গান শুনো আহক

এটি ঐতিহাসিক গীত আৰু দুজন শিল্পী ।। নৱজ্যোতি বৰগোহাঁই

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

গানটোৰ শিৰোনাম Go Down Moses । ইতিহাস ৰচনা কৰা এটি কৃষ্ণাংগ আধ্যাত্মিক গীত। এই গীতটোৰ কথা আহিলেই প্ৰথমেই মনলৈ আহে সংগ্ৰামী গণশিল্পী পল ৰবচনৰ নাম তাৰ পাছতেই আহে জাজ সংগীতৰ সম্ৰাট লুই আৰ্মষ্ট্ৰঙৰ নাম। বহু শিল্পীয়ে এই গীতটো গাইছে যদিও এই দুজন শিল্পীয়ে নিজৰ নিজৰ দৃষ্টিকোণেৰে গীতটো সচেতন শ্ৰোতাৰ মাজত এক বিশেষ স্তৰলৈ লৈ গ’ল।

লুই আৰ্মষ্ট্ৰং আৰু পল ৰ’বচন দুয়োজনে ইজ্ৰায়েলীসকলৰ দাসত্বৰ পৰা মুক্তি উদযাপন কৰা আধ্যাত্মিক “Go Down Moses” পৰিৱেশন কৰিলেও তেওঁলোকৰ শিল্পৰ দৃষ্টিকোণৰ ৰাজনৈতিক তাৎপৰ্য্যৰ পাৰ্থক্য আছে। জাজ সংগীতৰ প্ৰেক্ষাপটত উপস্থাপন কৰা আৰ্মষ্ট্ৰঙৰ সংস্কৰণটোৰ গুৰুত্ব মূলতঃ সাংগীতিক আনহাতে ৰবছনৰ সংস্কৰণটো অধিক প্ৰকাশ্যভাৱে ৰাজনৈতিক আছিল, যিয়ে সামাজিক ন্যায় আৰু মুক্তিৰ সংগ্ৰামৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছিল।

                 

এই দুই শিল্পীৰ বাহিৰেও আৰু বহু শিল্পীয়ে বিভিন্ন সময়ত পৰিৱেশ পৰিস্থিতি আৰু উদ্দেশ্য সাপেক্ষে গীতটো পৰিৱেশন কৰিছে। আমি এই লেখাৰ এই দুই শিল্পীৰ দৃষ্টিকোণ তথা শৈলীক লৈ অতি চমু আলোচনা আগবঢ়াম। যাৰ যোগেদি গীতটিৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সাংগীতিক তাৎপৰ্য তথা শিল্পবোধ অনুধাৱন কৰিব পৰা যাব।

বহুদিনৰ আগতে এই গীতটো প্ৰথম যেতিয়া শুনিছিলোঁ তাৰ বিশেষ তাৎপৰ্য বুজি পোৱা নাছিলোঁ, মাথোঁ এক নতুন সাংগীতিক অভিজ্ঞতাই মনত বাঁহ সাজিছিল। নিজস্ব শৈলীৰে তেওঁলোকে গীতটো গাইছিল। প্ৰথম পৰ্যায়ত শুনা পল ৰ’বচন আৰু লুই আৰ্মষ্ট্ৰং দুয়োৰে গীতটো গোৱাৰ শৈলী সুকীয়া অথচ দুয়ো শক্তিশালী ৰূপত শ্ৰোতাৰ বাবে নিজৰ অনন্য শৈলী, কণ্ঠ আৰু দৃষ্টিভংগীৰ জৰিয়তে গীতটো জনগণৰ মাজত তুলি ধৰিছিল। দুয়োজন শিল্পীয়েই আফ্ৰিকান আমেৰিকান ইতিহাস আৰু সংস্কৃতিক উজ্জ্বল কৰি তোলাৰ প্ৰতিশ্ৰুতি যেন ভাগ কৰি লৈছিল যদিও গীতটোৰ প্ৰতি তেওঁলোকৰ ভিন্ন দৃষ্টিভংগীয়ে নিগ্ৰো আধ্যাত্মিকতাৰ তাৎপৰ্য্যৰ ভিন্ন দিশ প্ৰতিফলিত কৰিছিল। মোক প্ৰথমৰ পৰাই গীতটো শুনাৰ ক্ষেত্ৰত দুয়োজনে ভিন্ন স্বাদ দিছিল সেই অনুসৰি দুই ধৰণৰ প্ৰভাৱ পেলাইছিল। যদিও সঠিক পাৰ্থক্য উলিয়াই ল’ব পৰা নাছিলোঁ। আজিৰ তাৰিখত এনে বহু গীতৰ সম্পৰ্কে কিছু পঢ়িশুনি, বুজি ভালকৈয়ে উপলব্ধি কৰোঁ যে গীত এটি শুনা, বুজিপোৱা আৰু তাৰ বিভিন্ন দিশৰ তাৎপৰ্য অনুধাৱন কৰিব পৰাৰ গুৰুত্ব আৰু বিশেষত্ব কিমান।

গীতৰ কথা সম্পূর্ণ নুবুজাকৈও এইধৰণৰ প্ৰভাৱশালী গীতৰ সংগীতৰ সাৰ্বজনীন সাংগীতিক ভাষাৰ জোৰত কিছু তাৎপৰ্য অনুধাৱন কৰিব পাৰি। অৱশ্যে ময়ো এটি বিখ্যাত গীত হিচাবেই প্ৰথমে এই গীতটি বুজিবলৈ, অনুধাৱন কৰিবলৈ যত্ন কৰিছিলোঁ। গীতটো প্ৰথম পল ৰবচনৰ কণ্ঠত শুনিছিলোঁ। সেই অৱস্থাত পল ৰবচনৰ কণ্ঠ আৰু উপস্থাপন শৈলীয়ে মনটোত এক ভাবৰ বুৰবুৰণি তোলাৰ লগতে এনে লাগিছিল যেন এটা বিশাল জনসমাৱেশক সম্বোধন কৰি তেওঁ গীতটো গাইছে। সুৰৰ ক্ষেত্ৰত কিছু পৰিমাণে লোকসংগীতৰ ঠাঁচ, কিছু পৰিমাণে আধ্যাত্মিক চেতনাৰ প্ৰভাৱ, কিন্তু গীতটোৰ কথাত ৰাজনৈতিক বাৰ্তা – “ Let My People Go” ৰ দৰে বাক্য। লাহে লাহে গীতটোৰ লগত জড়িত ঐতিহাসিক বাখ্যা পঢ়ি গীতটোৰ তাৎপৰ্য বুজি, বিভিন্ন শিল্পীৰ কণ্ঠৰ পৰিবেশন শুনি শুনি গীতটো গভীৰতা অনুভৱ আৰু উপলব্ধিৰ মাজেৰে সঁচা অৰ্থত যেন উপভোগ কৰিব পৰা হৈ উঠিলোঁ।

গীতটোৰ সম্পৰ্কত নিতে নতুন তথ্য, বাখ্যা আদিৰ যোগেদি স্পষ্ট হৈ উঠিল যে ই কেৱল এটা গীত নহয় কৃষ্ণাংগ লোকসকলৰ জীৱন যুঁজৰ আহিলা। সংগীত কেনেকৈ জীৱন যুঁজৰ আহিলা হৈ উঠিব পাৰে এই গীতটো তাৰ এটা উৎকৃষ্ট উদাহৰণ। সেই উপলব্ধিৰেই গীতটোৰ বিষয়ে আৰু সংগ্ৰামী শিল্পী পল ৰবচন, লুই আমষ্ট্ৰংৰ পৰিবেশন শৈলীৰ তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে চমু আলোচনা আগবঢ়ালোঁ।

গীতটোৰ কথা

Go Down, Moses

“Go Down Moses” গীতটোৰ কথাৰ বহুল প্ৰচলিত পৰম্পৰাগত ৰূপ।

 [Intro]

Go down, Moses
Way down in Egypt land

Tell old Pharaoh to
Let my people go

[Verse 1]

Now when Israel was in Egypt land
Let my people go
Oppressed so hard they could not stand
Let my people go

[Chorus]

So the Lord said, “Go down (Go down), Moses (Moses)
Way (Way) down (Down) in Egypt land
Tell old Pharaoh to let my people go” (Let my people go)

[Verse 2]

So Moses went to Egypt land
Let my people go
He made old Pharaoh understand
Let my people go

[Chorus]

Yes, the Lord said, “Go down (Go down), Moses (Moses)
Way (Way) down (Down) in Egypt land
Tell old Pharaoh to let my people go”

[Verse 3]

Thus spoke the Lord, bold Moses said
“Let my people go”
“If not, I’ll smite your firstborn dead”
(Let my people go)

[Chorus]

‘Cause the Lord said, “Go down (Go down), Moses (Moses)
Way (Way) down (Down) in Egypt land
Tell old Pharaoh to let my people go”

[Outro]

Way down in Egypt land
Tell old Pharaoh to
Let my people go

************

গীতটোৰ ঐতিহাসিক  তাৎপৰ্য :

“Go Down, Moses” is not just a song — “it is a cry of the oppressed, a theological protest, a code for rebellion, and a monument to Black resistance.”

“Go Down Moses” আফ্ৰিকান-আমেৰিকান ইতিহাসত গণ চেতনাক প্ৰতিনিধিত্ব কৰা মূলতঃ এটা অন্যতম শক্তিশালী ৰাজনৈতিক গীত। গীতটোৰ উৎপত্তি, ইয়াৰ প্ৰতীকী স্বৰূপ আৰু ৰাজনৈতিক-সাংস্কৃতিক তাৎপৰ্য্যই গীতটিক আমেৰিকাৰ সংগীত তথা বিশ্ব মুক্তি সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ  অংশ কৰি তুলিছে।

“Go Down Moses” হৈছে বাইবেলৰ চিত্ৰকল্পৰ সৈতে এটা নিগ্ৰো আধ্যাত্মিক, বিশেষকৈ Moses এ ইজৰাইলীসকলক Pharaohৰ পৰা স্বাধীনতা দাবী কৰা কাহিনী। দাসত্বৰ মাজত থকা আফ্ৰিকান আমেৰিকানসকলে ইয়াক প্ৰতিৰোধ আৰু আশাৰ সংহিতা হিচাপে গাইছিল—”Let my people go”! ই আছিল আমেৰিকাৰ দক্ষিণত দাসত্বৰ পৰা মুক্তিৰ বাবে মৰা এটা চিঞৰ।

           

আফ্ৰিকান-আমেৰিকান সকলৰ এই  আধ্যাত্মিক গীতটোৰ  উৎপত্তি ১৮ বা ১৯ শতিকাৰ আৰম্ভণিতে দক্ষিণ আমেৰিকাৰ দাসত্বত থকা আফ্ৰিকানসকলৰ মাজত জন্ম  হৈছিল বুলি ধাৰণা কৰা হয়। Go Down Moses আফ্ৰিকান-আমেৰিকান মৌখিক পৰম্পৰাৰ পৰা আমেৰিকাৰ দাসত্বত থকা লোকসকলৰ মাজত এই গীতৰ জন্ম হৈছিল। ই নিগ্ৰো স্পিৰিচুৱেলছৰ পৰম্পৰাৰ অন্তৰ্গত যদিও খ্ৰীষ্টান বাইবেলৰ বিষয়বস্তুৰ সৈতে পলায়ন, আশা আৰু প্ৰতিৰোধৰ ক’ডযুক্ত বাৰ্তাৰ মিশ্ৰণত মুক্তিৰ সপোন পৰা জন্ম হোৱা এটি গীত।

গীতৰ কথাবোৰ মূলতঃ বাইবেলৰ কাহিনীৰ পৰা লোৱা হৈছে। গীতটোত বাইবেলৰ ‘Moses’ হৈছে দেৱদূত বা পয়গম্বৰ আৰু ’Pharaoh’ হৈছে মিছৰৰ নিষ্ঠুৰ ৰজা। বাইবেলত দেৱদূত মেজেছে মিছৰৰ নিষ্ঠুৰ ৰজা ’Pharaoh’ৰ দাসত্ব শিকলিৰ পৰা ইজৰাইলী সকলক মুক্ত কৰা কাহিনীৰ প্ৰেৰণাত দাস সকলৰ মাজত আশা, প্ৰতিৰোধ আৰু মুক্তিৰ সপোনৰ জন্ম হৈছিল। ইয়াত ইজৰাইলী সকলৰ  লগত আফ্ৰিকান-আমেৰিকান দাস সকলে নিজক তুলনা কৰিছিল। ই বিশুদ্ধ আধ্যাত্মিক গীত নহয়। বাইবেলৰ সেই কাহিনী তেওঁলোকৰ বাবে মুক্তি সংগ্ৰামৰ সপোনৰ উৎস। ইয়াত “মোৰ মানুহবোৰক যাবলৈ দিয়া” (“Let my people go.”) বাক্যাংশটো স্বাধীনতা আৰু মুক্তিৰ প্ৰতীক। দাসত্বত থকা আফ্ৰিকান-আমেৰিকানসকলৰ বাবে মোজেছে নেতৃত্ব দি আশা, আৰু মুক্তিৰ প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰিছিল, যিয়ে তেওঁলোকৰ নিজৰ বন্ধনৰ পৰা মুক্তিৰ আকাংক্ষাক প্ৰতিফলিত কৰিছিল। গীতটোৰ গোপন বাৰ্তা হিচাপে ব্যৱহাৰ ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। কিছুমান ইতিহাসবিদৰ মতে “Go Down Moses”-এ হয়তো আণ্ডাৰগ্ৰাউণ্ড ৰে’লপথত ক’ড হিচাপে কাম কৰিছিল, গোপন বাৰ্তা প্ৰেৰণ কৰিছিল বা স্বাধীনতাৰ দিশত যাত্ৰাৰ বাবে সাহস প্ৰেৰণা যোগাইছিল। এই গীতে দাস শ্ৰমিক সকলৰ মুক্তিৰ পথত শক্তি আৰু সাহসৰ লগতে দাসত্ব পৰা হাত সাৰিবলৈ বিচৰাসকলৰ বাবে গাইড হিচাপে কাম কৰিছিল। আমেৰিকা পৰবৰ্তৱৰ্তী সময়ত এই গীতটো নাগৰিক অধিকাৰ সংগ্ৰামৰ ন্যায় আৰু সমতাৰ গীত হিচাপে স্বীকৃত হৈছিল।

“Go Down Moses”-গীতটো মানৱ অধিকাৰ আৰু মৰ্যাদাৰ বাবে কৰা যুঁজৰ প্ৰতীক হিচাপে আজিও বিভিন্ন ক্ষেত্ৰত অনুৰণিত হৈয়েই আছে। গীতটোৱে কঢ়িয়াই ফুৰা বাৰ্তা বিভিন্ন সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত আজিও প্ৰাসংগিক হৈ আছে। গীতটোৰ উত্তৰাধিকাৰ নিহিত হৈ আছে স্বাধীনতা আৰু ন্যায়ৰ বাবে ইয়াৰ অদম্য আহ্বানত, ফলত ই উৎপত্তিক অতিক্ৰম কৰি মুক্তিৰ এক সাৰ্বজনীন আৱেদনত পৰিণত হৈছে।

কৃষ্ণাংগ মুক্তি সংগ্ৰামৰ পৰা জন্ম হৈছিল যদিও পাছৰ পৰ্যায়ত এই গীতটো বিভিন্ন বিধৰ সংগীতৰ দ্বাৰা প্ৰভাৱিত হৈ ভিন্ন ৰূপৰ পৰিৱেশিত হৈছিল। মূলতঃ Gospel, Blues, Jazz, Protest folk music আদি সংগীতৰ ধাৰাত গীতটো সফলৰূপত পৰিৱেশিত হোৱাৰ লগতে জনপ্ৰিয় হৈ উঠিছিল।

দাসত্বৰ গভীৰতম দুখৰ মাজেৰে জন্মগ্ৰহণ কৰি সময়ৰ লগে লগে এই গীতটো সাৰ্বজনীন স্বাধীনতাৰ প্ৰতীক হৈ উঠিছিল।

 “Go Down Moses” আৰু হেৰিয়েট টাবমেন (Harriet Tubman) :

                   

আফ্ৰিকান আমেৰিকানসকলে দাস মুক্তি সংগ্ৰামত আণ্ডাৰগ্ৰাউণ্ড ৰে’লপথ (Underground Railroad) নামেৰে পলায়নৰ বাবে ব্যৱহাৰ কৰা নিৰাপদ ঘৰ আৰু পথৰ এক গোপন নেটৱৰ্ক ব্যৱহাৰ কৰিছিল।  ই আক্ষৰিক ৰে’লপথ নাছিল, বৰঞ্চ এক ৰূপক হিচাবে তেওঁলোকে এই নাম Underground Railroad ব্যৱহাৰ কৰিছিল। ইয়াত—”মাটিৰ তলত” অৰ্থাৎ গোপন, আৰু “ৰে’লপথ”-এ ভ্ৰমণ ব্যৱস্থাক বুজায়।

এই গোপন পথেৰে দাসত্বত থকা লোকসকল দক্ষিণ আমেৰিকাৰ দাসত্বৰ ৰাষ্ট্ৰৰ পৰা উত্তৰ আমেৰিকাৰ মুক্ত ৰাষ্ট্ৰলৈ পলায়ন কৰিছিল। তেওঁলোক প্ৰায়ে কানাডালৈ গৈছিল, য’ত দাসত্ব বিলুপ্ত কৰা হৈছিল।

এই পলায়ন প্ৰক্ৰিয়াত দাসসকলক পথ নিৰ্দেশনাৰ বাবে কিছুমান মানুহে নিজৰ জীৱনকো তুচ্ছ কৰি সহায় কৰিছিল। এই বিখ্যাত পথ নিৰ্দেশক সকলৰ ভিতৰত অন্যতম আছিল হেৰিয়েট টাবমেন নামৰ এগৰাকী পূৰ্বৰ দাসত্বত থকা মহিলা যিয়ে শ শ দাসক পলায়ন কৰাত সহায় কৰিছিল।

আণ্ডাৰগ্ৰাউণ্ড ৰে’লপথৰ পৰিচালক আৰু নিজেই এগৰাকী পলায়ন কৰা দাস মহিলা হেৰিট টাবমেনক প্ৰায়ে “Go Down Moses” গীতটোৰ সৈতে প্ৰতীকী আৰু ব্যৱহাৰিক দুয়োটা দিশতে জড়িত কৰা হয়। যিহেতু টাবমেনে বহু সংখ্যক দাসক মুক্তিৰ পথ দেখুৱাইছিল অৰ্থাৎ গীতটোত উল্লেখিত ‘Moses’ বা দেৱদূতৰ দৰে তেওঁ কাম কৰিছিল। বাইবেলৰ মোজেছে ইজৰাইলীসকলক মিচৰৰ পৰা মুক্তিৰ বাটত উলিয়াই অনাৰ দৰে হেৰিয়েট টাবমেনে দাসসকলক স্বাধীনতাৰ দিশে লৈ গৈছিল। সেইবাবেই “Go Down Moses” গীতটোত হেৰিয়েট টাবমেন হৈছে মোজেছৰ প্ৰতীক।

টাবমেনে আনুমানিক ১৩টা মিছন সম্পূৰ্ণ কৰিছিল আৰু প্ৰতিটোতে সফল হৈছিল।

টাবমেনে গর্বৰে কৈছিল -“I never ran my train off the track, and I never lost a passenger.”

পল ৰবচনৰ কণ্ঠত “Go Down Moses” গীতটো :

পল ৰবছনে পৰিৱেশন কৰা গীতটোৰ কথা

When Israel was in Egypt’s land,
Let my people go,
Oppressed so hard they could not stand,
Let my people go.

Go down, Moses,
Way down in Egypt’s land,
Tell old Pharaoh
To let my people go.

Thus spoke the Lord, bold Moses said,
Let my people go,
If not I’ll smite your first-born bred,
Let my people go.

Go down, Moses,
Way down in Egypt’s land,
Tell old Pharaoh
To let my people go.

No more shall they in bondage toil,
Let my people go,
Let them come out with Egypt’s spoil,
Let my people go.

Go down, Moses,
Way down in Egypt’s land,
Tell old Pharaoh
To let my people go.

ৰবচনে বিশ্বাস কৰিছিল যে সংগীত হৈছে মানৱ আত্মাৰ সৈতে সংযোগ স্থাপনৰ এক উপায়, য’ত মানুহৰ আনন্দ, দুখ আৰু আকাংক্ষা মূৰ্ত ৰূপত থাকে।

                      

সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ Go Down Moses” দৰে গীত গাই। এই গীতটোৰ সম্পৰ্কত তেওঁ কৈছে – “এই গীত মুক্তি সংগ্ৰামত জনগণৰ প্ৰতি এক আহ্বান” (Calling the people to the struggle for freedom.)।

সংগীতৰ প্ৰতি ৰ’বচনৰ দৃষ্টিভংগীৰ এক গভীৰ উদাহৰণ তেওঁৰ এই আফ্ৰিকান-আমেৰিকান আধ্যাত্মিক গীত Go Down Moses” ৰ পৰিৱেশনত দেখা যায়।

মুক্তিৰ সপোন আৰু সংগ্ৰামী আবেদনৰ বিষয়বস্তুৰে এই গীতটো আমেৰিকাৰ দাসত্বত থকা মানুহৰ সংগ্ৰামৰ প্ৰতীক হৈ পৰিছিল। গীতটোত “Tell old Pharaoh, to let my people go.” – এই বাক্যটো বিশেষভাৱে প্ৰতিৰোধ সংগ্ৰামৰ মন্ত্ৰ স্বৰূপ হৈ উঠিছে।

এই গীত ধৰ্মৰ সৈতে যুক্ত যদিও কিন্তু গীতটোৰ উৎস আৰু বিষয় বিশুদ্ধ ধৰ্মীয়, এনে অনুসিদ্ধান্ত সম্পূৰ্ণ ভুল। এই সংক্ৰান্তত ৰবচনে স্পষ্ট ভাষাত কৈছে “The forms of this song as in many other Spirituals are connected with religion. It would be a complete mistake, however to conclude from this that the origins and content of these songs are purely religious. ….the Christian religion, propagated among the Negroes by force,was one of the strongest weapons for the spiritual enslavement of the The only book which the Negroes knew before the civil war period and the abolition of slavery (1863)was the Oppressed and persecuted, to the cruelest exploitation, the Negro people was very susceptible to the consolations promised by the Church. The Negroes sought in the Bible stories analogies with the history of their own slave existence, and drew from these stories faith in the coming retribution for their oppressors, faith in the triumph of truth and justice.

The real content of the spirituals in the overwhelming majority of cases was far removed from religious concepts….. Therefore, the song “Go Down Moses,” far from being a religious hymn, is rather an impassioned call to the struggle for the liberation of the Negro people. Moses, and the Pharoahs, and the Jewish people are all merely poetic symbols which inspired the unknown singer who created this amazing song.(ভাৱাৰ্থ: আন বহুতো আধ্যাত্মিক গীতৰ দৰেই এই গীতটোৰ স্বৰূপটো ধৰ্মৰ লগত জড়িত। এই গীতবোৰৰ উৎপত্তি আৰু বিষয়বস্তু বিশুদ্ধ ধৰ্মীয় বুলি সিদ্ধান্ত লোৱাটো অৱশ্যে সম্পূৰ্ণ ভুল হ’ব।…নিগ্ৰোসকলৰ মাজত বলপূৰ্বকভাৱে প্ৰচাৰিত খ্ৰীষ্টান ধৰ্ম আছিল আধ্যাত্মিক দাসত্বৰ বাবে অন্যতম শক্তিশালী অস্ত্ৰ। গৃহযুদ্ধ আৰু দাসপ্ৰথা বিলোপ(১৮৬৩)-ৰ আগলৈকে নিগ্ৰোসকলে একমাত্ৰ এখন কিতাপৰ নামেই জানিছিল, সেইখন আছিল ‘বাইবেল’। নিৰ্যাতিত অপৰাধী হিচাবে সাব্যস্ত, আটাইতকৈ নিষ্ঠুৰ শোষণৰ বলি হোৱা বাবে নিগ্ৰো জনসাধাৰণ গীৰ্জাই প্ৰতিশ্ৰুতি দিয়া সান্ত্বনাৰ প্ৰতি ভীষণভাৱে স্পৰ্শকাতৰ হৈ পৰিছিল। নিগ্ৰোসকলে বাইবেলৰ কাহিনীবোৰত নিজৰ দাস অস্তিত্বৰ ইতিহাসৰ সৈতে উপমা বিচাৰিছিল। এই কাহিনীবোৰৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছিল আসন্ন সংগ্ৰামত নিজৰ অত্যাচাৰীসকলৰ বাবে আগন্তুক প্ৰতিশোধৰ ভাষা, ন্যায় আৰু সুবিচাৰৰ সুনিশ্চিত জয়ৰ গভীৰ বিশ্বাস।

এইসমূহ আধ্যাত্মিক সংগীতৰ বেছিভাগৰে বাস্তৱ বিষয়বস্তু আৰু ধৰ্মীয় চেতনাৰ পৰা বহু দূৰৈত।… সেইবাবে “Go Down Moses” গীতটো ধৰ্মীয় শ্লোক হোৱাৰ বিপৰীতে নিগ্ৰো লোকসকলৰ মুক্তিৰ সংগ্ৰামৰ বাবে এক আৱেগদীপ্ত আহ্বান হিচাবে অনেক বেছি তাৎপৰ্যপূৰ্ণ। Moses, Pharoahs, ইহুদী জনতা – এইবোৰ হৈছে কাব্যিক প্ৰতীকি কল্পনা যিয়ে এই আশ্চৰ্যকৰ গীতটোৰ সৃষ্টি কৰা অজ্ঞাত গায়কজনক অনুপ্ৰাণিত কৰিছিল।)

ৰবচনে ইয়াক পৰিৱেশন কৰিছিল বাইবেলৰ যাত্ৰাৰ কাহিনী, জনগণৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে চলি থকা যুঁজৰ মাজৰ সাদৃশ্যক উজ্জ্বল কৰি তুলিবলৈ। কৌশলটো মন কৰিবলগীয়া।

এই গীতটো বহুত শিল্পীয়ে পৰিৱেশন কৰিছে। কিন্তু ৰবচনৰ কণ্ঠ, শৈলী আৰু তাৰ লগতে সেই বিশেষ উদ্দেশ্য সম্বলিত সৃষ্টিশীল গায়কীয়ে নিষ্পেষিত গণ আকূতিৰ প্ৰাণস্পন্দন অতি শক্তিশালী ৰূপত তুলি ধৰিছে। সেইটো সম্ভৱ হৈ উঠিছে কাৰণ ৰবচনৰ বাবে গীত মুনাফালোভীৰ স্বাৰ্থত স্থিতাৱস্থা বাহাল ৰখা, তথাকথিত শ্ৰেণী সমন্বয়ৰ বজৰুৱা মনোৰঞ্জন নহয়, ঐক্যবদ্ধ সংগ্ৰামী প্ৰেৰণাৰ উৎস। তথাকথিত মনোৰঞ্জনৰ বিপৰীতে বঞ্চিত খাতিখোৱা মানুহৰ খং, ক্ষোভ, বেদনাৰ নিৰ্যাস। সেই নিৰ্যাসৰ পৰাই জন্ম হৈছিল কৃষ্ণাংগ শোষিত দাস সকলৰ আন এক সংগীত-ব্লুজ (Blues)। এই গীতবোৰৰ উপাদান হৈছে- হেৰুৱাৰ বেদনা, নিষ্ঠুৰ বাস্তৱৰ পৰা কল্পিত মুক্তিৰ সপোন, কঠোৰ বাস্তৱৰ বিৰুদ্ধে হুংকাৰ, অৱজ্ঞা, উপেক্ষা ভৰা নিৰ্দয় জীৱনৰ প্ৰতি আক্ষেপ, বিচ্ছেদজাত দুৰ্ভাগ্যক লৈ অভিযোগ, এজন মানুহৰ পাৰিপাৰ্শ্বিকতা, দেশান্তৰিত এজাক মানুহৰ কঠিন আৰু বিপজ্জনক অস্তিত্ব ইত্যাদি। এই গীতটো নিহিত আছে কঠোৰ জীৱন সংগ্ৰামৰ নিৰ্যাস।

পল ৰবচনৰ কণ্ঠত এই গীতটি প্ৰথম শুনোতে এনে লাগিছিল যেন সুদূৰৰ পৰা গভীৰ অপেৰাৰ দৰে বেৰিটন কণ্ঠৰে উঠি অহা, লোক পৰম্পৰাৰ সুৰেৰে সমৃদ্ধ এটি গীত তেওঁ গাইছে যত মূলতঃ ন্যায় আৰু মুক্তিৰ সপোন টগবগাই আছে। ৰবচনৰ সুস্থিৰ তথা গম্ভীৰ আৰু ধ্ৰুপদী আধ্যাত্মিক মৰ্যাদাপূৰ্ণ এই উপস্থাপন শৈলী শ্ৰোতাৰ বাবে অতিকে প্ৰভাৱশালী আৰু প্ৰত্যয়দ্বীপ্ত।

ন্যূনতম বাদ্যযন্ত্ৰ সৈতে সংগতি ৰাখি (প্ৰায়ে পিয়ানো ব্যৱহাৰ কৰিছিল) গীতৰ ভাবাৰ্থত অধিক গুৰুত্ব আৰোপ কৰি, তীব্ৰ বৰ্ণবাদ বিৰোধী, সমাজবাদী ৰবচনে এই গীতটোক বিশ্ব কৃষ্ণাংগ মুক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল।

ফেচিবাদৰ উত্থান আৰু গণ বিভাজন ৰাজনীতিৰ যুগত পৰিৱশন কৰা ৰবচনৰ এই গীতটো হৈ পৰিছিল এক বিশ্বব্যাপী শোষণবিৰোধী প্ৰতিবাদী গীত।

 লুই আৰ্মষ্ট্ৰংৰ কণ্ঠত Go Down Moses” গীতটো :

লুই আৰ্মষ্ট্ৰঙে পৰিৱেশন কৰা গীতটোৰ কথা

Go down, Moses, way down in Egypt land
Tell old Pharaoh to let my people go

When Israel was in Egypt land
Let my people go
Oppressed so hard they could not stand
Let my people go

So the lord said, “Go down, Moses, way down in Egypt land
Tell old Pharaoh to let my people go.”

So Moses went to Egypt land
Let my people go
He made old Pharaoh understand
Let my people go

Yes, the Lord said, “Go down, Moses, way down in Egypt land.
Tell old Pharaoh to let my people go.”
Thus spoke the Lord,” bold Moses said
Let my people go
“If not, I’ll smite your firstborns dead.”
Let my people go

God, the Lord said, “Go down, Moses, way down in Egypt land
Tell old Pharaoh to let my people go.”
Way down in Egypt land
Tell old Pharaoh to let my people go

লুই আৰ্মষ্ট্ৰংৰ ‘Go down, Moses’ গীতটো প্ৰথম ১৯৫৮ চনত Louis and the Good Book” এলবামৰ বাবে ৰেকৰ্ড কৰা হৈছিল।

আৰ্মষ্ট্ৰঙৰ এই ৰেকৰ্ডিঙে আত্মাস্পৰ্শী কণ্ঠ, উত্তেজক ট্ৰুম্পেট আৰু সাম্প্ৰদায়িক কল-এণ্ড-ৰেচপন্সৰ সৈতে এই বাৰ্তাক আৱেগিক আৰু কলাত্মক উজ্জ্বলতাৰে জীৱন্ত কৰি তুলিছে। এই গীতটো পৰিৱেশন কৰি আৰ্মষ্ট্ৰঙে কেৱল কৃষ্ণাংগ প্ৰতিবাদী সংগীতৰ উত্তৰাধিকাৰক সন্মান জনোৱাই নহয়, নাগৰিক অধিকাৰৰ যুঁজত ইয়াৰ চলি থকা প্ৰাসংগিকতাতো অৰিহণা যোগাইছিল। গীতটোৰ চিৰস্থায়ী শক্তি নিহিত হৈ আছে ইয়াৰ ঐতিহাসিক আৰু সমসাময়িক সংগ্ৰামসমূহক সংযোগ কৰাৰ ক্ষমতাত, শ্ৰোতাসকলক মুক্তিৰ এক ভাগ-বতৰা দৃষ্টিভংগীত একত্ৰিত কৰা।

মূলতঃ জাজ সংগীত শিল্পী লুই আৰ্মষ্ট্ৰং কৃষ্ণাংগ মূলৰ আছিল যদিও তেওঁৰ ৰাজনৈতিক অৱস্থান আমেৰিকাৰ মূল সুঁতিৰ শাসকীয় সকলৰ অনুকূলে আছিল। আমেৰিকান গণতন্ত্ৰৰ মুখপাত্ৰৰ দৰে কাম কৰা শিল্পী হিচাবে লুই আৰ্মষ্ট্ৰংৰ কণ্ঠত Go Down Moses” গীতটোৰ মুক্তি সংগ্ৰামৰ চোক যথেষ্ঠ পৰিমাণে কমিছিল, যদিও তেওঁৰ অসাধাৰণ সাংগীতিক প্ৰতিভাৰ বলত জেজ সংগীতৰ জগতখনত এই গীতটো এক অনন্য ৰূপত উজলি উঠিছিল।

লুই আৰ্মষ্ট্ৰংৰ “Go Down Moses” আৰম্ভ হয় কোৰাচেৰে বাকী অংশ কল এণ্ড ৰেচপঞ্চ (call and response) আৰু jazz rendition। আৰ্মষ্ট্ৰংৰ গীতটোৰ উপস্থাপন শৈলীত এনে অনুভৱ হয় যেন অতি সহজেই দাসত্বৰ শিকলি খুলি আনন্দ উলাহেতে দাসসকলে দক্ষিণৰ পৰা উত্তৰ মুখেৰে গতি কৰিছে। যিটো অতি অবাস্তৱ কথা। যি ধাৰণাই আমেৰিকাৰ বগা শাসক সকলৰ ভুৱা গণতন্ত্ৰক যেন এক প্ৰকাৰ সুৰক্ষা দিয়ে। জেজ সংগীতৰ সাংগীতিক মানৰ দৃষ্টিকোণেৰে গীতটো অতি নিতুল সাংস্কৃতিক মূল্য সম্পন্ন এটি গীত।

লুই আৰ্মষ্ট্ৰংৰ “Go Down Moses” আছিল তীক্ষ্ণ যদিও কেঁচা (raw) আৱেগিক মেজাজৰ। পল ৰবচনৰ অপেৰাৰ শৈলীৰ দৰে নহয়, কিন্তু তাৰ বিপৰীতে মাটিৰ গোন্ধ থকা আৰু মানৱীয়। তেওঁৰ কণ্ঠ কৰ্কশ আৰু জেজ সংগীতৰ প্ৰভাৱযুক্ত। জাজ বাক্যাংশ (jazz phrasing), গছপেল, আৰু ব্লুজৰ সৈতে আধ্যাত্মিক সুৰৰ মিশ্ৰণত আৰ্মষ্ট্ৰংৰ “Go Down Moses” গঠিত হৈছে। সেইবাবে গীতটো যেন অধিক অন্তৰংগ আৰু অভিযোগময়, কম আনুষ্ঠানিক কিন্তু গভীৰভাৱে হৃদয়স্পৰ্শী। আৰ্মষ্ট্ৰংৰ গীতটোত অধিক ছন্দময় প্ৰবাহ আছে যদিও গম্ভীৰ প্ৰকৃতিৰ আৰু reflective।

গীতটোত সঘনাই লোক-জাজ (folk-jazz)ৰ এটি সোৱাদ অনুভৱ হয়। সুৰ লঘু যদিও ব্যংগাত্মক বা কটাক্ষমূলক। কিন্তু গীতৰ উপস্থাপন মূলতঃ ৰাজনৈতিক নহৈ সাংগীতিক বুলি বুজিব পাৰি। যিটো পল ৰবচনৰ সংস্কৰণত ওলোটা। গীতটোত এইটো মন কৰিব লগীয়া যে আৰ্মস্ট্ৰংৰ সংগীত শৈলী অধিক ধৰ্মনিৰপেক্ষ আৰু প্ৰদৰ্শনমুখী। সেই ৰাজনৈতিক দিশটোৰ প্ৰতি আৰ্মস্ট্ৰং কিন্তু সংবেদনশীল।

“Go Down Moses”ৰ আৰ্মষ্ট্ৰঙৰ সংস্কৰণটো পল ৰবচনৰ সংস্কৰণটোৰ লগত তুলনা কৰি শুনিলে ব্যক্তিগত প্ৰাৰ্থনাৰ দৰে অনুভৱ হয়, ই যেন সংগ্ৰামটোৰ মাজত জীয়াই থকা কোনোবা এজনৰ চিঞৰ!

আৰ্মষ্ট্ৰঙৰ “Go Down Moses” বৃহৎ মূলসুঁতিৰ শ্ৰোতাৰ বাবে, ই কৃষ্ণাঙ্গ আধ্যাত্মিক সংগীতক আমেৰিকান জনপ্ৰিয় সংস্কৃতিৰ সৈতে একত্ৰিত কৰিছিল – দুই সংস্কৃতিত মাজত যেন এডাল সাঁকো তৈয়াৰ কৰিছিল। যাৰ ফলত বগা শোষকৰ সাংস্কৃতিক upgrade হল। কিন্তু দাসত্বৰ মুক্তিৰ লগত ইয়াৰ যেন বিশেষ সম্পৰ্ক নাই।

কিন্তু ৰবচনৰ সংস্কৰণ মূলতঃ মুক্তি সংগ্ৰামৰ সমাজ কৰ্মী, বুদ্ধিজীবী আৰু সংগ্ৰামক উদ্দেশ্যি পৰিৱেশিত হৈছিল।

বিশেষভাৱে মন কৰিবলগীয়া যে পল ৰবেচনে “Go Down Moses” গীতটো ন্যায় আৰু মুক্তিৰ এক শক্তিশালী কণ্ঠ হিচাপে গীতটো গায়; লুই আৰ্মষ্ট্ৰঙে ইয়াক সাংস্কৃতিক প্ৰকাশৰ এক আত্মিক আৰু শৈলীগত সংবেদনশীল কলাৰ ৰূপৰ কথা মনত ৰাখি পৰিৱেশন কৰে।

সামৰণি :

পল ৰবচনৰ আৰু লুই আৰ্মষ্ট্ৰংৰ “Go Down Moses” শুনি বুজি সামগ্ৰিকভাৱে মোৰ এনে লাগিল-পল ৰবচনৰ “Go Down Moses” যেন এজন ভৱিষ্যদ্বক্তাৰ গৰ্জন, যিয়ে দাস মালিক Pharaohৰ সৈতে শিকলিৰে বন্ধা অৱস্থাত তীব্ৰ, অদম্য যোদ্ধাৰ ভাষাৰে কথা কয়। আনহাতে আৰ্মষ্ট্ৰঙৰ “Go Down Moses” যেন ধোঁৱাভৰা ক্লাবত এজন ধূৰ্ত জাজ পুৰোহিতৰ সুৰৰ মাধ্যমত সত্যৰ ফুচফুচনি যি আত্মাস্পৰ্শী আৰু হৃদয়গ্ৰাহী। যদিও লুই আৰ্মষ্ট্ৰংৰ শিল্প অতি বৃত্তিনিষ্ঠ।

তথ্য সূত্ৰ :

 ১. African American Spirituals. Library of Congress.

২. Honoring Black History Month: Go Down Moses.by yale strom/ Feb.2020.

৩. Will the circle be Unbroken? Songs of the Underground Railroad. By scalar.use.edu.

৪.‘Go Down Moses’ and Our Tireless Advocate (Theological Truths for Teenagers from Black Spirituals) by Curtis Dunlap / feb.26,2025.

৫. The Sound World of Harriet Tubman

PUBLISHED 2/17/2022 by Maya Cunningham

৬. The Songs that Sang of Black America Before 1863 by Donna M Cox, feb-17, 2020.

৭.Paul Robeson, ‘Go Down, Moses’ by jeff Meshel’s world.

৮.Go Down Moses: Finding Kinship between the Jewish and African Slave Experience. By Jewish Journal.

৯. Early Modern Music – Louis Armstrong’s “Go down moses’’.

১০.Paul Robeson Speaks, Writings, Speeches Interviews 1918-1974, Edited by Philip S.Foner

১১. Here I Stand by Paul Robeson with Lloyd L Brown .

১২. Louis Armstrong’s Life in Letters, Music and Art. By Giovanni Russonello.

১৩. Louis Armstrong: The US jazz icon with a controversial legacy. By Christian Kriticos,23 July 2024.

১৪.What Louis Armstrong Really Thinks.By Ben Schwartz , February 25, 2014.

১৫.Wikipedia

১৬. ইউটিউব

Leave a Reply

Your email address will not be published. Required fields are marked *