিশ্বাস অনুযায়ী অপকাৰী দৃষ্টি আৰু অনিষ্টকৰ মন্ত্ৰৰ দ্বাৰা ৰোগব্যাধি সৃষ্টি কৰা যায়। মন্ত্র সাহিত্যৰ বিষয়ে আলোচনা কৰোঁতে ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে কুমন্ত্ৰ আৰু কুদৃষ্টিৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। (বিৰিঞ্চি কুমাৰ বৰুৱা, অসমীয়া ভাষা আৰু সংস্কৃতি, পৃঃ ১৫৫)। অন্যান্য গৱেষকেও জনজাতীয় চিকিৎসাৰ আলোচনা প্রসংগত এই দুটা বিশ্বাসৰ কথা উনুকিয়াইছে। দৃষ্টান্ত হিচাপে জনৈক ডাক্তৰ-গৱেষকে লিখা গ্রন্থৰপৰা ৰোগ সৃষ্টিকাৰী অলৌকিক কাৰণৰ নিম্নোক্ত তালিকাখন আমি তুলি দিব পাৰোঁ—

1. Goddess – offended or angered
2. Evil – Spirit
a) Non-human
(i) Spirit of sickness
(ii) Demons
(b) Human
(i) Ancestors
(ii) Bhut or Spirits (astral bodies)
3. Sorcery
4. Witch craft
5. Evil eye
6. Breach of Taboo
(A.K. Roychowdhury, Man, Malady and Medicine, p. 135)

জনজাতীয় সমাজে ৰোগ-ব্যাধিৰ উৎস হিচাপে কল্পনা কৰা এই উদ্ভট কাৰণসমূহে অ-জনজাতীয় সমাজতো কম-বেছি পৰিমাণে স্বীকৃতি আৰু সমাদৰ লাভ কৰা দেখা যায়। হিন্দুসকলে সগর্বে যিমানেই উচ্চ আধ্যাত্মিকতাৰ কথা নকওক, জনজাতীয় বিশ্বাস তথা আচাৰ-অনুষ্ঠানৰ পৰা তেওঁলোকৰ ধর্মীয় জীৱন আচলতে মুক্ত নহয়। যি অথর্ব বেদত ৰোগ-ব্যাধি দূৰ কৰাৰ বিভিন্ন অলৌকিক পদ্ধতি বিবৃত হৈছে তাৰ ওপৰত অনার্য প্ৰভাৱ লেখত ল’বলগীয়া বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে (S Chattopadhyaya, Ethnic Elements in Ancient Hinduism., pp. 12-13)।

অৱশ্যে এইখিনিতে এই কথা থোৰতে উনুকিয়াই থোৱা উচিত হ’ব। হিন্দু সমাজত বিশেষ জনপ্রিয়তা অর্জন কৰা কেতবোৰ বিশ্বাস আছে যিবোৰৰ সহায়ত ৰোগ-ব্যাধিৰ কাৰণ অনুসন্ধান কৰা হয়। এই বিশ্বাসবোৰৰ অন্যতম দুটা হ’লঃ (ক) জন্মান্তৰবাদ, (খ) জ্যোতিষ বিশ্বাস। জন্মান্তৰবাদী ধ্যান-ধাৰণা অনুযায়ী কষ্টদায়ক বেমাৰ আচলতে পূর্বজন্মৰ পাপৰ ফল। জন্মান্তৰবাদত খুব দৃঢ়ভাৱে বিশ্বাস কৰা মানুহৰ বাবে দৰাচলতে নিজকে ৰোগমুক্ত কৰাৰ অলৌকিক বা লৌকিক চেষ্টাৰ কোনো মূল্য নাই। কাৰণ পূর্বজন্মৰ যি পাপৰ ফলত ৰোগে আক্রমণ কৰা বুলি কল্পনা কৰা হয়, সেই পাপক পূজা-প্রার্থনা বা বিজ্ঞানৰ সহায়ত দূৰ কৰাটো সম্ভৱ নহয়। পিছে ঠিক এই ধৰণে চিন্তা কৰা মানুহৰ সংখ্যা বৰ কম। এইখিনিতে অৱশ্যে আমি উল্লেখ কৰা উচিত আৰু প্রাসংগিক হ’ব যে প্রকৃত অর্থত কোনোবাই যদি অসুখ-বিসুখৰ জন্মান্তৰবাদী ব্যাখ্যাত বিশ্বাস কৰে তেন্তে দুৰাৰোগ্য বা বহুদিনীয়া যন্ত্রণাদায়ক ব্যাধিৰ মুখামুখি হোৱাৰ নির্লিপ্ত সহিষ্ণুতাৰ মনোভাৱ তেওঁ আয়ত্ত কৰিব পাৰিব।

ৰোগ সম্বন্ধীয় অলৌকিক বিশ্বাসবোৰে কেতিয়াবা মানুহৰ সহ্য-ক্ষমতা বঢ়াই তোলে, ৰোগীৰ অস্থিৰ মনত সানি দিয়ে সান্ত্বনাৰ শীতল প্রলেপ। এই মনস্তাত্বিক ভূমিকাৰ কাৰণে নিশ্চয় বহুতো মানুহে অলৌকিক ব্যাখ্যাৰ প্রতি আসক্তি-আকর্ষণ ত্যাগ কৰিব পৰা নাই। এই প্রসংগত মধ্য ভাৰতত বহু বছৰ থকা হেনৰি প্ৰেছলাৰ নামৰ খ্রীষ্টান ধৰ্মৰ প্ৰচাৰক এগৰাকীৰ পর্যবেক্ষণ আৰু ব্যাখ্যাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। তেওঁ লিখিছে যে আৰোগ্য লাভ কৰাত ব্যর্থ হোৱাটো মধ্য ভাৰতৰ মানুহৰ কাৰণে বৰ ডাঙৰ সমস্যা নহয়। ইয়াৰ কাৰণ হ’ল ৰোগৰ ওচৰত নির্লিপ্তভাৱে আত্মসমর্পণ কৰাৰ সপক্ষে তেওঁলোকৰ হাতত তিনি ধৰণৰ “ধর্মীয় যুক্তি” থাকে (কোৱা বাহুল্য যে এই যুক্তিবোৰ কেৱল মধ্য ভাৰতৰ লোক-সমাজতেই আবদ্ধ নহয়) প্ৰেছালাৰে উল্লেখ কৰা ধর্মীয় যুক্তিকেইটা হ’ল—

১. কর্মঃ পূর্বজন্মৰ কৰ্মই মানুহৰ শৰীৰকো ৰেহাই নিদিয়ে। কুষ্ঠৰ দৰে অসুখ আগৰ জন্মৰ পাপৰ পৰিণতি। এই কর্মফলতত্ত্বৰ মাজত অসহায় আৰু হতাশ ৰোগীয়ে আত্মসমর্পণ কৰাৰ যুক্তি বিচাৰি পায়।

ভাগ্যঃ মাৰাত্মক ৰোগত ভোগা ৰোগীয়ে ভাগ্য, নিয়তি বা অদৃষ্টৰ কথা কয়—“কি কৰিম? কপালৰ লিখন”। ৰোগটো পূর্ব নির্ধাৰিত, এই বিশ্বাসে ৰোগীৰ সহিষ্ণুতা আৰু নির্লিপ্ততা বঢ়ায়।

৩. ইচ্ছাঃ ভগৱান বা আল্লাৰ ইচ্ছাক্রমে ৰোগে মানুহক আক্রমণ কৰে— এই ধর্মীয় ধাৰণা মধ্য ভাৰতৰ লোক-সমাজত বেছ প্রাবল্যৰ। ঐশ্বৰিক ইচ্ছাৰ এই ধাৰণাই ৰোগীৰ আত্মসমর্পণৰ ক্ষমতা বৃদ্ধি কৰে (H.H. Preshler, A Search For Credible Religious Healing Among Muslims, Hindus Christians, p. 13)।

লক্ষণীয় যে ৰোগ-ব্যাধিৰ জন্মান্তৰবাদী ব্যাখ্যাত দেও-ভূত বা দেৱ-দেৱীৰ কোনো সক্রিয় ভূমিকা নাই। হিন্দুসকলৰ মাজত বিশেষভাৱে জনপ্রিয় জ্যোতিষ বিশ্বাসতো এই বৈশিষ্ট্য বিদ্যামান। এই বিশ্বাস মতে এটা অৰ্থত, মানুহৰ অসুখ-বিসুখৰ কাৰণে কোনো ঐশ্বৰিক শক্তি বা অপশক্তি দায়ী নহয়, দায়ী ৰোগীৰ জন্ম-মুহূৰ্তৰ গ্ৰহ-অৱস্থান। এই অৱস্থানৰ স’তে কোনো কোনো জ্যোতিষীয়ে পূর্বজন্মৰ কর্মফলকো যুক্ত কৰা দেখা যায় (খৰ্গেশ্বৰ শৰ্মা, বেমাৰ আৰু বাখৰ, পৃঃ ১৩)। আমি বোধহয় এই কথা বহলাই কোৱাৰ সকাম নাই যে হিন্দু সমাজত ৰোগ-ব্যাধিৰ জ্যোতিষ-নিৰ্ভৰ ব্যাখ্যাৰ সমাদৰ খুব বেছি। সেই নিমিত্তে গ্রহ-পূজা কৰি বা নানা ৰত্ন ধাৰণ কৰি বহুতেই— আনকি উচ্চশিক্ষিত মানুহেও— জ্যোতিষ-নির্দেশিত পদ্ধতিৰে নিজকে ৰোগৰ পৰা মুক্ত কৰিব বিচাৰে।

খ্রীষ্টানসকলৰ মাজত অসুখ-বিসুখৰ উৎপত্তিৰ সন্দৰ্ভত নানা বিশ্বাসৰ প্রচলন দেখা যায়। ৰোগৰ কাৰণানুসন্ধান কৰোঁতে তেওঁলোকে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিয়ে—(১) পাপৰ শাস্তি হিচাপে ৰোগৰ আক্রমণ, (২) পিশাচ লম্ভাৰ ফলত ৰুগ্নাৱস্থা, (৩) যাদুবিদ্যা-সৃষ্ট ৰোগ (V. Reynolds and R. Tanner, The Social Ecology of Religion, p.255)। তাহানিৰ ধর্মগুৰুসকলৰ বিবেচনাত কুউদ্দেশ্যপ্রণোদিত পিশাচবোৰ আছিল বেছ শক্তিশালী। St. Augustine-এ কোনো দ্বিধা নোহোৱাকৈ ঘোষণা কৰিছিল যে— “All disease of Christian are to be ascribed to these demons” (B. Russel, Religion and Science, p.82)। ৰোগৰ আক্রমণ পাপ কাৰ্যৰ পৰিণতি বুলি বিশ্বাস কৰাৰ কাৰণে কেইশমান বছৰ পূর্বে পোপে ডাক্তৰসকলক এইবুলি নির্দেশ দিছিল যে, যদি ৰোগীয়ে তিনিদিনৰ ভিতৰত যাজকৰ ওচৰত নিজৰ পাপ-কৰ্মৰ কথা স্বীকাৰ নকৰে তেনেহ’লে ডাক্তৰে সেই ৰোগীৰ চিকিৎসা কৰা অনুচিত (Ibid, pp. 88-89)। ডেৰশ বছৰ পূর্বে আমেৰিকান ব্যাপ্টিষ্ট মিশ্যনেৰীসকলে প্রথম অসমীয়া বার্তালোচনী “অৰুণোদই”-ৰ পাতত কলেৰাৰ অলৌকিক ব্যাখ্যা দাঙি ধৰি লিখিছিলঃ “……আন ৰোগ যেনেকৈ আহে, ইয়ো (কলেৰাও) ঈশ্বৰৰ অজ্ঞাতে আহে। ….. আৰু ইয়াকে পাপৰ ফল বুলি নিচই জানিবা (মহেশ্বৰ নেওগ পুনঃসম্পাদিত, অৰুণোদই, পৃঃ ১৩৭)। কোনো সন্দেহ নাই যে মিশ্যনেৰীসকলৰ এই অলৌকিক ব্যাখ্যাত হিন্দু বা মুছলমানসকলে আপত্তিজনক কোনো কথা বিচাৰি পোৱা নাছিল।

ৰোগ-ব্যাধিৰ নেপথ্যৰ আল্লাৰ ইচ্ছা সক্রিয় থকাৰ কথা ইছলাম ধৰ্মৰ অনুৰাগীসকলেও বিশ্বাস কৰে। মনটো সংযত ৰখাত এই বিশ্বাসে যথেষ্ট সহায় কৰে (V. Reynolds and R. Tanner, The Social Ecology of Religion, pp. 240-41)। তেওঁলোকে ভাবে যে পাপৰ শাস্তি হিচাপে আল্লাই পৃথিৱীলৈ ৰোগ পঠিয়ায়। গোটেই পৃথিৱীকে আতংকিত কৰা মাৰাত্মক এইডছ (AIDS) ৰোগক তেওঁলোকে যৌন-ব্যভিচাৰৰ নিমিত্তে আল্লাই দিয়া শাস্তি বুলি গণ্য কৰে (Ibid. p. 299)। কিছু বছৰ পূর্বে মাছৰ গাত এবিধ ৰোগ হৈছিল। ঐশ্লামিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি জনৈক লেখকে মাছৰ এই মহামাৰীৰ আঁৰত আল্লাৰ শিক্ষামূলক উদ্দেশ্য অৱিষ্কাৰ কৰি এই বুলি খেদ প্রকাশ কৰিছে যে এই দুর্যোগৰ পৰা এতিয়াও মানুহে কোনো আধ্যাত্মিক শিক্ষা গ্রহণ কৰা নাই। (কেৰামত আলী, প্রাকৃতিক দুর্যোগৰ ৰূপত আল্লাহ আজাত : প্রসংগ মাছৰ মহামাৰী, পৃঃ ১১)। শাস্তিৰ ভয় দেখুৱাই মানুহৰ ধর্মীয় নীতি-নিষ্ঠতা অটুট ৰখাৰ এনে চেষ্টা সকলো বৃহৎ ধর্মৰ এক ঘাই বৈশিষ্ট্য। প্ৰকৃত জনজাতীয় ধৰ্মবিশ্বাসত এই বৈশিষ্ট্য প্রায় অনুপস্থিত বা আপেক্ষিকভাৱে দুর্বল। সেই নিমিত্তে দেও-ভূতে সাধাৰণ কথাতেই বা অকাৰণে বা ক্রোধবশতঃ গাত লম্ভি মানুহক ৰোগগ্রস্ত কৰাৰ কল্পনা জনজাতীয় সমাজত সুলভ। ধর্মোদ্ভূত উচ্চমার্গীয় নীতি-নৈতিকতাৰ স’তে আদিম দেও-ভূত-অপশক্তিৰ সম্পর্ক বৰ ক্ষীণ বা শূন্য।

ৰোগ-ব্যাধিয়ে সৃষ্টি কৰে ভীতিজনক সমস্যা— কেৱল ব্যক্তিৰ বাবেই নহয়, সমাজৰ বাবেও। এই সমস্যাৰ সমাধানৰ উদ্দেশ্যে মানুহে প্রাগৈতিহাসিক কালৰে পৰা নিজকে নিয়োজিত কৰিছে বেমাৰ-আজাৰৰ উৎস অনুসন্ধানত। অবিৰত অনুসন্ধানৰ এই দীর্ঘকালীন প্রক্রিয়াত মানুহে কিমান উদ্ভট উৎসৰ কল্পনা কৰিছে তাৰ সংক্ষিপ্ত আভাস দিবলৈ যত্ন কৰিলোঁ বর্তমান নিবন্ধত। অৱশ্যে সকলো ক্ষেত্ৰতে মানুহে বেমাৰ-ব্যাধিৰ অলৌকিক ব্যাখ্যা দিছে বুলি ক’লে ভুল কোৱা হ’ব। সেইটো হোৱা হ’লে বিজ্ঞানৰ বীজ বহন কৰা লোক-ভেষজৰ (folk-medicine) জন্মই নহ’লহেঁতেন। লোক-চিকিৎসকসকলে ব্যৱহাৰ কৰা ঔষধৰ মাজত যে কাৰ্যকৰী ঔষধ কেতিয়াবা থাকে তাৰ সম্ভেদ আমি বিজ্ঞানৰ বুৰঞ্জীত পাওঁ— পেৰুৰ আদিবাসীসকলে মেলেৰিয়াৰ চিকিৎসাত ব্যৱহাৰ কৰা কুইনা গছৰ ছাল ইয়াৰ এক বিতর্কাতীত প্রমাণ। এই লোক-ভেষজৰ পৰাই পৰৱৰ্তী কালত “ক্যুইনীন”-ৰ জন্ম (J.D. Bernal, Science in History, Vol-I, p. 125; শ্রীকুমাৰ ৰায়, আধি-ব্যাধিৰ আদ্য-কথা, পৃঃ ১২৭-২৮)। কোনো সংশয় নোহোৱাকৈ ক’ব পাৰি যে সকলো মানুহে কেৱল অলৌকিকতাৰ ওপৰত ভেজা দি ৰোগ নিৰাময়ৰ চেষ্টা কৰা হ’লে লোক-ভেষজৰ বুৰঞ্জী আদ্য-পর্বতেই পংগু হ’লহেঁতেন। দৰাচলতে ৰোগ-ব্যাধিৰ পৰা মুক্ত হ’বলৈ মানুহৰ যি নিৰলস প্রয়াস তাত মূলতঃ দুটা ধাৰা বিদ্যমান—এটা বিজ্ঞানমুখী, আনটো বিজ্ঞান-বিবর্জিত। আধুনিক বিজ্ঞানৰ যুগত বিজ্ঞানমুখী ধাৰাটোৱে নিঃসন্দেহে অভূতপূর্ব উন্নতি কৰিছে, কিন্তু আদিম অতীজৰে পৰা মনৰ গভীৰলৈ শিপাই যোৱা বিজ্ঞান-বিবর্জিত ধাৰাটোক আমি এতিয়াও পৰিত্যাগ কৰিব পৰা নাই। সেই কাম কৰিব পৰা হ’লে বর্তমান আলোচনাৰ কোনো প্রাসংগিতাই নাথাকিলহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *