অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ‌।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ

মুক্ত চিন্তা।। একাদশ বছৰ।। ১ম সংখ্যা

(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)

কাম দেশৰ আহ্বান (তৃতীয় অংশ)

ঝাঁচীৰ দুৰ্গটো হোটেলৰ পৰা আধা ঘণ্টা খোজ কঢ়া দূৰত্বতে আছে। ই বিশালকায় কাছ এটাৰ দৰে টিলা এটাত অৱস্থিত। কিন্তু ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য্যক টেলিফোনৰ টাৱাৰবোৰে বিঘিনি জন্মাইছে- বৰ্তমান সময়ৰ সন্মূখত অতীতে শিৰ নত কৰাৰ এটা সঠিক উদাহৰণ।

মই তামিলনাডুৰ পৰা বাছ ভৰ্তি হৈ অহা পৰ্যটকৰ দল এটিক মোৰ লগ হিচাপে পালোঁ, যি সকল এই অলপ আগতে বাছৰ পৰা নামিছেহি আৰু দুৰ্গটোৰ বিষয়ে লিপিবদ্ধ কৰি থোৱা চাইনবৰ্ডখন ঘেৰি থিয় হৈ আছে। তামিল ভাষাৰ কথা-বতৰাবোৰ শুনি মোৰ ঘৰত থকা যেন অনুভৱ হ’ল। কেতিয়াবা আনুগত্য আনুগত্যহীনলৈ ৰূপান্তৰ হয় – সাত বছৰ ধৰি চেন্নাইত বসবাস কৰাৰ ফলত মই ইয়াত উত্তৰ প্ৰদেশৰ এই ঠাইত থাকি ঘৰলৈ ঘূৰি যোৱাৰ ভাৱনাত বিভোৰ হৈ আছো। তথাপি যিখন ঠাইত মই জন্ম লভি ডাঙৰ-দীঘল হ’লো, তামিল ভাষাৰ কথা-বতৰা শুনি মোৰ ঘৰত থকা যেন অনুভৱ হ’বলৈ ধৰিলে।

১৮৫৭ চনতো এই ঠাইতে আনুগত্যৰ বিৰল উদাহৰণ দাঙি ধৰিছিল, যেতিয়া আন স্বদেশী ৰজাৰ দৰেই লক্ষ্মীবায়ে বুজি পালে যে ইংৰাজৰ লগত কৰা মিত্ৰতাই ঝাঁচীৰ ৰাণীৰ ৰূপত তাইৰ অস্তিত্বৰ কোনো নিৰ্ভৰতা বাকী ৰখা নাই। তাই বিদ্ৰোহ ঘোষণা কৰিলে আৰু যেতিয়া শত্ৰু সৈন্যই দুৰ্গটো ঘেৰি ধৰিলে, নিজৰ ঘোঁৰাত উঠি তোলনীয়া পুত্ৰক পিঠিত বান্ধি দুৰ্গৰ পৰা জপিয়াই দিছিল। আৰু তাৰ তিনি মাহৰ পাছত, ১৮৫৭ চনৰ জুন মাহত, গোৱালিয়ৰ ওচৰত হোৱা যুদ্ধত সাহসেৰে যুঁজি বীৰৰ দৰে মৃত্যুক আঁকোৱালি ল’লে। তাইৰ পৰাক্ৰমৰ কথা স্থানীয় কবি সুভদ্ৰা কুমাৰী চৌহানৰ দ্বাৰা ৰচিত এটা দীঘলীয়া কবিতাত উদযাপন কৰা হৈছে, যিটো কবিতা প্ৰৱেশদ্বাৰৰ ওচৰত দুৰ্গৰ মানচিত্ৰৰ লগতে থকা এখন ফলকত লিখি থোৱা হৈছে – ‘প্ৰবল পৰাক্ৰমেৰে পুৰুষৰ দৰে  যুঁজ দিয়া, তাই ঝাঁচীৰ ৰাণী আছিল।’ স্কুলত পঢ়ি থাকোতে এই কবিতাটো আমাক মুখস্থ কৰিবলৈ দিছিল। কিন্তু মোৰ সন্দেহ আছে যে আমাৰ লগৰ কোনোবাই এই দুটা লাইনৰ বাহিৰে সম্পূৰ্ণ কবিতাটো মনত ৰাখিব পাৰিছে। অৱশ্যে এই পংক্তি কেইটাও খুবেই মহত্বপূৰ্ণ।

তামিলনাডুৰ পৰা অহা পৰ্যটকৰ দলটোৱে ভিতৰলৈ সোমাই দুৰ্গটো চাবলৈ ধৰিলে। মই তেওঁলোকৰ  পিছে পিছে গ’লোঁ। তাত ভয়ানক চাৱনিৰে চাই থকা বান্দৰৰ জুম আছে। সেইকাৰণে মই তেওঁলোকৰ দলটোক এৰি আগবাঢ়ি যাব বিচৰা নাই।

সেই তাহানি দিনতে ১৬ একৰ মাটি জুৰি অৱস্থিত বিশাল দুৰ্গটোত বহু কোঠালি যুক্ত এখন বিলাসী হোটেল, এটা মাল্টিপ্লেক্স, প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়, উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰীয় কাৰাগাৰৰ  সমকক্ষ মধ্যযুগীয় ভৱনবোৰ আছে। এতিয়া এইটো কল্পনা কৰাটো প্ৰায় অসম্ভৱ যে ৰাণী গৰাকীয়ে সখীয়েকহঁতৰ সৈতে সেই উপবনত বিহাৰ কৰি আছে, যিখন গম্ভীৰ অপৰাধৰ বাবে অপৰাধীক ফাঁচী দিয়া মিনাৰৰ পৰা কেই ফাৰ্লংমান দূৰত্বতে অৱস্থিত আছে।

বান্দৰৰ উৎপাতৰ কাৰণে দুৰ্গটোৰ ভিতৰখনৰ চুক-কোণবোৰ ভালকৈ চাব নোৱাৰিলোঁ। মই বেছিভাগ সময় ঝাঁচীৰ ৰাণীয়ে ঘোঁৰাৰ পিঠিত উঠি জাঁপ মৰা স্থানতে ৰৈ থাকিলোঁ। তাৰ পৰা তলৰ ঢাপটোলৈ চাই, মোৰ বিচাৰত সেইটো বৰ বিপদজনক যেন ভাব হোৱা নাছিল। হয়তো মই এই যুগত বাস কৰিছোঁ য’ত অক্ষয় কুমাৰে টেলিভিছনৰ বাণিজ্যিক বিজ্ঞাপনত থামচ্ আপৰ বটল এটা ধৰিবলৈ তাতকৈ বহু বেছি ওপৰৰ পৰা জাঁপ মাৰে। কিন্তু আকৌ পিছমুহূৰ্ততে ভাবোঁ, বাস্তৱ জীৱনৰ জাঁপ বিপদসংকুল, তাতে এগৰাকী মহিলাই পিঠিত এটি শিশু বান্ধি মৰা জাঁপ।

সেই ‘জাঁপ মৰা স্থান’ ৰ পৰা বিশৃঙ্খল ঝাঁচীখনৰ ওখ-চাপৰবোৰ মোৰ চকুত পৰিল । দুৰ্গটোৰ ঠিক তলতে এখন স্কুল- লক্ষ্মী ব্যায়ামশালা ইন্টাৰ কলেজ আছে । তাৰ আগলৈ গৈ থাকিলে, দিগন্তত, এটা টিলাৰ ওপৰত হকী খেলৰ মহাৰথী ধ্যানচন্দৰ মূৰ্তি স্থাপিত কৰা আছে । তেওঁ ঝাঁচীৰ লোক আছিল আৰু আন এটা ৰুচিত আধিপত্য আছিল যদিও তেওঁক স্বদেশী ভাৰতীয় নায়কত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়।

উপৰুৱাকৈ লক্ষ্য কৰিলে, তৰোৱাল লৈ যুদ্ধ কৰা ৰাণী আৰু সোণৰ পদক জিকা হকীৰ যাদুকৰ, দুটা বেলেগ যুগৰ প্ৰতিনিধি হ’ব পাৰে। কিন্তু যদি লক্ষ্মীবাই কিবা প্ৰকাৰে এশ বছৰ জীয়াই থাকিলেহেঁতেন, যিটো জৈৱিক ভাৱে অসম্ভৱ নহয়, তেন্তে বাৰ্লিন অলিম্পিকত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰি ঝাঁচীলৈ ঘূৰি অহা ধ্যানচন্দক স্বাগতম জনালেহেঁতেন। নিজৰ জীৱনৰ জোখতকৈ অধিক উচ্চতাৰ মূৰ্তি স্থাপিত হোৱাৰ পাছতো আজিৰ যুগৰ ক্ৰিকেট অনুৰাগী ভাৰতত ধ্যানচন্দ প্ৰাসংগিক নহয় আৰু তেওঁক কোনেও স্মৰণ নকৰে। দুৰ্গটোৰ দৰেই তেওঁৰ মূৰ্তিটোকো চেলফোনৰ টাৱাৰবোৰৰ উচ্চতাই বাওনাত পৰিণত কৰিছে ।

দুৰ্গৰ পৰা বাহিৰলৈ ওলাই অহাৰ পাছত, মোক লক্ষ্মীবাইৰ কাহিনী বৰ্ণিত থকা হিন্দী পকেটবুক বিক্ৰি কৰি থকা এটা হকাৰে ঘেৰি ধৰিলে। মই দহ টকাৰ এখন কিনিলো। বেটুপাতত বগা ঘোঁৰাত উঠি হাতত তৰোৱাল তুলি মিচিকিয়াই হাঁহি থকা লক্ষ্মীবাইৰ ফটো আছে। পিঠিত বান্ধি লোৱা তাইৰ পুত্ৰ দামোদৰৰ মুখতো হাঁহি বিৰিঙি আছে। যেন মাক-পুতেক দুয়োটা চিকাৰ কৰিবলৈহে ওলাইছে! শেষৰ পৃষ্ঠাত সেই একে প্ৰকাশকৰে চলচ্চিত্ৰ অভিনয়ৰ হাতপুথি এখনৰ বিজ্ঞাপন দিয়া আছে। পঞ্চাছ টকাৰ হাতপুথিখন কিনিবলৈ পাঠক আকৰ্ষিত কৰিবৰ বাবে এনেদৰে লিখা আছে —

“চলচ্চিত্ৰ তাৰকা কেনেকৈ হ’ব পাৰি? আপুনি যদি সঁচাকৈয়ে অমিতাভ বচ্চন, ৰেখা, ধৰ্মেন্দ্ৰ, শাহৰুখ, মাধুৰী, কৰিশ্মা কাপুৰ, ডিম্পল, গোবিন্দা আদিৰ দৰে আকৰ্ষণীয় আৰু বিলাসিতাপূৰ্ণ জীৱন অতিবাহিত কৰিব খোজে, তেন্তে আজিয়েই এই কিতাপখন অৰ্ডাৰ কৰক আৰু পঢ়ক। ইয়াত কেৱল কেনেকৈ তাৰকা হিচাপে সফল হ’ব পাৰি তাকে কোৱা নাই, বৰঞ্চ ইয়াত চিত্ৰ নিৰ্মাতা আৰু নিৰ্দেশকৰ ঠিকনা দিয়া হৈছে।”

মই এই কথাটো জানিবলৈ অতি আগ্ৰহী হৈ পৰিলোঁ যে সঁচাকৈয়ে কিতাপখন কোনোবাই অৰ্ডাৰ কৰে নে আৰু নিৰ্মাতা বা নিৰ্দেশকলৈ চিঠি লিখেনে? কোনে জানে, কেতিয়াবা সেই ঠিকনাত চিঠি পায় যাবও পাৰে। হয়তো বহুত মানুহে অৰ্ডাৰ কৰে, নিজৰ সপোনৰ সম্বল কিনিবৰ বাবে পঞ্চাছ টকাটো বেছি দাম নহয়। অৱশ্যে এই কথাটো বেলেগ, যে সেই সপোনবোৰ সপোন হৈয়েই ৰয় চাগে! বেলি লহিয়াবলৈ ধৰাত মই হোটেললৈ ঘূৰি আহিলোঁ।

হোটেলৰ কোঠাটোৰ চাবিটো মই ৰিচেপচনত খোজোতে, তাৰ ল’ৰাটোৱে মোৰ উপস্থিতিক অগ্ৰাহ্য কৰা দেখি মই আচৰিত হ’লোঁ। সি ফোনত কাৰোবাক অলপতে শুনা কোম্পানী সমন্ধীয় কৌতুক এটা কৈ আছে: “আৰু নটিছ বৰ্ডখনত কি লিখা আছিল জাননে? নীতি ১. বছ সদায়েই শুদ্ধ হয়। নীতি ২. যদি কিবা সন্দেহ থাকে, তেন্তে নীতি ১ টো চাই লোৱা । মজাৰ কথা নহয় নে?” ৰিচেপচনৰ ল’ৰাটোৱে ঘেঁহাই ঘেঁহাই কিন্তু স্পষ্ট ইংৰাজীত নীতি দুটা বাৰে বাৰে কৈ হাঁহিবলৈ ধৰিলে। যেতিয়া কৌতুকটো আনটো মানুহে বুজি পালে বুলি নিশ্চিত হ’ল, ৰিচেপচনৰ ল’ৰাটোৱে তাৰ স্বভাৱ সুলভ নম্ৰতাৰে মোলৈ চালে আৰু চাবিটো দিলে। তেতিয়াহে মই বুজি পালোঁ, ল’ৰাটোৱে ইমান দেৰি মোক কিয় অগ্ৰাহ্য কৰি আছিল। আচলতে সি মোক কৌতুকটো শুনাব খুজিছিল আৰু তাৰ ৰসবোধক প্ৰশংসা কৰাটো বিচাৰিছিল। এইটো এটা বুদ্ধিমানী কৌতুক। দিনটোৰ অধিকাংশ সময় সি যিবোৰ মানুহৰ লগত পাৰ কৰে, সিঁহতি কৌতুকটো না বুজি পায় না তাৰ ৰস ল’ব জানে। আনকি তাৰ কাষৰ কোঠাত সাপৰ দৰে ফেঁট তুলি থকা মালিকজনেও বুজিব নোৱাৰে, যিজনে হোটেলৰ ভিতৰৰ বাৰখনৰ ব্যৱসায়ত লোকচান কৰিব বুলি ভাবি, আলহীলৈ লুকুৱাই মনে মনে মদ আনি দিয়া ৱেটাৰক এসেকা দিবলৈ জপিয়াই পৰে।

চাবিটো লোৱাৰ সময়ত, মই ৰিচেপচনৰ ল’ৰাটোক পিছদিনা ৰাতিপুৱা টেক্সি এখন ঠিক কৰি দিবলৈ ক’লো। প্ৰথমে মই ঔৰ্ছালৈ যাম, তাৰপাছত খাজুৰাহু, আৰু ৰাতি পুনৰ ঝাঁচীলৈ ঘূৰি আহিম। সি লগে লগেই টেক্সিচালক এজন লৈ ফোন কৰিলে। সিঁহতৰ মাজত বহু সময় কথা-বতৰা চলিল, তাৰ মাজতে মোৰ হৈ সি  দৰ-দাম কৰাও শুনিলো। অৱশেষত ফোনটো থৈ সি মোক ইংৰাজীতে খবৰটো দিলে, “ছাৰ, টেক্সিখন কালিলৈ ৰাতিপুৱা আঠ বজাত আহিব।”

“আঠ বজাত বৰ সোনকাল হ’ব, তুমি সময়টো দহ বজাত কৰি দিব নোৱাৰিবা নে?”

“আপুনি আপোনাৰ সময়তে ওলাব। টেক্সিখন ৰৈ থাকিব ।”

মোৰ ল’ৰাটোক ভাল লাগিবলৈ ধৰিলে। মই মোৰ কোঠাটোক ভাল পাবলৈও ধৰিলো। যেতিয়া ৰাতিৰ কাপোৰ, কিতাপ, নোটবুক আৰু কলম বিছনাত পৰি ৰ’ব, তেতিয়া কোঠা এটা ঘৰুৱা হৈ পৰাটো অনস্বীকাৰ্য্য। তাতে এই কোঠাটোৰ বিছনাখনত বগা চাফা-গোন্ধ থকা, দাগহীন চাদৰ আৰু গাৰু কভাৰ আছে । বিছনাত বাগৰি মই ভাবিবলৈ ধৰিলো- এইখন ঝাঁচীৰ প্ৰতি মোৰ কোনো অভিযোগ নাই, য’ত দক্ষিণলৈ যাত্ৰা কৰা সময়ত মোৰ দেউতা আৰু মোৰ অসংখ্য মালয়ালী বন্ধু ইয়াত ৰয়। তেওঁলোকৰ বাবে ঝাঁচী, পুৰনা কাঠৰ বেঞ্চত ঘন্টা জুৰি বেলেগ ৰেলৰ অপেক্ষাত বহি থকা এটা ৰেল ষ্টেচন মাথো। মোৰ বাবে ঝাঁচী এতিয়া এটা শীত-তাপ নিয়ন্ত্ৰিত কোঠা, যাৰ পৰিস্কাৰ বিছনাত শুই মই কাম দেশৰ যাত্ৰাৰ সপোন দেখিম।

ঠিক দহ বজাত মই হোটেলৰ পৰা ওলাই গাড়ীত বহিলো। গাড়ীখনে এলিট চাৰিআলি হৈ ঘূৰি ঔৰ্ছালৈ যোৱা ৰাস্তা ল’লে। গাড়ী চালকে এক্সিলেটৰত স্থায়ীভাৱে ভৰি ৰখাৰ আগতে আমি দুঠাইত ৰ’ব লগা হ’ল- এবাৰ মোৰ কেমেৰাৰ বাবে বেটেৰী কিনিবলৈ আৰু এবাৰ এটা পেট্ৰল পাম্পত য’ত মই নিৰ্ধাৰিত গাড়ী ভাড়াৰ আধা ইন্ধন ভৰাবলৈ দিব লগা হ’ল। ইয়াৰ পাছত কোনো বাধা-বিঘিনি নোহোৱাকৈ মুকলি পথাৰবোৰ আৰু এদিন আগত যি ঠাইত অট’ৰিক্সাখন বেয়া হৈছিল, সেই ঠাই অতিক্ৰমি দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিলো।

কেতিয়াবা ট্ৰাকবোৰ আৰু বাছবোৰে জোৰেৰে আমাক পিছ পেলাই আগবাঢ়ি যায় আৰু কেতিয়াবা ভয়ংকৰভাৱে আমাক যেন মষিমুৰ কৰি পেলাব, এনেকুৱা ভংগীমাৰে আমাৰ ফালে অহা বাছ আৰু ট্ৰাকবোৰ আমাৰ কাষেদিয়েই পাৰ হৈ যায়। কিছু সময়ৰ পাছত মোৰ ভয়টোক খিৰিকিৰে দলিয়াই পেলালো আৰু যাত্ৰাৰ আনন্দ ল’বলৈ ল’লো। প্ৰশাসনৰ বাবে ৰাস্তাৰ সুৰক্ষাতকৈও যে আৰু বহুত ডাঙৰ চিন্তা  আছে, সেইটো  মধ্যপ্ৰদেশৰ সীমাত প্ৰৱেশ কৰিয়েই দৃষ্টিগোচৰ হোৱা  চাইনবৰ্ডৰ পৰা বুজিব পাৰি –

 ‘এইডছৰ বিৰোধ, মাথো এটা নিৰোধ’

কিন্তু শুষ্ক মুকলি ভূখণ্ডৰ মাজেদি মাইল জুৰি অতিক্ৰম কৰাৰ পাছতো নৰমনিষ এটা চকুত নপৰিলে আপোনাৰ মনলৈ গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ কথা কেতিয়াও নাহে। ছবিত থকা সেই একমাত্ৰ অচিনাকি মহিলা গৰাকীয়ে কৰা বিশ্বাসঘাটকতাৰ সুৰ গাড়ীৰ স্পীকাৰত বাজি থকা গীতটোত শুনা পোৱা গৈছে। এটাৰ পাছত আনটো গীত বিৰহী কোনো পুৰুষৰ মৰ্মবেদনাত ডুবি থকা আৰু গায়কজনৰ বিষন্ন স্বৰে গীতবোৰৰ প্ৰতি সম্পূৰ্ণ ন্যায় প্ৰদান কৰিছে। মই চালকজনক গানৰ কেছেটৰ কাভাৰটো খুজি দেখিলো যে তাত লিখি ৰখা গায়কজনৰ নামটো অশোক ‘জখমী’। ‘জখমী’ ৰ অৰ্থ আঘাতপ্ৰাপ্ত, মানে মনৰ দুখত বিৰহী। মই আচৰিত হ’লো যদিও ভাবিলো, শ্ৰীমান ‘জখমী’ নিশ্চয়কৈ ওস্তাদ কাৰিকৰ যিয়ে বিৰহক লৈ ব্যৱসায় কৰিছে নতুবা নিজে বিৰহী, যি গীতৰ জৰিয়তে দুখবোধ প্ৰকাশ কৰিছে । এই কথাবোৰ জনাৰ কোনো সৰল পথ নাই, কিন্তু তেওঁৰ স্বৰ অতি মধুৰ যি হৃদয় চুই যায়।

গাড়ী চালক ৰাজুৰ লগত মোৰ সম্পৰ্ক তেতিয়ালৈকে চালক-যাত্ৰী ধৰণৰ হৈয়ে আছে। এতিয়া আমাৰ দুয়োৰে মাজত এটা সৌহাৰ্দ্যমূলক সম্পৰ্ক বিকশিত হ’ব লাগে আৰু ই জৰুৰী, বিশেষকৈ যেতিয়া অকলে দূৰ ভ্ৰমণলৈ যোৱা হয় তেতিয়া চালকজনেই বন্ধু আৰু পথ প্ৰদৰ্শক হয়। তাৰ অবিহনে মৰুভূমিত পথ হেৰুওৱা পথিক হ’ব লাগিব। কিন্তু বৰ্তমান ৰাজু শ্ৰীমান জখমীৰ পৃথিৱীত ডুবি থকা যেন লাগিছে আৰু অদৰকাৰী কথা কিছুমান সুধি তাৰ মনোযোগ ব্যাহত কৰিবলৈ মন নগ’ল, বিশেষকৈ যেতিয়া লৌহ-ৰাক্ষকবোৰে একেধাৰে দ্ৰুতগতিত আমাক পিছ পেলাই থৈ যোৱা বা আমাৰ ফালে আগবাঢ়ি অহা দেখি আছোঁ।

সোনকালেই আমি ধূলিৰে ভৰা, ঠেক ৰাস্তা এটা পালো যিটো ক’ৰবাত গৈ হয়তো লগ লাগিব। ৰ’দজাক চোকা, আকাশখনো নীলা আৰু এটা অনাকৰ্ষণীয় ৰেল ষ্টেচনৰে আৰম্ভ হৈ দিগন্তত কিছুমান পুৰনা অট্টালিকা দেখা পোৱা গ’ল, যিয়ে ঔৰ্ছা বুলি নিজকে চিনাকি দিলে। তাৰপাছত পোৱা পান দোকানবোৰ, যিবোৰে ক’ডাকৰ ৰীল আৰু ড’ৰাচেল বেটেৰী বিক্ৰি কৰে – এইয়া অতি স্পষ্ট ইংগিত যে আপুনি এখন পৰ্যটন স্থলত প্ৰৱেশ কৰিছে।

অৱশেষত গুলপীয়া ৰছিদ বহী এমোঠা হাতত লৈ থকা মানুহ এটাই আমাৰ গাড়ীখন ৰখালে। চহৰত গাড়ী সোমোৱাৰ বাবে সি আমাক দহ টকাৰ জৰিমনা ভৰালে। প্ৰায় এক কিলোমিটাৰমানৰ পাছতে হালধীয়া ৰছিদ লৈ থকা আন এটা মানুহে আমাক ৰখালে। পাৰ্কিঙৰ বাবদ আগতীয়াকৈ সি আমাৰ পৰা দহ টকা ল’লে। আৰু তাৰপাছত মই ঔৰ্ছাক যি ধৰণেৰে চিনি পাইছিলো, সেই অট্টালিকাটো পালো। অলপ সময়ৰ পাছতে জানিব পৰিলো যে অট্টালিকাটোৰ নাম জাহাঙ্গীৰ মহল, যিটো ঔৰ্ছাৰ শাসকে মোগল সম্ৰাটৰ সন্মানাৰ্থে নিৰ্মাণ কৰাইছিল। আমি প্ৰাচীৰৰ বাহিৰত গাড়ী পাৰ্কিং কৰিলো আৰু মই দুটা প্ৰৱেশ টিকেট ল’লো, মোৰ কাৰণে আৰু গাড়ী চালক ৰাজুৰ কাৰণে। এই কাৰণতে আমাৰ মাজত দূৰত্ব কমি গ’ল। সোতৰশ শতিকাৰ আগভাগতে নিৰ্মিত ৰাজমহলৰ বিশাল চোতালখনত ঘূৰি ফুৰোতে ৰাজু মোৰ ছাঁয়া আৰু ফটোগ্ৰাফাৰ হৈ পৰিল।

চেন্নাইলৈ গুচি যোৱাৰ আগতে মই জীৱনৰ ত্ৰিশটা বছৰ উত্তৰ ভাৰতত আছিলো। তথাপি মোৰ মনলৈ কেতিয়াও এই ভাব অহা নাছিল যে মই এনেকুৱা ঠাই বোৰ, আনকি তাজমহলটোকে চাবলৈ যাব লাগে। যুক্তিটো এনে আছিল – “কিহৰনো ইমান খৰধৰ?”  ওচৰতে আছে, যিকোনো সময়ত তালৈ গ’লেই হয়। কিন্তু এই ‘যিকোনো সময়’ টো কেতিয়াও নাহিল। এতিয়া সুদূৰ চেন্নাইৰ বাসিন্দা হোৱাৰ পাছত মোৰ কাৰণে জাহাঙ্গীৰ মহল তাজমহলতকৈ কোনো গুণে কম নহয়, আৰু মই এনেকুৱা ঠাইত প’জ দিছো য’ৰ পৰা পৃষ্ঠভূমিত মহল টোৰ সম্ভ্ৰম দৃষ্টিগোচৰ হয়। মোৰ এখন ফটো তুলিবৰ বাবে খুব মন গৈছে, য’ত মই মহলটোৰ প্ৰথম মহলাৰ বেলকনিত থিয় হৈ বেতৱা নদীৰ ফালে চাই আছো। কিন্তু নদীখনত একেবাৰে কম পানী থকাৰ বাবে ওপৰৰ পৰা দেখা নাযায় আৰু ৰাজুৱে কেমেৰাৰ কাম ভালকৈ নাজানে বাবে একো সহায় কৰিব নোৱাৰে।

শিলেৰে ভৰি থকা নদীখনৰ ফালে আমি আগবাঢ়িবলৈ ধৰিলো। এটা শিলৰ গাত লিখা আছে, ‘পানী গভীৰ’। যি নহওক, শিলবোৰৰ ভাল  ব্যৱহাৰ হৈ আছে। স্থানীয় মহিলাবোৰে গা ধোৱাৰ পাছত কাপোৰ সলাবলৈ শিলবোৰক পৰ্দাৰ দৰে ব্যৱহাৰ কৰে। আনহাতে তাৰ হোটেল বোৰে বিছনা চাদৰ আৰু পৰ্দাবোৰ ধুই শুকুৱাবলৈ শিলৰ ওপৰত মেলি দিয়ে। মই নদী ঘাটত গছ এজোপাৰ ছাঁত বহিলো। শীতল আৰু শান্ত পৰিৱেশ। সিটো পাৰত এগৰাকী গাভৰু মহিলাই এটা শিলত থিয় হৈ লাহে লাহে গাৰ শাৰীখন খুলিবলৈ লৈছে। প্ৰথমে মই দৃষ্টি আঁতৰাই বেলেগ ফালে চাবলৈ ধৰিলো। মই চাই আছোঁ বুলি যদি তাই দেখি আছে, তেন্তে কাৰোবাক গা-ধোৱা কোঠাত জুপি চাই থাকোতে ধৰা পৰাৰ দৰে লজ্জাজনক কথা হ’ব। কিন্তু পিছমুহুৰ্ততে মই ভাবিলো, যদি তাই মানুহে দেখি থকা ঠাইত কাপোৰ খুলিবলৈ সমস্যা অনুভৱ কৰা নাই, তেন্তে মোৰ সমস্যা ক’ত? আৰু মই চাই থাকিলো।

শাৰীখন খোলাৰ পাছত, তাই পেটিকোটটো খুলি বুকুলৈ উজাই ল’লে। তাৰপাছত তাই অতি দক্ষতাৰে এক ছেকেণ্ডৰ কাৰণেও বুকুখন উন্মুক্ত নকৰাকৈ ব্লাউজ আৰু অন্তৰ্বাস খুলি ল’লে। আৰু এইফালে মই, বিনা কাৰণত নিজৰ মাজতে চাওঁ নে নেচাওঁ ৰ তৰ্ক-বিতৰ্কত পৰিছো। তাই হয়তো সদায়েই নদীত গা ধুবলৈ আহে আৰু মানুহৰ দৃষ্টিৰ পৰা নিজক কেনেকৈ বচাব লাগে, তাক ভালকৈ জানে। পুনৰ চকু ঘূৰাই মই তাইলৈ চাওঁ মানে ইতিমধ্যে তাই শিল এটাৰ আঁৰত তিতা কাপোৰ  সলাই শুকান কাপোৰ পিন্ধিবলৈ লৈছে। এইবাৰ মই শিলটোৰ ওপৰেদি ওলাই থকা তাইৰ মূৰটোহে দেখা পালোঁ। হঠাৎ মোৰ চকু ৰাজুৰ ওপৰত পৰিল। সি এটা সন্মানজনক দূৰত্বত থিয় হৈ আছে। পকেটত হাত ভৰাই দূৰ দিগন্তত তাৰ দৃষ্টি নিবন্ধ আছে। মই মহিলা গৰাকীক চাই থকাটো সি লক্ষ্য কৰি আছিল নেকি? কথাটো ভাবি মোৰ অলপ লাজ লাগিল যদিও আকৌ ভাবিলো, কিনো হ’ব!

দুপৰীয়া এঘাৰ বাজি ত্ৰিশ মিনিট পাৰ হ’ল। খাজুৰাহু পাবলৈ প্ৰায় চাৰি ঘন্টা লাগিব। তাৰ মানে আমি ইয়াৰ পৰা এতিয়াই ওলাই গ’লেহে তাৰ কামোত্তেজক মূৰ্তি শিল্প ভালদৰে চাব পাৰিম। পাৰ্কিঙৰ ফালে গৈ থাকোতে আমি মানুহৰ জুমৰ মাজেৰে পাৰ হ’ব লগা হ’ল। জাহাঙ্গীৰ মহলৰ কাষতে থকা মন্দিৰলৈ মানুহবোৰ গৈছে আৰু আহিছে। নিশ্চয় কিবা শুভদিন পৰিছে, নহ’লে ইমানকৈ স্থানীয় মানুহবোৰ ৰং বিৰঙৰ কাপোৰ পিন্ধি মন্দিৰলৈ নাহিলহেঁতেন। জানিব পাৰিলো যে সেই ঠাইৰ বিখ্যাত ৰামৰাজা মন্দিৰক কেন্দ্ৰ কৰি মানুহে ভিৰ কৰিছে, য’ত ৰামক এজন ৰজা হিচাপে পূজা কৰে, ভগৱান হিচাপে নকৰে। আনকি ৰাম নৱমীত বন্দুক ফুটাই সন্মান জনায়। মই অলপ আচৰিতেই হ’লো, ইমান সৰু চহৰ এখনৰ মানুহৰ এই ভিৰটো মোৰ দৃষ্টিত নপৰিলে কেনেকৈ। হয়তো জাহাঙ্গীৰ মহলৰ ভিতৰৰ আৰু বেতৱা নদীৰ পাৰৰ নিৰ্জনতাৰ আনন্দই মোক গ্ৰাস কৰি আছিল।

ৰাজুক সুধিলো, যদি মই মন্দিৰলৈ যাওঁ আমাৰ বহুত দেৰি হ’ব নেকি। সি মূৰ দুপিয়াই মোক উৎসাহিত কৰি গাওঁবাসী সকলৰ জুমটোৰ লগতে মই মন্দিৰৰ ভিতৰত সোমাওঁতে সিও মোৰ পিছে পিছে আহিল। গোটেই ৰাস্তাটোতে থকা দোকানবোৰত বিভিন্ন বস্তু সজাই থোৱা আছে- ৱাল হেঙিং, ডিঙিৰ হাৰ, খাৰু , মালা, সেন্দুৰ, পেইনটিং, সৰু সৰু মূৰ্তি আৰু লগতে পানী- পুৰি। সকলো ঠাইতে উৎসুকতাৰে ভৰা মানুহৰ জুম লাগি আছে। কোনোবা বেহুছ হৈ পৰিলে অথবা কিবা দুৰ্ঘটনা ঘটিলে যেনেকৈ মানুহ জুম পাতে, তেনেকুৱা একোটা জুম। অতি সোনকালেই মই তাৰ কাৰণটো বুজিব পাৰিলো। কেমেৰা আৰু উৎসুকতাৰে সু সজ্জিত বিদেশী পৰ্যটকৰ দল এটা দোকান এখনক চাৰিওফালৰ পৰা বেৰি ধৰিছে । সিঁহতি কি কৰিছে তাকে চাবলৈ গাওঁবাসীৰ এটা জুমে সিঁহতক বেৰি ধৰিছে। সেই ভিৰটোক দেখি আৰু মানুহ দৌৰি আহিছে, আচৰিত হৈ কি হৈছে চাইছে- কিবা কাজিয়া-পেছাল লাগিছে নে কোনোবা মৰিলেই নেকি? অৱশেষত কোনেও ক’ব নোৱাৰে কি কাৰণত সিঁহতে ভিৰ কৰিছিল।

মই কেতিয়াবা দূৰৰ পৰাই মানুহৰ ভিৰটো চাওঁ আৰু কেতিয়াবা সেই ভিৰৰ অংশ হৈ পৰোঁ। মন্দিৰটোৰ চোতালত এটা বিশাল বনভোজৰ আয়োজন চলিছে- মুকলিকৈ ৰখা খাদ্যৰ বাকচৰ চাৰিওফালে মানুহ বহি আছে। চোতালৰ এমূৰে থকা একমাত্ৰ পানী-পুৰি বেপাৰীটো কেইজনীমান ছোৱালীৰ লগত ব্যস্ত আছে, যি কেইজনীয়ে ফুৰিবলৈ ওলাই অহাটো সাৰ্থক কৰিব খুজিছে। মোৰো দুটা মান পানী-পুৰি খাবলৈ মন গৈছে। কিন্তু সেই ছোৱালী কেইজনীৰ লগত থিয় হৈ পানী-পুৰি খাবলৈ অস্বস্তি অনুভৱ কৰিলো। তেতেলীৰ টেঙা পানী জিভাত পৰাৰ লগে লগে সিঁহতি ফুৰ্তিত টকালি পাৰি উঠিছে। তাৰোপৰি মোৰ বহু দূৰ বাট যাবলগীয়া আছে। সেইবোৰ খাই মোৰ পেটৰ সমস্যা হয় যদি? মই মন্দিৰৰ ভিতৰলৈ নগ’লো আৰু তাৰ পৰাই বিদায় ল’লো। কাৰণ মন্দিৰৰ ভিতৰলৈ যাবলৈ হ’লে জোতা খুলিব লাগিব আৰু মোৰ এইবোৰ কৰি থাকিবলৈ এতিয়া সময় নাই। সেইকাৰণে পোনে পোনে গাড়ীত উঠিলোহি আৰু পুনৰ শ্ৰীমান অশোক ‘জখমী’ ৰ গীতৰ সৈতে ঘাই পথেৰে যাবলৈ ধৰিলো। সংগীতৰ বিষয়ত গাড়ী চালকৰ লগত বিতৰ্ক নকৰাই ভাল। সিঁহতি জানে সিঁহতৰ কাৰণে কোনবোৰ গীত সঠিক হ’ব।

গৰম যথেষ্ট পৰিছে যদিও যাত্ৰা মোটামুটি ঠিকেই আছে। একমাত্ৰ সেই মুহুৰ্ত কেইটা বৰ অশান্তি লাগে যেতিয়া ‘পান মছলা’ খোৱাত অভ্যস্ত ৰাজুৱে পিক থুৱাই থাকে। দ্ৰুতগতিত গৈ থকা গাড়ীখনৰ দৰ্জাখন অলপ খুলি মূৰটো তললৈ হাওলাই মুখৰ পৰা ৰঙা ৰঙা পিক ৰাস্তাত পেলাই দিয়ে। ৰাজুৰ কাৰণে দাঁত ব্ৰাছ কৰাৰ দৰে উজু এটা কাম । কিন্তু মোৰ বাবে কিছু সময় বিনা চালকত দ্ৰুতগতিত চলি থকা গাড়ীত বহি অহাৰ দৰে হয়। অৱশ্যে মই এই কাহিনীটো ক’বৰ বাবে জীয়াই থাকিলো।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *