অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ‌।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ

(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)

কাম দেশৰ আহ্বান (দ্বিতীয় অংশ)

বিকাশ ঘূৰি আহি হোটেল পাওঁতে মই ৰিচেপচনত খাজুৰাহূ যোৱা টেক্সিৰ ভাড়া সম্পৰ্কে অনুসন্ধান কৰি আছিলোঁ। বিকাশে বাছেৰে যোৱাৰ পৰামৰ্শ  দিলে- “তুমি ফ্ৰি তে যাব পাৰিবা। মই এজন ট্ৰেভেল এজেণ্টক জানো যি প্ৰত্যেক দিনাই বাছ ভৰ্তি কৰি খাজুৰাহূলৈ বিদেশী পৰ্যটক পঠিয়ায়। তুমি তাৰে এখনত উঠি ল’লেই হ’ল।” সি উত্তৰ দিলে। মোৰ এই পৰামৰ্শটো ভাল নালাগিল। মই খাজুৰাহূ ফুৰিবলৈ আৰু চাবলৈ যাম। এনেয়ে গ’লোঁ আৰু আহিলোঁ, তেনে কৰিবলৈ নাযাওঁ। কিন্তু সি যেতিয়া কাষতে থকা ট্ৰেভেল এজেণ্টৰ অফিচলৈ মোক লৈ যাবলৈ জেদ ধৰিলে, সন্মতি নিদিয়াটো মোৰ বাবে কঠিন যেন লাগিল।

এজেণ্টৰ অফিচত বিকাশৰ কোনোবা চিনাকি থকাটো পৰিলক্ষিত নহ’ল। সেইজনে যেনেকৈ তাৰ মুখলৈ চালে, এনে লাগিল যেন সি কৈছে, “কওকচোন, আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ?” বিকাশে কেইজনমান চিনাকি ব্যক্তিৰ অনুসন্ধান কৰিলে, কিন্তু সেই সময়ত কোনো এজনেই তাত উপস্থিত নাছিল। বিকাশ কিছু লজ্জিত হ’ল, ভালদৰে চিনি পাওঁ বুলি কোৱা ট্ৰেভেল এজেণ্টক অফিচত বিচাৰি পেৱা নগ’ল। সি লাজ লাজ কৈ খাজুৰাহূলৈ টেক্সিৰে যোৱাটো বেয়া আইডিয়া নহ’ব বুলি মোক ক’লে, যিহেতু ভাড়াৰ কথাটো হোটেলে ঠিক কৰি দিব।

আমি ঘাই পথৰ ফালে খোজ ল’লোঁ। বিকাশে মোক এখন ধাবালৈ নিয়াৰ কথা ক’লে য’ত আমি ড্ৰিংক কৰিব পাৰিম। মই আনন্দ মনেৰে তাৰ লগত যাবলৈ ধৰিলোঁ। মই চেন্নাইলৈ যোৱাৰ পাছৰে পৰা সঁচা অৰ্থত ধাবালৈ যোৱাই নাই, সাধাৰণ ৰেষ্টুৰেণ্টত সোমাইছোঁ, যিবোৰে নিজৰ ছাইনব’ৰ্ডত এই শব্দটো অন্তৰ্ভুক্ত কৰিছে। এলিট চাৰিআলিতে থকা যিকোনো এখন ধাবালৈ মই যাব পাৰিলোঁহেঁতেন, কিন্তু কেইটামান ড্ৰিংকৰ লগতে মজেদাৰ লগ এটা নহ’লে, এই ঠাইবোৰ আত্মাহীন বুলিয়েই গণ্য কৰিব পাৰি।

ধাবাত, ফুটপাথতে ‘তন্দুৰ’ চম্ভালি থকা ডেকা মালিক জনে বিকাশক উষ্ম আদৰণি জনালে। “কি কাকতালীয় কথা যে আজি তুমি আহিলা। মই আজি প্ৰথমবাৰৰ বাবে আফগানি চিকেন ৰান্ধিছোঁ।” সি ক’লে। বিকাশে মোক তাৰ লগত চিনাকি কৰাই দিলে আৰু আমি হাত মিলালোঁ। তাৰ নাম জগত। সি আমাক ভিতৰত বহিবলৈ ক’লে আৰু সি তাৰ নতুনকৈ ৰন্ধা ব্যঞ্জনক অন্তিম ৰূপ দিয়াত মনোনিৱেশ কৰিলে। আমি ভিতৰত গৈ কাঠৰ বেঞ্চ এখনত বহাৰ লগতে সন্মুখৰ বেৰত এক সতৰ্কবাণী লিখি থোৱা দেখিলোঁ: “ইয়াত সুৰাপান কৰাটো কঠোৰভাৱে নিষিদ্ধ। ”

“’তুমি কি খাবা?” বিকাশে মোক সুধিলে। “মই আজিকালি বৰ বিশেষ নাখাওঁ। তুমি যি ল’বা, তাৰপৰাই মই অলপ খাম।” মই হুইস্কি আনিবলৈ ক’লোঁ। বিকাশে ইংগিতেৰে ৱেইটাৰ এটাক মাতিলে— ডেকা ল’ৰা। মই তাক টকাটো দিলোঁ। বিকাশে ল’ৰাটোক কিছু কৰ্তৃত্বৰ সুৰত ক’লে, “সাউৎকৈ যাবি আৰু সাউৎকৈ আহিবি!”

ঠিক সময়তে আমি হুইস্কিৰ বটলটো টেবুলৰ তলত লুকুৱাই থৈ ষ্টিলৰ গিলাছত বাকি হুইস্কি খাবলৈ ল’লোঁ।

কথাটো হ’ল যে ধাবাখনলৈ ভাত খাবলৈ অহা আন গ্ৰাহকে যাতে আপত্তি কৰিব নোৱাৰে। কিন্তু গোপনীয়তাৰ এই প্ৰচেষ্টা ভণ্ডামিৰ নামান্তৰ বুলি উপলব্ধি হ’ল কাৰণ বেছি সংখ্যক গ্ৰাহকে ষ্টিলৰ গিলাছত নিয়মিত সময়ৰ ব্যৱধানত এটা হিচাপত এঢোক-এঢোককৈ খাই থকা দেখা গ’ল, আৰু সেই ধৰণে গিলাছত কেৱল ঠাণ্ডা পানী থাকিলে কৰা নাযায়।

যি নহওক, জগতে ধোঁৱা ওলাই থকা আফগানি চিকেন আমাৰ টেবুলত থ’লেহি আৰু মোৰ কাষতে আহি বহিলহি। চেহেৰা আৰু গোন্ধৰ ফালৰ পৰা সেইখিনি সাধাৰণ তন্দুৰী চিকেনৰ পৰা পৃথক দেখা নগৈছিল। কিন্তু কুকুৰা মাংসৰ দুখন ব্যঞ্জনৰ মাজৰ পাৰ্থক্য ক’ব পৰা সঠিক ব্যক্তি মই নহওঁ। যা হওক, পদিনাৰ জ্বলা চাটনিৰ লগত আফগানি চিকেন খাবলৈ বৰ সোৱাদ লগা হৈছিল। মই জগতক মুকলকৈ প্ৰশংসা কৰিলোঁ, এই কাৰণেই যে ই সঁচা আৰু আনটো কথা হ’ল সেই গধূলি নিজ হাতে ৰন্ধা নতুন ব্যঞ্জনবিধ আমাক ঠিক সময়তে খুৱাবলৈ পাব বুলি জানি তাৰ চকুত ফুটি উঠা উৎসাহ মই দেখিছিলোঁ।

এই ধাবাখন আগতে ‘টেণ্ট হাউচ’ আছিল, যিখনে বিয়া বা আন অনুষ্ঠানবোৰক টেণ্টৰ যোগান ধৰিছিল। আজি দুবছৰ মানৰ আগতহে জগতে মূল ৰাস্তাটোতে থকা ঠাই টুকুৰাৰ সঠিক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’লে। গতিকে এই মানুহটো, যিজনে টেণ্ট লগোৱা কাম কৰিছিল, এতিয়া চিকেন গ্ৰিল কৰি আছে। “ভাল খোৱা বস্তু যোগান ধৰিব পাৰিলে, এইটো ব্যৱসায়ত লাভ যথেষ্ট আছে।” সি ক’লে।

মই জগতক সুধিলোঁ সি ঝাঁচীত থাকি সুখী, নে কেতিয়াবা দিল্লীৰ দৰে ডাঙৰ চহৰত গৈ কিবা কৰাৰ সপোন দেখে নেকি? “কিয়, আপোনাৰ মানত মোৰ বাবে দিল্লীত কিবা চাকৰি আছে নেকি?” সি খুব আগ্ৰহেৰে কথাষাৰ সুধিলে, হয়তো মোৰ প্ৰশ্নটোত নিহিত অৰ্থ সি বুজিব পাৰিছিল। পুনৰ যেতিয়া স্পষ্টকৈ ক’লোঁ যে মই এইটো জানিব খুজিছোঁ, বেছি উপাৰ্জনৰ আশাত তাৰ কেতিয়াবা ডাঙৰ চহৰলৈ গুচি যাবলৈ মন যায় নেকি? সি আকৌ সুধিলে, “কিয়, আপুনি মোক কিবা চাকৰি দিব খুজিছে নেকি?” মই বিষয়টো সিমানতে এৰি তাক আৰু এটা পেগ লাগিব নেকি সুধিলোঁ। জগতে তাৰ হাত দুখনেৰে নমস্কাৰ ভংগী কৰিলে— উত্তৰ ভাৰতত খান-পান অস্বীকাৰ কৰাৰ এক বিনম্ৰ উপায়। সি সমূলি মদ মুখত নিদিয়ে আৰু তাৰ ভায়েক ভগত, যি বৰ্তমান আমাৰ লগত আহি বহিলেহি, সিও মদ নাখায়। ভগত কোচিং ইনষ্টিটিউটৰ পৰা চিধাই আহিছে, য’ত সি সদায় ৰাতিপুৱা-গধূলি দুঘণ্টাৰ কাৰণে বাণিজ্যিক গণিত আৰু পৰিসংখ্যা বিজ্ঞান পঢ়ুৱায়।

চেহেৰাৰ ফালৰ পৰা চালে সিঁহত দুটাক ককাই-ভাই যেন নালাগে। জগত ইমান জধলা যে তাক ভুলতে কোনোবাই ধাবাখনত কাম কৰা ল’ৰা বুলি ভাবিব আৰু নিজৰ কৰ্মক্ষেত্ৰ সাপেক্ষে ভগতৰ সাজ-পোছাক মাৰ্জিত আছিল। ভগতক এজন ছাত্ৰৰ দৰেহে দেখাইছিল আৰু সিও কোনোবা কলেজৰ ছাত্ৰ নেতাৰ দৰে গৰ্বিত ভংগীত কথা কৈছিল। মই ভগতৰ সন্মুখত একেটাই, সপোনৰ পাছে পাছে ডাঙৰ চহৰলৈ যোৱাৰ হাবিয়াস আছে নে, প্ৰশ্নটো কৰিলোঁ। সি কৌশলেৰে নিজকে বিষয়টোৰ পৰা আঁতৰাই এটা সাধাৰণ উত্তৰ দিলে, “ইয়াত, এইধৰণৰ ঠাইত মানুহে বহুত বেছি আশা নকৰে, যি আছে তাকে লৈ সুখী। কোনোবাই যদি মাহে পোন্ধৰ হাজাৰ টকা উপাৰ্জন কৰিছে, তেনে তাকে লৈ সন্তুষ্ট হৈছে। সি ক’ব, ‘মোৰ কাৰণে ইমানেই যথেষ্ট, মোক আৰু কিয় লাগে?’ এইয়াই ঝাঁচীৰ মানসিকতা।”

জগতে ভায়েকৰ কথাবোৰত সন্মতি বা অসন্মতি একো প্ৰকাশ নকৰি মাথো শুনি আছিল। সিঁহত দুটাক হিন্দী চলচ্চিত্ৰৰ ককায়েক-ভায়েকৰ দৰে লাগিছিল য’ত ককায়েকটোৱে মহান ত্যাগ স্বীকাৰ কৰে, অনেক বিপৰ্যয় আৰু তিৰস্কাৰ সহ্য কৰে যাতে সৰু ভায়েকটো এদিন ‘ডাঙৰ মানুহ’ হ’ব পাৰে আৰু সেই সপোনবোৰ পূৰণ কৰিব পাৰে যিবোৰ সপোন দেখিবলৈ ককায়েকটোৱে কোনোদিনে সুযোগেই নাপালে। মই কল্পনা কৰিবলৈ ধৰিলোঁ, ভগতে, তাৰ আজৰি সময়ত, ককায়েক জগতক আফগানি চিকেন বনোৱাত সহায় কৰি দিছে। কিন্তু এইটো এনেকুৱা এটা দৃশ্য আছিল যাৰ কল্পনা কৰাটো মোৰ পক্ষে প্ৰায় অসম্ভৱ যেনেই লাগিল। ভগত আলহীৰ দৰে আহি ওলাইছিল আৰু তেনেদৰে গুচি গ’ল। জগতে চিকেনৰ টুকুৰাবোৰত আৰু আফগানি তড়কা লগাবলৈ গ’ল, মই আৰু বিকাশে হুইস্কি শেষ কৰিবলৈ ল’লোঁ।

এতিয়ালৈকে বিকাশে মোক আমাৰ স্কুলৰ ল’ৰাবোৰৰ খবৰ দিলে, আৰু এতিয়া, সুৰাৰ মৃদু ৰাগীত, সেই ছোৱালীবোৰৰ নাম ল’বলৈ আৰম্ভ কৰিলে, যি কেইগৰাকী সেই সময়ত ল’ৰাবোৰৰ মাজত জনপ্ৰিয় আছিল। কিন্তু তাৰ লগত বৰ্তমানেও যোগাযোগ থকা দুই-তিনিজনী ছোৱালীৰ বাহিৰে বাকী মই খবৰ জানিব বিচৰা ছোৱালী কেইজনীৰ বিষয়ে বিশেষ একো ক’ব নোৱাৰিলে। সিঁহতৰ ঠাই-ঠিকনাৰ বিষয়ে সি একো নাজানে আৰু এই কথাটো বুজি পোৱা যায় যে যিসময়ত আমি স্কুল গৈছিলোঁ, এইটো বৰ বেছি দিনৰ কথা নহয়, কিন্তু ছোৱালীবোৰে পঢ়া শেষ কৰাৰ পাছত বিবাহ নামৰ দেশ এখনলৈ প্ৰব্ৰজন কৰে বুলি ধাৰণা কৰা হয় আৰু তাৰ পৰিচয়বিহীন নাগৰিক হৈ পৰে। তেওঁলোকৰ সন্ধান উলিওৱাটো বৰ সহজ কাম নহয় ।

তথাপিও, সেই ৰাতি কটাবলৈ মই যথেষ্ট খবৰ জানিব পাৰিলোঁ। যিজনী ছোৱালীৰ সপোন মই এটা সময়ত দেখিছিলোঁ— এজনী পাঞ্জাবী ছোৱালী, নাম সুনীতা, তাইৰ বিয়া কানপুৰৰ এজন মানুহৰ লগত হ’ল, যাৰ এখন সৰু ফাৰ্মাচী আছে। তেতিয়া তাই আকৰ্ষণীয় আছিল, কিন্তু এতিয়া, পিছলৈ ঘূৰি চালে অনুভৱ হয় মোৰ সপোনত থকাৰ যোগ্যতা তাইৰ নাছিল। আনজনী ছোৱালীৰ নাম শীতল, যিগৰাকী সেই সময়ত স্কুলৰ ডাঙৰ ল’ৰাবোৰৰ হাৰ্টথ্ৰব আছিল, এতিয়া দিল্লীৰ এখন চেলফোনৰ দোকানত কাম কৰে। মোৰ দোকানখনত সোমাই শীতল আজিকালি দেখিবলৈ কেনেকুৱা হ’ল, চাই আহিবলৈ মন যায়। কিন্তু হায়, বিকাশে এইবোৰ একো নাজানে। সেই ৰাতি মই বিকাশক যিমানেই ওচৰৰ পৰা নিৰীক্ষণ কৰিছোঁ, সিমানেই সি ভগতে ঝাঁচীৰ মানুহৰ বিষয়ে দিয়া ব্যাখ্যাত খাপ খাই পৰিছে যে সি সিমানতে সন্তোষ্ট, যিখিনি তাৰ আছে। এহাতে, বিকাশৰ ঝাঁচীক লৈ ঢেৰ অভিযোগ আছে- প্ৰায় নিতৌ হত্যাকাণ্ড ঘটে, ৰাস্তাবোৰ সুৰক্ষিত নহয়, সীমিত উন্নয়ন। আনহাতে, তাৰ জীৱনটো সেই চহৰখনৰ সাঁচত গঢ় ল’লে, আৰু সি এনেকুৱা ব্যক্তি নহয় যে তাৰ এই জীৱনটোক বাজীত লগাই এক উন্নত জীৱনশৈলীৰ বাবে কোনোবা ডাঙৰ চহৰলৈ গৈ ব্যৱসায় কৰিব। যদি সি এনেকৈয়ে সুখী, তেন্তে অন্য কিবা কথাই গুৰুত্ব পাব জানো? দুবছৰীয়া এজনী মৰম লগা কন্যা সন্তান, বিনাচৰ্তে তাক ভালপোৱা পত্নীৰে সৈতে তাৰ সুখৰ সংসাৰ আছে।

পিছদিনা ৰাতিপুৱা, আলু পৰাঠা আৰু দৈ জলপানৰ সৈতে খবৰ কাগজখন পঢ়োঁতে মই উপলব্ধি কৰিলোঁ কিয় বিকাশে ঝাঁচীত নিতৌ হত্যাকাণ্ড সংঘটিত হয় বুলি কৈছিল। অপৰাধৰ বিভিন্ন ঘটনাৰ মাজত, মই তিনিটা মানুহৰ বিষয়ে পঢ়িলোঁ, সিঁহতক দিনতে এজন বেংক কৰ্মচাৰীক হত্যা কৰি তিনি লাখ টকা লুট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় আৰু এটা ল’ৰা যাৰ মৃতদেহটো এজোপা গছত ওলমি আছিল। এনেধৰণৰ ঘটনা উত্তৰ প্ৰদেশত ঘটিয়েই থাকে, বিশেষকৈ অৰাজকতাপূৰ্ণ চহৰৰ সীমান্তৱৰ্তী অঞ্চলত ।

ঘপহকৈ মোৰ ঝাঁচীৰ পৰা ওলাই ঔৰ্ছাৰ ফালে ফুৰিবলৈ যাবলৈ মন গ’ল। মই সেই ঠাইটুকুৰাৰ ফটো দেখিছিলোঁ- সৰু সৰু ধুনীয়া ৰাস্তাবোৰ, নীল আকাশ চুম্বী থকা বিশাল মধ্যযুগীয় অট্টালিকাসমূহ, আৰু কোনোবাদিনা তালৈ যাম বুলি পুহি ৰখা হেঁপাহ। এই সকলোবোৰ মিলি এতিয়া তালৈ যোৱা সময় সমাগত।

ঝাঁচীৰ পৰা মাত্ৰ ১৯ কিলোমিটাৰ আঁতৰত থকা ঔৰ্ছা চুবুৰীয়া ৰাজ্য মধ্যপ্ৰদেশত পৰে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশক পৃথক কৰা তিতা-কেৰেলাৰ দিঙি সদৃশ অঞ্চলত অৱস্থিত ঝাঁচী। ঝাঁচীখনে এটা মানুহৰ দৰে তাৰ হাত দুখন মেলি দিলে দুয়োখন হাতে মধ্যপ্ৰদেশক চুই থাকিব। আৰু ঔৰ্ছা, ঝাঁচীৰ পৰা এহাতমান আঁতৰতে আছে যদিও চুবুৰীয়া ৰাজ্যত পৰে। মই ৰিচেপচনলৈ ফোন কৰি মোলৈ এখন টেক্সি যোগাৰ কৰিবলৈ ক’লোঁ। ভাবিলোঁ যে দুপৰীয়া তাৰ পৰা ঘূৰি আহি বাকীখিনি সময় মই ঝাঁচীতে কটাম।

দুৱাৰৰ বেলটো বাজি উঠিল, দুৱাৰ খুলি দিয়াত এটা ল’ৰাই নিজৰ পৰিচয় দিলে আৰু মোক ঔৰ্ছালৈ নিব বুলি ক’লে। কিন্তু টেক্সিৰে নহয়, অট’ৰিক্সাৰে নিব বুলি ক’লে। মই কিছু আশ্বস্ত হ’লোঁ যে যদি অট’ৰিক্সাই মোক লৈ যাব পাৰিব, তেন্তে যাত্ৰাটো দীঘলীয়া আৰু আমনিদায়ক নহ’ব। অট’ৰিক্সাখনৰ ৱিণ্ড’স্ক্ৰীণত উৰ্দু ভাষাত লিখা এটা ষ্টিকাৰ লগাই থোৱা আছে –

 “হাম কিছ কিছ কি নজৰ পেহচানে,

চবকী নজৰ মে ৰেহতে হ্যায়

কিছমত হী কুছ এইচী পায়ী হ্যায়

হৰ ৱক্ত চফৰ কৰতে হ্যায়”

ইয়াৰ ভাবানুবাদ এনেকুৱা হ’ব —“মই হয়তো সকলোকে চিনি নাপাওঁ, সকলোৱে মোক চিনি পায়। মোৰ ভাগ্য এনেকুৱা যে সদায়েই যাত্ৰা কৰিব লাগে।”

উত্তৰ ভাৰতত ৰাজহুৱা পৰিবহনৰ বাহনবোৰত এনেদৰে লিখি থোৱাটো এটা সাধাৰণ কথা, যিটোৱে আপোনাক দাবী কৰিব যে চালকজনক আপুনি এজন হৃদয়বান ব্যক্তি হিচাপে গণ্য কৰক, এনেকুৱা ব্যৱহাৰ নকৰিব যেন তেওঁৰ হৃদয়েই নাই। অট’ৰিক্সাখনে ঝাঁচীৰ ট্ৰেফিকৰ মাজেৰে ৰাস্তা উলিয়াই ল’লে। কেইবাখনো কুকুৰা পালন কেন্দ্ৰ আৰু ৰাস্তাৰ কাষত কণী আৰু মাংস বিক্রী কৰি থকা ঠেলাৰ কাষেৰে পাৰ হৈ অৱশেষত গাওঁ আৰু মুকলি খেতি পথাৰৰ  মাজেদি নিজান ৰাস্তাৰে যাবলৈ ধৰিলে। দুই-এটা গৰখীয়াৰ বাহিৰে অন্য কোনো মানুহ চকুত নপৰিল, য’ত নেকি মই ঝাঁচীৰ পৰা হয়তো পাঁচ কিলোমিটাৰ মানো অহাই নাই। মাথো মাজে সময়ে আমাৰ কাষেৰে তীব্ৰ বেগেৰে একোখন বাছ পাৰ হৈ যায়।

হঠাতে অট’ৰিক্সাখন ৰৈ গ’ল। কাৰণটো কি, এই ল’ৰা চালকটোৱে একো ধৰিব পৰা নাই। সি টুলবক্সটো খুলিলে আৰু মোক বহি থাকিবলৈ কৈ ইঞ্জিনটোত কিবা খোলা-মেলা কৰিলে। সমস্যাটো ঠিক হ’ল আৰু আমি পুনৰাই যাবলৈ ধৰিলো, কিন্তু কেই গজ মান যোৱাৰ পাছতে ফট্ ফট্ শব্দ কৰি অট’খন ৰৈ গ’ল। ল’ৰাটোৱে আকৌ টুলবক্সটো খুলিলে আৰু অট’খনৰ পিছফালে গৈ ইঞ্জিনটো খুলিলে। পঞ্চাছ গজৰ যাত্ৰা এটা কিছু সময় আৰু চলিল। তেতিয়ালৈকে আমি পেট্ৰল পাম্প এটাৰ ওচৰ পালোগৈ, য’ত সি তাৰ গাড়ীখন বেছিকৈয়ে বেয়া হৈছে বুলি ক’লে আৰু মোক ঔৰ্ছালৈ নিবৰ কাৰণে বেলেগ এখন অট’ৰিক্সা ঠিক কৰি দিয়াৰ কথা ক’লে । সি মোৰ ম’বাইল ফোনটোৰ পৰাই ফোন কৰিলে আৰু মোক অলপ সময় ৰ’বলৈ ক’লে। মই আপত্তি নকৰিলোঁ।

ৰাস্তাটো পাৰ হৈ মই গছ এজোপাৰ তলত ৰৈ চিগাৰেট এটা হুপিবলৈ ধৰিলোঁ। দিনটোৰ বাকীখিনি সময় মই তাতে কটাই দিব পাৰিলোহেঁতেন যদি কোনোবাই মোৰ বাবে এখন খাটীয়া আৰু এখন কিতাপ আৰু লগতে পথাৰত কাম কৰোঁতে কৃষকসকলে খোৱা খাদ্য আনি দিলেহেঁতেন। কৃষক সকলে আহাৰত কি খায়, এই কথাটো জানিবলৈ মোৰ সদায়েই উৎসুকতা থাকে, তথাপিও ভাবোঁ, মই জানো তেওঁ কি খায়। অলপমান দাইলৰ সৈতে পাঁচ বা ছখন  ৰুটি আৰু এটা ডাঙৰ পিয়াঁজ। নহলেবা যদি তেওঁ দুখীয়া তেন্তে মাত্ৰ ৰুটি আৰু পিয়াঁজ খায়। গোটেই দিন, ৰাতিপুৱাৰ পৰা গধূলি লৈকে খেতি পথাৰত কাম কৰাৰ পাছত আচলতে আপুনি খাদ্যৰ অধিকাৰী হোৱাৰ পৰিৱৰ্তে উপাৰ্জন কৰে আৰু এনেক্ষেত্ৰত শুকান ৰুটি আৰু পিয়াঁজ এটা সুস্বাদু খাদ্য হৈ পৰে। আৰু যদি ৰুটীৰ ওপৰত অকনমান আচাৰ বা চাটনি লৈ ল’ব পাৰি, তেন্তে সি পূৰ্ণ আহাৰ হৈ পৰিব।

কৃষকসকলৰ অহা-যোৱা চাই থাকি মই আন এটা চিগাৰেট হুপিলোঁ। তেওঁলোকৰ খোজ-কাটলত কোনো ধৰণৰ খৰ-খেদা নাই,এনে লাগিব এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে পৃথিৱীখন থমকি ৰৈ যাব পাৰে। তেওঁলোকে খৰ-খেদা কিয় কৰিব? তেওঁলোক সেই পৃথিৱীৰ অংশ নহয়, য’ত ঘন্টাৰ সময়সীমা পূৰ কৰিবলগীয়া হয়। কিন্তু মোৰ এতিয়া আমনি লাগিবলৈ ধৰিলে। মই পেট্ৰল পাম্পত পাইচাৰী কৰি মেকানিকলৈ বাট চাই থকা ল’ৰা চালকটোৰ ওচৰ পালোঁগৈ। তাক আহিবলগীয়া অট’ৰিক্সাখনৰ কথা সুধিলোঁ। সি মোৰ ফোনটোৰ পৰা আন এটা ফোন কৰিলে (তাৰ ফোনটোৰ পৰা সি বেলেগলৈ ফোন কৰিব নোৱাৰে বুলি জনাইছে), আৰু ক’লে যে অট’খন আহি আছে।

অৱশেষত দুটা ল’ৰা আহিল- অট’ৰিক্সাত নহয়, মটৰ চাইকেলত। সিহঁতি ইঞ্জিন চাবলৈ আহিছে। মোৰ খং উঠিল। কিন্তু সেই নিজান মাজৰাস্তাত বিৰক্তিত মোৰ কপাল কোঁচ খোৱাৰ বাহিৰে অকলশৰীয়া মই একো কৰিব নোৱাৰোঁ। তাৰে এটা ল’ৰাই পৰামৰ্শ দিলে যে সি মোক পুনৰ হোটেলত নমাই দিব আৰু তাৰ পৰা বেলেগ এখন অট’ৰিক্সা ঠিক কৰি দিব। মই গৈ থকা বাছ বা টেম্প’ এখন হাত জোকাৰি ৰখাব পাৰোঁ। কিন্তু যি গতিত বাছবোৰ পাৰ হৈছে, তাকে দেখি হাত জোকাৰি বাছ ৰখোৱাটো এটা প্ৰত্যাহ্বানজনক কাম! আৰু টেম্প’বোৰে বিনা অপবাদে নিজৰ ক্ষমতাতকৈ বেছি যাত্ৰী কঢ়িয়াইছে। সেইবাবে একেবাৰে অচিনাকি ব্যক্তি এজনৰ পিছফালে বহি, তাৰ চুলিৰ গোন্ধ লৈ মই ঘূৰি আহি হোটেল পালোহি। মই পাৰিলে পিছদিনা ৰাতিপুৱা খাজুৰাহূ যোৱাৰ পথত ঔৰ্ছা চাই যাম বুলি সিদ্ধান্ত ল’লোঁ।

লক্ষ্যহীনভাৱে ঝাঁচীৰ পথত ঘূৰি ফুৰিবলৈও ৰ’দটো বৰ চোকাকৈ ওলাইছে। তেনেহ’লে এতিয়া কি কৰা যায়? চিন্তা কিহৰ, সন্ধিয়াৰ মেহফিল মোৰ হোটেলৰ ভিতৰতে আছে – ইন-হাউছ বাৰ। মই আশা কৰা মতেই বাৰখনত একমাত্র গ্ৰাহক মই। কাউন্টাৰৰ পিছফালে বহি থকা বাৰখনৰ পৰিচাৰকজনে চাহ খাই খাই টি ভি চাই আছে। টি ভি ত ছানী দেউলৰ চিনেমা চলি আছে। মই টি ভি টোৰ সন্মূখৰ টেবুলখনত বহাৰ লগে লগে ৱেইটাৰ এটা আহিল। মেন্যুখনত চকু পৰাত, মই ঝাঁচীতে থকাৰ আধা সংকল্প লৈ পেলালোঁ-

চিংগল মাল্ট        ৭০ টকা  ( ৫০মিলি )

ৰয়েল চেলেঞ্জ      ৪৫ টকা  ( ৫০মিলি )

চিমৰন অফ        ৫০ টকা  ( ৫০মিলি )

সূচীখনৰ তললৈ নামি গ’লে দামবোৰ কমি আহি থাকে। সময়টো প্ৰায় দুপৰীয়া হোৱাৰ বাবে মই এটা চিমৰন অফ ভদকাৰ লগত ১৮ টকীয়া কেঁচা ছালাড এক প্লেট ল’লোঁ। মই তললৈ মূৰ কৰি ঝাঁচীৰ বিষয়ে কিবা লিখি থকাৰ মাজতে ওপৰলৈ চাই টিভিত চনী দেউলে গুণ্ডা ওম পুৰীক মাৰি থকা দৃশ্য উপভোগ কৰোঁ।

বাৰখনলৈ দুজন মানুহ সোমাই আহিল। তেওঁলোকৰ বয়স ত্ৰিশৰ ওচৰৰ হ’ব আৰু হয়তো নিয়মিত গ্ৰাহক কাৰণ বাৰখনৰ পৰিচাৰকে অতি আনন্দেৰে সিঁহতক আদৰিলে। সোনকালেই মোৰ সময়বোৰ মই লিখা, চিনেমা চোৱা আৰু সিঁহতৰ কথাবোৰত কাণ পতাত বিভক্ত কৰি পেলালোঁ। সিঁহতৰ মাজৰে এটাই বেছিকৈ কথা কয়, কিছু দম থকা সৰু ডন, যি কিছু উষ্মাৰে লক্ষ্ণৌৰ এজন মন্ত্ৰীৰ কাৰ্য্যালয় ভ্ৰমণ কৰাৰ কথা গৰ্বৰে কৈ আছিল। তাৰ বন্ধুৱেকৰ পত্নীৰ শিক্ষকৰ চাকৰিৰ কাৰণে মন্ত্ৰীক স্কুলখনৰ কৰ্তৃপক্ষৰ লগত কথা পাতিবৰ বাবে অনুৰোধ কৰিবলৈ সি গৈছিল।

ঠিক সেইখিনি সময়তে, টিভিত বিজ্ঞাপন চলিল। বাৰখনৰ পৰিচাৰকে চেনেল বদলাই ‘শ্বোলে’ প্ৰদৰ্শন কৰিবলৈ বিচৰা এটাত লগাই দিলে। সি কিছু সময় চাই আকৌ চেনেলটো বদলি কৰি দিলে। ডনৰ দৰে দেখা মানুহটোৱে চিঞৰি উঠিল, “আৰে, কি কৰিছা! ‘শ্বোলে’ চলিবলৈ দিয়া।”

গতিকে বহুতোবাৰ, গণনা নকৰাকৈ, কিন্তু অকণমানো উত্তেজিত নোহোৱাকৈ, এতিয়া মই ঠাকুৰৰ হাতখন নিষ্ঠুৰভাৱে গব্বৰ সিঙে কাটি পেলোৱা চাই আছোঁ। আৰু সোনকালেই  ভৰিত ছন্দোময় লহৰ তোলা গীত “মেহব্বুবা, মেহব্বুবা” চলিবলৈ ধৰিল। কোনেও পৰ্দাৰ পৰা চকু আঁতৰাব নোৱাৰিলে।

ডনে সহযোগী জনক ক’লে, “এই চিনেমাখনৰ পোন্ধৰ বছৰ ওপৰ হ’ল। তথাপি এতিয়াও হিট। তুমি ভাবিব পাৰিবানে?” তেওঁৰ কথাষাৰত মৃদু এক গৰ্ববোধ আছিল। “পোন্ধৰ বছৰ নহয়, বত্ৰিশ বছৰ!” মই তেওঁক মনত পেলাই দিলোঁ, নিজক উত্তৰ দিয়াৰ পৰা বিৰত কৰিব নোৱাৰিলোঁ কাৰণ মই নিজেও সেই গৰ্বৰ অংশীদাৰী হওঁ। আমি দুয়ো ‘শ্বোলে’ৰ প্ৰজন্ম আছিলোঁ।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *